দর্শনা বৰুৱা
ৰুহান ফিল্মছ্ আৰু মেটানর্মেল প্রডাকচনৰ বেনাৰত ভাস্কৰ হাজৰিকাৰ কাহিনী আৰু কুলনন্দিনী মহন্তৰ পৰিচালনাৰে ১৭ জুনত সমগ্র অসমৰ চিত্রগৃহতে মুক্তি লাভ কৰিলে নতুন অসমীয়া চিনেমা এমুঠি পুঠি ৷ চিনেমাখনৰ সহযোগী পৰিচালক সুনয়না দত্তৰ ৷ ইয়াৰ পূর্বে ভাস্ক্ৰ হাজৰিকাৰ আমিষ চিনেমাখনত সহকাৰী চিনেমেটোগ্রাফাৰ হিচাপে কাম কৰা কুলনন্দিনী মহন্তৰ পৰিচালক হিচাপে প্রথমখন চিনেমা এমুঠি পুঠি ৷ শক্তিশালী নাৰী চৰিত্রৰ সমাৱেশেৰে ছবিখন সকলোৰে বাবে উপভোগ্য হৈছে ৷ হাস্যৰসৰ মাজতো দর্শকে কৰিব পৰা সুস্থ চিন্তাৰে এমুঠি পুঠিত একক অভিভাৱকত্বৰ এগৰাকী শক্তিশালী নাৰীৰ কথাও বর্ণিত হৈছে ৷
২৮ জুনত লণ্ডন হণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ইণ্টাৰনেচনেল প্রিমিয়াৰ অনুষ্ঠিত ব্যতিক্রমী কাহিনী আৰু নিভাঁজ অসমীয়া পৰিৱেশৰ বাণিজ্যিক চিনেমা এমুঠি পুঠিৰ চিত্রনাট্য লিখিছে ভাস্কৰ হাজৰিকা আৰু সুনয়না দত্তই ৷ উল্লেখ্য যে এই চলচিচত্রখনত ভিন্ন দিশত কাম কৰা ৬০% কলা–কুশলীয়েই মহিলা ৷ ইয়াৰ লগতে এমুঠি পুঠি উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত প্রথমবাৰৰ বাবে আহফোনৰ জৰিয়তে দৃশ্যগ্রহণ কৰা প্রথমখন চিনেমা ৷ বিশিষ্ট তথা প্রবীণ জনপ্রিয় অভিনেত্রী প্রতিভা চৌধুৰীয়ে আইতাকৰ চৰিত্রটিত ইমানেই সুন্দৰভাৱে অভিনয় কৰিছে যে সেয়াই তেওঁৰ অভিনয় দক্ষতাক পুনৰ প্রমাণ কৰিলে ৷ নীতালি দাসৰ বলিষ্ঠ অভিনয় চিনেমাখনত খুবেই ভাল লাগিল ৷ তেওঁৰ মুখৰ সংলাপত থকা বঙাইগাঁৱৰ স্থানীয় ভাষাটোও শুনি ভাল লাগিল ৷ অভিনেত্রী সৃষ্টি শর্মাক আমি গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ মঞ্চ নাটকত অভিনয় কৰা দেখিছিলোঁ, এইবাৰ এমুঠি পুঠি চিনেমাখনত ৰূপালী পর্দাত দেখিলোঁ তেওঁৰ দক্ষ আৰু জড়তাহীন অভিনয় ৷ বর্তমান সময়ৰ এগৰাকী নৱপ্রজন্মৰ প্রতিনিধি তথা আইতাৰ কিশোৰী নাতিনীয়েকৰ চৰিত্রত সুন্দৰ আৰু যথাযথ অভিনয় কৰিছে ৷ আন আন চৰিত্রত কেনী বসুমতাৰী, মনীষা ভূঞা, ৰুবুল বড়ো আদিৰ লগতে আন অভিনয় শিল্পীসকলৰো অভিনয়ে দর্শকৰ প্রশংসা বুটলিলে ৷ দুটি বিশেষ চৰিত্রত ডাঃ লীমা দাস আৰু অর্ঘ্যদীপ বৰুৱাক অতিথি শিল্পী হিচাপে দেখা পোৱা চিনেমাখনত অভিনয় শিল্পীসকলৰ সংলাপ প্রক্ষেপণৰ দক্ষতা আৰু অসমৰ ভিন্ন ঠাইৰ সেয়া লাগিলে উজনিৰে হওক বা নামনিৰে হওক ভাষিক সমন্বয় আমাৰ দৃষ্টিত চিনেমাখনৰ আন এক ভাল লগা দিশ ৷ এমুঠি পুঠি হাস্যৰসাত্মক বাণিজ্যিক চিনেমা যদিও তাত ছিৰিয়াছ চিন্তাৰো সমাৱেশ ঘটিছে ৷
তিনিটা প্রজন্মৰ তিনিগৰাকী নাৰীৰ কাহিনী এমুঠি পুঠিত কোনো এক সময়ত জীৱনৰ শেষ পর্যায়ৰ আধ্যাত্মিক চিন্তাৰো যেন প্রতিফলন ঘটিছে ৷ চিনেমাখনত ঘাইকৈ এগৰাকী মাছ খাবলৈ অতিশয় ভাল পোৱা মহিলাৰ বৃদ্ধা অৱস্থাৰ শাৰীৰিক–মানসিক পৰিৱর্তন, অসুস্থতাৰ মাজতো হাঁহি থাকি আনকো হাঁহি থাকিবলৈ কৰা প্রয়াস, নাতিয়েকৰ প্রতি থকা দায়িত্ব আৰু অপত্য স্নেহৰ উপস্থাপন, কোনোবা পুৰণি পুথিত লিখিত থকা মৎস্যকর্মা নামৰ দেৱতাগৰাকীৰ বৃদ্ধাগৰাকীৰ জীৱনৰ শেষৰ সময়ৰ বাস্তৱ উপস্থিতিৰ ৰহস্যময় দৃশ্যৰ পৰিৱেশনে দর্শকৰ মনত সৃষ্টি কৰে বিশ্বাস–বিশ্বাসৰ এক দোমোজা ৷
এমুঠি পুঠি চিনেমাখনত প্রকৃতি মাতৃৰ সমগ্র জীৱকুলৰ প্রতি থকা চিৰন্তন আশীর্বাদ আৰু বিপদত হাত পাতি ধৰাৰ কথাও দুটিমান বিশেষ দৃশ্যৰে দেখুওৱা হৈছে ৷
উজনিৰ পৰা নামনিলৈ এগৰাকী বৃদ্ধাৰ নাতিনীয়েকৰ সৈতে ৰোমাঞ্চকৰ আৰু ৰহস্যময় এটি যাত্রাৰ অভিজ্ঞতা আৰু কেহটামান উপকাহিনীৰ উপস্থাপনেৰে চিনেমাখন নির্মাণ কৰা হৈছে ৷ চিনেমাখনৰ কিছুমান দৃশ্যই দর্শকৰ মন–মগজু আলোড়িত কৰাৰ লগতে মনগহনত চিন্তাৰ বুৰবুৰণি তুলিবলৈয়ো সক্ষম হৈছে ৷ কাহিনীৰ লগত খাপ খোৱা গীতকেহটিত কণ্ঠ নিগৰাইছে কাব্যশ্রী বৰা, প্রীতম দত্ত, সুমন কাশ্যপ, অৰূপজ্যোতি বৰুৱা, ঋষি বৰাই ৷ দুই–এটা দৃশ্যত সামান্য বিসংগতিৰ বাহিৰে চিনেমাখনত বিশেষ খুঁত চকুত নপৰিল ৷ চিনেমাখনৰ ছাউণ্ড ডিজাইনাৰ ৰুক্মজিৎ বৰুৱা আৰু বুলগেনিন বৰুৱা, সাজসজ্জা মেহেৰ আহমেদৰ ৷ চিনেমেটোগ্রাফাৰ উজ্জ্বলা বিশ্বনাথ আৰু সম্পাদনাৰ কাম কৰিছে স্বোয়েতা ৰায় চেমলিঙে ৷ ইয়াৰ লগতে আন বহু লোক জড়িত হৈ থকা চিনেমাখনৰ প্রডাকচন ডিজাইনাৰ হিচাপে আছিল ডঃ বিষ্ণু শইকীয়া ৷
ফোনঃ ৭০৮৬৫-২১৩০৭