পাচন–তন্ত্রৰ ৰোগ প্রতিকাৰৰ উপায়

ডাঃ হন্দুভূষণ শর্মা

মানৱ শৰীৰৰ এক গুৰুত্বপূর্ণ প্রণালী হৈছে পাচন–তন্ত্র ৷ প্রাপ্তবয়স্ক্ৰ ক্ষেত্রত প্রায় ৯ মিটাৰ দৈর্ঘ্যৰ খাদ্যনলী আৰু আন কিছুমান অংগ–প্রত্যংগৰে এহ প্রণালী গঠিত ৷ মুখৰ পৰা পায়ুলৈকে বিস্তৃত এহ খাদ্যনলীৰ বিভিন্ন অংশ থাকে ৷ উদাহৰণস্বৰূপে ওপৰৰ পৰা তললৈ ক্রমে মুখগহ্বৰ, ফেৰিংছ, ইচফেগাচ, পাকস্থলী, ক্ষুদ্রান্ত্র, বৃহদান্ত্র, মলাশয়, পায়ু আদি ৷ ইয়াৰ উপৰি পাচন–তন্ত্রৰ লগত ওতপ্রোতভাৱে জড়িত অন্য কিছুমান গুৰুত্বপূর্ণ অংগ হৈছে দাঁত, জিভা, লালটি গ্রন্থি, লিভাৰ যকৃত, প্রেনক্রিয়াছ অগ্ণাশয়, গলব্লাডাৰ পিত্তাশয়, সঞ্জপ্লীন প্লীহা ইত্যাদি ৷ এই আটাহবোৰ অংগই বিভিন্ন প্রক্রিয়াৰে  খাদ্য গ্রহণ, পৰিবহণ, পাচন, অৱশোষন, পাচক ৰস বা উৎসেচকৰ নিঃসৰণ আৰু শৰীৰত উৎপন্ন বর্জিত পদার্থসমূহৰ নিষ্কাশনত সহায় কৰে ৷

আমাৰ দেহৰ পাচন–তন্ত্রৰ সুস্থতাৰ ওপৰত শৰীৰৰ বৃদ্ধি আৰু বিকাশ বহু পৰিমাণে নির্ভৰ কৰে ৷ কাৰণ পাচন–তন্ত্রহ আমি গ্রহণ কৰা ভিন ভিন খাদ্যবস্তুক দেহৰ উপযোগী হোৱাকৈ সৰু সৰু অণু–পৰমাণুলৈ ৰূপান্তৰিত কৰে ৷ বিভিন্ন কাৰকৰ বাবে পাচন–তন্ত্রৰ অংগ–প্রত্যংগসমূহ বহুতো বিসংগতিয়ে দেখা দিয়ে নতুবা নিয়মিত কার্যসমূহত খেলিমেলিৰ সৃষ্টি হয় ৷ ফলস্বৰূপে ভিন ভিন ধৰণৰ ৰোগে দেখা দিবলৈ আৰম্ভ কৰে৷ পেটত হোৱা গেছৰ সমস্যা, অজীর্ণতা, হাইপাৰএচিডিটী পাকস্থলীত এচিড নিঃসৰণৰ পৰিমাণ বৃদ্ধি পোৱা সমস্যা, গ্রেষ্ট্রইচফেগেল ৰিফ্লাক্স ডিজিজ বা জি ই ৰা ডি পাকস্থলীৰ অম্ন বা অম্লমিহলি খাদ্য ইচফেগাছলৈকে উজাহ অহা ৰোগ, গ্রেষ্ট্রাহটিছ পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ প্রদাহজনিত ৰোগ, হেপাটাইটিছ যকৃতৰ প্রদাহজনিত ৰোগ, প্রেনক্রিয়েটাইটিছ অগ্ণাশয়ৰ প্রদাহজনিত ৰোগ,  কলাইটিছ বৃহদান্ত্রৰ প্রদাহ, পেপ্ঢিক আলচাৰ পাকস্থলী আৰু ক্ষুদ্রান্ত্রৰ ঘা, হৰিটেবল বাৱেল ছিনড্রম অনিয়মীয়াকৈ পাইখানা হোৱা এবিধ অন্ত্রৰ ৰোগ আদি সচৰাচৰ দেখা পোৱা এনে কিছুমান ৰোগৰ উদাহৰণ ৷ প্রাচীন ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুর্বেদৰ মতে আমাৰ শৰীৰত অৱস্থিত এক বিশেষ উপাদান অগ্ণিয়ে যি পিত্ত দোষৰ অন্য ৰূপ পাচন–তন্ত্রৰ কার্যসমূহ নিয়ন্ত্রণ কৰে৷ আচার্য চৰকে মুঠ ১৩বিধ অগ্ণিৰ কথা উল্লেখ কৰিছে ৷ এহ অগ্ণিসমূহৰ কার্যৰ হীন–ডেঢ়ি ঘটিলে পাচন–তন্ত্রত বিভিন্ন ৰোগৰ উৎপত্তি হয় ৷ পাকস্থলীত অৱস্থিত পাচকাগ্ণি বা জঠৰাগ্ণিৰ  কার্য হ্রাস পালে অজীর্ণতাকে ধৰি বিসুচিকা, অলসক, অতিসাৰ, গ্রহণী, অর্শ আদি ৰোগৰ উৎপত্তি হয় ৷ আনহাতে এহ অগ্ণিৰ কার্য বৃদ্ধি পালেও আন কিছুমান ৰোগে দেখা দিয়ে ৷ মূলতঃ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱর্তনে হৈছে অগ্ণিসমূহৰ ক্রিয়াৰ হ্রাস–বৃদ্ধি ঘটাৰ মূল কাৰণ ৷ অত্যধিক শীতল, ৰুক্ষ, গুৰু আহাৰ খোৱাৰ লগতে অতিমাত্রা, অনিয়মীয়া আৰু বিৰুদ্ধ আহাৰ গ্রহণ কৰিলে অগ্ণিৰ কার্য মন্দ বা দুর্বল হৈ বিভিন্ন ৰোগৰ উৎপত্তি হয় ৷ আধুনিক চিকিৎসা বিজ্ঞানৰ দৃষ্টিৰে পাচন–তন্ত্রৰ ৰোগৰ বিশেষ কিছুমান কাৰক এনেধৰণৰ

১.  বীজাণু আৰু পৰজীৱীৰ সংক্রমণ ৷

২. আসোঁৱাহপূর্ণ খাদ্যাভ্যাস আৰু জীৱনশৈলী যেনে অত্যধিক তেল–মচলাজাতীয়, ভজা–পোৰা, উচ্চ চর্বিযুক্ত খাদ্য গ্রহণৰ লগতে মদ্যপান, ধূমপান কৰা আৰু আঁহযুক্ত খাদ্য কমকৈ গ্রহণ কৰা ৷ শাৰীৰিক পৰিশ্রমৰ অভাৱ ৷

৩. অত্যধিক মানসিক চাপ, উদ্বিগ্ণতা, হতাশা আদি ৷

৪. ফুড এলার্জী বা কিছুমান খাদ্যৰ প্রতি থকা অসহনশীলতা ৷ যেনে আটা, ময়দা, ৰাহ আদিত থকা গ্লুটেন নামৰ পদার্থবিধ থকা এলার্জীৰ বাবে কিছুসংখ্যক ব্যক্তিৰ অন্ত্রত হোৱা চিলিয়াক ডিজিজ ৷

৫. ৰোগ প্রতিৰোধ ক্ষমতাৰ বিসংগতি অটইমিউনিটী যেনে ইমফ্লেমেটৰী বাৱেল ডিজিজ ৷

৬. হৰমনৰ ভাৰসাম্যহীনতা ৷ যেনে– ডায়েবেটিছ ,থাইৰয়ডৰ ৰোগ ৷

৭. জন্মগত বা বংশগত৷ উদাহৰণস্বৰূপে হার্ছপ্রাং ৰোগত জন্মগতভাৱে বৃহদান্ত্র অৱৰুদ্ধ হৈ পৰে ৷

৮. মাংসপেশী আৰু স্নায়ুজনিত বিসংগতি ৷ উদাহৰণস্বৰূপে ইচফেগাছৰ নিম্নাংশত থকা বৃত্তাকাৰ পেশী বা স্ফিণ্টাৰৰ দুর্বলতাৰ বাবে হোৱা জি ই ৰা ডি সমস্যা ৷ খাদ্যনলীৰে খাদ্যবস্তু গতি কৰোঁতে ব্যাঘাত জন্মা সমস্যা বা গেষ্ট্রহণ্টেষ্টাহনেল মটিলিটী ডিছর্ডাৰ ৷

৯. পাচন–তন্ত্রৰ কোনো অংশত হোৱা টিউমাৰ বা কর্কট ৰোগ ৷

১০. অন্যান্য বা পাচন–তন্ত্রৰ বাহিৰৰ কিছুমান সমস্যা যেনে আঘাতজনিত সমস্যা, খাদ্যৰ বিষক্রিয়া ৷

১১. দৰবৰ পার্শ্বক্রিয়া৷ যেনে অত্যধিক পৰিমাণে গ্রহণ কৰা ষ্টেৰয়ডবিহীন প্রদাহৰোধী দৰব, কিছুমান হার্বেল দৰব ৷

পাচন–তন্ত্রৰ ৰোগৰ লক্ষণঃ

পেটৰ বিষ, বুকু লা পোৰা কৰা, বমি হোৱা বা বমি বমি ভাব অহা, পায়খানা অনিয়মীয়া হোৱা, পেট ফুলা, পায়খানাত তেজ যোৱা বা কেতিয়াবা মুখেৰেও তেজ বাহিৰ হোৱা, জণ্ডিচ, খাদ্য গিলোঁতে কষ্ট পোৱা, শৰীৰৰ ওজন হ্রাস পোৱা, খাবলৈ মন নোযোৱা হোৱা ইত্যাদি হৈছে পাচন–তন্ত্রৰ বিভিন্ন ৰোগৰ প্রধান লক্ষণ ৷ সেয়েহে এনেধৰণৰ লক্ষণসমূহ দেখা পালে  উপযুক্ত পৰীক্ষা–নিৰীক্ষাৰ যোগেদি পাচন প্রক্রিয়াত বাধা জন্মোৱা কাৰকসমূহ বা ৰোগসমূহ চিনাক্ত কৰি তাৰ চিকিৎসা কৰা দৰকাৰ ৷ কিছু সতর্কতা আৰু উপায় অৱলম্বন কৰি আমি পাচন–তন্ত্রৰ বহুতো ৰোগক প্রতিৰোধ কৰিব পাৰোঁ ৷ তলত এনে কিছুমান উপায় উল্লেখ কৰা হলঃ

 দৈনন্দিন জীৱনৰ প্রতিটো ক্ষেত্রতে চাফ–চিকুণতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া আৱশ্যক ৷ বেক্টেৰিয়া, ভাহৰাছ, ভেঁকুৰৰ বীজাণু আৰু অন্যান্য পৰজীৱী যেনে জিয়াৰডিয়া, এমিবা, পেলুৰ দ্বাৰা হোৱা সংক্রমণজনিত ৰোগ যেনে ডায়েৰীয়া, ডিচেণ্ড্রী, গেষ্ট্রএণ্ড্রেৰাহটিছ, হেপাটাইটিছ, পেপ্ঢিক আলচাৰ হেলিকবেক্টৰ পাহলৰি বেক্টেৰিয়াৰ সংক্রমণজনিত আদিক বাধা দিবলৈ পৰিষ্কাৰ–পৰিচ্ছন্ন বজাহ ৰখাটো নিতান্তহ আৱশ্যকীয়৷ বিশুদ্ধ খোৱাপানী গ্রহণ কৰাৰ লগতে অন্য খাদ্যবস্তু বীজাণুমুক্ত কৰি গ্রহণ কৰা, হাত ধোৱাৰ বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰা বিশেষকৈ  খাদ্যবস্তু গ্রহণৰ আগত বা শৌচালয়ৰ পৰা অহাৰ পিছত, ঘৰৰ চৌহদৰ স্বচ্ছতা বর্তাহ ৰখা হত্যাদি হৈছে বীজাণু সংক্রমণ ৰোধ কৰাৰ উত্তম উপায় ৷

অত্যধিক ভজা–পোৰা, তেল–মচলাজাতীয় খাদ্য, চেনি–নিমখযুক্ত খাদ্য, চাহ, কফী, প্রক্রিয়াজাত খাদ্য যিবোৰ খাদ্যত পুষ্টিকৰ উপাদানসমূহতকৈ নিমখ, চেনি, কেলৰিৰ মাত্রা অধিক পৰিমাণে থাকে আৰু যত কৃত্রিম ৰং বা স্বাদক প্রয়োগ কৰা হয় ৷ যেনে চিপছ, কুৰকুৰে, শীতল পানীয়, চছ, আচাৰ, বেকাৰীৰ খাদ্য আদি, সংপৃক্ত চর্বিযুক্ত খাদ্য যেনে– ৰেড মীট, বাটাৰ, চীজ, ক্রীম আদি, ফাষ্ট ফুড, জাংক ফুড, ষ্টেৰয়ডবিহীন প্রদাহৰোধী দৰব চমুকৈNSAID যেনে– এছপিৰিন, আইবুপ্রফেন, ডাইক্লফেনেক আদিৰ পৰিমাণ হ্রাস কৰা প্রয়োজন ৷ এনেধৰণৰ খাদ্য বা দৰবৰ নিয়মিত আৰু অত্যধিক সেৱনে  পাচন–তন্ত্রৰ  বহুতো ৰোগৰ উৎপত্তিত প্রত্যক্ষ বা পৰোক্ষভাৱে ইন্ধন যোগায় ৷ আনহাতে মদ্যপান আৰু ধূমপানৰ বদ অভ্যাসেও পাচন–তন্ত্রত বিশেষকৈ পাকস্থলী, যকৃত আৰু অগ্ণ্যাশয়ত বিৰূপ প্রভাৱ পেলায় ৷ ফলত হাইপাৰইচিডিটী, গেষ্ট্রাইটিছ, হেপাটাইটিছ, প্রেনক্রিয়েটাইটিছ, কলাইটিছ আদি ৰোগৰ  উৎপত্তি হয় ৷

দৈনিক খাদ্য তালিকাত আঁহযুক্ত খাদ্যৰ পৰিমাণ অন্তর্ভুক্ত কৰা দৰকাৰ ৷ পূর্ণখাদ্যশস্য যিবোৰ খাদ্যশস্যৰ বাহ্যিক আৱৰণখন বা ব্রান সম্পূর্ণভাৱে আঁতৰ কৰা নহয় ৷ যেনে– ব্রাউন ৰাহচ, চাকি মিলৰ আটা, অটছ, ডালিয়া, গোটা মাহজাতীয় শস্য, সতেজ ফলমূল, শাক–পাচলি আদি খাদ্যাভ্যাসত অন্তর্ভুক্ত কৰা উচিত ৷ এইবোৰ খাদ্যত আঁহৰ পৰিমাণ যথেষ্ট পৰিমাণে থাকে বাবে পাচন ক্রিয়া আৰু মলত্যাগৰ অভ্যাস (bowel habit) নিয়মিত কৰি ৰখাত সহায় কৰে আৰু বহুতো ৰোগ যেনে কোষ্ঠকাঠিন্য, কলাইটিছ, পাইলছ, ডাইভাৰটিকুলচিছ বৃহদ্রান্ত্রৰ আভ্যন্তৰীণ বেৰত সৃষ্টি হোৱা সৰু সৰু মোনা আদিক প্রতিৰোধ কৰে৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আই চি এম আৰৰ তথ্য মতে দৈনিক ২০০০ কেলৰিৰ আহাৰ গ্রহণ কৰা প্রাপ্তবয়স্ক্ ব্যক্তি এজনৰ খাদ্যত ৩০ গ্রাম আঁহ থাকিব লাগে ৷ অৱশ্যে আঁহযুক্ত খাদ্য প্রয়োজনতকৈ বেছি পৰিমাণে গ্রহণ কৰিলে পেটত গেছ হোৱাটো স্বাভাৱিক ৷

সদায় টোপনিৰ পৰিমাণ সঠিককৈ ৰখা প্রয়োজন৷ দৈনিক ৭ৰ পৰা ৮ ঘণ্ঢাৰ ভাল টোপনিয়ে খাদ্যবস্তুৰ পাচনত সহায় কৰাৰ উপৰি পাচন–তন্ত্রৰ নিয়মিত কাম–কাজসমূহ অটুট ৰখাৰ বাবে প্রয়োজন হোৱা কিছুমান হৰমন আৰু ৰাসায়নিক পদার্থৰ নিঃসৰণত অৰিহণা যোগায় ৷

অত্যধিক মানসিক চাপ পৰিহাৰ কৰা দৰকাৰ ৷ অত্যধিক আৰু দীর্ঘকালীন মানসিক চাপে অন্যান্য অংগ–প্রত্যংগৰ লগতে পাচন–তন্ত্রতো বিৰূপ প্রভাৱ পেলায় ৷ পাচন তন্ত্রৰ বহুতো ৰোগ যেনে– হৰিটেবল বাৱেল ছিনড্রম চমুকৈ আহ বি এছ, এনৰেক্সিয়া নার্ভোচা, বুলেমিয়া নার্ভোচা, পেপ্ঢিক আলচাৰ আদিৰ লগত মানসিক চাপ, উদ্বিগ্ণতা, হতাশা আদি জডিত হৈ থাকে ৷

পাচন–তন্ত্রৰ সুস্থতাৰ বাবে নিয়মিত শাৰীৰিক ব্যায়াম আৰু অভিজ্ঞ ব্যক্তিৰ তত্ত্বাৱধানত যোগাসনৰ অভ্যাস কৰাটো প্রয়োজনীয়৷ শাৰীৰিক ব্যায়ামৰ ভিতৰত খোজকা, দৌৰা, চাইকেল চলোৱা, খেলা–ধূলাত অংশগ্রহণ কৰা আদি আৰু যোগাসন যেনে পদ্মাসন, বজ্রাসন, কপালভাটি, ত্রিকোণাসন, নৌকাসন, ময়ূৰাসন আদি লাভদায়ক৷ শাৰীৰিক ব্যায়ামে কেৱল পাচন প্রক্রিয়াতে সহায় নকৰে, হ দেহৰ বিপাক কার্যও মেটাবলিজিম  নিয়মিত কৰি ৰাখে ৷ সঠিক খাদ্যাভ্যাস আৰু শাৰীৰিক পৰিশ্রমৰ যোগেদি বিশেষ কিছুমান ৰোগ যেনে– বিপাক সম্বন্ধীয় ৰোগ বা মেটাবলিক ছিনড্রম মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়বেটিছ, হাইপাৰলিপিডিমিয়া আদিৰ সমষ্টি, ফেটী লিভাৰ আদিও নিয়ন্ত্রণত আনিব পাৰি ৷

খাদ্যাভ্যাসত প্রবায়টিকযুক্ত খাদ্য অন্তর্ভুক্ত কৰা উচিত ৷ এনেধৰণৰ খাদ্যই অন্ত্রত অৱস্থিত কিছুমান উপকাৰী অণুজীৱৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে অন্ত্রৰ শ্লেচমা আৱৰণখনকো সুৰক্ষা প্রদান কৰে৷ লগতে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা অটুট ৰখাতো সহায় কৰে৷ দৈ, লচ্ছি, পাউৰুটী, পনিৰ  আদিত যথেষ্ট প্রবায়টিক পোৱা যায় ৷ কিছুমান বিশেষ বীজাণুৰ সংক্রমণৰ ফলত হোৱা ডায়েৰীয়া বা কিছুসংখ্যক এণ্টিবায়টিক প্রয়োগৰ ফলত হোৱা ডায়েৰীয়া ৰোগ প্রতিৰোধত প্রবায়টিক পৰিপূৰক ব্যৱহাৰ কৰা হয় ৷ অৱশ্যে হয়াক চিকিৎসকৰ পৰামর্শমতে নির্দিষ্ট পৰিমাণতহে গ্রহণ কৰা উচিত ৷

আমাৰ দেহৰ পাচন–তন্ত্রৰ কার্যক্ষমতা কোনো ব্যক্তিৰ বয়স, শাৰীৰিক–মানসিক অৱস্থা, পৰিৱেশ–পৰিস্থিতি, খাদ্যাভ্যাস–জীৱনশৈল্ অনুসৰি ভিন ভিন হয় ৷ সেয়েহে সদায় সুষম আৰু সন্তুলিত আহাৰ গ্রহণৰ ওপৰত গুৰুত্ব দিয়া উচিত৷ আয়ুর্বেদৰ চৰক সংহিতা গ্রন্থত আহাৰ গ্রহণৰ বিশেষ কিছুমান বিধিৰ বিষয়ে উল্লেখ আছে৷ হয়াত উল্লেখ থকা অনুসৰি কোনো ব্যক্তিয়ে তেওঁৰ দেহৰ শক্তি–সামর্থ্য, মানসিক অৱস্থা, অভ্যাস, বসবাস কৰা স্থান, কাল, ঋতু অনুযায়ী আৰু সঠিক মাত্রা পৰিমাণত খাদ্য গ্রহণ কৰা প্রয়োজন ৷ হয়াৰ উপৰি খাদ্যৰ সঠিক গুণাগুণ, সঠিক প্রস্তুত প্রণালী, শুদ্ধ পৰিৱেশন শৈলী, বিৰুদ্ধ আহাৰৰ অপকাৰিতা দুহ ধৰণৰ বিপৰীতধর্মী আহাৰৰ সংযোগত যাতে দেহত কোনো পার্শ্বক্রিয়াৰ সৃষ্টি নহয় আদি  বিষয়সমূহৰ ওপৰতো মনোযোগ ৰখা দৰকাৰ ৷

আয়ুর্বেদিক চিকিৎসাত কিছুমান ঔষধি গুণযুক্ত গছ–লতা–ফল–মূল, বীজ আৰু ৰসঔষধি পাচন–তন্ত্রৰ বিভিন্ন সমস্যাত উপযুক্তভাৱে প্রয়োগ কৰি সুফল লাভ কৰিব পাৰি৷ জিৰা, জালুক, লং, হলাচী, ধনিয়া, আদা, হালধি, নহৰু, ডালচিনী, পদিনা, নেমু, মেথিগুটি, চফগুটি, অজৱায়ন, ত্রিফলা, চিত্রক, কুটজ, যষ্টিমধু, গুৰুছি, বিল্ব হত্যাদি এনে কিছুমান উদাহৰণ ৷ আয়ুর্বেদৰ গ্রন্থসমূহত উল্লেখিত এনে বহুতো দৰব পাচন–তন্ত্রৰ বিভিন্ন ৰোগৰ চিকিৎসাত অতীজৰে পৰা ব্যৱহূত হৈ আহিছে ৷ এইবোৰৰ ভিতৰত ত্রিফলা চূর্ণ, ত্রিকটু চূর্ণ, লৱন ভাস্ক্ৰ চূর্ণ, চিত্রকাদি বটী, কুটজ ঘন বটী, শংখভষ্ম, প্রবাল পিষ্টি, ধাত্রী লৌহ, সুটশেসৰ ৰস, কামদুধাৰ ৰস, আৰোগ্যবর্ধিনী বটী, অভয়াৰিষ্ট  দশমূলাৰিষ্ট, কুমাৰিসৱ, অৰবিন্দসৱ শিশুৰ বাবে ইত্যাদি উল্লেখযোগ্য ৷  দৰবসমূহ চিকিৎসকৰ পৰামর্শমতে গ্রহণ কৰাটো বাঞ্ছনীয় ৷

ফোনঃ ৮৬৩৮৮-৮৩২৩৬

You might also like
Leave A Reply

Your email address will not be published.