শ্লিপ ডিস্ক | কাৰণ–চিকিৎসা

ৰাজীৱ কাশ্যপ

শ্লিপ ডিস্ক ৰাজহাড়ৰ বিষৰ অন্যতম প্রধান কাৰণ ৷ বর্তমান সময়ত সৰহসংখ্যক লোকে শ্লিপ ডিস্ক সমস্যাত ভোগে ৷ আমাৰ ৰাজহাড় ডাল ৩৩ টুকুৰা কশেৰুকাৰ দ্বাৰা গঠিত ৷ এই দুডাল কশেৰুকাৰ মাজত এটা ডিস্ক থাকে ৷ ৰাজহাড়ডালত মুঠতে ২৩টা ডিস্ক থাকে ৷ এই ডিস্কবোৰে কশেৰুকাৰ সঞ্চালনত সহায় কৰে, এটুকুৰা কশেৰুকাৰ ওপৰত আন টুকুৰা বহি থকাত সহায় কৰে আৰু ৰাজহাড়ডালক শৰীৰৰ ওজন বহন কৰাত সহায় কৰে ৷ যিহেতু আমাৰ ডিঙি আৰু কঁকাল অংশত ৰাজহাড়ৰ সঞ্চালন অধিক হয়, এই দুয়োটা অংশতে প্রধানকৈ শ্লিপ ডিস্ক সমস্যা হোৱা দেখা যায় ৷

প্রতিটো ডিস্ক ভিতৰত দুটা অংশ থাকে ৷ ডিস্ক মাজত এটা জেলিৰ নিচিনা কেন্দ্র থাকে আৰু ইয়াৰ চাৰিওফালে কিছুমান আঙঠিৰ দৰে অংশ থাকে ৷ কেতিয়াবা আঘাতৰ বাবে ডিস্ক আঙঠিৰ দৰে অংশখিনি ভাগি যোৱা বাবে ভিতৰত কেন্দ্রৰ পদার্থখিনি ওলাই আহে ৷ ইয়াকে শ্লিপ ডিস্ক্ (Disc herniation) বুলি কোৱা হয় ৷ আমাৰ মগজুৰ শেষ অংশৰ পৰা ওলোৱা স্নায়ুৰজ্জুডাল ৰাজহাড়ৰ মাজেৰে পাৰ হৈ আহে আৰু ইয়াৰ পৰা কিছুমান স্নায়ু বা নার্ভ ওলায় ৷ ইয়াক স্পাইনেল নার্ভ বোলে ৷ ৰাজহাড়ৰ কশেৰুকাৰ মাজত থকা ডিস্কখনৰ উক্ত পৰিৱর্তনখিনি হলে স্পাইনেল নার্ভৰ ওপৰত চাপ পাৰে আৰু বিভিন্ন আনুষংগিক সমস্যাৰ সৃষ্টি কৰে ৷ সাধাৰণতে ৰাজহাড়ৰ ডিঙি ছাৰভাইকেল আৰু কঁকালৰ লাম্বাৰ অংশত শ্লিপ ডিস্ক সমস্যাটো বেছিকৈ হয় ৷

লক্ষণ তথা আনুষংগিক সমস্যাসমূহ :

¨ ডিঙি, পিঠি বা কঁকালত বিষ হয় ৷

¨ হাত বা ভৰিৰ ফালেও বিষ অনুভৱ হব পাৰে ৷

¨ হাত, বাহু, হাতৰ আঙুলি বা ভৰি ভৰিৰ আঙুলি জিনজিনাব পাৰে বা লা–পোৰা কৰিব পাৰে ৷

¨ হাত বা ভৰি অসাৰ যেন লাগিব পাৰে ৷ কেতিয়াবা হাত–ভৰিৰ পেশীসমূহ দুর্বল হব পাৰে আৰু খোজ কঢ়া বা অন্য কাম কৰিবলৈ অসুবিধা হব পাৰে ৷

¨ বেছি সময় থিয় হলে, খোজ কাঢ়িলে বা বহি থাকিলে বিষটো বেছিকৈ অনুভৱ হব পাৰে ৷

¨ বেমাৰটো বহুত পুৰণি হলে বা বেছি হৈ গলে প্রস্রাৱৰ নিয়ন্ত্রণ নোহোৱা হব পাৰে ৷

 শ্লিপ ডিস্ক্ৰ কাৰণ তথা বিপদযুক্ত কাৰকসমূহ :

¨ বয়সৰ লগে লগে ৰাজহাড়ৰ আশে–পাশে থকা মাংসপেশী আৰু লিগামেণ্টবোৰ দুর্বল হয় ৷ ফলত গধুৰ বস্তু দাঙিলে, সন্মুখলৈ হালি কিবা কাম কৰিলে এই সমস্যা হব পাৰে ৷ কেতিয়াবা পৰিলে বা অন্য কাৰণে ৰাজহাড়ত আঘাত পালেও শ্লিপ ডিস্ক হব পাৰে ৷ যিসকল লোকে জীৱিকা সূত্রে ওজন দাঙিবলগীয়া হয় তেওঁলোকৰ শ্লিপ ডিস্ক সমস্যা হব পাৰে ৷

¨ শৰীৰৰ ওজন বৃদ্ধি হলেও ৰাজহাড়ৰ ওপৰত অধিক চাপ পৰে আৰু শ্লিপ ডিস্ক সম্ভাৱনা বাঢ়ে ৷ মেদবহুল ব্যক্তিসকলৰ এই সমস্যা অধিক হোৱা দেখা যায় ৷

¨ শাৰীৰিক পৰিশ্রম নকৰা লোকসকলৰ ৰাজহাড়ৰ পেশীসমূহ দুর্বল হয় আৰু এনে লোকৰ শ্লিপ ডিস্ক সম্ভাৱনা অধিক ৷

¨ মাইকী মানুহৰ তুলনাত মতা মানুহৰ এই সমস্যা অধিক হোৱা দেখা যায় ৷

¨ বংশগতভাৱেও শ্লিপ ডিস্ক সমস্যা হব পাৰে ৷

¨ ধূম্রপানো এই সমস্যাৰ এটা কাৰক হব পাৰে ৷ ধূমপান কৰিলে ডিস্কসমূহলৈ তেজৰ সঞ্চালন হ্রাস পায় আৰু ইয়াৰ বাবে শ্লিপ ডিস্ক হব পাৰে ৷

  চিনাক্তকৰণ: ডাক্তৰে শাৰীৰিক পৰীক্ষা, মাংসপেশীৰ শক্তি, স্নায়ুৱিক পৰীক্ষাৰ দ্বাৰা শ্লিপ ডিস্ক সমস্যাটো চিনাক্ত কৰিব পাৰে ৷ নিশ্চিত কৰিবলৈ এক্সৰে, এম আৰ আই, চিটি স্কেন আদি কৰোৱা হয় ৷

 চিকিৎসা : প্রথম অৱস্থাত দৰবৰ দ্বাৰা বিষ আৰু স্নায়ুৱিক সমস্যাখিনি নিৰাময় কৰা হয় ৷ যদিহে সমস্যাটো পুৰণি আৰু অধিক গুৰুতৰ হয় তেতিয়া অস্ত্রোপচাৰ কৰিবলগীয়া হব পাৰে ৷

  ফিজিথেৰাপী চিকিৎসাৰ দ্বাৰা এই সমস্যাৰ অধিক ফলপ্রসূ সমাধান পাব পাৰি ৷ বিভিন্ন ইলেকড্রনিক থেৰাপী শ্বর্ট ৱেভ ডাইথার্মী, আই এফ টি, আলড্রাছাউণ্ড, TENS আদি ব্যৱহাৰ কৰি বিষ, জিন–জিননি আদি কমাব পাৰি ৷ ইয়াৰ উপৰি ৰাজহাড়ৰ পেশীৰ শক্তি বৃদ্ধি কৰিবলৈ Strengthening Exercise, Stretching আদি কৰিলে যথেষ্ট সুফল পোৱা যায় ৷

শ্লিপ ডিস্কত ভোগা লোকসকলে কেহটামান নিয়ম মানি চলিব লাগে ৷ সেইবোৰ হৈছে

¨ বিষোৱা ঠাহখিনিত গৰম পানীৰ সেক দিব লাগে ৷

¨ আগফালে হালিব নালাগে ৷

¨ গধুৰ বস্তু দাঙিব নালাগে ৷

¨ Strengthening exerciseখিনি ফিজিথেৰাপিষ্টৰ ওচৰলৈ গৈ শুদ্ধকৈ শিকি লৈ প্রতিদিনে কৰিব লাগে ৷ শুদ্ধ ভংগিমা (Posture) শিকি লৈ বহা, খোজ কঢ়া আৰু দৈনন্দিন কামবোৰ কৰিব লাগে ৷ প্রয়োজন হলে ৰাজহাড়ৰ ওপৰত চাপ কমিবলৈ ছার্ভাহকেল কলাৰ বা লাম্বো–চেক্রেল বেচ্ট আদি ব্যৱহাৰ কৰিব পাৰে ৷

¨ ধূম্রপান কৰিব নালাগে ৷

¨ বিষ অধিক হৈ থাকিলে, বেছিকৈ খোজকাঢ়িব বা একে ঠাইত বেছি সময় বহি থকিব নালাগে ৷

¨ বিষ কমি যোৱাৰ পিছত খোজ কঢ়া, চাইকেল চলোৱা, সাঁতোৰা আদি ব্যায়াম কৰিব পাৰে ৷

¨ শৰীৰৰ ওজন নিয়ন্ত্রিত কৰিব লাগে ৷ ওজন বাঢ়িলে ৰাজহাড়ৰ ওপৰত চাপ বাঢ়ে আৰু ই বিষ বঢ়াব পাৰে ৷

ফিজিথেৰাপী চিকিৎসা, ভংগিমাৰ শুধৰণি আৰু নিজৰ যত্নৰ দ্বাৰা এই শ্লিপ ডিস্ক সমস্যাৰ পৰা সোনকালে আৰোগ্য লাভ কৰিব পাৰি ৷

ফোন : ৮৬৩৮২-৭২৮৬৩

You might also like
Leave A Reply

Your email address will not be published.