বিনাইন প্র’ষ্টেট হাইপাৰপ্লেচিয়া কি ?

ডাঃ নিতুল বৈশ্য

প্র’ষ্টেট বা পৌৰষ গ্রন্থি হৈছে মতা মানুহৰ শৰীৰত মূত্রনলীৰ ওপৰৰ অংশক আগুৰি থকা এটা যৌন গ্রন্থি ৷ ই সংগমৰ সময়ত প্রষ্টেট ৰস নামৰ এবিধ তৰল হৰমন নিঃসৰণ কৰে, যিয়ে স্খলনৰ সময়ত শুক্রাণুক পিচ্ছিল কৰি বহনত সহায় কৰে ৷ প্রষ্টেট গ্রন্থিটো দেখাত আখৰোট বা আলমণ্ডটোৰ দৰে ৷ ইয়াৰ ওজন প্রায় ১২ৰ পৰা ১৬ গ্রামমান হয় ৷

সাধাৰণতে বয়সৰ লগে লগে এই গ্রন্থি আকাৰ আৰু ওজনত বাঢ়ি ধৰে ৷ ৪০ বছৰমান বয়সৰ পিছৰ পৰা ইয়াৰ বৃদ্ধিৰ ক্লিনিকেল লক্ষণবোৰ দেখা পোৱা যায় ৷ প্রষ্টেটৰ আকাৰ বৃদ্ধি হলে, যাক বিনাইন প্রষ্টেটিক হাইপাৰপ্লাচিয়া বুলি কোৱা হয়, তেতিয়াই মূত্রাশয়ৰ পৰা প্রস্রাৱৰ প্রৱাহ কমি যোৱা, প্রস্রাৱত জোৰ দিব লগা হোৱা বা জোৰ দিলেও প্রস্রাৱ সম্পূর্ণ বন্ধ হোৱাৰ দৰে সমস্যা হব পাৰে ৷ ইয়াৰ ফলত মূত্রাশয়, মূত্রনলী বা বৃক্কৰ সমস্যাও হব পাৰে ৷ যদিওবা প্রষ্টেটৰ বৃদ্ধি কেঞ্চাৰজাতীয়ও হব পাৰে, তথাপি আজি আমি ইয়াত বিনাহন বৃদ্ধিৰ কথাহে আলোচনা কৰিম ৷

বিনাইন প্রষ্টেট বৃদ্ধিৰ লক্ষণসমূহ-

¨ প্রস্রাৱৰ সঘনতা  দিনত আঠ বা ততোধিকবাৰ প্রস্রাৱ ৷

¨ প্রস্রাৱৰ তীব্র আকাংক্ষা– প্রস্রাৱ বন্ধ কৰিবলৈ অক্ষম হোৱা ৷

¨ প্রস্রাৱৰ প্রবাহ আৰম্ভ কৰাত অসুবিধা ৷

¨ প্রস্রাৱৰ প্রবাহ দুর্বল বা অৱৰুদ্ধ প্রস্রাৱ কৰোঁতে সঘনাহ ৰখি ৰখি হোৱা ৷

¨ প্রস্রাৱৰ শেষত টোপাল ৰৈ যোৱা ৷

¨ টোপনিৰ সময়ত সঘনাই প্রস্রাৱৰ ভাৱ বা ৰাতি বাৰে বাৰে শোৱাৰ পৰা উঠিব লগা হোৱা ৷

¨ প্রস্রাৱ অনিয়ম হঠাতে প্রস্রাৱ বন্ধ কৰিব নোৱাৰা ৷

¨ প্রস্রাৱ আৰু স্খলনৰ পিছত বিষ হোৱা ৷

যেতিয়া মূত্রাশয় সম্পূর্ণৰূপে খালী নহয়, আপোনাৰ মূত্রনলীত সংক্রমণৰ আশংকা বৃদ্ধি হয় ৷ সময়ৰ লগে লগে, অন্যান্য গুৰুতৰ সমস্যা বিকশিত হব পাৰে, যাৰ ভিতৰত আছে মূত্রাশয়ৰ পাথৰ, প্রস্রাৱৰ লগত ৰক্তক্ষৰণ বা বৃক্কৰ কাম কৰাৰ ক্ষমতা কমি যোৱা বা বহুত বেছি হলে বৃক্ক বিকল হোৱাৰ দৰে সমস্যায়ো গা কৰি উঠিব পাৰে ৷

পৌৰষ গ্রন্থি বৃদ্ধিৰ কাৰণ :

বয়স বঢ়াৰ লগে লগে, বিশেষকৈ ৪০ বছৰ বয়সৰ পিছত বিপিএইচ ছিনড্রোম হয় ৷

সকলো পুৰুষৰে হবই নেকি ?

¨ যদি পৰিয়ালৰ কাৰোবাৰ প্রষ্টেটৰ সমস্যা আছে বা যিকোনো ধৰণৰ টেষ্টিকুলাৰৰ অস্বাভাৱিকতাই প্রষ্টেটৰ আকাৰ বৃদ্ধি কৰাৰ বিপদাশংকা বৃদ্ধি কৰে ৷

¨ যিসকল পুৰুষৰ অণ্ডকোষ কম বয়সতে আঁতৰ কৰা হয় তেওঁলোকৰ এই সমস্যা নাই ৷

তলৰ কাৰকবোৰৰ সৈতে সম্পর্কিত পুৰুষসকলে পৌৰষ গ্রন্থিৰ আকাৰ বৃদ্ধি হোৱাৰ সমস্যা বিকশিত হোৱাৰ সম্ভাৱনা অধিক, যেনে

¨ ৪০ বছৰ বা ডাঙৰ পুৰুষ ৷

¨ যদি পৰিয়ালৰ কাৰোবাৰ আগতে এই সমস্যা হৈছিল ৷

¨ কিছুমান চিকিৎসাজনিত স্থিতি যেনে– হৃদৰোগ, ৰক্ত সঞ্চাৰ ৰোগ, মেদবহুলতা, টাইপ–চ্ ডায়বেটিছ, শাৰীৰিক ব্যায়াম হ্রাস ৷ হৰেক্টাইল ডিচফাংচন ৷

প্রষ্টেট বৃদ্ধি কেনেদৰে প্রতিৰোধ কৰিব

বয়সৰ লগে লগে বর্ধিত প্রষ্টেট আকাৰৰ কিছুমান ঘটনা স্বাভাৱিক হৈ পৰে ৷ লক্ষণবোৰ হ্রাস কৰিবলৈ কিছুমান সাৱধানতা আৰু পদ্ধতি ব্যৱহাৰ কৰিব পাৰি, যেনে–

¨ কিছুমান পুৰুষে অস্থিৰতা বা চাপত থাকিলে অধিক সঘনাই প্রস্রাৱ কৰে, এনে ধৰণৰ চাপ হ্রাস কৰিবলৈ নিয়মীয়া ব্যায়াম কৰিব পাৰি আৰু ধ্যানৰ দৰে কৌশল ব্যৱহাৰ কৰিব পাৰি ৷

 ¨ যেতিয়া আপুনি বাথৰুমলৈ যায়, মূত্রাশয় খালী কৰিবলৈ প্রস্রাৱ কৰিবলৈ অলপ বেছি সময় লবলৈ চেষ্টা কৰক ৷ এনে কৰাৰ দ্বাৰা, সঘনাই বাথৰুমলৈ যোৱা হ্রাস কৰিব পাৰি ৷

¨ যদি আপুনি যিকোনো ধৰণৰ ঔষধ গ্রহণ কৰে, ইয়াৰ বিষয়ে আপোনাৰ চিকিৎসকৰ সৈতে কথা পাতক, কিয়নো কিছুমান ঔষধ থাকিব পাৰে যি এই সমস্যাটো বঢ়াই তুলিব পাৰে ৷ এনে পৰিস্থিতিত চিকিৎসকে আপোনাৰ পালি সলনি কৰিব পাৰে বা ঔষধ গ্রহণ কৰিবলৈ আপোনাৰ সময় সলনি কৰিব পাৰে ৷ কেতিয়াবা চিকিৎসকে আন ঔষধ দিব পাৰে, যাৰ ফলত প্রস্রাৱৰ সমস্যা কম হয় ৷

¨ সন্ধিয়া পনীয়া বস্তু খোৱাৰ পৰিমাণ কমাই দিয়ক, বিশেষকৈ কেফেইনযুক্ত আৰু সুৰাযুক্ত পানীয় ৷ এই দুয়োটা পদার্থই মূত্রাশয়ৰ পেশীৰ সঞ্চালন প্রভাৱিত কৰে আৰু এই দুটা পদার্থই বৃক্কক প্রস্রাৱ প্রস্তুত কৰিবলৈ উদ্দীপিত কৰে, যাৰ ফলত নিশা অধিক প্রস্রাৱ হয় ৷

পথ্য : পুৰণা চাউল, গমধান, মগু, বার্লি, মূৰি, কুলথ, ৰাজমাহ, গাজৰ, তিতাকেৰেলা, আলু, মূলা, ৰঙালাউ, কল, নেমু, প্লাম, আপেল, এলভেৰা ৰস, আদা হত্যাদি উপকাৰী ৷

অপথ্য : শীতল পানীয়, ঠাণ্ডা খাদ্য, জামু, খেজুৰ, বেঙেনা, বিন, ভেণ্ডি, কেপচিকাম, বিলাহী, তিয়ঁহ, পালেং, কলা আঙুৰ, কিৱি, ষ্ট্রবেৰী, ময়দা, অমিতা, নহৰু, দৈ, কাজুবাদাম, বেগধাৰণ মানে শৌচ–প্রস্রাৱ লাগিলে ৰখাই থৈ দিয়া হত্যাদি অপকাৰী ৷

ফোন : ৭৮৯৬২-৪৬০০১

You might also like
Leave A Reply

Your email address will not be published.