বর্ণালী ফুকন
তুমি যদি এটা বছৰৰ মূল্য সুধিছা তেনে এটা বছৰ হেৰুৱাব লগা হোৱা এজন ছাত্রক সোধা৷ তুমি যদি এটা মাহৰ মূল্য জানিব বিচৰা তেনেহলে এগৰাকী মাতৃক সোধা যিগৰাকীয়ে অপৈণত এটা শিশুৰ জন্ম দিছে, তুমি যদি মূল্য জানিব বিচৰা এটা ঘণ্টাৰ তেনে প্রেমাস্পদলৈ অপেক্ষা কৰি থকা এজনক সোধা৷ যদি তুমি এটা মিনিটৰ মূল্য জানিব বিচৰা তেনে অলপতে বাছ ধৰিব নোৱাৰাজনক সোধা৷ তুমি যদি এটা ছেকেণ্ডৰ মূল্য জানিব বিচৰা তেনেহলে তেওঁক সোধা যিয়ে এক ছেকেণ্ডৰ ব্যৱধানত এটা গাডী দুর্ঘটনাত সম্ভাব্য মৃত্যুৰ পৰা বাচি আহিছে৷ যদি তুমি এক ছেকেণ্ডৰ এশ ভাগৰ এক ভাগৰ মূল্য জানিব বিচৰা তেনেহলে এজন এথলেটিকক সোধা যিয়েই অলিম্পিকত ছিলভাৰ মেডেল জয় কৰিছে৷ সময় কিমান খৰকৈ পাৰ হৈছে আঙুলিৰ মূৰত বয়সৰ হিচাপ কৰিলেই গম পাবা৷ মার্ক লেভী
আমি প্রতিজনেই কিবা নহয় কিবা লক্ষ্যক আগত ৰাখি তাক পোৱাৰ উদ্দেশ্যে দৌৰি আছোঁ৷ আৰু সেই লক্ষ্যলৈ দৃষ্টি ৰাখি দৌৰি থাকোঁতে যে সময়বোৰ পাৰ হবলৈ ধৰিছে সেই কথালৈ ধ্যানেই দিয়া নহয়৷ জীৱন পথত আমি সহস্র মানুহৰ সান্নিধ্যলৈ আহঁো৷ কোনো কোনো মুহূর্তত কিছুমান মানুহ আমাৰ জীৱনৰ সৈতে এনেদৰে জডিত হৈ পৰে সেই মানুহগৰাকী বা মানুহজনৰ অবিহনে এটা মুহূর্তৰ বাবে জী থকা অসম্ভৱ যেন লাগে৷ শিশু অৱস্থাত সকলো অৱস্থাতে বটবৃক্ষৰ দৰে ছাঁ দি থকা পিতৃ বা চেনেহৰ আঁচলেৰে আৱৰি ৰখা মাকৰ অবিহনে জীয়াই থাকিব নোৱাৰিম যেন ভাব হয়৷ অথচ বিয়া দি উলিয়াই দিয়া জীগৰাকীয়ে বা চাকৰিৰ তাগিদাত মাক–দেউতাকৰ কাষৰ পৰা আঁতৰি থকা পুত্র বা জীয়েকগৰাকীয়ে কেতিয়াও নাভাবে কেতিয়াবা মাক–দেউতাকৰ অবিহনে অকলশৰীয়াকৈ জীৱন পথত খোজ দিব পাৰিব৷ এই সকলোবোৰৰ আঁৰত থাকে সময়৷ পৰিৱেশ স্বাভাৱিক হবলৈ সময়ৰ প্রয়োজন৷ যিদৰে এটা সম্বন্ধ বুজাপৰালৈ আহিবলৈ সময়ৰ প্রয়োজন৷ প্রতি ক্ষেত্রতে সময় অতি মূল্যৱান বুলি বিবেচিত হয়৷ অথচ এই সময়কে আমি গুৰুত্বহীন কৰোঁ৷ আৰু কেতিয়াবা সময় বোলা কিবা এটা যে আছে তাকে ভবা নহয়৷ সুকলমে কিবা এটা কৰিব লাগে সময়ৰ প্রয়োজন৷ সমাধান লাগে তাতো সময়ৰ প্রয়োজন৷ বেমাৰ এটা ঠিক হব লাগে তাতো শুশ্রূষাৰ লগতে সময়ৰ প্রয়োজন৷ সময় হাতত কম অথচ খৰধৰকৈ হাস্পতাল পাবগৈ লাগে বা পৰীক্ষা গৃহত সোমাব লাগে তেতিয়াই হাতত আন বস্তুতকৈ প্রয়োজন সময়ৰ৷ কাম এটা কৰাৰ আগমুহূর্তলৈকেহে উৎকণ্ঠা থাকে৷ পৰীক্ষা গৃহত বহাৰ আগলৈকে থাকে অস্থিৰতা৷ কিন্তু সেই সময় আৰম্ভ হোৱাৰ পৰা সকলো স্বাভাৱিক হৈ আহে৷ অলপ আগৰ উৎকণ্ঠাবোৰ লাহে লাহে নোহোৱা হয়৷ ইয়াৰো আঁৰৰ সহায়কাৰীজন সময়েই৷ সময়ে কোনো কোনো ক্ষেত্রত অসহায়তো পেলাব পাৰে৷ যেনেকৈ সিজিবলৈ প্রয়োজন হোৱা সময়তকৈ আগতে নমাই ৰখা আঞ্জাখন বা সময় পাৰ হৈ যোৱা ভাজি থকা আঞ্জাখন এই দুই ক্ষেত্রতে প্রধান খেলিমেলি কৰা কাৰকবিধ সময়৷
তেনেদৰে আপোন কাৰোবাৰ অবিহনে কেনেকৈ থাকিম বুলি ভবা হয় যেতিয়ালৈকে সেই মানুহগৰাকী বা মানুহজন জীৱনৰ সৈতে বান্ধ খাই থাকে৷ যেতিয়াৰ পৰা বান্ধোন শিথিল হয় তেতিয়াৰ পৰা সেই মানুহজন বা মানুহগৰাকীৰ অবিহনেই বাধ্য হৈ আগুৱাই যাব পৰা হয়৷ সেই সময়ত নিজকে চম্ভালি লবলৈ একমাত্র সময়ৰ প্রয়োজন৷ এই সময়বোৰে সময়ে সময়ে জীৱনলৈ অভিজ্ঞতা কিিয়াই আনে৷ আমি নিজক চিনি পোৱা হওঁ৷ সময়ৰ সৈতে আমি সকলোৱে জীৱলৈ শিকি যাওঁ৷ ঠিক টোপ খুৱাই ডাঙৰ কৰা কোনোদিনেই অকলে থাকিব নোৱাৰিব বুলি ভবা চৰাই পোৱালিটোৰ এদিন পাখি গজে আৰু মাকৰ অবিহনে উৰা মাৰে নিজৰ বুলি এখন আকাশ বিচাৰি৷ আৰু এই সকলো সম্ভৱ হয় একমাত্র সময়ৰ বাবে৷ সময়ে বেয়াক ভাল কৰিব পাৰে আৰু বেয়াক সজাই–পৰাই সুন্দৰ কৰি তুলিব পাৰে৷ সময়ে আমাক সকলোকে পৰিৱেশৰ সৈতে আৱেগৰ সৈতে যুঁজ দি জীয়াই থাকিবলৈ শিকায়৷ দুখ–কষ্টবোৰ পি নীলকণ্ঠী হবলৈ শিকায়৷ সেই কাৰণে কয় চাগৈ Time will heal all pain.’
ফোন : ৮৬৩৮২-৩৬২৩৭