বর্ণালী ভট্টাচার্য
আজিকালি বেছিভাগ মানুহেই চুলি পকা সমস্যা সন্মুখীন হব লগা হয়৷ এই সমস্যাৰ পৰা সকাহ পাবলৈ মানুহে বিভিন্ন প্রকাৰে যত্ন লয় যদিও শেষত চুলিত ৰং কৰাৰ বাহিৰে অন্য একো কৰিব উপায় নাথাকে৷ অকালতে চুলি পকা সমস্যা বিভিন্ন কাৰণত হব পাৰে৷ ধূলি–বালি প্রদূষণ, ৰাসায়নিক দ্রব্য ব্যৱহাৰ, মানসিক চাপ, সুষম আহাৰ গ্রহণ নকৰাৰ ফলতো আমাৰ চুলি পকিব পাৰে৷ নানা ধৰণৰ চেম্পু, কণ্ডিচনাৰ, কালাৰ ব্যৱহাৰ কৰাৰ ফলত চুলি অতি সোনকালেই পকে৷ সেয়ে এইক্ষেত্রত সাৱধানতা অৱলম্বন কৰা উচিত৷
চুলিৰ ৰং পদ্ধতি পুৰণি দিনৰ পৰাই চলি আহিছে৷ অস্থায়ী, সাময়িকভাৱে স্থায়ী, স্থায়ী এই তিনিটা ভাগত আমি ৰং ভাগ কৰিব পাৰোঁ৷ কিছুমান অস্থায়ী ৰং লগোৱাৰ পিছত চেম্পু কৰিলে চুলিৰ কালাৰ নোহোৱাৰ দৰে হৈ পৰে৷ এনে কালাৰবোৰ পানীত দ্রৱনীয় এচিডধর্মী ৰঙেৰে প্রস্তুত কৰা হয়৷ এইবোৰ পদার্থৰ কণাৰ আকৃতি ডাঙৰ৷ সেয়েই চুলিৰ বাহ্যিক আৱৰণ অর্থাৎ কিউটিকেল ভেদ কৰি অন্তর্ভাগত অর্থাৎcotex উপনীত হব নোৱাৰে৷ সেয়ে চুলিৰ কিউটিকেলৰ ওপৰৰ ভাগত ৰসখিনি জমা হৈ থাকে বাবে বাৰে বাৰে চেম্পু কৰাৰ ফলত কালাৰ নাইকিয়াই হৈ পৰে৷
অস্থায়ী ৰঙৰ উপাদানসমূহ হৈছে কাৰমিন, ফেৰিডফেৰো চায়েনাইড, মাইকা, টাইটানিজাম ডাই অক্সাইড ইত্যাদি৷ এই ধৰণৰ অস্থায়ী কালাৰে ছালৰ ক্ষতি কৰাৰ আশংকা কম থাকে৷ এনেধৰণৰ ৰং ব্যৱহাৰ কৰিলে কোনোধৰণৰ পেটছ টেষ্ট কৰাৰ প্রয়োজন নাই৷
আনহাতে সাময়িকভাৱে স্থায়ী ৰংবোৰ প্রস্তুত কৰা হয় কম আণৱিক ওজনযুক্ত বিভিন্ন ৰঙৰ পৰা৷ এনেবোৰ ৰং হৈছে নাইড্রএছিলিনছ, নাইড্রফিনাইল ডাই এমাইনো, নাইড্রএমাইনোফেনলছ ইত্যাদি অথবা এজো বা এনথোকুইনল ৰং৷ এনেধৰণৰ ৰংবোৰ চুলিৰ কিউটিকেলৰ জৰিয়তেcotexত প্রৱেশ কৰে৷ সেয়ে চেম্পু কৰিলেও উঠি নাযায়৷ এনেধৰণৰ সাময়িকভাৱে স্থায়ী ৰং চুলি আধামান পকিলে ব্যৱহাৰ কৰিব পাৰি৷ এনে ৰঙে চুলিৰ বিশেষ ক্ষতি নকৰে৷ কিন্তু গোটেই চুলি পকা হলে ই ইমান ফলপ্রসূ নহয়৷
মানুহে সদায় নিজৰ বয়সৰ কথা মনত ৰাখি চুলিৰ ৰং কৰা উচিত৷ কাৰণ কেতিয়াবা দেখা যায় যে এগৰাকী মহিলাই বা পুৰুষে ৭০-৮০ বছৰীয়া লোকে কলা ৰং কৰি লয়৷ তেনে কৰিলে দেখাত শুৱনি লগাতকৈ আপচোচহে দেখাত লাগে৷ এনে বয়সৰ লোকে অলপlight Brown, ৰং কৰিব পাৰে৷
কেতিয়াবা ২০ ২২ বছৰতো চুলিৰ কালাৰ কৰিব লগা হয়, তেনে ক্ষেত্রত পাৰিলেHair expertৰ লগত আলোচনা কৰি কালাৰ কৰিব৷
সাময়িকভাৱে স্থায়ী ৰং ব্যৱহাৰ কৰাৰ ফলত মূৰৰ চুলিত এলার্জীৰ সমস্যাৰ সন্মুখীন হব পাৰে৷ সেয়ে চুলিৰ ৰং কৰাৰ আগতেইskin test কৰাই লব৷ এই পৰীক্ষা নিজেই ঘৰতেই কৰিব পাৰে৷ অলপ কালাৰ বনাই নিজৰ কাণৰ পিছ ফালে ১০ মিনিট লগাই ৰাখিব, যদি সেই ঠাইখিনি ৰঙা পৰা, খজুৱায়, তেনেহলে পৰাপক্ষত কালাৰ কৰিব নালাগে৷ বজাৰত পোৱা সকলো কালাৰ হৈছে স্থায়ী কালাৰ৷
এটা কথা বহুতে ভাবে যে কালাৰ মূৰত লগালে মূৰৰ ছালৰ মাজেৰে শৰীৰৰ ভিতৰত সোমাই তেজৰ লগত মিহলি যায়৷ এইটো একেবাৰেই ভুল ধাৰণা৷ এনে কোনো কথা নাই৷ জন্তু বা মানুহৰ ওপৰতো বহুত পৰীক্ষা–নিৰীক্ষাৰ পিছত গম পোৱা গৈছে যে কালাৰ কৰিলে ৰীলত কোনো বিষক্রিয়া নহয়৷
চুলিৰ কালাৰ কৰাৰ পিছত সদায় যি কোম্পানীৰ কালাৰ কৰে সেই কোম্পানীৰ চেম্পু, কণ্ডিচনাৰ, চিৰাম ব্যৱহাৰ কৰা উচিত৷ তেতিয়া কালাৰ বেছিদিনলৈ থাকে৷ মাজে মাজে হেয়াৰ স্পা কৰাব, চুলি কালাৰ কৰাৰ বাবে শুকান ভাব হয়, সেয়া নোহোৱা হব৷ নহলে হার্বেল ড্রিটমেণ্ট কৰিব পাৰে৷ যিসকলৰ মূৰৰ ছালখন বেছি স্পর্শকাতৰ হয়, তেনে লোকে ঘৰতে এটা হার্বেল পেক বনাই লগাব পাৰিব৷ ভাল হেনাৰ লগত চাৰিটা বীট, জবাফুলৰ পাত, নৰসিংহপাত, অপৰাজিতাৰ পাত, আমলখিৰ ৰস এই আটাইবোৰ ভালদৰে পিচি এক ৰাতি আইৰন পাত্রত ৰাখি পিছদিনা তাত এটা কণী দি চুলিত লগাই ২৫ মিনিট ৰাখি হার্বেল চেম্পু দি ধুব৷ এনেদৰেই নিজৰ চুলিকোছাৰ যত্ন লব পাৰিব৷
ফোন : ৯৭০৬০-৬২৮৬৩