বর্ণালী ভট্টাচার্য
সৌন্দর্য বুলিলে আমাৰ সকলোৰে মনত এটাই ভাৱ আহে ধুনীয়া ৷ কিন্তু অকল ধুনীয়াতেই জানো সকলো শেষ হব সকলো মানুহেহ নিজকে সজাই–পৰাই ভাল পায় ৷ এতিয়াই নহয় আজিৰ পৰা হাজাৰ বছৰৰ আগতেও মহিলাই হওক বা পুৰুষেই হওক নিজকে সজাই–পৰাহ ৰাখিছিল ৷ আমি যদি আমাৰ ৰজা–মহাৰজাসকলৰ্ দিনৰ সাজ–পোছাক, ৰাণী–মহাৰাণীসকলৰ্ আ–লংকাৰ, তেওঁলোকৰ কেশসজা এহবোৰলৈ চাওঁ দেখিবলৈ পাম যে সেই সময়তো সৌন্দর্যৰ পৰিসৰ বহুত বেছি আছিল ৷ অৱশ্যে সেই সময়ত বিউটী পার্লাৰ নাছিল ৷
এটা কথা আছে আঁকিলে বাকিলে বান্দৰীও সুন্দৰী হয় ৷ আমাৰ শৰীৰটোক দেখাত ধুনীয়াকৈ ৰাখিবলৈ হলে অকল মুখত বা চুলিত যত্ন লোৱাৰ উপৰি সুষম খাদ্যৰ লগতে শাৰীৰিক ব্যায়াম কৰাটো অত্যন্ত দৰকাৰী৷ ভগৱানে সৃষ্টি কৰা সকলো মানুহ নাৰীয়ে হওক বা পুৰুষে কাৰো কাৰো লগত মিল নাই ৷ অর্থাৎ সকলোৰে আকৃতি একে নহয় ৷ অথচ সকলোজনেই নিজ নিজ বৈশিষ্ট্য আৰু গুণেৰে ধুনীয়া বা সুন্দৰ ৷ সকলো ব্যক্তিৰ মাজত সৌন্দর্য লুকাই থাকে ৷ ই ঈশ্বৰৰ দান ৷ মানুহৰ মাজত সৌন্দর্য লুকাই থাকে ৷ মাথোঁ আমি তাক বিচাৰিব জানিব লাগিব ৷
দেখাত টগা বা নাকটো জোঙা হলেই নহব ৷ সৌন্দর্যৰ বিকাশ ঘটে সুন্দৰ মন, সবল দেহ, স্বচছ, পৰিষ্কাৰ, ব্যক্তিত্বৰ জৰিয়তে ৷ সুন্দৰতা প্রতিফলন হয় সৌন্দর্য চর্চাৰ যোগেদি ৷ কেৱল বাহিৰৰ সৌন্দর্য চর্চা কৰিলেই আচলতে সৌন্দর্যৰ বিকাশ নঘটে, ইয়াৰ লগতে আহাৰ, টোপনি, শাৰীৰিক ব্যায়াম ইত্যাদিও দৰকাৰী ৷
ইয়াৰ উপৰি এটা কথা সকলোৱে মনত ৰখা উচিত যে মুখত মেকআপ যিমানেই নকৰক কিয় মহিলা বা এজনী ছোৱালীৰ মুখত যদি এটা ধুনীয়া হাঁহি নাথাকে, তেনে লোকৰ সৌন্দর্য হানি হোৱাৰহে সম্ভাৱনা বেছি থাকে ৷ হাঁহিমুখীয়া মানুহে সকলোকে আকর্ষণ কৰে ৷ শাৰীৰিকভাৱে সুস্থ মানুহেহে হাঁহিব পাৰে ৷ সেয়েহে আমি সকলোৱে আমাৰ শৰীৰৰটোক যত্ন লোৱা উচিত ৷ আমাৰ শৰীৰটোক ভালদৰে ৰাখিবলৈ হলে সুষম আহাৰ খোৱাটো অতি জৰুৰী৷ অধিক তেল মচলা পৰাপক্ষত পৰিহাৰ কৰিব ৷ হয়তো মুখত খাহ ভাল লাগিব, কিন্তু ই আমাৰ শৰীৰটোক ক্ষতি কৰিব ৷
আহাৰ সদায় পৰাপক্ষত কম পৰিমাণে খাব ৷ যাতে সহজে হজম হয় ৷ অতিমাত্রা খাব নালাগে ৷ কমো খাব নালাগে ৷ হিচাপত খাব লাগে ৷ পানী বেছি পৰিমাণে খাব ৷ ছালৰ উজ্জ্বলতা বৃদ্ধি পাব ৷ ঘৰতে তৈয়াৰী ফলৰ ৰস খাব৷ শাক–পাচলি, গাখীৰ, কণী, আহাৰত আঁহজাতীয় খাদ্য পাৰিলে সদায় খোৱা উচিত ৷ যিমান পাৰে পৰিশ্রম কৰিব ৷ পৰিশ্রম কৰিলে খাদ্য সহজে হজম হয় ৷ পৰিশ্রম নকৰিলে তেজ চলাচল নিয়মীয়া নহয় ৷ শৰীৰটোৱে অক্সিজেন কমকৈ আহৰণ কৰে ৷ শৰীৰত মেদ জমা হয়, ফলত শৰীৰ ৰুগীয়া হয় ৷ জিৰণি, আৰাম আৰু টোপনি এই আটাহকেহটা আমাৰ শৰীৰৰ বাবে অতিকৈ দৰকাৰী ৷
সেয়েহে আমি যদি ভালকৈ চাওঁ দেখিম যে সৌন্দর্যৰ লগত বহুখিনি কথাই জড়িত হৈ আছে ৷ সেয়ে আমি নিজকে ধুনীয়া কৰি ৰাখিব হলে অকল মুখত পেক বা ফেচিয়েল চুলিত হেনা, স্পা, হেয়াৰ ট্ৰিটমেণ্ট এইবোৰ কৰিলে নহব, তাৰ লগতে শৰীৰটোক সকলো ফালৰ পৰা যত্ন লব লাগিব ৷
অধিক গৰম বা সূর্যৰ উত্তাপৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থাঃ
১. ছালত ছালকুঁৱৰীৰ ৰস সানিলে ছাল ঠাণ্ডা হৈ থাকে আৰু মূৰত সানিলে মূৰ ঠাণ্ডা হৈ থাকে ৷
২. গৰমত বহুতৰে গাত সৰু সৰু গুটিৰ দৰে হয়, তদুপৰি ঘামচিৰ সমস্যা হয় ৷ এনে সমস্যাত কেঁচা হালধিৰ ৰস নাইবা মহানিমৰ ৰস সানিলে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷
৩. গাখীৰত মৌ মিলাই খালে উপকাৰ পোৱা যায় ৷
৪. দিনটোত পাৰিলে ১৫ ২০ গিলাচ পানী খাব ৷
৪. ডাব নাৰিকলৰ পানী, নেমুৰ চৰবত, মৌচুমীৰ ৰস, তৰমুজ আদি খালে শৰীৰ শীতল হয় ৷
৫. এফিলা দুই চামুচ এগিলাচ পানীত মিশ্রণ কৰি খাব লাগে ৷ দিনে দুবাৰকৈ খোৱা ভাল ৷
৬. কৰবাৰ পৰা আহি চিধাই ঠাণ্ডা পানী খাব নালাগে ৷ অলপ জিৰণি লৈহে খাব লাগে ৷