একাংকিক! একাংকিকা

নিজৰা ৰাজকুমাৰী

শীতৰ এই সময়ছোৱা, বিশেষকৈ নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ কুঁঁৱলীসনা সন্ধ্যা আৰু নিশাবোৰক ভৰাই তোলে অসমৰ বিভিন্ন প্রান্তত অনুষ্ঠিত একাংকিকা নাট প্রতিযোগিতাবোৰে ৷ নাটক ভালপোৱা মানুহবোৰক এনে নাট্যসন্ধ্যাৰ মায়াই মন–প্রাণ আচ্ছন্ন কৰি ৰাখে ৷ অসমৰ বিভিন্ন মঞ্চত মাজৰাতি বা শেষৰাতি জাৰ আৰু জয়ৰ আনন্দত কঁপি কঁপি শ্রেষ্ঠত্বৰ বঁটা গ্রহণ কৰা নাট্যকর্মী হৈ যি অভিজ্ঞতা লভি থৈছোঁ সেয়া পাহৰিব নোৱাৰিম ৷ কিন্তু একাংকিকা নাটকৰ প্রতিযোগিতাৰ কথা কওঁতে মই কবলৈ ভাল পাম দর্শকৰ কথাও ৷ এক বৃহৎসংখ্যক দর্শক জড়িত হৈ পৰা অর্থাৎ দর্শকৰ মনোযোগ আকর্ষণ কৰা এনে প্রতিযোগিতাবোৰ কেৱল একো একোখন প্রতিযোগিতাহ হৈ ৰয়গৈ নে পুৰস্কাৰ লাভ নকৰা নাট্যদলবোৰ সঁচাকৈয়ে পৰাজিত হয় নে নিষ্চয় নহয় ৷ এই যে একোখন প্রতিযোগিতাৰে দর্শকৰ কাষলৈ নাটক, নাট্যকর্মীক লৈ যোৱা হয়, ভাল নাটক চোৱাৰ শুভ পৰম্পৰা এটা চলাই থকা হয়, নতুন নাট্যকর্মী কিছুমান গঢ়ি তোলাৰ পৰিৱেশ ৰচিত হয়, নাটকত কিছু পৰীক্ষা–নিৰীক্ষা কৰাৰো বাট মুকলি হয়, নতুন নাট্যকর্মীৰ আত্মবিশ্বাস গঢ়াৰ পথ প্রশস্ত হয়, দর্শক সৃষ্টি হয় এহ কথাবোৰ জানো মামুি !  সদা–সর্বদা আমি কথা পাতি আহিছে ছিৰিয়াছ নাটকৰ দলবোৰে সন্মুখীন হৈ অহা আর্থিক সমস্যাৰ কথা৷ নাটক কৰিবলৈ দৰকাৰী শব্দ–পোহৰ আদিৰ সুব্যৱস্থাৰে অসমত বিজ্ঞানসন্মত মঞ্চ আছেই বা কিমানখন৷ থাকিলেও বহু নাট্যদলৰ বাবে এখন খৰচী মঞ্চত নাটক প্রদর্শন কৰাটো সম্ভৱ নহব ৷ সেয়েহে একাংকিকা নাটকৰ প্রতিযোগিতাই দিয়া মঞ্চখন আমাৰ বাবে খুবেই মূল্যৱান হৈ পৰে ৷ নগৰ–চহৰ–মহান বাদ দিও কিমান মফচলীয় বা ভিতৰুৱা অঞ্চলত নাটকৰ এনে প্রতিযোগিতা অনুষ্ঠিত হয় সেয়া এই সময়খিনিত প্রত্যক্ষভাৱে বা বাতৰিকাকত, ছচিয়েল মিডিয়া আদিৰ জৰিয়তে জানি থাকি সুখ অনুভৱ কৰো ৷ এখন ভাল নাটক লৈ আমি দর্শকৰ কাষলৈ যাম এই কথাখিনিয়ে নাট্যকর্মীসকলক উত্তেজিত–উৎসাহিত কৰি ৰাখে ৷ পুৰস্কাৰ পালে উপৰঞ্চি লাভ ৷ পুৰস্কাৰ নাপালেও, অসমৰ হমূৰ–সিমূৰ ঘূৰি নাটকবলীয়া বহুজনে জেপ উদং কৰিও প্রশান্তি লভে ৷ বহু সময়ত অৱশ্যে পুৰস্কাৰ নাপালে ধনৰ অভাৱত একো একোটা নাট্যদলৰ যাত্রা স্তিমিত হৈ পৰে ৷ এনে দুখৰ অভিজ্ঞতাও নাটকৰ লগত জড়িত আমি বহুতে গোটাই থৈছেছা ৷ তথাপি একাংকিকা নাটৰ এই প্রতিযোগিতাসমূহৰ জনপ্রিয়তা হ্রাস নহয় আৰু হাজাৰ বাধা–বিঘিনি সত্ত্বেও আমি নাট্যকর্মীসকলো নিৰাশ নহওঁ ৷ জানিবলৈ পাইছিলোঁ ভোলা কাকতি নামৰ মহাবিদ্যালয়ৰ ছাত্র এজনে লিখা বিভ্রাট নামৰ একাংকিকা নাটকখনে দিল্লীত অনুষ্ঠিত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত শ্রেষ্ঠ একাংকিকাৰ বঁটা লাভ কৰিছিল ৷ সেয়া আছিল ১৯৫৫ চনৰ কথা৷  পিছত কোনোবা এখন আলোচনীত বিভ্রাট প্রকাশো হৈছিল৷ বিভ্রাটৰ এই সাফল্য আছিল অসমৰ একাংকিকা নাটৰ জগতখনলৈ আশাৰ বতৰা৷ এক কথাত বিভ্রাটে জোৱাৰ আনিছিল ৷

অসমলৈ একাংকিকা আহিছিল পাষ্চাত্যৰ পৰা৷ বাঁহীত প্রকাশিত বেজবৰুৱাৰ গদাধৰ ৰজাক বহুতে প্রথম অসমীয়া একাংকিকা বুলি কব খোজে৷ এইখন নাটৰ কথা কবলৈ বেজবৰুৱাই ব্যৱহাৰ কৰা চৰাঘৰীয়া ভাওনা শব্দটো তাৎপর্যপূর্ণ৷ সেই সময়ত বিশুদ্ধ একাংকিকা নহলেও এনে নাটৰ কাষ চপা কেইবাখনো নাট ৰচিত হৈছিল ৷ আৱাহনত লক্ষ্মীধৰ শর্মাই লিখিছিল প্রজাপতিৰ ভুল আদিৰ দৰে নাটক ৷ স্বাধীনতাৰ পূর্বেই কেইজনমান অসমীয়া নাট্যকাৰে কেইবাখনো একাংক নাট ৰচনা কৰিছিল ৷ তদুপৰি স্বাধীনতাৰ আগতো আৰু পিছতো অসমীয়ালৈ অনুবাদ হোৱা বহুকেইখন একাংকিকা নাটকে অসমৰ নাট্যজগতখনক আলোড়িত কৰিছিল ৷  চেখভৰ দ্য প্রপজেল, লেডী গ্রেগৰীৰ ৰাজনৈতিক নাটক ৰাহজিং অৱ দ্য মুন আদি নাটকৰ অনুবাদ উল্লেখযোগ্য ৷ অনুবাদ কৰিছিল উগ্র কটকী, অজিত সিংহ, প্রফুল্ল দত্ত গোস্বামী, মুনীন শর্মা আদিয়ে৷ ইংৰাজ নাট্যকাৰStanley Houghton–ৰDear departed নামৰ নাটকখন সুৰেন্দ্র শহকীয়া, যোগেন চেতিয়া আৰু প্রফুল বৰুৱাই অসমীয়ালৈ অনুবাদ কৰিছিল ক্রমে প্রেতাত্মাৰ পৰিদর্শন , চেনেহৰ সোঁতা আৰু পিতৃবিয়োগ নামেৰে৷ স্বাধীনতাৰ পিছত অসম নাট্য সন্মিলন ৰজ্ঝপ্তজ্ঝ চনত প্রতিষ্ঠিত সদৌ অসম একাংক নাট সন্মিলনেই পাছলৈ অসম নাট্য সন্মিলন হৈছিল আৰু পৰৱর্তী সময়ত অনেক অনুষ্ঠানে প্রতিযোগিতা অনুষ্ঠিত কৰি একাংকিকা নাটৰ প্রসাৰ–প্রচাৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিলে৷ লক্ষ্যধৰ চৌধুৰী, ডঙ্ম বীৰেন্দ্র কুমাৰ ভট্টাচার্য, সত্যপ্রসাদ বৰুৱা, প্রবীণ ফুকন, যোগেন চেতিয়া, ভবেন্দ্রনাথ শইকীয়া, অৰুণ শর্মা, দুর্গেশ্বৰ বৰঠাকুৰ, তফজ্জুল আলি, ফণী তালুকদাৰ, গিৰীশ চৌধুৰী, বিৰিঞ্চি কুমাৰ ভট্টাচার্য, তৰুণ শহকীয়া আদিৰ ৰচনাই এইখন জগতক সমৃদ্ধ কৰিলে ৷ তাহানিৰ একাংকিকা, অনুবাদ একাংকিকাই গঢ়ি দিয়া ভেটিত থিয় দি আজিপর্যন্ত ন–ন চিন্তা, বিষয়বস্তুৰে অসমত ৰচিত হৈ থাকিল অনেক নাট ৷ জনজাতীয় সাধুৰ আধাৰত ৰচিত প্রথমখন একাংকিকা হল অনিল চৌধুৰীৰ মাণিক ৰাইটং৷ নাটকখন খাছী সাধুৰ আধাৰত ৰচনা কৰা হৈছিল৷ জনজাতীয় পটভূমিত আন এখন জনপ্রিয় একাংকিকা নাটক ৰচনা কৰিছিল ৰাজীৱ ফুকনে৷

ডঙ্ম অপূর্ব শর্মাই অসমীয়া একাংকিকাৰ গতি–প্রকৃতি ঃ এটি অৱলোকন শীর্ষক এটি প্রবন্ধত কৈছে প্রথম অৱস্থাত একাংকিকাসমূহ ৰচনাৰ প্রধান উদ্দেশ্য আছিল আলোচনীত প্রকাশ কৰা ৷ জোনাকী, বাঁহী, আৱাহন, বৰদৈচিলা, জয়ন্তী আদি আলোচনীয়ে প্রথম অৱস্থাত একাংকিকাৰ বিকাশত যেনেদৰে পৃষ্ঠপোষকতা কৰিছিল, পৰৱর্তী সময়ত সেয়া কমি আহিল ৷ জোনাকী যুগতেহ অসমীয়া একাংকিকাৰ আৰম্ভণি হৈছিল যদিও কলা–কৌশল তথা আংগিকৰ দিশৰ পৰা সমৃদ্ধ হৈ স্বৰাজোত্তৰ কালতহে ই বলিষ্ঠভাৱে বিকাশ লাভ কৰিবলৈ সক্ষম হৈছিল ৷

একাংকিকাৰ ৰং–ৰসক বাদ দি আমি নাটকৰ কথা পাতিব নোৱাৰোঁ ৷ বহুতৰ অভিনয় জীৱন, নাটক ৰচনাৰ অভিজ্ঞতা, আলোকসম্পাত, নাটকৰ সংগীত দিয়াৰ অভিজ্ঞতাৰ আৰম্ভণিও হয় একাংকিকাৰ জৰিয়তেই ৷ ব্যক্তিগতভাৱে মোৰ বাবে নাটক সদায় নাটকেই ৷ পূর্ণদৈর্ঘ্যৰ নাটক এখন যিমান শ্রদ্ধা–চেনেহ আৰু আগ্রহৰ, একাংকিকাও সিমানেই শ্রদ্ধা–চেনেহৰ ৷

 

You might also like

Comments are closed, but trackbacks and pingbacks are open.