মঞ্জুলা বর্মন
আজিৰ পৰা প্রায় পাঁচ বছৰৰ আগতে মোৰ ইউৰোপ ভ্রমণৰ সৌভাগ্য ঘটিছিল ২০১৫ চনৰ ১৬ মেত ৷ আমাৰ প্রধান লক্ষ্যস্থান আছিল পোলেণ্ডৰ ক্রেক(Krakow) চহৰ ৷ আমাৰ সৰু ছোৱালী সৃষ্টিয়ে তাৰেই জাগেলিনিয়ান বিশ্ববিদ্যালয়ত(Jagiellonion University) ডক্টৰেট কৰি আছিল ৷ সেই বছৰ আছিল তাহৰ শেষ বছৰ ৷ বিশ্ববিদ্যালয়ৰ নিমন্ত্রণমর্মেই আমি যাত্রা কৰিছিলোঁ ক্রেকলৈ ৷
আমাৰ টিকট আছিল ফিন এয়াৰৱেজত দিল্লীৰ পৰা হেলচিংকি(Helsinki) হৈ ক্রেকলৈ ৷ ১৬ তাৰিখৰ পুৱা ২.৩০ বজাত আমাৰ বিমান আছিল হেলচিংকিলৈ ৷ এমাহ আগতেই আমি দিল্লীৰ পুলিচ এম্বেচীত পাৰপত্রৰ(VISA)ৰ কাম সম্পূর্ণ কৰি ৰাখিছিলোঁ ৷ আমাৰ চেনজেন ভিজা(Schengen visa) আছিল ৷ এই ভিজা থাকিলে ব্রিটেইনৰ বাহিৰে ইউৰোপৰ প্রায় সকলোকেইখন দেশ ফুৰিব পাৰি ৷
যথাসময়ত বিমানবন্দৰত যাৱতীয় কাম–কাজৰ লগতে ইমিগ্রেচনৰ ফর্ম ভৰাই সকলো ঠিক–ঠাক কৰি অপেক্ষা কৰিছিলোঁ বিমানলৈ ৷ ঠিক পুৱা ২.৩০ বজাত আমাৰ বিমান উৰা মাৰিলে হেলচিংকি অভিমুখে ৷ ফিনলেণ্ড মোৰ বাবে সপোনপুৰী ৷ যদিও আমি ফিনলেণ্ডত নাথাকোঁ, তথাপি অলপ সময়ৰ বাবে হলেও ফিনলেণ্ডৰ মাটি স্পর্শ কৰিম ৷ দিল্লীৰ পৰা বিমানত সময় লাগে ৭ ঘণ্টা ৩৫ মিনিট ৷ বিমানত বহিয়েই হেডফোন লগাই সন্মুখৰ টিভিটো চলাই ললোঁ ৷ স্ক্রীনত আমি যাবলগীয়া বাটটো স্পষ্টকৈ দেখুৱালে ৷ আমি পাকিস্তান, আফগানিস্তান, মস্কো আদি হৈ যাম ৷ তেতিয়া বাহিৰত ঘোৰ অন্ধকাৰ বাবে বিমানৰ পৰা একো দেখা নাযায় ৷ পাকিস্তান পাৰ হোৱাৰ পিছত লাহে লাহে পোহৰ হল ৷ সেই ৰাতি আমাৰ শোৱা আৰু নহল ৷ সুন্দৰ নয়নাভিৰাম দৃশ্য চাহ আপ্লুত হলোঁ ৷ মাজে মাজে বৰফৰ পাহাৰে চিকমিকাহ আছে ৷ আফগানিস্তানত আমি ওপৰৰ পৰা আগ্ণেয়গিৰিও দেখিলোঁ ৷ কিছুমানৰ কাষত লাভাৰ দম হৈ আছে৷ সৰু–বৰ বহুত আগ্ণেয়গিৰি ৷ মুখবোৰত গোলাকৃতিৰ ফুটা ৷ বিমানৰ টিভিৰ মেপ চাহ গম পালোঁ যে এইটো ৱাকাক(Wakak) আগ্ণেয়গিৰি ৷ ওঠৰটা সৰু–বৰ আগ্ণেয়গিৰিৰ সমষ্টি ৷ কাবুলৰ পৰা বেছি দূৰত নহয় ৷ নিজ চকুৰে জীৱনত প্রথমবাৰ আগ্ণেয়গিৰি দেখি আনন্দত আত্মহাৰা হলোঁ ৷
হেলচিংকিৰ সময় আবেলি ৩ বজাত আমাৰ বিমানে অৱতৰণ কৰিলে ৷ ভাৰতীয় সময়তকৈ তাৰ সময় ৩ ঘণ্টা পিছপৰা ৷ তাত আমি কিছু সময় ৰব লাগিব ৷ তাতো হমিগ্রেচন ফর্ম ভৰাব লাগ, পাৰপত্র আৰু লগতে আন আন নথিপত্রও দেখুৱাব লাগে ৷ নানান প্রশ্ণৰো সন্মুখীন হৈছিলোঁ ৷ সকলো অতিক্রম কৰি আমি আমাৰ বিমানৰ গেটৰ ওচৰত বহিলোঁ ৷ তাৰ পৰাই এফালে বাচ্টিক সাগৰৰ নীলা পানী আৰু আনফালে পাহন গছৰ অৰণ্যৰ শোভা দেখি বিভোৰ হলোঁ ৷ সময় হাতত থকা বাবে ঘূৰি ঘূৰি বহুত দৃশ্য উপভোগ কৰিলোঁ ৷
যথাসময়ত আমি আমাৰ ক্রেক অভিমুখী বিমানত বহিলোঁ ৷ ফিনলেণ্ডৰ ঘৰুৱা বিমান সেয়ে আন্তর্জাতিক বিমানতকৈ সৰু ৷ হেলচিংকিৰ পৰা ক্রেকলৈ সময় লয় মাথোঁ ২ ঘণ্টা ৷ বাহিৰত ৰদ দি আছিল ৷ বিমানত বহাৰ পিছতেহ মোৰ টোপনিয়ে হেঁচা মাৰি ধৰিলে ৷ তেতিয়াহে ঘডীলৈ চাই দেখোঁ যে ভাৰতীয় সময় তেতিয়া ৰাতি ৯.৩০ বাজিছে ৷ ইমান ৰদ দেখি ভাবিবহ পৰা নাছিলোঁ আমাৰ ৰাতি হোৱা বুলি ৷ উত্তৰ মেৰুৰ ওচৰ চাপি যোৱাৰ বাবেই এনে হৈছিল৷ মনত পৰিল সৰুতেহ ভূগোলত পপা কথা নৰৱেত কেতিয়াও সূর্য অস্ত নাযায় ৷ প্রায় দুঘণ্ঢাৰ পিছত আমি গৈ ক্রেক পালোঁগৈ ৷ তাত আমাৰ ছোৱালী আৰু তাইৰ এজন বন্বুূ আমাক নিবলৈ অপেক্ষা কৰি আছিল ৷ দেখি মনটো আনন্দৰে ভৰি গল ৷ তাইৰ ঘৰলৈ গৈ সুন্দৰকৈ ভাত খাই বিছনাত পৰিলো, তেতিয়া পোলেণ্ডৰ সময় ৰাতি ১১ বাজিছে ৷ বাহিৰত কিন্তু ৰদ তেতিয়াও ৷ দুদিনমান ঘৰতে জিৰণি ললোঁ ৷ এনেয়ে খোজকাঢ়ি ইফালে সিফালে ফুৰিলোঁ ৷ ক্রেক পোলেণ্ডৰ দক্ষিণ দিশত অৱস্থিত পৰিষ্কাৰ–পৰিচ্ছন্ন ভৰা এখন সুন্দৰ চহৰ৷ এহ চহৰ ইউৰোপৰ ভিতৰত দ্বিতীয় ধুনীয়া চহৰ ৷ মানুহবোৰ অত্যন্ত নিয়মানুৱর্তীশীল ৷ তেওঁলোকৰ ব্যৱহাৰে আমাক বাৰুকৈয়ে মুগ্ধ কৰিলে ৷ সকলো ক্ষেত্রতে ইমান যে উন্নতি কৰিছে ৷ অথচ আমাৰ দেশতকৈ বহুত পিছত ১৯৮৯ চনত গণতান্ত্রিক দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল ৷
দুদিন পিছতেহ আমি গলোঁ আমাৰ লক্ষ্যস্থান অতি পুৰণি জাগেলিনিয়ান বিশ্ববিদ্যালয়লৈ ৷ কিয়নো তাৰ এদিন পিছতেহ আমাৰ ছোৱালীৰ ডক্টৰেটৰ তার্কিক অনুষ্ঠান অনুষ্ঠিত হব ৷ এই বিশ্ববিদ্যালয় ১২ মে ১৩৬৪ চনত প্রতিষ্ঠা কৰিছিল ৷ মধ্য ইউৰোপৰ দ্বিতীয় বৃহৎ বিশ্ববিদ্যালয় আছিল ৷ সেই সময়ত পোলেণ্ড স্বাধীন দেশ নাছিল, কিছু অংশ ছোভিয়েট ৰাছিয়া আৰু কিছু অংশ জার্মান অধিকৃত আছিল ৷ সেহবাবে ফ্রান্স, স্পেহন, হাংগেৰী, লিথুৱানিয়া আদি দেশৰ পৰাও শিক্ষার্থী আহি শিক্ষা গ্রহণ কৰিছিল ৷ নিকোলাছ কপাৰনিকাচ, পপ জনপল দ্বিতীয় আদি তাৰ পুৰণা ছাত্র আছিল ৷ বিশ্ববিদ্যালয়ৰ চৌহদত প্রৱেশ কৰাৰ লগে লগেই মনটো কিবা অজান আনন্দৰে ভৰি উঠিছিল ৷ মেপল গছৰ মাজে মাজে পুৰণি আভিজাত্যৰে থিয় হৈ আছে বিভিন্ন বিভাগৰ শ্রেণীকোঠাবোৰ ৷ নতুনকৈ সজা ঘৰবোৰো পুৰণি স্থাপত্যকলাৰ আর্হিৰে নির্মাণ কৰিছে ৷ আমি সোমালোঁ তাৰ পাৰিপার্শ্বিক বিজ্ঞান বিভাগৰ(Environmental Science) ঘৰটোত ৷ সোমায়েই দেখিলোঁ সুন্দৰ দলিচা পৰা এটা ডাঙৰ কোঠালি আৰু বেৰবোৰত আছে বহুতো মহৎ ব্যক্তিৰ ফটো ৷ পঢ়ি চাই গম পালোঁ এডলফ হিটলাৰৰ নাজী বাহিনীৰ বর্বৰতাৰ বলি হোৱা সেই বিশ্ববিদ্যালয়ৰ মহান শিক্ষাগুৰুসকলৰ ফটো ৷ ঈহুদী নিধন যজ্ঞৰ আৰম্ভণিতেহ শত্রু পক্ষৰ উদ্দেশ্যই আছিল বুদ্ধিজীৱীসকলক নির্মূল কৰা ৷ দুখ লাগিল দেখি ৷ আগবাঢ়িলোঁ সেই বিভাগৰ মুৰববী অধ্যাপিকা মার্গাৰেটৰ ওচৰলৈ ৷ তেখেতেই হৈছে আমাৰ ছোৱালীৰ গাইড ৷ এগৰাকী অতি ভদ্র আৰু অমায়িক মহিলা ৷ নানান কথা পাতি একোকাপকৈ চাহ খাই ওলাই আহিলোঁ তেখেতৰ কোঠালিৰ পৰা ৷ চৌহদটো অলপ ঘূৰি তাৰ সৌন্দর্য উপভোগ কৰিলোঁ ৷ তাৰ সকলো যাতায়াত ব্যৱস্থা চাম বুলি ভাবি মেড্র ৰেলত ঘৰলৈ আহিম বুলি ঠিক কৰিলোঁ ৷ তাৰ পৰা মাত্র তিনিটা ষ্টেচন হয় ছোৱালীৰ ঘৰলৈ ৷ মবাহলত ৰেলৰ সময় চাহ দেখোঁ যে তিনি মিনিট পিছতেই ৰেল আহি পাবহি ৷ আমি লৰালৰিকৈ আগবাঢ়িলোঁ ৷ নহলে আমি আৰু দহ মিনিট ৰব লাগিব পিছৰ ৰেলৰ বাবে ৷ সময় মানে একেবাৰে সঠিক সময়, এক ছেকেণ্ডো হেৰফেৰ নহয় ৷ প্রায়বোৰ ড্রাইভাৰেই মহিলা ৷ সময়ৰ মূল্যবোধ দেখি বৰ ভাল লাগিল ৷ জনসাধাৰণৰ বাবে তাত যাতায়াতৰ বৰ সুবিধা ৷ যিকোনো ঠাহলৈ যাবলৈ বাছ, ড্রাম, মেড্র ৰেল আদি সঘনাই চলাচল কৰে ৷ পর্যটকৰ কোনো অসুবিধা নহয় ৷ সকলো ষ্টেচনতে পথ নির্দেশনা সুন্দৰভাৱে লিখা থাকে ৷
পিছদিনা পুনৰ বিশ্ববিদ্যালয় পালোঁগৈ পুৱা দহ বজাত৷ মনত ভয় আৰু উৎকণ্ঠা ৷ পাৰিবনে বাৰু সম্পূর্ণ কৰিব তাইৰ ডক্টৰেট ডিগ্রী ৷ নহলে যে আৰু এবছৰ পিছপৰি যাব ৷ তাইক মনত সাহস দিলোঁ ৷ তার্কিক অনুষ্ঠানৰ বাবে বেলেগ বেলেগ দেশৰ তিনিজন পৰিদর্শক আহে আৰু নিজৰ বিশ্ববিদ্যালয়ৰ দুজন থাকে ৷ সকলোৱে উপর্যুপৰি প্রশ্ণবাণ এৰে ৷ সেহটোৱেই ভয় লগা সময় ৷ আমাৰ দেশৰ লগত কিছু বেলেগ ৷ আমি এটা সুসজ্জিত হলঘৰত সোমাই গৈ আসন গ্রহণ কৰিলোঁ ৷ আগতেই আহি বহুতো স্নাতকোত্তৰ ছাত্র–ছাত্রীয়ে আসন গ্রহণ কৰিছে৷ সন্মুখৰ ষ্টেজত এখন ডাঙৰ স্ক্রীন ৷ তাতেই দেখুৱাব লাগিব তাই কৰা চাৰি বছৰৰ কর্মৰাজি ৷ নিস্তব্ধ পৰিৱেশ৷ এটা পিন পৰিলেও যেন শব্দ হব ৷ যথা সময়ত তাইৰ কার্যসূচী আৰম্ভ হল ৷ লগে লগে পৰিদর্শকসকলৰ প্রশ্ণবাণ৷ সুন্দৰভাৱে পাৰ কৰি গল তাহ ৷ অন্তত সকলো পৰিদর্শক ওলাই গল ৷ আধা ঘণ্টা সময় বিচাৰিলে তেওঁলোকে আলোচনা কৰিবলৈ ৷ আমি ভয়ে ভয়ে অপেক্ষা কৰিলোঁ ফলাফললৈ ৷ আধা ঘণ্টাৰ পিছত তেখেতসকল সোমাই আহিল আৰু আমাৰ উৎকণ্ঠাৰ ওৰ পেলাই ঘোষণা কৰিলে তাইক ডক্টৰেট ডিগ্রী প্রদান কৰাৰ কথা আৰু তাই এবছৰ কম সময়ৰ ভিতৰত সম্পূর্ণ কৰাৰ বাবে আৰু এবছৰৰ জলপানি দিয়া হব বুলিও ঘোষণা কৰিলে৷ আমি আনন্দত আত্মহাৰা হলোঁ ৷ আমাক ফুলৰ থোপাৰে সম্বর্ধনা জনালে আৰু আমিও আমাৰ অসমৰ গামোচা আৰু চাহপাত উপহাৰ হিচাপে আগবঢ়ালোঁ ৷ অতি আনন্দৰে ঘৰলৈ ঘূৰি আহিলোঁ ৷
আমি ক্রেকত ডেৰ মাহ থাকিম ৷ সেহ সময়তে ইউৰোপৰ আন কিছুমান দেশো চাহ যাম বুলি কার্যসূচী প্রস্তুত কৰিলোঁ ৷ প্রথমেহ ক্রেকখন ভালদৰে চাই লোৱাৰ কথা ভাবিলোঁ ৷ সেয়ে এদিন ওলাই গলো ৰাহনেক গ্লনি(Rynek glowny)লৈ ৷ ক্রেক চহৰৰ মাজমজিয়াত অৱস্থিত ই হৈছে তাৰ এটা ব্যৱসায়িক প্রতিষ্ঠানৰ প্রাণকেন্দ্র ৷ পর্যটকৰ বাবে আকর্ষণীয় ঠাই ৷ ইয়াতেহ আছে এটা ডাঙৰ হলঘৰ, যাক ক্লথ হল বুলি জনা যায় ৷ পুৰণি গঠিক স্থাপত্যকলাৰে নির্মিত এহ হলত এতিয়া বহুতো ব্যৱসায়িক প্রতিষ্ঠান গগ লৈ উঠিছে ৷ এটা মিউজিয়াম আছে ৷ ১৫ শতিকাত হ আছিল মধ্য হউৰোপৰ ব্যৱসায়িক প্রাণকেন্দ্র৷ জার্মান, ৰাছিয়া, ফ্রান্স আদি নানা দেশৰ ব্যৱসায়ীসকলে ইয়াতেই আহি ব্যৱসায়ৰ আদান–প্রদানৰ লগতে মেল–মিটিং কৰিছিল ৷ এই মার্কেট স্কোৱাৰতেই এটা পুৰণি ৰোমান কেথলিক গির্জা আছে, নাম তাৰ ছেহণ্ট মেৰিজ বেচিলিকা(St.Mary’s Basilica) ১৩ শতিকাত নির্মাণ কৰা এহ গির্জা পোলেণ্ডৰ গঠিক স্থাপত্য কলাৰ সুন্দৰ নিদর্শন৷ দুটা স্তম্ভৰে নির্মিত এহ গির্জা ৮০ মিটাৰ চ্ছঙ্ম ফুট ওখ৷ ইয়াৰ একেবাৰে ওপৰৰ কোঠালিৰ পৰা এক ঘণ্টাৰ অন্তৰে অন্তৰে ড্রাম্পেটৰ সুৰ ভাহি আহে আৰু সকলোৱে শ্রদ্ধাসহকাৰে এই সুৰক সন্মান জনায় ৷ ইয়াৰো এটা দুখজনক কাহিনী আছে ৷ মংগোল(Mongol) আক্রমণৰ সময়ত তাৰ ড্রাম্পেট বাদকজনে দেশক সকীয়নি দিবলৈ গির্জাৰ একেবাৰে ওপৰলৈ উঠি গৈ ড্রাম্পেট বজাই জাননী দিছিল ৷ শত্রুপঞ্জহ তেওঁক তাতেই ডিঙি কাটি হত্যা কৰিছিল ৷ তেওঁৰ সোঁৱৰণত আজিও ড্রাম্পেট বজোৱা হয় তেনেদৰে ৷ এই ঠাইৰ চাৰিওফালৰ পথটোক মার্কেট স্কোৱাৰ পথ বুলি কোৱা হয় ৷ এই পথত শুকুলা ঘোঁৰাই টনা শুভ্র বাগী ৰৈ থাকে ৷ অতি সুন্দৰ দেখি ৷ যেন এখন সাধুকথাৰ পৰীৰ দেশ৷ পর্যটকসকলে ইয়াত উঠি চাৰিওকাষে ঘূৰি আনন্দ কৰে৷ কাষত থকা হোটেল, দোকান আদিত সজাহ থোৱা ফুল আৰু কাঠৰ ধুনীয়া আচবাব–পত্রই আৰু আকর্ষণীয় কৰি তুলিছে ঠাহখন ৷ আমাৰ এনে লাগিল যেন সপোন ৰাজ্যত বিচৰণ কৰি আছোঁ ৷ হেঁপাহ পলুৱাই ফটো তুলি ঘৰলৈ ঘূৰি আহিলোঁ ৷
দুদিন পিছত ওলালোঁ তাৰ বিখ্যাত ৱাৱেল দুর্গ(wawel castle) চাবলৈ ৷ চহৰৰ মাজমজিয়াত অৱস্থিত এই দুর্গ অতি মনোমোহা ৷ ৱাৱেল পাহাৰৰ ওপৰত অৱস্থিত এহ দুর্গৰ কাষেদি বৈ গৈছে সুন্দৰ নদী উইচলা(Wisla)৷ নদীৰ পানীৰ স্বচ্ছতা দেখি নিজ চকুকে বিশ্বাস কৰিব পৰা নাছিলোঁ ৷ ৭০৪০ বর্গমিটাৰ ঠাই আগুৰি থকা এহ দুর্গ ১৩ শতিকাত ৰজা কেচিমিৰে নির্মাণ কৰিছিল ৷ ই সাগৰপৃষ্ঠতকৈ ২২৪ মিটাৰ উচ্চতাত অৱস্থিত৷ ইউনেস্ক্ৱে(UNESCO) ঘোষণা কৰা পৃথিৱীৰ প্রথম হেৰিটেজ চেণ্টাৰ৷ নাজী বাহিনীৰ আহন উপদেষ্টা হেন্চ ফ্রেন্কে ১৯৩৯ চনত ইয়াতেই মুখ্য কার্যালয় পাতিছিল ৷ এই দুর্গৰ ভিতৰত এটা গির্জা আৰু এটা সংগ্রহালয় আছে ৷ গির্জাৰ ভিতৰৰ কাৰুকার্য চালে চকুৰোৱা ৷ পুৰণি চিত্রকৰৰ চিত্রকলা দেখি বাৰুকৈয়ে মুগ্ধ হলোঁ ৷ নদীৰ স্ফটিক স্বচ্ছ পানী, পাৰৰ সেউজীয়া দলিচাসদৃশ ঘাঁহনি আৰু কাষৰ কমলা ৰঙৰ দুর্গ মিলি সেই ঠাইখনৰ কি যে এক সৌন্দর্য, সি বর্ণনাতীত৷ সকলোৱে সেই সৌন্দর্য উপভোগ কৰে৷ অৱসৰ–বিনোদনৰ বাবে অতি উত্তম ঠাই ৷ চহৰৰ মাজমজিয়াত হোৱাৰ বাবে যাতায়াতৰ সুবিধা ৷
গোটেহ ক্রেক চহৰখনেই যেন চিৰসেউজ চহৰ ৷ যিফালে চাওঁ সেইফালেই চকু ৰৈ যায়৷ মে, জুন, জুলাই মাহ তাৰ বগৰীৰ(Berry) বতৰ৷ ষ্ট্রবেৰী, ৰেছবেৰী, ব্লুবেৰী, চেৰী আদি ফলেৰে বজাৰ ভৰি পৰে ৷ বেতৰ ধুনীয়া খৰাহী ভৰাই এহ বেৰীবোৰ ৰাখে বিক্রীৰ বাবে ৷ ইমান যে ধুনীয়া দেখি ৷ বৰ সোৱাদ এই বেৰীবোৰ ৷ তেওঁলোকে ঘৰতে ইয়াৰ পৰা ৱাইন(wine) প্রস্তুত কৰে আৰু উপহাৰ হিচাপে দি আনন্দ লভে ৷ মানুহবোৰ বৰ অতিথিপৰায়ণ ৷ মহিলাসকল কুর্চাৰ কামত বৰ পার্গত৷ খৰাহী, টেমা আনকি লাইটৰ ঢাকনি আদিও গোঁঠে কুর্চাৰে ৷ বজাৰতো এনেকুৱা ধুনীয়া সামগ্রী কিনিবলৈ পোৱা যায় ৷
আন এদিন ওলালো উহলিজকা নিমখৰ খনি(Wieliczka salt mine)লৈ বুলি ৷ এইখন মূল চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগত ৷ যাতায়াতৰ বাবে বাছ, টেক্সি আদি সকলো ধৰণৰ সুবিধা আছে ৷ গাড়ীৰে আমাৰ ২৫ মিনিট সময় লাগিল ৷ গৈ পাই সেউজীয়া কার্পেটসদৃশ ঘাঁহেৰে ঢাকি ৰখা, ৰং–বিৰঙৰ ফুলেৰে আগুৰা ২৪০০ একৰ মাটিৰ চৌহদ দেখি অভিভূত হৈ পৰিলোঁ ৷ আমি এগৰাকী গাইড ললোঁ ৷ তেওঁ আমাক আগবঢ়াই লৈ গল খনিৰ ভিতৰলৈ ৷ সাৱলীল ইংৰাজী ভাষাৰে বুজাই গল সকলো কথা ৷ ১৩ শতিকাৰ পৰা এইখনিয়েই হৈছে সমগ্র পোলেণ্ড নির্ভৰ কৰা একমাত্র নিমখৰ খনি ৷ ৯টা স্তৰীয় এই খনি ৩২৭ মিটাৰ দ ৷ এই ভূগর্ভীয় স্তৰবিলাকলৈ যাবলৈ ব্যৱহাৰ কৰা খটখটিবোৰ কাঠেৰে নির্মিত ৷ নিমখৰ বাবে লোহা ব্যৱহাৰ কৰিব নোৱাৰে ৷ গাইডে আমাক জনালে যে ইটালীৰ আইফেল টাৱাৰ ওপৰলৈ যিমান ওখ তাতকৈ বহুত বেছি ভূগর্ভীয় তৰপ আছে ইয়াত ৷ আমি তললৈ নামি গৈ থাকিলোঁ ৷ এনেকুৱা ভূগর্ভীয় গাঁথনি পৃথিৱীৰ আন কতো নাই ৷ প্রতিটো তৰপ অসমান ৰং–বিৰঙৰ নিমখেৰে কোঠালি সদৃশকৈ সাজিছে ৷ পুৰণি তাত কাম কৰা বনুৱাই নিমখত ইমান সুন্দৰকৈ মূর্তি কাটি ইহুদীসকলৰ জীৱনশৈলী প্রকাশ কৰিছে, দেখিলে এনে লাগে যেন কোনোবা প্রশিক্ষণপ্রাপ্ত শিল্পীয়েহে কাটিছে ৷ কোঠালিবোৰত থকা লাইটৰ পোহৰ ৰঙীন নিমখৰ মূর্তিবোৰত পৰি যি দৃষ্টিনন্দন ৰূপৰ সৃষ্টি কৰিছে, সি বর্ণনাতীত ৷ ইয়াত কাঠেৰে ২৪৫ মিটাৰ দীঘল গেলেৰী সাজি ৰাখিছে ৷ এই খনিৰ ভিতৰতে নিমখেৰে নির্মিত এটা চালে চকুৰোৱা গির্জা আছে৷ তাত থকা যীশু, মাদাৰ মেৰী আদি সকলো মূর্তি নিমখেৰে তৈয়াৰী৷ ইমান নিখুঁত কাম যে আমি তধা লাগি চাই ৰলোঁ ৷ গির্জাৰ বাহিৰত এডোখৰ মুকলি ঠাহ আছে আৰু এটা নিমখীয়া পানীৰ হ্রদ আছে ৷ হয়াৰ পাৰতেহ পর্যটকৰ জিৰণি লোৱাৰ সুন্দৰ ব্যৱস্থাৰ লগতে এটা জৈৱিক নিমখৰ বিক্রীকেন্দ্র আছে ৷ কি যে মনোমোহা এহ ঠাই ৷ সকলোতকৈ তলৰ স্তৰত আছে বিদ্যুৎ যোগান ব্যৱস্থাৰ কোঠালি ৷ নিমখৰ দেৱালেৰে যে ইমান সুন্দৰকৈ কোঠালি সাজিব পাৰে, সেয়া আমাৰ কল্পনাতীত৷ ১৯৭৮ চনত ইয়াক ইউনেস্ক্ৱে হেৰিটেজ চেণ্টাৰ ঘোষণা কৰিছিল ৷ এটা মধুৰ স্মৃতি বুকুত বান্ধি ওলাই আহিলোঁ খনিৰ ভিতৰৰ পৰা ৷
দুদিনমান পিছত ওলাহ গলোঁ কাজিমার্জ জিলা(Kazimerz district)লৈ ৷ এই ঠাহ পুৰণি সম্ভ্রান্ত ইহুদীসকলৰ বাসস্থান আছিল ৷ উইচলা(Wisla) আৰু আল(ul) নদীৰ মাজৰ এখন পুৰণা টাউন ৷ দুফালে শাৰী পাতি থকা ঘৰবোৰৰ মাজৰ পথবোৰ যথেষ্ট ঠেক, কিন্তু মসৃণ ৷ পুৰণা আভিজাত্যৰ চিন এতিয়াও বিৰাজমান৷ এহ পথেৰে খোজ কাঢ়ি বহুত ফুৰিলোঁ ৷ ১৯০০ চনৰ পৰা এই টাউনৰ মাজত এখন আকর্ষণীয় বজাৰ হৈ উঠিছে ৷ হয়াত বহুত সুন্দৰ সুন্দৰ ৰেষ্টুৰেণ্ট আৰু কেফে আছে ৷ বিশেষত্ব এয়ে যে পুৰণি আর্হি সম্পূর্ণ অটুট ৰাখিছে, যেন এখন পুৰণা টাউনৰ মাজত আছোঁ এনে অনুভৱ হয় ৷ ইয়াতেই আছে গেলিচিয়া ইহুদী মিউজিয়াম(Galicia Jewish museum)৷ পুৰণি বুৰঞ্জীৰ ফটোৰে পৰিপূর্ণ এই মিউজিয়াম ৷ তাত থকা এটা পুৰণি গির্জাত সোমালোঁ, তাৰ নামটো হৈছে কর্পাচ কৃষ্টি গির্জা(Corpus Christi church)৷ সম্পূর্ণ বগা ৰঙেৰে এহ গির্জা অতি মনোমোহা ৷ ভিতৰৰ কাৰুকার্য চালে চকুৰোৱা৷ গোটেই ঠাহখিনি মেপল আৰু পাহন গছৰ তলেৰে মসৃণ কলা পাথৰৰ ঠেক পথেৰে খোজকাঢ়ি ফুৰোঁতে এফালে যেনেকৈ আনন্দত আপ্লুত হৈছিলোঁ, তেনেকৈ আনফালে পুৰণি ইহুদীসকলৰ গুলীবিদ্ধ ঘৰবোৰ দেখি মনটোৱে হাহাকাৰ কৰি উঠিছিল ৷ নাজী বাহিনীৰ গৱর্নৰ জেনেৰেল এডলফ হিটলাৰৰ সমর্থকে ইহুদী নিধন কৰিবলৈ আহি এই ঠাইতেহ ধবংসযজ্ঞ আৰম্ভ কৰিছিল ৷ তাৰ ফলতেই ক্ষতি হোৱা সেহ দিনৰ ঘৰবোৰ এতিয়া চৰকাৰী সম্পত্তি কৰি সংৰক্ষণ কৰি ৰাখিছে ৷ এটি বিষণ্ণ মনেৰে ওলাই আহিলোঁ তাৰ পৰা ৷
কেইদিনমান জিৰণি লম বুলি ভাবি ঘৰতে থাকি এদিন আবেলি ওলাই গলোঁ তাৰ এটা বিখ্যাত মনেষ্ট্রী চাবলৈ ৷ ক্রেক চহৰৰ পৰা ১২ কিঃমিঃ নিলগত ভিষ্টুলা নদীৰ পাৰত অৱস্থিত এই মনেষ্ট্রীৰ নাম টাহনেক(Tyniec) মনেষ্ট্রী ৷ টাইনেক চহৰৰ নামেৰেই ইয়াক নামকৰণ কৰা হৈছে ৷ চিলভাৰ মাউণ্ট পাহাৰৰ ওপৰত অৱস্থিত এই মনেষ্ট্রী অতি বিতোপন ৷ ইয়াত এটা গির্জা আৰু মংকসকল থাকিবৰ বাবে আশ্রম আছে ৷ ইয়াত খ্রীষ্টান ধর্মৰ প্রার্থনা হয় যদিও বৌদ্ধধর্মীয় মনেষ্ট্রীৰ দৰে শিষ্য ৰাখি শিক্ষা প্রদান কৰা হয় ৷ কোনোৱে নিজ সন্তানকো এই মনেষ্ট্রীলৈ দান দিয়ে ভগৱানৰ আশিস বিচাৰি ৷ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ এই ঠাই ৷ নদীত মাছ মৰা আৰু নৌকা বিহাৰৰ ব্যৱস্থা আছে ৷ নিৰিবিলি পৰিৱেশ বাৰুকৈয়ে উপভোগ কৰিলোঁ ৷
এদিন ওলালোঁ বুৰঞ্জীয়ে গৰকা অতি দুখজনক ঠাই আওচুহড্জ (Auschwitz) আৰু বিৰকানো(Birkenau)লৈ ৷ মনটো কিবা গধুৰ গধুৰ লাগিছিল ৷ ই হৈছে ইহুদীসকলৰ যাতনা শিবিৰ(Concentration camp)৷ ক্রেক চহৰৰ পৰা ৬৬ কিঃমিঃ দূৰত্বত অৱস্থিত ৷ আমি এটা পর্যটন সেৱাৰ লগত যোগাযোগ কৰি বাছেৰে যোৱাটোকে ঠিক কৰিলোঁ, কিয়নো আমাক এজন গাইড লাগিব বুলি নিষ্চিত হৈছিলোঁ ৷ বাছেৰে ১ ঘণ্টা ৩০ মিনিট গৈ আমি আওচুইড্জ পালোঁগৈ ৷ গাইডগৰাকীয়ে আমাক সকলোকে একোটাকৈ হেডফোন দিলে, কিয়নো তেওঁৰ কথা কেৱল আমিহে যাতে শুনিব পাৰোঁ ৷ আনৰ যাতে অসুবিধা নহয় তাৰ কাৰণেই এহ ব্যৱস্থা ৷ একে সময়তে ইংৰাজী, পলিচ, ফ্রান্স, জার্মান, ৰাছিয়ান আদি ভাষাত বেলেগ বেলেগকৈ পর্যটকসকলক ভাগ কৰি লৈ বেলেগ বেলেগ গাইডে বুজাই যায় ৷ অকণো ব্যাঘাত নহয় কাৰো ৷ প্রায় ১৫০ হেক্টৰ মাটি আগুৰি আছে এই শিবিৰে ৷ সন্মুখত এখন লোহাৰ গেট ৷ গেটৰ ওপৰত জার্মান ভাষাত লিখা আছিল Arbeit macht frei, ইয়াৰ অর্থ হৈছে কর্মহ তোমালোকক মুক্তি দিব(Work will set you free)৷ কিয়নো নাজী বাহিনীয়ে কর্মসংস্থাপন দিব বুলি মিছা প্রলোভনেৰে হাংগেৰী, পোলেণ্ড, ফ্রান্স, গ্রীচ, নেদাৰলেণ্ড আদি দেশৰ পৰা ইহুদীসকলক লৈ আহিছিল ৷ গেট অতিক্রমি শিবিৰৰ ভিতৰলৈ সোমাই গলোঁ ৷ বেৰত ডাঙৰ এখন ফলকত ওলমাই ৰাখিছে কোন দেশৰ পৰা কিমানসংখ্যক ইহুদীক এহ শিবিৰলৈ অনা হৈছিল তাৰেই তালিকা ৷ আগবাঢ়িলোঁ কোঠালিবোৰলৈ ৷ কোঠালিবোৰ অতি সৰু সৰু৷ গঁৰালসদৃশ৷ কিছুমানত চাং বিছনাৰ নিচিনাকৈ কিছুমান কাঠৰ চাং সাজি থৈছে ৷ এনেকুৱা একোখন চাঙত ১০ৰ পৰা ১৫জন মানুহ একেলগে শুব লাগে ৷ পায়খানাৰ নামত কিছুমান গাত ৷ বিষ্ঠা হাতেৰে তুলি পেলাবলৈ বাধ্য কৰোৱা হয় ৷ নাজী বাহিনীৰ বর্বৰতাৰ সীমা নাই ৷ আন এটা কোঠালিত সোমাই গলোঁ ৷ কোঠাটো যথেষ্ট আহল–বহল ৷ তাৰ ভিতৰত কেহবাটাও সৰু সৰু আইনাৰ কোঠা ৷ এহবোৰত ইহুদীসকলে লগত অনা ধুনীয়া ধুনীয়া বাচন–বর্তন, মৃত লোকৰ চচমা, চেণ্ডেল আদি বেলেগে বেলেগে পাহাৰসদৃশ কৰি সংৰক্ষণ কৰি ৰাখিছে ৷ তেওঁলোকক যিহেতু কর্মসংস্থাপন দিব বুলি মিছা প্রলোভনেৰে অনা হৈছিল, সেহবাবে তেওঁলোকে যাৱতীয় বস্তু–বাহানি লৈ আহিছিল ৷ বৰ দুখ লাগিল দেখি ৷ গাইডে আমাক জনালে যে ইউৰোপৰ বেলেগ বেলেগ দেশৰ পৰা গোটাহ অনা ইহুদীসকলক শাৰী পতাই বুুঢ়া, বেমাৰী আৰু সৰু লৰা–ছোৱালীবোৰক প্রথমেহ গুলী কৰি অথবা গেছ চেম্বাৰত নি হত্যা কৰা হৈছিল ৷ বাকীবোৰক কঠোৰ পৰিশ্রম কৰিবলৈ বাধ্য কৰাহছিল ৷ খোৱাৰ নামত দিনটোৰ ভিতৰত মাত্র এটুকুৰা পাউৰুটী দিয়া হৈছিল ৷ অনাহাৰে–নিদ্রাহ যেতিয়া অতি দুর্বল হৈ গৈছিল, তেতিয়াহ গেছ চেম্বাৰত নি হত্যা কৰা হৈছিল ৷
চৌহদত দেখিলোঁ ৩০টা ডাঙৰ পণ্যাগাৰ৷ ১৯৪০ চনত নাজী বাহিনীয়ে এহ যাতনা শিবিৰ সাজোঁতেহ এহ পণ্যাগাৰ সাজি লৈছিল তেওঁলোকৰ অস্ত্র–শস্ত্র ৰাখিবৰ বাবে৷ আগবাঢ়িলোঁ ইয়াৰ দ্বিতীয় অংশ বিৰকানোলৈ ৷ ইয়াতেহ আছিল গেছ চেম্বাৰবিলাক ৷ গা ধোৱা ঘৰৰ আর্হিৰে সজা ওপৰত শ্বাৱাৰ(shower)সদৃশ পাইপ ৷ ইয়াতেহ সুমুৱাই সেহ শ্বাৱাৰেদি এৰি দিয়া হয় হাহড্রজেন চায়নাইড গেছ৷ এই বিৰকানোৰ ভিতৰলৈকে পোনপটীয়াকৈ যাব পৰা ৰেলপথবোৰ এতিয়াও বিৰাজমান ৷ বাহিৰত এটা ৰেলৰ দবা সংৰক্ষণ কৰি ৰাখিছে ৷ দবাটোত এখনেই মাত্র দুৱাৰ ৷ খিৰিকী নোহোৱা দবাটোত কিছুমান সৰু সৰু ফুটা আছে উশাহ–নিশাহৰ বাবে ৷ দেখিলেই অনুমান কৰিব পাৰি কিমান শাস্তি দি তেওঁলোকক অনা হৈছিল ৷ এনেদৰে আনি কিছুমানক পোনে পোনেই গেছ চেম্বাৰলৈ বা তাপঘৰলৈ নি হত্যা কৰা হৈছিল৷ এনেকুৱা তাপঘৰ(Heat chamber) ৪৬টা আছিল৷ একেদিনাহ এই সকলোতে ৪৪০০ মানুহক হত্যা কৰিছিল ৷ এনেদৰে প্রায় ১.৩ মিলিয়ন মানুহক হত্যা কৰা হৈছিল ৷ আমাৰ গাইডগৰাকীয়ে এহ কাহিনীবোৰ বৰ দুখ লগাকৈ বর্ণনা কৰিছিল ৷ বুকুখন গধুৰ কৰি পেলাহছিল ৷ অৱশেষত ১৯৪৫ চনৰ ২৭ জানুৱাৰীত ৰাছিয়ান সেনাই আহি এহ শিবিৰ দখল কৰি মাত্র ৬০০০ ইহুদীক মুক্ত কৰিবলৈ সক্ষম হৈছিল ৷ ২০০৫ চনৰ পৰা এহ ২৭ জানুৱাৰী দিনটো আন্তঃৰাষ্ট্রীয় সংহাৰ সোঁৱৰণ দিৱস(International Holocaust memorial day) হিচাপে মানি আহিছে ৷ বুকুত বহুতো বেদনা লৈ ঘূৰি আহি বাছত বহিলোঁহি ক্রেকলৈ বুলি ৷
তাত থাকোঁতেই আমি এখন গাঁও চোৱাৰ ইচ্ছা প্রকাশ কৰাত আমাৰ ছোৱালীৰ বন্বুূ আমাৰ পুত্রসম মার্চিনে প্রস্তাৱ দিলে যে তেওঁ আমাক তেওঁলোকৰ মাহীয়েকৰ ঘৰলৈ লৈ যাব আৰু মাকৰ ঘৰত এক ৰাতি ৰাখিব, যিহেতু মাক থকা ঘৰ অহা–যোৱাৰ বাটতে পৰে ৷ আমিও প্রস্তাৱটো বেয়া নাপাই এদিন যাবলৈ সাজু হলোঁ ৷ তেওঁৰ মাহীয়েক থকা গাঁও গর্লিছ(Gorlice) ক্রেক চহৰৰ পৰা ১২০ কিঃমিঃ দূৰত্বত অৱস্থিত ৷ আমি ৰাষ্ট্রীয় ঘাহপথেৰে গৈ আছোঁ ৷ ঘাইপথবোৰ যথেষ্ট বহল আৰু মসৃণ ৷ দুয়ো কাষে চাইকেলৰ বাবে ড্রেক থাকে৷ গৈ থাকোঁতে কিছুমান ঠাইত দেখিলোঁ পথৰ কাষত ওখকৈ শব্দ প্রতিৰোধক আইনাৰ বেৰ ৷ তাৰ কাৰণ সোধাত মার্চিনে কলে যে যি ঠাইত ৰাষ্ট্রীয় ঘাইপথৰ কাষত জনবসতি থাকে, সেই ঠাইত এনেদৰে বেৰ দিয়া হয়, যাতে শব্দ প্রদূষণে মানুহৰ অনিষ্ট নকৰে ৷ শুনি আচৰিত হলোঁ এহবোৰ ঠাইত গাড়ীৰ হর্ন বজোৱাই নিষেধ, তেনেস্থলত কিহৰ অনিষ্ট এইক্ষেত্রত কত আমাৰ দেশ গা়ড়ী আগবাঢ়ি গৈ আছে আমাৰো মন পুলকিত হৈ গৈছে ৷ চাৰিওফালে সেউজীয়া ওপৰত প্রদূষণমুক্ত নীলা আকাশ, কি যে অপৰূপ সৌন্দর্য ৷ কিছুদূৰ গৈ পালোঁগৈ মার্চিনহঁতৰ গাঁও চ্ছেলৱা(Szalowa)৷ ঘৰ পোৱাৰ লগে লগে মার্চিনৰ মাক শ্রীমতী টেৰেছা ওলাই আহি আমাক সাবটি ধৰিলে ৷ সেই ঘৰত তেখেত অকলে থাকে ৷ এহখিনিতে টেৰেছাৰ বিষয়ে অলপমান উল্লেখ কৰিবলৈ হেঁপাহ কৰিলোঁ, হয়তো আমাৰ কাৰোবাৰ প্রেৰণা হব পাৰে ৷ তেখেত হৈছে ৭৮ বছৰীয়া এগৰাকী বৃদ্ধা ৷ আঠ বছৰৰ আগতে স্তন কেঞ্চাৰৰ পৰা আৰোগ্য লাভ কৰিছে ৷ নিজৰ বজাৰ কৰাৰ পৰা গৃহসজ্জালৈকে নিজেহ কৰে সকলো ৷ ঘৰ দেখি আচৰিত হলোঁ ৷ আমাৰ বাবে চুপ, চালাড, পেৰগী মমৰ দৰে আৰু এবিধ পুডিং তৈয়াৰ কৰি ৰাখিছে ৷ প্রত্যেক কোঠাত থকা ফুলে আমাক বাৰুকৈয়ে আকর্ষিত কৰিলে ৷ আমাক শুবলৈ দিয়া কোঠালিটোত হিচাপ কৰি চালো সৰু–বৰ ২৫টা ধুনীয়া অর্কিড আৰু পাতবাহাৰৰ টাব অতি সুন্দৰকৈ সজাহ ৰাখিছে ৷ ৰান্ধনি কোঠাৰ কাষৰ আন এটা কোঠাত দেখিলোঁ ৰেক ভৰাহ সজাহ ৰাখিছে নিজ হাতে প্রস্তুত কৰা বিভিন্ন ফলমূলৰ ৰস, জাম, জেলী, চৰবত, ৱাহন আদি ৷ আমাক উপহাৰো দিলে তাৰ পৰাই ৷ এই বয়সতো খোজ কাঢ়ি গৈ আমাক গাঁৱৰ পার্ক আৰু ভিতৰুৱা অংশ দেখুৱালে ৷ তেখেতৰ শক্তি, কর্মস্পৃহা আৰু অতিথিপৰায়ণতা দেখি আচৰিত হলোঁ ৷ তাতে ৰাতিটো কটাই পিছদিনা পুৱাই ৰাওনা হলোঁ গর্লিছ অভিমুখে ৷
একেই সুন্দৰ বাটপথ আৰু প্রাকৃতিক সৌন্দর্য৷ যেন ভগৱানে হিয়া উজাৰি দিছে সকলো সৌন্দর্য ৷ গৈ পালোঁগৈ মার্চিনৰ মাহীয়েক এভাৰ ঘৰ ৷ দুটা লৰা–ছোৱালীৰে এখন সুখৰ সংসাৰৱ ৷ মহাক পেছাত কাঠৰ ব্যৱসায়ী৷ প্রথম দর্শনতেহ গম পালোঁ কিমান খোলা মনৰ আৰু অতিথিপৰায়ণ ৷ কাঠৰ জেওৰা–জপনাৰে আগুৰা সেউজীয়া ঘাঁহনি, গছ আৰু ফুলেৰে ভৰা চৌহদ দেখিয়েই ভাল লাগি গল ৷ সন্মুখৰ ঘাঁহনিৰ কাষে কাষে আপেল আৰু চেৰীৰ গছ৷ মাজত কাঠৰ বেঞ্চ, টেবুল, চকী আৰু বার্বিকিউৰ ষ্টেণ্ডেৰে সৈতে এডোখৰ মনোমোহা ঠাই ৷ আমি মুকলিতে বহিলোঁ আৰু তাতেই আমাক তেওঁলোকৰ স্থানীয় খাদ্যৰে আপ্যায়িত কৰিলে ৷ ভাৰতৰ বিষয়ে তেওঁলোকে বহুত পপা–শুনা কৰিছে ৷ নানান প্রশ্ণ সুধিলে ৷ আনকি এভাহ ভিতৰৰ পৰা এখন পুৰণি বজাৰৰ পৰা কিনি ৰখা শাৰী আনি মোৰ হাতত তুলি দি পিন্ধাহ দিবলৈ কলে ৷ তেওঁ পিন্ধি থকা জীনছ পেণ্টৰ ওপৰতে পিন্ধাই দিলোঁ ৷ ইমান যে মৰম লাগিছিল দেখিবলৈ ৷ আমাৰ লগত বহুত দেৰি তেনেকৈয়ে থাকিল ৷ জখলা বগাই দুয়ো গছৰ পৰা চেৰীও ছিঙিলোঁ ৷ গছৰ পৰা ছিঙি খোৱা চেৰীৰ সোৱাদ আজিও জিভাত লাগি আছে ৷ হমান সুন্দৰ পৰিৱেশ আৰু সুন্দৰ মনৰ মানুহ পাই নিজকে ধন্য মানিলোঁ ৷ এৰি অহাৰ সময়ত বেয়া লাগিছিল যেন নিজৰ কোনোবা অতি আপোন মানুহকহে এৰি আহিম এনে লাগিছিল ৷ তাৰ পৰাই আমি যাম তাৰ চুবুৰীয়া দেশ শ্লভেকিয়ালৈ ৷
ফোনঃ ৯৪৩৫৪-০৮৬৬৪