নামচাই হল অসম–ৰুণাচলৰ সীমান্তৱর্তী এখন জিলা ৷ বাণিজ্যিক চহৰ তিনিচুকীয়া সদৰৰ পৰা ৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত নামচাই ৷ অসমৰ তিনিচুকীয়া জিলাৰ কাষৰীয়া অৰুণাচল প্রদেশৰ জিলাখনেই নামচাই জিলা ৷ সাধাৰণতে তিনিচুকীয়া জিলাৰ ডিৰাকগেট পাৰ হলেই নামচাই পায়গৈ বুলি সর্বজনে জানে যদিও অসম–ৰুণাচলৰ সীমান্তৰ গেট নামচাই গেট বুলিহে স্বীকৃতিপ্রাপ্ত ৷ জিলাখনৰ মুখ্য কার্যালয়টোক নামছাই নামেৰেও কোৱা হয়, যাৰ খামটিত অর্থ হৈছে Water & Sand (NAM– Water, SAI– Sand ) ৷ অসমৰ পৰা অৰুণাচল গেটত প্রৱেশ কৰাৰ প্রাক্মুহূর্তত নামচাই গেটত প্রতিগৰাকী ব্যক্তিৰ পৰিচয়–পত্রৰ সৈতে ৫০ টকাকৈ আৰু সৰু বাহনৰ পৰা ১০০ টকাকৈ এণ্ড্রী বনাওঁতে প্রদান কৰিব লগা হয় ৷ নামচাহ জিলাৰ সদৰ হল নামচাহ৷ পূর্বে নামচাহ লোহিত জিলাৰ অন্তর্ভুক্ত আৰু নামচাই এক মহকুমা হিচাপে আছিল ৷ ২০১৩ চনৰ ২১ মার্চত নবাম টুকীৰ চৰকাৰে নামচাইক জিলা হিচাপে ঘোষণা কৰাৰ প্রস্তাৱক সন্মতি জনোৱাৰ পিছত ২০১৪ চনৰ ১৫ আগষ্টত লোহিত জিলাৰ মহকুমা নামচাইক জিলা হিচাপে ঘোষণা কৰে আৰু ২৫ নৱেম্বৰত লোহিত জিলাৰ পৰা খোদিত কৰি ৰাজ্যখনৰ ১৮নং জিলা হিচাপে নামচাহ জিলা হিচাপে গঠিত কৰে ৷
নামচাইৰ লোকসভা কেন্দ্র পূব অৰুণাচল আৰু তিনিটা বিধানসভা সমষ্টিৰে জিলাখন পৰিৱেষ্টিত ক্রমে চৈখাম, নামচাই আৰু লেকাং ৷ নামচাই জিলাত ১৭৮খন গাঁও আৰু ১০২খন গাঁও পঞ্চায়ত আছে ৷ নামচাইৰ মাটিকালি ১৫৮৭ বর্গকিলোমিটাৰ, জনসংখ্যা ৯৫৯৫০, জনঘনত্ব ৬০ বর্গকিলোমিটাৰ বর্গমিটাৰ, প্রতি ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮৪.৪৯গৰাকী, সাক্ষৰতাৰ হাৰ ৫৪.২৪ শতাংশ, গড় বার্ষিক বৃষ্টিপাত ৩৫০০-৪০০০ মিঃমিঃ ৷
নামচাহত খামটি আৰু চিংফৌ জনজাতিৰ লোকৰ প্রভুত্ব বেছি যদিও কেহবাটাও জাতি–জনগোষ্ঠীৰ লোকে সমিলমিলেৰে বাস কৰে ৷
নামচাইৰ টেঙাপানীত অৱস্থিত সোণালী মন্দিৰ গল্ডেন পেগোডা পর্যটনৰ এক অন্যতম আকর্ষণীয় কেন্দ্রবিন্দু৷ স্থানীয় টাই–খামটি ভাষাত কংমু খাম(Kongmu kham) নামেৰে পৰিচিত ৷ সেই সময়ৰ অৰুণাচল চৰকাৰৰ বিধায়ক চৌনা মিনে তিনি কোটি টকা প্রদান কৰিছিল মন্দিৰটো নির্মাণ কৰিবলৈ আৰু সম্পূর্ণ কৰি ২০১০ চনত মুকলি কৰিছিল ৷ এই সোণালী মন্দিৰটো উত্তৰ–পূব ভাৰতৰ ভিতৰত বৃহত্তম বৌদ্ধ বিহাৰসমূহৰ ভিতৰত অন্যতম ৷ মন্দিৰটো ওপৰৰ অংশখিনি সোণেৰে নির্মাণ কৰা ৷ মন্দিৰটোৰ আকর্ষণীয় দৃশ্যৰ সমান্তৰালভাৱে চৌহদটোৰ যি পৰিৱেশ সৃষ্টি কৰিছে, তাকে লৈ সকলোৰে মন মুহিবলৈ সক্ষম হৈছে ৷ উক্ত মন্দিৰটোৰ চৌহদত জুবিন গার্গৰ জনপ্রিয় ছবি মিছন চাইনাৰ লগতে বহু ছবিৰ দৃশ্যবন্দী কৰিছে ৷ ইফালে, চহৰখনৰ মিনিষ্টাৰ মার্কেটৰ কাষতে ডাঙৰীয়া থানলৈও যথেষ্ট লোকৰ আগমন ঘটা পৰিলক্ষিত হয় ৷ গল্ডেন পেগোডাৰ সমান্তৰালভাৱে নামচাহত বনভোজৰ সময়ত অসমৰ পৰা বহু বনভোজৰ দল গৈ নামচাহৰ বিভিন্ন স্থানত প্রাকৃতিক পৰিৱেশৰ মাজত এসাঁজ খাই আনন্দ উপভোগ কৰে আৰু বিশেষকৈ গ্রীষ্মকালত পাহাৰীয়া ঠাণ্ডা পানীত সাঁতুৰি আনন্দ লবলৈ দৈনিক নামচাইলৈ আগমন ঘটে বহু লোকৰ ৷ নামচাহত7km, শ্ব্যামখেৰ, টুংটাঙৰ দৰে কেইবাখনো প্রাকৃতিক পৰিৱেশেৰে ভৰপূৰ ৰিজর্ট আছে ৷ কিছু কিছু ৰিজর্টত খোৱা, খেলা–ধূলা, সাঁতোৰাৰ লগতে থকাৰ সুন্দৰ ব্যৱস্থা আছে ৷ ইফালে, নামচাই চহৰ পথৰ মিনিষ্টাৰ মার্কেটৰ কাষত এখন পার্ক আছে, যত শিশুসকলে খেলা–ধূলাৰ কাৰণে বিভিন্ন সা–সামগ্রী উপলব্ধ ৷
বিবেক বড়া
ফোনঃ ৮৬৩৮০-৬৭৫৮৯ দর্শকহীন গুৱাহাটী ডায়েৰীজ–উপসর্গ
দর্শনা বৰুৱা
১৫ জুলাইত সমগ্র অসমৰ চিনেমাগৃহত মুক্তি লাভ কৰিলে প্রহৰ প্রডাকচনৰ বেনাৰত নির্মিত নতুন অসমীয়া চিনেমা গুৱাহাটী ডায়েৰীজ ৷ চিনেমাখন পৰিচালনা কৰিছে প্রশান্ত শহকীয়াই আৰু প্রযোজনা কৰিছে ডাঃ প্রণীতা শহকীয়াই ৷ সহযোগ কৰিছে ৰাজ কলিতা আৰু কৃষ্টি দাসে ৷ চিনেমাখনত দুটি মুখ্য চৰিত্রত অভিনয় কৰিছে অসমৰ জনপ্রিয় অভিনেত্রী বৰষা ৰাণী বিষয়া আৰু বলীউডৰ কেইবাখনো চিনেমাত কৰা অভিনয়ৰ দ্বাৰা পৰিচিত অভিনেত্রী উর্মিলা মহন্তই ৷ লগতে উদয়ন দুৱৰা, অর্ঘ্যদীপ বৰুৱা, ৰঞ্জীৱ লাল বৰুৱা, নাজ চুলতানা, হেমন্ত দেৱনাথ, কমল লোচন, মিণ্টূ বৰুৱাকে ধৰি কেইবাজনো শিল্পীয়ে অভিনয় কৰিছে ৷
সদাব্যস্ত গুৱাহাটীৰ কেইজনমান মহানগৰবাসীৰ জীৱনৰ বিভিন্ন ঘটনা–পৰিঘটনাৰ ওপৰত চিনেমাখনৰ কাহিনী ৰচনা কৰা হৈছে ৷ চিনেমাখনত বৰষা ৰাণী বিষয়া আৰু উর্মিলা মহন্তৰ সুন্দৰ অভিনয় প্রত্যক্ষ কৰিলোঁ ৷ লগতে আমি ভাল পালোঁ হেমন্ত দেৱনাথৰ দুর্দান্ত অভিনয় ৷ ইতিমধ্যেই তেওঁলোকে অভিনয়ৰ জৰিয়তে কিছু সুকীয়া সোৱাদ দিবলৈ সক্ষম হৈছে ৷
চিনেমাখনৰ কাহিনী প্রশান্ত শহকীয়াৰ৷ সহঃ পৰিচালক বিতোপন বৰা আৰু নন্দিনী দাস ৷ চিত্রনাট্য লিখিছে প্রশান্ত শইকীয়া, নীল বর্মন আৰু অভিজিৎ ৰয়ে ৷ চিনেমাখনৰ দৃশ্যগ্রহণ পাপু ডেকাৰ আৰু সম্পাদনা কৰিছে অভিজিৎ ৰয়ে ৷ আৱহ সংগীত অৰূপজ্যোতি বৰুৱাৰ ৷ সংগীত পৰিচালনা পৰাণ বৰকটকী, অম্বৰীশ শহকীয়া, অমিতাভ বৰুৱাৰ ৷ গীত গাইছে নাজ চুলতানা, হীৰেন্দ্র সিন্হা, কেইছী, ডাঃ প্রণীতা শইকীয়া, চাৰু শইকীয়াই ৷
চিনেমাখনৰ বিষয়বস্তু ভাল যদিও উপস্থাপনত কিছু দুর্বলতা আমাৰ চকুত পৰিল ৷ চিনেমাহলত চাৰি সপ্তাহ ধৰি চলা চিনেমাখন একাংশ দর্শকে উপভোগ কৰিছিল যদিও চিনেমাখনক আৰু সুন্দৰভাৱে দর্শকৰ বাবে আগববাই দিয়াৰ সুযোগ আছিল পৰিচালকৰ হাতত৷ ছবিখনৰ সংগীত সময়সাপেক্ষ৷ শুনি বেয়া নালাগিল ৷
******
নতুন অসমীয়া চলচিচত্র উপসর্গ
২৯ জুলাইত অসমৰ ছবিগৃহত মুক্তিলাভ কৰা কার্নেল ফিল্ম প্রডাকচনৰ বেনাৰত নির্মিত উপসর্গৰ পৰিচালনা কংকণ ডেকাৰ ৷ ছবিখনৰ কাহিনী, চিত্রনাট্য, সংলাপ আৰু প্রযোজনাও কংকণ ডেকাৰ ৷
টকা কাক নালাগে এই টেগলাইন ব্যৱহাৰ কৰা উপসর্গৰ কাহিনীভাগত দেখা যায় খেতি–খোলাৰ লগতে ওজাপালিৰ চর্চা কৰি কিছু অর্থ উপার্জন কৰি দুবেলা দুমুঠি খাই থকা কিংকৰ আৰু বেণ্ডপার্টীৰ বাদ্যযন্ত্রী অনিল নামৰ দুই বন্ধুৰ ধনী হোৱাৰ বাবে কৰা কিছু কামৰ কথা ৷ কিংকৰ পৰিশ্রমী ৷ ককায়েক–বৌৱেকৰ কথা মতেহ ঘৰৰ পৰা দূৰৈত থাকি খেতি কৰি দিন কটাইছে ৷ অনিলৰ লগত তাৰ বন্ধুত্ব একেই থাকে ৷ ধন সকলোকে লাগে ৷ কিংকৰো ইয়াৰ ব্যতিক্রম নহয় ৷
কিন্তু অনিলৰ সংসাৰখন চলাইছে পত্নীয়েহে ৷ টকা ঘটিবলৈ সময়ে সময়ে নানান জীৱিকাৰ আশ্রয় লোৱা অনিলৰ নিজৰ উপার্জনৰ টকা মাদকদ্রব্য আৰু নিজৰ চখ পূৰোৱাতেই শেষ ৷ কন্যা সন্তানটিৰ প্রতি মৰম থাকিলেও অনিল যেন এগৰাকী দায়িত্বশীল পিতৃ নহয় এনে লাগে ৷ অনিলহতঁৰ দৰে লোকসকলক কম দিনতে লাগে বহুত টকা ৷ গতিকে গাঁৱত অজলা শ্রমিকৰ ৰূপত বোবাৰ ভাও ধৰি থকা অপৰাধী ৰাজেনে অনিল আৰু কিংকৰক টকা ঘটাৰ কাৰণে দিলে এক সাংঘাতিক উপায় ৷ কিংকৰৰ অনুৰোধত ৰেণুৱেও সিহঁতক সহযোগিতা আগবঢ়ালে ৷ অসমীয়া শালত বোৱা কাপোৰ বুলি দক্ষিণ ভাৰতৰ কাপোৰৰ ব্যৱসায় কৰি গাঁৱৰ লোকৰ বিশ্বাস হেৰুৱাই ৰেণুৱেও আন কাম বিচাৰি আছিল ৷ একক মাতৃত্বৰ দায়িত্ব থকা ৰেণুৰ পৰিস্থিতিত মাকৰ বুজনিখিনিও যেন প্রতিগৰাকী মাকৰ মুখৰ সংলাপ
কিংকৰ অনিল ৰেণুহঁতে কি পালে কি হেৰুৱালে সেয়া পৰিচালকে দর্শকৰ বাবে চিন্তা কৰিবলৈ এৰিছে ৷ চিনেমাখনৰ শেষ অংশত পৰিচালকে আৰু দুটামান দৃশ্য ললে বেয়া নাছিল ৷ অৱশ্যে এয়া পৰিচালকৰ চিনেমেটিক ট্ৰিটমেণ্ট বুলিও কব পাৰি ৷
ছবিখনত কিছুমান শ্বট বেছি দীঘলীয়া হৈছে ৷ গাঁৱৰ পৰিৱেশৰ নিভাঁজ দৃশ্যসমূহ ভাল লাগিল ৷
বাস্তৱ জীৱনৰ কিছু ঘটনা–পৰিঘটনাৰ মাজেৰে সহজ উপায়েৰে ধন ঘটিবলৈ গৈ সৃষ্ট অপ্রত্যাশিত এক পৰিস্থিতিৰ ৷ এক কাহিনীৰে নির্মিত ছবিখনৰ মূল চৰিত্রত অভিনয় কৰিছে ক্রমে কিংকৰ নাথ, অনিল নাথ, ৰাজশ্রী শর্মা, চন্দন কাশ্যপ, নীলিমা ডেকা, ৰাহুল ডেকা, জগদীশ ডেকা আদি ৷ মূলতঃ মঙলদৈ আৰু গুৱাহাটীত দৃশ্যগ্রহণ কৰা ছবিখনৰ দৃশ্যগ্রহণ কৰিছে চিদা বৰাই ৷ সংগীত পৰিচালনা সৌৰভ মহন্তৰ ৷ ছবিখনৰ একমাত্র গীতটি অৰূপ বৰুৱাৰ ৷ ধীৰাজ মজুমদাৰে সম্পাদনা কৰা উপসর্গৰ ডি আই কালাৰিষ্ট শ্যামল দাস ৷ বিশেষ সহায় অভিষেক বৰঠাকুৰৰ ৷
চিনেমাখনৰ প্রচাৰৰ দায়িত্বত আছিল অভিজিৎ লস্ক্ৰ৷ ছবিখনৰ চৰিত্রসমূহৰ মুখত দিয়া সংলাপ চৰিত্রৰ ভাষিক অভ্যাস আৰু স্থান অনুযায়ী দিয়া হৈছে ৷
অসমৰ ভিন্ন অঞ্চলৰ কথিত উপভাষাৰ প্রয়োগ আমাৰ ভালেই লাগিল ৷ আৰম্ভণিতে সহজ–সৰল চৰিত্রৰ কার্যকলাপৰে দর্শকসকলক কিছু মনোৰঞ্জন দি হঠাতে দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰা চৰিত্রৰ মনোজগতৰ বৈচিত্র্য প্রকৃততেই চিন্তনীয় ৷ পৰিচালকে এই কথা গ্রহণযোগ্যভাৱেই উপস্থাপন কৰিছে ৷ এচাম ৰুচিৱান দর্শকে আদৰি লোৱাৰ বাহিৰে কিছুমান চিনেমা হলত দর্শকৰ অভাৱত উপসর্গৰ নির্ধাৰিত দর্শনী বাতিল কৰিবলৈ চিনেমা হলৰ কর্তৃপক্ষ বাধ্য হৈছিল ৷ এনে খবৰো আমাৰ হাতত পৰিছিল ৷
ছবি এখন দর্শকৰ ওচৰলৈ সুপৰিকল্পিতভাৱে নিব পৰাটোত বিশেষভাৱে ধ্যান দিয়াটো ছবিৰ হউনিটৰ সকলোৱ ধ্যান দিয়াটো দৰকাৰ ৷ প্রচাৰ সময়োপযোগী হোৱা উচিত ৷
নিজৰ অর্থ আৰু সময় খৰচ কৰি কেৱল অসমীয়া চিনেমা বুলিয়েই চাবই লাগিব বুলি ছবিগৃহলৈ দর্শক এতিয়া নাহে ৷ সাংসৃক্তিক মনোৰঞ্জনৰ দেধাৰ আহিলা আজিকালি ঘৰতে উপলব্ধ ৷ গতিকে হকে–বিহকে দর্শকক অসমীয়া চিনেমা নাচায় বুলি গোৱালগালি পৰাও অনুচিত ৷
চিনেমা উদ্যোগৰ লগত জড়িত লোকসকলৰ বাহিৰে সাধাৰণ একোজন দর্শকে চিনেমা এখন চোৱাৰ বাবদ অর্থ উপার্জন নকৰে ৷ সেই দর্শকক চিনেমাখনে মনোৰঞ্জন দিব নোৱাৰিলে আজিৰ এই সময়ত দর্শক ছবিগৃহলৈ নাযায় ৷ আমি অনুৰোধহে কৰিব পাৰোঁ ৷ কাকো জোৰ কৰি চিনেমা চাবলৈয়ে হওক বা আন কোনো প্রডাক্টেহ হওক কিনিবলৈ জোৰ–জবৰদস্তি কৰিব নোৱাৰোঁ ৷ যিকোনো উদ্যোগত প্রডাক্ট প্রেজেণ্ঢেছন অতিশয় দৰকাৰী ৷
অযথা কিছুমান কামত অর্থ ব্যয় কৰাতকৈ ছবি এখনৰ প্রচাৰৰ বাবে বাজেট থকাটো দৰকাৰ ৷
নিজেই দেখিছোঁ শুনিছোঁ যথাযথ প্রচাৰত গুৰুত্ব নিদি অনাহকত অর্থ ব্যয় কৰি কেহবাখনো অসমীয়া চিনেমাই বক্স অফিচত মুখ থেকেচা খাইছে ৷
নতুন ফর্মূলা কিছুমান প্রয়োগ কৰাৰ লগতে নিজৰ ভুলবোৰো সংশোধন কৰি আমি ছবি উদ্যোগটোৰ অৱস্থা উন্নত কৰিব পাৰোঁ ৷
ফোনঃ ৭০৮৬৫-২১৩০৭ ঘৰুৱাভাৱে মসৃণ কৰক ছাল
বর্ণালী ভট্টাচার্য
ছাল ভালকৈ ৰাখিবলৈ হলে আমি কিছু সময় নিজৰ কাৰণে ৰখাটো অতি দৰকাৰী ৷ ছালত শালমইনা, এলার্জি আদি নানা সমস্যাৰ পৰা হাত সাৰিবলৈ ছাল অনুযায়ী ছালৰ যত্ন লব লাগে ৷ আমাৰ নিজৰ ছালখননো কি তাক জানিবলৈ ঘৰতে নিজে চাব পাৰি ৷
পুৱা শুই উঠি এখন টিচু লৈ নাকৰ কাষত থুঁতৰিত অলপ হেঁচি লাহেকৈ মচি দি যদি টিচুখনত তৈল ভাৱৰ দৰে লাগি আহে জানিব যে আপোনাৰ ছালখন তেলেতীয়া ৷
আকৌ যদি নাকৰ কাষত তেল ভাৱ বাকীবোৰত শুকান ভাৱ তেতিয়া জানিব আপোনাৰ ছালখন মিশ্রিত ৷
আকৌ যদি টিচুখনত একোৱে লাগি নাহে তেনেহলে আপোনাৰ ছালখন শুকান ছাল হয়৷
নিজৰ ছালখনৰ বিষয়ে সদায় জানি লোৱা উচিত ৷ কিয়নো ছাল অনুযায়ীহে মুখত পেক বা ফেচিয়েল আদি কৰিলে সুফল পাব পাৰি ৷
শুকান ছালত সাধাৰণতে প্রাকৃতিক তেলৰ পৰিমাণটো কম পৰিমাণে থাকে ৷ এনে ছালত সেইবাবে যত্ন বেছিকৈ লব লাগে ৷
শুকান ছালত বলিৰেখা সোনকালে পৰা দেখা যায় ৷ শুকান ছাল চাফা কৰিবলৈ কেঁচা গাখীৰ বা বেচন ব্যৱহাৰ কৰিব পাৰে ৷ নাইবা বেবী ছপ দি মুখ ধুব পাৰে ৷ মুখ ধোৱাৰ পিছত skin tonnig ,freshner আদি মুখত লগাব লাগে৷
সদায় মুখ ধোৱাৰ পিছত মুখত সদায় নিজৰ ছাল অনুসৰি মইশ্বৰাইজাৰ লগাব ৷ শুকান ছালত বন্ধাকবি কোমল পাত মিহিকৈ পিহি তাত এক চামুচ মৌৰ ৰস মিহলাই মুখত সপ্তাহত এবাৰকৈ লগালে শুকান ভাৱ বহু পৰিমাণে কম হয় ৷ ১৫ মিনিট ৰাখি ঠাণ্ডাপানীৰে মুখ ধুই দিব ৷
ৰাতি শোৱাৰ আগত ভাল কোম্পানীৰ টনাৰ ব্যৱহাৰ কৰিব সদায় ৷
ঘৰতে বনাব পৰা কেহটামান cleangerঃ
- তেলেতীয়া ছালত অলপ সময় বেচন চাফা পানীত গুলি ১০ মিনিট সানি ৰাখি থব মুখৰ তেলেতীয়া ভাৱ নাইকিয়া হব ৷
- ৫টামান আলমন বাদাম তিয়াই মিহিকৈ পিহি তাৰ লগত মৌ এক চামুচ মিলাই মুখ ডিঙিত লগাই ভালদৰে চাফা কৰিব ৷ শুকান ছালৰ বাবে হ বহুত ভাল ৷
- অলপ চেনি সতেজ গোলাপৰ পাহি লগত এক চামুচ চেনি ভালদৰে মিহলাহ লৈ মুখত লাহে লাহে সানিব ৷ মুখৰ উজ্জ্বলতা অটুট থাকিব ৷
- দৈৰ লগত বিলাহীৰ ৰস মিহলাই মিহলাই মুখত ১০ মিনিট ৰাখি মুখ ধুব ৷ মুখৰ উজ্জ্বলতা বাঢ়িব ৷
- কমলাৰ শুকান বাকলিৰ লগত গাখীৰ বেচন মিলাই ১০ মিনিট সানি ধুই দিব ৷ সপ্তাহত পাৰিলে এইখিনি দুবাৰকৈ কৰিব ৷
মুখৰ বলিৰেখা নপৰিবৰ কাৰণে নিজেই বনাই লগাব পৰা কেহটামান পেকঃ
- বাদাম তেল দুই চামুচৰ লগত ভিটামিন অহল দুই চামুচ, তিনি টোপাল কেমমাহল অহল এই আটাহখিনি একেলগে মিলাই এটা আইনাৰ বটলত ভৰাই এই মিশ্রণটো মুখৰ বলিৰেখা নপৰাকৈ ৰখাত সহায় কৰে ৷
- সপ্তাহত দুবাৰমানকৈ পকা অমিতাৰে লাহে লাহে মুখখন মালিচ কৰিব ৷
- হাত–ডিঙি পিঠিত গৰমৰ দিনত ৰদে পুৰি দেখাত বৰ বেয়া কৰি দিয়ে ৷ এই দাগসমূহ আঁতৰাবলৈ কেঁচা গাখীৰ কেঁচা হালধিৰ ৰস টেঙা ঘৰত পতা দৈ এই আটাইবোৰ ভালকৈ মিলাই পেক বনাই সদায় পাৰিলে হাত–ভৰি পিঠি আদি লগাব ৷
- যিসকলৰ মুখ বৰ বেছি তেলেতীয়া হৈ পৰে তেওঁলোকে দিনটো যিমান পাৰে ঠাণ্ডা পানীৰে মুখখন ধুই থাকিব ৷
- ৰাতি শোৱাৰ আগতে sebum controll face wash বা নেমুপানীৰে মুখ ধুই শুব ৷
- বেছি শুকান ছালৰ লোকে দিনটোত বহু বেছি পৰিমাণে পানী সতেজ ফলমূল, শাক–পাচলি চালাদ খাব৷
- Deep moistuizer ৰাতি শোৱাৰ আগত মুখত ভালদৰে সানি শুব ৷ মুখৰ শুকান ভাৱ আঁতৰি যাব ৷
ফোনঃ ৯৭০৬০-৬২৮৬৩