জোনা শর্মা
এটা সুন্দৰ পুৱাৰ আৰম্ভণিৰে আমাৰ যাত্রা আৰম্ভ হয় কলকাতা হৈ আন্দামান দ্বীপলৈ ৷ বহু আকাংক্ষিত আন্দামান যাত্রাই উৎফুল্লিত কৰি তোলে ৷ গুৱাহাটীৰ পৰা কলকাতালৈ গৈ ৰাতিটো কলকাতাত থাকি পিছদিনা এঘাৰ বজাত আমাৰ যাত্রা আন্দামানলৈ ৷
প্রায় ২.৩০ বজাত আন্দামানৰ পোর্টব্লেয়াৰৰ বীৰ ছাভাৰকাৰ বিমানবন্দৰ পাওঁ ৷ বিমানবন্দৰৰ পৰা দহ মিনিটমান দূৰত্বতে আমি থকা ব্লু–হৰাইজন হোটেলখন ঠিক কৰি থোৱা আছিল ৷ সুন্দৰ সু–ব্যৱস্থাৰ হোটেল ৷ দুপৰীয়াৰ আহাৰ হোটেলতে গ্রহণ কৰি আমি যাওঁ বহু প্রতীক্ষিত চেলুলাৰ জেল চোৱাৰ বাবে৷ ইংৰাজ শাসন কালত ভাৰতীয় দেশপ্রেমী শ্বহীদসকলক কঠোৰ শাস্তি প্রদান কৰিছিল এই চেলুলাৰ জেলত ৷ জেলৰ মিউজিয়ামত স্বাধীনতা সংগ্রামীসকলৰ মূর্তি প্রদর্শিত হৈ আছে ৷ ১৯০৬ চনত ব্রিটিছে এই জেলখন নির্মাণ কৰাইছিল ৷ এজন সুদক্ষ গাইডৰ সহায়ত জেলখনৰ কিছু কথা জানিব পাৰোঁ ৷ তেওঁ সুন্দৰকৈ বর্ণনা কৰিছিল ভাৰতীয় শ্বহীদসকলৰ হূদয়বিদাৰক ঘটনাসমূহ ৷ স্বাধীনতা সংগ্রামীসকলৰ অবর্ণনীয় নির্মম অত্যাচাৰসমূহৰ কথা শুনিলে বুজা যায় সেই সময়ত ইংৰাজসকল কিমান তললৈ নামি গৈছিল অত্যাচাৰ কৰাৰ বাবে ৷ গাইডগৰাকীয়ে কোৱা মতে ব্রিটিছৰ নির্দেশত ভাৰতীয়ই ভাৰতীয়ৰ ওপৰত অত্যাচাৰ চলাই গৈছিল ৷ এই জেলত সংগ্রামী ভাৰতীয়সকলক অতি সৰু (৮১২) আকাৰৰ কোঠা একোটাত ৰখা হৈছিল ৷ এই কোঠাবোৰৰ পৰা কোনো বন্দীয়ে আন বন্দীৰ মুখ নেদেখাকৈ আৰু কথা পাতিব নোৱাৰাকৈ আছিল ৷ জেলত থকা বন্দীসকলক মাত্র তিনিটা কাৰণতহে মাজে মাজে বাহিৰ হবলৈ দিয়া হৈছিল ৷ সেই কাৰণবোৰ হল তেওঁলোকক শাস্তি দিবলৈ আনিছিল নতুবা হাডভঙা পৰিশ্রম কৰিবলৈ আনিছিল আৰু কোনো সংগ্রামীৰ ফাঁচীৰ সময় হলে তেওঁক বন্দিত্বৰ পৰা মুকলি কৰি আনি ফাঁচী দিয়া হৈছিল ৷ ফাঁচীৰ বাবে আনা বন্দীগৰাকী যি ধর্মৰে হয় সেই ধর্মৰে প্রার্থনা কৰোৱাই ফাঁচী দিয়া হৈছিল ৷ প্রথমে তেওঁক ভালদৰে গা–পা ধুৱাই বিশেষ ঠাইত নিজৰ নিজৰ উপাসক ঈশ্বৰক প্রার্থনা জনাব দিয়ে ৷ ইয়াৰ পিছত বন্দীক ওচৰতে থকা ফাঁচীগৃহত ৰছীৰে ওলোমাই তললৈ পেলাই দিয়া হয় ৷ তাত একেলগে তিনিজনক ফাঁচী দিব পাৰি ৷ ইয়াৰ পিছত ফাঁচী দিয়া ঘৰৰ তললৈ নামি যাব পৰা দুৱাৰ এখনেৰে তললৈ নামি গৈ মৃত বন্দীসকলক উলিয়াই আনি সাগৰত পেলাই দিয়া হৈছিল ৷ ফাঁচী ঘৰটো চাই নামি গৈছিলোঁ ৷ এটা অতি ঠেক চিৰিৰে তললৈ যত ফাঁচী দিয়া বন্দীৰ মৃতদেহ ওলমি থাকে ৷ বুকুত এক বুজাব নোৱাৰা দুখ লৈ ওলাই আহঁো ফাঁচী দিয়া গর্ভগৃহৰ পৰা, কি নিষ্ঠুৰ মানৱতা ৷
চেলুলাৰ জেলখনৰ দুৱাৰবোৰ মুখামুখিকৈ নাছিল ৷ বন্দী ৰখা ঘৰ–দুৱাৰবোৰ আনটো বন্দীশালৰ পিছফালে আছিল, যাতে কোনো বন্দীয়ে দুৱাৰেৰে দেখাদেখি হব নোৱাৰে৷ দুয়োটা বন্দীশালৰ মাজত এখন বাগিচা আছে ৷ এটা শ্বহীদসকলৰ মূর্তি ৰখা সংগ্রহালয় ৷ এই বাগিচাখন বীৰ ছাভাৰকাৰ নামে শ্বহীদ পার্ক নামে খ্যাত৷ চেলুলাৰ জেলৰ ওপৰলৈ উঠি গৈ বন্দীসলক ৰখা সৰু সৰু কুঠৰীবিলাক দেখি গম পোৱা যায় ইংৰাজসকলৰ নির্মম অত্যাচাৰৰ কথা ৷ কোঠাবিলাকৰ লোহাৰ দুৱাৰখনৰ এটা কাষে এখন সৰু খিৰিকী আছে ৷ যিখনেৰে কয়দীসকলক ভাতপানী দিয়া হয়৷ গাইডগৰাকীয়ে কৈছিল যে বন্দীয়ে প্রাতঃকর্ম সমাপন কৰিছিল কুঠৰীৰ ভিতৰতে দুর্গন্ধময় পৰিৱেশত থাকি জীৱন নির্বাহ কৰিব লাগিছিল ৷ তিনি মহলাৰ কাৰাগাৰ একেবাৰে শেষৰ কোঠাটোত আছিল বীৰ শ্বহীদ বিনায়ক দামোদৰৰহ্ল, যত তেওঁক বন্দী কৰি ৰখা হৈছিল ৷ ভিতৰলৈ সোমাই গৈ দেখো তেওঁ খাবলৈ ব্যৱহাৰ কৰা দুটামান বাচন আৰু লগতে তেওঁৰ ফটো এখনো সজাই থোৱা আছে ৷ এই কাৰাগাৰত তেওঁৰ ভাতৃ গণেশ ছাভাৰকাৰক বন্দী কৰি ৰখা হৈছিল ৷ কিন্তু দুয়ো ভাতৃয়ে গম পোৱা নাছিল যে দুয়ো একেখন কাৰাগাৰতে আছিল ৷ কাৰাগাৰৰ সেই সৰু সৰু কুঠৰীৰ ভিতৰত সোমাই নিজকে এবাৰ বন্দিত্ব বৰণ কৰা শ্বহীদসকলৰ অৱস্থাটো অনুভৱ কৰিছিলো কি যে এক নির্যাতন দেশমাতৃৰ হকে যুঁজ দিবলৈ গৈ ৷
ইয়াৰ পিছত আমি কাৰাগাৰৰ ওপৰৰ আচ্ছাদন ছাদলৈ উঠি গৈ দুখৰ মাজতো কালা পানীৰ দৃশ্য চাই কিছু ফটো লৈছিলোঁ ৷ ওপৰৰ পৰা দেখা সাগৰখনতে শ্বহীদসকলৰ ফাঁচী দিয়া মৃতদেহসমূহ পেলাই দিয়া হৈছিল, সেয়ে ইয়াক কালাপানী নাম দিয়া হৈছিল ৷ নামি আহিছিলো ছাদৰ পৰা ধাৰাসাৰ বৰষুণে আমাক তিয়াই পেলাইছিল কিছু দেৰি ৰব লগা হয়, বৰষুণ পিছে বেছি দেৰি নাথাকে এই আহে এই যায় ৷ কাৰাগাৰ চৌহদৰ এক আহল–বহল ঠাইহ্ল, যত লাইট এণ্ড ছাউণ্ডৰ বাবে সুন্দৰকৈ চকী পাৰি ৰখা হৈছে, যত সেই কাৰাগাৰৰ স্বাধীনতাপ্রেমীসকল ইতিহাস বর্ণনা কৰা হয় পোহৰ আৰু শব্দৰে ৷ আমি সেই দৃশ্য উপভোগ কৰিব নোৱাৰিলো, কাৰণ তেতিয়া ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবে কিছু মেৰামতি কৰি আছিল ৷ চেলুলাৰ জেলৰ পৰা আমি গৈছিলো কার্বন সাগৰ তীৰলৈ, সেইদিনা সাগৰৰ সৈনিকসকলৰ মাজত স্বাধীনতা দিৱসৰ বাবে ভলীবল খেলা আৰু গীত–মাতৰ অনুষ্ঠান চলি আছিল ৷ সাগৰৰ পাৰৰ পৰাই উপভোগ কৰিছিলো অস্ত যাব ধৰা হেঙুলীয়া ৰঙেৰে বেলিটোক ৷ অলপ সোনকালে আহি ৰাতিৰ আহাৰ গ্রহণ কৰি সকলোৱে শুই পৰিছিলো ৷ যিহেতু পিছদিনা আমাৰ যাত্রা আছিল আন এটা দ্বীপ হেভলকলৈ ৷
১৫ আগষ্টৰ পুৱা আমাৰ যাত্রা হেভলক দ্বীপলৈ ৷ হোটেলত যাৱতীয় বস্তুবোৰ লক ৰুমত ৰাখি আমি ওলাই গলোঁ সাগৰ বন্দৰলৈ ৷ নউটিকা নামৰ দুই মহলাৰ জাহাজ এখনেৰে আমাৰ যাত্রা ৷ নীলা নীলা পানীৰে সাগৰৰ দৃশ্যই সকলোকে আকর্ষিত কৰে ৷ সেইদিনাৰ যাত্রা বৰ সুমধুৰ হৈছিল ১৫ আগষ্ট হোৱাৰ বাবে৷ পুৱাৰ জলপান আমাৰ তাতেই দিয়া হৈছিল ৷ স্বাধীনতা দিৱসৰ বাবে জাহাজ কর্তৃপক্ষৰ তৰফৰ পৰা জাহাজত থকা সকলোৰে বাবে এটা গীতৰ প্রতিযোগিতা পতা হৈছিল ৷ আমাৰ ফালৰ পৰাও কেইবাগৰাকী সুকণ্ঠী গায়িকাই পৰিৱেশন কৰে স্বাধীনতাৰ গীত ৷ সুন্দৰ পৰিৱেশত সকলোৰে মুখে মুখে প্রতিধবনিত হয় স্বাধীনতাৰ গীত ৷ আটাইতকৈ ভাল লাগিছিল যেতিয়া অসমৰ পৰা যোৱা দলৰ দুগৰাকী সু–গায়িকাই প্রথম আৰু তৃতীয় হৈছিল ৷ তেওঁলোকক জাহাজৰ তৰফৰ পৰা একোটা উপহাৰ দিয়া হৈছিল ৷ ইমানেই ভাল লাগিছিল কেনেকৈ দুই ঘণ্ঢা পাৰ হল গমকে নাপালোঁ ৷ জাহাজ আহি হেভলক দ্বীপত লংগৰ পেলাইছিল ৷ আমি সকলোৱে নিজৰ নিজৰ বেগ লৈ যাওঁ আগতীয়াকৈ ঠিক কৰি থোৱা সাগৰৰ পাৰৰ সুন্দৰ পৰিৱেশৰ হোটেললৈ ৷ সকলোৱে একোকাপ চাহ খাই ওলাইছিলো কালাপাথৰ তীৰলৈ৷ সুন্দৰ সাগৰৰ দৃশ্যই মুগ্ধ কৰি পেলায় সকলোকে ৷ কেৱল সাগৰৰ অহা–যোৱা ঢৌৰ লগত খেলা কৰে ৷ গভীৰ নীলা সাগৰৰ পানীয়ে মন্ত্রমুগ্ধ কৰি পেলাইছে ৷ সেই অঞ্চলৰ জনবসতি বেছিভাগ বাঙালী ৷ সাগৰৰ পাৰত মণি–মুকুতাৰ দোকান দি পোহপাল যায় ৷ এগৰাকী বাঙালী মহিলাক সুধি জানিব পাৰিলোঁ ককাকহঁতৰ দিনতে অহা তেওঁলোকৰ জন্ম ইয়াতে ৷ খেতি মাটি আছে ৷ তেওঁলোকক চৰকাৰৰ ফালৰ পৰা খেতি–বাতিৰ বাবে মাটি দিয়া হৈছিল ৷ তেওঁৰ দোকানতে কিছু সাগৰীয় সামগ্রী কিনিছিলোঁ ৷ আন্দামানলৈ আহি নাৰিকল ডাবৰ সোৱাদ নললে তালৈ যোৱাৰ সার্থকতাই নাথাকিব৷ আমিও হালধীয়া ডাবৰ পানী খাই বৰ তৃপ্তি লভিছিলোঁ ৷
এই হেভলক দ্বীপৰ প্রধান তীৰ হল ৰাধানগৰ, বিজয় নগৰ আৰু কালাপাথৰ তীৰ ৷ দুপৰীয়াৰ আহাৰ গ্রহণ কৰি গৈছিলোঁ ৰাধানগৰ বীচ্চলৈ ৷ এই সমুদ্র সৈকত বহু দেশী–বিদেশী পর্যটকেৰে ভৰি থাকে৷ ইয়াৰ বালিবোৰ বগা, ৰদ পৰিলেই ৰূপৰ দৰে দেখি ভাব হয় গোটেই সাগৰৰ পাৰখনেই যেন ৰূপেৰে ভৰি পৰা ৷ কিছু সময় সমুদ্র তীৰত থিয় হৈ উপভোগ কৰিছিলো সাগৰৰ অহা–যোৱা ঢৌ ৷
১৬ আগষ্ট আমাৰ যাত্রা নীল দ্বীপলৈ ৷ পুৱাৰ আহাৰ গ্রহণ কৰি আমাৰ যাত্রা আৰম্ভ নীল দ্বীপ অভিমুখে৷ জাহাজেৰে মাত্র ডেৰ ঘণ্ঢা যাত্রা ৷ অতি সুন্দৰ নীলদ্বীপৰ পৰিৱেশ ৷ এই অঞ্চলটোও বাঙালী সম্প্রদায়ৰ মানুহেৰে ভৰা ৷ এই নীল দ্বীপৰ নাম ব্রিটিছ সৈনিক জর্জ স্মিথ নীলৰ নামেৰে নামকৰণ কৰা হয় ৷ নীল দ্বীপৰ অগভীৰ সমুদ্রত পোৱা যায় অসংখ্য প্রবাল ৷ সুন্দৰ পৰিৱেশৰ ৰিজর্টত ৰুম একোটা লৈ পুনৰ আমি ওলাই গলোঁ সাগৰ তীৰত থকা ভাৰতপুৰ বীচ্চলৈ ৷ এই নীল দ্বীপত ৰামায়ণৰ চৰিত্রবিলাকক লৈয়ে বীচ্চবিলাকৰ নাম ৰখা হৈছে ৷ সেয়া হল ভৰতপুৰ বীচ্চ, লক্ষ্মণপুৰ বীচ্চ আৰু সীতাপুৰ বীচ্চ ৷ আমি প্রথমে গৈছিলোঁ ভৰতপুৰ বীচ্চলৈ ৷ অতি সুন্দৰ ভৰতপুৰ বীচ্চৰ পৰিৱেশ ৷ এই দ্বীপৰ সাগৰ তীৰত বিভিন্ন সাগৰীয় খেল খেলোৱা হয় ৷ মটৰচালিত নাৱৰ তলত লগোৱা আইনাৰে সাগৰতলিৰ বিভিন্ন আকৃতিৰ শিল, কৰেল, কঢ়ি, মাছ, শামুক চাব পাৰি ৷ আমিও এনে এখন মটৰচালিত নৌকাৰে সাগৰৰ কিছু দূৰলৈ গৈ বিভিন্ন সাগৰীয় প্রাণী দেখিছিলো, নানা ধৰণৰ মণি–মুকুতাৰে ভৰা সাগৰতলি ৷ এই সাগৰৰ পাৰ সুধ বগা বালিৰে পৰিপূর্ণ ৷ এই বীচ্চখন পর্যটকৰ বাবে অতি জনপ্রিয়, কিয়নো ইয়াতেই বিভিন্ন সাগৰীয় খেল খেলাৰ সুবিধা আছে ৷ ভৰতপুৰ বীচ্চৰ পৰা হোটেল গৈ কিছুসময় জিৰণি লৈ পুনৰ চাৰি বজাত ওলাওঁ ২নং লক্ষণপুৰ বীচ্চলৈ ৷ কোৰেলেৰে নির্মিত এক অপূর্ব সুন্দৰ প্রাকৃতিক শিলৰে নির্মিত বীচ্চ ৷ ভূমিকম্পৰ সময়ত পাহাৰৰ কিছু অংশ খহি প্রাকৃতিক দলংখন সৃষ্টি হোৱা বুলি কয় ৷ সাগৰৰ পাৰৰ পৰাই অসংখ্য কোৰেল পাথৰেৰে ভৰা ৷ কিছুদূৰ গৈ প্রাকৃতিক দলংখনৰ পৰাই উপভোগ কৰিছিলোঁ সাগৰৰ নৈসর্গিক দৃশ্য৷ আমি তিনি বাই–ভনী একেলগে আগবাঢ়িছিলোঁ ৷ সাগৰৰ পাৰৰ পৰাই আৰম্ভ হৈছে কোৰেল পাথৰবোৰ সাৱধানে নগলে পৰি যোৱাৰ ভয় থাকে ৷ কিছুদূৰ গৈ দেখিছিলো কি যে এক অপূর্ব দৃশ্য৷ সৰু–বৰ কোৰেল শিলেৰে ভৰা সাগৰ সৈকত৷ নীলা নীলা সাগৰৰ ঢৌ চাই চাই কিদৰে সময় পাৰ হৈ যায় কবই নোৱাৰি ৷ পাথৰৰ মাজে মাজে একোটা সৰু পাথৰৰ ডোঙৰ স্বচ্ছ পানীত সৰু সৰু মাছবোৰ দেখি অভিভূত হৈ পৰিছিলোঁ ৷ কি যে এক নান্দনিক দৃশ্য৷ লাহে লাহে এন্ধাৰ নামি আহে ৷ আমিও তাৰ পৰা উভতি আহোঁ ৷ সাগৰ আহি কিমানখিনি পায় ঠিক নাই ৷ সন্ধিয়া নামি অহাৰ লগে লগে সাগৰেও ঢপলিয়াই সাগৰ সৈকতলৈ ৷ এই সাগৰৰ তীৰলৈ বহুকেইটা চিৰিৰে উঠি গৈ পুনৰ তললৈ নামি যাব লাগে ৷ যোৱাৰ দুয়ো পাৰে বিভিন্ন সামগ্রীৰ দোকান পোৱা যায় ৷ লগতে চাহৰ পৰা ফলমূলৰ দোকানো পোৱা যায় ৷ আহিবৰ সময়ত একোকাপ চাহৰ জুতি লওঁ ৷ ৰাতিটো নীল দ্বীপত থাকি পিছদিনা উভতি আহঁো পোর্টব্লেয়াৰলৈ ৷
১৭ আগষ্ট ১২ বজাত নীল দ্বীপৰ পৰা পোর্টব্লেয়াৰ পাওঁ ৷ পুনৰ ব্লু–হৰাইজন হোটেলত সোমাই দুপৰীয়াৰ আহাৰ গ্রহণ কৰোঁ ৷ প্রায় ২.৩০ মানত আমি ওলাওঁ পোর্টব্লেয়াৰৰ ভাৰত চৰকাৰৰ নৃতত্ত্ব জৰীপ বিভাগৰ অধীনত সাংসৃক্তিক মন্ত্রালয় আৰু নভেলমেৰাইন সংগ্রহালয় চাবলৈ যাওঁ ৷ এই সংগ্রহালয়ৰ সহায়ত জানিব পাৰিলোঁ যে আন্দামানত চাৰিটা জনজাতি বাস কৰে ৷ সেইসকল হল জৰোৱা ছেণ্টিনেলিজ গ্রেট আন্দামানিজ আৰু টু অন্তোষ ৷ এই সংগ্রহালয়ত জনজাতিসকলৰ ঘৰ আৰু ব্যৱহূত বাচন–বর্তনৰ পৰা তেওঁলোকৰ সা–সৰঞ্জামসমূহ সজাই থোৱা আছে ৷ সংগ্রহালয়ৰ লগতে থকা দোকানৰ পৰা কিছু মণি–মুকুতা আন্দামানৰ চিনস্বৰূপে লওঁ৷ আন্দামানৰ জনবসতি প্রায় চাৰি লাখ মান হব ৷ বর্তমান আদিবাসীৰ সংখ্যা কমি আহিছে ৷ সভ্যতাৰ মুখ নেদেখা জৰোৱা জনজাতি চাৰিশমানহে আছে ৷
১৮ আগষ্টত আমাৰ যাত্রা এইবাৰ লাইমষ্টোন গুহা দর্শনৰ লগতে জৰোৱা আদিম মানুহক দেখাৰ দুর্বাৰ আশা৷ লাইমষ্টোনৰ গুহালৈ যাবলৈ প্রায় তিনি ঘণ্টা মান লাগিছিল ৷ বর্ষাৰণ্যৰ মাজেৰে আমাৰ যাত্রা আৰম্ভ হয় ৷ সকলো একান্ত মনে বাহিৰলৈ চাই আছে কিজানি ৰাস্তাৰ দদাতিত আদিম মানুহ দেখা পায় ৷ জৰোৱাসকলে বাহিৰৰ পৰা যোৱা মানুহক একেবাৰে সহ্য নকৰে৷ টুৰ গাইডৰ পৰা জানিব পাৰিলো যে কেইবছৰমান আগতে ইংৰাজ লোক এজনে সিহঁতৰ লগত বন্ধুত্ব কৰি থাকিব লওঁতে কিছুদিন পিছত সেই ইংৰাজজনক হত্যা কৰে ৷ বর্ষাৰণ্য অতিক্রম কৰোঁতে পথৰ দাঁতিত কলা কাপোৰ পিন্ধা কিচকিচীয়া কলা মানুহ তিনিটা বহি থকা দেখা পাইছিলোঁ৷ জৰোৱাবিলাকে আজিকালি কাপোৰ পিন্ধিবলৈ শিকিলে ৷ সিহঁতক খাদ্য যোগান ধৰিবলৈ চৰকাৰী জনজাতি উন্নয়ন আছে ৷ সিহঁতক মূলসঁুতিলৈ আনিবলৈ আপ্রাণ চেষ্টা কৰা হৈছে ৷ ১১টা বজাত মিডিল ষ্ট্রীট বন্দৰ পাওঁ, তাৰ পৰা জাহাজ এখনেৰে যোৱা হয় নীলাম্বৰপুৰ নামৰ তেনেই সৰু বন্দৰ এটালৈ ৷ জাহাজৰ পৰা নামি মটৰচালিত নাৱেৰে আমাৰ যাত্রা লাইমষ্টোন গুহালৈ ৷ এই যাত্রা আছিল বৰ আনন্দদায়ক৷ সাগৰৰ সঁুতিৰে আগবাঢ়িছিলোঁ লাইমষ্টোন গুহালৈ ৷ বহু শিপাৰে গঠিত মেনগ্রোভ গছে আগুৰি আছে সাগৰৰ সঁুতিৰ দুয়োপাৰ ৷ আধা ঘণ্টা মান যোৱাৰ পিছত এটা ঘাটত নমাই দিয়ে ৷ তাৰ পৰাই মেনগ্রোভ গছৰ শিপাৰ ওপৰত কাঠ দি বনোৱা দলঙৰ ওপৰেৰে বহুখিনি আগবাঢ়ি যাব লাগে ৷ প্রায় ডেৰ কিলোমিটাৰমান খোজ কাঢ়ি যাব লাগিছিল খলা–বমা পথেৰে৷ লাইমষ্টোন গুহালৈ যাওঁতে সেই হাবিৰ মাজত এটুকুৰা খালী ঠাইত নেমু চৰবত বনোৱা দোকান৷ খোজ কাঢ়ি ভাগৰ লগাত আমিও একো গিলাচ নেমু পানী খাই লওঁ ৷ মহিলাসকলে সেই দোকানবোৰ দিয়ে পর্যটকসকলৰ বাবে ৷ মই এগৰাকীক সুধিয়ে দিলো তেওঁলোক কৰ পৰা আহি তাত বসবাস কৰিছে ৷ তেওঁ কলে যে তেওঁলোকৰ পূর্বপুৰুষসকল ঝাৰখণ্ডৰ পৰা আহিছিল ৷ গতিকে তেওঁলোক তাৰে পুৰণি বাসিন্দা ৷ কিছু আন্ধাৰ কিছু পোহৰ গুহাৰ ভিতৰ সোমাই আচৰিত লাগিছিল বিভিন্ন আকৃতিৰ প্রাকৃতিক দৃশ্যসমূহ ৷ সূর্যৰ ৰশ্মিৰ পৰশত হোৱা পৰিৱর্তন জীৱিত আৰু মৃত চূণশিলবোৰ ৷ দুপৰীয়া তিনিমান বজাত চূণশিলৰ গুহাৰ পৰা উভতি আহি দুপৰীয়াৰ আহাৰ খাই উভতি আহি প্রায় সন্ধিয়া ছয়মান বজাত হোটেল পাওঁ ৷
১৯ আগষ্ট আমাৰ যাত্রা ৰজ আইলেণ্ডলৈ ৷ ২০১৮ চনত বর্তমান ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নেতাজী সুভাষ চন্দ্র বোস বন্দৰ হিচাপে নামকৰণ কৰিছিল ৷ আমি বাছেৰে যাত্রা কৰোঁ জাহাজঘাটলৈ ৷ আমাৰ যাত্রা আছিল ৰজ আইলেণ্ডলৈ৷ জাংলাইট নাম জাহাজ ঘাটৰ পৰাই আমাৰ যাত্রা আৰম্ভ হৈছিল নেতাজী সুভাষ চন্দ্র দ্বীপলৈ৷ জাহাজ ঘাটতে সাগৰৰ পানীত খেলা বিভিন্ন খেলাৰ বন্দোৱস্ত হয় ৷ আমিও ছাবমেৰিনেৰে সাগৰতলিৰ মাছ চোৱাৰ বাবে ২২০০ টকাত একোটা টিকট কৰি ললোঁ ৷ ইয়াৰ পিছত আমাৰ যাত্রা আৰম্ভ হয় ৰজ দ্বীপলৈ ৷ দ্বিতীয় মহাসমৰৰ সময়ত ব্রিটিছৰ হাতৰ পৰা জাপানে এই ঠাই দখল কৰিছিল ৷ জাপানৰ বন্ধু সুভাষ চন্দ্র বসুই এই দ্বীপত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিছিল ৷ সেয়ে এই দ্বীপৰ নাম সুভাষ বোস নামেৰে পৰিচিত হয়৷ এই দ্বীপত বর্তমানেও দেখা যায় জাপানে বোমা পেলাই ধবংস কৰা ইংৰাজ অফিচ, গির্জা ঘৰ, বাংকাৰ ক্লাব আৰু ৰান্ধনিঘৰৰ ভগ্ণাৱশেষবোৰ৷ আমি এখন বেটেৰীচালিত অটোৰে গৈ সকলোবিলাক চাই আহিছিলোঁ ৷ আমি উঠা অটোখনৰ লৰাটো ৰঙিয়াৰ পৰা গৈ তাত অটো চলাই জীৱিকা নির্বাহ কৰি আছে ৷ দ্বীপত বহুতো ময়ূৰ চৰাই আৰু হৰিণৰ জাক আছে ৷ হৰিণবোৰক মৰমেৰে চুই দিলেই ওচৰৰ পৰা যাবই নোখোজে ৷ এই দ্বীপৰ এটা অংশত সাগৰৰ পাৰত আছে এটি সুন্দৰ লাইট হাউছ ৷ লাইট হাউছটোলৈ যাবৰ বাবে ১৮০টা চিৰি বগাই যাব লাগে বাবে আমি তাৰ পৰাই উভতি আহঁো৷ নাৰিকল গছেৰে ভৰা দ্বীপৰ লগতে মুক্তমনে হৰিণাৰ জাক দেখি ফটো উঠাৰ হেঁপাহ সামৰিব নোৱাৰিলোঁ ৷ অতি সুন্দৰ কি যে এক নৈসর্গিক দৃশ্য ৷ এই দ্বীপত আমাক সময় দিয়া হৈছিল মাত্র এঘণ্টা ৷ আন্দামানৰ দ্বীপসমূহ সুন্দৰৰ লগতে অতি চাফ–চিকুণ ৷ কোনো পর্যটকক প্লাষ্টিক নিবলৈ দিয়া নহয় আৰু দোকানবোৰেও প্লাষ্টিক ব্যৱহাৰ নকৰে ৷ কিবা বস্তু কিনিলে কাগজত বান্ধি দিয়ে ৷ সকলোৱে নিয়ম–কানুন মানি চলিলে নিশ্চয় প্রতিখন ঠাই প্লাষ্টিকমুক্ত হব ৷
পুনৰ আমি অহাSilver Ses নামৰ জাহাজখনেৰেNarth bay Ilandলৈ আমাৰ যাত্রা আৰম্ভ হয় ৷ এই দ্বীপক বিশেষকৈ বিভিন্ন সাগৰীয় খেলসমূহ কৰিব পাৰি ৷ আমি অৱশ্যে ছাবমেৰিনেৰে সাগৰতলিত মাছ চাবলৈ গৈছিলোঁ ৷ সাগৰৰ পাৰৰ পৰা কিছু আঁতৰত থকা ছাবমেৰিনত উঠিবলৈ একোখন মটৰচালিত নাৱেৰে যাওঁ ছাবমেৰিনখনলৈ ৷ ছাবমেৰিনেৰে সাগৰ গর্ভৰ মাছ চাই সকলোৱে জাহাজখনত কিছুসময় নাচ–গান কৰি আনন্দ উপভোগ কৰোঁ ৷ এই নর্থ বে দ্বীপৰ দুপৰীয়াৰ আহাৰ খাইছিলোঁ ৷ নাৰিকলেৰে ভৰা দ্বীপবোৰত হেঁপাহ পলুৱাই সকলোৱে নাৰিকল ডাবৰ পানীৰ সোৱাদ লওঁ ৷ ওভতনি যাত্রাৰ গাইডজনৰ ৰসাল কথাই সকলোকে আনন্দিত কৰি তুলিছিল ৷ সন্ধিয়া ৬.৩০ বজাত আমি থকা ব্লু–হৰাইজন হোটেল পাওঁ ৷ সোনকালে ভাত খাই আমি শুই পৰিছিলো, যিহেতু পিছদিনা আমাৰ যাত্রা পুনৰ গুৱাহাটীলৈ ৷ শেষ নিশা বুলি আমাৰ লগত যোৱা কিছুমানে নাচি–বাগি খুউব স্ফূর্তি কৰিলে ৷ এই যাত্রা বৰ সুখকৰ আছিল ৷ হোটেল আদিৰ পৰা যাতায়াতৰ সুপৰিচালনা কৰাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জনালোঁ ৷
Comments are closed, but trackbacks and pingbacks are open.