পূজা পালনৰ বিধি

10

ড০ কৰবী বেজবৰুৱা

মা দুর্গা পূজা

শাৰদীয় কালত হোৱা দুর্গা পূজাক শাৰদীয় দুর্গা পূজা বুলি কোৱা হয়৷ ইয়াক অকালবোদন দুর্গা পূজা বুলিও কোৱা হয়৷ ভগৱান শ্রীৰামে ৰাৱণক পৰাস্ত কৰিবলৈ শৰৎকালত এই পূজা কৰিছিল আৰু দশমীৰ দিনা ৰাৱণক বধ কৰিছিল৷ সেয়েহে ভাৰতবর্ষৰ বহু ঠাইত দুর্গতিনাশিনী দেৱী দুর্গাৰ পূজা বিভিন্ন ধৰণে কৰা হয়৷ এই পূজা প্রকৃততে আহিন মাহৰ শুক্লা প্রতিপাদৰ পৰা আৰম্ভ হয় আৰু নৱমী তিথিলৈ চলে৷ দশমীৰ দিনা বিজয়া দশমী বুলি কোৱা এই দিনটোতে ৰাৱণৰ মূর্তি দাহন কৰি  অধর্মৰ ওপৰত জয় প্রতিষ্ঠিত কৰা হয়৷ প্রতিপদৰ পৰা ক্রমান্বয়ে মা শৈলপুত্রী, মা ব্রহ্মচাৰিণী,  মা চন্দ্রঘণ্টা, মা কুষ্মাণ্ডা, মা স্ক্ন্দমাতা, মা কাত্যায়নী, মা কালৰাত্রি, মা মহাগৌৰী আৰু শেষত মা সিদ্ধিদাত্রীৰ পূজা কৰা হয়৷ এই পূজাক উত্তৰ ভাৰতত নৱৰাত্রি হিচাপে পালন কৰা হয়৷ আৰু অসম, পষ্চিমবংগ, ওডিশাত দুর্গা পূজা হিচাপে  পালন কৰা হয়৷ এই পূজাত নিজৰ মনৰ অভিলাষা পূৰণৰ বাবে বহু মানুহে নৱৰাত্রি ব্রত পালন কৰি নৱমীৰ দিনা কুমাৰী পূজা কৰি ব্রত উদযাপন কৰে৷  বহু মানুহে অষ্টমী আৰু নৱমীৰ ব্রত পালন কৰে৷ দুর্গা পূজাত নগৰাকী কুমাৰী কন্যাক দেৱীৰ নটা ৰূপত পূজা কৰি  মা দুর্গাৰ আশিস লাভ কৰিব পাৰি৷ বহু মানুহে এই ব্রত পালন কৰি শাৰীৰিক, মানসিক আৰু আর্থিকভাৱে বলৱান হব পাৰিছে৷ নৱমীৰ দিনা নগৰাকী কন্যাক আমন্ত্রণ কৰি ৰঙা আসনত বহুৱাই দেৱীক আৰাধনা কৰাৰ দৰে পূজা কৰিব লাগে৷ গোটা ফলৰ প্রসাদ, মিঠা প্রসাদ, পায়স, ৰঙা বস্ত্র, শৃংগাৰৰ সামগ্রী, সেন্দূৰ, দক্ষিণা আগববাব লাগে৷ পূজাৰ অন্তত তেওঁলোকৰ পৰা আশীর্বাদ লব লাগে৷ দশমীৰ দিনা অপৰাজিতা পূজা তথা সেন্দূৰ খেলাৰে এই পূজা আৰু ব্রতৰ সমাপন হয়৷

মা লক্ষ্মী পূজা

শৰৎকালত দুর্গা পূজাৰ পিছতে পূর্ণিমা তিথিটোক শৰৎ পূর্ণিমা বুলি কোৱা হয়৷ এই পূর্ণিমাত মা লক্ষ্মীৰ পূজা কৰা হয়৷ ইয়াৰ উপৰি দেৱালীৰ দিনা নিশা মা লক্ষ্মীৰ পূজা কৰা হয়৷ দেৱালীৰ নিশা মা লক্ষ্মীৰ পূজাৰ আগতে ত্রয়োদশীৰ পৰাই সনাতন ধর্মত কিছু পূজা উল্লেখ থাকে৷ দেৱালীৰ আগৰ ত্রয়োদশীক ধনত্রয়োদশী বুলি কোৱা হয়৷ ধনতেৰাচ বুলি জনাজাত৷  এই দিনটোত ভগৱান ধনন্তৰী দেৱৰ পূজা কৰা হয়৷ গোটেই বছৰটো যাতে আমি বেমাৰ–আজাৰৰ পৰা ৰক্ষা পাব পাৰোঁ, তাৰ বাবে আয়ুর্বেদৰ জনক বুলি ধনন্তৰী দেৱৰ পূজা কৰা হয়৷ দেৱালীৰ আগদিনা নৰক চতুর্থী বা ভূত চতুর্থী বুলি কোৱা হয়৷ আমাৰ জীৱনত বিভিন্ন ধৰণৰ নকাৰাত্মক বস্তুসমূহ আঁতৰি যাবলৈ এই দিনটোত  ঘৰৰ ভিতৰে–বাহিৰে আগফালে আৰু পিছফালে সকলোফালে মিলাই চৈধ্য গছি চাকি লোৱা হয়৷ শৰৎ পূর্ণিমাৰ দিনা আৰু দেৱালীৰ দিনা অর্থাৎ অমৱস্যাৰ দিনা মা লক্ষ্মীৰ পূজা ঘৰত কৰিলে ধনৰ অভাৱ কেতিয়াও নহব৷ কোৱা হয় যে সমুদ্রমন্থনত এই অমৱস্যাৰ দিনাই মা লক্ষ্মীৰ আৱির্ভাৱ হৈছিল আৰু এই তিথিতে  ভগৱান বিষুৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷ সেয়েহে শৰৎ পূর্ণিমাত আৰু তাৰ পাছৰ অমাৱস্যাত মা লক্ষ্মীৰ পূজা, হোম, শ্রীসুক্তম পাঠ ইত্যাদি কৰিলে মা লক্ষ্মীৰ কৃপা ঘৰত থাকে বুলি কোৱা হয়৷ মা লক্ষ্মীৰ পূজা কৰাৰ আগেয়ে ঘৰখন সম্পূর্ণভাৱে শুদ্ধ কৰি, সুন্দৰকৈ সজাই পূজা কৰিব লাগে৷ পূজাত সদায় ঘিৰ চাকি, ধূপ–ধূনা, পায়স, মিঠা প্রসাদ, পদুম ফুল, সেন্দূৰ, ৰঙা বস্ত্র, শৃংগাৰৰ সামগ্রী অর্পণ কৰিব লাগে৷ এনেভাৱে পূজা কৰিলে মা লক্ষ্মীৰ কৃপা সেই ঘৰখনত থাকে৷

ভাৰতবর্ষ মূলতঃ হিন্দুপ্রধান দেশ৷ এই দেশৰ ভিন্ন ৰাজ্যৰ প্রত্যেকৰে ভাষা, স্থানীয় সংসৃক্তি, খাদ্যাভাস বেলেগ বেলেগ যদিও ইয়াৰ ভিন্ন ধর্মাৱলম্বী ব্যক্তিৰ সমাহাৰত হিন্দু ধর্মৰ প্রভাৱ আৰু প্রাদুর্ভাৱ বেছি৷ ধর্মীয় নিৰপেক্ষ এই দেশত সকলো ধৰণৰ ধর্মৰ উৎসৱ সমান উৎসাহত পালন কৰা দেখা যায়৷ আমি মানৱ জাতিয়ে বিভিন্ন ধর্মত বিভিন্ন শক্তিক উপাসনা কৰি আহিছোঁ৷ হিন্দু ধর্মত আমি বিভিন্ন দেৱ–দেৱীৰ পূজা–অর্চনা বিভিন্ন তিথি মাহ নক্ষত্রত কৰি আহিছোঁ৷ এই পূজা–র্চনাই মানুহক জীৱনত যথেষ্ট যোগাত্মক ভাব দিয়ে, মনৰ ভয়–শংকা দূৰ কৰে৷ আজি কিছু পূজা তাৰ প্রভাৱ আৰু এই পূজাত আমি কি উপাচাৰ বা নিয়ম কৰিব পাৰোঁ, যিয়ে আমাৰ জীৱনত শুভ প্রভাৱ পেলাব পাৰে৷

গণেশ পূজা

বিঘ্ণকর্তা গণেশক প্রথম পূজনীয় বুলি কোৱা হয়৷ বছৰত গণেশ পূজা দুবাৰকৈ কৰা হয়৷ এবাৰ মাঘ মাহৰ শুক্ল চতুর্থী তিথিত আৰু আনটো ভাদ মাহৰ শুক্লপক্ষৰ চতুর্থী তিথিত কৰা হয়৷ ভাদ মাহৰ এই গণেশ চতুর্থী সর্বভাৰততে গণেশ চতুর্থী বুলি মহা ধুমধামেৰে পালন কৰা হয়৷ এই পূজাৰ পৰাই আমাৰ পূজাসমূহ আৰম্ভ হয়৷ এই গণেশ চতুর্থীৰ দিনা বিঘ্ণকর্তাৰ বিশেষ কৃপা লাভ কৰিবলৈ আমি ঘৰতে হওক বা মন্দিৰতে হওক গণেশ বাবপ পূজা কৰিব পাৰোঁ৷

গণেশ দেৱতাৰ প্রিয় হল বুন্দিয়া লাডু৷ আন এবিধ প্রিয় সামগ্রী দুর্বা বা দূবৰি বন৷ একৈশ টুকুৰা গুড, একৈশ বুন্দিয়া লাডু, একৈশ গাঁঠি দূবৰি গণেশ দেৱতাক দান কৰিব৷ গৰুৰ ঘিৰ লগত গুড ভগৱানক অর্পণ কৰিব৷  একৈশটি দূবৰি তৈয়াৰ কৰি লব৷ এতিয়া তলত লিখা মন্ত্রসমূহ এটা মন্ত্র গাই দুডাল দূবৰি ভগৱানক অর্পণ কৰিব৷ শেষৰ দূবৰিডাল লৈ গোটেইখিনি মন্ত্র একেলগে গাই গণেশ দেৱতাক অর্পণ কৰিব৷

ঔম গণধিপায় নমঃ

ঔম উমা পুত্রায় নমঃ

ঔম বিঘ্ণনাশয় নমঃ

ঔম বিনায়াকায় নমঃ

ঔম ইশপুত্রায় নমঃ

ঔম সর্বসিদ্ধ প্রদায় নমঃ

ঔম একদন্তায় নমঃ

ঔম ইভবক্তায় নমঃ

ঔম মুষক বাহনায় নমঃ

ঔম কুমাৰ গুৰুৱে নমঃ

পূজাৰ অন্তত গুডখিনি গাইগৰুক খুৱাব আৰু একৈশটা বুন্দিয়া লাডুৰ পাঁচটা ব্রাহ্মণক দিব আৰু বাকীখিনি প্রসাদ হিচাপে বিলাব৷

বিশ্বকর্মা পূজা

বিশ্বখনিকৰ ভগৱান বিশ্বকর্মাৰ পূজা ভাদ মাহৰ  শেষৰ দিনা অর্থাৎ সংক্রান্তিৰ দিনা পালন কৰা হয়৷ সেয়েহে বিশ্বকর্মা পূজা প্রায়ে সোতৰ ছেপ্ঢেম্বৰৰ দিনা হয়৷ কেতিয়াবা ইয়াৰ বিপৰীতে এদিন আগত বা এদিন পিছতো হোৱা দেখা যায়৷ বিশ্বকর্মা দেৱক আমি ব্রহ্মাণ্ডৰ খনিকৰ বুলি পূজা কৰোঁ৷ এই দিনটোত আমি নিজৰ বাহন, ঘৰত বা অফিচত ব্যৱহাৰ হোৱা ইলেকড্রনিক সামগ্রী, সকলো ধৰণৰ সৰঞ্জাম, ইলেকড্রনিক সামগ্রী, ঘৰ বা স্থপতি নির্মাণ কার্যত ব্যৱহাৰ হোৱা সামগ্রীসমূহক  পূজা কৰোঁ৷ ঘৰত থকা তেনে সামগ্রীসমূহ চাফ–চিকুণ কৰি পূজা কৰা হয়৷ সেই দিনটোত সেই সামগ্রীসমূহ ব্যৱহাৰ কৰা নহয় আৰু বিশেষকৈ সেই দিনটোত নিজৰ কোনো ইলেকড্রিকেল বা ইলেকড্রনিক সামগ্রী, নিজৰ বাহনখন আনক ব্যৱহাৰ কৰিব দিয়া নহয়৷ এই দিনটোত পাৰিলে দুখীয়া মানুহক আহাৰ খুৱাব পাৰিলে ভাল৷ নিজৰ বাহনৰ ইঞ্জিনত ভগৱান বিশ্বকর্মাৰ নাম লৈ সেন্দূৰ বা ঘিৰে স্বস্তিক আঁকিব৷ শুভফল প্রাপ্তি বা বাধা–বিঘিনি নাশৰ বাবে এই স্বস্তিকে ৰক্ষণকাৰী হিচাপে কাম দিয়ে৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.