ৰন্ধনো হব পাৰে এক কলা

ধৰিত্রী দেৱী

এগৰাকী গৃহিণীৰ ঘৰখনত কৰণীয় অনেক ৷ তাৰ ভিতৰত প্রধানকৈ পুৱাৰে পৰা গধূলিলৈকে ৰান্ধনিশালতেহ বেছিভাগ সময় ব্যস্ত হৈ থাকিব লগা হয় ৷ ঘৰৰ বাহী বন শেষ কৰি খৰধৰকৈ গাপা ধুই পাকঘৰত সোমাব লগা হয় ৷ ঘৰৰ সকলোকে চাহকাপ দিয়াৰ পৰা আৰম্ভ কৰি লৰাছোৱালীৰ টিফিন বনোৱা, ভাতপানী বনোৱা আদিকে ধৰি সকলোখিনি কৰিবলগীয়া হয় ৷ অসমীয়া সমাজত ৰন্ধন প্রকৰণৰ ক্ষেত্রত কিছুমান লোকপৰম্পৰা জড়িত হৈ আছে ৷ অসমীয়া সমাজত ৰন্ধন প্রকৰণ আৰু আহাৰৰ বিষয়ত গাঁৱলীয়া লোকসমূহ মূলতঃ ৰক্ষণশীল ৷ আগৰ দিনত পাকঘৰলৈ যাবলৈ কিছু নিয়ম আগৰ দিনত কিছু নীতিনিয়মৰ মাজেৰে পাকঘৰলৈ যাব লগা হৈছিল ৷ বাহী গা নোধোৱাকৈ পাকঘৰৰ চৌকা লাব নালাগে বুলি নিয়ম আছিল৷ প্রত্যেকগৰাকী গৃহিণীয়ে গা ধুই গোসাঁহ ঘৰত চাকি লাহহে ৰন্ধাবঢ়া আৰম্ভ কৰিছিল ৷ কিন্তু আজিকালি তুলনামূলকভাৱে সেই নিয়মবোৰ কিছু পৰিমাণে হ্রাস পোৱা দেখা যায় ৷  আগৰ দিনত মহিলাৰ কামকাজ ৰান্ধনিশালতে আৰম্ভ আৰু ঘৰৰ চাৰিসীমাতেহ সীমাবদ্ধ ৷ কিন্তু এতিয়া গৃহিণীৰ বাহিৰেভিতৰে বিভিন্ন ধৰণে গৃহস্থক কামলৈ পঠিওৱা, সন্তানক তদাৰক কৰা, সুক্ললৈ অনানিয়া কৰা, বজাৰসমাৰ কৰা আৰু কর্মৰত মহিলাসকলে নিজেও কর্মক্ষেত্রলৈ যোৱা আদিকে ধৰি এক দীর্ঘ ব্যস্ততা ৷ গতিকে কিছু নিয়মনীতি মানি চলিবলৈ অসুবিধা হয় ৷ সময়সূচী মিলাবলৈ গৈ কিছু নিয়ম উলংঘা কৰিব লগা হয় ৷ অৱশ্যে গাঁৱৰ সমাজত বা যৌথ পৰিয়ালত এতিয়াও নিয়মসমূহ প্রযোজ্য ৷ বিশেষকৈ সৰু পৰিয়ালবোৰত সুবিধাজনকভাৱে কিছু নিয়ম সালসলনি কৰিব পৰা যায় ৷ যি কি নহওক, আমি প্রত্যেকগৰাকী গৃহিণীয়ে সুন্দৰভাৱে ৰন্ধাববা কৰি খুৱাহ পৰিয়ালৰ সদস্যসকলক সুস্বাহ্যৰ অধিকাৰী কৰাত সহায় কৰে ৷ পৰিয়ালৰ সকলোৰে মনপছন্দৰ আহাৰ সুন্দৰকৈ ৰান্ধি খুৱাহ আমাৰ মনটো বৰ ভাল লাগে নহয়নে বাৰু যিমানেহ কর্মব্যস্ত মহিলা নহওক, চাকৰিয়াল মহিলা নহওক যেতিয়া সময় পাই এসাঁজ ধুনীয়াকৈ ৰান্ধি পৰিয়ালৰ সৈতে পৰিৱেশন কৰিবলৈ মন যায়েই ৷ এইক্ষেত্রত অৱশ্যে আমাৰ পুৰুষসকলো পিছপৰা নহয় ৷ বহু পুৰুষে বৰ সুন্দৰকৈ ৰন্ধাবঢ়া কৰিব পাৰে ৷ ঘৰতে হওক বা অতিথিআপ্যায়নৰ বাবেহ হওক এসাঁজ ভাত ৰান্ধি নিজৰ মানুহজনীক সহায় কৰাৰ উপৰি আত্মসন্তুষ্টি লাভ কৰে ৷

 এগৰাকী গৃহিণীয়ে ৰন্ধন প্রকৰণৰ ক্ষেত্রত বহুতো দিশ মন কৰিবলগীয়া হয়৷ সুস্বাহ্যৰ বাবে আমাক সকলো ধৰণৰ আহাৰৰ প্রয়োজন হয় ৷ ৰান্ধনিগৰাকীয়ে খাদ্যাভ্যাসৰ মাজত বিভিন্নতা ৰক্ষা কৰি চলিব লাগে ৷ তেতিয়া সকলোৱে খায়ো ভাল পায়, স্বাস্থ্যৰ বাবেও লাভজনক হয় ৷ আমাৰ সন্তানসকলকো থলুৱাভাৱে উপলব্ধ উপকৰণেৰে তৈয়াৰী খাদ্য খোৱাটো উচিত৷ এগৰাকী গৃহিণীৰ বাবে মন কৰিবলগীয়া দিশ হলঃ

  • মেগী, বার্গাৰ, পিজ্জা আদিৰ দৰে ফাষ্ট ফুডবোৰৰ সঘনাহ ব্যৱহাৰ নকৰি তাৰ পৰিৱর্তে আমাৰ সন্তানসকলক ঘৰতে তৈয়াৰী বিভিন্ন ধৰণৰ পিঠাপনা, জলপান, মুৰি, আখৈ আদি খোৱাৰ অভ্যাস কৰাব লাগে ৷ এনে কৰিলে ই স্বাস্থ্যৰ বাবেও উপকাৰী আৰু তেওঁলোকৰ মাজত অসমীয়া সমাজৰ আপুৰুগীয়া সম্পদ হিচাপে পৰিচয় কৰাই দি সদায় জীয়াই ৰাখিব পাৰিম ৷
  • দৈনিক খাদ্যাভ্যাসত ঔষধি উপকৰণৰ সুলভতা থকা খাদ্য ব্যৱহাৰ কৰিব লাগে ৷ শুকুতা, তিতাফুল, শেৱালি ফুলৰ লগত মাছৰ আঞ্জা খাব পাৰি৷ শুকলতি, বেতগাজ, বাঁহগাজ, কেৰেলা, ভেকুৰি, মহানিম, মৰাপাটৰ পাত আদিবোৰ আমি ভাজি খাব পাৰোঁ ৷ ভেদাহলতা, মানিমুনি, নৰসিংহ, নেফাফু, মাটিকাদুৰী আদি মাছৰ লগত জোল খাব পাৰি৷ মছন্দৰী কেঁচাই চাটনি বনাহ খাব পাৰি ৷ গৰমৰ দিনত আমাৰ পেটৰ বাবে ই খুউব উপকাৰী ৷ মধুসোলেং শাকৰ টেঙা আঞ্জা খাব পাৰি ৷
  •  আমিষ আহাৰৰ লগতে আমি প্রত্যেক সাঁজতে সতেজ শাকপাচলি থকাটো উচিত৷ মাংসৰ লগত তিয়ঁহ, বিলাহী, চালাদ এবিধ থকাটো ভাল ৷
  • এতিয়া গ্রীষ্মকাল ৷ দুপৰীয়া ভাতসাঁজৰ লগত এবিধ টেঙা সোৱাদৰ উপকৰণ ব্যৱহাৰ কৰিলে খুউব ভাল লাগে৷ সপ্তাহত আমি এসাঁজ সম্পূর্ণ সেউজীয়া শাকৰ সমাহাৰেৰে পৰিৱেশন কৰিব পাৰোঁ ৷
  • আমিষ আহাৰত শিশুসকলৰ ক্ষেত্রত আমি নূ্যনতম মছলা ব্যৱহাৰ কৰা উচিত ৷
  • খাৰ ব্যৱহাৰ অসমীয়া খাদ্যৰ অন্যতম বৈশিষ্ট্য ৷ ইয়াক মানুহে আগতে নিমখৰ সলনি ব্যৱহাৰ কৰিছিল ৷ যিহেতু সেই সময়ত অসমত নিমখ সতকাই পোৱা নগৈছিল ৷ বর্তমানেও খাৰ আমাৰ মাজত সমাদৃত৷ সৰু সৰু মাছৰ খাৰ, মাটিমাহৰ খাৰ, শেৱালি ফুল বা তিতা ফুলত অকণমান খাৰ দি বনালে খুবেই সোৱাদযুক্ত হৈ পৰে৷ মাছৰ সৈতে অমিতাৰ খাৰো আমি খুব তৃপ্তিৰে খাব পাৰোঁ ৷
  • অসমীয়া আহাৰত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যাভ্যাসৰ লগতে সমতলৰ সতেজ উপকৰণ দুয়োটাই আমি সুন্দৰকৈ কৰোঁ ৷ আমাৰ চৌদিশে পোৱা বহুতো ফলমূল, পাচলি আদিৰে আমি ধুনীয়াকৈ আচাৰ বনাই থব পাৰোঁ ৷

অসমীয়া খাদ্যত মাছৰ পয়োভৰ অলপ বেছিকৈ দেখা যায় ৷ তুলনামূলকভাৱে মাংসতকৈ মাছ আমাৰ বাবে বেছি উপকাৰী ৷ সৰু ডাঙৰ দুয়োবিধ মাছেই আমাৰ খাদ্যাভ্যাসত অন্তর্ভুক্ত ৷ কিছুমান মানুহে মাছ খাই বেয়া পায়, বিশেষকৈ আমাৰ সন্তানসকলে মাছ খাই বেয়া পায় ৷ সেয়ে প্রত্যেকবিধ মাছৰ বাবে সুকীয়া বৈশিষ্ট্যপূর্ণ ৰন্ধন প্রণালী ব্যৱহাৰেৰে সোৱাদযুক্ত কৰি তুলিবলৈ চেষ্টা কৰিব লাগে ৷ বিভিন্ন পাচলিৰ সৈতে মাছৰ জোল খোৱাৰ উপৰি ভজা মাছ, পাতত দিয়া মাছ, চৰচৰী, সিদ্ধ মাছ, শুকান মাছ, মাছৰ পেটু ভাজি আদিৰ প্রক্রিয়াৰে বনালে নোখোৱাসকলে হয়তো খাবলৈ আগ্রহী হব ৷

  • অসমীয়া খাদ্যত বহু পৰিমাণে শাকপাচলিৰ প্রাচুর্য দেখিবলৈ পোৱা যায় ৷ বনৰীয়াভাৱে হোৱা শাক মানিমুনি, খুতৰা, বনজালুক আদি আমি ভাজি খাব বা চাটনি খাব পাৰোঁ৷ আমাৰ সুলভ পাচলি কচু ভাজি, তৰকাৰী, পাতত দি খাব পাৰোঁ ৷ বেঙেনা, ভাতকেৰেলা, কোমোৰা, ৰঙালাউ, পানীলাউ, কলডিল আদি আমি ভাজি বা আঞ্জা খাব পাৰো ৷ কোমোৰা, ৰঙালাউ মাংসৰ লগত ৰান্ধি খাব পাৰোঁ ৷  লাইপালেং মাছৰ লগত জোল খাব পাৰি ৷ লফাশাক আলুৰ লগত ভাজি খালে বৰ ভাল লাগে ৷ বাবৰি শাকৰ লগত কণী ভাজি খালে বৰ ভাল লাগে ৷

এগৰাকী সুগৃহিণী বা ভাল ৰান্ধনি হবলৈ হলে বহু শিক্ষিতা হব লাগিব তেনে কথা নহয় ৷ এটা সুন্দৰ মনেৰে আগ্রহেৰে ৰন্ধা প্রত্যেকবিধ ব্যঞ্জনে সুস্বাদু হয়৷ বুদ্ধিমত্তাৰে অলপ কষ্ট কৰি বনোৱা আহাৰ নিষ্চয় সকলোৱে খাই ভাল পাব৷ সপ্তাহৰ প্রত্যেকসাঁজতেহ সকলো ধৰণৰ পুষ্টিকৰ খাদ্য অন্তর্ভুক্ত কৰিব চাব লাগে ৷ কেতিয়াবা একেবিধ বস্তুকে হলেও বেলেগ বেলেগ ধৰণে তৈয়াৰ কৰি পৰিৱেশন কৰিলে নিষ্চয় সকলোৱে খাই ভাল পাব ৷

You might also like
Leave A Reply

Your email address will not be published.