ডেষ্টিনেচন ৱেডিং

 

বিকাশ শইকীয়া

  • সাধাৰণ বিবাহতকৈ গন্তব্য স্থানৰ বিবাহ অর্থাৎ ডেষ্টিনেচন ৱেডি পৃথক কিয়

পূর্বপুৰুষৰ পৰাই অর্থাৎ ককাদেউতাৰ দিনৰ পৰাই আমি বিবাহৰ প্রয়োজনীয়তা, পদ্ধতি আৰু মর্যাদাৰ বিষয়ে জানি আহিছেছা৷ বিবাহৰ সঠিক উদ্দেশ্যক সন্মুখত ৰাখি ভিন্ন ভিন্ন পদ্ধতিৰে বিভিন্ন বিবাহ সম্পন্ন কৰা হৈছে যদিও বিবাহৰ মর্যাদাৰ কিন্তু সালসলনি ঘটা নাই৷ এই যে বিবাহৰ পদ্ধতিবোৰৰ সালসলনি হৈছে তাৰ কাৰণ মাত্র এটাই, সেয়া হল প্রজন্ম৷ নতুন নতুন প্রজন্মই নিজকে সময়ৰ সৈতে খাপ খুৱাবলৈ বিবাহৰ পদ্ধতিবোৰত কিছু সালসলনি ঘটাইছে৷ যাৰ ফলত বর্তমানৰ বিবাহবোৰে এক নতুনত্বৰ আখ্যা পাবলৈ সক্ষম হৈছে৷ বর্তমান প্রজন্মৰ মাজত খুবেই প্রচলিত এক চিনাকি বিবাহ প্রথা গন্তব্য স্থানৰ বিবাহ অর্থাৎ ইংৰাজীত ডেষ্টিনেচন ৱেডিং৷ এই বিবাহ প্রথাই আজিৰ প্রজন্মৰ মাজত এক সুন্দৰ আৰু সুকীয়া স্থান পাবলৈ সক্ষম হৈছে৷ যাৰ ফলত ককাদেউতাৰ দিনত যি পদ্ধতি আৰু পৰম্পৰাৰ মাজেৰে এখন সাধাৰণ বিবাহ আয়োজন কৰা হয়, তাৰ পৰা সম্পূর্ণ পৃথকৰূপে সম্পন্ন হয় এই গন্তব্য স্থানৰ বিবাহ৷ গন্তব্য স্থানৰ বিবাহৰ যি নীতি–নিয়ম, পৰম্পৰা আৰু পদ্ধতিক যদিহে সাধাৰণ বিবাহৰ যি নীতি–নিয়ম বা পৰম্পৰা আছিল সেই পৰম্পৰাক এৰি থৈ আহিবলৈ বাধ্য কৰিছে৷ ফলত উঠি অহা প্রজন্মই বিবাহৰ অন্য এক ৰূপ বা পদ্ধতি দেখিবলৈ পাব, যত আমাৰ সাধাৰণ বিবাহ বা পুৰণি পদ্ধতিৰ একো উল্লেখ নাথাকিব৷

  • ডেষ্টিনেচন ৱেডিঙৰ পদ্ধতিবোৰ কেনেকুৱা

ডেষ্টিনেচন ৱেডি অর্থাৎ গন্তব্য স্থানৰ বিবাহৰ পদ্ধতিৰ বিষয়ে উল্লেখ কৰিবলৈ হলে এই বিবাহৰ পদ্ধতি সাধাৰণ বিবাহৰ পদ্ধতিবোৰতকৈ সম্পূর্ণ পৃথক৷ সাধাৰণ বিবাহৰ যি নিয়ম–নীতি, সেই নিয়ম–নীতিবোৰৰো সালসলনি ঘটা দেখিবলৈ পোৱা যায় গন্তব্য স্থানৰ বিবাহবোৰত৷ গন্তব্য স্থানৰ বিবাহৰ যদি সৌন্দর্যতাৰ বিষয়ে চাবলৈ যোৱা হয়, তেন্তে প্রথমেই আহে বিবাহস্থলীৰ কথা৷ এই বিবাহ সর্বসাধাৰণতে বিলাসিতা আশ্রয় ভৱন আৰু ডাঙৰ আৰু সুন্দৰ বিবাহ ভৱনত সম্পন্ন কৰা হয়৷ বিলাসিতা আশ্রয় ভৱনেই হওক বা সুন্দৰ বিবাহ ভৱনেই হওক, এই স্থানবোৰত গন্তব্য স্থানৰ বিবাহৰ বাবে সাজসজ্জাত বহুগুণেই গুৰুত্ব দিয়া হয়৷ ফলত সাধাৰণ বিবাহৰ কিছু প্রচলিত পৰম্পৰাৰ পৰা বঞ্চিত হব লগা হয়৷ দ্বিতীয়তে গন্তব্য স্থানৰ বিবাহক সকলোৱে সুন্দৰৰূপে আদৰি লোৱাৰ অন্য এক কাৰণ হল এই বিবাহ যি স্থলীত পতা হয়, তাত দৰা আৰু কইনাৰ সৈতে তেওঁলোকৰ পৰিয়ালৰ কিছু লোক বিয়াৰ দুই–এদিনৰ আগৰ পৰাই থাকে আৰু লগতে দুয়োটা পৰিয়ালে মিলি বিবাহৰ সকলো কার্যত ওতপ্রোতভাৱে জডিত হৈ থাকে৷ গতিকে ডেষ্টিনেচন ৱেডিং অর্থাৎ গন্তব্য স্থানৰ বিবাহৰ এই পদ্ধতিক আজিৰ প্রজন্মই এনেবোৰ কাৰণতেই সুন্দৰৰূপে আঁকোৱালি লৈছে৷ কিন্তু গন্তব্য স্থানৰ বিবাহৰ এই পদ্ধতিৰ কিছুমান ঋণাত্মক দিশো আছে৷ এই পদ্ধতিবোৰক যদিহে আমাৰ আগৰ বিবাহ পদ্ধতিৰ সৈতে তুলনা কৰা হয়, তেন্তে দেখিবলৈ পোৱা যায় যে এই আধুনিক পদ্ধতিবোৰৰ বাবে কেৱল বিবাহৰ পদ্ধতিয়েই সলনি হোৱা নাই, পদ্ধতিৰ লগতেই বহু পৰম্পৰাৰো সালসলনি ঘটিল৷ ফলত আহিবলগীয়া প্রজন্মই বিবাহৰ সঠিক পৰম্পৰা আৰু মর্যাদাক বুজি পোৱাত জোঁটলাগিব পাৰে৷

†ডেষ্টিনেচন ৱেডি অসমত প্রচলিত কেনেকৈ হল

ডেষ্টিনেচন ৱেডিং অর্থাৎ গন্তব্য স্থানৰ বিবাহ আচলতে নতুন বিবাহ প্রথা নহয়৷ এই বিবাহ প্রথা বহু আগৰ পৰাই ভাৰতবর্ষৰ বাহিৰৰ বহু ঠাইত নতুন আৰু নিজা পদ্ধতিৰে সম্পন্ন কৰা হৈছিল৷ এই বিবাহ প্রথা ভাৰতৰ বাহিৰা ঠাইত যেতিয়া প্রচলিত আছিল, সেই সময়ত এই বিবাহ প্রথাই সামাজিক মাধ্যমত অন্য এক স্থান লবলৈ সক্ষম হৈছিল৷ ফলত আজিৰ প্রজন্মৰ বাবে প্রিয় আৰু ইচ্ছাৰ প্রথাৰূপে স্বীকৃতি পাইছে৷ গন্তব্য স্থানৰ বিবাহৰ যি পদ্ধতি আছিল সেই পদ্ধতি অসমত প্রচলিত হোৱাৰ আগত ভাৰতৰ চিনা–জানা ব্যক্তি অর্থাৎ চেলিব্রিটীসকলে আৰম্ভ কৰিছিল৷ সেই চেলিব্রিটীসকলৰ বাবেই অসমৰ আজিৰ প্রজন্মই আদৰি পোৱাত উঠিপৰি লাগিছে৷ আজিৰ প্রজন্মই যিহেতু সামাজিক মাধ্যমৰ লগত প্রায় জডিত থাকে, গতিকে সামাজিক মাধ্যমত প্রচলিত হোৱা নাইবা চেলিব্রিটীসকলক লৈ চর্চাত থকা এনেবোৰ প্রথাক আমাৰ আজিৰ সমাজখনে খুব সুন্দৰকৈ আদৰি লয়৷ ফলত কিছু শুদ্ধ আৰু কিছু ভুলৰ মাজেৰে সমাজখনে আগলৈ গতি কৰে৷ কিন্তু গন্তব্য স্থানৰ বিবাহ প্রথাক আদৰি লোৱাটো ভুল নহয় যদিও এই প্রথাৰ মাজেৰে এখন বিবাহ সম্পন্ন কৰোঁতে যদিহে পুৰণি পৰম্পৰাবোৰ কৰবাত থাকি আহে, তেন্তে সেই প্রথাক ভুলৰ তালিকাত ৰাখিলে তেওঁক ভুল বুলি কব নোৱাৰি৷ কিন্তু অসমত গন্তব্য স্থানৰ বিবাহৰ প্রথা বিশেষভাৱে প্রচলিত হোৱা নাই যদিও কম–বেছি পৰিমাণে প্রচলিত হৈছে৷ গতিকে পৰম্পৰা আৰু মর্যাদাক আগশাৰীৰ স্থান দি যদি এই বিবাহ আয়োজন কৰা হয়, তেন্তে এনে বিবাহ প্রথাক সদায় স্বাগতম৷

†ডেষ্টিনেচন ৱেডিং  সকলো শ্রেণীৰ লোকৰ বাবে প্রযোজ্য হয়নে৷

ডেষ্টিনেচন ৱেডিং অর্থাৎ গন্তব্য স্থানৰ বিবাহ এখন আয়োজন কৰাত বাজেটৰ কোনো নির্দিষ্টতা নাই৷ গন্তব্য স্থানৰ বিবাহসমূহ সর্বসাধাৰণতে বিলাসিতা আশ্রয় ভৱন আৰু ডাঙৰ বিবাহ ভৱনতেই পতা হয় যদিও এয়া কোনো বাধ্যতামূলক প্রক্রিয়া নহয়৷ এই বিবাহ নিজৰ সামর্থ্য অনুযায়ী ভিন্ন ভিন্ন ঠাইত সম্পন্ন কৰিব পৰা যায়৷ নিজৰ নিজৰ সামর্থ্যৰ বলত উপযুক্ত খৰচ বহন কৰি বিবাহ সম্পন্ন কৰা হয়৷ উচ্চ স্তৰৰ লোকসকলে উচ্চ প্রক্রিয়াৰে কোনো ৰিজর্ট নাইবা বিবাহ ভৱনত সর্বসাধাৰণতে যিদৰে এই বিবাহ সম্পন্ন কৰা হয়, তেনেদৰেই কৰিব পাৰে৷ আনহাতে মধ্যম শ্রেণীৰ লোকসকলেও এই বিবাহ আয়োজন কৰিব পাৰে যদিও সেই বিবাহত কোনো সুন্দৰ ৰিজর্ট নহবও পাৰে৷ কিন্তু সাধাৰণ এখন বিবাহ ভৱনতো নাইবা সামর্থ্যৰ ওপৰত নির্ভৰ কৰি এনে বহু ঠাই আছে, যত গন্তব্য স্থানৰ বিবাহ এখন সম্পন্ন কৰিব পাৰি৷ ইফালে, নিম্ন শ্রেণীৰ লোকৰো যদি গন্তব্য স্থানৰ বিবাহৰ দৰে বিবাহ কৰাৰ ইচ্ছা থাকে, তেন্তে তেওঁলোকৰ হয়তো এই বিবাহ সম্পন্ন কৰাৰ বাবে সিমান পৰিমাণৰ সামর্থ্য নহব যদিও এনে বিবাহৰ আর্হি প্রণালী, পদ্ধতি, পৰম্পৰা সকলো মানি চলিও এখন গন্তব্য স্থানৰ বিবাহৰ দৰেই বিবাহ সম্পন্ন কৰিব পাৰিব৷

সময়ৰ সৈতে খোজ মিলাবলৈ হলে আমি প্রতিটো দিশৰ পৰাই আগবািি আহিব লাগিব৷ তাৰে ভিতৰত মুখ্য তালিকাত আহে বিবাহৰ বিষয়টো৷ গতিকে গন্তব্য স্থানৰ বিবাহ অর্থাৎ ডেষ্টিনেচন ৱেডিঙৰ যি ঢৌ বলিছে সেই ঢৌৰ সোঁতত আমাৰ বিবাহৰ মান, মর্যাদা, পৰম্পৰাত যাতে কোনো ধৰণৰ আঘাত নাহে, তাৰে ওপৰত লক্ষ্য ৰাখি এখন বিবাহ সম্পন্ন কৰিলে সেই বিবাহক সদায় শুদ্ধ আৰু এখন সফল বিবাহৰূপে গণ্য কৰা হব৷ গতিকে গন্তব্যস্থানৰ বিবাহৰ ঢৌ অসমত বলক, কাৰণ আজিৰ প্রজন্মই এই বিবাহক সুন্দৰৰূপে আদৰণি জনাইছে, লগতে এনে এখন বিবাহে দৰা–কইনাৰ লগতেই পৰিয়াল প্রতিজন ব্যক্তিক এক ঘনিষ্ঠ কৰাৰ যি সুযোগ পোৱা যায়, সেই সুযোগ আজিৰ ব্যস্ততাৰ জীৱনত প্রতিজন ব্যক্তিয়ে পাওক৷ কিন্তু এনে বিবাহত সাজসজ্জা, সৌন্দর্যতা ইত্যাদিৰ ওপৰত লক্ষ্য দিয়াৰ লগতে মান, মর্যাদা আৰু পৰম্পৰাৰ ওপৰতো গুৰুত্ব ৰাখি বিবাহ সম্পন্ন কৰিলে এনে বিবাহক শুদ্ধ আৰু সুন্দৰ বিবাহৰূপে সদায় স্বাগতম৷

ফোন ঃ ৭০৮৬৫-৩১৩৬৮

You might also like
Leave A Reply

Your email address will not be published.