চয়নিকা দত্ত
প্রমোদ গোস্বামীৰ মৃত্যুৰ পিছত তেওঁৰ ব্যৱসায়ৰ সকলো দায়িত্ব লৈছে তেওঁৰ বৰপুত্র সমীৰে ৷ যোগ্যতা থকাৰ পিছতো নিজৰ কেৰিয়াৰৰ কথা নাভাবিলে ৷ বৰ শান্ত, ভদ্র আৰু নম্র স্বভাৱৰ মানুহ ৷
সমীৰৰ পত্নী অর্চনাই পদার্থ বিজ্ঞানত স্নাতক পাছ কৰিছে যদিও গৃহবধূ হৈয়ে দিন পাৰ কৰিছে ৷
বিয়াৰ পিছত তাই এবাৰ প্রাইভেট স্কুলত শিক্ষকতা কৰিবলৈ বিচাৰিছিল যদিও মাত্র ৩ হাজাৰ টকা দৰমহা বুলি শুনি শাহুৱেকে মুখ বিকটাই কৈছিল এই দুই পইচাৰ বাবে ঘৰৰ বোৱাৰী বাহিৰ ওলোৱাৰ কোনো দৰকাৰ নাই ৷
আচলতে তেতিয়া সকলোৱে তাইৰ সপোনক টকা–পইচাৰে জুখি চাইছিল, যাৰ বাবে তাইৰ সপোনৰ মৃত্যু ঘটিছিল ৷ সমীৰে অর্চনাৰ দুখ বুজিছিল যদিও মাকৰ মুখৰ ওপৰত কথা কোৱাৰ সাহস কৰা নাছিল ৷
সমীৰৰ সৰু ভায়েক অমৰ তথ্যপ্রযুক্তিৰ সংস্থাত কর্মৰত ৷
দুয়ো ভায়েকৰ মাজত বয়সৰ অনেক পার্থক্য থকা বাবে সমীৰৰ বিয়াৰ দহ বছৰৰ পিছত অমৰে বিয়া কৰায় নিজৰ অফিচৰ কলিগ নন্দিনীক ৷
সৰু বোৱাৰীক নিবলৈ অফিচৰ পৰা গাড়ী আহিব, ছার্ট পেণ্ট পিন্ধি অফিচলৈ যাব, এইবোৰ শাহুৱেকে আগৰ পৰাই গাঁৱৰ মানুহক কৈ থৈছিল ৷ সৰু বোৱাৰীৰ চাকৰি কৰা কথাটোত সম্পূর্ণ সন্মতি জনাইছিল শাহুৱেকে ৷ অর্চনাই সমীৰক কৈছিল যে মায়ে মান্তি নহলে উপায় নাছিল, কাৰণ নন্দিনী মোৰ দৰে নহয় ৷
তেতিয়া সমীৰে একো মাত মাতিব পৰা নাছিল ৷
বিয়াৰ দহ দিনৰ পিছতেই দুয়ো অফিচ জইণ্ট হৈছিল ৷
ঘড়ীত পুৱা সাত বাজিছে ৷
অর্চনা পাকঘৰৰ কামত ব্যস্ত ৷
পাছফালৰ পৰা শাহুৱেকে মাত লগালে
সোনকালে কৰা বোৱাৰী, সৰু বোৱাৰীৰ অফিচৰ গাড়ী আহি পাবহি ৷
অর্চনাই কেৰাহী তৰকাৰী লৰাই লৰাই কব ধৰিলে
অকলেই সকলো কৰি আছোঁ মা, অলপতো দেৰি হবই ৷
শাহুৱেকে কৈ উঠিল
বিৰাট মুখ চলে আজিকালি তোমাৰ ৷
অর্চনাই কেৰাহীৰ পৰা তৰকাৰী বেলেগ বাচনত থৈ দি কেৰাহীটো বেচিনত জোৰেৰে পেলাই দিলে ৷
বাপৰে বাপ বাচনৰ শব্দত কাণ ঘোলা কৰিবানে সৰু বোৱাৰীয়ে চাকৰি কৰে বুলি হিংসা হৈছে তোমাৰ সকলো বুজি পাওঁ মই ৷
শাহুৱেকৰ কথাত শাহুৱেকলৈ চাই কৈ উঠিল অর্চনাই
কি কলে মা আপুনি মই হিংসা কৰো নন্দিনীক
সেই সময়ত নন্দিনী পাকঘৰ আহি পালে ৷
তাই দেখিলে অর্চনাৰ চকুত চকুপানী ৷
পৰিস্থিতি শান্ত কৰাৰ বাবে তাই অর্চনাক কৈ উঠিল
সোনকালে ভাত দিয়া, পেটত জুই লাগিছে ৷
অর্চনাই অলপ সহজ হৈ তাইৰ ভাতখিনি সাজি দি কলে
তই ৰেডী হৈ টেবুলত বহগৈ, মই লৈ গৈ আছোঁ ৷
নন্দিনীক ভাত দি ৰুমলৈ আহিল তাই ৷ সমীৰে দোকানলৈ যাবলৈ ৰেডী হৈ আছিল ৷ সিহঁতৰ দহ বছৰীয়া সংসাৰত এটা সন্তানৰ আগমন ঘটা নাই, সেয়ে প্রায়ে অকলশৰীয়া অনুভৱ কৰে তাই ৷
অর্চনাই বিছনা পাৰি থাকি সমীৰক কলে
তোমাৰ মায়ে কৈছে মই হেনো নন্দিনীক হিংসা কৰোঁ ৷
সমীৰে কলে
বাদ দিয়াচোন মাৰ কথা, ইমান ধৰি থাকিলে চলিবনে
অর্চনাই হাঁহি মাৰি কলে
বাদ দিয়াৰ দায়িত্ব কেৱল মোৰেই তোমালোকৰ নাই
পৰিস্থিতি জটিল হব পাৰে বুলি সমীৰে অর্চনাৰ ওচৰলৈ আহি তাইৰ হাত দুখন ধৰি কলে
বলা, আজি চিনেমা এখন চাবলৈ যাওঁ, বহুদিন যোৱা নাই ৷
অর্চনাই হাত দুখন উচাট ভাল আঁতৰাই আনিলে আৰু কলে
কি কৰিলে মই ভালে থাকিলোঁ হয় সেয়া ভালকৈ জানা তুমি ৷ তথাপি তুমি মনে মনে থাকিলা ৷ আৰু নন্দিনীক চোৱা, ইমান ধুনীয়াকৈ নিজৰ সপোনক মর্যাদা দিছে ৷
তাইক চাই মোৰ গর্ব হয় হিংসা নহয় ৷
সমীৰে অর্চনাৰ কথা শুনি তাইক ওচৰলৈ টানি আনি কলে
দহ বছৰৰ আগৰ মাজনী আৰু আজিৰ মাজনীৰ মাজত বহু পার্থক্য আছে ৷ এতিয়া বহুখিনি সহজ হব পাৰিছে তেওঁ ৷
অর্চনাই হাঁহি মাৰি কলে
ভুল ৷ মোৰ সপোনক তোমালোকে টকাৰে জুখি চালা, সেয়ে মই হাৰি গলোঁ ৷
এইবুলি কাপোৰবোৰ লৈ ছাদলৈ গল তাই ৷
সমীৰ কিছুপৰ স্তব্ধ হৈ বহি ৰল, পিছত দোকানলৈ যাব ওলাওঁতে দেখিলে নন্দিনী ৰুমলৈ আহিছে ৷
সমীৰে কলে
অর্চনা ছাদলৈ গল, কিবা কব আছে যদি ছাদলৈ গৈ কোৱা ৷
নন্দিনীয়ে হাঁহি মাৰি কলে
তেওঁ নাই বাবেই আহিছোঁ, আপোনাৰ লগতেই কথা আছে ৷
সমীৰে আচৰিত হৈ সুধিলে
মোৰ লগত আকৌ কি কথা আছে
নন্দিনীয়ে হাঁহি মাৰি কলে
কালি অমৰে কলে বাইদেউ হেনো পঢ়া–শুনাত বহু ভাল আছিল ৷
সমীৰেও হাঁহি মাৰি কলে
অ, পদার্থ বিজ্ঞান লৈ পঢ়িছিল, চাকৰিও কৰিব বিচাৰিছিল, কিন্তু মায়ে নামানিলে আৰু ময়ো সেই সময়ত মাক মুখৰ ওপৰত একো নকলোঁ ৷
সমীৰৰ কথা শুনি নন্দিনীয়ে কলে
সিদিনা মাৰ কথা নুশুনা হলে আজি বাইদেউৰ মনৰ অৱস্থা এনে নহয় ৷
পাছফালৰ পৰা শাহুৱেকে সকলো শুনি আছিল ৷
এতিয়া সকলো দোষ এই বুঢ়ীৰ গাত দুটা পইচাৰ বাবে ইমান ৰদত দেহা পুৰাৰ দৰকাৰ কি সেই ভাবিয়েই বাধা দিছিলোঁ, কিন্তু সেইবুলি ইমান পুৰণি কথাৰ বাবে সৰু বোৱাৰীৰ আগত বাচন পেলাই
শাহুৱেকে কৈ উঠিল ৷
আ হা মা, তুমি আকৌ আৰম্ভ কৰিলা
সমীৰে কৈ উঠিল ৷
মা আপুনি কেৱল বাচনৰ শব্দহে শুনিছে, কিন্তু মই বাইদেউৰ অন্তৰৰ কান্দোন, দুখ–যন্ত্রণা সকলো শুনিবলৈ পাইছো ৷ যিজনী ছোৱালীয়ে নিজৰ সংসাৰখনৰ বাবে নিজৰ সকলো সপোন জলাঞ্জলি দিছে, সেইজনীয়ে অন্ততঃ কাকো হিংসা কৰিব নোৱাৰে ৷ আৰু মা সপোন যিমানেই সৰু নহওক কিয় যিয়ে দেখে তেওঁৰ বাবে সেয়া বহু ডাঙৰ ৷
এইবুলি কৈ নন্দিনী ওলাই গল ৷
সন্ধিয়া অর্চনাই ছিৰিয়েল চাই আছিল, আৰু আটা মাৰি আছিল ৷ নন্দিনী আহি ঘৰ সোমালহি, অর্চনাই হাতখন ধুই কলে
আহি পালি অলপ বহ, চাহ বনাওঁ ৷
নন্দিনী অর্চনাৰ ওচৰলৈ আহি তাইৰ ভিজা হাত দুখনত ধৰি কলে
অলপ বহাচোন, মই তোমাৰ বাবে কিবা এটা আনিছোঁ ৷
অর্চনাই আচৰিত হৈ সুধিলে
মোৰ বাবে আকৌ কি আনিলি
নন্দিনীয়ে তাইৰ বেগৰ পৰা কেইখনমান কিতাপ উলিয়াই ললে আৰু অর্চনাৰ হাতত তুলি দিলে ৷
অর্চনাই অবাক হৈ কলে
এইবোৰচোন পদার্থ বিজ্ঞানৰ কিতাপ এইবোৰ মই কি কৰিম
কি আৰু কৰিবা পঢ়িবা, চর্চা আৰম্ভ কৰিব লাগিবতো ৷
নন্দিনীয়ে সহজভাৱে কৈ উঠিল ৷
কি কৈছ একোৱেইচোন ধৰিব পৰা নাই ৷
অর্চনাৰ প্রশ্নত নন্দিনীয়ে মিচিকিয়া হাঁহি মাৰি কলে
অহা মাহৰ পৰা তুমি অনলাইন কোচিং কৰাবা, তোমাৰ হাতত ১৫ দিনমান সময় আছে, ভালকৈ প্রস্তুত হৈ লোৱা ৷
অর্চনাই হাঁহি মাৰি কলে
ধেৎ, এই বুঢ়া বয়সত এইবোৰ কিবা মূৰত আছেনে কোন যুগতে পঢ়া এইবোৰ ৷
নন্দিনীয়ে অর্চনাৰ হাত দুখন ধৰি কলে
আমি কোনেও একো নাপাহৰোঁ বাইদেউ ৷ তুমি পাৰিবা, মোৰ বিশ্বাস আছে ৷ তুমি সকলোকে দেখুৱাই দিব লাগিব যে এই দহ বছৰতো তুমি তোমাৰ সপোন পাহৰি যোৱা নাই ৷ তুমি পাৰিবই লাগিব, নহলে মই হাৰি যাম ৷
অর্চনাই নন্দিনীৰ গাল দুখনত ধৰি কলে
কি আৰম্ভ কৰিলি এইবোৰ মই এইবোৰ কৰিলে সংসাৰ কেনেকৈ চলিব
নন্দিনীয়ে কলে
সকলো চলিব, দহ বছৰচোন সংসাৰ কৰিলা, এতিয়া সংসাৰৰ লগত নিজৰ যুদ্ধখনো আৰম্ভ কৰি দিয়া ৷ আৰম্ভ তুমি কৰিবই লাগিব ৷ সংসাৰৰ নিয়ম অলপ ইফাল–সিফাল হবলৈ দিয়া, ক্ষতি নাই ৷
অর্চনাই কঁপা কঁপা মাতেৰে কৈ উঠিল
ভাবি চাওচোন
নন্দিনীয়ে হাঁহি মাৰি কলে
মই চাহ বনাই আনো, তুমি বহা ৷
অর্চনাই নন্দিনীৰ হাতখনত টানি ধৰি কলে
কোনোদিনেই তোক হিংসা কৰা নাই, বিশ্বাস কৰ ৷
নন্দিনীয়ে অর্চনাৰ হাত দুখনত ধৰি কলে
যেতিয়া মই অফিচলৈ যোৱাৰ সময়ত তুমি মোক খাবলৈ সাজি দিয়া, তেতিয়া তোমাৰ মাজত মই মাক বিচাৰি পাওঁ ৷ এতিয়া তুমিয়েই কোৱা মাকে জানো সন্তানক হিংসা কৰিব পাৰে
অর্চনাৰ চকু চলচলীয়া হৈ পৰিল, নন্দিনীৰ কপালত চুমা এটা খালে ৷
অলপ পৰ পিছত বাহিৰলৈ যাওঁ বুলি থমকি ৰল নন্দিনী ৷
অর্চনাই ৰুমত বহি লৈ কিতাপবোৰ ওলোটাই–পালটাই চাই আছিল ৷
নিজে নিজেই তৃপ্তিৰ হাঁহি এটা মাৰিলে নন্দিনীয়ে ৷
ফোন : ৮৩৯৯৯-৮২২৫৪