সমীকৰণ

ৰুশ্মিকা দাস

ঘৰচিৰিকা চৰাই দুটাই চকুৰ পচাৰতে চাউলকেইটা খাই সাউৎকৈ উৰি গল ৷ যাওঁতে কিচিৰ–মিচিৰকৈ কিবাকিবি দুটামানো যেন তাইক শুনাই গল ৷ আঘোণীয়ে বাৰাণ্ডাৰ খুঁটাটোতে আউজি চাই থাকিল ৷ চায়েই থাকিল উদ্দেশ্যহীনভাৱে ৷ সেই সময়তে আলিবাটেৰে সুহুৰিয়াই কোনোবা এটা চফল ডেকা চাইকেলেৰে পাৰ হৈ গল ৷

সৌটো খগেন দাইটিৰ লৰা গজেন নহয় নে

হা… হুম্… আঘোণী যেন টোপনিৰ পৰাহে খকমককৈ সাৰ পাই উঠে ৷

চাদৰৰ আঁচলখন ঘূৰাই আনি চাদৰৰ আগটো কঁকালত খুঁচি লৈ আঘোণী খৰখেদাকৈ ভিতৰলৈ যাব খোজে ৷ কন্দর্পই আঘোণীৰ হাত এখনত থাপ মাৰি ধৰি গাৰ কাষলৈ চপাই আনে ৷

মই অহাৰ পৰাই লক্ষ্য কৰিছোঁ, তই যেন মোৰ পৰা আঁতৰি আঁতৰি ফুৰিছ

–কন্দর্পই আঘোণীৰ থুঁতৰিটোত ধৰি জোকাৰি দিয়ে ৷ তাই নিমাত ৷ যেন নিষ্প্রাণ এটি প্লাষ্টিকৰ পুতলাহে ৷ চাবি দিলেই এই লৰচৰ কৰিব আৰু নিদিলেই যেন থৰ লাগি ৰৈ থাকিব ৷ তেনেই অসাৰ সকলো ৷

কি হৈছে তোৰ এতিয়াও তই মোৰ উত্তৰ নিদিয়াকৈ ভিতৰলৈ লৰ মাৰিব খুজিছ কিয় এনে কৰিছ আঘোণী ?

আঘোণী তলমূৰ কৰি ৰয় ৷ কি কব তাই কন্দর্পক কন্দর্পহঁতৰ দৰে আঘোণীৰ টকা–পইচা নাই ৷ লাগ বুলিলেই আকাশৰ জোনবাইটো আনি লব পৰাকৈ তাইৰ সামর্থ্যও নাই ৷

জোনবাইৰ দেহত কলা দাগ থাকিব পাৰে, কিন্তু সেই দাগ সূর্যৰ পোহৰে ঢাকি ৰখাৰ দৰে আঘোণীৰ দৰে মানুহক মানসিক স্থিতি তথা শান্তি দিব পৰাকৈ তাইৰ লগত আপোন বুলিবলৈ কোনোৱেই নাই ৷ তথাপি মাতলৈ বোললৈকে আপোন বুলিবলৈ যদি আছে তেনেহলে কন্দর্পৰ মাকেই আছে ৷ আৰু সেইজনী মানুহৰে কথা তাই পেলাব নোৱাৰে ৷

ওঁহো

সেয়া মিছা কথা ৷ নোৱাৰে তাই ৷ লাগিলে তাৰ বাবে নিজৰ কলিজাটোকে চিৰদিনৰ বাবে বন্ধকত দিব লগা নহওক কিয়

কন্দর্প চোতালতে থৰ লাগিল ৷ তাৰ বুকুৰ আপোন আঘোণীজনী যেন আজিকালি সলনি হৈছে ৷ কন্দর্প কন্দর্প বুলি পিছে পিছে লাগি থকা আঘোণীৰ এই পৰিৱর্তনে তাক খাবলৈ শুবলৈ শান্তি দিয়া নাই ৷ কতো তাৰ মন নবহে ৷ কলেজৰ পৰীক্ষা আৰু ছেমিনাৰবোৰ হৈ থকা বাবেই সি ব্যস্ত হবলগীয়া হৈছিল দুদিনমান ৷ সেয়ে আঘোণীৰ খবৰ লবলৈও তাৰ সময় হোৱা নাছিল ৷ একেবাৰে ঘৰলৈ আহিয়েই আঘোণীক ছাৰপ্রাইজ দিম বুলি ভাবোঁতে সিহে আঘোণীৰ পৰা ছাৰপ্রাইজটো পালে ৷ নে আঘোণীৰ তাৰ ওপৰত অভিমান এয়া কিন্তু তাইতো ইমান মান অভিমান তাৰ ওপৰত আজিলৈকে কেতিয়াও কৰা নাই ৷ বৰঞ্চ সিহে আঘোণীৰ ওচৰত মৰমৰ আব্দাৰতে অভিমান জুৰে পিছত আকৌ তাইৰ এষাৰ মৰমৰ মাজতে সি জহি–খহি পৰে ৷

তোৰ বিয়াৰ বাবে ছোৱালী আমিয়েই চাই মেলি ঠিক কৰিছোঁ ৷ তোৰ ছুটী মিলাব পাৰিলেই অহা বহাগতে বিয়াখন পাতিব পাৰোঁ ৷

কিন্তু মা

কন্দর্পৰ কোনো কথা শুনিবলৈ মাক সেই ঠাইত ৰোৱা নাছিল ৷ দুৱাৰৰ সিপাৰে পর্দাৰ সিপাৰত ৰৈ থকা আঘোণীৰ শেঁতা পৰা মুখখনে কন্দর্পক যেন সকলো উত্তৰ দি গল৷ আঘোণীৰ তাৰ প্রতি কৰা অৱহেলা আৰু নিৰুদ্বেগৰ কাৰণ সি তেতিয়াহে বুজি উঠে ৷

কন্দর্পৰ ছুটীৰ দিন শেষ হৈছে ৷ মাজত মাথোঁ এটা দিন ৷ মাকৰ কথা ৰাখিবলৈকে সি মাজবাটৰ ছোৱালী এজনীও চাই আহিলেগৈ, কিন্তু তাৰ মনটো যেন আঘোণীৰ ওচৰতে ৷ বাৰে বাৰে তাৰ আঘোণীৰ মুখখনহে মনলৈ আহি থাকিল ৷ ছোৱালী চাই অহাৰ দিন ধৰি আঘোণী তাৰ সন্মুখলৈ প্রায় নহাৰ দৰে হৈছে ৷ অনবৰতে গোমোঠা মুখ এখন লৈ ঘূৰি থকা আঘোণীলৈ মাজে মাজে তাৰ অৱশ্যে খং নুঠাও নহয় ৷

হওঁতে কন্দর্পৰ একোৰে অভাৱ নাই ৷ আজিয়েই আঘোণীক পলুৱাই নিবলৈও পাৰে ৷ কিন্তু তাই কথাটো মানি লবলৈকে নিবিচাৰে ৷ আনকি কন্দর্পই কথাবোৰ ভালদৰে বুজাই দিবলৈকো আঘোণীয়ে তাক সুবিধা অকণ দিয়া নাই ৷

কন্দর্পৰ ককাকৰ দিনৰে পৰা কোচবিহাৰৰ দম্পতী এহাল সিহঁতৰ ঘৰত থাকিবলৈ লৈছিল ৷ এবাৰ ককাকে কর্মস্থানৰ পৰা ঘূৰি আহোঁতে এই মানুহহালকো লৈ আহিছিল ৷ ঘন ঘন কলা কেঁকোৰা চুলিৰে মিঠাবৰণীয়া বঙালী মানুহটোৰ লগত লাজুক লাজুক ভাৱেৰে ৰঙা শাৰীৰ ওৰণিৰ তলত নতুনকৈ বিয়া কৰোৱা তাৰ মানুহজনী ৷ প্রায় কিলাকুটিৰ ওচৰলৈকে দুহাতভৰা ৰঙা ৰঙৰ আইনাৰ খাৰু ৷ সেন্দূৰেৰে ৰাঙলী কৰি থোৱা সেওঁতাৰে নকইনাজনীক কন্দর্পৰ মাকে আপোন কৰি লৈছিল ৷ নিজৰ পো–বোৱাৰীৰ দৰে মৰম–চেনেহেৰে ৰাখিছিল তেওঁ ৷ মাতলৈ বোললৈ বুলি সকলোতে সিহঁত হালেই কন্দর্পৰ মাকৰ ওচৰে–পাঁজৰে থাকি আৱৰি ৰাখিছিল ৷

এদিনাখন সামান্য নৰিয়াতে হালেই এটাৰ পিছত এটাকৈ নোহোৱা হল ৷ সিহঁতৰ মৰমৰ চিনস্বৰূপে থাকি গল আঘোণী ৷ তেতিয়া কন্দর্পৰ বয়স ন নে দহ বছৰ ৷ আঘোণী প্রথমমানলৈ গৈছিলহে ৷ সেই বয়সতে মাক–দেউতাকক হেৰুৱাই নিঠৰুৱা হোৱা ছোৱালীজনী কন্দর্পৰ দেউতাকে মাকৰ হাতত সঁপি দিছিল ৷

আজিৰ পৰা এই দায়িত্ব তোমাৰ ৷

কন্দর্পৰ মাকেও বিনাদ্বিধাই আঘোণীক বুকুৰ মাজলৈ চপাই লৈছিল ৷

আজিৰ পৰা তোৰ দ্বিতীয়জনী মাৰাৰ ময়েই ৷

আঘোণীক তেওঁ বুকুৰ মাজত লৈ চুমাৰে ওপচাই দিছিল ৷

কিন্তু সময়ত আঘোণী আৰু কন্দর্পৰ সম্পর্কই বেলেগ ৰূপ লৈছিল ৷

তই মোৰ ভনী হবই নোৱাৰ তইতো ৰামেশ্বৰ খুৰাৰহে ছোৱালী ৷

আঘোণীয়ে কন্দর্পক মুখ ভেঙুচালি কৰি দেখুৱায় ৷

কন্দর্পই লৰ মাৰি খেদি যায় ৷ এটা সময়ত ফোঁপাই–জোপাই আঘোণী নৰানিৰ ওপৰতে মুখ থেকেচা খাই পৰে ৷ কন্দর্পই ৰং পাই হাতচাপৰি বজায় ৷

চা চা চোকা কুকুৰৰ মুখত ঘা ৷

তাৰ কথা শুনি আঘোণীৰ খঙত দুগাল ৰঙা হৈ পৰে ৷ কন্দর্পক চোঁচা মাৰি খেদিবলৈ বুলি উঠিব খোজেজাতেই পথাৰৰ আলতীয়া মাটিত সোঁভৰিটো সোমাই বেছিকৈ লাগিহে ধৰে ৷ কন্দর্পই ওচৰলৈ গৈ কপালতে চুমা এটি খাই লৰ দিয়ে ঘৰলৈ ৷

আঘোণীয়ে লাজতে কোঁচ–মোচ খাই নৰানিৰ ওপৰতে বাগৰি দীঘল দীঘলকৈ উশাহ লয় ৷ প্রতিটো উশাহতে তাই যেন অনুভৱ কৰে কন্দর্পৰ উপস্থিতি ৷

উফ্ কি যে ভাল লগা ৷

এখিনিমান মিঠা মিঠা বিষে আঘোণীৰ বুকু হেঁচা মাৰি ধৰে ৷

পৃথিৱীত সকলো মানুহেই নিঃসংগ, একান্তই কিছু ব্যক্তিগত অনুভৱ কেৱল নিজৰ বুকুতহে কঢ়িয়াই লৈ ফুৰিব পাৰে, যত কাৰোৱে স্পর্শ বা অনুভৱ কৰাৰ সাধ্য নাই ৷ আঘোণীয়ে মনে মনে তাকেই ভাবে ৷ তাইৰ বুকুতো যে কিহৰ তাড়না সেয়া তাইহে বুজে ৷ প্রেমৰ আন এটি নাম যদি ত্যাগ তেনেহলে সেয়া কৰিবলৈও তাই সদা প্রস্তুত ৷ কিন্তু কোৱাৰ দৰেই সকলো ইমান সহজ নে তাই কোনো ঈশ্বৰ বা মহান আত্মা নহয় ৷ কিন্তু কৰিব যে লাগিব ৷ একলব্যই গুৰু দক্ষিণা দিয়াৰ দৰে তাইৰো যে সময় সমাগত সেই কথা আঘোণীয়ে বুজি উঠিছে ৷

নাই নাই ৷ তাইক তুলি–তালি মাকৰ মৰম–চেনেহবোৰ দিলোঁ বুলিয়েই এজনী বাঙালী ছোৱালীক মোৰ লৰালৈ বিয়া কৰাই আনিম৷ সেয়া ধুৰূপ মিছা ৷ মোৰ লৰাৰ সমাজত ষ্টেটাছ আছে ৷ আমাৰ কি সমাজত নাম নাই সমাজে নাহাঁহিব এজনী অজাতি ছোৱালীক তুমি বোৱাৰী হিচাপে গ্রহণ কৰিব পাৰিলেও মই অন্ততঃ নোৱাৰোঁ ৷

হেৰা শুনাচোন

বৰুৱাই বৰুৱানীক কিবা বুজাবলৈ চেষ্টা কৰে যদিও পিছৰখিনি আৰু তাইৰ শুনাৰ ধৈর্য নাথাকে ৷

শুবলৈ যোৱাৰ আগে আগে পানীৰ জাৰটো দিবলৈ আহি হঠাতে বৰুৱানীৰ তর্জন–গর্জন শুনি আঘোণীৰ খোজ থমকি ৰৈছিল ৷ নাম কাঢ়ি নকলেও যে সেয়া কন্দর্প আৰু আঘোণীৰ কথাকে আলোচনা হৈছে তাই বুজে ৷ পানীৰ জাৰটো দিবলৈ এখোজ আগবঢ়াই পুনৰ দুখোজ পিছুৱাই আহে ৷ এই মুহূর্তত বৰুৱানীৰ কোঠালৈ নোযোৱাটোৱে ভাল হব বুলি আঘোণীয়ে নিজৰ কোঠালৈ উভতি আহে ৷

পিছদিনা পুৱাতে উঠি বৰুৱানী আঘোণীৰ ওচৰ পাইছিলগৈ ৷ বৰুৱানীক কি কব নকব একো ভাবি নাপাই আঘোণীয়ে নিজকে জোখতকৈ বেছি ব্যস্ত কৰি ৰাখিব খুজিছিল ৷ মঠি থোৱা আটাখিনিকে পুনৰ মঠি আছিল ৷ এই যেন আজি মঠা কামটো শেষেই নহব ৷ আগনিশা টোপনি নহা বাবে চকু দুটা পুৰিছিল যদিও সেই সময়ত সেই বিষ যন্ত্রণা নূন্মতম হৈ পৰিল ৷

শুন আঘো

হাঁ বৰমা আপুনি, আ পু নি কেতিয়া আহিল ৷ মই চাহ কৰিছোঁ ৷ হলেই আৰু ৰব ৷

নহয় মই তোক অন্য এটা কথা কবলৈহে আহিছিলোঁ ৷

কওক বৰমা

আঘোণীৰ দুহাত থমকি ৰৈছিল ৷ আগন্তুক ধুমুহাজাকৰ অনুমান তাই ঠিকেই ধৰিব পাৰিছিল ৷

তোক যি লাগে ল কিন্তু মোৰ লৰাটোক তই এৰি দে ৷ জানইচোন তই মোৰ একমাত্র সন্তান সি ৷ তাক লৈ মোৰ সপোন বহুত ৷

বৰুৱানীয়ে তাইৰ ফালে মূৰ কৰি কথাষাৰ কলে যদিও আঘোণীৰ বৰুৱানীৰ চকুত চকু মিলাবলৈ সাহ নহলে ৷ এই যেন ধৰা পৰি যাব ৷ আঘোণীৰ দুচকু পানীৰে চপচপীয়া হৈ পৰে ৷ আজি যেন চকুহাল জোখতকৈ বেছিহে পুৰিছে ৷

চকুহাল চাদৰৰ আগটোৰে মোহাৰি লৈ লৰালৰিকৈ আঘোণীয়ে ৰুটী এখন উতলিবলৈ লোৱা গৰম তেলখিনিত দিবলৈ লওঁতে তেল অলপ উফৰি আহি তাইৰ ডিঙিয়ে–বুকুৱে পৰে ৷

আস্

এই যন্ত্রণা যে আজীৱন বুকুত বহিবলৈ লোৱা দাগটোতকৈ তেনেই নগণ্য ৷ ৰুটীখন অন্যমনস্ক্ভাৱে লৰাই থাকে তাই ৷ আঘোণীহঁতৰ দৰে সৰু মানুহৰো যে মান–ভিমান বুলি কিবা থাকে, সেয়া বুজিবলৈ বৰুৱানী অসমর্থ ৷ কিন্তু আঘোণী সমর্থৱান ৷ তাই বুজে, জানে ৷ নিজৰ অস্তিত্বক তাই কেতিয়াও আনৰ ওচৰত বেচিব নোখোজে ৷ অথচ তাৰ বাবে কিবা হেৰুৱাবলগীয়া হলেও হওক ৷

বৰমা ৷ আপুনিও যে যা তা কথাবোৰ ভাবি থাকে ৷ কন্দর্পক মই বাৰু কেনেকৈ সেই আসনত বহুৱাব পাৰোঁ চাওকচোন বৰমা মই কত আৰু আপুনি কত গতিকে সেইবোৰ লৈ আপুনি চিন্তাই নকৰিব ৷ বিয়াৰ যা–যোগাৰ কৰক আপুনি ৷ বাকী চম্ভালিবলৈ মইতো আছোঁৱে ৷

এহ্ চাচোন বৰদেউতাৰে মিছাতেই কথাবোৰ দকৈ চিন্তা কৰে ৷ মই জানো নহয় তই যে তেনে কাম নকৰ

বৰুৱানীয়ে ফোনটো কাণত লৈ হবলগীয়া বিয়ৈনীক খবৰটো দিবলৈ খৰখেদাকৈ পাকঘৰৰ পৰা ওলাই যায় ৷ কন্দর্পই দুৱাৰমুখৰ পৰাই সকলো শুনি উচাৎ মাৰি তাইলৈ নোচোৱাকৈ গুচি যায় ৷

আঘোণী থকা ঠাইতে থৰ লাগে ৷ কেৰাহীত কেতিয়াবাই দিয়া কলা পৰি ধোঁৱা ওলাবলৈ লোৱা ৰুটীখন ডাষ্টবিনত পেলাবলৈ লৈ আঘোণী থমকি ৰয় ৷ আজিৰ পৰা আঘোণীৰ কলিজাটোৰ বৰণো ঠিক এনেকুৱাই হল ৷ এবাৰ কাৰোবাক দিয়া হিয়াখন জানো পুনৰ কাৰোবাক দিব পৰা যাব ৷ ঠিক এই দেই যোৱা ৰুটীখন পুনৰ আগৰ অৱস্থালৈ ঘূৰি নহাৰ দৰে ৷ কন্দর্পই এদিন কাৰোবাক বুজাই থকা আঘোণীয়ে শুনিছিল পুনৰ আগৰ অৱস্থা ঘূৰাই নোপাৱাটোৱেই বোলে কিবা নট্ ৰিভার্ছেবল্ নে ই–ৰিভার্ছেবল্ চেঞ্জ ৷ আঘোণীয়ে ভালকৈ মনত পেলাবলৈ চেষ্টা কৰি অৱশেষত বুজি উঠে ৷

তাৰ মানে তাইৰো

আঘোণীয়ে ঠিকেই বুজে জীৱনটোও যে এটা ৰাসায়নিক সমীকৰণ ৷

ফোন : ৭৮৯৬৪-৯৫৮৩১

You might also like
Leave A Reply

Your email address will not be published.