নমিতা মেধি ডেকা
: ৰিমি, পিংক নহয় পার্পলযোৰেহে ভাল লাগিব৷ সেইযোৰেই পিন্ধানা৷
ভাল লাগি যায় ৰিমিৰ মনটো৷ বিয়াৰ পিছত আজি প্রথমবাৰ ৰিমি মাকৰ ঘৰলৈ যাবলৈ ওলাইছে ঋষভৰ লগত৷ পিন্ধা কাপোৰসাজ পছন্দ কৰি দিছে ঋষভে৷ সুখী হৈ পৰে তাই৷ পিন্ধি লয় ৰিমিয়ে ঋষভৰ পছন্দৰ কাপোৰসাজ৷ দীঘল চুলিকোছাৰে তললৈ ওলোমাই বান্ধি লোৱা খোপাটোৰ শলাডাল টান মাৰি খুলি দিয়ে ঋষভে৷
: এতিয়াহে ভাল লাগিছে৷ মেলি লোৱা চুলিখিনি৷
ৰিমিয়ে ডিঙি–কাণত পিন্ধি লোৱা সোণৰ অলংকাৰবোৰলৈ চাই ঋষভে কয়
: তোমাৰ ষ্টাইলৰ সৈতে মেট্ছ কৰা নাই৷
প্রশ্ণবোধক চাৱনিৰে চাই ৰয় ৰিমিয়ে ঋষভলৈ৷ ড্রেছিং টেবুলৰ ওপৰত পৰি থকা গহনাৰ বাকচকেইটা খুলি চাই অসমীয়া গহনাৰ সোণালী মণিৰে থকা লোকাপাৰৰ ছেটটো উলিয়াই তাইৰ ডিঙিত পিন্ধাই দিয়ে৷ এইটো ভাল লাগিব৷
পিন্ধি লয় ৰিমিয়ে ঋষভৰ পছন্দৰ গহনা৷ এই সৰু সৰু কথাবোৰতেই ৰিমিয়ে বিচাৰি পায় সুখৰ অনুভূতি৷
এক সপ্তাহ আগতে ৰিমি আৰু ঋষভৰ ধুমধামেৰে বিয়া হৈ গৈছে৷ এক মাহ আগলৈ সম্পূর্ণ অচিনাকি লৰা–ছোৱালী এহাল আজি স্বামী–স্ত্রীৰ সম্পর্কৰে বান্ধ খাই পৰিছে৷ ৰিমিৰ সম্পর্কীয় খুৰীয়েক এজনীয়ে ৰিমিক দেখুৱাইছিল ঋষভলৈ৷ দুয়োখন ঘৰৰ মানুহৰে প্রথম চা–চিনাকিতেই লৰা–ছোৱালী পছন্দ হৈছিল৷ ৰিমিৰো আপত্তি কৰিবলৈ কোনো থল নাছিল যদিও এমাহৰ ভিতৰতে বিয়াৰ তাৰিখ ঠিক হোৱাত ভিতৰি ভিতৰি কঁপিছিল তাই৷ মনত শংকা হৈছিল সম্পূর্ণ অচিনাকি মানুহ এজনৰ সৈতে, অচিনাকি ঘৰ এখনৰ সৈতে তাই হঠাতে মিলিব পাৰিবনে ঋষভৰ বিষয়ে তাই জানেইবা কি কিন্তু বিয়া ঠিক হোৱাৰ পিছত ৰাতি ৰাতি ঋষভৰ সৈতে কথা পাতি দুয়ো বহুখিনি বুজিছিল ইজনে সিজনক৷ ঋষভৰ মৰমসনা কথাত পমি গৈছিল ৰিমি৷ ভাল পাবলৈ লৈছিল ঋষভক৷ পত্নী হোৱাৰ পূর্বে প্রেমিকা হব বিচাৰিছিল ৰিমিয়ে৷ আঁকোৱালি লৈছিল ৰিমিৰ চিন্তাধাৰাক ঋষভে৷
এতিয়া বিয়াৰ পিছত ঋষভে ৰিমিৰ প্রতি ৰখা সৰু সৰু মনোযোগবোৰে ভৰাই তোলে তাইৰ মন৷ এদিন দুদিনকৈ আগবািি যায় দিনবোৰ৷ দুদিন পিছত মধুচন্দ্রিকা যাপনৰ বাবে দুয়ো ছিমলালৈ যোৱাৰ কথা৷ ৰিমিৰ কাপোৰৰ বেগ ভৰি পৰিছে ঋষভৰ পছন্দৰে৷ ঋষভৰ পছন্দৰ গাা নীলা ৰঙৰ, কলা ৰঙৰ জীনছ্ আৰু তাৰ লগত মিলাকৈ ধুনীয়া ধুনীয়া ডিজাইনৰ টপবোৰ পিন্ধি শ্বপিং মলৰ ড্রায়েল ৰুমৰ পৰা লাজ লাজকৈ ওলাই আহিছিল কোনোদিনে জীনছ্ পিন্ধি নোপোৱা ৰিমিয়ে৷ ইটোৰ পিছত সিটো পিন্ধি দেখুৱাইছিল ঋষভক৷ শেষত গৈ ঋষভৰ পছন্দ মতেই জীনছ্ দুটাৰ সৈতে টপ কেইটামান লৈছিল৷ লগত মিলাকৈ জোতা, জেকেট সকলো কিনিছিল ঋষভে ৰিমিৰ বাবে৷ জোখটো মাথোঁ ৰিমিৰ আছিল, বাকী সকলো পছন্দ ঋষভৰ৷ ঋষভে কাপোৰবোৰ চাই থাকোঁতে ৰিমিয়ে মাথোঁ চাই আছিল ঋষভলৈ৷ মৰম লাগি গৈছিল তাইৰ ঋষভলৈ৷ প্রেমত পৰিছিল ৰিমিয়ে ঋষভৰ৷ বুকুৰ মাজত কিবা এটাই হেন্দোলনি তুলিছিল৷ ঢৌ তুলিছিল মিঠা মিঠা প্রেমৰ অনুভূতিয়ে৷
ছিমলালৈ যোৱাৰ আগদিনা বেগত বস্তু ভৰোৱাত ব্যস্ত হৈ থকা ৰিমিলৈ একান্তমনে চাই থকা ঋষভে হঠাতে দিয়া প্রস্তাৱত চক খাই উঠিছিল ৰিমি৷
: ৰিমি, ছিমলালৈ যোৱাৰ আগতে নিউ হেয়াৰ কাট এটা কৰি লবা নেকি ভাল লাগিব৷
কঁপি উঠিছিল এক মুহূর্তলৈ ৰিমি৷ সকলোৱে প্রশংসা কৰা তাইৰ চুলিকোছা কোন সতেৰে কাটিব পাৰে কিমান যে যত্ন লয় তাই চুলিকোছাৰ৷ তাইৰ চুলিকোছা যেনেকৈ বহুতৰ বাবে প্রশংসনীয়, ঠিক তেনেকৈ বহুতৰ বাবে ঈর্ষাৰো পাত্র৷ তাইৰ জলক–টপক চকুহালি দেখি বুজিছিল ঋষভে ৰিমিৰ মনটো৷ ওচৰতে বহি সাবটি লৈছিল তাইক দুয়ো হাতেৰে৷ আঁকোৱালি লৈছিল ঋষভৰ পূৰঠ ওঁঠযুৰিৰে ৰিমিৰ কোমল ওঁঠযুৰি৷ ঋষভৰ মৰমৰ আৱেষ্টনীত লেতু–সেতু হৈ পৰিছিল ৰিমি৷
: আমাৰ এই হনীমুনটো মই স্পেচিয়েল কৰি ৰাখিব বিচাৰোঁ৷ এনেকুৱা মুহূর্তবোৰ সদায় নাহে৷ সেইকেইদিনৰ মুহূর্তবোৰ সাঁচি ৰাখিম আমাৰ বুকুৰ মাজত৷ কেমেৰাত আবদ্ধ কৰি ৰাখিম আমাৰ ভাল লগা, সুখৰ মুহূর্তবোৰ৷ পিছলৈও ফটোবোৰ চায়েই স্মৃতি সজীৱ কৰি ৰাখিব পাৰিম৷ তোমাক মই একেবাৰে পাৰফেক্টকৈ সজাই তুলিব খোজোঁ৷ তোমাৰ সৌন্দর্যই যেন দহজনক লাই তুলিব পাৰে৷
নোৱাৰে একো কব ৰিমিয়ে৷ ইমান মৰম, ভালপোৱাক নেওচা দিব পৰাৰ সামর্থ্য নাই তাইৰ৷ চুলিহে, আজি কাটিলে কাইলৈ বািিব৷ কিন্তু ঋষভৰ মনৰ সুখখিনি তাইৰ সদায়েই কাম্য৷
চহৰৰ ভিতৰত নামী–দামী পার্লাৰত এপইনমেণ্ট লয় ঋষভে৷ ঋষভৰ আইডিয়া মতে এটি সুন্দৰ চুলিৰ কাট দিয়ে ৰিমিক৷ সলনি হৈ পৰে ৰিমিৰ অৱয়ব৷ বেয়া নালাগে তাইৰ নিজকে এই নতুন ৰূপত৷
ঋষভৰ ঢৌত উটি–ভাহি ফুৰা ৰিমিয়ে মাজে মাজে ককবকাবলৈ ধৰে৷ ছটফটাই উঠে৷ মাজে মাজে তাইৰ এনেকুৱা লাগে বিয়াৰ ছমাহৰ ভিতৰতে ৰিমিৰ অস্তিত্ব যেন কৰবাত হেৰাই গল৷ তাই মাথোঁ ঋষভৰ পত্নীহে হৈ পৰিল৷ নিজৰ মতে কাপোৰ এসাজ পিন্ধিব নোৱাৰে৷ পিন্ধো বুলি ইস্ত্রি কৰি গাত সোমাই লোৱা কুর্তিটোও খুলি থৈ ঋষভৰ পছন্দৰটোহে পিন্ধি লবলগীয়া হয়৷ কাণত পিন্ধা কাণফুলি যোৰ লৈ ঋষভৰ পছন্দমতে পিন্ধিবলগীয়া হয়৷ ভৰিৰ আঙুলিত পিন্ধা আঙঠিটোলৈও ঋষভৰ চকু৷ অসহ্য হৈ পৰে ৰিমি কেতিয়াবা ঋষভৰ এনেকুৱা ব্যৱহাৰত৷
প্রথম অৱস্থাত ঋষভৰ এই স্বভাৱটো ৰিমিয়ে ভাল পাইছিল, সুখী হৈছিল যদিও দিন যোৱাৰ লগে লগে বিৰক্তিদায়ক হৈ পৰিছে ৰিমিৰ বাবে৷ তাই যেন উশাহটোও ঋষভৰ মতেহে লব লাগিব৷ কেনেকৈ খাব, কি খাব, চামোচখন কেনেকৈ ধৰিব, কেনেকৈ বহিব, হঁাহিলে কিমান জোখত ওঁঠ বহলাব সকলোতে ঋষভৰ হস্তক্ষেপ৷ আগতে ঋষভে মৰমেৰে বুজাইছিল৷ দিন যোৱাৰ লগে লগে সলনি হৈ পৰিছে ঋষভো৷
ৰিমিৰ আপত্তিত এতিয়া ঋষভৰ খঙৰ আদেশ৷ মাজে মাজে ৰিমিৰ নিজকে পাগল যেন লাগে নে ঋষভকে পাগল যেন লাগে ধৰিবই নোৱাৰে তাই৷ লাহে লাহে মান–ভিমান গৈ কাজিয়াৰ পর্যায় পায়গৈ৷
ঋষভ ঘৰত নথকা সময়খিনিতেই ৰিমিয়ে জীয়াবলৈ বিচাৰে তাইৰ মতে জীৱনটো৷ ভাবি থাকে ৰিমিয়ে ঋষভৰ স্বভাৱৰ বিষয়ে৷ ৰিমিৰ ভাবনাত যতি পেলাই কর্কশ শব্দৰে বাজি উঠে তাইৰ মবাইলটো৷ ঋষভৰ ফোন৷ মন নাযায় তাইৰ ফোনটো ধৰিবলৈ৷ বাজি থকা ফোনটো এসময়ত শান্ত হৈ পৰে৷ শান্ত হৈ পৰে ৰিমিৰ মন৷ আকৌ বাজি উঠে মবাইলটো ৰিমিৰ শান্ত হৈ পৰা মনটোক অশান্ত কৰি৷ স্ক্রীনত জিলিকি থকা সেউজীয়া গোল চিহ্ণটো স্পর্শ কৰি সংযোগ হৈ পৰে ঋষভৰ সৈতে৷
: আজি সন্ধিয়া পার্টী এটা আছে৷ ৰেডী হৈ থাকিবা৷
: মোৰ মন নাই যাবলৈ৷
: কিয় তেনেকুৱা কৰা ছুইট হার্ট৷ তুমি অবিহনে মই অকলে পার্টী এনজয় কৰিব নোৱাৰোঁ৷ প্লীজ ৰেডী থাকিবা৷
মান্তি হয় ৰিমি ঋষভৰ কোমলসনা মাতত৷
: হব বাৰু৷
: ব্লু কালাৰ ৱেষ্টার্ন ড্রেছযোৰ পিন্ধিবা দেই৷
: হব৷
ঋষভ আহি পোৱালৈ সাজি–কাচি ৰৈ থকা ৰিমিক দেখি ঋষভৰ খঙে চুলিৰ আগ পায়গৈ৷ পষ্চিমীয়া সাজসজ্জাৰ ঠাই নেটৰ শাৰীৰ সৈতে বান্ধি লোৱা খোপাটো দেখি ৰিমিৰ ওপৰত খং কৰে ঋষভে৷ প্রথমৰ কথা কটাকটিৰ ঠাইত কাজিয়াই ৰূপ লয়৷ ৰিমিয়েও আজি এইটো সুযোগ এৰি দিবলৈ ইচ্ছা কৰা নাই৷ ঋষভৰ অন্তৰত থকা প্রকৃত সত্য উদ্ঘাটন কৰিবলৈ ৰিমিয়ে ইচ্ছা কৰিয়েই ঋষভৰ খং তুলিছে৷ ঋষভৰ সমানে তর্কত লিপ্ত হৈছে৷ ইমান বেছি খং গৈছে ঋষভে খঙৰ ভমকত এবাৰত কৈয়েই পেলালে
: অ তোমাক মই নিষ্ঠাৰ ৰূপত বিচাৰোঁ সদায়৷ নিষ্ঠাৰ দৰে খোজ–কাটল, নিষ্ঠাৰ দৰে সাজ–পোছাক, নিষ্ঠাৰ দৰে হেয়াৰ ষ্টাইল৷ আই ৱাণ্ট টু ছি ইউ লাইক নিষ্ঠা৷
শিলপৰা কপৌৰ দৰে একে ঠাইতে থৰ হৈ বহি ৰল ৰিমি৷ কি শুনিলে তাই কি কলে ঋষভে তাইৰ অস্তিত্ব কি ঋষভৰ জীৱনত৷ ঋষভৰ মনত তাই মাথোঁ এটি ভাও লোৱা পুতলা যত ঋষভে নিষ্ঠাৰ সত্তা বিচাৰি ফুৰে৷ কোন নিষ্ঠা কোন নিষ্ঠাৰ ভাও লৈ আছে তাই অতদিনে আজিলৈ তাই কাৰো মুখতে শুনা নাই নিষ্ঠাৰ নাম৷
মৌন হৈ পৰা ৰিমিলৈ চাইহে ঋষভৰো সম্বিৎ ঘূৰি আহিছে৷ খঙৰ প্রকোপত কি কলে নিজেই তলকিবই নোৱাৰিলে৷ নিদ্রাহীনভাৱে উজাগৰী নিশা এটি পাৰ কৰিলে একেখন বিছনাতে এহাল স্বামী–স্ত্রীয়ে সম্পূর্ণ বিপৰীত দিশত৷
পুৱা শুই উঠি গাটো ধুয়েই ৰিমিয়ে শাৰী এখন গাত মেৰিয়াই সকলো চাবিকাঠী ঋষভক চমজাই দি যাবলৈ ওলাইছে ঋষভৰ জীৱনৰ পৰা আঁতৰি৷ অনুতপ্ত ঋষভ৷ দুচকু ৰঙা পৰি আছে৷ ৰিমিৰ দৰে ঋষভৰো দুচকু উখহি উঠিছে৷ মানসিক অন্তর্দ্বন্দ্বত ভুগিছে ঋষভ৷
: প্লীজ ৰিমি, তুমিও আঁতৰি নাযাবা মোৰ জীৱন শূন্য কৰি৷ তোমাক পাই মই মূৰ দাঙি থিয় দিছিলোঁহে, আকৌ ভাঙি পৰিব নিবিচাৰোঁ মই৷
: নোৱাৰিম মই আপোনাৰ সৈতে থাকিবলৈ৷ আপোনাৰ আৰু নিষ্ঠাৰ মাজত মই বাধাৰ প্রাচীৰ হৈ থাকিব নোৱাৰোঁ৷ মই আঁতৰি যাম, নিষ্ঠাক আঁকোৱালি লওক আপোনাৰ জীৱনত৷
: নোৱাৰোঁ৷
: কিয়
: নিষ্ঠাই দুবছৰ আগতে মোক অকলশৰীয়া কৰি এৰি থৈ আঁতৰি গৈছিল এই পৃথিৱীৰ পৰা৷ আমি দুয়ো এক হোৱাৰ আগতে দুর্ঘটনা এটাই বিচ্ছেদ ঘটাইছিল আমাৰ মাজত৷ ভাগি পৰিছিলোঁ মই৷ মা–দেউতা, বন্ধু মহল সকলো চিন্তান্বিত হৈছিল মোৰ বাবে৷ অৱশেষত তোমাক বিচাৰি উলিয়াইছিল মোলৈ৷ তোমাৰ ফটো প্রথম দেখিয়ে মই নিষ্ঠাক ওভোতাই পোৱা যেন পাইছিলোঁ৷ কিয় জানা তোমাৰ সেই নাকৰ তিলটো৷ ঠিক একে ঠাইতে এনেকুৱা এটা তিল আছিল নিষ্ঠাৰো৷ মিল দেখিছিলোঁ তোমাৰ নিষ্ঠাৰ সৈতে৷ তোমাৰ মাজতেই মই নিষ্ঠাক বিচাৰি পাইছিলোঁ৷ জীয়াই ৰাখিব বিচাৰিছিলোঁ তোমাৰ মাজেৰে নিষ্ঠাক৷ কিন্তু মোৰ ভুল হৈ গল৷ নিষ্ঠাক জীয়াবলৈ গৈ অজানিতে মই নিঃশেষ কৰি গৈছিলোঁ ৰিমিক৷ ক্ষমা কৰি দিয়া মোক৷
চুই চাইছিল ৰিমিয়ে এবাৰ তাইৰ নাকৰ তিলটো৷ বৈ অহা চকুপানীখিনি সামৰি থৈছিল দুহাতৰ তলুৱাত৷ তিতি থকা দুহাতেৰে আঁকোৱালি ধৰিছিল ঋষভৰ মুখখন৷ চকুত চকু থৈছিল ঋষভৰ৷
: মুক্ত কৰি দিয়ক আপোনাৰ অন্তৰৰ পৰা নিষ্ঠাক৷ তাইৰ আত্মাক শান্তি দিয়ক৷ নিষ্ঠাৰ ঠাইত বহুৱাই লওক ৰিমিক৷ নিষ্ঠাই দিয়া মৰমেৰে ওপচাই ৰাখিম আপোনাক৷ মোক মাথোঁ মই হৈ থাকিবলৈ দিয়ক৷ ভাও লোৱা পুতলা নহয়, জীৱন্ত ৰূপত আপোনাৰ পত্নী হৈ আপোনাৰ অর্ধাংগিনী হৈ থাকিব দিয়ক ওৰেটো জীৱন৷ কোনো দুখে চুব নোৱাৰাকৈ আৱৰি ৰাখিম আপোনাক৷
সাবটি ধৰে ঋষভে ৰিমিক মাথোঁ ৰিমি ৰূপে, ঋষভৰ পত্নীৰূপে৷
পূব আকাশৰ কমলাৰঙী বেলিটোৱেও একাঁজলি ৰং ছটিয়াই দিয়ে দুয়োৰে গালে–মুখে৷ উজ্জ্বল হৈ পৰে দুয়োৰে মুখমণ্ডল এক সুখানুভূতিত৷
ফোন : ৯৮৬৪৪-১৩১১৪