বৰদৈচিলা

এলিনা বৰুৱা

‘…পৰিচয়বিহীন যাযাবৰ লগৰী

               অকলশৰীয়া মই

                বিচাৰিছোঁ লগৰী ৷৷৷’

জে পি দাসৰ যাদুকৰী কণ্ঠত নীৰা আত্মবিভোৰ হৈ কৰবাত হেৰাই গৈছে যেন ৷ সমান্তৰালভাৱে তায়ো গুণগুণাইছে ৷ এন্ধাৰৰ গহ্বৰৰ মাজেৰেই  বঠাবিহীন নাৱত নদীৰ সোঁতৰ দিশে  ক্রমাৎ যেন অগ্রসৰ হৈছে তাইৰো নামবিহীন, পৰিচয়বিহীনসদৃশ জীৱন, পাৰাপাৰহীন জীৱন ৷ ওলাই আহিবলৈ কোনো বাট বিচাৰি পোৱা নাই ৷ তথাপি আশা এৰা নাই ৷ সুৰুঙা এটি পালেই যথেষ্ট ৷ এচেৰেঙা পোহৰৰ সন্ধানত ৷ সৰল ৰেখাত পোহৰৰ কণিকাবোৰে ৰাস্তা বনোৱাৰ দৰে তায়ো বিচাৰে নিজৰ জীৱনটো তেনেদৰেই সজাবলৈ ৷

কেইবাদিনো হল, খোলাকৈ হাঁহি নমৰা, শেষবাৰ তেনেকৈ মনপ্রাণ খুলি কেতিয়া  হাঁহিছিল, তাই তাকো পাহৰি গল ৷ ক্লাছ ছেভেনত অসমীয়া পাঠ্যপুথিৰ দ্বিতীয় পাঠ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত হাঁহি নামৰ গদ্যটোলৈ বৰকৈ মনত পৰিল ৷ বিহু সন্মিলনবোৰত হাঁহি প্রতিযোগিতাত এসময়ত প্রাইজ বুটলি ঘূৰি ফুৰিছিল, গাঁওখনত হাঁহিচম্পা নামেৰেই জনাজাত আছিল ৷ ডালিমগুটীয়া দাঁতেৰে কোমল মিহি ওঁঠত ওলমি থকা হাঁহিটোৰে সাইলাখ চিনেমাৰ মাধুৰী দীক্ষিত৷ শর্মা ছাৰে কি ধুনীয়াকৈ গদ্যটিৰ প্রসংগ লৈ জীৱনৰ ভাৱার্থ বুজাই দিছিল ৷ আজিও মনত আছে তেওঁ কোৱা প্রতিটো বাক্য, প্রতিটো শব্দ ৷ মনুষ্যই অন্তিম উশাহটোলৈ হাঁহিব লাগে, হাঁহিয়েই মানুহৰ জীৱন, খোলা হাঁহিয়ে মানুহৰ মনপ্রাণ জীপাল কৰি ৰাখে, নিৰোগী কৰি ৰাখে, দীর্ঘায়ু কৰে ৷ আজি সেই হাঁহিও নাই, শর্মা ছাৰো নাই ৷

জীৱনৰ পাৰ কৰা ৩২টা বছৰে বহুত তিতা–মিঠা অভিজ্ঞতাৰ সোৱাদ দি থৈ গল ৷ খুব মেধাৱী আছিল নীৰা ৷ লাইফ্ অৱ মট আছিল Simple living high thinking ৷ ড: এ পি জে আব্দুল কালামৰ Wings of Fire, Ignited Minds তাইৰ প্রিয় গ্রন্থ ৷ ঘৰুৱা কামতো পাকৈত ৷ কোনেও কতো তাইক হৰুৱাব নোৱাৰে ৷ নিজৰ জীৱনটোক লৈ অযুত সপোন ৰচিছিল ৷ অলপ অদ্ভুত ধৰণৰো আছিল ৷ বহাগৰ বৰদৈচিলা খুব ভাল পাইছিল ৷ হিলদল ভাঙি আহে, বহুত ধবংসও কৰে, আকৌ পৰিৱেশ শান্ত কৰি থৈ গুচি যায় ৷

কিন্তু কিয় জানো বৰদৈচিলাৰ প্রেমত পৰিছিল ৷ বলিয়া হৈছিল ৷ এদিন আহিলো তাইৰ জীৱনলৈ… হিলদল ভাঙি…

তাৰ পিছত…

নোৱাৰিলে বাস্তৱ ৰূপ দিব ৷ মৰুভূমিত মৰীচিকা খেদি ফুৰাৰ দৰে আজিও খেদিয়েই ফুৰিছে, অফুৰন্ত বাসনাত ৷ কিজানিবা কেতিয়াবাকৈ ফলিয়ায় ৷ তেতিয়া হাঁহি হাঁহি, চিঞৰি চিঞৰি কৈ উঠিব ৷

: চা, নলা–নর্দমাৰ গেলি–পচি যোৱা ছাল ছিগা ভিকহুবোৰ চা আজি মোক ৷ মই আজি সফল ৷ সফল মই আজি ৷ তহঁতক এতিয়া মই আৰু কাকো খাতিৰ কৰিব নালাগে ৷ আহিবি তহঁত কোবাই কোবাই মূৰ ভাঙি দুটুকুৰা কৰি পেলাম ৷ চিনা নাই মোক ৷ নার্ছে কোনোমতে টানি টানি ধৰি মেলি ডাক্তৰক চিঞৰি মাতিছে ছাৰ, পেচেণ্ট বহুত হাইপাৰ হৈ গৈছে ৷ আমি চম্ভালিব নোৱাৰা হৈছো ৷

ডাক্তৰে কোনোমতে টোপনি  অহা এটা ইঞ্জেকচন্ দি কেবিনৰ বিছনাত শুৱাই থলে ৷

তাইৰ আজি ঠিকনা বাংগালুৰুৰ ৰিহেব্ চেন্টাৰ ৷

টোপনিৰ জালতেই কঁপা কঁপা মাতেৰেই  ভ্রম বকিছে: আই হেইট্ ইউ বৰদৈচিলা ৷ ইউ বিড্রে মি ৷

ফোন : ৭৮৯৬৭-৪৫২১৯

You might also like
Leave A Reply

Your email address will not be published.