ডঃ লীনা ডেকা
সমগ্র দেশৰ পিষ্ট–ক্লিষ্ট নিপীড়িত জনতাৰ মুক্তিৰ বাবে জীৱন উৎসর্গ কৰোঁতা, বিশাল ব্যক্তিত্বৰ অধিকাৰী, তেজৰ বোলেৰে ইতিহাস লিখোঁতা, সংগ্রামী শিল্পী বিষু ৰাভা এতিয়া নাই, সঁচা ৷ কিন্তু আকাশে–বতাহে এতিয়াও তেওঁৰ বলিষ্ঠ শব্দৰ ঝংকাৰ শুনো ৷ তেওঁৰ বহুমুখী প্রতিভাৰ গুণানুকীর্তন চলিলেও তেওঁৰ সাম্রাজ্যবাদবিৰোধী বিপ্লৱী চেতনাৰ মাজৰ পৰা সামাজিক দায়িত্ববোধৰ পুংখানুপুংখ নিদর্শন বহন কৰা ৰচনাৰাজিৰ মূল্যায়ন কৰাৰ প্রচেষ্টা কিন্তু তেনেই কমসংখ্যক লোকেহে কৰিছে৷
কবি–সাহিত্যিকসকল সমাজৰ বহির্ভূত ব্যক্তি নহয় আৰু কবিতাও জীৱনৰ পৰাই সমাজৰ সৃষ্টি হয় ৷ কবিতা জীৱনৰ অধিকাৰী ৷ জীৱন মথিলে অমৃত আৰু গৰলৰ অভিজ্ঞতা, অন্বেষণৰ স্পৃহা সকলোবোৰেই কবিতাত প্রকাশিত হয় ৷ সাহিত্য সমাজ মানসৰ প্রকাশমান ৰূপ ৷ কবিৰ পটভূমিত থাকে সমাজ ৷ জীৱন, জীৱিকাৰ সংগ্রাম সংগ্রামী জনজীনৰ চিত্র যি কবিতাত নাই, সেই কবিতা উদ্দেশ্যহীন, সি জীৱনধর্মীহীন ৷ সেই কবিতা হয় অসার্থক ৷ হমাকি ডেভিদৰ ভাষাত “The artist arrives at the summit of his art when he has roused pity, love and admi- ration by the faithful representation of life, beauty, pair and virtue.” সেয়েহে বাস্তৱ জীৱনৰ গভীৰ উপলব্ধিৰে কবিয়ে কলম লবলগীয়া হয় ৷ সাহিত্যিকসকল দুটা শক্তিৰ দ্বাৰা চালিত হয় ব্যক্তিগত আৱেগ–নুভূতিৰ আকর্ষণ আৰু সমাজ জীৱনৰ প্রতি সচেতনতা ৷ এই দুই শক্তিৰ মাজত কবিয়ে সমন্বয় সাধন কৰিব পাৰিব লাগিব৷ সমাজক এৰি সাহিত্য হব নোৱাৰে ৷ সমাজৰ বঞ্চনা–বৈষম্য–দুর্ন্ সকলোকে কবিয়ে ৰূপ দিয়ে ৷ সাহিত্যিকৰ সামাজিক দায়বদ্ধতাৰ ওপৰত গুৰুত্ব দি গর্কীয়ে লিখিছিল “A writer is not only a creator but the creator of his time.”
বিষু ৰাভাই সমাজৰ অৱহেলিত জনসাধাৰণৰ উন্নতিৰ বাবে কবিতাক বাহকৰূপে লৈছিল ৷ দাসত্বৰ বন্ধন লবলগীয়া নিৰীহ জনতাক উদ্গনি দিবলৈ অগ্ণি স্ফুলিংগময় ভাষাৰে ৰাভাই কৈছিল
ভাঙ্ ভাঙ্ ভাঙ্ ভাঙ্
লোহাৰ শিকলি ভাঙ্
ছি ছি ছি ছিঙ্
দাসৰ বন্ধন ছিঙ্ ৷
ৰাভা আছিল কোমল কঠোৰৰ অপূর্ব সমন্বয় ৷ অন্নদা শংকৰ ৰায়ৰ ভাষাত এখন হাতত তৰোৱাল আৰু আনখন হাতত কলম, অসি আৰু মসিৰ যুগ্ম স্থিতি ৷ কবি আৰু যোদ্ধাৰ দৰেই ৰাভা জনসমাজত বিদ্যমান ৷ তেওঁৰ কবিতাতো একেদৰে দুটা ভাবৰ অথালি–পথালি সংযোগ ঘটিছে ৷ এফালে আলসুৱা কোমল হূদয়ানুভূতি, আনফালে বৈপ্লৱিক অগ্ণিস্ফুলিংগ জনতাৰ মুক্তিৰ সংবাদ ৷ পিষ্ট–ক্লিষ্ট জনতাৰ হতিহাস লিখিবলৈ বিচাৰিছিল ৰাভাই তেজৰ বোলেৰে
তেজৰ বোলেৰে লিখি যাম ইতিহাস
মচি যাম দীন সমাজৰ হীন পৰিহাস৷
* * * * *
কলিজা নিঙাৰি তেজৰ টুপিৰে মথি
গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি ৷
বিপ্লৱী কমিউনিষ্ট পার্টীত যোগ দি ৰাভা আৰু বেছি ওচৰ চাপিছিল জনতাৰ৷ ফলস্বৰূপে শ্রেণী পীডনৰ কথা শ্রেণীসংঘর্ষৰ সুৰ তেওঁৰ কবিতাত মূর্তমান হৈ উঠিছে
শতৰু সউ চৌপাশে ৰয়
ধনী জমিদাৰ
সোহে কলিজাৰ ৰঙা তেজ
প্রজা দুখীয়াৰ ধবংস কৰ
ধবংস কৰ ধনীৰ অহংকাৰ ৷
জনতাৰ দুখ–দৈন্যহ, অন্ন–বস্ত্রৰ সমস্যাই ৰাভাক কাতৰ কৰি তুলিছিল ৷ তাৰ প্রকাশ তেওঁৰ কবিতাত সঘনে ঘটিছে ৷ শ্রম কৰিও খাবলৈ নোপোৱা হজুৱা–বনুৱা জীৱনৰ মর্মব্যথা আৰু উৎপাদক শ্রেণীয়ে, পুঁজিপতিসকলে যন্ত্রৰ সহায়ত বনুৱাৰ ওপৰত চলোৱা শোষণ–নিষ্পেষণৰ নির্মম বাস্তৱতাৰ স্বতঃস্ফূর্ত প্রকাশ ৰাভাৰ কবিতাত অতি উজ্জ্বল
তহ খুৱাৱ বিশ্ববাসীক / মাটিফালি ধান
তহ যোগাৱ ধনী শ্রেণী / অস্ত্র শক্তিমান ৷
জনতাই ৰাভাৰ মনত সকলো জনতাৰ গাতে দেখে তেওঁ অসীম শক্তি ৷ কৃষক–বনুৱা–হজুৱা শ্রমিকৰ প্রতি আছিল ৰাভাৰ গভীৰ আস্থা ৷ গভীৰ প্রত্যয়েৰে সেয়ে ৰাভাই জনতাক কৈছে
বল বল ব / কৃষক শক্তি দল
অ বনুৱা সমনীয় / আগবািি যাওঁ বল ৷
* * * * *
তোৰ বাহুতে আছে লুকাই
অসীম শক্তি বল
ৰণৰ শিঙা বাজে শুন ঐ
আগবাঢ়ি যাওঁ বল ৷
এয়া ৰাভাৰ অন্তৰৰ সুৰ, প্রকৃত সুৰ ৷ পুঁজিপতি শোষক–জমিদাৰৰ প্রতি ৰাভাৰ আছিল তীব্র ঘৃণা ৷ তৰোৱালৰ দৰে তীক্ষ্ণ শব্দেৰে ৰাভাই পুঁজিপতিসকলক সমালোচনা কৰিছে
দুখীয়াৰ কলিজা নিঙাৰি লৱ
তেজ শুহি শুহি পিৱ
ৰুকি ৰুকি মঙহ চোবাই খাৱ
কুৰুকি কুৰুকি হাড় চোবাৱ ৷
চাৰিওফালে পুঁজিপতিৰ শোষণ, জনতাৰ ৰঙা তেজ শুহি নিবলৈ শতৰুৰ প্রচেষ্টা, কিন্তু জনতা প্রশান্ত গভীৰ, জনতাৰ মাজৰ সুপ্ত শক্তিলৈ লক্ষ্য ৰাখি জনতাক সকীয়াইছে সশস্ত্র সংগ্রাম কৰিবলৈ
ধবংস কৰ ধবংস ক / ধনীৰ অহংকাৰ
দয়া মায়া নকৰি / ক্ষমাৰ দিন যে গল
হাল–কোৰ–দা, হাতুৰি লই / ৰণলৈ যাওঁ বল ৷
শোষক শ্রেণীৰ প্রতি থকা প্রচণ্ড ঘৃণাৰ বাবেই ৰাভাই সেই শ্রেণীটোক সাৱধান কৰি দিছিল
হুচিয়াৰ! হুচিয়াৰ!
ধনী মহাজ! জমিদাৰ
হুচিয়াৰ! হুচিয়াৰ!!
বিপ্লৱ পথৰে যাত্রী আমি
সর্বহাৰাৰ মুক্তিকামী
চূর্ণ কৰিম আমি সংগ্রামী
দর্প ধনীৰ পণ আমাৰ৷
সম্প্রতি আমাৰ জনসাধাৰণৰ মাজত, অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা ধর্মৰ মানুহৰ মাজত এক সমন্বয়ৰ প্রয়োজন উপলব্ধি কৰাটো পৰিলক্ষিত হৈছে ৷ ই বৰ সুখৰ কথা আৰু এই বিভিন্ন ভাষী–জনগোষ্ঠী বিভিন্ন ধর্মাৱলম্বী মানুহৰ মাজৰ সমন্বয়ৰ প্রেৰণাদায়ক প্রতীক হিচাপে ৰাভাক আঙুলিওৱা হৈছে ৷ সম্পূর্ণ গণতান্ত্রিক দৃষ্টিভংগীৰে ৰাভাই সমন্বয়ৰ কথা চিন্তা কৰিছিল ৷ তেওঁ কৈছিল এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হবলৈ হলে পৰস্পৰৰ ভিতৰত উভয়ৰ বিষয়ে সম্পূর্ণ জ্ঞান থকা উচিত ৷ নিজৰ ধর্ম–কৃষ্টি, সমাজ আৰু সংসৃক্তিৰ বিষয়ে গভীৰ জ্ঞান থকা উচিত ৷ পৰস্পৰৰ ভিতৰত অকৃত্রিম আৰু আন্তৰিক শ্রদ্ধা ৰাখি কালৰ ৰথৰ চকীত অগ্রগতিৰ তালে তালে প্রগতিৰ অসীম বাটেদি অগ্রসৰ হোৱা উচিত ৷
এটা নির্দিষ্ট বিন্দুত ৰাভাৰ চেতনা শক্তি ৰৈ থকা নাছিল ৷ কমিউনিষ্ট পার্টীত যোগ দিয়াৰ পিছত সেই আদর্শৰ মার্ক্সবাদী–লেনিনবাদ্ সমাজ গঢ়াৰ দৃতাহহে ৰাভাৰ জীৱনলৈ পূর্ণতা আনি দিছিল ৷ তেওঁৰ নিজৰ ভাষাৰে সাগৰ সংগমৰ পূর্ণতা আৰু গভীৰতা ৷ বিপ্লৱী দলত যোগ দিয়াৰ পাছৰে পৰা তেওঁ শিকিলে সমাজ গেে কৃষকে, শ্রমিকে ৷ সেয়েহে ৰাভাই সততে কৃষক, শ্রমিকক সচেতন কৰাৰ চেষ্টা কৰিছিল ৷ তাৰ প্রতিফলন ঘটিছে তেওঁৰ অনেক কবিতা আৰু গীতত ৷
তোৰ বাহুতে আছে লুকাই অসীম শক্তি বল এয়াই ৰাভাৰ আচল সুৰ, অন্তৰৰ সুৰ ৷ ইয়াৰ আগলৈকে ৰাভাৰ কবিতাত আছিল ভাৰতীয় জাতীয় জীৱনৰ চঞ্চলতা ৷ তেতিয়া তেওঁৰ চিন্তাধাৰা আছিল সম্পূর্ণৰূপে অসমমুখী ৷ সেয়েহে শোষিত–নির্যাতিত গণজীৱনক সাম্যবাদৰ আলোকেৰে আগুৱাই নিবলৈ ৰাভা ৰাজনীতিৰ মাজত জঁপিয়াই পৰিছিল ৷ এইজন ৰাভাকে সংকীর্ণ জাতীয়তাবাদী বুলি অভিহিত কৰিবলৈও কোনো কোনোৱে চেষ্টা কৰে, কিন্তু ৰাভা সংকীর্ণমনা মুঠেও নাছিল ৷ ৰাভা জাতি–শ্রেণীৰ ঊধর্বত ৷ তেওঁ শ্রেণীহীন জাতি–দল বিভেদবিহীন সাম্যবাদৰহে চেষ্টা কৰিছিল৷ চল্লিছৰ দশকৰ পাছৰ পৰাই ৰাভাৰ চিন্তাধাৰা সম্পূর্ণৰূপে সলনি হোৱা দেখা যায় ৷ তেওঁৰ কবিতাত অসমৰ পৰিৱর্তে সর্বভাৰতীয় চিন্তাধাৰাই স্থান পাইছিল৷ ডঃ অমলেন্দু গুইৰ ভাষাত বিষু ৰাভা যেন অসমৰেই প্রতীক ৷ এফালে বিভিন্ন ভাষা–ভাষী গণজীৱনৰ লগত গভীৰ যোগাযোগ আৰু আনফালে অদ্ভুত সৃজনীশীল প্রতিভাৰ অধিকাৰী হোৱা সত্ত্বেও বহু ক্ষেত্রত প্রাথমিক চমক সৃষ্টি কৰি তেওঁ আৰু অগ্রসৰ হব নোৱৰিলে বা তেওঁৰ প্রচেষ্টা নানা সংকটৰ মাজত অর্ধসমাপ্ত হৈ ৰল ৷ সঁচা কথা ৰাভাৰ বিপ্লৱী মনতো মানসিক সংকট আছিল ৷ কিন্তু বিপ্লৱী কমিউনিষ্ট দলত যোগ দিয়াৰ পাছৰ পৰা তেওঁৰ দৃষ্টিভংগীৰ পৰিৱর্তন ঘটিছিল ৷ মাটিৰ গোন্ধত ৰাভা মতলীয়া হৈছিল ৷ কমিউনিষ্ট গণতান্ত্রিক দৃষ্টিভংগীৰে তেওঁ অসমৰ ভাষা–জাতিৰ সমস্যা সমাধানৰ প্রতি গুৰুত্ব আৰোপ কৰিছিল ৷ সোণপাহিৰ পাতনিত ৰাভাই লিখিছিল কমিউনিজিম্ৰ পোহৰে ৰাইজৰ অন্তৰৰ অজ্ঞতাৰ তিমিৰ অন্ধকাৰ আঁতৰাই দিছে পোহৰৰ মুকুতিৰ বাট, মুকলি হয় বিপ্লৱৰ বাট ৷ আমি জনাত সেই আৰি কাঠিৰ জুই জুমুঠি ৷
বিপ্লৱী কবি ৰাভা আছিল সততে আশাবাদী ৷ ৰাভাৰ কবিতাত শুনা যায় শ্রেণী সংগ্রামৰ বাবে সাধাৰণ জনতাক সাজু হবলৈ দিয়া সকীয়নি অস্ত্র তোমাৰ দা, জোং, হাল, কোৰ, যাঠী, কুঠাৰ, বজ্রবান ৷
এইজনা বিপ্লৱী শিল্পীয়ে তেজৰ বোলেৰে ইতিহাস লিখিলে শ্রমজীৱী মেহনতী জনতাৰ ইতিহাস, কৃষক বনুৱাৰ ইতিহাস৷ দীন সমাজৰ হীন পৰিহাস মচি আঁকি গল ৰাভাই পৃথিৱীৰ চিৰ মুকুতিৰ পথৰেখা ৷ ৰাভাৰ কবিতাক, গীতক আজি জনসাধাৰণে আঁকোৱালি লৈছে ৷ হূদয়ত স্থান দিছে বিশাল প্রতিভাৰ আকৰ প্রবাদপুৰুষ ৰাভাক ৷ শ্রেণী সংগ্রামৰ বাবে জীৱন আহুতি দিয়া ৰাভাক তেওঁৰ কবিতাহ সোঁৱৰাব, গীতে সোঁৱৰাব ৷ শ্রেণীহীন সমাজৰ ছবি, কৃষক বনুৱাৰ ছবি তেওঁ আঁকিছে কবিতাতোহ্ল, হূদয়তো ৷
Comments are closed, but trackbacks and pingbacks are open.