ডঃ অভিজিত কুমাৰ দত্ত
আপোনাৰ হাত এখন ভাঙিল ৷ আপুনি চিকিৎসকৰ ওচৰ চাপিল ৷ আপোনাৰ হাতখনত কঠিন বেণ্ডেজ বান্ধি দিয়া হল ৷ চিকিৎসকে আপোনাক তিনি বা চাৰি সপ্তাহৰ পিছত সেই কঠিন বেণ্ডেজ খুলিব বুলি কলে ৷ আপুনি ঘৰলৈ গৈ বিশ্রাম ললে ৷
পিছদিনাখনৰ পৰা আপোনাৰ ঘৰলৈ আপোনাৰ বন্ধুবর্গ আহিবলৈ আৰম্ভ কৰিলে ৷ আপোনাৰ হাতৰ দীঘল বেণ্ডেজটো এতিয়া বেছি কঠিন হৈ পৰিল ৷ বন্ধুসকল আহি বেণ্ডেজৰ ওপৰত চহী কৰিবলৈ ললে ৷ কোনোবাই তাত ছবি এখন আঁকিলে ৷ আপুনি সিহঁতৰ কথা–কাণ্ডবোৰ চাহ হাঁহি থাকিল ৷ আপোনাৰ মনটোও প্রফুল্লিত হৈ পৰিল ৷ এটা সময়ত আপোনাৰ হাতৰ বেণ্ডেজটো গুচাই দিয়া হল ৷ চিকিৎসকে বেণ্ডেজটোৰ ওপৰত নামবোৰ দেখি হাঁহি এটা মাৰিলে ৷
এই যে কঠিন বগা বেণ্ডেজটো, সি আচলতে এটা প্লাষ্টাৰ কাষ্টহে ৷ সহজ অর্থত তাক সাঁচ বুলিও অভিহিত কৰিব পৰা যায় ৷ যিপদ সামগ্রী নির্মাণ কৰা হয়, তাৰ সম্পূর্ণ অৱয়বো এই সাঁচৰ আর্হিত বনাই লোৱা যায় ৷ এই সাঁচৰ ওপৰত নির্ভৰ কৰিয়েই শিল্পীয়ে মানুহৰ মূর্তি অথবা বিভিন্ন তৰহৰ পদার্থ নির্মাণ কৰিব পাৰে ৷ কেতিয়াবা আকৌ কাৰোবাৰ মৃত্যু হলে আৰু কোনো বিশেষ কাৰণৰ বাবে দেহাটোৰ ক্ষতি নহলে সেই দেহাটোৱে সাঁচৰ আকৃতি লব পাৰে ৷
এইবাৰ আহোঁ আন এটা বিষয়লৈ ৷ প্রাচীন ইটালীত এখন নগৰ আছিল ৷ নগৰখনৰ নাম আছিল পম্পেই ৷ পম্পেইৰ কাষতেই আছিল সুউচ্চ ভিছুভিয়াছ পর্বত৷ নৈসর্গিক পৰিৱেশত পম্পিত গঢ়ি উঠিছিল এক ঐতিহাসিক সভ্যতা ৷ পম্পেই নগৰখনক যেন এখন ওখ দেৱালৰ দৰে আৱৰি ৰাখিছিল ভিছুভিয়াছ পর্বতমালাই ৷ ভিছুভিয়াছ আচলতে আছিল এক আগ্নেয়গিৰি ৷ পিছে পম্পেইৰ বাসিন্দাসকলে লাহে লাহে যেন ভিছুভিয়াছৰ প্রকৃত স্বৰূপ পাহৰি পেলাইছিল ৷ আসন্ন বিপদৰ কথা জানিও তেওঁলোকে যেন ভিছুভিয়াছৰ কথা সম্পূর্ণৰূপে উলাই কৰিছিল ৷ সেয়া যেন এক বোধগত পক্ষপাতিতা (en-normalcy bias আছিল ৷ জানি–শুনিও তেওঁলোকে পাহৰিছিল ভিছুভিয়াছ আগ্নেয়গিৰিৰ কথা৷ অৱশ্যে একে সময়তেই ভিছুভিয়াছে পম্পেইক প্রদান কৰিছিল এক বিশেষ প্রাকৃতিক সৌন্দর্য ৷ পম্পেইত বাস কৰা নাগৰিকসকলৰ বাবে ভিছুভিয়াছ যেন এগৰাকী চিনাকি আত্মীয় হৈ পৰিছিল ৷
পিছে হঠাৎ ভিছুভিয়াছে ৰূপ সলনি কৰিলে দিনটো আছিল ৭৯ খ্রীষ্টাব্দৰ আগষ্টৰ ২৪ তাৰিখ৷ তেতিয়া সময় প্রায় দুপৰীয়া৷ হঠাৎ ভিছুভিয়াছ পর্বতমালাৰ পৰা অলপ জুই আৰু লাভা ওলাবলৈ ধৰিলে ৷ পম্পেইত হাহাকাৰ লাগিল ৷
তাৰ পিছদিনাখন অৱস্থা বেছি বেয়ালৈ ঢাল খালে ৷ লাহে লাহে জুই গৈ আকাশ চুবলৈ ওলাল ৷ ভিছুভিয়াছৰ পৰা ওলোৱা ধোঁৱা, জুই আৰু পর্বতমালাৰ আভ্যন্তৰীণ পদার্থসমূহে আকাশখন ছানি ধৰিলে ৷ পম্পেইৰ আকাশ কলা হৈ পৰিল ৷ ভৰ দুপৰীয়া যেন পম্পেইলৈ নামি আহিল অন্ধকাৰ ৷ ভিছুভিয়াছৰ জুই, শিল আদিয়ে বেলিটো ঢাকি ৰাখিলে ৷ পম্পেই নামৰ নগৰখনত হাহাকাৰ লাগিল ৷ ইতিমধ্যে ভিছুভিয়াছ নামৰ আগ্নেয়গিৰিটোৰ পৰা ওলোৱা টক্সিক আৰু অন্যান্য গেছৰ বাবে নাগৰিকসকলে উশাহ লব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হল ৷ বহুজনে তেনেদৰেহ প্রাণত্যাগ কৰিলে ৷ পম্পেই নগৰে ভিছুভিয়াছ আগ্নেয়গিৰিৰ সমস্ত ভাৰ বহন কৰিলে ৷ আগ্নেয়গিৰিৰ লাভাই লাহে লাহে সমস্ত নগৰখনক আৱৰি ধৰিলে ৷ লাভাৰ কার্পেট এখনে লাহে লাহে নগৰখনক ঢাকিবলৈ আৰম্ভ কৰিলে ৷
উল্লেখযোগ্য যে ভিছুভিয়াছ আগ্নেয়গিৰি উদগীৰণ হোৱাৰ ফলত পম্পেই নগৰত প্রায় দুই হাজাৰ লোকৰ মৃত্যু ঘটিছিল ৷ প্রথমতেই আৰম্ভ হৈছিল ধোঁৱাৰ উপদ্রৱ ৷ সেই ধোঁৱাই সমগ্র পম্পেই নগৰখন ছানি ধৰিছিল ৷ তাৰ পিছতেই আৰম্ভ হৈছিল আগ্নেয়গিৰিৰ অভ্যন্তৰৰ পৰা বাহিৰ ওলাই অহা শিল আৰু আন লন্ত পদার্থ আদিৰ বৰষুণ ৷ পিছে পম্পেই নগৰৰ বাসিন্দাসকলৰ বেছিভাগেই মৃত্যুবৰণ কৰিছিল পাইৰক্লাষ্টিক গেছ নির্গত হোৱা বাবে ৷ প্রসংগক্রমে উল্লেখযোগ্য যে পাইৰক্লাষ্টিক গেছ সাধাৰণতে আগ্নেয়গিৰিৰ পৰা নির্গত হয় ৷ আগ্নেয়গিৰিৰ পৰা উৎপন্ন হোৱা পাইৰক্লাষ্টিক গেছে এঘণ্টাত প্রায় সাতশ কিলোমিটাৰ সামৰি লব পাৰে আৰু অসহনীয় আৰু গৰম হৈ থকা এইবিধ গেছৰ বাবে আগ্নেয়গিৰি উদগীৰণৰ সময়ত মানুহৰ মৃত্যু ঘটে ৷
এনেদৰেই এখন নগৰৰ অকাল বিয়োগ ঘটিল ৷ বহু বছৰ বাগৰি গল ৷ পম্পেই ধবংস হোৱাৰ প্রায় পোন্ধৰশ বছৰ পিছত অর্থাৎ ১৫৯৪ চনত নগৰখন পুনৰ আৱিষ্কাৰ হল ৷ মৃত নগৰখনত উদ্ধাৰ হল নির্জীৱ মানুহবোৰৰ দেহবোৰ, ঘৰবোৰ আৰু তেওঁলোকৰ সামগ্রীবোৰ ৷ উল্লেখযোগ্য যে এই সকলোবোৰৰ বিশেষ হানি–বিঘিনি হোৱা নাছিল ৷ হানি মাথোন এটাই হৈছিল ৷ মানুহবোৰৰ গাত প্রাণ আৰু মঙই নাছিল ৷ মানুহবোৰক ভিছুভিয়াছৰ লাভাই স্পর্শ কৰাৰ সময়ত তেওঁলোক যি অৱস্থাত আছিল, সেই অৱস্থাতেই তেওঁলোকৰ দেইসমূহ উদ্ধাৰ কৰা হৈছিল ৷
ভিছুভিয়াছ উদগীৰণৰ ফলত মৃত্যু হোৱা লোকসকলৰ দেহসমূহ কেনেদৰে প্রকৃত আকৃতিত আৱিষ্কাৰ কৰা হৈছিল, সেই সম্পর্কেও বিভিন্নজন পণ্ডিত তথা নৃতত্ত্ববিদে ব্যাখ্যা আগবঢ়াইছে ৷ লেখাটিৰ আৰম্ভণিতে ব্যাখ্যা কৰাৰ দৰে এইসমূহ দেহ প্লাষ্টাৰ কাষ্টৰ দ্বাৰাহে সৃষ্টি কৰি লোৱা হৈছিল আৰু এনেধৰণৰ মতবাদটোকেই এক সমর্থনযোগ্য মতবাদ বুলি গ্রহণ কৰিব পৰা যায় ৷ এই মতবাদ অনুসৰি যেতিয়া উদ্ধাৰকাৰী দলে পম্পেই নগৰখনৰ আৱৰণ আঁতৰ কৰিবলৈ উদ্যত হল, তেতিয়াই তেওঁলোকে পিউমিচ শিল, ধবংসাৱশেষ আৰু আৱর্জনাৰ মাজত মৃত লোকসকলৰ হাড় পৰি থকা বুলি নিশ্চিত হল ৷ উদ্ধাৰকাৰী দলে বতাহৰ ঠাইবোৰ(air pocketsত শিল, বালি আৰু চিমেণ্টৰ মিশ্রণ তৈয়াৰ কৰি ভৰাই দিলে ৷ এই প্লাষ্টাৰ মিশ্রণৰ ফলত ভিতৰত থকা হাড়বোৰ লগ লাগি মানুহৰ আকৃতি ললে ৷ পিছত উদ্ধাৰকাৰী দলে পিউমিচ শিল, ধবংসাৱশেষ আৰু আৱর্জনা আঁতৰাই ললে ৷ ইতিমধ্যে মিশ্রণটোৱে হাড়বোৰ লগ লগাই মানুহৰ আকৃতি ললে ৷ যিহেতু ভিছুভিয়াছৰ উদগীৰণৰ সময়ত মানুহবোৰ যেনেদৰে যি অৱস্থাত আছিল সেই অৱস্থাতেই নির্জীৱ অৱস্থাত অৱস্থান কৰি আছিল, সেয়েহে মিশ্রণে হাড়বোৰ লগাই নির্জীৱ মানুহবোৰৰ আচল আকৃতিৰ সৃষ্টি কৰিলে ৷ ফলত নির্জীৱসকলৰ কোনোবাজনক বহি থকা মুদ্রাত, আন কোনোবাজনক থিয় হৈ থকা অৱস্থাত অথবা আন এজনক শুই থকা অৱস্থাত দেখা পোৱা গল ৷
যিসকল পণ্ডিত আৰু নৃতত্ত্ববিদে মৃত লোকসকলৰ দেহসমূহ মিশ্রণৰ সহায়ত পুনৰ নির্মাণ কৰা কথাটোত বিশ্বাস কৰে, তেওঁলোকৰ মতে পম্পেইত আৱিষৃক্ত হোৱা দেহবোৰ আচলতে বৰফে গলাই পেলোৱা দেই নহয় ৷ এইবোৰ প্লাষ্টাৰ কাষ্ট বা সঁচাৰ দ্বাৰা নির্মাণ কৰা মানুহৰ দেহহে ৷
ভিছুভিয়াছ আগ্নেয়গিৰি উদগীৰণ হোৱাৰ পিছত বাচি থকা মানুহৰ সংখ্যা আছিল তেনেই তাকৰ ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ পিছত বাচি যোৱা এগৰাকী মানুহৰ সম্ভেদ পোৱা গৈছিল ৷ তেওঁ আছিল কর্নেলিয়াচ ফাচকাচ ৷ পিছলৈ তেওঁৰ মৃত্যু ঘটিছিল এক সামৰিক অভ্যুত্থানৰ সময়ত ৷ আগ্নেয়গিৰিৰ উদগীৰণৰ পিছত তেওঁ সামৰিক বাহিনীত যোগ দিছিল আৰু সেই উল্লেখিত অভ্যুত্থানটোৰ সময়তেই কর্নেলিয়াচ ফাচকাচৰ মৃত্যু ঘটিছিল ৷
সৌ সিদিনা এখন বিশেষ আলোকচিত্রই বহুতৰ দৃষ্টি আকর্ষণ কৰিছে ৷ এই লেখাটিত সংলগ্ন কৰা আলোকচিত্রখনত এগৰাকী নৃতত্ত্ববিদৰ হাতত এটি শিশুৰ সাঁচ দেখিবলৈ পোৱা গৈছে ৷ জানিব পৰা মতে এই সাঁচটো নির্মাণ কৰা হৈছে চাৰি বছৰীয়া এগৰাকী শিশুৰ হাড়বোৰ একেলগ কৰি ৷ ভিছুভিয়াছ আগ্নেয়গিৰি উদগীৰণ হোৱাৰ সময়ত শিশুটো মাকৰ কোলাতেই বহি আছিল ৷ মাকে শিশুটিক সাবটি থকা পৰতেই মাতৃ আৰু পুত্র সলনি হৈছিল দুটা মূর্তিলৈ ৷ মৃত শিশুটিৰ সমগ্র দুখ যেন বিয়পি পৰিছে শিশুটোৰ সঁচা সংগ্রহ কৰা নৃতত্ত্ববিদজনৰ সমগ্র মুখমণ্ডলত ৷
উৎস ঃ
1) openculture.com
2) Arqueología_Antigua
3) www.britanica.com
4) Archeology and Ancient World
ফোন ঃ ৮৬৩৮৩-৮১৮০১