প্রভাত শর্মা
মাদাৰ টেৰেছা ৰোডৰ পাঁচ মহলীয়া এপার্টমেণ্টৰ তিনি মহলাৰ চাৰি কোঠালিৰ ফ্লেটটোৰ লবীত বহি বাহিৰলৈ চাই আছে নয়নতৰাই ৷ গুৱাহাটী মহানগৰৰ একাংশ সুন্দৰকৈ দেখা যায় ইয়াত বহিলে ৷ লবীটোৰ চাৰিওফালে সৰু সৰু ফুলৰ গছ ৷ সৰু সৰু মাটিৰ টাবত লগাই থৈছে নয়নতৰাই ৷ তাৰ মাজতে একমাত্র চকীখনত তাই বহি বাহিৰলৈ চাই আছে ৷ আঠ বাজিবলৈ দহ মিনিট আছে ৷ ঠিক আঠ বজাত তাই ওলাই যাব ৷ শৃংখলা, জীৱনটোৱে শিকায় তাইক ৷ অকলশৰীয়া মানুহগৰাকীৰ, যি মন যায় কৰিব পাৰে যি মন যায়, যেতিয়াই মন যায় ৷ কিন্তু নকৰে তাই৷ সকলো নিয়মত ৷ ঠিক তাই বিচৰা ধৰণে নিয়মবোৰ নমনা বাবেই অনুপমৰ পৰা আজি তাই দূৰত ৷ এইখন চহৰৰ মাত্র দুই কিলোমিটাৰ বৃত্তটোৰ ভিতৰত দুয়োটা থাকে ৷ তথাপি যেন হাজাৰ হাজাৰ মাইল দূৰত্ব ৷
ডিচেম্বৰ মাহৰ ঠাণ্ডা গুৱাহাটীত ৷ বাহিৰৰ মহানগৰখন চাই চাই সময়বোৰ কটাব পাৰে বাবেই এই ফ্লেটটো লৈছিল তাই ৷ মুনমীয়েও অৱশ্যে পছন্দ কৰিছিল ৷ ওচৰৰ দুই এটা এপার্টমেণ্ট দেখা গৈছে, সৰু সৰু পোহৰৰ টুকুৰাৰ দৰে দূৰত যেন ঢিমিক ঢামাক পোহৰ ৷ কুঁৱলীয়ে মহানগৰখন যেন পাতল চাদৰৰ দৰে ঢাকি থৈছে ৷ কুঁৱলী নাথাকিলে বৰ সুন্দৰকৈ, বাটৰ লাইটৰ পোহৰ, মানুহৰ ঘৰৰ পোহৰ ৷ সৰু সৰু পোহৰ ৷ মাজে মাজে অন্ধকাৰ ৷ তাইৰ জীৱনটোৰ দৰে ৷
বেৰত লগাই থোৱা আইনাখনলৈ চালে তাই ৷ চুলিখিনি ঠিক হৈয়ে আছে ৷ কলা চুলিখিনিৰ মাজে মাজে দুডাল–এডাল ৰূপালী হৈছে ৷ তাই ৰং নকৰে, বয়সে দিয়া ৰংবোৰ, ৰেখাবোৰক সন্মান জনাব লাগে ৷ এয়াই নিয়ম প্রকৃতিৰ ৷ গাভৰু বয়সতো তাই দেহৰ মনৰ দাবীবোৰক সন্মান জনাইছিল ৷ তাৰ মাজতে যেন খেলিমেলি লাগি গল, এৰি অহা জীৱনটোলৈ আকৌ ঘূৰিতো যাব নোৱাৰি ৷ মানুহে উপভোগ কৰি থকা ডিমেনচনবোৰৰ এটা সময় ৷ যিটোৰ লগত আগুৱাই যাব পাৰি, পিছুৱাই আহিব নোৱাৰি ৷ পিছুৱাই যাব পৰা হলে যদি মানুহবোৰক কোনোবা শক্তিয়ে কলেহেঁতেন যোৱা পিছুৱাই যোৱাৰ ক্ষমতা দিছোঁ ৷ মানুহবোৰে যে কিমান কি নকৰিলেহেঁতেন ৷ কিমান ভুল বুলি ভবা কাম শুদ্ধ কৰি পেলালেহেঁতেন ৷ ধেৎ কি যে পাগলৰ দৰে কথাবোৰ বাঢ়িছে তাই ৷ এনেকুৱা অদ্ভুত অবাস্তৱ কথাবোৰ ভাবিছিল অনুপমে ৷ তাইৰ দৰে বাস্তৱ, শৃংখল ছোৱালী এজনীৰ বাৰু খেয়ালি, অসংযত, অবাস্তৱ অনুপমৰ দৰে মানুহ এজনৰ লগত প্রেম হৈছিল আচৰিত লাগে তাইৰ ৷ অনুপমে সদায় অবাস্তৱ, অসম্ভৱ চিন্তাবোৰ কৰিছিল, কৰি তাইক কৈছিল, দুয়োটাই এইবোৰ ভাবি বেছ মজা পাইছিল ৷ তাই আজিকালিও ভাবে কিন্তু বেছিকৈ নহয়৷ মজা নালাগে তাইৰ ৷ আচলতে তাই নিজকে পৰিপক্ব বুলি ভাবে আৰু অনুপম এক অপৰিপক্ব, বেছি আৱেগিক, চঞ্চল মানুহ বুলি ভাবে ৷
ফ্লেটৰ মূল দুৱাৰখন বন্ধ কৰি তাই খটখটিয়েদি নামি আহিল ৷ তাইৰ সকলোধৰণৰ কাপোৰ পিন্ধাৰ অভ্যাস আছে ৷ জীনছৰ পৰা আদি কৰি গ্রাউনলৈকে ৷ কিন্তু সদায় নিশা এনেদৰে ফুৰিবলৈ আহিলে তাই শাৰী পিন্ধি আহে ৷ কিন্তু তাই এনেদৰে ফুৰিবলৈ আহে ঠাণ্ডা দিনকেইটাতহে ৷ তাই শাৰীৰ ওপৰত পিন্ধা লং কোটটোৰ ৰং ধোঁৱা বৰণীয়া৷ পাতল সেউজীয়া ৷ ডিঙিৰ মাফলাৰখন বগা ৷ ভিতৰত এটা ঊণৰ ইনাৰ পিন্ধিছে ৷ হাতত এডাল কাঠৰ লাখুটি ৷ প্রয়োজন নাই এইডাল লাখুটিৰ, কিন্তু তাই লৈ আহে৷ এটা যেন অৱলম্বন, এটা সাহস ৷ খোজ কাঢ়িলে হিল থকা জোতা নিপিন্ধে, স্পর্টছ শ্বু পিন্ধে ৷ এইদৰে নিশা ফুৰিবলৈ লোৱাটো, বিশেষকৈ ঠাণ্ডাৰ দিনত তাইৰ চিন্তা বা অভ্যাস নাছিল ৷ অনুপমৰ খেয়ালি মনৰ চিন্তা ৷ বিয়াৰ পিছত এদিন নিশা প্রায় আঠ মান বজাত হুলস্থূল কৰিছিল অনুপমে ওলোৱা ওলোৱা যাম এইফালে ৷
- কাপোৰ
- স্পর্টছ শ্বু পিন্ধিবা, বাকী যি পিন্ধা ৷
তাৰ পিছত তাই তাৰ লগত ওলাই গৈছিল ৷ তাই লাহেকৈ ফুটপাথত উঠিল ৷ অকণমান দূৰ আহি ফ্লাই অভাৰত ৷ খোজ কাঢ়িবলৈ ভাল এই ফ্লাইভাৰত ৷ চাৰিওফালে কুঁৱলী মাজত বিষণ্ণ মনেৰে লি থকা লাইটবোৰ, কুঁৱলীয়ে আৱৰি থকা লাইটবোৰৰ পৰা দুই এক টোপাল নিয়ৰ যেন পৰিছে ৷ মাজে মাজে দুয়োফালে গাড়ীবোৰে পোহৰ ছটিয়াই আঁতৰি গৈছে ৷ আকৌ অন্ধকাৰ ৷ কৰবাত দুই এটুকুৰা সংগীত, গানৰ টুকুৰা, কৰবাত দুই এটা ধাৰাবাহিক বা চলচিচত্রৰ সংলাপ ৷ কৰবাত কেঁচুৱাৰ কান্দোন, কৰবাত কুকুৰৰ ভুকভুকনি ৷ সঁচাকৈয়ে বিচিত্র এক সোৱাদ ৷ এই মাদকতাখিনি তাইক লবলৈ শিকাইছিল অনুপমে ৷ অনুপমৰ লগত বিচেছদ হৈছিল ঠিকেই, কিন্তু অনুপমে বহুত কিবাকিবি তাইক দি থৈ গৈছিল ৷ তাইৰ দেহত অনুপমে জন্ম দি থৈ গৈছিল মুনমীক ৷ অনুপমৰ লগত সম্পর্ক এৰাই বেলেগে থাকিবলৈ লওঁতে মুনমীৰ বয়স আছিল মাত্র পাঁচ বছৰ ৷ তাৰ পিছত আইনগতভাৱে বিচেছদ হৈছিল দুয়োৰে ৷ মুনমীৰ দায়িত্ব তাই লৈছিল ৷ অনুপম সম্পূর্ণ অকলশৰীয়া ৷ অৱশ্যে অনুপম নিজে তাইৰ পৰা আঁতৰি যাব খোজা নাছিল ৷ অনুনয় বিনয় কৰিছিল অনুপমে ৷ বাৰে বাৰে তাইক সুধিছিল, তাইৰ সমস্যাটো কত তাই বহুত কিবাকিবি কৈছিল ৷
- এইবোৰ সাধাৰণ কথা, আমি মিলাই লব পাৰিম ৷ মই বিশৃংখল, মই খেয়ালি, মই অপৈণত, সকলো মানি লৈছোঁ ৷ তুমি আজি সাত আঠ বছৰ সামৰি–সুতৰি সংসাৰ চলাই আছা ৷
তাই তাৰ পিছত প্রধান অস্ত্রপাট এৰিছিল ৷
- মোৰ মেইন প্রব্লেম তোমাৰ কবিতা ৷
- কবিতাই তোমাক কি দোষ কৰিলে
বহুত সময় একো নমতালৈ আছিল অনুপম৷ বহুত সময়ৰ পিছত কৈছিল
- কবিতাক লৈয়েই মই জীয়াই আছোঁ তৰা ৷ কবিতা মোৰ জীৱন৷ কবিতা নহলে যে মই মৃত এক মানুহত পৰিণত হম ৷
- তেনেহলে মোক বাদ দিয়া ৷
তেতিয়া কবি হিচাপে প্রতিষ্ঠিত হৈছিল অনুপম ৷ অনুপমে কৈছিল প্রতিষ্ঠা লাভ কৰিবলৈ কষ্ট বহুত, কিন্তু তাৰ পিছত সেয়া বজাই ৰখাতো আৰু কষ্ট ৷ গতিকে পাঠকৰ মনত কবি হিচাপে জীয়াই থকাৰ বাবে লিখা, বিভিন্ন অনুষ্ঠানত অংশ লোৱা তাতে ব্যস্ত থাকিব লাগিছিল সি ৷ কলেজৰ সহকাৰী অধ্যাপকৰ চাকৰি, গতিকে পঢ়া–শুনা আৰু অন্য কামো থাকে ৷ নয়নতৰাৰ বেংকৰ চাকৰি, সময়ত যোৱা, সময়ত অহা ৷ ছোৱালীৰ কাৰণে সময় দিয়ে নয়নতৰাই ৷ কিন্তু সি সময় দিব নোৱাৰে ৷ এই লৈ বহুত দিন মতবিৰোধ পোৱাৰ পিছত তাই বেলেগে থকাৰ প্রস্তাৱ দিছিল ৷ আৰু কাৰণ নথকাও নহয় ৷ কাৰণ এজন পুৰুষ আৰু এগৰাকী নাৰী ৷ একেলগে কাম কৰা ৰাতুল নামৰ যুৱক এজনৰ লগত নয়নতৰাৰ অন্তৰংগতা গঢ় লৈ উঠিছিল ৷ ৰাতুল আছিল অবিবাহিত আকর্ষণীয় যুৱক ৷ প্রথমতে নয়নতৰাই বুজাই নাছিল তাৰ প্রকৃত স্বৰূপ ৷ তাই আকর্ষিত হৈছিল ৷ তাইৰ এতিয়া ভাবিলে আচৰিত লাগে ৷ তাই জীৱনৰ অভিজ্ঞতাৰে বুজিছিল যে প্রায়বোৰ নাৰীয়েই সময় আৰু সুবিধা পালে বিবাহিত হৈয়ো পৰপুৰুষৰ প্রতি আকর্ষিত হয়, সম্পর্ক কৰে৷ ই একো অস্বাভাৱিক নহয় বুলিয়েই তাইৰ ধাৰণা ৷ আৰু এটা কথাত তাইৰ ঈর্ষা হৈছিল, সেয়া হল মাধৱী৷ মাধৱী নামৰ এগৰাকী কবি আছিল ৷ তাইৰ লগত ভাল বন্ধুত্ব আছিল অনুপমৰ৷ দুয়ো বিভিন্ন অনুষ্ঠানত যোগদান কৰাৰ লগতে ঘণ্টা পিছত ঘণ্টা আড্ডা দিছিল, বিষয় আছিল কবিতা ৷ নয়নতৰাৰ সন্দেহ হৈছিল তাইৰ লগত সম্পর্ক থকা বুলি অনুপমৰ ৷ অৱশ্যে এতিয়া তাই বুজি পাইছে যে অনুপমৰ আচলতে তেওঁৰ লগত সম্পর্ক আছিল একেলগে কৰা সৃষ্টিৰ তাড়নাতহে ৷ তাই জানে যে এতিয়াও মাধৱী অনুপমৰ ভাল বন্ধু ৷ আনকি অনুপমৰ লগত মাধৱীৰ স্বামীৰো সম্পর্ক ভাল ৷ অনুপমৰ সংসাৰখন জোৰা লগাবলৈ চেষ্টাও কৰিছিল মাধৱীয়ে ৷ কিন্তু ৰাতুলে তাইক অনুপমৰ পৰা আঁতৰাই অনাৰহে চেষ্টা কৰিছিল ৷ ৰাতুল কেইবছৰমানৰ মূৰত অন্য এখন প্রদেশলৈ বদলি হৈ আঁতৰি গৈছিল ৷ পিছত তাই গম পালে যে তাইৰ পৰা আঁতৰিবলৈকে সি এই কাম কৰিলে৷ তাইক সি বহুত আশা দিছিল সংসাৰ কৰিব বুলি, কিন্তু নকৰিলে ৷ তাই সকলো খবৰ পাই থাকে, অনুপমৰ কিন্তু কোনো নাৰীৰ লগতে আকৌ প্রেমৰ সম্পর্ক গঢ়ি নুঠিল ৷ প্রায়ে সি মুনমীক লগ ধৰিছিল, কিছু সময় কটাইছিল ৷ দেউতাক হিচাপে তাইক অর্থ সাহায্যও দিছিল ৷ মুনমী যেতিয়া বিদেশলৈ যাব খুজিছিল, তেৱেঁ এই সকলো ব্যৱস্থা কৰি দিছিল ৷ এতিয়াও মাকতকৈ দেউতাকৰ লগতহে তাইৰ সম্পর্ক বেছি ভাল ৷ মুনমীয়ে দুয়োৰে জীৱনৰ ঘটনাবোৰৰ লগত জড়িত হৈ থকা বাবেই জানে সকলো ৷ ৰাতুলৰ লগত মাকৰ সম্পর্কৰ কথাও তাই জানিছিল ৷ দেউতাকৰ ওচৰতো মাজে মাজে গৈ থাকে, দেউতাকৰ বিষয়েও জানে ৷ কিন্তু কেতিয়াবা কথা প্রসংগত ওলাই পৰে যে দেউতাকৰ জীৱনত দ্বিতীয় এগৰাকী নাৰীৰ আগমন নহল আৰু ৷
এতিয়া দুয়ো অৱসৰ ললে৷ নয়নতৰাৰ অফুৰন্ত অৱসৰ ৷ কিতাপ পঢ়া, গান শুনা এইবোৰতে নিজক ব্যস্ত কৰি ৰাখিব খোজে তাই ৷ কিন্তু অনুপম এতিয়া এগৰাকী জনপ্রিয় কবি ৷ তাই সুবিধা পালে অনুপমৰ কিতাপবোৰ কিনি আনে, কিন্তু নপঢ়ে ৷ মাত্র মানুহক দেখুৱাবলৈ সজাই থয় ৷
তাই জানে হয়তো তাই চেষ্টা কৰিলে আকৌ অনুপমে তাইক আঁকোৱালি লব ৷ এই সময়ৰ নিঃসংগ সময়খিনি হয়তো কাটি যাব ৷ কিন্তু তাই নোৱাৰে ৷ দুটা কথাত তাই নোৱাৰে ৷ এক সকলোৱে তাইক স্বার্থপৰ বুলি ভাবিব বা তাইৰ স্বাভিমানেও বাধা দিয়ে ৷ কিন্তু যদি এবাৰলৈ অনুপমে মাতে আহা তৰা ৷ তাই হয়তো লগে লগে গুচি যাব ৷ তাইৰ চেহেৰাটো আগৰ পৰাই আকর্ষণীয় ৷ যদি তাই ইচ্ছা কৰে এতিয়াও কোনোবা পুৰুষৰ লগত বন্ধুত্ব কৰিব পাৰে, লিভ ইন ৰিলেচনত থাকিব পাৰে ৷ কিন্তু তাই ইচ্ছা কৰা নাই ৷ সকলো সুবিধাবাদী ৷ সকলোকে মাত্র দেহটোহে লাগে ৷
ৰাস্তাটো প্রায় জনশূন্য৷ কমার্চ কলেজৰ মুখত কিছু লৰা–ছোৱালী ৷ তাই লাহে লাহে ফ্লাইভাৰত উঠিল ৷ তাতো নিশ্চয় ৰেলিঙত ডেকা–গাভৰুবোৰ যোৰ পাতি বহি আছে ৷ এটা সময়ত সিহঁতেও বহিছিল বিশ্ববিদ্যালয়ৰ কৃষচূড়াৰ তলত ৷ সেই দিনবোৰ সঁচাকৈয়ে বৰ সুন্দৰ আছিল ৷ সিহঁতৰ বিভাগটোত নতুন লৰা–ছোৱালীখিনিৰ মাজত সকলোৰে আকর্ষণৰ কেন্দ্রবিন্দু আছিল অনুুপম ৷ এসোপা বিশৃংখল চুলিৰে ওখ–ক্ষীণ অনুপমে সদায় জোখতকৈ ডাঙৰ চোৱা পিন্ধিছিল ৷ জধলা আছিল সি ৷ কিন্তু কেইবাটাও কাৰণত তাৰ প্রতি আকর্ষিত হৈছিল ছোৱালীবোৰ ৷ আকর্ষণীয় ব্যক্তিত্ব আৰু চেহেৰা, বৰ চোকা লৰা আছিল সি, তাতকৈ ডাঙৰ কথা উদীয়মান কবি আছিল সি ৷ যিটোৱে তাৰ ফালে টানিছিল সকলোকে ৷ সি উৎপতীয়া আছিল, সকলোৰে লগত ধেমালি কৰিছিল সহজভাৱে ৷ কিন্তু তাৰ কবিতাৰ প্রতি একো আকর্ষণ নথকা ছোৱালী আছিল নয়নতৰা ৷ হঠাৎ দুয়োটাৰ মাজত প্রেমৰ সম্পর্ক গঢ়ি উঠিল ৷ তেতিয়া কিন্তু তাৰ অসংযত স্বভাৱটো, খেয়ালি মনটো লাগবান্ধ নোহোৱা কামবোৰ তাই বেছ উপভোগ কৰিছিল ৷ সেইবোৰে তাৰ প্রতি তাই আকর্ষিত কৰিছিল ৷
মহাবিদ্যালয় শেষ কৰি সি লগে লগে এখন বাতৰিকাকতত সোমাল ৷ দেউতাকৰ দিনৰে ঘৰ এটা আছিল শিলপুখুৰীত তাতে আৰম্ভ কৰিলে জীৱন ৷ এবছৰ নহলেই কলেজ এখনত পালে চাকৰি ৷ তায়ো কিছুদিন পিছত গুৱাহাটীৰ বেংক এটাত৷ আকৌ দুয়ো লগালগি হল ৷ তেতিয়াটো একমাত্র যোগাযোগ আছিল চিঠি ৷ তাৰ কেইবছৰমানৰ পিছত বেয়া ৷ শিলপুখুৰীৰ ঘৰখনত সংসাৰ ৷ বৰ ধুনীয়াকৈ ঘৰখন সজাইছিল সি ৷ ফুল আৰু ফুল ৷ মানুহে আহিলে গম পায় কবিৰ ঘৰ বুলি ৷ তাই কিন্তু তাক কৈ আছিল মাটিটুকুৰা কোনোবা বিল্ডাৰক দি ফ্লেট সাজিবলৈ ৷ সি মান্তি হোৱা নাছিল ৷ আচলতে তাই আছিল অতি বাস্তৱবাদী, কিন্তু আৱেগিক ৷ টকা–পইচাতকৈ তাৰ বাবে অনুভূতিৰ মূল্য বেছি আছিল ৷ সেইবাবেই হয়তো সি কবি আৰু তাই এগৰাকী কবিতা বেয়া পোৱা নাৰী ৷
আজি ফ্লাইভাৰখন জনশূন্য৷ ঠাণ্ডাৰ বাবে ৰেলিঙত বহি থকা যোৰাবোৰ নাই ৷ মাত্র কুঁৱলী আৰু কুঁৱলী৷ ষ্ট্রীট লাইটবোৰৰ বিষণ্ণ পোহৰ ৷ হঠাৎ তাই ৰৈ গল ৷ আচৰিতো হল ৷ সন্মুখত এটা পুৰুষ মূর্তি ৰৈ আছিল দুহাতমান আঁতৰত ৷ মূৰত এটা গল্ফকেপ, ওলাই থকা চুলিবোৰ সৰহভাগেই পকা ৷ আগৰ দৰেই উজ্জ্বল আকর্ষণীয় এযোৰ চকু৷ দীঘল নাকটো ৷ পাতল মোচ ৷ ওঁঠত এটা ধুনীয়া হাঁহি ৷ ফ্রেন্স কাট দাড়ি ৷ ডিঙিত এখন বগা মাফলাৰ ৷ দীঘল কোটটো ওখ মানুহজনৰ আঁঠুত পৰিছে ৷ এটা লংপেণ্ট ৷
দুয়ো দুয়োটালৈ চাই আছে ৷ চাৰিওফালে কুঁৱলীবোৰে যেন দুয়োকে এটা বৃত্তৰ ভিতৰত থৈ দিছে ৷ নীৰৱতা ভাঙি প্রথমে নয়নতৰাই মাতিলে
- অনুপম, মোলৈ তোমাৰ বাৰু মনত পৰেনে
এটা হুমুনিয়াহ ৷
- মানুহে জানো উশাহ লবলৈ পাহৰে তৰা
সময়বোৰ স্তব্ধ হৈ গৈছিল ৷ কুঁৱলীবোৰৰ বৃত্তটো ৰৈ আছিল, বিষণ্ণ ষ্ট্রীট লাইটৰ পোহৰবোৰ ওপৰৰ পৰা পৰি আছিল দুয়োৰে ওপৰত ৷ ৰৈ আছিল দুয়ো ৷
ফোনঃ ৯৪৩৫১-৪৯০৭৭
Comments are closed, but trackbacks and pingbacks are open.