ডঃ মণিমালা দেৱী
হালধীয়া পৰিবলৈ ধৰা তগৰ কেইপাহ পেলাওঁ বুলি লৈয়ো খাঁঈয়ে পুনৰ চিচাৰ বটলটোত ভৰাই থলে ৷ খাঁঈৰ আচল নামটো কি আছিল, সেইটো আনৰ লগতে তাই নিজেও পাহৰাৰ গতেৰে হল ৷ নাকটো চেপেটা হোৱা বাবে সৰুতে মৰমতে হয়ে–সিয়ে খাঁৰী বোলোঁতে বোলোঁতে পিছলৈ ৰ নুফুটা তায়ো নিজৰ নামটো খাঁঈ বুলিবলৈ ললে ৷ মাওৰা ছোৱালীজনীৰ জীৱনত বুুীমাকৰ মৰমকণৰ বাহিৰে আন একো সুখ নফলিল ৷ মাহীমাক অহাৰ দিন ধৰি বুুীমাকে মাইকী কুকুৰাই ডেউকাৰ তলত পোৱালিক লুকুৱাই সুৰক্ষিত ৰখাৰ দৰে খাঁঈক অভয় দি ৰাখিছিল ৷ ওচৰৰ প্রাথমিকত নাম লগাই দিছিল যদিও তাই সেহ ডেওনা পাৰ হব নোৱাৰিলে ৷
মাইকী ছোৱালীকনো কিহৰ কিতাপৰ শিখা শিক্ষা লাগে থ মই তাইক জীৱনৰ শিখাৰে ডাঙৰ কৰিম পিছে এঘৰলৈ উলিয়াই দিলে তাই তাইৰ গুণৰ যহতে আটাইৰে মন হৰিব চাই থাক বুুীমাকে আশ্বাস দিয়ে ৷
হয়য়ো বুুীয়ে নাতিনীয়েকক বোৱা কটা, ভূঁই ৰোৱা, গাখীৰ খীৰোৱাকে লৈ গৃহিণীৰ লাগতিয়াল সকলোতে কাজী কৰি তুলিলে ৷ কিন্তু খঁৰা নাকটোৰে চেহেৰাৰ অকণো যত্ন লবলৈ আহৰি নোপোৱা তাইক দেখি কেইবাঘৰেও নাক কোঁচালে ৷ শেহত যেনিবা এঘৰে নিয়াৰ বাবে সন্মতি জনালে ৷ গঞা ৰাইজে তাইৰ বিয়াখনলৈ আহি এইখন ভেঁকুলী বিয়াতকৈ চাৰ হল বুলি হাঁহিলে ৷ বিয়াখন পাতিবলৈ দেউতাকৰ হয়তো মনটো আছিল ৷ কিন্তু মাহীমাকৰ জীয়ৰীক ধন দি গতাইছা যেতিয়া বিয়াৰ বাহুল্য বাদ দিয়া বুলি কৰা সাৱধান বাণী শুনি তেওঁ সেহফালেই তাপ মাৰিলে ৷
ন–ছোৱালী হৈ নতুন ঘৰখনৰ টোকোনা অৱস্থাটো দেখি তাহ মনতে ভাবিলে, আপদ বিদায় কৰাৰ দৰে তাইক এই ঘৰলৈ বিয়া দিয়াতকৈ দেউতাকে বৰপুখুৰীটোলৈ গঁতিয়াই দিলেই চাগে ঢেৰ সুখৰ হল হয়
ঘৰখনত নাই যি নাই একোৱেই নাই ৷ এনিশাটোলৈয়ো নিজৰ কৰি নোপোৱা মানুহটোৱে বিয়াৰ পিছতে অৰুণাচললৈ বিজ্নেচ কৰিবলৈ বুলি গুচি গল ৷ এবাৰ সি হঠাতে আহি ওলোৱাত মাকে কিবা কোৱাত সি জেঙেৰা মাৰি উঠিছিল, বিজ্নেচ নকৰি এই খাঁঈজনীক চাহ বহি থাকিলে মোৰ পেট ভৰিব নেকি
সেহবাৰেই শেষ দেখা ৷ পিছত অহুকাণে–পহুকাণে সি অৰুণাচলী তিৰোতাৰ সৈতে সংসাৰ কৰাৰ কথা তাই শুনিবলৈ পাইছিল ৷ পেটৰ–বালা মনৰ–বালা একাষৰীয়া কৰি লাহে লাহে তাই গাঁৱৰ ইঘৰ সিঘৰত এটা দুটা কাম কৰিবলৈ ললে ৷ ক্রমে গাঁৱৰ কাৰোবাৰ ঘৰৰ বিয়া সকামত তাইৰ হাতৰ পিঠা–লাডু নহলেই নোহোৱা হবলৈ ধৰিলে ৷ ধান দোৱাৰ দিনত পুৱাৰ পৰা খাঁঈৰ তৰণি হেৰাবলৈ ললে ৷ শাহু–শহুৰ সিফলীয়া হোৱাৰ পিছত শহুৰেকৰ আধা কঠাৰ ভেটিটোতে গাঁৱৰ ৰাহজে লাগি মেলি তাহৰ বাবে চৰকাৰী সাহায্যৰ দুকোঠলীয়া এটা পকী ঘৰ, সৰুকৈ হলেও এটা ছেনিটাৰী পায়খানা আৰু বিজুলী চাকিৰ ব্যৱস্থাও কৰি দিলে ৷ ক্রমাৎ গাঁৱৰ নামঘৰ–মেলত তাইৰ কদৰ বাঢ়িবলৈ ললে ৷ নিঃসংগতাই লগ নেৰা তায়ো মন উজাৰ কৰি তু–শব্দ নকৰাকৈ ৰাইজৰ আব্দাৰবোৰ মাৰি গৈ থাকিল ৷ চখৰ ভিতৰত নামঘৰৰ আগফালে ফুলা তগৰ কেইপাহমান আনি চিচাৰ বটল এটাত পানী অকণ দি চেহেৰা মণিব নোৱাৰা আইনাখনৰ সন্মুখত সজাই থয় ৷ কিয় জানো শুধ বগা তগৰ কেইপাহৰ লগত খাঁঈয়ে তাইৰ ৰংহীন জীৱনটোৰ কৰবাত সাদৃশ্য দেখা পায় ৷
তত্ ধৰিব নোৱাৰাকৈ খাঁঈৰ পৰা খাঁঈবৌ, খাঁঈ বৰমা, আৰু এতিয়া খাঁঈ আইতা হোৱালৈকে তাইৰ এই জীৱন পৰিক্রমাত এইকেইদিনত হোৱাৰ দৰে কোনো অনুভূতি হোৱা নাছিল ৷ তাইক সেইদিনা বডানীয়ে কলে ।
কিবা বোলে মহিলা দিৱস আছে, তোৰ লগতে আৰু দুজনী মানক আমাৰ এম এল এ ছাৰে গাঁৱলৈ আহি সম্বর্ধনা জনাব, মানে তহঁতক গামোচা পিন্ধাব ৷ সংসাৰৰ একো এটাৰে ভু নোপোৱা খাঁঈৰ হাতত ফুলাম পাটৰ মেখেলাখন গুঁজি দি তাহৰ দুখৰ লগৰী বডানীয়ে সেহদিনা তাইক এইখন পিন্ধি চাফা হৈ আহিবি বুলি কোৱাতহে তাই কথাটোৰ গুৰুত্ব উপলব্ধি কৰিলে ৷
আজি সেই দিনটো ৷ প্রায় ৰূপোৱালী পৰা চুলিকোছা আঁচুৰি, নতুন পাটৰ মেখেলাখন পিন্ধি ধূলিত পোত খাই থকা আইনাখনত মুখখন চাওঁতেই মৰহিবলৈ ধৰা তগৰ কেইপাহৰ গোন্ধটো তাইৰ নাকত লাগিল ৷ ইতিমধ্যে নামঘৰৰ বাকৰিত লগোৱা মাইকৰ শব্দ শুনা গৈছে ৷ হালধীয়া পৰা ফুলকেইপাহ পেলাই দিবলৈ লওঁতেই তাইক নামঘৰলৈ বুলি আগববাই নিবলৈ গাঁৱৰ কেহজনীমান বোৱাৰী জপনা খুলি হাঁহি হাঁহি তাইৰ ঘৰলৈ সোমাই আহিল ৷ হাতত লোৱা তগৰ কেইপাহ পুনৰ বটলটোত থৈ খাঁঈয়ে মনতে ভাবিলে, এৰা মৰহা তগৰৰহে গোন্ধটো চোকা
ফোনঃ ৯৯৫৪৪-৮৩৫২৫