খুকুমণি মুদৈ দাস
নিশা দহ বাজিছিল তেতিয়া৷ হয়তো সাৰে আছিল পৃথিৱী, সাৰে আছিল অলপ সপোনৰ জোনাক তেতিয়াও ৷
বাহিৰত ভতুৱা কুকুৰ কেহটামানৰ তোলপাৰ কাজিয়া ৷ উহ্ কাণত ধৰিছে আৰু ইমান সময়ৰ পৰা সিহঁতৰ কাজিয়া শেষ হোৱাই নাইনে আজি বিছনাখনলৈ সোনকালে আহি ভুল কৰিলোঁ নেকি এই এনেয়েনো মই নিশা কিমান দেৰিলৈ থাকোঁ, পিছে ইহঁতসোপাৰ কাজিয়া বা কিমান দেৰিলৈ শুনিবলৈ পাওঁ সন্দেহ আছে ৷
বীয়েৰ অলপ খোৱাই ভাল হব নেকি এক দীঘলীয়া হুমুনিয়াহ ৷ কিমান আৰু এইবিধৰ আশ্রয় লম নিজকে নিজে বিচাৰি নাপাওঁ দেখোন ৷ প্রেমত ব্যর্থ প্রেমিক ৷ আনক কিন্তু প্রেমৰ সংজ্ঞা ঠিকেই দি আহিলোঁ ৷ কেইবাজন বন্ধুৰ বিচ্ছেদ হোৱা প্রেমক জোৰা লগাই বিবাহপাশত আবদ্ধও কৰিলোঁ, পিছে নিজৰ জীৱনৰহে কোনো গতি লগাব নোৱাৰিলোঁ ৷
বন্ধু মহলত সেই তাহানি দিনৰ পৰা মানে স্কুল–কলেজত পঢ়ি থকা দিনৰ পৰাই এক আলোচনাৰ বিষয় আছিলোঁ ৷
চিন্তা সাগৰ–দুৰন্ত প্রেমিক বুলি ৷ কি কাৰণে জানো মোক এই উপাধিটো প্রদান কৰিছিল এতিয়াও মোৰ সন্দেহৰ আৱর্তত ৷
কিন্তু এই উপাধিটো প্রদান কৰাৰ আঁৰত হয়তো কিবা এটা নিশ্চয় আছে ৷
অন্তৰৰ কোলাহল বাজি উঠে নীৰৱতাৰ নীৰৱ আৰম্ভণি ৷
তথাপিও গজি উঠে শিপা
বুকুৰ শেষ উচুপনি
ৰঙাৰ পৃথিৱী সাৰে থাকে
কলিজাৰ আঁহে আঁহে
কলিজাৰ কোঁহে কোঁহে
হয়তো মোৰ এই কবিতাৰ শব্দবোৰেহে মোক এই যে বন্ধু মহলে দিয়া উপাধিটোৱে মাত্রা প্রদান কৰে ৷ সিহঁতে হয়তো ভাবে মোৰ কোনোবা আছে সেহবাবে মই এইদৰে মোৰ কবিতাত এনেকুৱা শব্দবোৰ মোৰ মুখেৰে স্বতঃস্ফূর্তভাৱে নিগৰিত হয় ৷ মইহে জানো মোৰ এই বৰলা পৃথিৱীত কি চলি আছে ৷ বীয়েৰ মোৰ প্রেমিকা আৰু এই প্রেমিকাৰে মই দুৰন্ত প্রেমিক ৷
বেয়া নহয় উপাধিটো দিয়ক যিয়ে যেনেকৈ দিয়ে এইটোও এটা কিন্তু মৃত শিলৰ জীপাল হৈ থাকিব পৰাকৈ তেজাল শক্তি ৷
আৰে ভাই বৰলা হলো কি হল চাকৰি আছে চৰকাৰী, বাল্যকালৰ বন্ধু আছে, কলেজৰো বন্ধু মহল আছে, বীয়েৰ আছে আৰু কি লাগে চলি যাব ৷ জীৱনৰ পঞ্চাশটা বছৰ গৰকিলোঁৱেহ ৷ বীয়েৰৰ গ্লাছটোত এসোপা মাৰি এবাৰ বাহিৰলৈ যোৱা দর্জাখনলৈ দৃষ্টি নিক্ষেপ কৰি নিজকে নিজে কবলৈ ধৰিলে, চুপ হৈ কাজিয়া সমাপ্ত সিহঁতৰ আজিলৈ ৷ ভাল লাগিল দেহ সিহঁতৰ কাজিয়াতহে মই শুই যোৱা মানুহটো এহদৰে বীয়েৰৰ গ্লাছ হাতত লৈ অতীত আৰু বর্তমান এইদৰে অকলে অকলে ৰোমন্থন কৰিব পাৰিছোঁ ৷ এইটোও কিন্তু এটা বেলেগ আমেজ ৷ এতিয়া যদি মই বিবাহিত হলোঁহেঁতেন এইদৰে বিছনাৰ পৰা উঠি পত্নীৰ কাষত বহি বীয়েৰৰ গ্লাছ হাতত লৈ অতীত আৰু বর্তমানৰ আমেজ জানো লব পাৰিলোঁহেঁতেন ৷ কিমান কিজানি খেচখেচালেহেঁতেন ৷ অৱশ্যে এই বিষয়ৰ ওপৰত কোনো অভিজ্ঞতা নাই কিন্তু মোৰ প্রিয় বন্ধুকেহজনৰ পৰা শুনা কিছুমান সঁচা কাহিনীৰ ওপৰতহে এই বৰলাৰ এই অভিজ্ঞতা ৷
কেতিয়াবা দেখোন নিশা উজাগৰে থাকিও ভাল লাগে ৷
সদায় যে নিশা শুবই লাগিব কিবা কথা আছে নেকি অলপ সময় চিন্তা সাগৰে নিজকে নিজৰ লগত ভোৰভোৰালে ৷
অহ্ পুৱা অফিচ আছে নহয় ৷ নাই নাই শুই যোৱাই ভাল নহলে অফিচত টোপনি আহিব ৷
মঙহৰ কেঁচা তেজত উমলে
ৰদৰ তপত অশ্রুৰ এটোপাল
সেউজীয়াৰ মাজত মৰুভূমিৰ
কান্দোন,
ধোঁৱাবিহীন নিচান প্রেমৰ
সুৰ মাতাল ৷
আস্থা তোমাক মই মোৰ জীৱনসংগী কৰিব নোৱাৰিলোঁ ৷ হাজাৰ চেষ্টা কৰিও মই ব্যর্থ হলোঁ আস্থা ৷ তুমি মোক ভুলেই বুজি থাকিলা, তোমাৰ ভুল মই কেতিয়াও শুদ্ধকৈ তুলি ধৰিব নোৱাৰিলোঁ ৷
তুমিও জানিছিলা ভালকৈ মই তোমাকেই পাল পাইছিলোঁ বুলি কিন্তু মোৰ কবিতাৰ শব্দবোৰেহে তোমাক ভুলৰ মাজেৰে গতি কৰিবলৈ বাধ্য কৰাইছিল ৷
কাৰণ মোৰ কবিতাৰ প্রেমিক বহুত আছিল আৰু সেইবাবে হয়তো তুমি মোক ভাবিছিলা সেইবোৰৰ মাজত মই আন কোনোবা কোনোবাক ভাল পাওঁ বা সিহঁতে মোক ভাল পায় বুলি ৷ মই তোমাক বিশ্বাস কেনেকৈ কৰাম যে মই কেতিয়াও কাহানিও কাৰোৱেই এনেকুৱা এটা শব্দও কোৱা নাছিলোঁ, যত মৰমৰ বা প্রেমৰ বীজ অংকুৰিত হৈছিল ৷ বিশ্বাস কৰা আস্থা মই মাথোঁ তোমাৰেই একমাত্র প্রেমিক আছিলোঁ আৰু আজীৱন হৈ থাকিম ৷ মই বীয়েৰ খাইছিলো সেইটোতো তুমি প্রতিবাদ কৰিছিলা ৷ তোমাৰ লগত কথা পাতি থকা সেই শেষ দিনটো মোৰ আজিও মনত আছে, আজিৰ পৰা সুদীর্ঘ ত্রিশ বছৰ আগৰ এটি সন্ধিয়া ৷ তোমাক যেতিয়া মই বিয়াৰ প্রস্তাৱ দিছিলোঁ তুমি মোৰ মুখলৈ চাই খঙত এটা শব্দ জোৰকৈ কৈছিলা– তুমি মাতাল এটা ঘোঁৰা ৷
তোমাৰ প্রতিটো দিন কবিতাৰেহে আৰম্ভ হয় আৰু ৰাতিটো শেষ হয় হাতত বীয়েৰৰ বটলেৰে ৷ তোমাৰ হাজাৰ প্রেমিকা মই তোমাক বেয়া পাওঁ ৷ তুমি মাতাল ঘোঁৰা অ তুমি এটা মাতাল ঘোঁৰা ৷ গুড বাই মিঃ চিন্তা সাগৰ গুড বাই ৷
বুকুখন গহীন হৈ পৰিল চিন্তা সাগৰৰ ৷ পাহাৰ তলিৰ মৃত শিলত খোদিত হৈ পৰা এডাল ৰেখাৰ দৰে হাত দুখন মৃত হৈ পৰাদি তাৰ বুকুত পৰি ৰল ক্ষন্তেক সময় ৷
আস্থা আজি তুমি হয়তো উপলব্ধি কৰিব পাৰিছা যে মই আজিও কিয় বৰলা হৈ থাকিলোঁ ৷ তোমাৰ এই মাতাল ঘোঁৰাটোৱে ৷
তোমাৰ উপাধিটোৱে মোৰ ভাল লগা হল আস্থা ৷ মাতাল ঘোঁৰা অ মই মাতাল ঘোঁৰা, কিন্তু তোমাৰ প্রেমৰহে সেই ব্যর্থ প্রেমিক আনৰ বাবে নহয় ৷ প্রেমৰ মাতাল ঘোঁৰা এই চিন্তা সাগৰ মিঃ চিন্তা সাগৰ ৷
ফোনঃ ৯০৮৫৩-৩১৯৭৭