দৰ্শনা বৰুৱা
ৰ’বা দেই আমি একেলগে চাহকাপ খাম ,আহি আছো ৰ’বা ৷একেবাৰে স্বাভাৱিক সুৰত বতাহছাটিক উদ্দেশ্যি ল’ৰালৰিকৈ কথাষাৰ কৈ মধুলেখাই যাৱতীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰিলে ৷ পুতেক পুগুলৈ জহাচাউল দুমঠি কুকাৰটোত বহাই মধুলেখাই ডাইনিঙনৰ চকীখনত বহি চাহকাপত সোহা এটা মাৰে৷চেঁচা পৰি যোৱা ফিকা চাহকাপ তাই কেতিয়াবা একেশোহাই পি থয় ৷ আজি তাইৰ তাৰ লগত একেলগে বহি চাহকাপ খাবলৈ মন গ’ল ৷ সেমেকা বিস্কুট এখনত কামোৰ এটা মাৰি তাই সেইটো ডাষ্টবিনলৈ দলিয়াই দিলে৷ইমানবোৰ বিস্কুটৰ মাজতো খাবলৈ লোৱাৰ দিনা এটামানো বিস্কুট তাইলৈহে যেন নাটে৷অনিৰ্বাণে কিচিম কিচিম স্নেকচ্ আনি থয়৷মধুলেখাইহে নিজে লৈ নাখায় ৷ ভুলটো তাইৰেই ৷ অনিৰ্বাণে তাইক জোকাই ৰং চায় ৷
পুৱাই হেভি টিফিন বান্ধি অনিৰ্বাণ অফিচলৈ গ’ল৷বন্ধৰ দিন বাবে চাৰিবছৰীয়া পুগু ঘৰতে শুই আছে ৷ তলৰ মহলাত শাহু শহুৰে ভুভাৰস্তখন উলিয়াই লৈছে ৷ তেওঁলোক নিজৰ মতেই চলে ৷ মধুলেখাই এগৰাকী ভাল বোৱাৰীৰ দায়িত্ব পালন কৰিলেও তেওঁলোকৰ কথা আৰু কামত কাহানিও হস্তক্ষেপ নকৰে ৷ অনিৰ্বাণো একেই৷তাৰ যেন মাক–দেউতাকৰ প্ৰতি আৱেগ কিছু কম ৷ আচলতে মাক–দেউতাকৰ অত্যধিক শাসন আৰু স্বেচ্ছাচাৰীতাই হয়তো অনিৰ্বাণৰ মনৰ পথাৰত ছিৰাল ফটাইছিল ৷ শুকুৱাই পেলাইছিল নেকি বাৰু মৰমৰ নদীখন ! তাইৰ প্ৰতিও যেন অনিৰ্বাণৰ আৱেগ কিছু কম ৷ তাইৰ লগত একেলগে থাকিবৰ পৰাহে যেন সি হাঁহিব জনা হৈছে ৷ মানুহৰ লগত সহজ হ’বলৈ শিকিছে ৷ মধুলেখায়ো অনিৰ্বাণক সামাজিক আচৰণৰ বহু কথাই শিকাইছে ৷
এইটো নহয় যে মধুলেখা ইমপ্ৰেক্টিকেল বা জোখতকৈ বেছি আৱেগিক,কিন্তু তাইৰ বুকুত আৱেগৰ নৈখন বৈ থকাৰ বাবেই আজি বিশবছৰৰ পাছতো এইদৰে তাৰ লগত একেলগে বহি চাহকাপ খাবলৈ মন কৰিছে ৷ কমখন কথানে বাৰু ! ইমান মৰমনে ! তাকো….
ধেই লাজ লাগি যায় দেই৷ওঁঠখন সামান্য কঁপাই মধুলেখাই হাঁহিলে ! হাঁহিৰ লগতে দুটোপাল মুকুতা সৰিল৷চকুলোৰ মুকুতা ! স্কুল বন্ধ থাকিলে পুগুক ইচ্ছা কৰিয়েই তাই পুৱা কিছুসময় দেৰিকৈ জগায়৷তাৰ টোপনি এনেও পাতল৷মাজৰাতিলৈকে সপ্ৰতিভ হৈ থাকিব পাৰে সি ৷ অনিৰ্বাণৰ আকৌ টোপনি গধুৰ৷সুযোগ পালেই সি এঘুমটি শুই ল’ব পাৰে৷আৰু মধুলেখা ! গাৱঁৰ ঘৰত অকলে থকা আইতামাকক ৰখিবলৈ গৈ পুৱাও মৰটোপনিত থকা কিশোৰী মধুলেখাক আইতাকে জগাও বুলিও জগাব পৰা নাছিল ৷
“কি টোপনি অ’ এইজনীৰ ! মই মৰ্ণিং ৱাক কৰি আহি পালোঁ৷জিতু আৰু মণিৰ লগত বহি চাহ খালোঁ ৷ তাইৰ উঠিবৰে হোৱা নাই ! আহিছিলি কিয় অ’ এইজনী!ঘৰতে থাকি পঢ়িব পাৰ !একেলগে বহি চাহ খাবলৈ নাই,ভাত খাবলৈ নাই৷দিনটো তলৌতলৌকৈ ঘূৰিবি৷উস ! ”
কেতিয়ানো গাত কথা লাগিব অ ’ !
আইতাকৰ গালি শপনি এখন কাণৰে শুনি আনখন কাণৰে উলিয়াই দি মধুলেখাই আইতামাকে ভাতমাৰ এহেতা দি শাক–মাছৰে ৰন্ধা আঞ্জাখনৰে ভাতমুঠি তৃপ্তিৰে খাই এদ’মমান আলোচনী– কিতাপ উলিয়াই মূৰটো গুজি থাকিছিল৷ ৷ ৰাতি আইতাকৰ বুকুতে তাই টোপনি আইতা মাকক তাই সকলো কথাই খুলি কৈছিল ৷ কৈছিল সেই কথাটোও… ! আইতাকে মনোযোগৰে শুনিছিল আৰু তাইকো সামৰিবলৈ শিকাইছিল কথাবোৰ ৷ ক্লাছ নাইনত পঢ়ি থকা কিশোৰী আছিল মধুলেখা ! সেয়া বিশবছৰৰ আগৰ কথা ৷ সময় আগুৱাইছিল ৷ সলনি হৈছিল সকলোবোৰ ৷ মধুলেখাৰো সংসাৰ হ’ল অনিবাৰ্ণৰ লগত ৷ মাতৃও হৈছিল সন্তানৰ ! মহানগৰীৰ স্থায়ী বাসিন্দা তাই এতিয়া ৷ মফচলীয় গাঁৱৰ ঘৰখনৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি উচ্চশিক্ষা ল’বলৈ হোষ্টেলত থিত লোৱাৰ পাছত চাকৰি কৰি হোষ্টেলৰ পৰা চিধাই আহি বোৱাৰী হ’লহি মধুলেখা ৷ আইতামাকো আহি মোমায়েকৰ লগত গুৱাহাটীত থকা বহুকেইবছৰ হৈছিল ৷ ৷ যোৱা বছৰ তাইক আৰু বেছি অকলশৰীয়া কৰি আইতা মাকো আকাশৰ তৰা হ’ ল ৷
কিন্তু সলনি নহ’ল সেই কথাটো৷তাইক আটি আটিবান্ধি থোৱা কথাটো সোণসেৰীয়া হৈয়ে ৰ’ল৷তাই নিজকে দুটা চৰিত্ৰৰ ভাৱৰীয়া বুলিয়েই জ্ঞান কৰে৷যদিও আনে কি কয় তালৈ তাইৰ ইমান গুৰুত্ব নাই তথাপিও মধুলেখাই নিয়ম মানি ভাল পায় যিবোৰ নিয়মে কাকো শিকলিৰে নাবান্ধে ৷মাথো তাইৰ আচৰণ আৰু কৰ্মৰে আনে যাতে অসুবিধা অশান্তি নাপায় সেই চিন্তাৰে তাই আগুৱাই গৈ থাকে শেষ নোহোৱা বাটটোৰে…তাইৰ অন্তিম যাত্ৰাৰ লগতহে শেষ হ’ব যি বাট ৷ শেষ হৈ যেন আকৌ আৰম্ভণি হ’ব এক মধুৰ যাত্ৰা ! সপোন এটাই ৰিঙিয়াই থাকে তাইক ৷
সকলো ইমান সলনি হ’ল, তাইৰ নিজৰে আচৰিত লাগে৷কিশোৰীতে আইতাকে কোৱা মৰটোপনিৰ অধিকাৰী মধুলেখাই এতিয়া চকুৰ টিপ এটা নমৰাকৈ গোটেই ৰাতি উজাগৰে কটাব পাৰে৷ইষ্টদেৱতাক স্মৰণ কৰি হাজাৰ কাকূতি কৰিলেও কাহানিও ঘূৰি আহিব নোৱাৰা বতাহচাটিৰ দৰেই টোপনিয়েও তাইক বাৰেপতি ঠগে৷তথাপিও পাছদিনা পুৱা তাই সতেজ,সপ্ৰতিভ ৷এইবোৰ কথা অনিৰ্বাণে ফুটকে নাপায় ৷ দায়িত্বশীলা পত্নী আৰু মাতৃৰ ৰূপত তাই অনন্যা ৷ অনিৰ্বাণৰ লগত দাম্পত্যকলহ কৰিবপৰাকৈ মধুলেখা এক স্বাভাৱিক নাৰী৷চূড়ান্ত খঙত ইটোৱ সিটোক গালি দিব পৰাকৈ তাই আৰু অনিৰ্বাণ সহজ৷ধানখেৰ জ্বলি উঠাৰ দৰেই অনিৰ্বাণৰ খংটো ! সামান্য কথাতে তাৰ খং উঠে৷হিতাহিত জ্ঞান হেৰুৱাই নকৰিবলগীয়া কামো কৰে৷তাৰ বাহিৰে আন একো বদঅভ্যাস নাই যদিও তাৰ এই খঙে মধুলেখাক জোলোকাজোলোকে পানী খুৱাইয়ো পাইছে৷মৰমৰে অভিমান ভাঙিবলৈ নিশিকা অনিৰ্বাণক তাই ক্ষমা কৰি দিয়ে ৷ মানুহ মাত্ৰেই ভুল হয় ৷ অনিৰ্বাণো ইয়াৰ ঊৰ্দ্ধত নহয় ৷ তাৰ কিছুমান কথা তাইৰো ভাল নালাগে ৷ কিন্তু একেবাৰেই সহ্য কৰিব নোৱাৰা মানুহ অনিৰ্বাণ মুঠেই নহয় ৷ তাৰ ভাল গুণো দেধাৰ আছে যিবোৰে তাইৰ দৰে চৰাই এজনীকো ধৰি ৰাখিছে ৷ এৰা চৰায়েই হয় তাই ৷ চৰাই বাবেই মধুলেখাই বতাহচাটিৰ আমেজত ডুব গৈ থাকে৷তাইৰ অন্তৰাত্মা শীতল কৰা বতাহচাটি!উস ! কি যে মায়াসনা ৷
অনিৰ্বাণৰ শৰীৰি সান্নিধ্যৰ কথা বাদ দিয়ো তাই সকলো সময়তে যেন পূৰ্ণ হৈ থাকে বতাহচাটিৰ বাবেই ৷ আজিও সেয়া ব্যতিক্ৰম নহ’ল ৷
তাইৰ লগত একেলগে চাহকাপ খাবলৈ তক ৰ’বলৈ ক’ব পৰা হ’ল ৷ তাকো স্বাভাৱিক সুৰত ৷
শাহুৱেকৰ তীৰ্যক কথা,অফিচৰ তিতা কেহা–মিঠা জ্বলা,নাইবা জীৱন যুঁজৰ মাজতো পল ভৰি তাই উপভোগ কৰে বতাহচাটি৷তাইৰ দৰে সৰুৰে পৰা কেৱল হাঁহিব জনা,চটাই পাখৰী হৈ ঘূৰি ফুৰিব পৰা ছোৱালীজনী যে বতাহচাটিৰ পাল্লাত পৰি কেতিয়ানো ইমান গহীন গম্ভীৰ হৈ পৰিল,ভাৱিলে আচৰিত লাগে ৷ বয়সতকৈ বুজন আগতেও আছিলে তাই ৷ মাত্ৰ চপলতাৰে ভৰি আছিল তাইৰ সৰল মনটো,আকৰ্ষণীয়া চেহেৰাটো৷গাভৰু গাভৰু অনুভৱ আহিবলৈ তেতিয়াও কিছু দিন বাকী আছিল ৷ ভোমোৰাৰ গুঞ্জনৰে মুখৰিত আছিল তাইৰ চৌপাশ ৷ কিছুমান কাকো ক’ব নোৱাৰা কিন্তু সকলোৰে চকুত ধৰাপৰা ঘৰুৱা সমস্যাৰে ভাৰাক্ৰান্ত আছিল তাইৰ শৈশৱ আৰু কৈশোৰ ৷ আকাল নাথাকিলেও কিন্তু আছিল কিছুমান অভাৱ ৷ খাবলৈ পিন্ধিবলৈ আকাল নথকা ঘৰৰ একমাত্ৰ সন্তান মধুলেখাই কিন্তু নিজক কৃটিমভাৱ সজাবলৈ শিকা নাছিল ৷ এক নিভাঁজ সুৰত বান্ধ খাই আছিল মধুলেখা নামৰ মিঠা সুৰটো ৷ বতাহচাটিয়ে সেই সুৰত গুণগুণাই উঠিবলৈ নৌপাওঁতেই যে হেৰাই গ’ল ৷ এতিয়া প্ৰতিটো অনুভৱী সুৰত মধুলেখাই বিচাৰে বতাহচাটিৰ সান্নিধ্য৷উজাই ল’ব বিচাৰে খৰিকাজাঁইৰ সুবাস৷নোৱাৰে অ’৷হাবাথুৰি খাই ফুৰি উজুটিত নখ ছিঙিলেও বতাহচাটিক নিজৰ কৰি ল’ব নোৱাৰে ৷ শীততাপ নিয়ন্ত্ৰিত বেডৰুমৰ আহল বহল বিচনাত তাই উৰে ৰাতি চটফটাই থাকে ৷ অনিৰ্বাণৰ লগত শৰীৰিভাৱে একাত্ম হোৱাৰ পাছতো বতাহচাটিৰ কথাই তোলপাৰ লগাই থাকে তাইৰ বুকুত ! আঐ দেহি ! পাহৰিব পৰা হ’লেই ভাল আছিল নেকি বাৰু!অনিৰ্বাণৰ বাহিৰে তাইৰ আন কোনো পুৰুষৰ লগতো সম্পৰ্ক নাই ৷ নিজৰ মানুহটোক তাই প্ৰতাৰণা কৰিব নোৱাৰে ৷ কৌশলৰে কোনোবাই টুকুৰিয়াই চালেও তাই বহুগামী নহয়৷ভোগবাদী পৃথিৱীত উটি যাব পৰাকৈ মধুলেখাই নিজক গঢ়ি তোলাত সাংঘাতিকভাৱে ব্যৰ্থ৷অনিৰ্বাণৰ পৰাও একো আশা নকৰাকৈ কেৱল এটি সেন্দূৰৰ টেমাৰ মৰমৰ আশাত সংসাৰ পতা নাৰী মধুলেখা৷আশাকৰা মতেই তাই স্বাৱলম্বী ৷ নিজৰ চিনাকিৰে জিলিকি উঠা এক সত্বা৷জীৱন সংগ্ৰাম থাকিলেও সাধাৰণভাৱে সকলোখিনি পূৰ্ণতাৰেই যেন ভৰা !কিন্তু…মধুলেখা !
আজিও একেলগে চাহকাপ খাই তাই কথাবোৰ পাতিলে তাৰ লগত৷কথা পতা মানেনো কি ? তাই কৈ যায় ৷ সি শুনি থাকে৷বতাহত উপঙে সপোনবোৰ৷কেতিয়াবা তাই কাপোৰ এযোৰৰ কথা কয়৷কেতিয়াবা কয় নিজাকৈ মাটি এটুকুৰাৰ কথা৷মঙলবৰীয়া বজাৰৰ পৰা অনা এপোৱা জলকীয়াৰ কথাটো ক’বলৈ আকৌ সদায় থাকিয়েই যায় ৷ লাগ বান্ধ নোহোৱা কথাবোৰ তাইৰ৷চঞ্চলা নদী এখনহে যেন ৷ কোনোবাসময়ত বতাহচাটি বাৰুকৈয়ে লাগে যে তাইৰ গাত ৷ কথাবোৰ শেষ হোৱাৰ নামেই নলয় যে ৷ পুগুৰ আদৰ যতন লৈ থকাৰ সময়তো তাই কথাবোৰ পাগুলি থাকে ৷ প্ৰেমভৰা,মায়াসনা চকুৰে তাই আকাশখনলৈ চাই ৰয়৷নিজাকৈ অকণমানি আকাশ এটুকুৰা থকাটোও যে ডাঙৰ কথা৷শাহুৱেকৰ খেচখেচনীত আকাশখনো যে এসময়ত হেৰাই গৈছিল তাইৰ পৰা ৷ এতিয়া তাইৰ নিজাকৈ এটুকুৰা আকাশো যে আছে ৷ কিমান যে ভাললগা !অনিৰ্বাণৰ ওচৰত তাই কৃতজ্ঞ৷তাইৰ উচিত কথা আৰু কামত সি কৰা সমৰ্থনক তাই জানো পাহৰিব পাৰে !এই কথা বতাহচাটিয়েও জানে৷অনিৰ্বাণে জানেনে বাৰু এই বতাহচাটিৰ কথা ৷ হয়তো জানে ! তাই যে এদিন কৈছিল তাক ! জানিলেও নো কি হ’ল ! অনিৰ্বাণ নিশ্চিত মধুলেখাক এই বতাহচাটিয়ে উৰুৱাই নিব নোৱাৰে ৷
বতাহচাটিৰ পৰশত মধুলেখাৰ চৌত্ৰিশ বছৰীয়া দেহটোত কিবা এক শিহৰণ জাগে ৷ বুকুখনত উজাই আহে মিঠা বিষ৷ভাললগা অনুভৱ এটিয়ে গাভৰু দেহাটো মেৰিয়াই ধৰে ৷ মনত পৰে কিছুমান কথা ৷ একো নিবিড়তা নথকা এটি সম্পৰ্কই কিমান দিন যে তাইক সেউজীয়া বৰষুণ এজাক হৈ জুৰুলি জুপুৰিকৈ ভিজাই পেলায়,সেয়া হিচাপ কৰিব পৰা নাযায় ৷ বিশটা বছৰে বৰণ সলোৱা বতাহচাটিয়ে তাইৰ ধুনীয়া চকুহালি পানীৰে উপচাই পেলায়৷অনিৰ্বাণে খুবেই আকৰ্ষণ অনুভৱ কৰা তাইৰ আবেদনময়ী ওঁঠজুৰিক ডালিমগুটীয়া দাঁতকেইটাই চেপি ধৰে ৷ বুকুৰ পৰা উজাই অহা বাধানমনা কান্দোনটোক তাই এইদৰেই কাৰো চকুত নপৰাকৈ সযতনে ৰাখে ৷ উজাগৰ থকা মাজৰাতি এটাত চাদত গৈ জোনটোক সাক্ষী কৰি কথাবোৰ ক’বলৈ মন যায় তাইৰ ৷ মন যায় এন্ধাৰে আবৰি থকা আকাশখনক বতাহচাটিৰ লগত থকা তাইৰ এই সম্পৰ্কৰ খতিয়ান দিবলৈ ! নোৱাৰে যে৷তাই কাৰোবাৰ ঘৰধৰা বোৱাৰী ! অনিৰ্বাণৰ পত্নী,জিগু আৰু পুগুৰ মাতৃ ৷ মাজৰাতি এইকণ বলিয়ালি সহ্য কৰিব পৰাকৈ অনিৰ্বাণ ইমান মাতাল প্ৰেমিক নহয়,যদিওবা মধুলেখাৰ প্ৰেমত পৰিয়েই সি তাইক পত্নীৰ মৰ্যাদা দিছে ৷ দায়িত্ববোধ আৰু মৰমৰে সংসাৰখন চলাই আছে ৷
গতিকে মধুলেখায়ো নিয়াৰিকৈ এগৰাকী পত্নীৰ দায়িত্ব পালন কৰা ত্ৰুটি ৰখা নাই ৷
কামৰ ব্যস্ততাৰ মাজতে,সাংসাৰিক হাঁহি ধেমালিৰ মাজতো চেৰেংকৈ যে বতাহ চাটিয়ে কিদৰে কোবাই যায় তাই ততকে ধৰিব নোৱাৰে ৷ মনোবৈজ্ঞানিক বিশ্লেষণ কৰিও তাই নিজকে মনাব নোৱাৰে ৷ দেখাত একেবাৰেই সুস্থ মানুহজনী মুহূৰ্ততে সলনি হৈ যায় ৰসাৰ কোনোৱে ধৰিব নোৱাৰাকৈ ৷এই সলনিয়ে তাইক কিন্তু চেপি খুন্দি নানে৷বৰঞ্চ তাইৰ দেহ মনত সিঁচি যায় ভালপোৱাৰ সেউজ বৰষুণ এজাক ৷ চকুপানীৰে দুগাল তিতিলেও তাই নিজকে প্ৰবোধ দিয়ে ৷ বুকুত মিঠা বিষ এটাই কেৰমেৰ কৰে ৷ অনিৰ্বাণৰ কামনাব্যকুল দুহাতেৰে তাইৰ সুউচ্চ বুকুত মৃদু আঘাত হনাৰ সময়তো তাই এই বিষ অনুভৱ নকৰে৷তাইৰ ৰেচমী চুলিৰ সুগন্ধিত সৌন্দৰ্যই অনিৰ্বাণক বলীয়া কৰাৰ কথা তাই জানে ৷ কিন্তু নাজানে বতাহচাটিৰ বাৰু মন নাযায়নে তাইৰ এই চুলিটাৰিৰ ঢৌত এখন ঘৰ সাজিবলৈ ! একোৱেই যে মুখ ফুটাই কোৱা হোৱা নাছিল ৷ অনুৰাগ অথবা বিৰাগ একোৱেই প্ৰকাশ হোৱা নাছিল আচৰণত৷তথাপি তাই অজানিতে বলীয়া হয় ৷
ধেই ! ক’বলৈনো ক’ত সময় পালে?জীৱনৰ ষোল্লটা বছৰ পাইছিলহে ৷ গুচিয়েই গ’ল আকৌ ৷ তাই আঙুলিৰ মূৰত হিচাপ কৰে,তাইৰ তেতিয়া কিমান আছিল বয়স ! চৈধ্য মাথো৷গাত কথা লগাই নাছিল ৷ নতুনকৈ মেখেলাচাদৰ মেৰিয়াই স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল ৷ কাপোৰ পিন্ধাত তাইৰ চখ নাছিল৷লগৰ বান্ধৱীদুজনীমানে তাইৰ কাপোৰৰ গত লগাইছিল ৷ মৰমৰ আছিল লগৰবোৰৰ ৷ তাইতকৈ কম বয়সৰ বোৰেও বেৰিকুঢ়ি ধৰি তাইৰ লগত কথা এষাৰ পাতিছিল ৷ আৰু তাইতকৈ বয়সত ডাঙৰ বোৰেও নিজৰ মনৰ কথাবোৰ,দোষ–গুণবোৰ তাইৰ আগত মুকলিকৈ উবুৰিয়াই দিবহি পাৰিছিল ৷ হোষ্টেলত থাকোঁতে এদিন ব্ৰহ্মপুৱাতে তাইৰ ঘৰৰ ওচৰৰ বিতোপন আহি তাইৰ আগত মনৰ কথা কিছুমান কওঁতেহে হেনো শান্তি পাইছিল সি ৷ নিজৰ ঠাইৰ স্কুলত পঢ়ি থাকোঁতে আকৌ এই বিতোপনৰ লগতেই যে তাইৰ তৰ্ক লাগিছিল কিবা এটা বিষয়ত ৷ অথচ কিমান আপোন ককায়েকৰ দৰে সেইদিনা সি অশান্ত মনটোক বুজাবলৈ মধুলেখাৰ আগত অকপটে কথাবোৰ কৈছিল ! আচলতে সকলোৰে মনবোৰ বুজি যুক্তিপূৰ্ণ বিশ্লেষণ কৰি সমস্যাৰ সমাধান কৰাত মধুলেখা যেন বহুতৰে বিশ্বাসী আৰু অন্তৰংগ হৈ পৰিছিল মনৰে ৷ তাইৰ বন্ধুত্বত লিঙ্গবৈষম্যই স্থান পোৱা নাছিল ৷ সেইদৰে নাছিল বয়সৰো বিচাৰ ! এতিয়াও যে তাইক অতবছৰৰ পাছতো প্ৰতিখন শিক্ষানুষ্ঠানত পঢ়া বোৰেই হওঁক নতুবা কৰ্মক্ষেত্ৰৰ বন্ধুবোৰেই হওঁক সকলোৱেই এদিনৰ কাৰণে হ’লেও যোগাযোগ কৰি কথাবোৰ ভগাই লয়৷বয়সে তাইক যেন সলাব পৰা নাই ৷ মুখৰ সেই মনপৰশি যোৱা হাঁহিটো তাইৰ একেই থাকিল ৷ দুটাকৈ সন্তানৰ মাক হোৱাৰ পাছতো কাৰ সাধ্য তাইক বিবাহিত বুলি ক’বলৈ৷প্ৰসাধন নকৰাকৈ তাইৰ মুখ উজ্জ্বল৷শৰীৰৰ একো যত্ন নোলোৱাকৈ দিনৰ দিনটো লেপৌলেপৌকৈ সংসাৰৰ জঞ্জালসোপাক মাৰি মাজনিশা বিচনাত পৰিলেও পাছদিনা পুৱা তাই আকৌ সতেজ,সপ্ৰতিভ৷সৰু সৰু কথাতে খং কৰি বস্তু ভঙা নতুবা বস্তু দলিয়াই পৰিৱেশটো হঠাতে সলাই পেলোৱা অনিৰ্বাণক বাৰটা বছৰে চম্ভালি থকা মধুলেখাই কেতিয়াবা নিজৰ কথা ভাবিবলৈকে আহৰি নাপায়৷ভাগ্য এঘাৰবছৰীয়া তাইৰ ডাঙৰটো ল’ৰা মধুলেখাৰ মাকৰ লগত থাকে বুলিহে পুগুক সময় দিব পাৰিছে ৷ তাইৰ দেউতাক ধুকুৱাও চাৰিবছৰেই অকলশৰীয়া হৈ পৰা আইতাকৰ বুকুৰ উমতে জিগুৱে মানুহ হোৱাৰ কচৰৎ কৰিছে ৷ সন্তান মানেই যে মায়ামোহ ! সন্তান দুটিৰ খাতিৰতে যেন তাইৰ দৰে প্ৰচণ্ড সাহসী আৰু স্বাভিমানী মানুহজনীয়ে অনিৰ্বাণৰ অযথা খংবোৰক সহি সামৰি থকা নাই জানো!ৰাজকী–দৈয়কী সকলো সামৰি বাহিৰে–ভিতৰে কোনো কথাতে বিমোৰত পৰিব নলগাকৈ সংসাৰখন চলাই নিয়া মধুলেখাতকৈ বয়সত অনিৰ্বাণ দহবছৰে ডাঙৰ ৷ আন দহজনে কথাই–কামত সমীহ পৰি চলা,সম্ভ্ৰমেৰে কথা কোৱা মধুলেখাই কেতিয়াবা অনিৰ্বাণৰ ব্যৱহাৰত সন্ত্ৰস্ত হৈ নপৰাও নহয় ৷ কিছুদিনৰ আগতে সিহঁতৰ বিৱাহ–বাৰ্ষিকীৰ দিনা আগতীয়াকৈ খবৰ নিদিয়াকৈ অহা আলহীৰ আগমনৰ কাৰণে বাহিৰত ডিনাৰ কৰিবলৈ প্লেন বনোৱা অনিৰ্বাণে কোৱা সময়তকৈ মধুলেখাৰ কিছু পলম হৈছিল ৷ আলহীও নাযায়হে নাযায়৷সন্ধিয়া অফিচৰ পৰা অহা অনিৰ্বাণকো শুভেচ্ছা দি যাব বুলিও আৰু কিছু দেৰি বহিছিল ৷ ইফালে অনিৰ্বাণে জীৱনত প্ৰথমবাৰৰ বাবে মধুলেখাক সেই বিশেষ দিনটোত বাহিৰত গৈ ৰাতিৰ সাঁজ খোৱাৰ প্ৰস্তাৱ দিছিল ৷ এনেও মধুলেখা ৰন্ধন প্ৰকৰণত অনিৰ্বাণে প্ৰশংসা কৰিব পৰাকৈয়ে পটু ৷ তথাপি চৰুতো এৰি বাহিৰত লোকৰ হাঁতেৰে এসাঁজ খোৱাৰ আশাত তায়ো মান্তি হৈছিল ৷ এনেও পুগুৱে ওলাই যাবলৈ পালে মনত আনন্দ পায়৷গতিকে মধুলেখাৰো বেয়া লগা নাছিল ৷ কিন্তু সেইদিনা আলহী যোৱাৰ পাছতে অনিৰ্বাণে মধুলেখাক হতবাক কৰি তাইৰ গালত বহুৱাইছিল এটি পূৰ্ণহতীয়া চৰ ! কঁপি উঠিছিল তাই ৷ ঘটনাৰ আচম্বিকতাত তাইৰ তত হেৰাইছিল ৷ একমাত্ৰ পুগুৰ আনন্দৰ বাবেই তাই নিজকে সম্বৰণ কৰি কপোৰ সলাইছিল ৷ একোৱেই যেন হোৱা নাই সেইদৰেই তাই অনিৰ্বাণক কৈছিল ” আজি নিদিওঁ বাৰু ! কাইলৈ তোমাকো এক চৰ মাৰিম৷সাজু থাকিবা ৷ এতিয়া ওলোৱা দেৰি হৈছে ৷ ভুল কাৰ কাইলৈ বুজাম ৷“
কথাখিনি কৈ তাই বাথৰুম গৈ নিজকে চাইছিল মিৰৰ খনত৷উস ! কি যে দৃঢ় তাইৰ দুচকুৰ দৃষ্টি ৷ তাই সঁচাকৈ বলিয়া হোৱা নাইতো ! তাইৰ এনে আচৰণত অনিৰ্বাণৰ কি হৈছিল জনা নাছিল ৷ কিন্তু বাহিৰত সুন্দৰকৈ সময় পাৰ কৰি সিহঁত ঘৰমুৱা হৈছিল ৷ ৰাতি বিচনাত আকৌ সেই অনিৰ্বাণেই তাইৰ দুভৰি মালিচ কৰি দিছিল ৷ দিনটো কাম কৰি তত নোপোৱা মধুলেখাৰ ভৰি দুটা বিষত টনটনাই উঠিছিল ৷মনৰ বিষটোও বাৰু উজাই উঠিছিল নেকি তাইৰ !
আচৰিত ! নিয়ন্ত্ৰণ নথকা ৰিপুৱে মুহূৰ্ততে যে সলনি কৰিব পাৰে সময়বোৰ ! তচনচ কৰি দিব পাৰে ভাললগাবোৰ ! অনিৰ্বাণে কিয় যে নিজৰ এই স্বভাৱটো সলাব নোৱাৰিলে বাৰু অতবছৰে !তাই যে বহুত সলনি হ’ল ৷ সৰু সৰু কথাতে খং কৰি সময়বোৰ সলনি কৰি দিব পাৰে অনিৰ্বাণে ৷ এনেকুৱা নহয় যে মধুলেখাৰ খং নাই বা নুঠে ৷ কিন্তু পঢ়াৰ দিনতেই হওঁক বা চাকৰি কৰিবলৈ লওঁতে হোষ্টেলত থাকিব লগীয়া হোৱাত বহু কথাতেই যে এড্জাষ্ট কৰিবলৈ শিকি গ’ল তাই ৷ এতিয়া অন্যায় হোৱা দেখিলে বা অনিয়মৰ ক্ষেত্ৰতহে তাইৰ মাত্ৰ খং উঠে৷তাকো বৰ কৌশলৰে তাই নিয়ন্ত্ৰণ কৰিব পৰা হ’ল ৷ অনিৰ্বাণৰ বাহিৰে তাইৰ কাৰো লগতেই কাঁজিয়া নালাগে৷তাৰ লগত মাজে সময়ে ধুমধুপালকৈ কিবা এটা কথাত কাঁজিয়া এখন লাগে যদিও কোনোদিনেই মাত বোল বন্ধ নহয় ৷ মনৰ কথা বুকুতে বান্ধি তাই কামবোৰ কৰি যায়৷অনিৰ্বাণক কষ্ট দি তাইৰো ভাল নালাগে ৷ তাৰ ভুলবোৰ দেখুৱাই অনুৰোধ কৰে
“খংটো দমাবাচোন ! তোমাৰ ইমান খং ৷ শৰীৰৰ কাৰণেও বেয়া৷মনৰ কাৰণেও!
অযথা তৰ্ক কৰি কি লাভ কোৱা ?”
তাইৰ বুজনিত অনিৰ্বাণ শান্ত হয় ৷
মধুলেখা আচলতে অভদ্ৰ মানুহৰ লগত খুবেই ভদ্ৰ হৈ থাকে৷যাক নিজৰ জীৱনৰ অংশ বুলি তিলমাত্ৰও মানে সেইসকলৰ লগতহে কিছু আৱেগিক তাই ! অনিৰ্বাণৰ লগতো তাইৰ আৱেগিক সম্পৰ্ক আছে ! এহাল সুখী স্বামী–স্ত্ৰীৰ দৰেইতো থাকে সিহঁতহাল৷বাহিৰে–ভিতৰেই সুখী ৷ চচি্য়েল মিডিয়াত আনক দেখুৱাই সুখী হৈ থকাৰ ফ’টো নিদিয়ে তাই৷কওঁ বুলিলে সঁচাকৈয়ে ক’ব পৰাকৈ সুখী তাই ৷ অনিৰ্বাণৰ লগত কিবা এটা খুঁত খাত লাগিলেও তাই ধৰি নাথাকে ৷ মুহূৰ্ততে নিজকে পৰিবেশৰ লগত খাপ খুৱাই ল’ব পাৰে৷কচুপাতৰ পানীৰ দৰে জীৱন ! থেহ –পেচ পাতি সময়বোৰ অথলে যাবলৈ দিব নোৱাৰি ৷ যোৱা বিশটা বছৰে তাই যেন এইকথাকেই বুজিলে মানে নিজকে বুজালে ৷
এৰা ! কচুপাতৰ পানীৰ দৰেই যে জীৱন ! এই আছে এই নাই ! সেই তজবজীয়া প্ৰাণচঞ্চল ষোল্লবছৰীয়া ল’ৰাটো হঠাতে জানো বতাহ এচাটি হৈ পৰা নাছিল বিশটা বছৰৰ আগতে ৷ মুখ ফুটাই এবাৰলৈয়ো তাইক কৈ নাপালে “তোমাক ভাল পাওঁ বুলি“৷কত যে কিশোৰ –যুৱকে মধুলেখাক মুখৰে– চিঠিৰে প্ৰকাশ কৰিছিল ভালপোৱাৰ কথা৷হয়তো সেয়া আছিল তেওঁলোকৰ বয়সৰ স্বাভাৱিক আচৰণ,বিপৰীত লিঙ্গৰ প্ৰতি আকৰ্ষণ৷মধুলেখা উটি যোৱা নাছিল সেইবোৰত৷তাইৰ কোনো ডিমাণ্ডো নাছিল প্ৰেমিকক লৈ৷তাইৰ বাবে ভালপোৱা এক সাধনা আৰু হাতে হাত ধৰি পোহৰমুখী বাট বোলাৰ আখৰাহে আছিল ৷ সেই আখৰা কৰিবলৈ তাইৰ মনে বিচাৰিছিল এক নিভাঁজ সত্ত্বা ৷ কিন্তু সেয়া ইমান সহজ নাছিল৷তাইৰ সপ্ৰতিভ ব্যক্তিত্ব, আকৰ্ষণ জন্মাব পৰা উজ্জ্বল কিশোৰী দেহা আৰু মানসিক বৰ্হিমুখিতাই সেই সময়ত তাইৰ চৌপাশে প্ৰেমময়তাৰ ঢল আনিছিল ৷ মাকৰ হাতত প্ৰেমিকবোৰৰ চিঠিবোৰ তুলি দিবলৈ তাইৰ লাজ লগা নাছিল৷মাকৰ আগত মুকলিকৈয়ে কথাবোৰ কৈছিল৷তাইৰ বাবে প্ৰেম কোনোদিন পাপ নাছিল ৷ গৌৰৱো নাছিল ৷ মৰম কি তাই বুজিছিল ৷প্ৰেমিকভোমোৰাৰ গুঞ্জনে তাইৰ প্ৰাণত ঝংকাৰ তুলিবলৈ সক্ষম হোৱা নাছিল ৷ সেইসময়ত তাইৰ দেহত কামনাৰ ৰঙো যে লগা নাছিল ৷ এতিয়া অনিৰ্বাণৰ শৰীৰি নিবিড় সান্নিধ্যত বিলীন হৈয়ো তাই কিছুমান কথা পাহৰিব নোৱাৰে ৷ আচলতে মনত ৰাখিব পৰাকৈ তাইৰ কি আছিলনো ! তাহাত দুটাৰ মাজত একোৱেইতো নাছিল ৷ তথাপিও বহু কথাই গুজৰি গুমৰি থাকে তাইৰ বুকুৰ ভিতৰত;হৃদয়ৰ অটল গভীৰত ! মুখ ফুটাই তাইক একাষাৰো কথা নোকোৱাকৈ নিৰৱে আতঁৰি যোৱা ল’ৰা এটাৰ লগত নিজকে সাঙুৰি তাইৰ ইমান যে ভাল লাগিছিল ! ৷ সৰুতে একেখন স্কুলতে তাইতকৈ দুশ্ৰেণীমান ওপৰত পঢ়া ল’ৰা এটাহে আছিল সি ৷ সিহঁতৰ মাজত ভালদৰে কথাবতৰাও হৈ পোৱা নাছিল ৷
আইতামাকক কথাটো কওঁতে সেইসময়ত চৌধ্যবছৰীয়া মধুলেখাৰ নিমজ দুগাল চকুপানীৰে তিতিছিল, অজানিতে৷আইতামাকে সহজ সুৰতেই কৈছিল সেইদিনা– “আগৰ জনমত তহঁতৰ কিবা আছিলেই বা !” তাইৰ আইতামাকজনী অন্ধবিশ্বাসী নহয়৷অশিক্ষিতও নহয়৷মধুলেখাও জনা –বুজা বুলি নাম থকা ছোৱালী৷তথাপিও কিয় জানো কথাবোৰে তাইৰ মন মগজুত খুন্দিয়াবলৈ লৈছিল ৷ আইতাকৰ বাহিৰে আনক একো ভুকে পাবলৈ নিদিয়াকৈ ইমানবছৰে সেই কথাটো সামৰি সুতৰি মধুলেখাই নিজকে এগৰাকী সুগৃহিণীৰ ৰূপত সজাইছে ৷ সংসাৰ কৰি সন্তানৰ মাতৃ হৈছে ৷ আন দহজনৰ বিপদত সহায় কৰিছে৷দুখৰ সাগৰত কক্বকাই থকা কিমানজনক যে প্ৰেৰণাদায়ক কথাৰে চম্ভালিবলৈ শিকিছে ৷ মধুলেখাৰ হিচাপ নাই ৷ এই বিশবছৰত মধুলেখাই বুজি উঠিছে জৈৱিক তাড়নাৰ কথা৷শৰীৰি আকৰ্ষণৰ কথা ৷ মৰম নোহোৱাকৈয়ো এটা শৰীৰ আন এটা শৰীৰত লিপিট খাই থাকিব পৰা কামনাকো বুজিছে ৷ দেখিছে প্ৰেমৰ নামত জহন্নামে (!) যোৱা দুইএজনক ৷ প্ৰেমাস্পদৰ বিৰহত নিজকে শেষ কৰি দিয়া প্ৰেমিক–প্ৰেমিকাৰ কথাও বাতৰিত পাইছে ৷ নিজৰ স্বামীক নাইবা স্ত্ৰীক প্ৰতাৰণা কৰি আনৰ প্ৰেমত মচগুল হোৱা পুৰুষ–নাৰীকো চিনিছে ৷ নিজৰ অপকৰ্ম লুকুৱাবলৈ গৈ নিজহাতে কণমানি সন্তানক মাৰি পেলোৱা নাৰী পুৰুষৰ বৰ্বৰতাত দুগাল তিয়াই কান্দিও পাইছে মধুলেখাই ৷ প্ৰেমত পৰি পৈতৃক ঘৰ বাৰী এৰিব লগা হোৱা সন্তানৰ কথাও শুনিছে ৷ শুনিছে প্ৰেমৰ বাবে নিজৰ পিতা–মাতাকো ত্যাগ কৰিব পৰা সন্তান কিছুমানৰ প্ৰেমকাহিনী ৷ এই পৃথিৱীত যেন সকলো সম্ভৱ ৷ কিন্তু সম্ভৱ নহয় প্ৰেমৰ অবিহনে জীয়াই থকাটোহে ৷ সঁচানে বাৰু ! নে এইবোৰ কথা কিতাপত পঢ়িবলৈহে সহজ ৷ হকে–বিহকে গিৰিয়েকৰ মাৰ খাই,ওৰে জীৱন কেটেৰা মাত শুনিও শিৰত সেন্দূৰ বোলাই থকা পত্নীগৰাকীয়ে কেৱল প্ৰেমৰ বাবেই আজীৱন স্বামীৰ লগত থাকেনে ? আচলতে স্বামী বুলি ভজিবলৈ পত্নী গৰাকী কাৰোবাৰ সম্পত্তি নহয় ৷ সেইদৰে গিৰিয়েকৰ মৰমক নেওচা দি আন পুৰুষৰ দুবাহুত সুখ বিচৰা নাৰীকো মধুলেখাই নেদেখা নহয় ৷ ব্যক্তি স্বাধীনতাৰ গইনা লৈ নিজৰ সুখৰ বাবে আনক দুখ দিয়াটো মধুলেখাই পছন্দ নকৰে ৷ পাৰি জানো ইমান স্বাৰ্থপৰ হ’ব ? এজন পুৰুষ বা এগৰাকী নাৰী প্ৰকৃত অৰ্থতে পৰস্পৰৰ জীৱন সংগী হৈ পৰিলে কিমান যে ভাল লাগে৷আজিকালি সময় সলনি হ’ল ৷ জৈৱিক তাড়না বা সংসাৰৰ ক্ষেত্ৰতো পুৰুষ–নাৰীৰ মাজতে সম্পৰ্কবোৰ সীমাবদ্ধ হৈ নাথাকিল৷ পুৰুষৰ কেৱল উপাৰ্জন চাই আৰু নাৰীৰ মাথো শৰীৰৰ সৌন্দৰ্য চাইহে অংক কৰাটো কেনেকুৱা কথানো !মধুলেখাই নাজানে৷সকলো একে নহয় বাৰু!ৰূপে গুণে নিমিলা মানুহৰ সংসাৰো তাই দেখিছে ৷ দেখিছে দিনে–ৰাতিয়ে ইটোৱে সিটোৰ লগত কাঁজিয়া কৰি থাকিও সাতোটা সন্তানৰ মাক–বাপেক হোৱা দম্পতীকো৷আচৰিত নহয়নে বাৰু ?
এসময়ত অনিৰ্বাণেও যে তাইৰ ৰূপৰ প্ৰশংসা কৰিছিল ! এতিয়াওতো সি তাইৰ শৰীৰত বিচাৰি লয় সুখৰ ঠিকনা ! তাইৰ যদি অনিৰ্বাণক সুখী আৰু সন্তুষ্ট কৰিব পৰাকৈ একো নাথাকিল হয় অনিৰ্বাণে তাইক এইদৰেই বাৰু মৰমৰে বুৰাই ৰাখিলেহেঁতেনে ! ইমান নিস্বাৰ্থ প্ৰেমিক হয়নে সি ? প্ৰশ্ন জাগে মধুলেখাৰ মনত!তাইৰ লগত পৰিচয় হোৱাৰ আগতে জিজ্ঞাসাৰ লগত অনিৰ্বাণৰ প্ৰেমৰ সম্পৰ্ক আছিল ৷ কিন্তু বহুকেইটা অমিলৰ বাবে সিহঁতৰ সম্পৰ্কটো এবছৰমানতে শেষ হ’ল ৷ এতিয়া কিন্তু জিজ্ঞাসাৰ কথা তাৰ হেনো কোনো কাৰণতে মনলৈ নাহে ৷ মধুলেখাই তাক কেতিয়াবা জোকাই কিছুমান প্ৰশ্ন কৰে ৷ নাই, অনিৰ্বাণৰ কোনো লক্ষ্যনীয় প্ৰতিক্ৰিয়া নাই ৷ বৰঞ্চ তাইৰহে সিহঁতৰ প্ৰেম সফল নোহোৱাত দুখ লাগে৷ আচৰিত !
ইতিমধ্যে পুগু শোৱাৰ পৰা উঠিছিল ৷ তাক মুখ ধুৱাই খুৱাই বুৱাই খেলিবলৈ দি তাই দুপৰীয়াৰ ভাত সাঁজৰ যোগাৰত লাগিল ৷ অনিৰ্বাণে খাই ভাল পোৱাকৈ ৰান্ধিবলৈ দৰকাৰ হোৱা বস্তুকেইপদ ফ্ৰিজৰ পৰা উলিয়াই ল’লে৷সময়তে মাকৰ ঘৰত থকা তাইৰ ডাঙৰটো ল’ৰা জিগুৰ ফোন আহিল ৷ কথা দুটামান পাতো বুলি ভাৱোঁতেই পুগুৱে তাইৰ হাতৰপৰা ফোনটো থপিয়াই নি ককায়েকৰ লগত আদি অন্ত নোহোৱা কথাবোৰ পতাত লাগিল ৷ মধুলেখাৰ এনে সময়তে মনটো কিছু মুকলি লাগে৷জিগু আৰু পুগুৰ ইটোলৈ সিটোৰ বৰ মৰম৷তাইহে ভাই– ভণী ককাই –বাইৰ মৰম নাপালে৷মাক–দেউতাকৰ একমাত্ৰ সন্তান হোৱাৰ দুখত তাই মাজে সময়ে বিলাসী হয় ৷ দুখৰেই বিলাস কৰিব জনা মধুলেখাৰ সপোনবোৰো যে অদ্ভুৎ ! পুগুক লগত লৈ চাদত খোজ কঢ়াৰ অভ্যাস কৰা মধুলেখাৰ চৌহদৰ প্ৰকাণ্ড গেইটখন খুলি ৰাস্তাইদিখোজ কাঢ়িবলৈ মন যায় ৷ আগতে মন গ’লে গাঁৱৰ ৰাস্তাত যেতিয়াই তেতিয়াই খোজ কঢ়াৰ অভ্যাস আছিল তাই ৷ মুখৰে গানৰ কলিবোৰ গুণগুণাই জোনাক ৰাতি পথাৰৰ মাজৰ কবিৰ আলিয়েদি কিছুদূৰ খোজকাঢ়িহে তাইৰ মন ভৰিছিল ৷ এতিয়াও যে তাইৰ এইদৰে হনহনাই খোজ কাঢ়িবলৈ ভীষণ মন যায় ৷ বোৱাৰীৰ মৰ্যাদা ৰাখিবলৈ গৈ এইদৰে খোজকাঢ়িবলৈ যোৱাটো এক অলীক সপোন ৷ অফিচ নথকা দিনত বাৰাণ্ডাৰ গ্ৰিলখন খুলিলেও শাহুৱেকৰ নানান প্ৰশ্ন ৷ এতিয়াতো তাইৰ অফিচ যোৱাটোও বন্ধ৷ঘৰৰ পৰাই অনলাইনযোগে কামবোৰ কৰে ৷
জিগু আৰু পুগুৰ ফোনত চিঞৰি চিঞৰি পতা কথাকেইটা উফৰি আহি তাইৰ কাণতো পৰিছেহি ৷ ইচ্ছা কৰিলেও তাই এতিয়া মাকৰ লগত কথা পাতিবলৈ নোৱাৰে ৷ মানে পুগুৰ উৎপাতত সেয় সম্ভৱ নহয় ৷ জিগুৰ লগত কথা পাতিবলৈ পালে পুগুক আৰু একো নালাগে ৷
:উস!তুমি বাৰু কি খাই ভাল পাইছিলা ? গমেই নাপালোঁ জানা ৷
তাই তাক সুধিলে ৷
:মোৰ যে সদায় ৰন্ধা বঢ়া কৰোঁতেই সময়বোৰ যোৱা হৈছে ৷ অনিৰ্বাণে যে যেনেকৈ তেনেকৈ নাখায় ৷
:আজি মঙলবাৰ জানা৷তুমি থকা হ’লে বজাৰলৈ গ’লাহেঁতেন চাগৈ ন !
কথাকেইষাৰ মুকলিকৈ কৈ পেলালে তাই ৷
পুগু ফোনত ব্যস্ত৷গতিকে সি শুনাৰ আশংকা নাই ৷
কিন্তু তাইৰ এইকেইটা বাক্যৰ প্ৰত্যুত্তৰ দিব পৰাকৈ সন্মুখত কোনো নাই৷তাইৰ আশেপাশেও কোনো নাই ৷ তেনেহ’লে?
মধুলেখা বলীয়া !
মধুলেখা পাগলী !
মধুলেখা দ্ব্যিচাৰিণী !
মধুলেখা অসতী !
উপায় যে নাই৷মনটোক তাই বুজাব নোৱাৰে৷জাকি মাৰি উৰি অহা প্ৰেমিক চৰাইটিৰ বতাহচাটিৰ বা ত বাউলি হৈ তাই বিননি জোৰে৷তাইৰ বিননি কোনেও নুশুনে ৷ পুগুৱে আহি মাকক কিবা এটা খাবলৈ দিবলৈ আব্দাৰ কৰে৷তাই পাকৈত গৃহিণীৰ কায়দাৰে তাৰ হাতত তৎক্ষণাত সি ভালপোৱা খোৱাবস্তু এবিধ তুলি দিয়ে৷পুগু হাঁহিমুখেৰে আঁতৰি যায় ৷
পাকঘৰত সুস্বাদু খাদ্যসম্ভাৰৰ গোন্ধ বতাহত বিয়পে৷তাইৰহে ভোক নালাগে৷পুৱাৰ ফিকা চাহকাপৰেই তাইৰ পেট ভৰি থাকে ৷
:নোৱাৰোঁ জানা ৷ নিজক চম্ভালিব৷অনিৰ্বাণৰ লগত আছো,বিয়া হৈছো,একেখন বিচনাত শুইছো ৷ সন্তানৰ মাক হৈছো৷কিন্তু …
:মই কি কৰোঁ কোৱা ৷ একোৱেই ভাল নালাগে৷থাকিব লাগে কাৰণেই জীয়াই আছো ৷ মানুহক দেখুৱাই নতুন কাপোৰ পিন্ধিছো ৷ হাঁহিছো ৷ কিন্তু মোৰ একো নাই৷মই নিঃস্ব অ’ অয়ন তোমাৰ অবিহনে ৷
তাইৰ হিকতিয়াই হিকতিয়াই কান্দে ৷
:মোৰ এই কান্দোন কোনেও নাজানে৷স্কুলত পঢ়ি থকাৰ পৰা অতসোপা ল’ৰাই মোক ভালপায় বুলি ক’লে৷তুমি মোৰ লগত একো এটা কথা পাতি নাপালা ৷ প্ৰীতমৰ লগত মিলি শচী বাইদেউৰ ক্লাছত খিৰিকীৰে ছাটিৰ নালডাল সুমুৱাই দি ডিঙিত টানি কাৰ মূৰটো কৰিছিলা ৷ সেই পাঁচবছৰ বয়সতে মোক জোকাইছিলা ন ! এতিয়া মই তোমাক শান্তি নিদিও চাবাচোন৷মোৰো তো অধিকাৰ আছে ৷
তাইৰ চকুমুখ ৰঙা পৰিছিল ৷ চকুপানীখিনিও কৰাল বান্ধি শুকাইছিল ৷
অনিৰ্বাণৰ ফোন আহিছিল তাইৰ ফোনত ৷ পুগু আহি মাকৰ ওচৰ পাইছিল ৷
:প্ৰন আৰু বলিয়ৰা মাছ অলপ লৈছো দেই৷খাম৷গৰমে গৰমে ভাজিবা৷আবেলি আৰু অফিচলৈ নাযাওঁ ৷ গৈ আছো ঘৰ ৷
অনিৰ্বাণৰ এইবাৰ ফোনত আব্দাৰ ৷
অনিৰ্বাণৰ ফোনটোৱে তাইক সচকিত কৰিলে ৷ তাই এতিয়া এগৰাকী ভাল পত্নী হ’ব লাগিব ৷
অয়নক বিদায় দিব লাগিব আজিৰ কাৰণে৷পাছত সময় পালে কথাবোৰ ক’ব৷তাইৰ কাৰণে কোনেও কষ্ট পাব নালাগে৷তাই কাকো নঠগে৷থকা দিনকেইটা অনিৰ্বাণক তাই মৰমতে ৰাখিব ৷ তাৰ উগ্ৰ খংটোৰ বাহিৰে সকলোখিনি ভাল ৷ হ’ব পাৰে সি তাইৰ লগত সৰু সৰু কথাত হাঁহিব নাজানে ৷ তাইৰ দৰে পৰিস্থিতিৰ লগত সহাৱস্থান কৰিব নাজানে ৷ সৰু কথাতে চিন্তাত পাৰ নোপোৱা হয় ৷ তাইক হঠাতে গালি দিব পাৰে৷কিন্তু তাইক মৰমো যে কৰে ৷ সকলোৰে স্বকীয় সত্বা এটা থাকে৷থাকে এটা খোলা ৷ মন গ’লে সেই খোলাৰ পৰা ওলাই আহে ৷
: কামবোৰ কৰো দেই অনিৰ্বাণ আহি আছে ৷ য’তেই আছা ভালে থাকা ৷
অয়ন বতাহ এচাটি হোৱা বিশবছৰ হ’ল ৷ মোমায়েকৰ ঘৰলৈ ব’হাগ বিহুৰ বন্ধত ফুৰিবলৈ যোৱা সেই ষোল্লবছৰীয়া ল’ৰাটোৰ গাৰ ওপৰৰে ৰে’লখন পাৰ হৈ যোৱা বিশবছৰ হ’ল ৷ তাই বাউলি হোৱাও বিশবছৰ হ’ল ৷ অয়নৰ মৃত্যুৰ দুদিন পাছতেই মধুলেখাৰ তাক অতি আপোন যেন লাগিছিল ৷ এক আকুলতাভৰা দুখত সকলো ক্ষেত্ৰতে তাই উদাসীন যেন হৈ পৰিছিল৷আচৰিত !শৰীৰৰ আকৰ্ষণ নথকা এক আত্মীয়তাত অয়নৰ লগত নিজকে বান্ধ খুৱাইছিল তাই!তাৰ মৃত্যুৰ আগলৈকে একো নাম নাছিল সিহঁতৰ সম্পৰ্কৰ ! সঁচাকৈয়ে একো নাছিল ৷ বিশেষ বন্ধুত্বও নাছিল ৷ কিন্তু এতিয়া বুকুৰ ভিতৰত অহৰহ বৈ থকা এখন নদীৰ দৰে মধুলেখাৰ এই অনুভৱ কিয় ? অতবছৰৰ পাছতো এতিয়াও যে বৈ আছে সেইখন নৈ৷নিৰবধি !
অপাৰ্থিৱ !
জীৱনৰ ভাললগা কথা বা বেয়ালগা মুহূৰ্ত কিছুমানৰ মাজতো যে বতাহচাটিৰ বা তাইৰ গাত লাগি থাকেহি ৷ যেন কোনোবা জনমৰ যাউতিযুগীয়া সম্পৰ্কহে এয়া ৷
মধুলেখা ব্যকুল হয় !
মধুলেখা এটি কাহিনীৰ নায়িকা হয় !
এটি কপাহকোমল কাহিনীৰ নায়িকা ! কোমল,আলসুৱা,মেঘৰ দৰে ভাঁহিফুৰা ৷
মধুলেখা প্ৰেয়সী হয় ৷ কথাই প্ৰতি জোনাক নমা প্ৰেম কাহিনীৰ প্ৰেয়সী ৷
বতাহছাটিয়ে মধুলেখাৰ টোপনি হৰে ৷
অনিৰ্বাণৰ লগত হাঁহিমুখে সংসাৰ ধৰি থকা মধুলেখাৰ দিনলিপিৰ পৰা এইদৰেই এটা দিন সৰি পৰে ৷
মধুলেখাৰ গাত ফাগুনৰ বতাহ লাগে ৷
অনিৰ্বাণৰ হাতৰ চৰটোৰ কথা মনত পৰিলেও কান্দিব নোৱাৰাকৈ মধুলেখা বাউলী হয় ৷
মধুলেখা জিলিকি ৰয়, মধুলেখাৰ বুকুত গছ এজুপিয়ে থন ধৰি উঠে৷গা মন দেই পুৰি নিয়া উত্তাপত ছাঁ দিয়া গছ…৷ বাহিৰৰ কোনো কথাই তলাব নোৱাৰাকৈ মধুলেখাই সেই গছৰ ছাঁত জিৰণি লয়৷বতাহছাটি একেই থাকে ৷
মধুলেখা ভৰুণ হয়,আকূতিভৰা
প্ৰেমময় প্ৰাৰ্থনাৰে…৷
ফোন 7086521307
Comments are closed, but trackbacks and pingbacks are open.