দর্শনা বৰুৱা
ৰবা দেই আমি একেলগে চাহকাপ খাম, আহি আছো ৰবা ৷ একেবাৰে স্বাভাৱিক সুৰত বতাহছাটিক উদ্দেশ্যি লৰালৰিকৈ কথাষাৰ কৈ মধুলেখাই যাৱতীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰিলে ৷
পুতেক পুগুলৈ জহাচাউল দুমঠি কুকাৰটোত বহাই মধুলেখাই ডাইনিংখনৰ চকীখনত বহি চাহকাপত শোহা এটা মাৰে ৷ চেঁচা পৰি যোৱা ফিকা চাহকাপ তাই কেতিয়াবা একেশোহাই পি থয় ৷ আজি তাইৰ তাৰ লগত একেলগে বহি চাহকাপ খাবলৈ মন গল ৷ সেমেকা বিসুক্ট এখনত কামোৰ এটা মাৰি তাই সেইটো ডাষ্টবিনলৈ দলিয়াই দিলে ৷ ইমানবোৰ বিস্কুটৰ মাজতো খাবলৈ লোৱাৰ দিনা এটামানো বিস্কুট তাইলৈহে যেন নাটে৷ অনির্বাণে কিচিম কিচিম স্নেকচ্ আনি থয় ৷ মধুলেখাইহে নিজে লৈ নাখায় ৷ ভুলটো তাইৰেই ৷ অনির্বাণে তাইক জোকাই ৰং চায় ৷
পুৱাই হেভী টিফিন বান্ধি অনির্বাণ অফিচলৈ গল ৷ বন্ধৰ দিন বাবে চাৰি বছৰীয়া পুগু ঘৰতে শুই আছে ৷ তলৰ মহলাত শাহু–শহুৰে ভূ–ভাৰস্তখন উলিয়াহ লৈছে ৷ তেওঁলোক নিজৰ মতেই চলে ৷ মধুলেখাই এগৰাকী ভাল বোৱাৰীৰ দায়িত্ব পালন কৰিলেও তেওঁলোকৰ কথা আৰু কামত কাহানিও হস্তক্ষেপ নকৰে ৷ অনির্বাণো একেই ৷ তাৰ যেন মাক–দেউতাকৰ প্রতি আৱেগ কিছু কম ৷ আচলতে মাক–দেউতাকৰ অত্যধিক শাসন আৰু স্বেচ্ছাচাৰিতাই হয়তো অনির্বাণৰ মনৰ পথাৰত ছিঁৰাল ফটাইছিল ৷ শুকুৱাই পেলাইছিল নেকি বাৰু মৰমৰ নদীখ ! তাইৰ প্রতিও যেন অনির্বাণৰ আৱেগ কিছু কম ৷ তাইৰ লগত একেলগে থাকিবৰ পৰাহে যেন সি হাঁহিব জনা হৈছে ৷ মানুহৰ লগত সহজ হবলৈ শিকিছে ৷ মধুলেখায়ো অনির্বাণক সামাজিক আচৰণৰ বহু কথাই শিকাইছে ৷
এইটো নহয় যে মধুলেখা ইমপ্রেক্টিকেল বা জোখতকৈ বেছি আৱেগিক, কিন্তু তাইৰ বুকুত আৱেগৰ নৈখন বৈ থকাৰ বাবেই আজি বিশ বছৰৰ পিছতো এইদৰে তাৰ লগত একেলগে বহি চাহকাপ খাবলৈ মন কৰিছে ৷ কমখন কথানে বাৰু! ইমান মৰমে ! তাকো
ধেই লাজ লাগি যায় দেই ৷ ওঁঠখন সামান্য কঁপাই মধুলেখাহ হাঁহিে ! হাঁহিৰ লগতে দুটোপাল মুকুতা সৰিল ৷ চকুলোৰ মুকুত ! স্কুল বন্ধ থাকিলে পুগুক ইচ্ছা কৰিয়েই তাই পুৱা কিছুসময় দেৰিকৈ জগায় ৷ তাৰ টোপনি এনেও পাতল ৷ মাজৰাতিলৈকে সপ্রতিভ হৈ থাকিব পাৰে সি ৷ অনির্বাণৰ আকৌ টোপনি গধুৰ ৷ সুযোগ পালেই সি এঘুমটি শুই লব পাৰে ৷ আৰু মধুলেখ! গাঁৱৰ ঘৰত অকলে থকা আইতামাকক ৰখিবলৈ গৈ পুৱাও মৰটোপনিত থকা কিশোৰী মধুলেখাক আহতাকে জগাও বুলিও জগাব পৰা নাছিল ৷
কি টোপনি অ এইজনী ! মই মর্নিং ৱাক কৰি আহি পালোঁ ৷ জিতু আৰু মণিৰ লগত বহি চাহ খালোঁ ৷ তাইৰ উঠিবৰে হোৱা নাই ! আহিছিলি কিয় অ এইজন ! ঘৰতে থাকি পঢ়িব পা ! একেলগে বহি চাহ খাবলৈ নাই, ভাত খাবলৈ নাই ৷ দিনটো তলৌতলৌকৈ ঘূৰিবি ৷ উ !
কেতিয়ানো গাত কথা লাগিব অ !
আইতাকৰ গালি–শপনি এখন কাণেৰে শুনি আনখন কাণৰে উলিয়াই দি মধুলেখাই আইতামাকে ভাতমাৰ এহেতা দি শাক–মাছেৰে ৰন্ধা আঞ্জাখনেৰে ভাতমুঠি তৃপ্তিৰে খাই এদমমান আলোচনী–কিতাপ উলিয়াই মূৰটো গুঁজি থাকিছিল ৷ মোমায়েকৰ ঘৰ থকা গাঁৱৰ চুবুৰিৰ গোটেইকেইখন ঘৰত তাইৰ আছিল আদৰ আৰু অবাধ ৰাজত্ব ৷ কিন্তু তাই সীমা চেৰাই যাবলৈ মন মেলা নাছিল ৷ যাঁচিছিলেও কাৰো ঘৰতে একো এটা মুখত নিদিয়াকৈ তাই আইতাকৰ ওচৰ পাইছিল ৷ ৰাতি আইতাকৰ বুকুতে টোপনি গৈছিল ৷ সন্ধিয়া নিজে কিবা এবিধ প্রস্তুত কৰি আইতামাকক খুৱাই নিজেও খাইছিল ৷ দুদিনমান এইদৰে মোমায়েকৰ ঘৰত আইতাকৰ লগত গা ঘেলাই তাহ ঘৰ পাইছিলহি৷ মোমায়েক মহানগৰীৰ বাসিন্দা ৷ মাকক লগত নি ৰাখিব খুজিলেও স্বর্গগত স্বামীয়ে সজা ঘৰটো এৰি মাক কলৈকো নাযায় ৷ মাহীয়েকহঁতৰো বিয়া হল ৷ গতিকে মধুলেখাই আইতামাকক ৰখিবলৈ মন গলেই গুচি আহিছিল ৷ চাৰি কিলোমিটাৰ ৰাস্তা মিছ ইণ্ডিয়া চাইকেল চলাই তাই অহা–যোৱা কৰাটো আছিল তেনেই সাধাৰণ কথা ৷ আইতামাকক তাই সকলো কথাই খুলি কৈছিল ৷ কৈছিল সেই কথাটোও ! আইতাকে মনোযোগেৰে শুনিছিল আৰু তাইকো সামৰিবলৈ শিকাইছিল কথাবোৰ ৷ ক্লাছ নাইনত পঢ়ি থকা কিশোৰী আছিল মধুলেখ ! সেয়া বিশ বছৰৰ আগৰ কথা ৷ সময় আগুৱাইছিল ৷ সলনি হৈছিল সকলো ৷ মধুলেখাৰো সংসাৰ হল অনির্বাণৰ লগত ৷ মাতৃও হৈছিল সন্তান ! মহানগৰীৰ স্থায়ী বাসিন্দা তাই এতিয়া ৷ মফচলীয় গাঁৱৰ ঘৰখনৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি উচ্চশিক্ষা লবলৈ হোষ্টেলত থিত লোৱাৰ পিছত চাকৰি কৰি হোষ্টেলৰ পৰা চিধাই আহি বোৱাৰী হলহি মধুলেখা৷ আহতামাকো আহি মোমায়েকৰ লগত গুৱাহাটীত থকা বহুকেইবছৰ হৈছিল ৷ যোৱা বছৰ তাইক আৰু বেছি অকলশৰীয়া কৰি আহতামাকো আকাশৰ তৰা হল ৷ কিন্তু সলনি নহল সেই কথাটো ৷ তাইক আঁটি আঁটি বান্ধি থোৱা কথাটো সোণসেৰীয়া হৈয়ে ৰল ৷ তাই নিজকে দুটা চৰিত্রৰ ভাওৰীয়া বুলিয়েই জ্ঞান কৰে ৷ যদিও আনে কি কয় তালৈ তাইৰ ইমান গুৰুত্ব নাই তথাপি মধুলেখাই নিয়ম মানি ভাল পায় যিবোৰ নিয়মে কাকো শিকলিৰে নাবান্ধে ৷ মাথোঁ তাইৰ আচৰণ আৰু কর্মৰে আনে যাতে অসুবিধা অশান্তি নাপায়, সেহ চিন্তাৰে তাই আগুৱাই গৈ থাকে শেষ নোহোৱা বাটটোৰে তাইৰ অন্তিম যাত্রাৰ লগতহে শেষ হব যি বাট ৷ শেষ হৈ যেন আকৌ আৰম্ভণি হব এক মধুৰ যাত্র ! সপোন এটাই ৰিঙিয়াই থাকে তাইক ৷
সকলো ইমান সলনি হল, তাইৰ নিজৰে আচৰিত লাগে ৷ কিশোৰীতে আইতাকে কোৱা মৰটোপনিৰ অধিকাৰী মধুলেখাই এতিয়া চকুৰ টিপ এটা নমৰাকৈ গোটেই ৰাতি উজাগৰে কটাব পাৰে ৷ ইষ্টদেৱতাক স্মৰণ কৰি হাজাৰ কাকূতি কৰিলেও কাহানিও ঘূৰি আহিব নোৱাৰা বতাহছাটিৰ দৰেই টোপনিয়েও তাইক বাৰেপতি ঠগে ৷ তথাপিও পিছদিনা পুৱা তাহ সতেজ, সপ্রতিভ ৷ এইবোৰ কথা অনির্বাণে ফুটকে নাপায় ৷ দায়িত্বশীলা পত্নী আৰু মাতৃৰ ৰূপত তাই অনন্যা ৷ অনির্বাণৰ লগত দাম্পত্যকলহ কৰিব পৰাকৈ মধুলেখা এক স্বাভাৱিক নাৰী ৷ চূড়ান্ত খঙত হটোৱ সিটোক গালি দিব পৰাকৈ তাই আৰু অনির্বাণ সহজ ৷ ধানখেৰ লি উঠাৰ দৰেই অনির্বাণৰ খংটে ! সামান্য কথাতে তাৰ খং উঠে ৷ হিতাহিত জ্ঞান হেৰুৱাই নকৰিবলগীয়া কামো কৰে ৷ তাৰ বাহিৰে আন একো বদভ্যাস নাই যদিও তাৰ এই খঙে মধুলেখাক জোলোকাজোলোকে পানী খুৱায়ো পাইছে ৷ মৰমেৰে অভিমান ভাঙিবলৈ নিশিকা অনির্বাণক তাহ ক্ষমা কৰি দিয়ে ৷
মানুহ মাত্রেই ভুল হয়৷ অনির্বাণো হয়াৰ ঊধর্বত নহয় ৷ তাৰ কিছুমান কথা তাইৰো ভাল নালাগে ৷ কিন্তু একেবাৰেই সহ্য কৰিব নোৱাৰা মানুহ অনির্বাণ মুঠেই নহয় ৷ তাৰ ভাল গুণো দেধাৰ আছে যিবোৰে তাইৰ দৰে চৰাই এজনীকো ধৰি ৰাখিছে ৷ এৰা চৰায়েই হয় তাই ৷ চৰাই বাবেই মধুলেখাই বতাহছাটিৰ আমেজত ডুব গৈ থাকে ৷ তাইৰ অন্তৰাত্মা শীতল কৰা বতাহছাটি ! উ ! কি যে মায়াসনা ৷
অনির্বাণৰ শৰীৰী সান্নিধ্যৰ কথা বাদ দিয়ো তাই সকলো সময়তে যেন পূর্ণ হৈ থাকে বতাইছাটিৰ বাবেই ৷ আজিও সেয়া ব্যতিক্রম নহল ৷ তাইৰ লগত একেলগে চাহকাপ খাবলৈ তক ৰবলৈ কব পৰা হল ৷ তাকো স্বাভাৱিক সুৰত ৷
শাহুৱেকৰ তির্যক কথা, অফিচৰ তিতা কেহা–মিঠা লা, নাইবা জীৱন যুঁজৰ মাজতো পল ভৰি তাই উপভোগ কৰে বতাহছাটি ৷ তাইৰ দৰে সৰুৰে পৰা কেৱল হাঁহিব জনা, চটাই পাখৰী হৈ ঘূৰি ফুৰিব পৰা ছোৱালীজনী যে বতাহছাটিৰ পাল্লাত পৰি কেতিয়ানো ইমান গহীন–গম্ভীৰ হৈ পৰিল, ভাবিলে আচৰিত লাগে ৷ বয়সতকৈ বুজন আগতেও আছিলে তাই ৷ মাত্র চপলতাৰে ভৰি আছিল তাইৰ সৰল মনটো, আকর্ষণীয় চেহেৰাটো ৷ গাভৰু গাভৰু অনুভৱ আহিবলৈ তেতিয়াও কিছুদিন বাকী আছিল ৷ ভোমোৰাৰ গুঞ্জনেৰে মুখৰিত আছিল তাইৰ চৌপাশ ৷ কিছুমান কাকো কব নোৱাৰা কিন্তু সকলোৰে চকুত ধৰাপৰা ঘৰুৱা সমস্যাৰে ভাৰাক্রান্ত আছিল তাইৰ শৈশৱ আৰু কৈশোৰ ৷ আকাল নাথাকিলেও কিন্তু আছিল কিছুমান অভাৱ ৷
খাবলৈ পিন্ধিবলৈ আকাল নথকা ঘৰৰ একমাত্র সন্তান মধুলেখাই কিন্তু নিজক কৃত্রিমভাৱ সজাবলৈ শিকা নাছিল ৷ এক নিভাঁজ সুৰত বান্ধ খাই আছিল মধুলেখা নামৰ মিঠা সুৰটো ৷ বতাহছাটিয়ে সেই সুৰত গুণগুণাই উঠিবলৈ নৌপাওঁতেই যে হেৰাই গল ৷ এতিয়া প্রতিটো অনুভৱী সুৰত মধুলেখাই বিচাৰে বতাহছাটিৰ সান্নিধ্য ৷ উজাই লব বিচাৰে খৰিকাজাঁহৰ সুবাস ৷ নোৱাৰে অ ৷ হাবাথুৰি খাই ফুৰি উজুটিত নখ ছিঙিলেও বতাহছাটিক নিজৰ কৰি লব নোৱাৰে ৷ শীততাপ নিয়ন্ত্রিত বেডৰুমৰ আহল–বহল বিছনাত তাই ওৰেৰাতি ছটফটাই থাকে ৷ অনির্বাণৰ লগত শৰীৰীভাৱে একাত্ম হোৱাৰ পিছতো বতাহছাটিৰ কথাই তোলপাৰ লগাই থাকে তাইৰ বুকুত ! আঐ দেহি ! পাহৰিব পৰা হলেহ ভাল আছিল নেকি বাৰু ! অনির্বাণৰাী্৪ বাহিৰে তাইৰ আন কোনো পুৰুষৰ লগতো সম্পর্ক নাই ৷ নিজৰ মানুহটোক তাই প্রতাৰণা কৰিব নোৱাৰে ৷ কৌশলেৰে কোনোবাই টুকুৰিয়াই চালেও তাহ বহুগামী নহয় ৷ ভোগবাদী পৃথিৱীত উটি যাব পৰাকৈ মধুলেখাই নিজক গঢ়ি তোলাত সাংঘাতিকভাৱে ব্যর্থ ৷ অনির্বাণৰ পৰাও একো আশা নকৰাকৈ কেৱল এটি সেন্দূৰৰ টেমাৰ মৰমৰ আশাত সংসাৰ পতা নাৰী মধুলেখা ৷ আশাকৰা মতেহ তাই স্বাৱলম্বী ৷ নিজৰ চিনাকিৰে জিলিকি উঠা এক সত্তা ৷ জীৱন সংগ্রাম থাকিলেও সাধাৰণভাৱে সকলোখিনি পূর্ণতাৰেই যেন ভৰ ! কিন্তু মধুলেখ !
আজিও একেলগে চাহকাপ খাই তাই কথাবোৰ পাতিলে তাৰ লগত ৷ কথা পতা মানেনো কি তাই কৈ যায় ৷ সি শুনি থাকে ৷ বতাহত উপঙে সপোনবোৰ ৷ কেতিয়াবা তাই কাপোৰ এযোৰৰ কথা কয় ৷ কেতিয়াবা কয় নিজাকৈ মাটি এটুকুৰাৰ কথা৷ মঙলবৰীয়া বজাৰৰ পৰা অনা এপোৱা জলকীয়াৰ কথাটো কবলৈ আকৌ সদায় থাকিয়েই যায় ৷ লাগ বান্ধ নোহোৱা কথাবোৰ তাইৰ ৷ চঞ্চলা নদী এখনহে যেন ৷ কোনোবা সময়ত বতাহছাটি বাৰুকৈয়ে লাগে যে তাইৰ গাত ৷ কথাবোৰ শেষ হোৱাৰ নামেই নলয় যে ৷ পুগুৰ আদৰ–যতন লৈ থকাৰ সময়তো তাই কথাবোৰ পাগুলি থাকে ৷ প্রেমভৰা, মায়াসনা চকুৰে তাই আকাশখনলৈ চাই ৰয় ৷ নিজাকৈ অকণমানি আকাশ এটুকুৰা থকাটোও যে ডাঙৰ কথা ৷ শাহুৱেকৰ খেচখেচনিত আকাশখনো যে এসময়ত হেৰাই গৈছিল তাইৰ পৰা ৷ এতিয়া তাইৰ নিজাকৈ এটুকুৰা আকাশো যে আছে ৷ কিমান যে ভাললগা ! অনির্বাণৰ ওচৰত তাই কৃতজ্ঞ ৷ তাইৰ উচিত কথা আৰু কামত সি কৰা সমর্থনক তাই জানো পাহৰিব পাে ! এই কথা বতাহছাটিয়েও জানে ৷ অনির্বাণে জানেনে বাৰু এই বতাহছাটিৰ কথা ৷ হয়তো জাে ! তাই যে এদিন কৈছিল তাক ! জানিলেওনো কি ই ! অনির্বাণ নিশ্চিত মধুলেখাক এই বতাহছাটিয়ে উৰুৱাই নিব নোৱাৰে ৷
বতাহছাটিৰ পৰশত মধুলেখাৰ চৌত্রিশ বছৰীয়া দেহটোত কিবা এক শিহৰণ জাগে ৷ বুকুখনত উজাই আহে মিঠা বিষ ৷ ভাললগা অনুভৱ এটিয়ে গাভৰু দেহাটো মেৰিয়াই ধৰে ৷ মনত পৰে কিছুমান কথা ৷ একো নিবিড়তা নথকা এটি সম্পর্কই কিমান দিন যে তাইক সেউজীয়া বৰষুণ এজাক হৈ জুৰুলি–জুপুৰিকৈ ভিজাই পেলায়, সেয়া হিচাপ কৰিব পৰা নাযায় ৷ বিশটা বছৰে বৰণ সলোৱা বতাহছাটিয়ে তাহৰ ধুনীয়া চকুহালি পানীৰে ওপচাই পেলায় ৷ অনির্বাণে খুবেই আকর্ষণ অনুভৱ কৰা তাইৰ আবেদনময়ী ওঁঠযুৰিক ডালিমগুটীয়া দাঁতকেইটাই চেপি ধৰে ৷ বুকুৰ পৰা উজাই অহা বাধা নমনা কান্দোনটোক তাই এইদৰেই কাৰো চকুত নপৰাকৈ সযতনে ৰাখে ৷ উজাগৰ থকা মাজৰাতি এটাত ছাদত গৈ জোনটোক সাক্ষী কৰি কথাবোৰ কবলৈ মন যায় তাইৰ ৷ মন যায় এন্ধাৰে আৱৰি থকা আকাশখনক বতাহছাটিৰ লগত থকা তাইৰ এই সম্পর্কৰ খতিয়ান দিবৈ ! নোৱাৰে যে ৷ তাই কাৰোবাৰ ঘৰধৰা বোৱাৰ ! অনির্বাণৰ পত্নী, জিগু আৰু পুগুৰ মাতৃ ৷ মাজৰাতি এইকণ বলিয়ালি সহ্য কৰিব পৰাকৈ অনির্বাণ ইমান মাতাল প্রেমিক নহয়, যদিওবা মধুলেখাৰ প্রেমত পৰিয়েহ সি তাহক পত্নীৰ মর্যাদা দিছে৷ দায়িত্ববোধ আৰু মৰমেৰে সংসাৰখন চলাই আছে ৷ গতিকে মধুলেখায়ো নিয়াৰিকৈ এগৰাকী পত্নীৰ দায়িত্ব পালন কৰাত ত্রুটি ৰখা নাই ৷
কামৰ ব্যস্ততাৰ মাজতে, সাংসাৰিক হাঁহি–ধেমালিৰ মাজতো চেৰেংকৈ যে বতাহছাটিয়ে কিদৰে কোবাই যায়, তাই ততকে ধৰিব নোৱাৰে ৷ মনোবৈজ্ঞানিক বিশ্লেষণ কৰিও তাই নিজকে মনাব নোৱাৰে ৷ দেখাত একেবাৰেই সুস্থ মানুহজনী মুহূর্ততে সলনি হৈ যায় ৰসাৰ কোনোৱে ধৰিব নোৱাৰাকৈ ৷ এই সলনিয়ে তাইক কিন্তু চেপি–খুন্দি নানে ৷ বৰঞ্চ তাইৰ দেহ–মনত সিঁচি যায় ভালপোৱাৰ সেউজ বৰষুণ এজাক ৷ চকুপানীৰে দুগাল তিতিলেও তাই নিজকে প্রবোধ দিয়ে ৷ বুকুত মিঠা বিষ এটাই কেৰমেৰ কৰে৷ অনির্বাণৰ কামনাব্যাকুল দুহাতেৰে তাইৰ সুউচ্চ বুকুত মৃদু আঘাত হনাৰ সময়তো তাই এই বিষ অনুভৱ নকৰে ৷ তাইৰ ৰেচমী চুলিৰ সুগন্ধিত সৌন্দর্যই অনির্বাণক বলিয়া কৰাৰ কথা তাই জানে ৷ কিন্তু নাজানে বতাহছাটিৰ বাৰু মন নাযায়নে তাইৰ এই চুলিটাৰিৰ ঢৌত এখন ঘৰ সাজিবৈ ! একোৱেই যে মুখ ফুটাই কোৱা হোৱা নাছিল ৷ অনুৰাগ অথবা বিৰাগ একোৱেই প্রকাশ হোৱা নাছিল আচৰণত৷ তথাপি তাই অজানিতে বলিয়া হয় ৷
ধেই ! কবলৈনো কত সময় পালে জীৱনৰ ষোল্লটা বছৰ পাইছিলহে ৷ গুচিয়েই গল আকৌ ৷ তাই আঙুলিৰ মূৰত হিচাপ কৰে, তাইৰ তেতিয়া কিমান আছিল বয় ! চৈধ্য মাথোঁ৷ গাত কথা লগাই নাছিল ৷ নতুনকৈ মেখেলা–চাদৰ মেৰিয়াই স্কুললৈ যাবলৈ আৰম্ভ কৰিছিল ৷ কাপোৰ পিন্ধাত তাইৰ চখ নাছিল ৷ লগৰ বান্ধৱী দুজনীমানে তাইৰ কাপোৰৰ গত লগাইছিল ৷ মৰমৰ আছিল লগৰবোৰৰ ৷ তাইতকৈ কম বয়সবোৰেও বেৰিকুিি ধৰি তাহৰ লগত কথা এষাৰ পাতিছিল৷ আৰু তাহতকৈ বয়সত ডাঙৰবোৰেও নিজৰ মনৰ কথাবোৰ, দোষ–গুণবোৰ তাহৰ আগত মুকলিকৈ উবুৰিয়াহ দিবহি পাৰিছিল৷ হোষ্টেলত থাকোঁতে এদিন ব্রহ্মপুৱাতে তাহৰ ঘৰৰ ওচৰৰ বিতোপন আহি তাহৰ আগত মনৰ কথা কিছুমান কওঁতেহে হেনো শান্তি পাহছিল সি৷ নিজৰ ঠাহৰ স্কুলত পঢ়ি থাকোঁতে আকৌ এই বিতোপনৰ লগতেই যে তাইৰ তর্ক লাগিছিল কিবা এটা বিষয়ত ৷ অথচ কিমান আপোন ককায়েকৰ দৰে সেহদিনা সি অশান্ত মনটোক বুজাবলৈ মধুলেখাৰ আগত অকপটে কথাবোৰ কৈছি ! আচলতে সকলোৰে মনবোৰ বুজি যুক্তিপূর্ণ বিশ্লেষণ কৰি সমস্যাৰ সমাধান কৰাত মধুলেখা যেন বহুতৰে বিশ্বাসী আৰু অন্তৰংগ হৈ পৰিছিল মনৰে ৷ তাইৰ বন্ধুত্বত লিংগবৈষম্যই স্থান পোৱা নাছিল ৷ সেইদৰে নাছিল বয়সৰো বিচা ! এতিয়াও যে তাইক অতবছৰৰ পিছতো প্রতিখন শিক্ষানুষ্ঠানত পঢ়াবোৰেই হওক নতুবা কর্মক্ষেত্রৰ বন্ধুবোৰেই হওক সকলোৱেই এদিনৰ কাৰণে হলেও যোগাযোগ কৰি কথাবোৰ ভগাই লয় ৷ বয়সে তাইক যেন সলাব পৰা নাই ৷ মুখৰ সেই মনপৰশি যোৱা হাঁহিটো তাইৰ একেই থাকিল ৷ দুটাকৈ সন্তানৰ মাপ হোৱাৰ পিছতো কাৰ সাধ্য তাইক বিবাহিত বুলি কবলৈ ৷ প্রসাধন নকৰাকৈ তাইৰ মুখ উজ্জ্বল ৷ শৰীৰৰ একো যত্ন নোলোৱাকৈ দিনৰ দিনটো লেপৌলেপৌকৈ সংসাৰৰ জঞ্জালসোপাক মাৰি মাজনিশা বিছনাত পৰিলেও পিছদিনা পুৱা তাই আকৌ সতেজ, সপ্রতিভ৷ সৰু সৰু কথাতে খং কৰি বস্তু ভঙা নতুবা বস্তু দলিয়াই পৰিৱেশটো হঠাতে সলাই পেলোৱা অনির্বাণক বাৰটা বছৰে চম্ভালি থকা মধুলেখাই কেতিয়াবা নিজৰ কথা ভাবিবলৈকে আহৰি নাপায় ৷ ভাগ্য এঘাৰ বছৰীয়া তাহৰ ডাঙৰটো লৰা মধুলেখাৰ মাকৰ লগত থাকে বুলিহে পুগুক সময় দিব পাৰিছে ৷ তাইৰ দেউতাক ঢুকোৱাও চাৰি বছৰেই অকলশৰীয়া হৈ পৰা আইতাকৰ বুকুৰ উমতে জিগুৱে মানুহ হোৱাৰ কচৰৎ কৰিছে ৷ সন্তান মানেহ যে মায়া–মোহ !
সন্তান দুটিৰ খাতিৰতে যেন তাইৰ দৰে প্রচণ্ড সাহসী আৰু স্বাভিমানী মানুহজনীয়ে অনির্বাণৰ অযথা খংবোৰক সহি সামৰি থকা নাই জানে ! ৰাজকী–দৈয়কী সকলো সামৰি বাহিৰে–ভিতৰে কোনো কথাতে বিমোৰত পৰিব নলগাকৈ সংসাৰখন চলাই নিয়া মধুলেখাতকৈ বয়সত অনির্বাণ দহ বছৰে ডাঙৰ ৷ আন দহজনে কথাই–কামত সমীহ পৰি চলা, সম্ভ্রমেৰে কথা কোৱা মধুলেখাই কেতিয়াবা অনির্বাণৰ ব্যৱহাৰত সন্ত্রস্ত হৈ নপৰাও নহয় ৷ কিছুদিনৰ আগতে সিহঁতৰ বিবাহ বার্ষিকীৰ দিনা আগতীয়াকৈ খবৰ নিদিয়াকৈ অহা আলহীৰ আগমনৰ কাৰণে বাহিৰত ডীনাৰ কৰিবলৈ প্লেন বনোৱা অনির্বাণে কোৱা সময়তকৈ মধুলেখাৰ কিছু পলম হৈছিল ৷ আলহীও নাযায়হে নাযায় ৷ সন্ধিয়া অফিচৰ পৰা অহা অনির্বাণকো শুভেচ্ছা দি যাব বুলিও আৰু কিছু দেৰি বহিছিল ৷ ইফালে অনির্বাণে জীৱনত প্রথমবাৰৰ বাবে মধুলেখাক সেই বিশেষ দিনটোত বাহিৰত গৈ ৰাতিৰ সাঁজ খোৱাৰ প্রস্তাৱ দিছিল ৷ এনেও মধুলেখা ৰন্ধন প্রকৰণত অনির্বাণে প্রশংসা কৰিব পৰাকৈয়ে পটু৷ তথাপি চৰুতো এৰি বাহিৰত লোকৰ হাতেৰে এসাঁজ খোৱাৰ আশাত তায়ো মান্তি হৈছিল ৷ এনেও পুগুৱে ওলাই যাবলৈ পালে মনত আনন্দ পায় ৷ গতিকে মধুলেখাৰো বেয়া লগা নাছিল ৷ কিন্তু সেইদিনা আলহী যোৱাৰ পিছতে অনির্বাণে মধুলেখাক হতবাক কৰি তাইৰ গালত বহুৱাইছিল এটি পূর্ণহতীয়া চ ! কঁপি উঠিছিল তাই ৷ ঘটনাৰ আচম্বিকতাত তাইৰ তত হেৰাইছিল ৷ একমাত্র পুগুৰ আনন্দৰ বাবেই তাই নিজকে সম্বৰণ কৰি কপোৰ সলাইছিল ৷ একোৱেই যেন হোৱা নাই, সেইদৰেই তাই অনির্বাণক কৈছিল, আজি নিদিওঁ বাৰু! কাইলৈ তোমাকো এক চৰ মাৰিম ৷ সাজু থাকিবা ৷ এতিয়া ওলোৱা দেৰি হৈছে ৷ ভুল কাৰ কাইলৈ বুজাম ৷
কথাখিনি কৈ তাই বাথৰুম গৈ নিজকে চাইছিল মিৰৰখনত ৷ উ ! কি যে দৃ তাইৰ দুচকুৰ দৃষ্টি ৷ তাই সঁচাকৈ বলিয়া হোৱা নাইতে ! তাইৰ এনে আচৰণত অনির্বাণৰ কি হৈছিল জনা নাছিল ৷ কিন্তু বাহিৰত সুন্দৰকৈ সময় পাৰ কৰি সিহঁত ঘৰমুৱা হৈছিল ৷ ৰাতি বিছনাত আকৌ সেই অনির্বাণেই তাইৰ দুভৰি মালিচ কৰি দিছিল ৷ দিনটো কাম কৰি তত নোপোৱা মধুলেখাৰ ভৰি দুটা বিষত টনটনাই উঠিছিল ৷ মনৰ বিষটোও বাৰু উজাই উঠিছিল নেকি তাই !
আচৰিত ! নিয়ন্ত্রণ নথকা ৰিপুৱে মুহূর্ততে যে সলনি কৰিব পাৰে সময়বো ! তচনচ কৰি দিব পাৰে ভাললগাবো ! অনির্বাণে কিয় যে নিজৰ এই স্বভাৱটো সলাব নোৱাৰিলে বাৰু অতবছে! তাই যে বহুত সলনি হল ৷ সৰু সৰু কথাতে খং কৰি সময়বোৰ সলনি কৰি দিব পাৰে অনির্বাণে ৷ এনেকুৱা নহয় যে মধুলেখাৰ খং নাই বা নুঠে ৷ কিন্তু পঢ়াৰ দিনতেই হওক বা চাকৰি কৰিবলৈ লওঁতে হোষ্টেলত থাকিবলগীয়া হোৱাত বহু কথাতেহ যে এড্জাষ্ট কৰিবলৈ শিকি গ’ল তাই ৷ এতিয়া অন্যায় হোৱা দেখিলে বা অনিয়মৰ ক্ষেত্রতহে তাইৰ মাত্র খং উঠে ৷ তাকো বৰ কৌশলেৰে তাই নিয়ন্ত্রণ কৰিব পৰা হল ৷ অনির্বাণৰ বাহিৰে তাইৰ কাৰো লগতেই কাজিয়া নালাগে ৷ তাৰ লগত মাজে–সময়ে ধুমধুপালকৈ কিবা এটা কথাত কাজিয়া এখন লাগে যদিও কোনোদিনেহ মাত–বোল বন্ধ নহয় ৷ মনৰ কথা বুকুতে বান্ধি তাই কামবোৰ কৰি যায় ৷ অনির্বাণক কষ্ট দি তাইৰো ভাল নালাগে ৷ তাৰ ভুলবোৰ দেখুৱাই অনুৰোধ কৰে
খংটো দমাবাচো ! তোমাৰ ইমান খং ৷ শৰীৰৰ কাৰণেও বেয়া ৷ মনৰ কাৰণেও
অযথা তর্ক কৰি কি লাভ কোৱা
তাইৰ বুজনিত অনির্বাণ শান্ত হয় ৷
মধুলেখা আচলতে অভদ্র মানুহৰ লগত খুবেই ভদ্র হৈ থাকে ৷ যাক নিজৰ জীৱনৰ অংশ বুলি তিলমাত্রও মানে সেইসকলৰ লগতহে কিছু আৱেগিক তাই ! অনির্বাণৰ লগতো তাইৰ আৱেগিক সম্পর্ক আছে ! এহাল সুখী স্বামী–স্ত্রীৰ দৰেইতো থাকে সিহঁতহাল ৷ বাহিৰে–ভিতৰেই সুখী ৷ ছচিয়েল মিডিয়াত আনক দেখুৱাই সুখী হৈ থকাৰ ফটো নিদিয়ে তাই ৷ কওঁ বুলিলে সঁচাকৈয়ে কব পৰাকৈ সুখী তাই ৷ অনির্বাণৰ লগত কিবা এটা খুঁত খাত লাগিলেও তাই ধৰি নাথাকে৮০ ৷ মুহূর্ততে নিজকে পৰিৱেশৰ লগত খাপ খুৱাহ লব পাৰে ৷ কচুপাতৰ পানীৰ দৰে জীৱ ! থেই–পেচ পাতি সময়বোৰ অথলে যাবলৈ দিব নোৱাৰি ৷ যোৱা বিশটা বছৰে তাই যেন এই কথাকেই বুজিলে মানে নিজকে বুজালে ৷
এৰ ! কচুপাতৰ পানীৰ দৰেই যে জীৱ ! এই আছে এই নাই ! সেই তজবজীয়া প্রাণচঞ্চল ষোল্ল বছৰীয়া লৰাটো হঠাতে জানো বতাহ এছাটি হৈ পৰা নাছিল বিশটা বছৰৰ আগতে ৷ মুখ ফুটাই এবাৰলৈয়ো তাইক কৈ নাপালে তোমাক ভাল পাওঁ বুলি ৷ কত যে কিশোৰ–যুৱকে মধুলেখাক মুখেৰে–চিঠিৰে প্রকাশ কৰিছিল ভালপোৱাৰ কথা ৷ হয়তো সেয়া আছিল তেওঁলোকৰ বয়সৰ স্বাভাৱিক আচৰণ, বিপৰীত লিংগৰ প্রতি আকর্ষণ ৷ মধুলেখা উটি যোৱা নাছিল সেহবোৰত ৷ তাইৰ কোনো ডিমাণ্ডো নাছিল প্রেমিকক লৈ ৷ তাইৰ বাবে ভালপোৱা এক সাধনা আৰু হাতে হাত ধৰি পোহৰমুখী বাট বোলাৰ আখৰাহে আছিল ৷ সেই আখৰা কৰিবলৈ তাইৰ মনে বিচাৰিছিল এক নিভাঁজ সত্তা ৷ কিন্তু সেয়া ইমান সহজ নাছিল ৷ তাইৰ সপ্রতিভ ব্যক্তিত্ব, আকর্ষণ জন্মাব পৰা উজ্জ্বল কিশোৰী দেহা আৰু মানসিক বহির্মুখিতাই সেই সময়ত তাইৰ চৌপাশে প্রেমময়তাৰ ধল আনিছিল ৷ মাকৰ হাতত প্রেমিকবোৰৰ চিঠিবোৰ তুলি দিবলৈ তাইৰ লাজ লগা নাছিল ৷ মাকৰ আগত মুকলিকৈয়ে কথাবোৰ কৈছিল ৷ তাইৰ বাবে প্রেম কোনোদিন পাপ নাছিল ৷ গৌৰৱো নাছিল যে অলেখ গুণমুগ্ধ নতুবা ৰূপমুগ্ধই তাইৰ সঁহাৰিৰ বাবে বাট চাই আছিল ৷ সকলোকে কৰা ভাল ব্যৱহাৰৰ বাবে মধুলেখাই বাছ ড্রাইভাৰৰ পৰা আৰম্ভ কৰি বাটৰ কাষতে জীৱন নির্বাহ কৰা মানসিক বিকাৰগ্রস্ত জানকী বাহৰ পৰাও সমীই আৰু মৰম পাইছিল ৷ এসময়ৰ সম্ভ্রান্ত ঘৰ এখনৰ বোৱাৰী কিন্তু কালৰ গতিত বাটে–ঘাটে প্রলাপ বকি ঘূৰি ফুৰা পকা থেকেৰাহেন মুখৰ আহতাগৰাকীক মাত নলগোৱাকৈ তাহ ৰাস্তাইদি যাব পৰা নাছিল ৷ মৰম কি তাই বুজিছিল ৷ প্রেমিকভোমোৰাৰ গুঞ্জনে তাইৰ প্রাণত ঝংকাৰ তুলিবলৈ সক্ষম হোৱা নাছিল ৷ সেই সময়ত তাই দেহত কামনাৰ ৰঙো যে লগা নাছিল ৷ এতিয়া অনির্বাণৰ শৰীৰী নিবিড় সান্নিধ্যত বিলীন হৈয়ো তাই কিছুমান কথা পাহৰিব নোৱাৰে ৷ আচলতে মনত ৰাখিব পৰাকৈ তাহৰ কি আছিলনে ! তাহাত দুটাৰ মাজত একোৱেইতো নাছিল ৷ তথাপি বহু কথাই গুজৰি–গুমৰি থাকে তাইৰ বুকুৰ ভিতৰত, হূদয়ৰ অটল গভীৰত ! মুখ ফুটাই তাইক একাষাৰো কথা নোকোৱাকৈ নীৰৱে আঁতৰি যোৱা লৰা এটাৰ লগত নিজকে সাঙুৰি তাইৰ ইমান যে ভাল লাগিছি ! সৰুতে একেখন স্কুলতে তাইতকৈ দুশ্রেণীমান ওপৰত পঢ়া লৰা এটাহে আছিল সি ৷ সিহঁতৰ মাজত ভালদৰে কথা–বতৰাও হৈ পোৱা নাছিল ৷
আইতামাকক কথাটো কওঁতে সেই সময়ত চৌধ্য বছৰীয়া মধুলেখাৰ নিমজ দুগাল চকুপানীৰে তিতিছিল, অজানিতে ৷ আইতামাকে সহজ সুৰতেহ কৈছিল সেইদিনা
আগৰ জনমত তহঁতৰ কিবা আছিলেই ব !’
তাইৰ আইতামাকজনী অন্ধবিশ্বাসী নহয় ৷ অশিক্ষিতও নহয় ৷ মধুলেখাও জনা–বুজা বুলি নাম থকা ছোৱালী ৷ তথাপি কিয় জানো কথাবোৰে তাইৰ মন–মগজুত খুন্দিয়াবলৈ লৈছিল ৷ আইতাকৰ বাহিৰে আনক একো ভুকে পাবলৈ নিদিয়াকৈ ইমান বছৰে সেই কথাটো সামৰি–সুতৰি মধুলেখাই নিজকে এগৰাকী সুগৃহিণীৰ ৰূপত সজাইছে ৷ সংসাৰ কৰি সন্তানৰ মাতৃ হৈছে ৷ আন দহজনৰ বিপদত সহায় কৰিছে ৷ দুখৰ সাগৰত কক্বকাই থকা কিমানজনক যে প্রেৰণাদায়ক কথাৰে চম্ভালিবলৈ শিকিছে ৷ মধুলেখাৰ হিচাপ নাই ৷ এই বিশ বছৰত মধুলেখাই বুজি উঠিছে জৈৱিক তাড়নাৰ কথা৷ শৰীৰী আকর্ষণৰ কথা ৷ মৰম নোহোৱাকৈয়ো এটা শৰীৰ আন এটা শৰীৰত লিপিত খাহ থাকিব পৰা কামনাকো বুজিছে ৷ দেখিছে প্রেমৰ নামত জহন্নামে ! যোৱা দুই–এজনক ৷ প্রেমাস্পদৰ বিৰহত নিজকে শেষ কৰি দিয়া প্রেমিক–প্রেমিকাৰ কথাও বাতৰিত পাইছে ৷ নিজৰ স্বামীক নাইবা স্ত্রীক প্রতাৰণা কৰি আনৰ প্রেমত মছগুল হোৱা পুৰুষ–নাৰীকো চিনিছে ৷ নিজৰ অপকর্ম লুকুৱাবলৈ গৈ নিজহাতে কণমানি সন্তানক মাৰি পেলোৱা নাৰী–পুৰুষৰ বর্বৰতাত দুগাল তিয়াই কান্দিও পাইছে মধুলেখাই ৷ প্রেমত পৰি পৈতৃক ঘৰ–বাৰী এৰিব লগা হোৱা সন্তানৰ কথাও শুনিছে ৷ শুনিছে প্রেমৰ বাবে নিজৰ পিতা–মাতাকো ত্যাগ কৰিব পৰা সন্তান কিছুমানৰ প্রেমকাহিনী ৷ এই পৃথিৱীত যেন সকলো সম্ভৱ ৷ কিন্তু সম্ভৱ নহয় প্রেমৰ অবিহনে জীয়াই থকাটোহে ৷ সঁচানে বাৰ! নে এইবোৰ কথা কিতাপত পঢ়িবলৈহে সহজ ৷ হকে–বিহকে গিৰীয়েকৰ মাৰ খাই, ওৰে জীৱন কেটেৰা মাত শুনিও শিৰত সেন্দূৰ বোলাহ থকা পত্নীগৰাকীয়ে কেৱল প্রেমৰ বাবেই আজীৱন স্বামীৰ লগত থাকেনে আচলতে স্বামী বুলি ভজিবলৈ পত্নীগৰাকী কাৰোবাৰ সম্পত্তি নহয় ৷ সেইদৰে গিৰীয়েকৰ মৰমক নেওচা দি আন পুৰুষৰ দুবাহুত সুখ বিচৰা নাৰীকো মধুলেখাই নেদেখা নহয় ৷ ব্যক্তি স্বাধীনতাৰ গহনা লৈ নিজৰ সুখৰ বাবে আনক দুখ দিয়াটো মধুলেখাই পছন্দ নকৰে ৷ পাৰি জানো ইমান স্বার্থপৰ হব এজন পুৰুষ বা এগৰাকী নাৰী প্রকৃত অর্থতে পৰস্পৰৰ জীৱনসংগী হৈ পৰিলে কিমান যে ভাল লাগে ৷ আজিকালি সময় সলনি হল ৷ জৈৱিক তাড়না বা সংসাৰৰ ক্ষেত্রতো পুৰুষ–নাৰীৰ মাজতে সম্পর্কবোৰ সীমাবদ্ধ হৈ নাথাকিল ৷ পুৰুষৰ কেৱল উপার্জন চাহ আৰু নাৰীৰ মাথোঁ শৰীৰৰ সৌন্দর্য চাইহে অংক কৰাটো কেনেকুৱা কথানে ! মধুলেখাই নাজানে ৷ সকলো একে নহয় বাৰু ! ৰূপে–গুণে নিমিলা মানুহৰ সংসাৰো তাই দেখিছে ৷ দেখিছে দিনে–ৰাতিয়ে ইটোৱে সিটোৰ লগত কাজিয়া কৰি থাকিও সাতোটা সন্তানৰ মাক–বাপেক হোৱা দম্পতীকো ৷ আচৰিত নহয়নে বাৰু
এসময়ত অনির্বাণেও যে তাইৰ ৰূপৰ প্রশংসা কৰিছি ! এতিয়াওতো সি তাইৰ শৰীৰত বিচাৰি লয় সুখৰ ঠিকন ! তাইৰ যদি অনির্বাণক সুখী আৰু সন্তুষ্ট কৰিব পৰাকৈ একো নাথাকিল হয় অনির্বাণে তাইক এইদৰেই বাৰু মৰমেৰে বুৰাই ৰাখিলেহেঁতেন ! ইমান নিঃস্বার্থ প্রেমিক হয়নে সি প্রশ্ন জাগে মধুলেখাৰ মনত ! তাইৰ লগত পৰিচয় হোৱাৰ আগতে জিজ্ঞাসাৰ লগত অনির্বাণৰ প্রেমৰ সম্পর্ক আছিল ৷ কিন্তু বহুকেইটা অমিলৰ বাবে সিহঁতৰ সম্পর্কটো এবছৰমানতে শেষ হল ৷ এতিয়া কিন্তু জিজ্ঞাসাৰ কথা তাৰ হেনো কোনো কাৰণতে মনলৈ নাহে ৷ মধুলেখাই তাক কেতিয়াবা জোকাই কিছুমান প্রশ্ন কৰে ৷ নাই, অনির্বাণৰ কোনো লক্ষণীয় প্রতিক্রিয়া নাই ৷ বৰঞ্চ তাহৰহে সিহঁতৰ প্রেম সফল নোহোৱাত দুখ লাগে ৷ আচৰিত !
ইতিমধ্যে পুগু শোৱাৰ পৰা উঠিছিল ৷ তাক মুখ ধুৱাই খুৱাই বুৱাই খেলিবলৈ দি তাই দুপৰীয়াৰ ভাতসাঁজৰ যোগাৰত লাগিল ৷ অনির্বাণে খাই ভাল পোৱাকৈ ৰান্ধিবলৈ দৰকাৰ হোৱা বস্তুকেইপদ ফ্রীজৰ পৰা উলিয়াহ ললে ৷ সময়তে মাকৰ ঘৰত থকা তাইৰ ডাঙৰটো লৰা জিগুৰ ফোন আহিল ৷ কথা দুটামান পাতো বুলি ভাবোঁতেই পুগুৱে তাইৰ হাতৰ পৰা ফোনটো থপিয়াই নি ককায়েকৰ লগত আদি–ন্ত নোহোৱা কথাবোৰ পতাত লাগিল ৷ মধুলেখাৰ এনে সময়তে মনটো কিছু মুকলি লাগে ৷ জিগু আৰু পুগুৰ হটোলৈ সিটোৰ বৰ মৰম ৷ তাইহে ভাই–ভনী, ককাই–বাহৰ মৰম নাপালে ৷ মাক–দেউতাকৰ একমাত্র সন্তান হোৱাৰ দুখত তাই মাজে–সময়ে বিলাসী হয় ৷ দুখেৰেই বিলাস কৰিব জনা মধুলেখাৰ সপোনবোৰো যে অদ্ভুত ! পুগুক লগত লৈ ছাদত খোজ কাৰ অভ্যাস কৰা মধুলেখাৰ চৌহদৰ প্রকাণ্ড গেটখন খুলি ৰাস্তাহদি খোজ কাঢ়িবলৈ মন যায় ৷ আগতে মন গলে গাঁৱৰ ৰাস্তাত যেতিয়াই–তেতিয়াই খোজ কাৰ অভ্যাস আছিল তাইৰ ৷ মুখেৰে গানৰ কলিবোৰ গুণগুণাই জোনাক ৰাতি পথাৰৰ মাজৰ কবিৰ আলিয়েদি কিছুদূৰ খোজ কাঢ়িহে তাইৰ মন ভৰিছিল ৷ এতিয়াও যে তাইৰ এইদৰে হনহনাই খোজ কাঢ়িবলৈ ভীষণ মন যায় ৷ বোৱাৰীৰ মর্যাদা ৰাখিবলৈ গৈ এইদৰে খোজকাঢ়িবলৈ যোৱাটো এক অলীক সপোন ৷ অফিচ নথকা দিনত বাৰাণ্ডাৰ গ্রিলখন খুলিলেও শাহুৱেকৰ নানান প্রশ্ন ৷ এতিয়াতো তাইৰ অফিচ যোৱাটোও বন্ধ ৷ ঘৰৰ পৰাই অনলাইনযোগে কামবোৰ কৰে ৷ গতিকে তাই ওপৰৰ ছাদখনতে ফৰিং এটাৰ দৰে জঁপিয়াই ফুৰাৰ মন মেলে ৷ তাইক হেনো জিগু আৰু পুগুৰ খেলাৰ লগ এটাৰ দৰেহে লাগে ৷ আগৰে পৰাই সৰু লৰা–ছোৱালীবোৰে মধুলেখাৰ লগ সহজে নেৰে ৷ বয়সভেদে সকলোৰে লগত সহজে মিলি যাব পৰা গুণটোৰ বাবেই চাগৈ এনে হয় ৷ সেইজনী মধুলেখাই মন থাকিলেও নিজৰ শাহুৱেকৰ লগত সহজ হব নোৱাৰে ৷ পঢ়া–শুনা নাথাকিলেও স্বামীৰ অর্থ সম্পত্তিৰে মদগর্বী মানুহগৰাকীয়ে মধুলেখাৰ সৰল মনটোক সদায়েই যেন ইতিকিংহে কৰিবলৈ জানিলে ৷ তাতে সকলো কথাতে তেওঁৰ হস্তক্ষেপে সময়বোৰ কঠিন কৰি তুলিছিল ৷
গতিকে জোখৰ মাখৰ কথাকেইটাৰ বাহিৰে মধুলেখাই শাহুৱেকৰ লগত মন খুলি কোনো কথাই নাপাতে ৷ সকলো কথাৰে বিপৰীত অর্থ উলিয়াই লোৱাত তেওঁ দুখলগাকৈ পাকৈত ৷
গতিকে মাথোঁ কৰণীয় দায়িত্বখিনি পালন কৰিয়েই নিজক চম্ভালি লয় মধুলেখা আৰু অনির্বাণে ৷ পৰিস্থিতিৰ পাকত পৰি দুবছৰমান আগতে সিহঁতে চৰুহাডি বেলেগ কৰি লোৱাত মধুলেখাহঁতৰ জীৱনলৈ এতিয়া কিছু নিজস্বতাও আহিছে ৷ অনবৰতে ককায়েক ময়ূখৰ লগত মাক–দেউতাকে কৰি অহা তুলনাৰে অনির্বাণ মানসিকভাৱে বিধবস্ত হৈ পৰিছিল ৷ যিবোৰ কথাত প্রকৃতেই অনির্বাণৰো কোনো দোষ নাছিল ৷ গতিকে অনির্বাণেও এতিয়াহে যেন কিছু শান্তি পাইছে ৷ আচলতে সকলো কথাতে অনাহক হস্তক্ষেপে আৰু তুলনাই বিষবাষ্পহে বিয়পায় ৷ সন্তান আৰু অভিভাৱকৰ মাজতো কিছুমান বিষয়ত ব্যৱধান থকাটো জৰুৰী ৷ নহলে সংঘাত অহাটো স্বাভাৱিক ৷ কথাবোৰ সকলোৱে বুজি পোৱা হে !
জিগু আৰু পুগুৰ ফোনত চিঞৰি চিঞৰি পতা কথাকেহটা উফৰি আহি তাইৰ কাণতো পৰিছেহি ৷ ইচ্ছা কৰিলেও তাই এতিয়া মাকৰ লগত কথা পাতিবলৈ নোৱাৰে ৷ মানে পুগুৰ উৎপাতত সেয়া সম্ভৱ নহয় ৷ জিগুৰ লগত কথা পাতিবলৈ পালে পুগুক আৰু একো নালাগে ৷
উ! তুমি বাৰু কি খাই ভাল পাইছিলা গমেই নাপালোঁ জানা ৷
তাই তাক সুধিলে ৷
মোৰ যে সদায় ৰন্ধা ববা কৰোঁতেই সময়বোৰ যোৱা হৈছে ৷ অনির্বাণে যে যেনেকৈ তেনেকৈ নাখায় ৷
আজি মঙলবাৰ জানা ৷ তুমি থকা হলে বজাৰলৈ গলাহেঁতেন চাগৈ !
কথাকেইষাৰ মুকলিকৈ কৈ পেলালে তাই ৷
পুগু ফোনত ব্যস্ত৷ গতিকে সি শুনাৰ আশংকা নাই ৷
কিন্তু তাইৰ এইকেইটা বাক্যৰ প্রত্যুত্তৰ দিব পৰাকৈ সন্মুখত কোনো নাই ৷ তাইৰ আশে–পাশেও কোনো নাই ৷ তেনেহলে
মধুলেখা বলিয় !
মধুলেখা পাগল !
মধুলেখা দ্ব্যিচাৰিণ !
মধুলেখা অসত !
উপায় যে নাই ৷ মনটোক তাই বুজাব নোৱাৰে ৷ জাকি মাৰি উৰি অহা প্রেমিক চৰাইটিৰ বতাহছাটিৰ বাত বাউলি হৈ তাই বিননি জোৰে ৷ তাইৰ বিননি কোনেও নুশুনে ৷ পুগুৱে আহি মাকক কিবা এটা খাবলৈ দিবলৈ আব্দাৰ কৰে৷ তাই পাকৈত গৃহিণীৰ কায়দাৰে তাৰ হাতত তৎক্ষণাৎ সি ভালপোৱা খোৱাবস্তু এবিধ তুলি দিয়ে ৷ পুগু হাঁহিমুখেৰে আঁতৰি যায় ৷
পাকঘৰত সুস্বাদু খাদ্যসম্ভাৰৰ গোন্ধ বতাহত বিয়পে ৷ তাইৰহে ভোক নালাগে ৷ পুৱাৰ ফিকা চাহকাপেৰেই তাইৰ পেট ভৰি থাকে ৷
নোৱাৰোঁ জানা ৷ নিজক চম্ভালিব ৷ অনির্বাণৰ লগত আছোঁ, বিয়া হৈছেছা, একেখন বিছনাত শুহছেছা ৷ সন্তানৰ মাক হৈছে ৷ কিন্তু
মই কি কৰোঁ কোৱা৷ একোৱেই ভাল নালাগে ৷ থাকিব লাগে কাৰণেই জীয়াই আছে ৷ মানুহক দেখুৱাই নতুন কাপোৰ পিন্ধিছোঁ ৷ হাঁহিছে ৷ কিন্তু মোৰ একো নাহ ৷ মই নিঃস্ব অ অয়ন তোমাৰ অবিহনে ৷
তাইৰ হিঁকটিয়াই হিঁকটিয়াই কান্দে ৷
- মোৰ এই কান্দোন কোনেও নাজানে৷ স্কুলত পঢ়ি থকাৰ পৰা অতসোপা লৰাই মোক ভাল পায় বুলি কলে ৷ তুমি মোৰ লগত একো এটা কথা পাতি নাপালা ৷ প্রীতমৰ লগত মিলি শচী বাহদেউৰ ক্লাছত খিৰিকীৰে ছাতিৰ নালডাল সুমুৱাই দি ডিঙিত টানি কাৰ মূৰটো কৰিছিলা ৷ সেই পাঁচ বছৰ বয়সতে মোক জোকাইছিলা ! এতিয়া মই তোমাক শান্তি নিদিওঁ চাবাচোন ৷ মোৰোতো অধিকাৰ আছে ৷
তাইৰ চকুমুখ ৰঙা পৰিছিল ৷ চকুপানীখিনিও কৰাল বান্ধি শুকাইছিল ৷
অনির্বাণৰ ফোন আহিছিল তাইৰ ফোনত৷ পুগু আহি মাকৰ ওচৰ পাইছিল ৷
- প্রন আৰু বৰিয়লা মাছ অলপ লৈছোঁ দেহ ৷ খাম ৷ গৰমে গৰমে ভাজিবা ৷ আবেলি আৰু অফিচলৈ নাযাওঁ ৷ গৈ আছে ঘৰ ৷
অনির্বাণৰ এইবাৰ ফোনত আব্দাৰ ৷
অনির্বাণৰ ফোনটোৱে তাইক সচকিত কৰিলে ৷ তাই এতিয়া এগৰাকী ভাল পত্নী হব লাগিব ৷
অয়নক বিদায় দিব লাগিব আজিৰ কাৰণে ৷ পিছত সময় পালে কথাবোৰ কব ৷ তাইৰ কাৰণে কোনেও কষ্ট পাব নালাগে ৷ তাই কাকো নঠগে ৷ থকা দিনকেইটা অনির্বাণক তাই মৰমতে ৰাখিব ৷ তাৰ উগ্র খংটোৰ বাহিৰে সকলোখিনি ভাল ৷ হব পাৰে সি তাইৰ লগত সৰু সৰু কথাত হাঁহিব নাজানে ৷ তাইৰ দৰে পৰিস্থিতিৰ লগত সহাৱস্থান কৰিব নাজানে ৷ সৰু কথাতে চিন্তাত পাৰ নোপোৱা হয় ৷ তাইক হঠাতে গালি দিব পাৰে ৷ কিন্তু তাইক মৰমো যে কৰে ৷ সকলোৰে স্বকীয় সত্তা এটা থাকে ৷ থাকে এটা খোলা ৷ মন গলে সেই খোলাৰ পৰা ওলাই আহে ৷
- কামবোৰ কৰো দেই অনির্বাণ আহি আছে ৷ যতেই আছা ভালে থাকা ৷
অয়ন বতাহ এছাটি হোৱা বিশ বছৰ হল ৷ মোমায়েকৰ ঘৰলৈ বহাগ বিহুৰ বন্ধত ফুৰিবলৈ যোৱা সেহ ষোল্ল বছৰীয়া লৰাটোৰ গাৰ ওপৰেৰে ৰেলখন পাৰ হৈ যোৱা বিশ বছৰ হল ৷ তাই বাউলি হোৱাও বিশ বছৰ হল ৷ অয়নৰ মৃত্যুৰ দুদিন পিছতেই মধুলেখাৰ তাক অতি আপোন যেন লাগিছিল ৷ এক আকুলতাভৰা দুখত সকলো ক্ষেত্রতে তাই উদাসীন যেন হৈ পৰিছিল ৷ আচৰিত ! শৰীৰৰ আকর্ষণ নথকা এক আত্মীয়তাত অয়নৰ লগত নিজকে বান্ধ খুৱাইছিল তাই ! তাৰ মৃত্যুৰ আগলৈকে একো নাম নাছিল সিহঁতৰ সম্পর্ক ! সঁচাকৈয়ে একো নাছিল ৷ বিশেষ বন্ধুত্বও নাছিল ৷
কিন্তু এতিয়া বুকুৰ ভিতৰত অহৰহ বৈ থকা এখন নদীৰ দৰে মধুলেখাৰ এই অনুভৱ কিয় অতবছৰৰ পিছতো এতিয়াও যে বৈ আছে সেহখন নৈ ৷ নিৰৱি !
অপার্থি!
জীৱনৰ ভাললগা কথা বা বেয়ালগা মুহূর্ত কিছুমানৰ মাজতো যে বতাহছাটিৰ বা তাইৰ গাত লাগি থাকেহি ৷ যেন কোনোবা জনমৰ যাউতিযুগীয়া সম্পর্কহে এয়া ৷
মধুলেখা ব্যাকুল হয !
মধুলেখা এটি কাহিনীৰ নায়িকা হয় !
এটি কপাহকোমল কাহিনীৰ নায়িকা ! কোমল, আলসুৱা, মেঘৰ দৰে ভাহিফুৰা ৷
মধুলেখা প্রেয়সী হয় ৷ কথাইপতি জোনাক নমা প্রেম কাহিনীৰ প্রেয়সী ৷
বতাহছাটিয়ে মধুলেখাৰ টোপনি হৰে ৷
অনির্বাণৰ লগত হাঁহিমুখে সংসাৰ ধৰি থকা মধুলেখাৰ দিনলিপিৰ পৰা এইদৰেই এটা দিন সৰি পৰে ৷
মধুলেখাৰ গাত ফাগুনৰ বতাহ লাগে ৷
অনির্বাণৰ হাতৰ চৰটোৰ কথা মনত পৰিলেও কান্দিব নোৱাৰাকৈ মধুলেখা বাউলী হয় ৷
মধুলেখা জিলিকি ৰয়,
মধুলেখাৰ বুকুত গছ এজুপিয়ে ঠন ধৰি উঠে ৷ গা মন দেই পুৰি নিয়া উত্তাপত ছাঁ দিয়া গছ ৷
বাহিৰৰ কোনো কথাই তলাব নোৱাৰাকৈ মধুলেখাই সেই গছৰ ছাঁত জিৰণি লয় ৷ বতাহছাটি একেই থাকে ৷
মধুলেখা ভৰুণ হয়, আকূতিভৰা প্রেমময় প্রার্থনাৰে ৷
ফোনঃ ৭০৮৬৫-২১৩০৭
Comments are closed, but trackbacks and pingbacks are open.