হিমানী কলিতা
সন্ধিয়াটি মাতাল হৈ নমাৰ পৰতে শামুকৰ খোলা এটিত সোমাই পৰো মই ৷
দুৱাৰখন ঠেলি অনুজ নামৰ ধুমুহাজাক সোমাই অহা দেখিলে গ্রীষ্মৰ দিনতো ঠেৰেঙা লাগে মোৰ শৰীৰ ৷
কিন্তু আজি যে মই দৃপ্রতিজ্ঞ ধুমুহাজাকৰ লগত ফেৰ মাৰিবলৈ ৷
গাখীৰতে চাহপাত আৰু চেনি ঢালি কৰা ডাঠ চাহকাপ অনুজলৈ আগবঢ়াই দি মই ঘূৰিবলৈ লৈছিলোঁহে ৷
- ঐ কাৰ মূৰটো বনাইছা এয়া
প্রতিনিয়তৰ দৰে গৰম চাহকাপ মোলৈ দলিয়াই দিয়াত কাপটো আজিও মজিয়াত পৰি থনৰথনকৈ শব্দ এটা কৰি ভাঙি থাকিল ৷
অন্যদিনৰ দৰে কঁপা কঁপা হাতেৰে কাপটোৰ ভঙা অংশবোৰ উঠাবলৈ মহ তাত ৰৈ নাথাকিলোঁ ৷
শিলৰ চোলা এটি বহুদিনৰ পানীৰ বেজীৰে সিঁ সিঁ আজি পূর্ণ কৰি তুলিছেঁ ! তাকেই দেহত আঁৰি লৈ মই নিজৰ ৰুমত ব্যস্ত হৈ পৰিলোঁ কিছু প্রয়োজনীয় কামত ৷
- ঐ হাৰামীৰ জাত কাক হমান ভেম দেখাইছ হা
আলমাৰীটোৰ পৰা ভাঁজ কৰা কাপোৰবোৰ উলিয়াই থাকোঁতেই অনুজে মোৰ চুলিকোছাত থাপ মাৰি ধৰি বিছনাখনলৈ ঠেলা মাৰি দিলে ৷
মহ খিলখিলাই হাঁহি উঠিলোঁ ৷ ব্যতিক্রম আছিল মোৰ এই হাঁহি ৷
অনুজৰ আচৰিত দৃষ্টিত মোৰ যে আৰু জোৰকৈ হাঁহিবলৈ মন গ !
- চালি হাৰামী হাঁহিছ তই ! ৰ দেখুৱাই আছোঁ তোক আজি !
অন্যদিনৰ দৰে ভয়তে পেপুৱা লাগি ৰুমটোৰ পৰা পলাবলৈ নিবিচাৰিলোঁ মই ৷ বিছনাৰ পৰা উঠি এইবাৰ মেলা চুলিখিনি বান্ধি ধুনীয়াকৈ বহিহে ললেঁ ! এয়াও যে এক ব্যতিক্রম দৃশ্য আছিল অনুজৰ বাবে ৷
- মাৰ খাবলৈ একেবাৰে সাজু তেন্তে তই !
মই যেন আকৌ এবাৰ খিলখিলাই হাঁহি উঠিলোঁ ৷
সি বেচ্টডালেৰে অজস্র প্রহাৰ কৰি গল মোৰ দেহৰ প্রতিটো অংগে অংগে ৷
মহ এবাৰলৈ উহ্–আহ্ নকৰাকৈ নির্বিকাৰচিত্তে কেৱল বহি থাকিলোঁ ৷ মোৰ ওঁঠত তেতিয়াও ওলমিয়ে থাকিল হাঁহিৰ ৰেঙনি এটি ৷
এটা সময়ত সিহে ভাগৰি পৰিল ৷
মোৰ দেহৰ তেজ বিৰিঙি উঠা অংশবোৰ বৰকৈ বিষাই উঠিছিল ৷ কিন্তু মোক যে আজি সেই বিষে অলপো চুব পৰা নাছিল ৷ শিলৰ চোলাটো জানো মই এনেই পিন্ধি লৈছিলেঁ !
*****
স্কুলখনত এজাক কণ কণ লৰা–ছোৱালীৰ লগত মই খুব কম দিনতে একাত্ম হৈ পৰিলোঁ ৷
সিহঁতৰ নির্মল হাঁহিবোৰে যে মোৰ কলিজা শাঁত পেলায় ৷
মই যেন অনবৰতে সিহঁতৰ লগতে ব্যস্ত হৈ থাকিম ৷
স্কুলৰ শেষত সৰু ভাৰাৰুমটোলৈ ঘূৰি আহি মই ভীষণ অকলশৰীয়া অনুভৱ কৰোঁ ৷
অৱশ্যে ঘৰৰ মালিকনী বাইদেউৱে সন্ধিয়া অলপ সময়ৰ কাৰণে আহি মোক সংগ নিদিয়া নহয় ৷
সমীৰ আহিব খোজে কেতিয়াবা ৷
- নালাগে সমীৰ৷ অকলশৰীয়া নাৰীৰ ঘৰলৈ এনেকৈ পুৰুষ এজন আহি থাকিলে কথাবোৰ বৰ বেয়া দেি! তাতে মই ! এনেকৈয়ে থাকোঁচোন আি !
- ঠিক আছে তই যেনেকৈ সুখী হোৱা তেনেকৈ থাক ৷ মাত্র তই সুখী থাক অণু ৷
বেয়া লাগে সমীৰলৈ মোৰ৷ মই বুজেজা তাক ৷ মোৰ প্রতি কিমান ভালপোৱা বুকুত লৈ জীয়াই আছে সেয়া মই ভালকৈয়ে বুজোঁ ৷ কিন্তু কেতিয়াবা কিছুমান কথা বুজিও যে অবুজ হোৱাৰ ভাও ধৰিবলৈ বাধ্য আমিবোৰ ৷
তাৰ পৱিত্র প্রেমৰ মন্দিৰত উছর্গিত হবলৈ মোৰ দৰে এপাহ সৰাফুলৰ সিমানকণ সাহস আৰু যোগ্যতা যে অলপো নাই ৷ তাতে আকৌ বয়সতো সি মোতকৈ সৰু ! সেয়া তাক বুজাবলৈও মই অপৰাগ ৷
সেহবাবেই দূৰে দূৰে থাকিব খোজোঁ তাৰ পৰা ৷
সি লগ কৰিব খুজিলেও মোৰ যে বহুত অজুহাত ৷
- ঘৰত মোৰ বিয়াৰ কথা ওলাইছে অণু !
- ৱাও বৰ ভাল কথা দেখোন সমীৰ! পাত আকৌ বিয়! বয়স ৰৈ নাথাকে নহয !
সুখী হোৱাৰ হাঁহি এটি ওঁঠত ফুটাব খুজিও ব্যর্থ হৈ পৰোঁ মই ৷ সেমেকি উঠে দুচকু মোৰ কিবা এক হেৰুওৱাৰ দুখত ৷
ফোনৰ সিপাৰে সমীৰৰ হুমুনিয়াইৰ শব্দ ভালকৈয়ে শুনো মই ৷ লগে লগে ফোনৰ সংযোগ কাটি দিওঁ ৷
দূৰে দূৰে থাকিও আজি এটা বছৰে দেখোন সমীৰ মোৰ কাষে কাষেই আছিল ৷
অনুজৰ অত্যাচাৰৰ বেহু ভাঙি ওলাই অহাৰ সাহসকণটো সিয়েহতো বুকুত সজাই তুলিছিল ৷ তাৰ সাহসতেইতো শিলৰ চোলা এটা নিজ হাতে সজাই পিন্ধিবলৈ অণুপ্রেৰণা পাইছিলোঁ মই ৷
শৈশৱত একেলগে উমলি–জামলি ডাঙৰ হৈছিলোঁ সমীৰ আৰু মই ৷ একেটা চুবুৰিৰে আছিলোঁ আমি ৷ মোতকৈ দুবছৰে সৰু আছিল সি ৷ মোৰ ভণ্টিৰ লগত একেলগে পঢ়িছিল যদিও তাৰ বন্ধুত্ব যেন মোৰ লগতহে বেছি আছিল ৷ দেখিবলৈ একে সমনীয়াৰ দৰে আছিলো বাবেই নেকি সিও মোক নাম কাঢ়িহে মাতিছিল ৷ তাক দেখি দেখি মোৰ ভণ্টিয়েও মোক বা বুলিবলৈ এৰি নাম ধৰিয়ে মাতিবলৈ লৈছিল ৷
ভণ্টিৰ লগত খেলাতকৈ সি মোৰ লগত খেলিবহে ভাল পাইছিল৷ স্কুললৈ যোৱাৰ পৰতো সি মোৰ লগতহে গৈ ভাল পাইছিল ৷ ময়ো ভণ্টিৰ দৰে তাকো খুব মৰম কৰিছিলোঁ ৷
সৰুতে দৰা–কইনাৰ খেল খেলোঁতে তাক যদি কওঁ
তই আৰু ভণ্টি দৰা–কইনা ই, মই কইনাৰ মা হম
সি তেতিয়া চিঞৰি উঠে
নহব নহব মোৰ কহনা তই হব লাগিব, নহলে মই নেখেলো
মই আৰু ভণ্টিয়ে সি নেখেলিব বুলিয়ে তাৰ জিদ মানি লৈ সদায় তাৰ কইনা হবলৈ বাধ্য হৈ পৰিছিলোঁ ৷
ডাঙৰ হলে কিন্তু তই মোৰ সঁচা কইনা হব লাগিব
খেলি থাকোঁতে প্রায়ে কোৱা কথা আছিল সেইটো তা ! ভণ্টি আৰু মই তাৰ কথাত ৰস পাই হাঁহিছিলোহে কেৱ ! সেই তেতিয়াৰ পৰাই যে সি সপোন এটা চকুত সজাই লৈছিল মই সেয়া কল্পনাও কৰিব পৰা নাছিলেঁ !
সময়বোৰ আমাৰ তেনেকৈয়ে পাৰ হৈ গৈছিল ৷
স্কুলীয়া জীৱন শেষ কৰি আমি আটাইবোৰে কলেজীয়া জীৱনত সোমাই পৰিছিলোঁ ৷ ভণ্টি আৰু সমীৰ সেইবেলি উচ্চতৰ মাধ্যমিকত খুব সুন্দৰ ফলাফলেৰে পাছ কৰিছিল ৷ মই তেতিয়া ডিগ্রীৰ শেষ বর্ষত পঢ়ি আছিলোঁ ৷
সমীৰক তাৰ ঘৰৰ মানুহে অসমৰ বাহিৰলৈ পঢ়িবলৈ পঠিওৱাৰ যো–জা কৰাত ব্যস্ত হৈ পৰিছিল ৷ সি অসমৰ বাহিৰলৈ যোৱাৰ এসপ্তাহমান আগতে এদিন মোৰ কলেজত গৈ হঠাৎ মোক আচৰিত কৰি কৈছিল
- তোক এৰি অসমৰ বাহিৰত গৈ পঢ়িবলৈ মোৰ একেবাৰে মন নাই অ অণু !
- পাগল নেকি তই যি তি কথাবোৰ কৱ যে মোক এৰি যাবলৈ আকৌ তোৰ কিহৰ দুখ ! মই কিবা তোৰ গার্লফ্রেণ্ড নেকি বহুত সময় সি মৌন হৈ আছিল৷ তাৰ পিছত কৈছিল
- সৰুতে খেলত মোৰ কহনা হোৱাৰ দৰে বাস্তৱ জীৱনতো তইয়েতো মোৰ কইনা হব লাগিব ৷ কাৰণ মই যে তোক বহুত ভাল পাওঁ অণু ৷ মোৰ ভয় হয় মহ পঢ়িবলৈ গুচি গলেই যদি তই মোক
মই তাৰ কথা শুনি খন্তেকলৈ স্তব্ধ হৈ পৰিছিলোঁ ৷ কাৰণ মই কেতিয়াও ভবা নাছিলো মোতকৈ সৰু লৰাটোৱে মোক লৈ তেনেকুৱা অনুভৱ বুকুত বান্ধি ৰাখিছে বুলি৷ খং উঠিছিল তালৈ বহুত ৷ সৰুৰ পৰাই ইমান বন্ধুত্ব আমাৰ ! এই বন্ধুত্বক অপমান কৰি কেনেকৈ সি প্রেম–ভালপোৱাৰ কথা কব পাৰিলে
- কেনেকৈ তই মোক তেনেকৈ ভাবিব পাৰিলি সমীৰ ৷
মইতো তোক কেতিয়াও তেনে দৃষ্টিৰে চাব নোৱাৰোঁ ৷ তই মোৰ বন্ধুত্ব হৈ আছ বন্ধু হৈয়ে থাক না ৷ কিয় মিছাতে এই প্রেম–চেমৰ সম্পর্কৰে বান্ধি ইমান ধুনীয়া বন্ধুত্বৰ এনাজৰীডাল নিঃশেষ কৰিব খুজিছ ! আৰু তোতকৈ মই দুবছৰে ডাঙৰ বুলি পাহৰিলি নেকি
শুন সমীৰ আজিৰ পৰা যেন তোৰ মুখত এনেকুৱা কথা আৰু কেতিয়াও নুশুনো মই সেয়া মনত ৰাখিবি ৷
কথাখিনি কৈ তাৰ কাষত অলপো ৰোৱা নাছিলোঁ সেহদিনা৷ ঘৰলৈ আহি সেহদিনা বহুত কান্দিছিলোঁ ৷
ভণ্টিয়ে বাৰে বাৰে সুধিছিল মোক
বা কি হৈছে তোৰ
মই নীৰৱ আছিলেঁ !
মোৰ পৰা সেই উত্তৰ পাই সি ভাগি পৰিছিল আৰু কিছুদিন পিছতেই পঢ়িবলৈ গুচি গৈছিল অসমৰ বাহিৰলৈ ৷ যোৱাৰ দিনাখন মোক এষাৰ মাতো লগাই থৈ যোৱা নাছিল সি ৷
পিছত যেতিয়া মই গম পাইছিলো তালৈ এক নামহীন অভিমান জাগিছিল ৷ বন্ধুত্বৰ খাতিৰতেতো এবাৰ মোক জনাব লাগিছিল সি ৷
তথাপি সুখী হৈছিলোঁ তাৰ বাবে ৷ ভাল হওক তাৰ মনেৰে প্রার্থনা কৰিছিলো ভগৱানৰ ওচৰত ৷
তাৰ অনুপস্থিতিত মোৰ জীৱনলৈ অনুজ আহিছিল ৷ বান্ধৱী এজনীৰ ককায়েকৰ বিয়াত লগ পাইছিলোঁ অনুজক৷ দেখাই–শুনাই সুদর্শন যুৱক অনুজক দেখি বিয়াঘৰৰ সকলো যুৱতীৰে হিয়াত শিহৰণ জাগিছিল ৷
ভাল লাগিছিল প্রথম দর্শনতে মোৰো ৷
সকলোকে চেৰ পেলাই অনুজৰ চকুতো মইহে পৰিছিলোঁ ৷
সেয়াই আৰম্ভণি ৷
প্রেম হৈছিল আমাৰ ৷ ঘৰত কথাটো গম পাই হাহাকাৰ লগাই দিছিল দেউতাই ৷ বামুণৰ ছোৱালী হৈ শূদিৰৰ লৰাৰ লগত প্রে !
অসম্ভৱ আছিল আমাৰ মিলন ৷ ডিগ্রী পাছ কৰিছিলোঁ তেতিয়া ৷ দেউতাই তলে তলে মোৰ বিয়াৰ বাবে দৰাৰ অনুসন্ধানত নামিছিল ৷ ভয় লাগিছিল অনুজক হেৰুৱাই পেলাব লাগিব বুলি ৷ সেয়ে মনে মনে এদিন অনুজৰ লগত পলাই গুচি অহাৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ ৷
নিজৰ ঘৰখনৰ লগত সকলো সম্পর্ক শেষ হৈছিল মোৰ ৷ দেউতাই মোক মৃত ঘোষণা কৰিছিল ৷
ভাবিছিলো অনুজৰ লগত সুখৰ সংসাৰ এখন গঢ়িম ৷
কিন্তু বহু দেৰিকৈ বুজি উঠিছিলোঁ নিজৰ পিতৃ–মাতৃৰ মনত আঘাত দি কোনো সন্তানেই যে সুখত থাকিব নোৱাৰে ৷
****
অনুজ গুৱাহাটীৰ এটা বেচৰকাৰী প্রতিষ্ঠানত কর্মৰত আছিল ৷ সেই সূত্রে আমাৰ সংসাৰখন গুৱাহাটীৰ ভাৰাৰুম এটাতে আৰম্ভ হৈছিল ৷ মা–দেউতাক হেৰুওৱাৰ দুখটো অনুজৰ মৰমত পাহৰি থাকিবলৈ চেষ্টা কৰিছিলোঁ প্রায়ে ৷ তথাপি অনুজ নথকা সময়খিনিত খুব মনত পৰিছিল ওপজা ঘৰখনলৈ ৷
লাহে লাহে সুখৰ ৰংবোৰে মোক ভেঙুচালি কৰিবলৈ ধৰিছিল ৷
বিয়াৰ প্রায় কিছুবছৰৰ পিছৰ পৰাই মই মুখামুখি হৈছিলো অন্য এজন অনুজৰ লগত ৷ মদ খাবলৈ আৰম্ভ কৰিছিল সি ৷ সৰু সৰু কথাতে সি মোৰ গাত হাত উঠাবলৈ আৰম্ভ কৰিছিল ৷ মোৰ সপোনৰ সৌধটো লাহে লাহে যেন ধবংসৰ মুখে আগবাঢ়িব ধৰিছিল ৷
লাহে লাহে বুজি উঠিছিলোঁ অনুজে প্রকৃতার্থত মোক ভালপোৱাই নাছিল ৷ মোৰ শৰীৰটোৰ লোভতহে সি মোক নিজৰ কৰি লৈছিল ৷
মোৰ বাহিৰেও যে ঘৰৰ বাহিৰত তাৰ অলেখ নাৰীৰ লগত সম্পর্ক ৷ পিছলৈ তাৰ প্রকৃত মুখাখন মোৰ ওচৰত সুলকি পৰাৰ পিছত লাহে লাহে ঘিণ উপজিছিল তাৰ ওপৰত৷ তাৰ সতে একেলগে থকাটো যেন মোৰ অসম্ভৱ হৈ আহিছিল ৷ কিন্তু তাক এৰি মই যামেই বা কলৈ ঘৰৰ মানুহৰ বাবেওতো মই মৃত !
চিন্তাত পৰিছিলে! ভাবি ভাবি একো উৱাদিহ নোপোৱা হৈছিলেঁ !
ঠিক তেতিয়াই আচৰিতভাৱে এদিন মোৰ সন্মুখত উপস্থিত হৈছিল সমীৰ ৷ কত কেনেকৈ মোৰ ঠিকনা সি পাইছিল মই জনা নাছিলোঁ ৷
বহু বছৰৰ মূৰত আপোন কোনোবাজনক দেখি মই মোৰ আৱেগক ৰুধিব পৰা নাছিলোঁ ৷ হুকহুকাই কান্দি উঠিছিলোঁ তাৰ সন্মুখত ৷
মোৰ শেঁতা পৰা দুচকু, কলা পৰি যোৱা মোৰ শৰীৰে যে তাক সকলো কথাই কৈ দিছিল সিদিন!
দেখিছিল সি মোৰ হাতত, মোৰ ডিঙিত, ব্লাউজৰ ওপৰেৰে উন্মুক্ত হৈ থকা মোৰ পিঠিৰ ৰঙা কলা দাগবোৰ !
সেইদিনা ৰাতিয়ে ফোন কৰিছিল মোক সি
- ওলাই আহ তই সেই অত্যাচাৰৰ বেহু ভাঙি ৷ তোৰ বাবে মই কিবা এটা বন্দোৱস্ত কৰিছোঁ ৷
এৰা সি জনাইছিল মোক স্কুলখনৰ কথা ! স্কুলখনৰ স্বত্বাধিকাৰীজন হেনো তাৰ কলেজীয়া বন্ধু ৷
অনুজৰ বেহু ভাঙি ওলাই যোৱা পথৰ সন্ধান পাই মই বিৰাট সকাহ অনুভৱ কৰিছিলোঁ ৷
মনে মনে হাজাৰবাৰ ধন্যবাদ দিছিলোঁ নেদেখাজনৰ লগতে সমীৰকে!
আৰু এদিন মাতাল স্বামীক পৰিত্যাগ কৰি ওলাই আহিছিলোঁ সমীৰে দেখুওৱা পোহৰৰ পথটোৰে, আকৌ এবাৰ নকৈ নিজক গঢ়াৰ মানসেৰে ৷
*****
স্কুলৰ পৰা আহি ঘৰ সোমোৱাৰ ঠিক এঘণ্টামান পিছতে কলিংবেলটো বাজি উঠি !
দুৱাৰখন খুলিয়ে সন্মুখত ভণ্টিক দেখি অবাক হৈ পৰিলো মই ! তাইৰ পিছতেই মুখত এমোকোৰা হাঁহি লৈ থিয় হৈ আছে সমীৰ ৷ তাই মোক দেখিয়ে আহি সাবটি ধৰি কান্দিব ধৰিলে ৷
ময়ো তাইক আঁকোৱালি ধৰি উচুপি উঠিলোঁ ৷
- তহঁত দুজনীয়ে এতিয়া দুৱাৰমুখতে কন্দা কটা কৰি থাকিবিনে ভিতৰলৈকো সোমাবি
সমীৰৰ মৰমৰ ধমকিটো পাই দুয়োজনী ডিঙিত ধৰাধৰিকৈয়ে আহি ভিতৰ সোমালোঁ ৷
- তই সেই বদমাচটোৰ পাল্লাত পৰি কিয় নিজৰ জীৱনটো ধবংস কৰি পেলালি অণু তই জাননে তই তেনেকৈ গুচি অহাৰ পিছত মা–দেউতাৰ কি অৱস্থা হৈছে! মইহে জানো অকলে অকলে কেনেকৈ মই সিহঁত দুটাক চম্ভালিছেঁ!
বহুত কিবাকিবি কৈছিল ভণ্টিয়ে ! বহুদিনীয়া খংবোৰ উজাৰি দিছিল তাই! অনুজক শাওপাত দিছিল তাই মোক তেনেকৈ ঘৰখনৰ পৰা আঁতৰাই আনি ইমান অমানুষিক অত্যাচাৰৰ কৰা বােৰ ! অৱশেষত ভগৱানক ধন্যবাদো দিছিল সমীৰক মোৰ ওচৰলৈ পঠিয়াই মোক উদ্ধাৰ কৰি অনাৰ বাবে ৷
- তই আজিয়ে ঘৰলৈ ব! মা–দেউতাই ঘৰত তোলৈ বাট চাই আছে ৷ তোৰ দুখৰ কথাবোৰে মা–দেউতাকো বৰ আঘাত দিছে বৰ ! সিহঁতে তোক আজিয়ে ঘৰলৈ লৈ যোৱাৰ কথা কৈছে !
- মই কলৈকো নাযাওঁ ৷ মইতো তহঁতৰ বাবে মৃত!
অভিমানত মুখখন ফুলি উঠিছিল মো !
কিয় কিয় ইমান পলমকৈ মোৰ খবৰ ললে সিহঁতে! যদি এহ কেই বছৰতে অনুজৰ অত্যাচাৰত নিঃশেষ হৈ গলোঁহেঁতেন মই তেতিয়া
আঁকোৰগোজ হৈ পৰিলেঁ! নাযাওঁ ঘৰলৈ ঘূি! এতিয়া এইখনেই মোৰ ঘ! এয়াই মোৰ জীৱন ৷
- এইবাৰ তোৰ বিয়া বৰ ধুমধামেৰে পাতিম বুলি ভাবি থকা মা–দেউতাৰ শেষ আশাকণ তই এইবাৰো পূর্ণ হব নিদিয় নেকি অণু
- বিয়া মোৰ
মোৰ চকুত বিস্ময!
- উম! তোৰ আৰু সমীৰৰ! সৰুতে খেলা সেই দৰা–কইনাৰ বিয়াখনক এইবাৰ বাস্তৱত খুব ধুমধামকৈ পাতিব খুজিছোঁ অ আমি সকলো ! তোক নাপালে সমীৰে যে চিৰজীৱন বৰলা ভাত খোৱাৰ সংকল্প লৈছে সেয়া জান জানো তই গতিকে উপায়হীন !
মনে মনে আঁৰ চকুৰে সমীৰলৈ চালেঁ ! আকুলতাৰে মোলৈকে চাই আছেহি !
উফ্ এতিয়াও ইমান ভালপোৱা এই দুচকুত ! পাৰিনে পাৰিনে অপেক্ষাত আকুল এই প্রেমময় হূদয়খনক আকৌ এবাৰ হেৰোৱাৰ যন্ত্রণাত ছটফটাবলৈ এৰি দিব
অনুজৰ বিশ্বাসঘাতকতাই ক্রমাৎ শিলাময় কৰি তোলা বুকুখনত আজি যেন আকৌ নতুনকৈ অনুভৱ কৰিলোঁ কিবা এক মিঠা মিঠা বেদন! হয়তো এয়াই আৰম্ভণি হব সমীৰৰ হাতত হাত থৈ এন্ধাৰৰ পৰা পোহৰলৈ মোৰ এক নতুন যাত্রা !