বুদ্ধং শৰণং গচ্ছামি

গায়ত্রী দেৱী বৰঠাকুৰ

প্রতিটো দুখেই শিকাই এক পাঠ আৰু প্রতিটো পাঠেই সলনি কৰে একো একোজন মানুহক

কিছুমান কথাত ভীষণ স্বার্থপৰ হবলৈ মন যায় দেৱযানীৰ ৷ কিয় বাৰু তেনেকুৱা হয় তাইৰ লগতেই স্বার্থপৰ হব তাই ! আগৰ সেই সহজ–সৰল দেৱযানীজনীক গোপনে মাৰি তাই গঢ়িব এজনী নতুন দেৱযানীক ! বহুবাৰ চেষ্টা কৰিছে তাই ৷ কিন্তু বাৰে বাৰেই পৰাজয় স্বীকাৰ কৰিব লগা হয় তাই ৷ হাৰি যায় তাই ৷ কিন্তু তাইৰ জীৱনৰ এটা বিশেষ ঘটনাৰ পিছত তাই সিদ্ধান্ত লৈছে, মই আৰু ঘূৰি নাচাওঁ ৷ উভতি নাচাওঁ আৰু মই অতীতক ৷

উজাই আহিব খোজা শোকটোক কোনোমতে হেঁচি এটা কঠোৰ সিদ্ধান্ত লবলৈ আগবাঢ়িছে, আজিৰ এইজনী দেৱযানীয়ে ৷

সেই যে বুদ্ধই এদিন সকলো মায়া ত্যাগ কৰি গুচি গৈছিল , সংসাৰ–স্বামী , পুত্রৰ মায়া ত্যাগ কৰি দেৱযানী যাব পাৰিবনে বাৰু তেনেদৰেই পাৰিবনে তাই মায়া–মোহ সকলো সামৰি বসুমতীত আশ্রয় লব এই সকলো এৰি যাব পাৰিবনে তাই সৰুতে যেতিয়া বহু কাহিনীৰ মাজত আইতাকে  তাইক বুদ্ধৰ কাহিনীবোৰ কৈছিলে, কিবা এক অচিন ভাৱত বুৰ গৈছিল তাই ৷ তাইৰ শিশু মনটিক গভীৰভাৱে ৰেখাপাত কৰিছিল বুদ্ধৰ কাহিনীবোৰে ৷ ঘৰ এৰি যোৱা, সংসাৰ ত্যাগ কৰা, জৰা–ব্যাধি এইবোৰ কি কি এইবোৰ তাইৰ শিশু মনটিয়ে হাজাৰটা প্রশ্ন কৰিছিল আইতাকক ৷ উত্তৰ দি দি ভাগৰি এটা সময়ত আইতাকে তাইক কৈছিলে, আই অ, সময়ত সকলো বুজিবি অ ৷ সকলো ৷ সময় বৰ শক্তিশালী অ আই, সময় বৰ ডাঙৰ বস্তু অ আই ! তাই প্রশ্ন কৰিছিল পুনৰ, কিমান শক্তিশালী আই কিমান ডাঙৰ বস্তু আহ তাই  মনে মনে হিচাপ কৰি চাইছিল কিমান ডাঙৰ বস্তু হব পাৰে এই সময়, কিমান শক্তিশালী হব পাৰে এই সময় ৷

দেৱযানীয়ে কৰবাত পৰিছিল, তুমি যদি যন্ত্রণা ভোগ কৰিছা, তেন্তে ঈশ্বৰক ধন্যবাদ দিয়া, তুমি যে জীয়াই  আছা তাৰ প্রমাণ হল তোমাৰ যন্ত্রণা !  সঁচাই যন্ত্রণা মানেই জীৱন নেকি বুদ্ধৰ কাহিনী কোৱা আই এদিন হেৰাই গল নিজে এক কাহিনী হৈ ৰল, দেৱযানী অকলশৰীয়া হৈ ৰল ৷ আইৰ আঁচলত ধৰি থিয়দঙা দিয়া দেৱযানীৰ বাবে আইতাকেই আছিল সকলো৷ তাইৰ এমুঠি সৰিয়হ বিচাৰি যাবলৈ মন গল ৷ কাৰ ঘৰত বিচাৰি যাব তাই যদু খুৰাৰ ঘৰত, যাৰ ঘৰত মাত্র কেইমাহমান আগতে কান্দোনৰ ৰোল উঠিছিল একমাত্র পুতেকক হেৰুৱাই ! নে দময়ন্তী পেহীৰ ওচৰত যি সৌ সিদিনা নিজ হাতে গংগাত বিসর্জন দি আহিছে জীয়েক নীতিৰ অস্থি কাৰ ঘৰত বিচাৰি যাব তাই কোন ঘৰ মানুহে কব পাৰিব, আই লোৱা, লোৱা তোমাৰ বাবেই থৈ দিয়া এমুঠি সৰিয়হ আই লোৱা ৷

মাথোঁ চকুৰ পানীৰে ভৰি পৰে তাইৰ প্রাংগণ ৷

এদিন আইতাকেই শিকাইছিল তাইক, মিছাৰ আশ্রয় নলবি আই, মিছাৰ জোলোঙা ফালি এদিন সঁচাই ৰদৰ গান গায় ৷ ৰদৰ গান কেনেকুৱা হব পাৰে এই ৰদৰ গান ৰদে গান গালে বাৰু কিমান ডাঙৰ শব্দ হব সেই শব্দত তল পৰিব নেকি তাইৰ এধানি কলিজাৰ ধপ্ধপনি সেই কথা তাই আইতাকক সুধিম বুলিও নুসুধিলে আৰু সোধাও নহল কোনোদিনেই কিন্তু, এতিয়াচোন মিছাৰ আশ্রয় লৈয়েই জীয়াই আছে তাই ৷ তাইৰ বাহিৰৰ প্রলেপ গুচাই যদি ৰদে সঁচাকৈ গান গায়, কি হব তাইৰ অৱস্থা ভাঙি চূৰমাৰ হবচোন তাই ! লগতে আইৰ সেই বিশ্বাসৰ কি হব আইতাকৰ সেই বিশ্বাসৰ আঁৰত লুকাই থকা জীৱন গঢ়াৰ পাঠবোৰেচোন বৰকৈ হাঁহিব তাইক!! কিয়, কিয় নুসুধিলি তই আইক, ৰদে গান গালে কিমান ডাঙৰ শব্দ হব পাৰে কিয় আগতেই তাৰ উমান নললি তাই পলায় আৰু পলায় ৷ কিন্তু কাৰ পৰা পলাব তাই তাই যে দেৱযানী তাই কাৰোবাৰ এসময়ৰ পত্নী কাৰোবাৰ এসময়ৰ মাতৃ ৷ অতীজৰ সেই গাথাৰ দৰেই তাইৰো জীৱনী ৷

এসময়ত দেৱযানীয়ে নিজৰ গর্ভত কঢ়িয়াইছিল যযাতিৰ বীজ ৷ সেই সময়লৈকে যযাতি কেৱল দেৱযানীৰেই আছিল ৷ কেৱল আৰু কেৱল দেৱযানীৰ ৷ দেৱযানী এই নামটো কোনে দিছিল বাৰু তাহক আইতাকেই  কাৰোবাৰ ওচৰত গণনা কৰোৱাই নিশ্চয় বহুত নামৰ ভিতৰত দ আখৰেৰে আখ্যান–আখ্যান লগা  নামটি তাইৰ বাবে বাছি উলিয়াইছিল ৷ এদিন তায়ো প্রসৱিনী ই! তাইৰ উদৰতো থিতাপি লব মানৱ কুলৰ শ্রেষ্ঠ সন্তাে ! এক নতুন ইতিহাস লিখিবলে ৷ কিন্তু আইতাকে হয়তো পাহৰি গৈছিল যে যত দেৱযানী থাকিব তাত লাগিব পুৰু আৰু যযাতি যৌৱনে ! কিয় বাৰু মিলি গল তাইৰ নামৰ লগত তাইৰ জীৱন আৰু জীৱনৰ সকলো

সেই তথাগতৰ প্রতি আকৃষ্ট হোৱাৰ দিন ধৰি দেৱযানীয়ে নিজৰ মনটোকো কৰিছিল হাজাৰটা প্রশ্ন ৷ কিয় ভাল পায় মানুহে জীৱনক ইমান গভীৰভাৱে যাৰ বাবে পান কৰি থাকিব পাৰে হলাহলো, নীৰৱে, সন্তর্পণে বেলেগৰ কথা তাই নাজানে ৷ কিন্তু তাইৰ জীৱনটোচোন আজি হলাহলসদৃশেই হৈ পৰিছে ৷ পান কৰিব পাৰিবনে তাই এই কলাহল সৃষ্টি হৈছে সংসাৰ ত্যাগৰ   দৰে এক সম্ভাৱনাৰো কিয় এৰি যাব পৰা নাই তেন্তে তাই হেলাৰঙে আজি তাই উপলব্ধি কৰিব পাৰিছে একমাত্র পুত্র সন্তান আৰু পত্নীৰ মোহ এৰি বুদ্ধ হোৱাটো  কিমান যে কঠি ! কিমান কষ্ট হৈছিল চাগে ৰজা শুদ্ধোধনৰ সেই পুত্রৰ কি কৰি আছিল বাৰু ৰাহুলে যেতিয়া ওলাই গৈছিল বুদ্ধত্বৰ সন্ধানত শুই আছিল নে ভাও ধৰি আছিল শোৱাৰ নে বুজি পাহছিল দেউতাকৰ এই মনোদ্বন্দ্বৰ ৷ ৰাহুলে বাৰু সোধা নাছিল নে মাকক, আই, কেতিয়া আহিব পিতৃদেৱ, কওকচোন আই, কেতিয়া বহিব পাৰিম মহ তেখেতৰ কোলাত  কি বা উত্তৰ দিব তাইৰ গৌতমে তাইৰ ৰাহুলক গৌতমে চাগে কব, ৰাহুল, ময়ে তোমাৰ সকলো ৷ তোমাৰ মা, তোমাৰ মা এজনী নষ্ট চৰিত্রৰ তিৰোতা আছিল ৷ নষ্ট চৰিত্রৰ ৷ নাম নলবা, নাম নলবা মাৰ ৷  যি তোমাক এৰি যাব পাৰে মাত্র এটা সৰু ভুলৰ বাবে !

এটা সৰু ভুলৰ বাবে মাকে এৰি থৈ যোৱা বুলি ভাবি ডাঙৰ হব ৰাহুল৷ আইতাকৰ পৰা বাৰু সিও শুনিবনে বুদ্ধৰ কাহিনীবোৰ সি কান্দিব নে কপিলাবস্তুৰ ৰাজহাঁহটিৰ দুখত ৷ যিদৰে এদিন তাৰ মাকে কান্দিছিল৷ দুখত ম্রিয়মাণ হব নে তাৰ হিয়া হঠাতে মাকলৈ মনত পৰি উজাই আহিবনে তাৰ এটি তেজীমলা – তেজীমলা শোক, চকুলোৱে বাট লব নে পাৰভাঙি সাগৰলৈ নে সিও পৰিৱর্তিত হব ৰাহুলৰ পৰা গৌতমলৈ ভাবি চাবনে সি জৰা, মৃত্যু, ব্যাধিৰ কথা ! কি বুজিব চাগে এইবোৰ ৰাহুলে আজিৰ লৰা তাইৰ ৰাহু ! কি দৰকাৰ তাৰ কোন গৌতম, কোন গৌতমী নাইবা কোন পুৰু, কোন যযাতি অথবা কোন আছিল শর্মিষ্ঠা আৰু দেৱযানী কেনে আছিল দেৱযানী আৰু শর্মিষ্ঠাৰ মাজৰ সম্বন্ধৰ ভূগোল কোনডাল সৰল নে বক্রৰেখাৰ কোনকেহটা বিন্দু আছিল এই সকলো কেৱল বিশেষ কেহটামান চৰিত্রই  নে আন কিবা প্রভাৱো আছে আজিৰ এই সমাজত, জীৱনত এইসকলৰ

বুদ্ধৰ প্রতি আকর্ষিত হৈয়ে এদিন দেৱযানীয়ে জীৱনসংগী ৰূপে বাছি লৈছিল হৰমোহন গোস্বামী আৰু ৰূপমতী গোস্বামীৰ পুত্র গৌতমক ৷ গৌতম গোস্বামীক ৷ তাইৰ বাবে সেই তাহানিৰ গৌতমৰ আজিৰ সংস্ক্ৰণ আছিল গৌতম গোস্বামী ৷ পিতপিতকৈ বিচাৰিছিল তাই সেই গৌতমক এহ গৌতমৰ মাজত ৷ মানসিক ৰোগীৰ দৰে তাই কল্পনা কৰিছিলে এদিন গৌতমে সংসাৰৰ মায়া এৰি গুচি যাব, তাইক এৰি তাহাঁতৰ ৰাহুলক এৰি ৷ কি কৰিব তাই অকলে অকলে কি কৰিছিল চাগে যশোধৰাই কেনেকৈ লুকুৱাইছিল নিজকে আনৰ পৰা পলাইছিলনে তেওঁ চাগে কেনেকৈ বুজাব বাৰু তাই ৰাহুলক কিয় গুচি গল গৌতম কিয় এৰি গল তাইক আৰু তাহাঁতৰ অনাগত দিনবোৰক

সঁচাই, দেৱযানীয়ে ভাবি থকাৰ দৰেই এদিন ঘৰ এৰি যোৱাৰ দৰে পৰিস্থিতি আহি পৰিল ৷ কিন্তু এইবাৰ পাল গৌতমৰ নপৰি ! মাতৃৰ মৃত্যুতহে তথাগত ৰূপান্তৰিত হৈছিল গৌতমলৈ ৷  তাইতো জীয়াই আছে ৷ মৰি মৰি জীয়াই আছে তাইৰ আত্মা ৷ ৰাহুল ৰাহুলৰতো কোনো মাহীমাক নাছি !! তেন্তে কিয় ৰাহুল পৰিৱর্তিত হব লগা হল গৌতমলৈ আৰু সময়ে যদি বিচাৰে হব পাৰিবনে পুৰু গৌতমৰ জীৱন আছিলে জানো যশোধৰাৰ বাহিৰে  নিবিড় আন কোনো নাৰ ! ! তেন্তে তাইক এৰি কিয় বহু দূৰলৈ গুচি গল গৌতম আৰু ৰাহুল সি সি সুখী শর্মিষ্ঠাৰ কোলাত মূৰ গুঁজি দি শর্মিষ্ঠেয় হৈ ৷ দেৱযানীয়ে পাইৰিছিলেই যত দেৱযানী থাকিব তাত থাকিব কিছু বিতর্ক ৷ কি উত্তৰ দিব আজি তাই আয়েকক আজিৰ পৰা আৰু বুৰ নাযায় দেৱযানী  পৌৰাণিক কথাৰ পৃথিৱীত ! তাই পাহৰি যাব সকলো !!  দেৱযানী, শর্মিষ্ঠা আৰু যযাতিৰ সম্পর্কও ৷ তাই স্বার্থপৰ ই!! তাই হাড়ে– হিমজুৱে উপলব্ধি কৰিব পাৰিব লাগিব দুখ আৰু দুখৰ কাৰণৰ কার্যকাৰণ সম্পর্ক আৰু হব পাৰিব লাগিব ভীষণ আত্মকেন্দ্রিক ৷ এদিন তাইৰ  গৌতমোতো হৈছিলে ৷ অৱশ্যে সেয়া আছিল এক বৃহত্তৰ স্বার্থ আৰু তাইৰ গৌতমৰ পথত তাই আজি ওলাই যাব আৰু হাজাৰটা প্রশ্ন কৰিব আইতাকক, কিয় মোক পৌৰাণিক গাথা সজালি আই কিয় সময়ক ইমান ডাঙৰকৈ বুজাবলৈ দায়িত্ব দি গলি অ আই কিয় কিয় ৰদক গান গাবলৈ শিকালি অ আই কিয় কিয় কিয়

দেৱযানীয়ে আওৰালে,

বুদ্ধং শৰণং গচ্ছামি ৷

ধম্মং  শৰণং গচ্ছামি ৷

সংঘং শৰণং গচ্ছামি ৷

ফোন ঃ ৮৮২২৯-৪৩০৬৪

You might also like
Leave A Reply

Your email address will not be published.