উজ্জ্বল জ্যোতি দাস
১৯৫৫ চনত মুক্তি পোৱা পথেৰ পাঁচালী আৰু ১৯৫৬ চনত মুক্তিপোৱা চলাচল নামৰ চলচিচত্র দুখনক লৈ বাংলাৰ এখন আগশাৰীৰ সংবাদপত্রৰ শিৰোনাম আছিল এক আকাশে দুই মানিক, অর্থাৎ এখন আকাশতে দুটি মুকুতা ৷ ইয়াত মাণিক বুজাইছে বাস্তৱধর্মী ছবি নির্মাণেৰে জড়িত সত্যজিৎ ৰায় আৰু আৱেগধর্মী ছবি নির্মাণৰে জড়িত অসিত সেনক৷ দুয়োৰে ঘৰুৱা নাম আছিল মাণিক ৷ অসিত সেনৰ সুযোগ্য পুত্র পার্থ সেনে এবাৰ দেউতাকৰ প্রসংগত এঠাইত কৈছিল দেউতাৰ বেছিভাগ ছবিয়েই মানুহক কন্দুৱায় ৷ অসিত সেনৰ ছবি মানেই কিন্তু হিট হোৱাটো খাটাং ৷ তেওঁৰ বেছিভাগ ছবিয়েই নায়িকাপ্রধান ৷ চলাচল, পঞ্চতপা, দীপ লে যাই, উত্তৰ ফাল্গুনী প্রত্যেকখন ছবিয়েই নায়িকাপ্রধান ৷ ছবিৰ গানবোৰ মানুহৰ মুখে মুখে আজিও ৷ পার্থ সেনে আক্ষেপেৰে প্রসংগক্রমে কৈছিলঃ আজি বাংলা ছবিৰ স্বর্ণযুগটি সত্যজিৎ–ঋত্বিক–মৃণ্ বা অজয়–তপন–তৰুণ বুলি কোৱা গলেও, পঞ্চাশ বা ষাঠিৰ দশকত কিন্তু সত্যজিৎ ৰায়, অজয় কৰ, তপন সিংহ আৰু অসিত সেনৰ নাম একেলগে উচ্চাৰিত হৈছিল ৷ এয়া একেবাৰে সঁচা কথা ৷
অসিত সেনে অসমীয়া ভাষাত এখনেই মাত্র ছবি কৰিছে সেইখন হৈছে ১৯৪৮ চনত মুক্তিপ্রাপ্ত বিপ্লৱী৷ এইখন ছবিৰ সংগীত পৰিচালনাৰে জড়িত আছিল ডঃ ভূপেন হাজৰিকা ৷ ছবিখনৰ প্রযোজক আছিল কাশীপ্রসাদ বিহানী ৷ মলিন বৰা আৰু দুর্গাপ্রসাদ ভূঞায়ো ছবিখনৰ বাবে গীত লিখিছিল ৷ ১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ পটভূমিত চলচিচত্রখনৰ কাহিনীভাগ ৰচিত ৷ লোকপ্রিয় গোপীনাথ বৰদলৈ, মতিৰাম বৰা আদিৰ অৱদানক চলচিচত্রখনত দেখুওৱা হৈছিল ৷ ডঃ ভূপেন হাজৰিকাই নিজৰ আত্মজীৱনীত আমি এক যাবাবৰ – বাংলা অসিত সেনৰ প্রসংগত স্পষ্টকৈ লিখিছেঃ অসিত সেন হল প্রমথেশ বৰুৱা আৰু অজয় কৰৰ চিন্তাধাৰাৰ এজন সার্থক উত্তৰসূৰী পৰিচালক, যি কেমেৰাইদি গল্প লিখিব পাৰে, সেয়া কাগজত নহয় চেলুলয়ডত ৷ তেওঁৰ পৰিচালিত চলাচল, পঞ্চতপা আদি ছবিৰ জবাব নাই ৷ এসময়ত অসিত ধ্ৰূৱতৰাৰ দৰে ভাৰতীয় চিনেমাৰ আকাশত উদিত হৈছিল ৷ তেওঁ অসমৰ নগাঁৱৰ লৰা বুলি মই প্রশংসা কৰা নাই, পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আর্জিত অভিজ্ঞতাৰ ভিত্তিত এই কথা কৈছেছা ৷ অসিত সেনে প্রভাত মুখার্জীৰ সহযোগিতাত চলাচল, পঞ্চতপা চিনেমা বনাই জনসাধাৰণৰ মনত থিতাপি লৈছে ৷ অসিত সেনে তেতিয়া কলকাতাৰ গ্লোব চিনেমাহলৰ সন্মুখত এভাৰেষ্ট ষ্টুডিত স্থিৰচিত্রশিল্পী হিচাপে কাম কৰে ৷ মাজে মাজে অসিত সেনৰ লগত কথা পাতি আমি নিউ এম্পায়াৰ চিনেমাৰ সন্মুখত থকা দোকানত চাহ খাবলৈ যাওঁ ৷ সেই আড্ডালৈ সত্যজিৎ ৰায়ো প্রায়ে আহিছিল ৷ তেওঁৰ নামো মাণিক ৷ আনহাতে অসিত সেনৰ ঘৰুৱা নামো আছিল মাণিক ৷ সত্যজিৎ ৰায়ে সেই সময়ত পথেৰ পাঁচালী কৰি ভাৰত বিখ্যাত হৈ উঠিছিল ৷ অসিত সেনে প্রভাত মুখার্জীৰ সহযোগিতাত চলাচল, পঞ্চতপা চিনেমা বনাই জনসাধাৰণৰ মনত সোমাই পৰিছে ৷ আমাৰ উদ্দেশ্য আছিল, পাঁচশ টকা ৰোজগাৰ কৰিব লাগিব আৰু পাঁচজন অইন ভদ্র মানুহৰ দৰে জীৱন সংগ্রাম কৰি যাব লাগিব৷ তপন সিনহাৰো একে মত ৷ বিহাৰত ডাঙৰ হোৱা তপন বাবু আহিছে ফিল্মৰ জগতখনত নিজক প্রতিষ্ঠিত কৰিবলৈ ৷ অনুবাদ এই লেখকে কৰা
অসিত সেনৰ জন্ম হৈছিল দৰাচলতে বাংলাদেশৰ বিক্রমপুৰত, ১৯২২ চনৰ ২৪ ছেপ্ঢেম্বৰত ৷ তাত আচলতে তেওঁৰ মোমায়েকৰ ঘৰ আছিল ৷ দেউতাকে ৰেল বিভাগত খেনোৰ মতে আইনজীৱী আছিল চাকৰি কৰি নগাঁৱত কর্মৰত আছিল ৷ দেউতাকৰ লগত নগাঁৱত থাকিয়ে হাইস্কুলীয়া শিক্ষা গ্রহণ কৰাৰ অন্তত তেওঁ কলিকতালৈ উচ্চ শিক্ষাৰ বাবে গৈছিল ৷ তাত সহপাঠী হিচাপে তেওঁ লগ পায় গৌৰীপ্রসন্ন মজুমদাৰ আৰু সলিল চৌধুৰীক ৷ কলেজত পঢ়ি থকা সময়ৰে পৰা তেওঁলোকে গীত–মাত গাবলৈ লৈছিল ৷ পৰৱর্তী কালত তেওঁৰ জীৱন ৰথৰ চকৰি কিন্তু অন্য দিশে ঘূৰিল ৷ পিছলৈ তেওঁ ছবি নির্মাণৰে জড়িত হল ৷ ১৯৪৬ চনত পূর্বৰাগ নামৰ ছবিখনত বিশিষ্ট কেমেৰামেন ৰামানন্দ সেনগুপ্তৰ সহকাৰী হিচাপে কাম কৰাৰ তেওঁ সুযোগ লাভ কৰে ৷ আৰু তেনেকৈয়ে তেওঁ ছবি জগতত প্রৱেশ কৰিলে ৷ ইয়াৰ পিছত নিউ থিয়েটাৰৰ বিমল ৰয়ৰ সহকাৰী হিচাপে কাম কৰিলে ৷ মুভী কেমেৰাত আবদ্ধ কৰিলে সংঘর্ষপীড়িত নোৱাখালিত গান্ধীয়ে পদার্পণ কৰা ঐতিহাসিক স্থানবোৰ৷ পৰিচালক হিচাপে চলাচলেই কিন্তু অসিত সেনৰ প্রথমখন বাংলা ছবি আছিল, ১৯৫৬ চনত ছবিখনে মুক্তি পাইছিল ৷ ছবিখনৰ নির্মাণৰ বাবে অর্থৰ যোগান ধৰিছিল মিষ্টাৰ চন্দকে, যি অসিত সেনৰ নিকট আত্মীয় আছিল ৷ ছবিখনৰ কলা উপদেষ্টা আছিল প্রীতিময় সেন ৷ ছবিত ব্যৱহূত আচবাববোৰ ঘৰৰ পৰাই অনা ৷ ঘৰতেই কৰা হৈছিল ইউনিটটোৰ সমূহ সদস্যৰ বাবে চাহ, ভাতৰ যোগাৰ ৷ ইন্দ্রপুৰী ষ্টুডিলৈ তাৰ পৰা খাদ্যখিনি লৈ যোৱা হৈছিল ৷
অসিত সেনৰ প্রথম চাৰিখন বাংলা ছবি চলাচল, পঞ্চতপা, জীৱন তৃষা আৰু দীপ লে যাইৰ কাহিনীকাৰ আছিল তেওঁৰ পৰম বন্ধু আশুতোষ মুখোপাধ্যায় ৷ জীৱনতৃষ্ণা অসিত সেন পৰিচালিত সুচিত্রা–উত্তম যুটিৰ অভিনীত একমাত্র ছবি আছিল ৷ এই ছবিখনৰ পৰাই দুয়োৰে ঘনিষ্ঠতা বৃদ্ধি পায় ৷ শ্বুটিংস্থলীত তেওঁলোকৰ সৈতে একাধিক আমোদজনক ঘটনাও ঘটিছিল ৷ উত্তৰ ফাল্গুনীৰ শ্বুটিঙলৈ বগা কাপোৰৰ ব্লাউজ পিন্ধি অহা বাবে সুচিত্রা সেনে তেওঁৰ ৰোষতো পৰিছিল বুলি জনা যায়৷ ধমকিৰ সুৰত সুচিত্রা সেনক পিন্ধি অহা বগা ৰঙৰ ব্লাউজটি সলাই আহিবলৈ তেওঁ কৈছিল ৷ ছবিখন যিহেতু আছিল সম্পূর্ণ কলা–বগা৷ অসিত সেন আৰু বিজয় বসুৰ ছবি কৰিয়েই সুচিত্রা সেন এটা সময়ত আন্তর্জাতিক স্তৰত বিখ্যাত হৈ উঠাটো লক্ষণীয়৷ অৰুন্ধতী দেৱীও চলাচল ছবিত অভিনয় কৰিয়েই পিছলৈ বিখ্যাত হৈ পৰিছিল তথ্য সূত্রঃ ইণ্টাৰনেট ৷
দীপ লে যাহ ছবিৰ শ্বুটিং যেতিয়া আৰম্ভ হয়, প্রযোজক ৰাখাল চন্দ্র সাহাৰ দুষ্চিন্তা আছিল, ছবিখন নায়িকাপ্রধান, উত্তম কুমাৰ অথচ নাই, এই ছবিখন হলত চলিবতো ৰাস্তাত বহিব লগা পৰিস্থিতি নহয়তো তেওঁৰ কাৰণ এই ছবিখন নির্মাণ কৰিবলৈ গৈ তেওঁ নিজৰ কটন–মিলকে বন্ধকত ৰাখিব লগা হৈছিল ৷ সেই ছবিয়েই পিছত যেতিয়া ছুপাৰহিট হল তেওঁ অতি আনন্দিত হল আৰু তেওঁ নিজৰ বাসগৃহটিৰে নাম ৰাখিলে দীপ লে যাহ ৷
১৯৬৩ চনৰ শ্রেষ্ঠ বাংলা ছবি হিচাপে জাতীয় পুৰস্কাৰ পায় তেওঁৰ উত্তৰ ফাল্গুনী ছবিখনে ৷ অথচ এই ছবিৰ পিছত দুবছলৈ তেওঁৰ হাতত কোনো কাম নাছিল ৷ একপ্রকাৰ বৈৰাগ্যই আহিছিল এই মাধ্যমটিৰ ওপৰত তেওঁৰ তেতিয়া ৷
১৯৬৬ চনত উত্তৰ ফাল্গুনীৰ ৰিমেক মমতা নির্মাণৰ পিছত তেওঁৰ কর্মভূমি মুম্বাইলৈ সলনি হয় ৷ বাণিজ্যিক হিন্দী ছবিৰ প্রবাদপুৰুষ, ফিল্মচিটীৰ হোতা শশধৰ মুখোপাধ্যায়ৰ প্রেৰণাত নতুন ফর্মূলাৰে তেওঁ আনোখি ৰাত, খামোশি, সফৰ, শৰাফৎ, অন্নদাতা, বৈৰাগ–ৰ দৰে হিট ছবি নির্মাণ কৰে৷ মজৰুহ চুলতানপুৰী, হন্দিবৰ, যোগেশৰ দৰে গীতিকাৰ আৰু ৰোশন, হেমন্ত মুখোপাধ্যায় আৰু সলিল চৌধুৰীৰ দৰে সুৰকাৰকো এইবাৰ তেওঁ ললে ৷ সফৰ ছবিৰ বাবে ফিল্মফেয়াৰ সন্মানো অৱধাৰিতভাৱে তেওঁৰ হাতলৈ আহিছিল ৷ আশীৰ দশকৰ মাজভাগত তেওঁ কলিকতালৈ পুনৰ কিন্তু ঘূৰি আহিল আৰু নতুন ধৰণেৰে ছবি কৰিবলৈ ললে৷ বলীউডৰ সেই সময়ৰ ৰুচিৰ ওপৰত আচলতে তেওঁ বিতুষ্ট হৈছিল ৷ নতুনকৈ দুখন ছবি কৰাৰ পিছত একাধিক টেলিফিল্ম নির্মাণৰেহে তেওঁ এইবাৰ জড়িত হল ৷
২০০১ চনৰ ২৫ আগষ্টত এইগৰাকী অসম সন্তানৰ মৃত্যু হয় ৷ তেওঁৰ নাতিনী প্রিয়াঞ্জলিয়ে ফিল্ম শিল্পৰ জগতখনৰে ইতিমধ্যে নিজৰ সম্পর্ক গড়ি তুলিছে, যিটো আমাৰ বাবে এক খুবেই ভাল খবৰ ৷ প্রতিভাশালী চলচিচত্র পৰিচালক অসম–সন্তান প্রমথেশ বৰুৱাৰ দৰে এইগৰাকী লোকক কিন্তু অসমবাসীয়ে আজিলৈ উচিত সন্মান নজনোৱা যেন অনুভৱ হয় ৷ নগাঁও চহৰৰ মাজমজিয়াত তেওঁৰ স্মৃতি বিজডিত শৰৎ বৰুৱাৰ চলাচল ৰেষ্টুৰেণ্ট স্থাপিতঃ ১৯৫৭ চনখনে আজিও কিন্তু অসিত সেনৰ বিপুল অৱদানৰ কথাকে সোঁৱৰাই থাকে ৷
ফোনঃ ৯১০১৩-৬০১৪৯
Comments are closed, but trackbacks and pingbacks are open.