আইনাত অকণি

মৰমৰ আইনাৰ অকণিহঁত,
মৰম লবা৷ যোৱা কিছুদিন ধৰি তোমালোকে নিষ্চয় পৰিৱেশ দিৱসৰ কথাই শুনি আহিছা৷ কাৰণ পাঁচ জুন তাৰিখে পৃথিৱীজুৰি পৰিৱেশ দিৱস পালন কৰা হৈছিল৷ পিছে বহুত অনুষ্ঠানে নিজৰ সুবিধা অনুযায়ী জুন মাহৰ প্রথম বা দ্বিতীয় সপ্তাহৰ কোনোবা এটা তাৰিখ বাছি লৈ গছপুলি ৰুই পৰিৱেশ দিৱস উদ্যাপন কৰিলে৷ পৰিৱেশ মানে আমাৰ কেউপিনে থকা বায়ু, মাটি আৰু পানীকেই বুজোৱা হয়৷ এই বায়ু, পানী আৰু মাটি দূষিত হলে আমি পৰিৱেশ নষ্ট হোৱা বুলি কওঁ৷ আজিকালি এই তিনিটা উপাদান অর্থাৎ বায়ু, পানী আৰু মাটিৰ লগতে শব্দৰ প্রদূষণটোও যোগ হৈছে৷ কাৰণ ডাঙৰ ডাঙৰ চহৰবোৰত কল–কাৰখানা আৰু গাডী–মটৰৰ শব্দবোৰ বহুত বািি যোৱাত মানুহৰ বহুত অসুবিধা হৈছে৷ কল–কাৰখানা, গাডী–মটৰৰ শব্দবোৰৰ উপৰি নানা ধৰণৰ সংগীতানুষ্ঠান ইমানেই বাঢ়ি গৈছে, যাৰ ফলত মানুহৰ টোপনি ক্ষতি হৈছে, শান্তিৰে কোনো চিন্তা কৰিব নোৱাৰা হৈছে, পৰীক্ষার্থী বা ছাত্র–ছাত্রীৰ পঢ়া–শুনা কৰাত খুবেই অসুবিধা হয়৷ঘৰত বা চিকিৎসালয়ত থকা ৰোগীসকলেও সেই শব্দবোৰৰ কাৰণে শুব নোৱাৰা হয়৷ সেয়েহে বহুতো চিকিৎসালয় বা স্কুলবোৰৰ ওচৰত গাডীৰ হর্ন বজোৱাক নিষেধ কৰি দিয়া হৈছে৷ গাডী–মটৰ বা কল–কাৰখানাৰ পৰা বাহিৰ হোৱা ধোঁৱাবোৰত কার্বন–ডাই–ক্সাইড, কার্বন–মনক্সাইড, নাইট্ৰোজেন, মিথেনকে ধৰি পৃথিৱীৰ সকলো প্রাণীৰ কাৰণে নানা ক্ষতিকাৰক গেছ থাকে৷ সেই গেছবোৰে আকাশৰ পিনে উৰি গৈ পৃথিৱীৰ উপৰিভাগ এনে ধৰণে ঢাকি ধৰে যে সূর্যৰ পৰা অহা তাপবোৰ পৃথিৱীত পৰাৰ পিছত প্রতিফলিত হৈ বায়ুমণ্ডলৰ ওপৰলৈ গুচি যাব নোৱাৰে৷ ইয়াৰ ফলত পৃথিৱীখনৰ উপৰিভাগত তাপ বািি গৈছে৷ এই বিষাক্ত গেছবোৰৰ আৱৰণখনৰ বাবে পৃথিৱীৰ উত্তাপ বািি যোৱা ঘটনাটোক গ্রীন হাউছ এফেক্ট বা সেউজগৃহ প্রভাৱ বুলি কোৱা হয়৷ আনহাতে, আমাৰ পৃথিৱীখনৰ উপৰিভাগৰ বায়ুমণ্ডলৰ ওপৰত আন এটা গেছৰ আৱৰণ আছে, সেই গেছবিধৰ নাম হল অজন গেছ৷ এই অজন গেছৰ আৱৰণখনৰ কাৰণে সূর্যটোৰ পৰা অহা আলড্রা ভায়লেট বা অতি বেঙুনী ৰশ্মিয়ে পৃথিৱীত পৰিবহি নোৱাৰে৷ এই অতি বেঙুনীয়া ৰশ্মি পৃথিৱীৰ প্রাণী আৰু উদ্ভিদ জগতৰ কাৰণে অতিশয় ক্ষতিকাৰক৷ অতি বেঙুনী ৰশ্মিৰ বাবে পৃথিৱীৰ মানুহকে ধৰি প্রাণীজগতৰ নানা ধৰণৰ ভয়াৱহ বেমাৰ হৈ মৰি যাব আৰু এনেকৈয়ে পৃথিৱীখনত সকলো প্রাণীয়েই নাইকিয়া হৈ পৰিব৷ সেইদৰে গছ–গছনিকে ধৰি উদ্ভিদবোৰো লোপ পাব৷ বর্তমান পৃথিৱীখনৰ ৰক্ষাকাৰী কৱচৰ দৰে থকা অজন গেছৰ আৱৰণখনতো কিছুমান বিন্ধা বা ফুটাৰ সৃষ্টি হৈছে আৰু সেই বিন্ধাবোৰৰ মাজেদি সূর্যৰ পৰা অহা অতি বেঙুনী ৰশ্মি কম পৰিমাণে হলেও সৰকি আহি পৃথিৱীত পৰিছেহি৷ অজন গেছৰ আৱৰণখনত বিন্ধা হোৱাৰ কাৰণ হল এবিধ গেছ, যাৰ নাম ক্লৰফ্লৰ কার্বন গেছ বা চমুকৈ চি এফ চি গেছ৷ এই গেছবোৰে অজন গেছৰ আৱৰণখনত থকা অজন গেছৰ কণাবোৰ ভাঙি পেলায়৷ অকণিহঁত, এই চি এফ চি গেছ কত ব্যৱহাৰ কৰা হয় জানানে আমি যে ঘৰত এ চি বা বাতানুকূল যন্ত্র, নানা ধৰণৰ স্প্রে ব্যৱহাৰ কৰোঁ, সেইবোৰত এই গেছ ব্যৱহাৰ কৰা হয়৷ আমেৰিকাৰ দৰে ধনী দেশবোৰত চহৰ, গাঁও সকলোতে এ চি যন্ত্রবোৰ চলিয়েই থাকে৷ সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই সেইদেশবোৰক এ চি, স্প্রে আদি চি এফ চি গেছ ব্যৱহাৰ হোৱা যন্ত্রপাতিবোৰ যিমান পাৰে কমাবলৈ কৈছে৷ চি এফ চি গেছৰ সলনি আন গেছৰ ব্যৱহাৰ কৰিব পাৰি নেকি, তাৰেই অনুসন্ধান চলাবলৈ অনুৰোধ কৰিছে৷ আন এটা কথাও আমি মন কৰিব লাগিব যে ছুপাৰচনিক বা অতি শাব্দিক জেট বিমানবোৰেও কিন্তু অজন গেছৰ আৱৰণটোৰ বহুত ক্ষতি কৰে৷

বর্তমান পৃথিৱীখনত সেউজ গৃহ প্রভাৱৰ বাবে দিনকদিনে উত্তাপ বািিবলৈ ধৰিছে৷ মেৰু অঞ্চলত থকা বৰফবোৰ গলিবলৈ ধৰিছে৷ সেয়ে সাগৰৰ পানীৰ উচ্চতা বািি যোৱাত বহুতো দ্বীপ ৰাজ্য বা দেশ সাগৰৰ পানীৰ তলত সোমাই গৈ নোহোৱা হৈ যাব৷ পৃথিৱীখনৰ উত্তাপ কমাবলৈ আমি সাধাৰণ মানুহবোৰে এটাই কাম কৰিব পাৰোঁ, সেই কামটো হল যিমান পাৰি গছ ৰোৱা আৰু অবাবতে গছ নকটা৷ আমাৰ অসমৰেই এজন লোকে প্রায় ত্রিশ বছৰ ধৰি নিজেই গছ ৰুই এখন অৰণ্যকেই সৃষ্টি কৰি পেলালেহ্ল, সেই অৰণ্যখনৰ নাম হল মূলাই কাঠনি আৰু নিজেই অৰণ্যখন সৃষ্টি কৰা মানুহজনৰ নাম হল অৰণ্য মানৱ যাদৱ পায়েং৷

আমি ৰোৱা গছ–গছনিয়ে বতাহত থকা কার্বন–ডাই–অক্সাইড গেছ, কার্বন–মনক্সাইডকে ধৰি সেউজ গৃহ সৃষ্টি কৰা, অনিষ্টকাৰী গেছবোৰ শুহি পেলাব, অক্সিজেন গেছ সৃষ্টি কৰি বায়ুৰ প্রদূষণ কমাই পেলাব৷ তোমালোকে জানানে যে এখন পেড্রল বা ডিজেল তেলেৰে চলা মটৰ গাডী এখনে এক মাইল পথ যাওঁতে যি প্রদূষণৰ সৃষ্টি কৰে, তাক শোধন কৰিবলৈ প্রায় বিশজোপা পূৰঠ গছৰ প্রয়োজন হয় আশাৰ কথা এয়ে যে বর্তমান চৰকাৰে পেড্রল, ডিজেলৰ সলনি প্রাকৃতিক গেছ, বিদ্যুতেৰে চলাব পৰা বাছ, ৰেল চলাবলৈ আৰম্ভ কৰিছে৷ তদুপৰি হাইড্রজেন গেছেৰে ৰেল, মটৰ চলাবলৈ আঁচনি হাতত লৈছে৷ ইয়াৰ ফলত বায়ুৰ প্রদূষণ কমি যাব৷ বর্তমান আমি সকলোৱেই গছ ৰুই মৰমৰ পৃথিৱীখনক ৰক্ষা কৰিবই লাগিব৷ কাৰণ বৈজ্ঞানিকসকলে বহুত অনুসন্ধান চলোৱাৰ পিছতো দেখা গৈছে যে বিশ্বব্রহ্মাণ্ডত আমাৰ কাৰণে এতিয়ালৈকে এই এখনেই পৃথিৱী আছে৷

মৰমেৰে
তোমালোকৰ মাহী
বন্দিতা ফুকন

You might also like

Comments are closed, but trackbacks and pingbacks are open.