আইনাৰ অকণিহঁত

মৰমৰ আইনাৰ অকণিহঁত,

মৰম লবা ৷ ইতিমধ্যে তোমালোকৰ কিছুমান অকণিৰ ঘৰত নিশ্চয় দাদা বা বাইদেউহঁতৰ হাইস্কুল  শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বৰ ব্যস্ততা চলি আছিল ৷ গতিকে তেওঁলোকক লৈ মাৰা–দেউতাৰাহঁত ব্যস্ত হৈ থাকোঁতে তোমালোকৰ ওপৰত তেওঁলোকে সিমান চকু দিবলৈ সময় পোৱা নাছিল ৷ কেৱল দাদা, বাইদেউৰ পৰীক্ষাই নহয় ঘৰ এখনত কাৰোবাৰ অসুখ–বিসুখ, বিয়া–বাৰুৰ বাবেও ঘৰখনৰ মানুহবোৰ ব্যস্ত হৈ থাকিব লগা হব পাৰে ৷ তেনে অৱস্থাত তোমালোকে নিজৰ যতন নিজেই লব লাগিব, নহয়নে মা–দেউতা ব্যস্ত আছে ৷ সেয়ে মই যি মন যায় তাকে কৰি থাকিম মানে মবাইল বেছিকৈ চাম, বন্ধুৰ লগত বেছিকৈ কথা পাতিম ৷ মনত এনে ভাব থাকিলে কিন্তু নিজৰেই ক্ষতি হয় ৷ এতিয়াতো তোমালোক বয়সত সৰু বাবে ঘৰতে আছা ৷ যেতিয়া তোমালোক ডাঙৰ হবা, তেতিয়া হোষ্টেলত থাকি পঢ়া–শুনা কৰিব লাগিব ৷ গাৰ কাষতে এনে বহুত বন্ধু থাকিব যাৰ পঢ়া–শুনাত অকণো মন নাই ৷ নিজেতো নপেেই, আনকো পঢ়া সময়ত আমনি দিয়েহি ৷ তেনে অৱস্থাত তোমাক সহায় কৰিবলৈ ওচৰত মাৰা–দেউতাৰা নাথাকে ৷ গতিকে এতিয়া সৰুৰে পৰাই নিজৰ যত্ন লবলৈ শিকা ৷ ঘৰতে ৰুটিন এখন বনাই কোন সময়ত কি কৰিবা, কেতিয়া পঢ়িবা, খাবা, শুবা, ফুৰিবলৈ যাবা, লিখি ৰাখিবা ৷  ৰুটিন এখনে সময়ক মূল্য দিবলৈ শিকায় ৷ চোৱাচোন, সকলো মানুহৰ বাবে চৌবিবছ ঘণ্টাই এদিন হয় ৷ তাৰ মাজতে কিছুমান লোকে আনৰ তুলনাত বহুত বেছি কাম কৰি পঢ়া–শুনা, খেল–ধেমালি, অভিনয়, সাহিত্যৰ ক্ষেত্রত নিজকে উজলাই তুলিছে ৷ কিয় জানানে এনে মানুহে সময়ৰ মূল্য দিয়ে আৰু নিজৰ জীৱনৰ মূল লক্ষ্যৰ পৰা কেতিয়াও, কোনো কাৰণতে আঁতৰি নাযায় ৷

অসমৰ প্রায় সকলো স্কুল বা বিদ্যালয়তে বিদ্যাৰ অধিষ্ঠাত্রী শ্রীশ্রীসৰস্বতী দেৱীৰ পূজা অনুষ্ঠিত কৰা হয় ৷ তোমালোকেও নিশ্চয় নিজৰ, নিজৰ স্কুলৰ সৰস্বতী পূজালৈ গৈ দেৱীৰ ওচৰত পঢ়া–শুনাত ভাল কৰিবলৈ প্রার্থনা কৰিলা ৷ সৰস্বতী পূজাৰ আগদিনা দিনা অলপ ডাঙৰ লৰাবোৰে ছাৰ–বাইদেউৰ সৈতে  পূজা–মণ্ডপ বৰ ধুনীয়াকৈ সজাই থয় ৷ পূজাৰ দিনা লৰাবোৰে কূর্তা–পায়জামা পিন্ধে আৰু তোমালোকৰ মাজৰ ছোৱালীবোৰে ডাঙৰেই হওক বা সৰুৱেই হওক মেখেলা–চাদৰ এযোৰ পিন্ধিবলৈ হাবিয়াস কৰে ৷ ছোৱালীবোৰক তেনে সাজত দেখিলে আমাৰ নিজৰো বহুত দিনৰ আগেয়ে পাৰ হৈ অহা স্কুলৰ সৰস্বতী পূজালৈ মনত পৰি যায় ৷

অলপতে শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৩সংখ্যক অধিৱেশনখন ৰঙিয়াত অনুষ্ঠিত হৈ যায় ৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ এজন ধর্ম প্রচাৰকেই নাছিল, তেওঁ, তেওঁৰ প্রধান শিষ্য মহাপুৰুষ মাধৱদেৱৰ সহযোগত আমাৰ অসমীয়া সাহিত্য, সংসৃক্তি, শিল্প অথবা অসমৰ সমাজ জীৱনৰ নানা ক্ষেত্রত যি মহান অৱদান দি থৈ গল, তাক অসমৰ সকলো ধর্মৰ মানুহেই মহাপুৰুষ দুজনাক  চিৰদিন মনত ৰাখিব ৷ ভাৰতবর্ষত বহুত ধর্ম প্রচাৰকৰ যুগে যুগে উদয় হৈছে ৷ পিছে তেওঁলোকে নিজৰ সাহিত্য–সংসৃক্তি, শিল্প, সমাজ জীৱনৰ ক্ষেত্রত মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ দৰে এনেকৈ কাম কৰা নাছিল ৷  আমাৰ অসমতেই যে এনে সর্বগুণী মহাপুৰুষৰ জন্ম হৈছিল, তাৰ বাবে আমি সমগ্র অসমবাসী সদায় গৌৰৱান্বিত হৈ থাকিম ৷

এতিয়া ধূলিৰ বতৰ আৰম্ভ হৈছে৷ সকলোৱে এজাক বৰষুণৰ বাবে আশা কৰি আছে ৷ বৰষুণ আহিলেহে পথাৰত খেতিয়কসকলে খেতি কৰিব পাৰিব ৷ মার্চ মাহৰ শেষৰ পিনে অসমলৈ উত্তৰ–পূব মৌচুমী বতাহ এজাকে ধুমুহাৰ গতিৰে সাগৰৰ পৰা পানীৰ কণিকাবোৰ কঢ়িয়াই আনি আমাৰ অসমৰ উত্তৰ–পূবত থকা হিমালয় অঞ্চলৰ পাহাৰ–পর্বতত ঠেকা খাবহি ৷ তেতিয়াই অসমত বৰষুণ দিব ৷ বহাগ বা ৰঙালী বিহুৰ আগে আগে অহা সেই ধুমুহা বতাহজাকক অসমীয়া মানুহে এটা বৰ ধুনীয়া নাম দিছে ৷ সেই ধুনীয়া নামটো হল বৰদৈচিলা ৷ আমি সদৌ অসমবাসীয়ে আমাৰ আদৰৰ, হেঁপাহৰ ৰঙালী বিহুটিৰ বাবে আগ্রহেৰে অপেক্ষা কৰি আছোঁ ৷

শেষত মৰমেৰে

তোমালোকৰ মাহী

বন্দিতা ফুকন

You might also like

Comments are closed, but trackbacks and pingbacks are open.