মৰমৰ আইনাৰ অকণিহঁত,
মৰম লবা ৷ তোমালোকে বাৰু স্কুলৰ গৰমৰ বন্ধত কিবা ভাল বাহিৰা কিতাপ পঢ়িলানে তোমালোকক নিশ্চয় গৰমৰ বন্ধত ঘৰত কৰিবলৈ স্কুলৰ পৰা বহুত হোম–ৱর্ক, গৃহ কর্ম বা কিবাকিবি প্রজেক্ট বা প্রকল্পৰ কাম দিছিল ৷ তাৰ মাজতে তোমালোকে নিজৰ পছন্দৰ বাহিৰা কিতাপ কিছুমান পঢ়িলা বুলি মই ধৰি লৈছোঁ ৷ বাহিৰা কিতাপবোৰ বিভিন্ন বিষয়ৰ হব পাৰে, যেনে–সাধুকথা, তোমালোকৰ কাৰণে লিখা শিশু গল্প, উপন্যাস, কবিতা, বুৰঞ্জীৰ কাহিনী, ভ্রমণ কাহিনী, জীৱনী, বিজ্ঞানৰ কথা আদি ৷ এই কিতাপবোৰ পঢ়িলে মনত বৰ আনন্দ পোৱা যায় ৷ ভাল বন্ধুক লগ পালে আমাৰ মনটোত যেনেকৈ ভাল লাগে, ভাল কিতাপ এখন পঢ়িলেও তেনে ধৰণৰ আনন্দই পোৱা যায় ৷ কথাতে কয় কিতাপৰ সমান ভাল বন্ধু নাই, কাৰণ ভাল কিতাপৰ সৈতে ভাল সময় কটাব পাৰি, নজনা কথা জনাত সহায় কৰে, ভাল কিতাপে কাৰো অপকাৰ নকৰে ৷ তদুপৰি ৰোগী এজনৰ কাষত বহি থাকিও, তেওঁক আমনি নকৰাকৈ নীৰৱে কিতাপ পঢ়ি থাকিব পাৰি ৷ নিজৰ অসুখীয়া অৱস্থাতো আমি কিতাপ পঢ়াৰ আনন্দ লব পাৰোঁ ৷ কিতাপ এখন আধা পঢ়াকৈ জপাই থলে, তাৰ পৃষ্ঠাবোৰ কাহানিও কোনো কাৰণতে হেৰাই নাযায় ৷ কিতাপ একোখন বছৰৰ পিছত বছৰ সংৰক্ষণ কৰি ৰাখিব পাৰি ৷ নানা ধৰণৰ কিতাপৰ ভিতৰত আমি মহৎ লোকসকলৰ জীৱনী পঢ়ি, আমি জীৱনত উৎসাহ, প্রেৰণা পাব পাৰোঁ, কাৰণ জীৱনীবোৰ হল একোজন মহৎ লোকৰ জীৱনৰ সঁচা কাহিনী ৷ জীৱনী গ্রন্থবোৰ সাধুকথাৰ দৰে কোনোবাই কল্পনা কৰি লিখা কাহিনী নহয় ৷
মহৎ লোকসকলৰ জীৱনী পঢ়িলে আমি গম পাওঁ যে বেছিভাগ মহান বিজ্ঞানী, দার্শনিক, পণ্ডিত লোকৰ শৈশৱ বা লৰালি কাল সুখৰ নাছিল ৷ ধনৰ অভাৱত তেওঁলোকে আনকি স্কুলৰ কেইশ্রেণীমানহে পঢ়িবলৈ পাইছিল, কলেজত পঢ়া যে দূৰৰে কথা ৷ আজি যে আমি বিজুলী বা বিদ্যুৎ নহলে চলিব নোৱাৰোঁ, সেই বিদ্যুৎ শক্তি উৎপাদন কৰা জেনেৰেটৰৰ আৱিষ্কাৰক বিজ্ঞানী মাইকেল ফেৰাডেৰ ইমান দুখীয়া ঘৰত জন্ম হৈছিল যে চিকিৎসাৰ অভাৱত কেঁচুৱাকালত তেওঁ বাচি থকাই টান হৈছিল ৷ ফেৰাডেৰ দেউতাক এজন কমাৰহে আছিল ৷ ফেৰাডেৰ সৰু কালত ঘৰখনত খোৱা বস্তুৰো বৰ অভাৱ হৈছিল ৷ এটা দয়ালু অনুষ্ঠানে সপ্তাহত দিয়া এটা পাওৰুটী খায়েই কণমানি ফেৰাডেই চলিব লগাত পৰিছিল ৷ গতিকে ফেৰাডেই স্কুলত বেছিদিন পঢ়িবলৈ নাপালে ৷ তেওঁক তেৰ বছৰ বয়সতে স্কুলৰপৰা এৰুৱাই অনা হল ৷ প্রথমে বাতৰিকাকতৰ হকাৰ, পিছত কিতাপৰ দোকানত কিতাপ বন্ধাৰ কাম কৰি ধন উপার্জন কৰিব লগা হল ৷ সেই কিতাপৰ দোকানতে আজৰি সময়ত কিতাপ পঢ়ি ফেৰাডেৰ মনটো বিজ্ঞান বিষয়টোৰ পিনে ঢাল খালে ৷ পিছলৈ তেওঁ সেইকালৰ এজন ডাঙৰ বিজ্ঞানী ছাৰ হামফ্রে ডেভিৰ গৱেষণাগাৰত বটল ধোৱাৰ চাকৰি এটা পাই গল ৷ পিছত সেই গৱেষণাগাৰতে ফেৰাডেই আৱিষ্কাৰ কৰিলে বিজুলী শক্তি উৎপাদন কৰিব পৰা জেনেৰেটৰ ৷ তাৰ পিছতো তেওঁ বিজ্ঞানৰ বহুত গুৰুত্বপূর্ণ আৱিষ্কাৰ কিছুমানো কৰিলে ৷ আন এজন বিখ্যাত বিজ্ঞানী টমাছ আলভা এডিছন সৰুতে ৰুগীয়া লৰা আছিল ৷ স্কুলত শিক্ষকক বৰকৈ প্রশ্ন কৰি থকাৰ কাৰণে এজন শিক্ষকে তেওঁক বৰকৈ কোবালে ৷ তাতে মাকৰ খং উঠি এডিছনক স্কুলখনৰ পৰা এৰুৱাই মাকে তেওঁক ঘৰতে পঢ়াবলৈ ললে ৷ এডিছনে কিতাপ, বিশেষকৈ বিজ্ঞানৰ কিতাপবোৰ পঢ়ি বৰ ভাল পাইছিল ৷ বাৰ বছৰ বয়সৰ পৰাই ধন আর্জিবৰ বাবে কাম কৰিবলৈ লয় ৷ কথাটো ভাবি তোমালোক নিশ্চয় আচৰিত হৈছা ৷ সেই যুগত সেইটো সাধাৰণ কথাৰ দৰে আছিল ৷ পিছে বর্তমানো আমেৰিকাত নিজ চকুৰে দেখি আহিছে স্কুলীয়া বা কলেজীয়া ছাত্র–ছাত্রীয়ে ভাল পৰিয়ালৰ হৈও, বন্ধৰ দিনত বা আজৰি পৰত ধন আর্জিবলৈ নানা কাম কৰে, লাগিলে কাৰোবাৰ বাগিচাৰ ঘাঁহ কাটিবগৈ, দোকানত বিক্রেতাৰ কাম কৰিব নতুবা কোনোবা মাক–দেউতাকে কৰবালৈ যাব লগা হলে, দুই–তিনি ঘণ্টাৰ বাবে তেওঁলোকৰ কেঁচুৱাৰ আলপৈচানেই ধৰিবগৈ ৷ ইয়াৰ অর্থ হল, বিদেশৰ লৰা–ছোৱালীহঁতে নিজৰ কিছুমান বস্তু কিনিবলৈ অনবৰতে মাক–দেউতাকৰ মুখলৈকে চাই নাথাকে ৷ তেওঁলোকে নিজাকৈ ধন উপার্জন কৰি নিজৰ কিছুমান বস্তু কিনি লবলৈ ভাল পায় ৷ এডিছনহঁতৰ থকা ঠাই পোর্ট হাৰনৰ পৰা ডেড্রয়ট নামৰ চহৰখনলৈ ৰেলেৰে যাবলৈ তেতিয়া তিনি ঘণ্টা সময় লাগিছিল ৷ এডিছনে সেই ৰেলখনৰ যাত্রীবোৰক বাতৰিকাকত, মিঠাই বেচাৰ উপৰি ৰেলখনৰ এটা যাত্রী নবহা দবাত নিজাকৈ এটা গৱেষণাগাৰো পাতি লৈ, তাত বিজ্ঞানৰ বহুত পৰীক্ষা কৰিছিল ৷ পিছে এদিন তেওঁৰ বিজ্ঞানাগাৰটোত জুই লগাত, ৰেলৰ গার্ডজনে তেওঁৰ কাণত এনে এটা চৰ মাৰিলে যে তাৰ ফলত এডিছনে সেইখন কাণেৰে নুশুনা হৈ গল ৷ তেওঁ প্রথমে টেলিগ্রাফ কর্মী হিচাপে চাকৰি কৰিবলৈ লয় ৷ পিছে চাকৰি কৰি থাকোঁতেও তেওঁ কেৱল আৱিষ্কাৰ কৰাৰ চিন্তাতে থাকিল ৷ চমুকৈ কবলৈ হলে টমাছ আলভা এডিছনৰ মুঠ আৱিষ্কাৰৰ সংখ্যা আছিল এহেজাৰ তিৰানবৈবটা ৷ এডিছন ইমানেই পৰিশ্রমী বিজ্ঞানী আছিল যে তেওঁ বেছিভাগ সময় তেওঁৰ গৱেষণাগাৰটোতে শুই পৰিছিল ৷ আমাৰ বহুতেই সহজতে বিখ্যাত হব খোজে ৷ পিছে অকণিহঁত, সফলতাৰ মিঠা সোৱাদ পাবলৈ আমি পঢ়া–শুনা, খেল, সংগীত, অভিনয়, সাহিত্য আদি যিকোনো বিষয়তে এডিছনৰ দৰে কঠোৰ পৰিশ্রম কৰিবই লাগিব ৷
সফল হোৱাৰ ক্ষেত্রত ধনৰ অভাৱ হেঙাৰ হব নোৱাৰে ৷ ধন নাথাকিলেও পৰিশ্রম কৰি যিকোনো ক্ষেত্রতে ভালকৈ কাম কৰি গলে তেন্তে এদিন সফল হবাই ৷ আমাৰ প্রাক্তন ৰাষ্ট্রপতি এ পি জে আব্দুল কালাম ডাঙৰীয়াই কৈছিল যে প্রথমতে আমি ভাল সপোন দেখিব লাগিব ৷ তাৰ পিছত সেই সপোনটো দিঠক কৰিবলৈ আমি চেষ্টা কৰিব লাগিব ৷ সপোনৰ কথা মনলৈ আহোতে আমাৰ অসমৰে এজন বিজ্ঞানীৰ কথা কওঁ তেওঁৰ নাম হল ৰুবুল মাউত ৷ অসমৰ এখন ভিতৰুৱা গাঁৱৰ অত্যন্ত দৰিদ্রৰ ঘৰৰ লৰা হৈও তেওঁ সপোন দেখিছিল ৷ সেই সপোনক দিঠকত পৰিণত কৰিবলৈ তেওঁ বহুত পৰিশ্রম কৰি পঢ়া–শুনা কৰিছিল ৷ অৱশেষত তেওঁ পঢ়া–শুনাত কৃতিত্ব দেখুৱাই আমেৰিকা পালেগৈ, তাৰ হার্ভার্ড বিশ্ববিদ্যালয়ত তেওঁ এজন বিশিষ্ট বিজ্ঞানী ৰূপে গৱেষণা কৰি দুটামান অতি গুৰুত্বপূর্ণ আৱিষ্কাৰ কৰাত অংশগ্রহণ কৰিছে ৷ ডঃ ৰুবুল মাউতৰ আত্মজীৱনী মোৰো এটা সপোন আছে এই গ্রন্থখন সকলোৱে পঢ়া উচিত ৷ সেই জীৱনীখনৰে আলমত সুলেখিকা বিজয়া গগৈয়ে তোমালোক অকণিহঁতৰ উপযোগীকৈ সপোন দেখা লৰাজন নামেৰে এখন কিতাপ লিখিছে ৷ আশাকৰোঁ তোমালোকে সেই কিতাপখন পঢ়ি ভাল পাবা ৷
শেষত কব খুজিছেছা যে তোমালোকে বন্ধৰ দিন পালেই বাহিৰা কিতাপ পঢ়িবা ৷ সাধুকথা, কবিতা, কমিক্চ পঢ়াৰ লগতে যদি বিখ্যাত লোকসকলৰ জীৱনী পঢ়া তেন্তে, গম পাবা যে তেওঁলোকৰ জীৱনৰ পৰা আমি বহুত ভাল কথা শিকিব পাৰোঁ ৷
মৰমেৰে–
তোমালোকৰ মাহী
বন্দিতা ফুকন
Comments are closed, but trackbacks and pingbacks are open.