মৰমৰ আইনাৰ অকণিহঁত,
মৰম লবা৷ ইতিমধ্যে তোমালোকে ৰঙৰ উৎসৱ ফাকুৱা নিশ্চয় উলহ–মালহেৰে পালন কৰিলা ৷ ভাল লগা কথাটো হল এই ফাগুনৰ বতৰতে প্রকৃতিয়েও যেন ৰঙৰ উৎসৱ পালন কৰে ৷ তোমালোকে যদি মহানগৰ বা যিকোনো চহৰৰ পৰা বাহিৰলৈ গৈ হাবি বা অৰণ্যৰ ওচৰলৈ ফুৰিবলৈ যোৱা তেতিয়া কোনোবাখন হাবি দেখিলে এনে লাগিব যে হাবিখনত জুই লাগি আছে ৷ পিছে ওচৰৰ পৰা ভালকৈ মন কৰিলে দেখিবা সেয়া জুই নহয়, হাবিৰ মাজৰ ওখ গছত ফুলি থকা সেইবোৰ জুইৰঙী পলাশ ফুলহে মাথোন ৷ চহৰখনৰ পৰা ওলাই গলে আৰু দেখিবা ওখ ওখ গছবোৰত ৰঙা ৰঙা ফুলবোৰ ফুলি আছে ৷ সেইবোৰ হ’ল শিমলু ফুল ৷ শিমলু ফলৰ পৰা বৰ উৎকৃষ্ট তুলা হয় ৷ আকৌ যদি কৰবাত ওখ গছত বেঙুনীয়া ৰঙৰ ফুল দেখা পোৱা, সেইবোৰ নিশ্চয় এজাৰ ফুল ৷ আৰু এবিধ জকমকাই ফুলা হালধীয়া ৰঙৰ ফুল আছে , পিছে সেইবিধ ফুল বাৰিষাৰ বৰষুণৰ পানী পালেহে ফুলিব ৷ তাৰ নাম সোণাৰু ফুল ৷ পিছে বর্তমান এই ধূলিৰ বতৰত ওখ ওখ গছত পলাশ, শিমলু আদি ফুলবোৰ ফুলিছে যদিও ৰাস্তাৰে গৈ থাকোঁতে চকুযোৰ তললৈ নমাই ধাননি পথাৰবোৰলৈ চাই পঠিওৱাচো ! দেখিবা পথাৰবোৰত উপচি থকা সেউজীয়া ৰঙৰ ধাননিবোৰ নাই, তাৰ ঠাইত আছে কেৱল ধান গছৰ হালধীয়া ৰঙৰ শুকান নৰাবোৰহে ৷ তোমালোকে এতিয়া যিবোৰ পথাৰ শুকান হৈ থকা দেখিছা, সেইবোৰ হৈছে শালি ধানৰ খেতি কৰা পথাৰহে ৷ শালি ধানৰ খেতি কৰিবলৈ যথেষ্ট পানী লাগে ৷ গতিকে পানীও নাই, ধানগছো নাই ৷ এতিয়া অসমৰ খেতিয়কসকলে আকাশখনলৈ আশাৰে চাই আছে কেতিয়াকৈ আকাশখন কলা ডাৱৰেৰে ভৰি পৰিব, তললৈ বৰষুণবোৰ নমাই দিব ৷ দেখিবলৈ পাবা, কিছুদিনৰ পিছতে ধুমুহা–বতাহ এজাক আহিল আৰু বহুতৰে ঘৰ–দুৱাৰ উৰুৱাই নিলে ৷ এই ধুমুহা–বতাহজাকেই হল উত্তৰ–পূব মৌচুমী বতাহ ৷ এইজাক বতাহে কঢ়িয়াই অনা কলা ডাৱৰবোৰত ভৰি থাকে, আমাৰ ভাৰতবর্ষৰ দক্ষিণ–পশ্চিমত থকা সাগৰবোৰৰ ওপৰত ভাহি থকা পানীৰ কণিকাবোৰ ৷ পানীৰ কণিকা কঢ়িয়াই অনা সেইজাক ধুমুহা বতাহে যেতিয়া অসমৰ উত্তৰ–পূব অঞ্চলৰ পাহাৰবোৰত ঠেকা খাব, পানীৰ কণিকাবোৰ বৰষুণৰ টোপাল হৈ অসমৰ মাটিত পৰি ইমানদিনে শুকান হৈ থকা পথাৰবোৰ তিয়াই পেলাব , বৰষুণৰ পানী পাই পথাৰৰ শুকান মাটিবোৰ কোমল হৈ যাব আৰু খেতিয়কসকলে আনন্দমনেৰে হাল বাই, ট্ৰেক্টৰ চলাই মাটি চহাব, খেতি কৰিব ৷ সেয়ে পানীৰ কণিকা কঢ়িয়াই অনা এই ধুমুহা–বতাহজাক অসমীয়া ৰাইজৰ অতি মৰমৰ, ৰাইজে মৰমতে ধুমুহাজাকৰ নাম দিছে বৰদৈচিলা ৷ অসমীয়া মানুহে কল্পনা কৰে যে বৰদৈচিলা নামৰ ছোৱালীজনীয়ে শহুৰেকৰ ঘৰৰ পৰা বিহু খাবলৈ মাকৰ ঘৰলৈ উৰি আহিছে ৷ বৰদৈচিলাই আমাক আগজাননী দিয়ে যে আমাৰ অতিকৈ চেনেহৰ ৰঙালী বিহুটি আহি পালেহি ৷ মন কৰিবা এজাক বৰষুণ গাত পৰিল কি নপৰিল, শুকান গছবোৰত কুঁহিপাত ওলাল, আমি মন নকৰা তগৰজোপাই ফুলৰ কলি পেলালে ৷ তামোল গছত থকা কপৌফুল আৰু ভাটৌফুলবোৰ যেন এৰাতিৰ ভিতৰতে ফুলি উঠিল ৷ তোমালোকে বাৰু জানানে যে আমাৰ অসমকে ধৰি সমগ্র উত্তৰ–পূর্বাঞ্চলত ছশবিধৰো অধিক প্রজাতিৰ কপৌ ফুল বা অর্কিড পোৱা যায ৷ কেইবিধমান কপৌ ফুলৰ অসমীয়া নামবোৰ দিছো চতুৱা কপৌফুল, বিহুৱা কপৌফুল, জেঠুৱা কপৌফুল আদি৷ কপৌফুল অসমৰ জাতীয় ফুল ৷
এইবোৰৰ মাজতে কুলি চৰাইৰ সুৱদি মাতে আমাক জনাই দিলে বছৰৰ শ্রেষ্ঠ ঋতু বসন্ত আহি গল, আহি পালে আমাৰ অতিকৈ চেনেহৰ ৰঙালী বিহু ৷ প্রকৃতিৰ ধুনীয়া ৰূপ দেখি আমি অসমীয়ায়ো ৰঙালী বিহুটিক আদৰিবলৈ সাজু হলোঁ ৷ গছে নতুন পাত সলোৱাদি আমিও বিহুত নতুন কাপোৰ পিন্ধো, মা, খুৰী, বাইদেৱে তাঁতশালত বৈ দিয়া বিহুৱান দি ডাঙৰজনক সেৱা জনাওঁ, সৰুজনক মৰম যাচোঁ ৷ গাঁৱত থকাবোৰে লগৰ সমনীয়াৰ সৈতে বিহু নাচিবলৈ যাওঁ, গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাবলৈ যাওঁ, নগৰত বাস কৰাসকলে মঞ্চত হোৱা বিহুৰ অনুষ্ঠানবোৰ চাবলৈ যাওঁ ৷
এই ৰঙালী বা বহাগ বিহুতেই আৰম্ভ হয় অসমীয়া নতুন বছৰ ৷ ৰেল, বিমান আনকি আমাৰ পৰীক্ষাবোৰো ইংৰাজী কেলেণ্ডাৰ মতে হলেও, আমাৰ সামাজিক উৎসৱ, বিয়া–বাৰু, নতুন ঘৰ লোৱা আদি উৎসৱবোৰ কিন্তু আমি অসমীয়া কেলেণ্ডাৰমতেহে শুভদিন চাই উদ্যাপন কৰোঁহঁক ৷ সেয়ে সকলোৱে নতুন পঞ্জিকাখন প্রকাশ হবলৈ ৰৈ থাকে ৷ জানানে আমাৰ এই ৰঙালী বিহু সাত দিন ধৰি চলে ৷ সেই সাতটা দিনৰ নামবোৰ হল ক্রমে গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, কুটুম বিহু, নাঙল বিহু, চেনেহী বিহু, চেৰা বিহু ৷ খেতিয়কৰ কাৰণে গৰু কিমান যে মূল্যৱান তাক তোমালোকে জানাই ৷ গৰু নহলে পথাৰত খেতি কৰিব নোৱাৰি ৷ সেয়ে খেতিয়কসকলে ৰঙালী বিহুৰ প্রথম দিনটোত গৰু বিহুকেই পাতে ৷ এতিয়া বিহুগীত এটিৰেই মোৰ চিঠিখন সামৰিব খুজিছোঁ
চতে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি লতা
কৈ থাকোমানে ওৰকে নপৰে
ৰঙালী বিহুৰে কথা৷
সকলো অকণিলৈকে আইনাৰ পিনৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ বাবে ওলগ জনালোঁ ৷ নতুন বছৰটো তোমালোক আটাইৰে বাবে যেন শুভ হয় ৷
তোমালোকৰ মাহী
বন্দিতা ফুকন
Comments are closed, but trackbacks and pingbacks are open.