ৰানার্ছ নী
ডাঃ প্রাঞ্জল প্রতিম বৰা
মানুহৰ আঁঠুৰ গাঁঠি বা Knee joint হল আমাৰ শৰীৰৰ ওজন বহন কৰা একপ্রকাৰৰ weight bearing joint ৷ আমি কেনেধৰণৰ কাম কৰোঁ, কি পজিচনত কাম কৰোঁ, শৰীৰত ভিটামিনৰ পৰিমাণ, কেলছিয়ামৰ পৰিমাণ, হৰমনৰ পৰিমাণ আদিয়ে আঁঠুৰ সুস্থতাৰ ওপৰত যথেষ্ট প্রভাৱ পেলায় ৷ দীর্ঘ সময়ৰ বাবে অলপ অলপকৈ হলেও আঁঠুৰ ওপৰত জোৰ পৰিলে বা অলপ সময়ৰ বাবে হলেও যদি আঁঠুৰ ওপৰত বেছিকৈ জোৰ পৰে, তেনেহলে আমি আঁঠুৰ সমস্যাত পৰাৰ সম্ভাৱনা থাকে ৷ কামৰ প্রয়োজনীয়তাত আমি আঁঠুৰ ওপৰত অলপ হলেও ৰিস্ক্ লৈয়ে কাম কৰিবলগীয়া হয় বুলি কলেও ভুল নহব ৷ সততে খেলুৱৈ, এথলীটসকল, বা বেছিকৈ দৌৰা বা জঁপিওৱা লোকসকলে আঁঠুৰ আগফালে বা আঁঠুৰ ঘিলাটোৰ ওপৰত এক বিষৰ সমস্যাত ভোগা দেখা যায়৷ যিটোক কোৱা হয় পেটএলা ফিমৰেল্ পেহন্ ছিনড্রম(patello femoral pain syndrome) বুলি ৷ এনে হলে দিনটোৰ কাম–কাজবোৰ আপুনি নিয়মিতভাৱে কৰি থাকিব পাৰিব, কিন্তু আঁঠুৰ ওপৰভাগত এটা নেৰানেপেৰা বিষ লাগি থাকিব ৷ ভলীবল, বাস্কেটবল, দৌৰ খেল আদিৰ খেলুৱৈসকলৰ মাজত এহ কণ্ডিচনটো বেছিকৈ দেখা যায় বাবে ইয়াক Runners Knee হিচাপেও জনা যায় ৷ দৌৰা, জঁপিওৱা, squat বা আঁঠু কোঁচোৱা, stair climbing বা চিৰি বগোৱা আদি কামৰ লগত এনেধৰণৰ আঁঠুৰ আগফালে হোৱা বিষ বা anterior pain পোনপটীয়াকে জড়িত ৷
ৰানার্ছ নী কি ?
আমাৰ আঁঠুৰ গাঁঠিটোত যিটুকুৰা সৰু হাড় থাকে, সাধাৰণতে আমি যাক আঁঠুৰ ঘিলা বুলি কওঁ, তাক কোৱা হয়“Patella” পেটএলা bone বুলি ৷ এই Patella হাড়টুকুৰাই আঁঠুৰ ওপৰৰ আৰু আঁঠুৰ তলৰ হাড়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰে, বিশেষকৈ আমি যেতিয়া ভৰিখন চিধা–বেঁকা কৰোঁ ৷ যেতিয়া আমি আঁঠুটো কোঁচাওঁ, এই সৰু হাড়টুকুৰা তললৈ যায়, আৰু যেতিয়া আঁঠুটো চিধা কৰোঁ, এই হাড়টুকুৰা ওপৰলৈ আহে ৷ মানে আঁঠুটো প্রত্যেকবাৰ চিধা–বেঁকা কৰোঁতে এই হাড়টুকুৰা গ্লাইড হয় ৷ কিন্তু কেতিয়াবা আঁঠুৰ লগত জডিত মাচ্লসমূহ টান হৈ গলে বা improper movement ৰ বাবে এই patella হাড়টুকুৰা ঘঁহনি খায় ৷ লগতে Patella হাড়ডালৰ লগত লাগি থাকা Cartilage অকামিলা হৈ অত্যধিক ঘঁহনি খায় ৷ ফলত আঁঠুত বিষ অনুভৱ হয় ৷
কাৰণঃ
- বেছিকৈ দৌৰা বা জঁপিওৱা লোকসকলৰ মাজত ৷
- চাইক্লিং কৰা লোকসকলৰ মাজতো এনে আঁঠুৰ বিষ দেখা যায় ৷
- Overuse বা ৯০ ডিগ্রীতকৈ বেছি আঁঠু কোঁচাই আঁঠুৰ ব্যৱহাৰ কৰিলে ৷
- আঁঠুৰ ঘিলাৰ ওপৰত জোৰ পৰাকৈ বহিলে ৷
- Muscle imbalance.
পেটএলো ফিমৰেল ছিনড্রম বা ৰানার্ছ নীৰ লক্ষণঃ
- আঁঠুৰ ঘিলাৰ ওপৰত বিষ ৷
- আঁঠুটো বেঁকা কৰি চিধা কৰি দিলে আঁঠুৰ ভিতৰৰ পৰা ক্লিক কৰাৰ দৰে শব্দ পায় ৷
- আঁঠুত লক্ লগাৰ দৰে অনুভৱ কৰিব ৷
- চিৰি বগালে বাstair climbing কৰিলে আঁঠুৰ ঘিলাৰ ওপৰত বিষ ৷ বিশেষকৈ ওপৰলৈ উঠোতে বেছিকৈ বিষ অনুভৱ হয়৷
- বেছি সময় বহি থাকিলেও আঁঠুত বিষ অনুভৱ হয় ৷
চিকিৎসাঃ
- বিভিন্ন ধৰণৰStretching আৰু Strenghtening exerciseৰ সহায়ত“Patello femoral pain syndrome” চিকিৎসা কৰা হয় ৷ বিশেষকৈ আঁঠুৰ ওচৰত থকা মাংসপেশীৰ stretching কৰি আৰু weak মাংসপেশীৰ strengthening exercise কৰি আঁঠু বা knee jointৰstability ঘূৰাই অনা হয় ৷
- বিষ থকা অৱস্থাত ভৰিখন ৰেষ্টত ৰখা অতি প্রয়োজনীয় ৷
- শৰীৰৰ ওজন নিয়ন্ত্রণত ৰখা প্রয়োজন ৷ শৰীৰৰ ওজন অধিক হলে ওজন কমোৱাৰ বাবে লবলগীয়া পদক্ষেপসমূহ লোৱা উচিত ৷
- যিকোনো দৌৰা, জঁপিওৱা বা আন কোনো খেলাধূলা বা ব্যায়াম আদি কৰাৰ আগত কিছুসময়ৰ ৱার্ম আপ অতি জৰুৰী ৷
- আঁঠু কোঁচাই কৰা কামবোৰ বাদ দিয়া উচিত আৰু আঁঠুত knee cap ব্যৱহাৰ কৰা উচিত
ফোন ৮৬৩৮৩–৮৮০৭৭
Comments are closed, but trackbacks and pingbacks are open.