ৰীণা দেৱী
এতিয়া শৰৎ কাল ৷ শৰৎ মানেই শীতৰ আৰম্ভণি আৰু উৎসৱৰ বতৰ ৷ এই সময়ছোৱাত উখল–মাখল লগা জকমকীয়া পৰিৱেশ এটা যেনেদৰে দৃষ্টিগোচৰ হয়, ঠিক একেদৰে ৰেষ্টুৰেণ্ট তথা দোকানসমূহত ভিন্ন স্বাদৰ বিবিধ মিঠাইৰ লগতে অন্যান্য জুতি লগা খাদ্য সম্ভাৰো দেখা পোৱা যায় আৰু তেনে মুহূর্তত আমাৰ প্রায় সকলোৰে ইচ্ছা হয় যে আমি যদি এই সমস্ত খাদ্যবস্তুৰ সোৱাদ লব পাৰিলোঁহেঁতেন ৷ সঁচাকৈয়ে উৎসৱৰ দিনত বাহিৰত খোৱা–বোৱাৰ ক্ষেত্রত নিজৰ মনটোক চম্ভালি ৰখা খুব কঠিন হৈ পৰে ৷ পিছে চিন্তা কৰাৰ প্রয়োজন নাই ৷ এইবেলি কেইটামান বিশেষ কথালৈ যদি ধ্যান ৰাখিব পাৰে, তেন্তে বিবিধ খাদ্যৰ সোৱাদ লৈ উৎসৱৰ আনন্দ উপভোগ কৰিব পাৰিব ৷
উৎসৱৰ বতৰ হলেও শৰীৰটোতো আপোনাৰেই ৷ উৎসৱৰ আনন্দতে যতে যিহকে পায়, ওলট–পালটকৈ খাই শৰীৰটো লোঢোমা নকৰিব ৷ গতিকে উৎসৱৰ পৰিৱেশ হলেও নিজৰ দৈনিক খাদ্য তালিকাখন অনুসৰণ কৰিবলৈ নাপাহৰিব ৷ শাৰদীয় বতৰত বাহিৰত খোৱা–বোৱা কৰিব লগা হলে ওটছ, ব্রাউন ব্রেড, ফল, গাখীৰ, কর্ণফ্লেক্স ইত্যাদি খাব ৷ একেদৰে দুপৰীয়াৰ আহাৰত দাইল, তৰকাৰী, দৈ আদি গ্রহণ কৰিব ৷ এনেবোৰ খাদ্যৰ প্রতি গুৰুত্ব দিলে আপুনি নিষ্চিন্ত থাকিব পাৰিব ৷
সুস্থতা অটুট ৰাখিবলৈঃ
- কল্ড ড্রিংকছৰ পৰিৱর্তে নেমু পানী খাব ৷
- চাট–পকৰীৰ সলনি ইড্লি খাব ৷
- ফল–মূল, সেউজীয়া শাক–পাচলিৰ সেৱন উৎসৱৰ দিনতো কৰক ।
- নিশাৰ ভাগত বাহিৰত খাব লগা হলেও লঘু আহাৰ গ্রহণ কৰা ভাল৷
কিছু সাৱধানতাঃ
- উৎসৱাদিত বাহিৰৰ দোকান–ৰেস্তোৰাঁত ভুলতো চালাড নাখাব, কিয়নো বহু সময়ৰ পূর্বে চালাড কাটি ৰখা হয়, যৰ পৰা বেক্টেৰিয়া সংক্রমণৰ সম্ভাৱনা বেছি থাকে ৷
- বজাৰৰ চুপ বা চৰবতৰ পৰিৱের্ত কফী পীব ৷
আপোনাৰ সন্মুখতে হয়তো চাইনিজ অথবা ইটালিয়ান খাদ্য ৰান্ধি থকা দেখিবলৈ পাব আৰু তাৰে গোন্ধ আহি নাকত লগাৰ লগে লগে খাই চাবৰো মন যাব ৷ তথাপি খোৱাৰ আগেয়ে এবাৰ চিন্তা কৰি চোৱা উচিত, কাৰণ উচ্চ ৰক্তচাপৰ ৰোগী বা গর্ভৱতী মহিলা হলে এনে খাদ্যই উপকাৰতকৈ অপকাৰহে বেছি কৰিব ৷
- বাৰে বাৰে গৰম কৰা খাদ্যত পুষ্টিসাধক উপাদান নাথাকে ৷ সেয়েহে ঘূৰা–ফুৰা কৰি থাকোঁতে যত উৎকৃষ্টমানৰ খাদ্য চকুত পৰে, তাতহে খাব ৷
- আজিকালি প্রায়ে আমি চাহ, কফী, কল্ড ড্রিংক আদি প্লাষ্টিকৰ গিলাচত খাওঁ ৷ কিন্তু ই স্বাস্থ্যসন্মত নহয় ৷ ইয়াৰ পৰা কেঞ্চাৰ সৃষ্টি কৰিব পৰা তত্ত্ব উৎপন্ন হোৱাৰ সম্ভাৱনা থাকে ৷ এই কাৰণতে প্লাষ্টিকৰ ব্যৱহাৰ নকৰিব ৷
- ফ্ৰুইট জুচ যদি তৈয়াৰ কৰাৰ আধা ঘণ্টাৰ পিছত খায়, তেতিয়া তাত থকা পুষ্টিসাধক উপাদানখিনি নষ্ট হৈ যায় ৷ সেয়ে জুচ তৈয়াৰ কৰাৰ ক্ষন্তেক পিছতে পী লব ৷
সৰহসংখ্যকৰে ষ্ট্রীটফুডৰ প্রতি আকর্ষণ বেছি ৷ কিন্তু আমাৰ অজ্ঞাতেই তেনেবোৰ খাদ্যবস্তু বেক্টেৰিয়াৰ দ্বাৰা সংক্রমিত হৈ বিষাক্ত হব পাৰে ৷ সেই গতিকে সাৱধান হোৱা উচিত ৷
- পেকেটত থকা ফল বা বিদেশী খাদ্য খোৱাৰ পৰিৱর্তে স্থানীয় বজাৰত উৎপাদিত খাদ্য খাওক ৷
বাচন–বর্তনৰ প্রতিও ধ্যান ৰাখিবঃ
- তাম বা এলুমিনিয়ামৰ বাচনত ৰখা খাদ্য নাখাব, কিয়নো ইয়াৰ পৰা কেমিকেল ৰিয়েকচন হোৱাৰ ভয় থাকে ৷
- সেউজীয়া শাক–পাচলি লোহাৰ বাচনত খালে তাত লৌহ তত্ত্ব বাঢ়ি যায় ৷
- তামৰ বাচনত গাখীৰ, দৈ নাখাব ৷
অত্যধিক খোৱাৰ পৰা বিৰত থাকিব কেনেকৈঃ
- উৎসৱৰ দিনকেইটাত ঠায়ে ঠায়ে অনুষ্ঠিত প্রতিযোগিতা, বিভিন্ন অনুষ্ঠান আদিত অংশগ্রহণ কৰক ৷
- ভোক লাগিলে সামান্য ড্রাই ফ্রুইটছ খাওক ৷
- বজাৰ–সমাৰ কৰক৷ উপহাৰ কিনক ৷
- অনবৰতে খোৱাৰ কথা ভাবি নাথাকিব ৷
- সুন্দৰ পৰিৱেশত গেট টুগেডাৰৰ পৰিকল্পনা কৰক ৷
সর্বশেষত এষাৰ কথা উনুকিয়াই থওঁ, উৎসৱৰ বতৰ হলেও যতে খাবলৈ বহে, খোৱাৰ পূর্বে নিজৰ হাত দুখন ধুবলৈ নাপাহৰিব ৷ এনেভাৱে প্রতিটো মুহূর্ত উদ্যাপন কৰিলে সুস্বাস্থ্য অটুট থাকিব আৰু এইবেলি শাৰদোৎসৱৰ এটি এটি ক্ষণ আনন্দ উৎসাহপূর্ণ হব ৷