ৰাজীৱ কাশ্যপ
শৰীৰত পানীৰ পৰিমাণ কমি যোৱা অৱস্থাটোকে ডিহাইড্রেচন হোৱা বুলি কোৱা হয় ৷ আমাৰ শৰীৰৰ ৬০-৭৫ শতাংশই পানী৷ প্রতিটো কোষৰ ভিতৰত পানী থাকে ৷ তেজতো অধিক অংশ পানী থাকে ৷ আমি যিমান পানী বা পানীয় বস্তু পান কৰোঁ তাতকৈ যদি অধিক পানী শৰীৰৰ পৰা ওলাহ যায়, তেতিয়াহ আমি ডিহাইড্রেচনত ভোগো ৷ সকলো লোকে জীৱন কালত কম–বেছি পৰিমাণে ডিহাইড্রেচনত ভুগিব পাৰে যদিহে পর্যাপ্ত পৰিমাণৰ পানী নাখায় ৷ শৰীৰত ২%-৪% পানী কমিলে সাধাৰণ (Mild) 5-8% পানী কমিলে মধ্যমীয়া (Moderate) আৰু তাতকৈ অধিক পানী কমিলে গুৰুতৰ (Severe) ডিহাইড্রেচন হোৱা বুলি কোৱা হয় ৷ শিশু আৰু বয়োজ্যেষ্ঠসকলৰ ক্ষেত্রত ডিহাইড্রেচনে গুৰুতৰ সমস্যা সৃষ্টি কৰিব পাৰে ৷ শিশুৰ ক্ষেত্রত বেছিকৈ ডায়েৰীয়া আৰু বমি হলে প্রধানকৈ ডিহাইড্রেচন হোৱা দেখা যায় ৷ ডিহাইড্রেচন কমকৈ হ’লে আমি সহজতে নিৰাময় কৰিব পাৰোঁ ৷ যদিহে এজন লোকে গুৰুতৰভাৱে ডিহাইড্রেচনত ভোগে তেওঁক ততালিকে ডাক্তৰৰ ওচৰলৈ নিয়া উচিত ৷
ডিহাইড্রেচনৰ লক্ষণঃ ডিহাইড্রেচনৰ লক্ষণসমূহ বেলেগ বেলেগ বয়সৰ লোকৰ ক্ষেত্রত বেলেগ হয় ৷
শিশুৰ ক্ষেত্রত লক্ষণঃ
১. মুখ, জিভা আৰু গাৰ ছাল শুকাই যায় ৷
২. কান্দিলেও চকুৰ পানী নোলায় ৷
৩. তিনি ঘণ্টালৈ প্রস্রাৱ নকৰা বা অতি কমকৈ প্রস্রাৱ হোৱা ৷
৪. চকু দুটা বহি যোৱা যেন দেখা যায় ৷
৫. শিশু ভাগৰুৱা তথা লেবেজান হয় আৰু খিংখিঙীয়া স্বভাৱৰ হয়৷
প্রাপ্তবয়স্ক্ৰ ক্ষেত্রত লক্ষণঃ
১. অতিমাত্রা পিয়াহ লগা ৷
২. কমকৈ আৰু ৰঙচুৱা প্রস্রাৱ হোৱা ৷
৩. ভাগৰুৱা অনুভৱ কৰা ৷
৪. মূৰ বিষ হোৱা, মূৰঘূৰণি হোৱা ৷
৫. হূদস্পন্দন বৃদ্ধি হয়, কিন্তু ৰক্তচাপ কমি যোৱা ৷
৬. ভৰি ফুলা, মাংসপেশীৰ সংকোচন হোৱা ৷
৭. কোষ্ঠকাঠিন্য হোৱা ৷
৮. গৰম সহ্য নোহোৱা, কঁপনি উঠা ৷
৯. ভ্রম হোৱা, মূর্ছা যোৱা আদি ৷
ডিহাইড্রেচনৰ কাৰণঃ
ডিহাইড্রেচনৰ প্রধান আৰু মুখ্য কাৰণ হৈছে পানী কমকৈ খোৱা আৰু অধিক পানী শৰীৰৰ পৰা ওলাই যোৱা ৷ কেতিয়াবা বিভিন্ন কাৰণবশতঃ পানী কমকৈ খালে শৰীৰত পানীৰ পৰিমাণ হ্রাস হব পাৰে ৷ কর্মব্যস্ততাৰ বাবে সকলো সময়তে পানী খোৱা সম্ভৱ নহবও পাৰে আৰু এইটো এটা ডিহাইড্রেচনৰ কাৰণ হব পাৰে ৷ ইয়াৰ বাহিৰেও অন্যান্য বহুতো কাৰণত ডিহাইড্রেচন হব পাৰে ৷ সেইবোৰ হৈছে ।
¨ডায়েৰীয়াঃ ই ডিহাইড্রেচনৰ প্রধান আৰু অতি গুৰুতৰ কাৰণ ৷ ই মৃত্যুৰ কাৰণো হব পাৰে ৷ আমাৰ পাচন তন্ত্রৰ বৃহদান্ত্রই পাচন হোৱা খাদ্যৰ অতিৰিক্ত পানীখিনি শোষণ কৰি লয় ৷ ডায়েৰীয়া হলে এই প্রক্রিয়াটো বাধাগ্রস্ত হয়, যাৰ কাৰণে শৌচৰ লগত অধিক পানী শৰীৰৰ পৰা ওলাই যায় ৷ ডায়েৰীয়া অতি বেছিকৈ হলে ডিহাইড্রেচনৰ অতি গুৰুতৰ সমস্যা হয় আৰু সময়তে উচিত চিকিৎসা নকৰিলে ৰোগীজন মৃত্যুমুখত পৰিব পাৰে ৷
১. বমিঃ বমি কৰিলেও বহু পৰিমাণে পানী শৰীৰৰ পৰা ওলাই যায় বেছিকৈ বমি হৈ থাকিলেও গুৰুতৰ ডিহাইড্রেচন হব পাৰে ৷
২. অত্যধিক ঘাম ওলালেও ডিহাইড্রেচ ন হব পাৰে ৷ বেছিকৈ শাৰীৰিক পৰিশ্রম কৰিলে বা গৰমত ঘাম বেছিকৈ ওলালে যদি সেই অনুসৰি পানী বা পানীয় বস্তু খোৱা নহয়, তেতিয়াও ডিহাইড্রেচন হয় ৷
৩. অধিক প্রস্রাৱ হলেও শৰীৰত পানীৰ পৰিমাণ কমি যায় ৷ মধুমেহ ৰোগ অনিয়ন্ত্রিত হৈ থাকিলে প্রস্রাৱ সঘনাই হৈ থাকে ৷ কিছুমান দৰব যেনে– ডাই–ইউৰেটিকছ, ৰক্তচাপ নিয়ন্ত্রণৰ কিছুমান দৰব সেৱন কৰিলেও প্রস্রাৱৰ পৰিমাণ বৃদ্ধি হয়, যাৰ বাবে শৰীৰত পানীৰ পৰিমাণ হ্রাস পায় ৷
৪. ৰ হলেও ডিহাইড্রেচন হব পাৰে ৷ বমি আৰু ডায়েৰীয়াৰ লগত ৰ হলে ডিহাইড্রেচনৰ গুৰুতৰ সমস্যা হব পাৰে ৷
৫. জুয়ে পোৰা লোকসকলো ডিহাইড্রেচনত ভোগে ৷
ডিহাইড্রেচন সকলো ধৰণৰ লোকৰে হব পাৰে যদিও কিছুমান লোকৰ ডিহাইড্রেচনত ভোগাৰ সম্ভাৱনা বেছি ৷ বয়োজ্যেষ্ঠ লোকসকল প্রায়েই ডিহাইড্রেচনত ভোগে ৷ বয়সৰ লগে লগে মগজুৰ কিছুমান পৰিৱর্তনৰ বাবে পিয়াই লগা অনুভূতি কমি আহে, যাৰ কাৰণে পানী খোৱাৰ পৰিমাণ কম হব পাৰে ৷ ইয়াৰ বাহিৰেও এথলীটসকল, কঠোৰ পৰিশ্রম কৰাসকল, ব্যায়াম কৰা লোকসকলো ডিহাইড্রেচনত ভোগাৰ সম্ভাৱনা বেছি ৷ কিছুমান দীঘলীয়া সময় ধৰি ভুগি থকা ৰোগ যেনে মধুমেহ, উচ্চ ৰক্তচাপ, বৃক্কৰ ৰোগ, এড্রিনেল গ্রন্থিৰ ৰোগ আদিৰ বাবেও ডিহাইড্রেচনৰ সমস্যা হব পাৰে ৷ শিশুসকলে বমি, ডায়েৰীয়া হলে প্রায়েহ ডিহাইড্রেচনত ভোগে ৷
ডিহাইড্রেচনৰ ফলত হব পৰা জটিলতাঃ
শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ লগে লগে তেজৰ পৰিমাণো কমি আহে ৷ যাৰ কাৰণে ৰক্তচাপ কমি যায় আৰু হূদস্পন্দন বাঢ়ি যায় ৷ শৰীৰত অক্সিজেনৰ যোগান হ্রাস পায়, যাৰ ফলত মূর্ছাও যাব পাৰে ৷ সমস্যাটো গুৰুতৰ হলে লোকজনৰ মৃত্যুপর্যন্ত হব পাৰে ৷ ইয়াৰ বাহিৰেও ডিহাইড্রেচনৰ ফলত শৰীৰত খনিজ পদার্থসমূহৰ পৰিমাণো অনিয়ন্ত্রিত হব পাৰে ৷ মূত্রনলীৰ সংক্রমণ, বৃক্কত পাথৰ আদি সমস্যাও হব পাৰে ৷ ডিহাইড্রেচনৰ বাবে মাংসপেশী সংকুচিত হোৱা (Muscle Cramps), হিট ষ্ট্রোক আদিও হোৱা দেখা যায় ৷
ডিহাইড্রেচনৰ চিকিৎসা তথা প্রতিৰোধ কৰাৰ উপায়ঃ ডিহাইড্রেচন দূৰ কৰিবলৈ হলে শৰীৰৰ পানীৰ পৰিমাণ ববাব লাগিব ৷ হয়াৰ বাবে যথেষ্ট পৰিমাণে পানী, ফলৰ ৰস, অ আৰ এছ আদি খাবলৈ দিব লাগে ৷ সমস্যাটো গুৰুতৰ হলে ৰোগীক চেলাইন দিবলগীয়া হয় ৷ ডিহাইড্রেচন হোৱাৰ কাৰণটো বিচাৰি তাক নিৰাময় কৰিব লাগে ৷ ডিহাইড্রেচনত ভোগা লোকসকলে কেফেইন থকা পানীয় যেনে– চাহ, কফী, ছডাযুক্ত পানীয় আদি খাব নালাগে ৷
ডিহাইড্রেচন প্রতিৰোধ কৰি ৰখাটো হৈছে প্রধান চিকিৎসা ৷ বিশেষকৈ যিসকল লোকৰ ডিহাইড্রেচন হোৱাৰ সম্ভাৱনা অধিক, সেইসকল লোকে এহক্ষেত্রত অধিক গুৰুত্ব দিব লাগে ৷ ইয়াৰ বাবে পর্যাপ্ত পৰিমাণে পানী, ফলৰ ৰস আদি খাব লাগে ৷ পানী বেছিকৈ থকা পাচলি আৰু ফল–মূল আদি খাব লাগে ৷ গধুৰ ব্যায়াম কৰা লোকসকলে, শাৰীৰিক পৰিশ্রম কৰা লোকসকলে, গৰম বতৰত যথেষ্ট পৰিমাণে পানী, ফলৰ ৰস আদি খাব লাগে ৷ ডায়েৰীয়া, বমি, ৰ আদি হলে শৰীৰত পানীৰ ঘাটি পূৰাবলৈ লগে লগেই পানী আৰু পানীয়ৰ সেৱন আৰম্ভ কৰিব লাগে ৷
এইদৰে অলপমান সাৱধানতা অৱলম্বন কৰি আমি ডিহাইড্রেচন আৰু ইয়াৰ ফলত হব পৰা জটিলতাৰ পৰা হাত সাৰিব পাৰোঁ ৷
ফোনঃ ৮৬৩৮২-৭২৮৬৩