ডঃ হৰিশংকৰ কাকতী
ষ্টেভিয়া (Stevia) যাক Candy leaf, Sugar leaf, Sweet leaf, মিঠা তুলসী বা মৌ পাত বুলিও কোৱা হয়, আজিকালি চেনিৰ এক প্রাকৃতিক বিকল্প হিচাপে সমগ্র বিশ্বতে চিহ্ণিত হৈছে ৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল ষ্টেভিয়া ৰেবাউডিয়ানা (Stevia Rebaudiana) ৷ ই সূর্যমুখী এষ্টেৰেচি–Asteraceae) পৰিয়ালৰ ষ্টেভিয়া প্রজাতিৰ এটি উদ্ভিদ ৷ প্রকৃতিৰ এক অমূল্য অৱদান এই উদ্ভিদটো দক্ষিণ আমেৰিকাৰ ব্রাজিল, পাৰাগুৱে, কলম্বিয়া আৰু ভেনিজুৱেলাৰ গুৱাৰানী (Guarani) লোকসকলে ১৫০০ বছৰৰো অধিক কাল ধৰি ব্যৱহাৰ কৰি আহিছে, যিয়ে ইয়াক ka`a he`a মিঠা ভেষজ বুলি অভিহিত কৰিছিল ৷ স্থানীয় চাহ, পানীয় আৰু কিছুমান ঔষধ মিঠা কৰিবলৈ লগতে মিঠা আহাৰ হিচাপে ব্রাজিল আৰু পাৰাগুৱেৰ লোকসকলে পৰম্পৰাগতভাৱে ইয়াৰ পাতবোৰ ব্যৱহাৰ কৰি আহিছে ৷ স্পেনিছ উদ্ভিদ বিজ্ঞানী আৰু চিকিৎসক পেড্রো জেইম্ এষ্টিভ্ ( Pedro Jaime Esteve- 1500-1556)-এ ইয়াৰ ওপৰত প্রথমে কৰা গৱেষণাৰ বাবে তেওঁৰ নামেৰে এই উদ্ভিদবিধৰ নাম ষ্টেভিয়া দিয়া হৈছিল ৷ ১৮৯৯ চনত উদ্ভিদ বিজ্ঞানী মইচেছ্ ছাণ্টিয়েগ বার্টনি (Moises Santiago Bertoni)–য়ে প্রথমে উদ্ভিদটো পূব পাৰাগুৱেত বৃদ্ধি হোৱা বুলি বর্ণনা কৰে আৰু তাত গৱেষণা চলাই থকা সময়তে প্রথমে ইয়াৰ মিঠা সোৱাদৰ বিষয়ে বিতংভাৱে বর্ণনা কৰে ৷ তেওঁৰ এই স্বীকৃতিৰ পিছতেই গোটেই বিশ্বৰ জনসাধাৰণে ইয়াৰ অৱস্থিতি আৰু গুণাগুণৰ বিষয়ে সম্যক জ্ঞান লভিবলৈ সক্ষম হয় ৷ কেৱল সীমিত গৱেষণাৰ বাবে ১৯৩১ চনৰ আগলৈকে ইয়াত থকা ৰাসায়নিক উপাদানসমূহ চিনাক্ত কৰিব পৰা নগৈছিল ৷ ১৯৩১ চনত দুজন ফৰাচী ৰসায়নবিদ এম ব্রাইডেল (M Bridel) আৰু আৰ লাভিয়েল(R Lavielle)–এ ইয়াত থকা দুবিধ মিঠাজাতীয় পদার্থ ষ্টেভিয়ল গ্লাইকছাইড্ ( Steviol Glycoside), মুখ্যতঃ ষ্টেভিচাইড্ (Stevioside) আৰু ৰেবাউডিছাইড্ (Rebaudioside) চিনাক্ত কৰি পৃথক কৰে, যত চেনিতকৈ ২০০-৩০০ গুণ মিঠা সোৱাদ থকা বুলি প্রমাণিত হয় ৷ ষ্টেভিয়াৰ পাতত ৯.১% ষ্টেভিচাইড্ আৰু ৩.৮% ৰেবাউডিচাইড্ থাকে ৷
আমেৰিকান হার্ট এছচিয়েচন(AHA)ৰ পৰামর্শ অনুসৰি এজন পুৰুষৰ বাবে দৈনিক প্রায় ৯ চাহ চামুচ বা ৩৬ গ্রাম (১৫০ কেলৰি আৰু এজনী মহিলাৰ বাবে দৈনিক প্রায় ৬ চাহ চামুচ ২৪ গ্রাম (১০০ কেলৰি চেনি খোৱাটো নিৰাপদ৷ অৱশ্যে হয়াত প্রাকৃতিক ফল–মূল, পাচলি আৰু অন্যান্য খাদ্যবস্তুৰ পৰা পোৱা চেনিৰ কথা ধৰা হোৱা নাই ৷ প্রাকৃতিকভাৱে পোৱা খাদ্য বস্তুসমূহত পানী, আহ আৰু বিভিন্ন মাহক্রনিউড্রিয়েণ্ট থাকে ৷ ইয়াত থকা চেনিয়ে দেহৰ সিমান ক্ষতি নকৰে ৷ কিন্তু অতিৰিক্ত পৰিমাণৰ চেনি গ্রহণ কৰাৰ ফলত আমাৰ দেহে কোনো পুষ্টিৰ প্রয়োজনীয়তা বা লাভালাভ অনুভৱ নকৰে ৷ বৰঞ্চ ই মধুমেহ, হূদৰোগ, দেহৰ প্রতিৰোধ ক্ষমতা হ্রাস হোৱা, দন্তক্ষয়, অকাল বার্ধক্য, ওজন বৃদ্ধি, কর্কট ৰোগ, হতাশা, আলঝেইমাৰ ৰোগ, যকৃতৰ ৰোগ, বৃক্কৰ ৰোগ, কর্কট ৰোগ, হাড়ৰ গাঁঠিৰ ৰোগ, ডিমেনচিয়া আদি নানান সমস্যাৰহে সৃষ্টি কৰে ৷ গতিকে চেনিৰ বিকল্প হিচাপে, বিশেষকৈ মধুমেহ ৰোগীৰ বাবে কৃত্রিম মিঠা (Artificial Sweetener)ৰ প্রচলন আৰম্ভ হল, যিয়ে কোনো কেলৰি বা চেনি অবিহনে মিঠা সোৱাদ সৃষ্টি কৰে৷ এই কৃত্রিম মিঠাবোৰ চেনিতকৈ ২০০ৰ পৰা ৬০০ গুণপর্যন্ত মিঠা ৷ ইয়াৰ বেছিভাগেই পৰীক্ষাগাৰত ৰাসায়নিক প্রক্রিয়াৰে প্রস্তুত কৰা হয় ৷ বিভিন্ন কৃত্রিম মিঠা পদার্থবোৰ হল– ছেকাৰিন(Saccharin), এচপাৰটেম্(Aspartame), চুক্রালজ্(Sucralose), নিটেম্(Neotame), এচিচুলফেম্ পটাছিয়াম(Acesulfame Potassium), চাইক্লামেট্(Cyclamate) আদি ৷ সচৰাচৰ ব্যৱহূতবিধ হল এচপাৰটেম্ ৷ ইয়াৰ বাহিৰেও আন কৃত্রিম মিঠা হল– চেনি এলকহলজাতীয় ৷ যেনে– এৰিথ্রল(Erithrol), জাইলিটল(Xylitol) আৰু চৰবিটল্(Sorbitol)৷ কিন্তু এইবোৰৰ ওপৰত চলোৱা বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে ইহঁতবোৰ চেনিতকৈও ক্ষতিকাৰক৷ এইবোৰৰ ব্যৱহাৰৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত বিভিন্ন নেতিবাচক প্রভাৱ পৰে৷ যেনে– মূৰৰ বিষ, হতাশা, কর্কট ৰোগৰ সৃষ্টি, ভোক বৃদ্ধিৰ ফলত ওজন বৃদ্ধি, ডায়েৰীয়া, যকৃতৰ অসুখ, হাইপথাইৰয়ডিজিম্, বৃক্কৰ সমস্যা, স্নায়ুৰ ক্ষতি, হাওফাওঁৰ অসুখ ইত্যাদি ৷
গতিকে দেখা গল যে চেনি বা কৃত্রিম মিঠা কোনোটোৱেহ আমাৰ স্বাস্থ্যৰ বাবে সুবিধাজনক নহয়, বিশেষকৈ মধুমেহ ৰোগী ক্ষেত্রত৷ একমাত্র বিকল্প হিচাপে এই ষ্টেভিয়া বিশ্বজুৰি সমাদৃত হৈছে যদিও ইয়াৰ গৱেষণা এতিয়াও চলি আছে ৷ WHOৰ দ্বাৰা অনুমোদিত চেনিৰ এক সুৰক্ষিত আৰু স্বাস্থ্যৰ প্রাকৃতিক বিকল্প হল এই ষ্টেভিয়া, যাক শিশু, বৃদ্ধ, ৰোগী আৰু সকলো বয়সৰ পুৰুষ–মহিলাই বিশেষ একো পার্শ্বক্রিয়া নোহোৱাকৈ গ্রহণ কৰিব পাৰে৷ আমি ব্যৱহাৰ কৰা পৰিশোধিত চেনিৰ সৈতে সম্পর্কিত নেতিবাচক স্বাস্থ্য প্রভাৱ অবিহনেই খাদ্য মিঠা কৰিব পাৰে ৷ ২০০৬ চনৰ এটি গৱেষণাৰ মতে, সতেজ ষ্টেভিয়া পাতত ৮০ৰ পৰা ৮৫%ৰ ভিতৰত বৃহৎ পৰিমাণৰ পানী থাকে ৷ ইয়াৰ উপৰি ভিটামিন–এ, ভিটামিন–চি, আহৰন, মেংগানিজ, কেলছিয়াম, ক্রমিয়াম, ছডিয়াম, জিংক, কবাচ্ট্, পটাছিয়াম, ৰাহবফ্লেভিন্, থিমাইন, কেফেইক এচিড আৰু নানান ঔষধি গুণেৰে সমৃদ্ধ এহ ষ্টেভিয়াত কোনো খাদ্য হানিকাৰক পদার্থ নাথাকে ৷ ইয়াৰ উপৰি ইয়াত কেলৰি, কার্বহাইড্রেট্ আৰু কলেষ্টৰেলৰ পৰিমাণশূন্য৷Joint FAO/WHO Expert Committee on Food Additives বা চমুকৈJECFAৰ অনুমোদনৰ ওপৰত ভিত্তি কৰি এজন সুস্থ মানুহৰ বাবে দৈনিক ষ্টেভিল গ্লাইকছাইডৰ সুৰক্ষিত ব্যৱহাৰযোগ্য পৰিমাণ হল তেওঁৰ শৰীৰৰ প্রতি কিঃগ্রাঃ ওজনৰ বিপৰীতে ৪ মিঃগ্রাঃ, যিটো WHO ৰ দ্বাৰায়ো অনুমোদিত ৷ ইউৰোপীয় দেশসমূহত ইয়াক খাদ্যত ব্যৱহাৰৰ বাবে ২০১১ চনতে ইউৰোপীয় আয়োগেও সন্মত হৈছিল ৷ আমেৰিকা যুক্তৰাষ্ট্রতো ষ্টেভিল গ্লাইকছাইডক চেনিৰ পৰিপূৰক হিচাপে স্বীকৃতি দিছে ৷
উন্নত দেশবোৰত বহু আগৰে পৰাই এই ষ্টেভিয়া সমাদৃত হৈ আহিছে ৷ যদিও ইয়াৰ উৎপত্তি স্থল দক্ষিণ আমেৰিকা, তথাপি ইয়াৰ অধিক ব্যৱহাৰ দেখা যায় জাপানত ৷ ১৯৭০ চনৰ পৰাই জাপানত ষ্টেভিয়াৰ খেতি কৰা হৈছিল ৷ প্রথম বাণিজ্যিক ষ্টেভিয়া প্রস্তুত কৰিছিল জাপান Morita Kagaku Kgyo Co. Ltd. নামৰ কোম্পানীটোৱে ১৯৭১ চনত ৷ ২০০৬ চনৰ পৰা জাপানে আন যিকোনো দেশৰ তুলনাত অধিক ষ্টেভিয়া ব্যৱহাৰ কৰাৰ তথ্য পোৱা গৈছে ৷ ব্যৱহাৰিক ক্ষেত্রত শীর্ষস্থান দখল কৰা জাপানে বিভিন্ন খাদ্য সামগ্রী আৰু শীতল পানীয়সমূহত কোকাকোলাসহ অকল ষ্টেভিয়াহে ব্যৱহাৰ কৰা দেখা গৈছে ৷ ভাৰতবর্ষত ২০১৫ চনৰ নৱেম্বৰ মাহৰ পৰাহে খাদ্যত ইয়াৰ প্রয়োগ আৰম্ভ হৈছে ৷ উচ্চ উষতাত প্রায় ২০০০ চেলছিয়াছতো ইয়াৰ গুণগত মান বিনষ্ট নহয়, সেয়েহে ইয়াক চাহ, কফী, পায়স আদি প্রস্তুত কৰোঁতে উতলাই লব পাৰি ৷ তদুপৰি ইয়াৰ কিন্বনে (Fermentation) নহয় ৷ এণ্টি বেক্টেৰিয়েল, এণ্টি ফাংগেল, এণ্টি ভাইৰেল গুণসম্পন্ন এই ষ্টেভিয়াৰ উপকাৰিতা বহুত ৷ তেজত চেনিৰ পৰিমাণ হ্রাস কৰা, উচ্চ ৰক্তচাপ কমোৱা, বদহজমি দূৰ কৰা, শৰীৰৰ ওজন কমোৱা, হাড় শক্তিশালী কৰা, দন্তক্ষয় ৰোধ কৰা, শালমন আৰোগ্য কৰা, কর্কট ৰোগৰ সম্ভাৱনা হ্রাস কৰা, ছালৰ বেমাৰ দূৰ কৰা আদিত ষ্টেভিয়াৰ উল্লেখযোগ্য অৱদান আছে ৷ বর্তমান বিভিন্ন Online siteত উপলব্ধ মধুমেহ ৰোগীৰ বাবে প্রস্তুত কৰা মিঠাই, কেক, শীতল পানীয় আদিতো ষ্টেডিয়ামৰ ব্যৱহাৰ দিনকদিনে বাঢ়ি অহা দেখা গৈছে ৷ অৱশ্যে এইবোৰ প্রস্তুত কৰোঁতে শুকান পাতৰ সলনি ষ্টেভিয়াৰ বগা বৰণৰ গুড়িবিধহে (Processed powder) ব্যৱহাৰ কৰা হয়, যিটোৰ দাম তুলনামূলকভাৱে বেছি ৷
অসমত ষ্টেভিয়াৰ খেতিঃ
ষ্টেভিয়া হল এবিধ চিৰস্থায়ী (Perennial) উদ্ভিদ ৷ এতিয়ালৈকে ইয়াৰ ২০০কৈও অধিক প্রজাতি পোৱা গৈছে যদিও ষ্টেভিয়া ৰেবাউডিয়ানা(Stevia Rebaudiana) আৰু ষ্টেভিয়া ফ্লেবোফিল্লা (Stevia Phlebophylla), এই দুহ প্রজাতিৰ পাতত ষ্টেভিয়ল গ্লাইকছাইডৰ পৰিমাণ বেছি ৷ ইয়াৰ ভিতৰত ভাৰতীয় জলবায়ুৰ লগত খাপ খোৱাকৈ উৎপন্ন কৰিব পৰা প্রজাতিসমূহ হলMDS-13, MDS- 14, SRB-123 গ্লাইকছাইড্ 9-12%), SRB-128 গ্লাহকছাইড্ 14-15%), আৰুSRB-512 গ্লাইকছাইড্9-12%)৷ ভাৰতবর্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো যোৱা কেইবছৰমানৰ পৰা এই খেতি ব্যাপক হাৰত কৰিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে ৷ সাধাৰণতে অসমত মৰিটা-II (Morita-II) প্রজাতিৰ খেতিহে ব্যৱসায়িক ভিত্তিত কৰা হয় ৷ ষ্টেভিয়াৰ খেতিৰ বাবে ওখ, পানী জমা নোহোৱা আৰু বালিচহীয়া মাটি উত্তম৷ পুলি ৰোপণ কৰাৰ পৰা প্রায় ২ মাহৰ ভিতৰত পুলিবোৰ পূৰঠ হয় আৰু পাতবোৰ সংগ্রহ কৰিব পৰা হয় ৷ এবাৰ ৰোৱা পুলিৰ পৰা অন্ততঃ ৬ বছৰলৈ পাত ছিঙিব পাৰি ৷ ব্যৱসায়িক ভিত্তিত উৎপাদন কৰিলে জলসিঞ্চনৰ সুবিধা থাকিলে ভাল ৷ পাচলি নাহবা ফুল খেতিৰ নিচিনাকৈ ইয়াৰ ক্ষেত্রতো মাটিৰ আর্দ্রতা ৬৫-৮৫% বজাই ৰখা উচিত ৷ মার্চ আৰু এপ্রিল মাহ হল ষ্টেভিয়া ৰোপণৰ উপযুক্ত সময় ৷ মাটিৰ pH ৫ ৰ পৰা ৭.৫ ৰ ভিতৰত হলে ভাল ৷ গৰম আৰু ৰদ বতৰৰ প্রয়োজন হয় ৷ বতৰৰ তাপমান ৩০ ৰ পৰা ৩২০ চেলছিয়াছ হ’ল উত্তম ৷ নূ্ন্য়তম ৫আৰু উচ্চতম ৪৫০ চেলছিয়াছ তাপমাত্রা এই গছে সহ্য কৰিব নোৱাৰে ৷ ইউৰোপত ষ্টেভিয়া খেতি কৰিবলৈ সেউজগৃহ ব্যৱহাৰ কৰা হয় ৷ যিহেতু এইবিধ এবিধ ঔষধি উদ্ভিদ, গতিকে ইয়াৰ খেতিত ৰাসায়নিক সাৰৰ সলনি কেৱল জৈৱিক পদ্ধতিৰে প্রস্তুত কৰা, যেনে–গোবৰ সাৰ, পচন সাৰ, কেঁচুসাৰ আদিহে পৰাপক্ষত প্রয়োগ কৰা উচিত ৷ ষ্টেভিয়াত চেপ্ঢৰিয়া (Septoria) নামৰ এবিধ শেলুৱৈজাতীয় ৰোগৰ প্রতিৰোধৰ বাবে নিমৰ পানী প্রয়োগ কৰা হয় ৷ এজোপা গছৰ উচ্চতা ৪০ৰ পৰা ৮০ চেঃমিঃ সর্বোচ্চ এক মিটাৰ পর্যন্ত হয় ৷ এখিলা পাত দীঘলে ৫ চেঃমিঃ আৰু বহলে ২ চেঃমিঃ মান হয় ৷ গছত ফুল ফুলিলে সেই ফুল ছিঙি পেলাব লাগে ৷ প্রতি ২ মাহৰ মূৰে মূৰে গছবোৰক মাটিৰ অলপ ওপৰত কাটি পাতবোৰ চপোৱা হয়৷ সেই ৰৈ যোৱা অংশৰ পৰাই নতুন ঠাল বা পাত ওলাই থাকে ৷ গতিকে প্রত্যেক ২ মাহৰ মূৰে মূৰে গছবোৰ কাটিং কৰিব পৰা যায় ৷ পাতবোৰ সংগ্রহ কৰি প্রাকৃতিকভাৱে শুকোৱা হয় আৰু ইয়াৰ কিছু অংশৰ পৰা প্রস্তুত কৰা মিহি গুড়ি পেকেজিং কৰি বজাৰত বিক্রী কৰা হয় ৷ দুয়োবিধেই মিঠা স্বাদৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ ঘৰুৱাভাৱে টাবতো ষ্টেভিয়া ৰুব পাৰি ৷ যিবিলাক মানুহৰ ঘৰৰ চৌহদত ষ্টেভিয়াৰ খেতিৰ বাবে উপযুক্ত মাটি আছে তেওঁলোকে ৪০-৫০ জোপা গছ ৰুই পৰিয়ালটোৰ বাবে প্রয়োজন হোৱা ষ্টেভিয়াখিনি অনায়াসে উৎপন্ন কৰি লব পাৰে ৷
ষ্টেভিয়াৰ বিভিন্ন ৰূপঃ
ষ্টেভিয়া বজাৰত বিভিন্ন প্রকাৰত উপলব্ধ, যেনে– তৰল, টেবলেট্ আৰু প্রছেছড্ পাউডাৰ ৷ প্রতিটো ইয়াৰ প্রক্রিয়াকৰণ পদ্ধতি আৰু উপাদানত পৃথক ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে বজাৰৰ পৰা ষ্টেভিয়া ক্রয় কৰোঁতে শুকান পাত বা পাতৰ গুড়িহে ক্রয় কৰা উচিত ৷ কাৰণ ষ্টেভিয়াৰ প্রছেছড্ পাউডাৰ, টেবলেট্ বা তৰল প্রকাৰৰ পৰা একেই গুণগত মান আশা কৰিব নোৱাৰি ৷
ষ্টেভিয়া হার্বেল চাহৰ প্রস্তুতিঃ
প্রায় ২০০ মিঃলিঃ পানীত এক চাহচামুচ বা ৫-৬টা মান ষ্টেভিয়াৰ শুকান পাত যোগ কৰি প্রায় ৩-৪ মিনিটমান উতলাব লাগে ৷ নিজৰ স্বাদ অনুসৰি ইয়াত আদা, নেমু, পদিনা বা গাখীৰ যোগ কৰি ষ্টেভিয়া হার্বেল চাহ প্রস্তুত কৰিব পাৰি ৷
ইয়াৰ উপৰি এক লিটাৰ পানীত প্রায় ৩০-৪০টা শুকান পাত যোগ কৰি উতলাই পানীৰ পৰিমাণ আধালৈ কমাই চেকি লৈ বটলত ভৰাই ফ্রীজত সংৰক্ষণ কৰি ৰাখিলে জলপান বা অন্যান্য খাদ্য বস্তুৰ সৈতে চেনিৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি ৷
ষ্টেভিয়াৰ পাতৰ ওপৰত বিভিন্ন দেশত উন্নতমানৰ গৱেষণা চলি আছে ৷ ইতিমধ্যে প্রকাশ হোৱা গৱেষণা–পত্রবোৰৰ সামৰণিত প্রকাশ হোৱা মন্তব্যবোৰৰ পৰা এটা কথাই প্রমাণিত হৈছে যে চেনিৰ বা কৃত্রিম চেনিৰ এক প্রাকৃতিক বিকল্প হিচাপে ষ্টেভিয়াৰ পাত বা মিঠা তুলসীৰ পাতক নির্ভয়ে ব্যৱহাৰ কৰিব পাৰি ৷ সচেতনতা সর্বদাই উত্তম– এই কথাষাৰ সাৰোগত কৰি, আহক আমি সকলোৱে চেনিৰ এক প্রাকৃতিক বিকল্প হিচাপে ষ্টেভিয়া ব্যৱহাৰ কৰি শৰীৰটো নিৰোগী কৰি ৰখাত গুৰুত্ব আৰোপ কৰোঁ ৷
ফোনঃ ৯৪৩৫১-৪১৭২১