অংগ সংৰোপণ
নকৈ চিন্তা কৰাৰ প্রয়োজন
ডাঃ অৰূপ কুমাৰ নাথ
অংগ সংৰোপণ সম্পর্কে আলোচনা কৰিবলৈ লোৱাৰ আগতে আমি দুটা ধাৰণাৰ সৈতে পৰিচিত হব লাগিব ৷ সেয়া হল অংগদাতা আৰু অংগপ্রাপক ৷ যিজনে অংগ দান কৰিব, তেওঁ দাতা, যিজনৰ শৰীৰত অংগটো সংস্থাপন কৰা হব, তেওঁ অংগপ্রাপক ৷
দাতাৰ শৰীৰৰ পৰা কোনো অংগ বা অংশপ্রাপক বা গ্রহণকর্তাৰ শৰীৰত সংস্থাপন কৰা কার্যকে সহজভাৱে অংগ সংৰোপণ বুলিব পাৰি ৷ অংগপ্রাপকগৰাকী স্বাভাৱিকভাৱেই সদায় জীৱিত হবই লাগিব, কিন্তু অংগ দাতাগৰাকী জীৱিতও হব পাৰে বা মৃতও হব পাৰে৷ অর্থাৎ ব্যক্তি এগৰাকীয়ে জীয়াই থাকোঁতেও তেওঁৰ কোনো অংগ দান কৰিব পাৰে, বা মৃত্যুৰ পিছতো তেওঁ তেওঁৰ কোনো অংগ দান কৰিব পাৰে ৷
একেজন ব্যক্তিৰ এটা ঠাহৰ পৰা আন এটা ঠাইত যিবোৰ অংগ বা অংশ সংৰোপণ কৰা হয়, তাক কোৱা হয় অটগ্রাফ্ট ৷ সংৰোপণ যেতিয়া একে প্রজাতিৰ দুটা জীৱৰ মাজত সম্পাদিত কৰা হয় তাক এলণ্ডগ্রাফ্ট বুলি কোৱা হয় ৷ এলণ্ডগ্রাফ্ট হয়তো জীৱিত বা মৃত শৰীৰৰ পৰা কৰিব পাৰি ৷
দেহৰ যিবোৰ অংগ বা অংশ কৃতকার্যতাৰে সংৰোপণ কৰা হয় সেইসমূহ হল হূদযন্ত্র, যকৃত, বৃক্ক, হাওফাঁও, অগ্ণ্যাশয়৷ হয়াৰ উপৰি কর্ণিয়া, পেশী–জকা, জোৰা–কলম, সংবহন কলা, মেৰুমজ্জা, অন্ত্র, হাত, ভৰি, কাণ, ছাল, চকুৰ পর্দা আদি থায়মাছ আদি বহুলভাৱে সংৰোপণ কৰা কোষ কলা ৷
কোনে অংগদান কৰিব পাৰে
অংগদানৰ বাবে এজন ব্যক্তি সুস্থ হোৱাটো প্রয়োজনীয় ৷ এইচ আই ভি, কেঞ্চাৰ, ডায়েবেটিছ, বৃক্ক আৰু হূদৰোগত আক্রান্ত ব্যক্তিক অংগদানৰ বাবে অনুপযুক্ত বুলি গণ্য কৰা হয় ৷
অংগদান দুটা ধৰণে কৰিব পাৰি
১ জীৱিত অৱস্থাত অংগদানঃ জীৱিত ব্যক্তিয়ে তেওঁৰ অংগ আন কোনো ব্যক্তিক দান কৰিব পাৰে ৷
২ মৃত্যুৰ পিছত অংগদানঃ যেতিয়া এজন ব্যক্তিৰ মগজু মৃত হৈ থাকে, কিন্তু হূদস্পন্দন বন্ধ হোৱা নাই, তেতিয়া এনে লোকেও নিজৰ অংগদান কৰিব পাৰে ৷ মূৰৰ আঘাত, ষ্ট্রক, ব্রেইন টিউমাৰ, যিকোনো ৰোগ যিয়ে মগজুৰ ক্ষতি কৰে, আৰু দুর্ঘটনাত আঘাতপ্রাপ্ত সদ্যমৃত লোকসকল এনে দাতা হব পাৰে ৷
কোনে অংগদান কৰিব নোৱাৰে
সাধাৰণতে কোনো ৰোগী ব্যক্তিয়ে অংগদান কৰিব নোৱাৰে ৷ এইচ আই ভি, কেঞ্চাৰ, ডায়েবেটিছ, বৃক্ক বা হূদৰোগ আৰু আন কোনো গুৰুতৰ ৰোগত ভুগি থকা লোকসকলে অংগদান কৰিব নোৱাৰে ৷
দাতাৰ বয়স ১৮ বছৰৰ ওপৰৰ হব লাগিব
মানৱ অংগ সংৰোপণ আহন, ১৯৯৪– অনুসৰি, নাবালকসকলে অংগ দান কৰাৰ অনুমতি নাই ৷ অৱশ্যে শেহতীয়াকৈ কেৰালাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে নিজ পিতৃক যকৃত দান কৰি দেশৰ আটাইতকৈ কনিষ্ঠ অংগ দাতা হিচাপে চিহ্ণিত হয় ৷ কিন্তু আদালতৰ পৰা পোৱা অনুমতিৰ বাবেহে তেওঁ পিতৃক অংগ দান কৰিবলৈ সক্ষম হয় ৷
অংগ দানৰ প্রয়োজনীয়তা কিমান
আমেৰিকাত অংগ বিকল (Organ Failure) হোৱা ১০৭০০০ ৰোগী অধীৰ আগ্রহেৰে এটা সুস্থ অংগৰ অপেক্ষাত অপেক্ষাৰত৷ ইয়াৰ ভিতৰত অকল কিডনী বা বৃক্ক বিকল ৰোগীৰ সংখ্যাই ৯০০০০ ৷ ইয়াৰে প্রতিদিনে ১২গৰাকী ৰোগীয়ে ডনাৰ কিডনীৰ অভাৱত মৃত্যুক সাবটি লব লগাত পৰিছে ৷ অন্য আধা মিলিয়ন ৰোগীয়ে ডায়েলাইচিছৰ ওপৰতেই শেষ ভৰসা কৰি মৃত্যুৰ ক্ষণ গণিছে ৷ পৰিসংখ্যাই পৰিস্থিতিৰ ভয়াৱহতা সূচায় ৷
ভাৰতৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ ৷ ৰাষ্ট্রীয় স্বাস্থ্য পর্টেলৰ তথ্য অনুসৰি ভাৰতত সময়মতে অংগ উপলব্ধ নোহোৱাৰ বাবে প্রতি বছৰে ৫ লাখ লোকৰ মৃত্যু হয়, ইয়াৰে ২ লাখ লোক যকৃৎ উপলব্ধ নোহোৱাৰ বাবে মৃত্যুমুখত পৰে ৷ ভাৰতত আজিৰ দিনত প্রায় ২ লাখ ৰোগীৰ দুয়োটা কিডনী বিকল ৷ প্রয়োজনীয় ২০০০০০টা কিডনীৰ অভাৱ পূৰণৰ বাবে ভাৰতত জীৱিত ডনাৰ সাজু মাত্র ১৫০০০গৰাকী ৷ আমাৰ দেশত ডনাৰৰ অভাৱত বছৰত মাত্র ৬০০০ মানুহৰ বৃক্ক সংৰোপণ সম্পন্ন হয় ৷ এজন ব্যক্তিয়ে নিজৰ অংগদান কৰি ৮জন লোকক নতুন জীৱন দিব পাৰে৷ ইয়াৰ উপৰি এজন ব্যক্তিয়ে তেওঁৰ কলাদানৰ জৰিয়তে ৭৫গৰাকী ব্যক্তিৰ শৰীৰলৈ ধনাত্মক পৰিৱর্তন আনিব পাৰে ৷
সেউজ বিপ্লৱোত্তৰ কালছোৱাত কৃষিকর্মত অত্যধিক ব্যৱহূত কীটনাশক দৰব আৰু ৰাসায়নিক সাৰ, আধুনিক জীৱনশৈলীজনিত ৰোগ ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কর্কট আদিৰ প্রাদুর্ভাৱৰ লগতে বর্ধিত পথ দুর্ঘটনা আদিৰ বাবে আমাৰ দেশত অংগ বিকল ৰোগীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে ৷ গতিকে সম্ভাব্য পৰিস্থিতি নিয়ন্ত্রণার্থে প্রয়োজনীয় বৃহৎসংখ্যক অংগদাতাৰ প্রয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টিৰ সময় বাৰুকৈয়েহ আহি পৰিছে ৷
অংগদানৰ বিষয়ে কেহটামান ভুল ধাৰণা
- মোৰ ধর্মত অংগদান নিষিদ্ধ
- অংগদান মৃত্যুৰ পিছতহে কৰিব পাৰি
- মগজুৰ মৃত্যুৰ পিছত অংগ বিকৃতি ঘটে
- অংগ কিনিব পাৰিম, দানৰ প্রয়োজন নাই
- অংগদানৰ ফলত অক্ষমতা বা দুর্বলতাৰ আশংকা
- অংগদানৰ পৰা অভিভাৱক হোৱাৰ অসুবিধা
- পুৰুষৰ অংগ প্রতিষ্ঠাপন কৰিব নোৱাৰি
বিশ্ব অংগদান দিৱসৰ ইতিহাস
আধুনিক চিকিৎসা বিজ্ঞানে এজন ব্যক্তিৰ পৰা আন এজনলৈ অংগ প্রতিষ্ঠাপন সম্ভৱ আৰু সহজ কৰি তুলিছে ৷ ১৯৫৪ চনত আমেৰিকাত প্রথম সফলভাৱে অংগ প্রতিষ্ঠাপন কৰা হয় ৷ যমজ ভাতৃ ৰনাল্ড আৰু ৰিচার্ড হেৰিকক সফলতাৰে বৃক্ক সংৰোপণ কৰাৰ বাবে ডাঃ যোছেফ মাৰেহ ১৯৯০ চনত শৰীৰ বিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নবেল বঁটা লাভ কৰে ৷
জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ১৩ আগষ্টত বিশ্বজুৰি অংগদান দিৱস পালন কৰা হয় ৷ ভাৰতৰ নিজাকৈ অংগদান দিৱস আছে, যিটো প্রতিবছৰে ২৭ নৱেম্বৰত পালন কৰা হয় ৷
অসমে মানৱ দেহাংগ সংৰোপণ আহন ১৯৯৪ গ্রহণ কৰিছে ১৯৯৬ চনত ৷ আইনখন সংশোধন কৰা হয় ২০১১ চনত আৰু নতুন নীতি কার্যকৰী হয় ২০১৪ চনৰ পৰা ৷
মগজুৰ মৃত্যু বনাম হূদপিণ্ডজনিত মৃত্যু
মৃত্যুৰ সংজ্ঞাক লৈ বিতর্কৰ এতিয়াও ওৰ পৰা নাই ৷ সাধাৰণতে মৃত্যু বুলিলে হূদযন্ত্রৰ ক্রিয়া বন্ধ হৈ যোৱাটোকে বুজায় যদিও মগজুৰ মৃত্যুকো আহনসংগতভাৱে স্বীকৃতি দিয়া হৈছে যিটো পৰিস্থিতিত মানৱ শৰীৰৰ হূদপিণ্ড সম্পূর্ণৰূপে সক্ষম হৈ থাকে আৰু কৃত্রিম যন্ত্রৰ দ্বাৰা সকলো মুখ্য অংগক জীৱিত আৰু কার্যক্ষম কৰি ৰাখিব পৰা যায় ৷ অংগ সংৰোপণৰ বাবে অংগদান কৰিবলৈ মগজুৰ মৃত্যু অৱস্থাকে পৃথিৱীৰ প্রায়সংখ্যক দেশত আইনসন্মতভাৱে স্বীকৃতি প্রদান কৰা হৈছে আৰু তাৰ বাবে ৰোগীৰ নিকটতম আত্মীয়ৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক ৷ অৱশ্যে মগজুৰ মৃত্যুক তেতিয়াহে স্বীকৃতি দিয়া হব যেতিয়া ৰোগীজনৰ মগজুৰ কার্যক্ষমতা কেতিয়াও ঘূৰি নাহে বুলি ঠাৱৰ কৰা হয় ৷ সাধাৰণতে গুৰুতৰভাৱে দুর্ঘটনাত পতিত হৈ মৃত্যু হোৱা লোকসকলৰপৰা মগজুৰ মৃত্যুৰ আধাৰত অংগসমূহ গোটাই তালিকাত থকা গ্রহীতা ৰোগীসকলৰ শৰীৰত সংৰোপণ কৰাৰ পদ্ধতি প্রচলন হোৱাৰ পিছত অংগ প্রতিষ্ঠাপনৰ বিষয়টো যথেষ্টভাৱে আগবাঢ়ি যোৱাত সহায় হৈছে ৷ অৱশ্যে সর্বসাধাৰণৰ মাজত মগজুৰ মৃত্যুৰ বিষয়ে ব্যাপক প্রচাৰ চলালেহে ব্যাপক অংগ সংৰোপণৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ সহজসাধ্য হব ৷ যদি মগজু–মৃত্যু সম্বন্ধীয় আহন প্রণয়ন কৰা হয়, তেন্তে মৃতপ্রায় লোকৰ পৰা সংৰোপণযোগ্য বহু অংগ সুকলমে সংগ্রহ কৰি অনেকজন অংগ বিকল হোৱা ৰোগীক নতুন জীৱন দিবলৈ সক্ষম হব পৰা যাব ৷
নকৈ চিন্তা কৰাৰ প্রয়োজন
আমাৰ দেশ ভাৰতবর্ষ এখন বিশালাকায় জনবহুল ৰাষ্ট্র ৷ ভাৰতবর্ষত প্রতিবছৰে যথেষ্টসংখ্যক পথ দুর্ঘটনা সংঘটিত হয় ৷ ডেকা বয়সৰ লৰা–ছোৱালীবোৰেই সাধাৰণতে যান–বাহন বা গাড়ী–মটৰৰ ব্যৱহাৰকাৰী হয় ৷ গতিকে পথ দুর্ঘটনাত মৃত্যু হোৱা প্রায়ভাগ লোকেই ৰোগবিহীন ডেকা লৰা–ছোৱালী বুলি বুজিব পাৰি ৷ ভাৰতবর্ষত ২০২২ চনত ৪১২৪৩২টা পথ দুর্ঘটনা সংঘটিত হৈছে, যাৰ ফলত ১৫৩৯৭২গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে ৷ পথ দুর্ঘটনাই মুহূর্ততে চফল লোক এগৰাকীক পৰিয়ালৰ লোকৰ পৰা চিৰদিনৰ বাবে আঁতৰাহ লৈ যায় ৷ যি হৈ গল, তাক পুনৰাই ঘূৰাহ আনিব নোৱাৰি, ই চৰম দুর্ভাগ্যজনক ৷ কিন্তু সজাগতা সৃষ্টিৰেই হওক বা কোনো আইন–কানুন প্রণয়নৰ জৰিয়তেহ হওক, পথ দুর্ঘটনাত মৃত্যু হোৱা এনে লোকসমূহৰ সংৰোপণযোগ্য অংগ বা অংগসমূহ যদি কেনেবাকৈ আনি কোনো অংগপ্রাপকৰ শৰীৰত সংৰোপিত কৰিব পৰা যায়, তেন্তে এই কার্যপন্থাৰে মৃত ব্যক্তি এগৰাকীয়ে আন বহুতো জীৱিত লোকৰ ওঁঠত হাঁহি বিৰিঙাব পাৰিব ৷ অংগ সংৰোপণৰ আশাত মৃত্যুৰ ক্ষণ গণি অপেক্ষাৰত অজস্র লোক ইয়াৰ যোগেদি বিপুলভাৱে উপকৃত হব ৷
ফোনঃ ৮০১১৫-০১৮৩৩
Comments are closed, but trackbacks and pingbacks are open.