মাণিক পাল
হাজাৰ বছৰ আগতে বিশ্বাস কৰা হৈছিল যে পৃথিৱীত যিমান মানুহৰ জন্ম হয় সকলো ঈশ্বৰৰ স্বৰূপ। কিন্তু মানুহে পৃথিৱীলৈ আহি সেই শক্তিৰ দূৰ ব্যৱহাৰ কৰে। সেয়ে ঈশ্বৰে ঐশ্বৰিক শক্তি নিহিত হৈ থকা মানুহৰ মূৰটোক পলুৱাই থ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰে, যিটো সকলো গুণৰ উৎস হয় । তেতিয়া ঈশ্বৰৰ সন্মুখত প্ৰশ্ন উদয় হয় ইয়াক পলুৱাই থোৱা যায় ক’ত ? প্ৰথমজন পৰামৰ্শদাতাই পৰামৰ্শ দি কয় , “ইয়াক মাটিৰ তলত পুতি থোৱা উচিত হ’ব।” তেতিয়া ঈশ্বৰে কয়, “নাই, কোনোবাই মাটি খান্দি ইয়াক উলিয়াই ল’ব।” দ্বিতীয়জন পৰামৰ্শদাতাই পৰামৰ্শ দি কয়, “ইয়াক সমুদ্ৰৰ গভীৰত ৰখা ঠিক হ’ব ।” ঈশ্বৰে কয়, “নাই, তাৰ পৰাও কোনোবা সাঁতোৰবিদে উলিয়াই আনিব পাৰে ।” তেতিয়া তৃতীয় পৰামৰ্শদাতাই পৰামৰ্শ দি কয়, “ইয়াক পাহাৰৰ ওপৰত পলুৱাই থোৱা উচিত হ’ব ।” তেতিয়া ঈশ্বৰে কয়, “নাই, পাহাৰ বগাই কোনোবাই তাৰ পৰাও উলিয়াই আনিব পাৰে ।” কিছু সময় চিন্তা কৰি ঈশ্বৰে ইয়াৰ সমাধান উলিয়াই পেলায় আৰু কয়, “মই এই মানৱীয় শক্তি, সামৰ্থ্য আৰু উদ্দেশ্যেৰ উৎসক প্ৰতিজন মানুহৰ হৃদয়ত লুকুৱাই ৰাখিম। কাৰণ তেওঁলোকে তাক নিজৰ মাজত বিচাৰিবলৈ কেতিয়াও যত্ন নকৰে।
আজি আমি এনে এখন কিতাপৰ বিষয়ে আলোচনা কৰিম যিখন কিতাপে আপোনাৰ মাজত লুকাই থকা শক্তি, সামৰ্থ্য আৰু উদ্দেশ্যৰ উৎস স্বৰূপ মস্তিষ্কৰ সন্ধান কৰাত সহায় কৰিব। কিতাপখনৰ নাম হ’ল – ৰবিন শৰ্মাৰ ‘আপোনাৰ মৃত্যুত কোনে কান্দিব’ (Who will cry in your death) । ৰবিন শৰ্মা এজন কানাডিয়ান লেখক আৰু তেওঁ সম্প্ৰতি নিজৰ ‘দ্য মংক হু ছোল্ড হিজ ফেৰাৰি’ নামৰ গ্ৰন্থখনৰ ছিৰিজৰ বাবে সকলোৰে মাজত পৰিচিত।
আপোনাৰ জীৱন আপোনাৰ হাতৰ পৰা পিছলি গৈছেনে ? আপুনি আপোনাৰ জীৱনৰ উদ্দেশ্য, প্ৰসন্নতা, আনন্দ আদি হেৰুৱাইছে নে ? আপুনি আপোনাৰ জীৱনৰ সন্তুলন হেৰুৱাইছে নে ? ইয়াৰ উত্তৰ যদি হাঁ হয় তেন্তে ৰবিন শৰ্মাৰ এই গ্ৰন্থখন এবাৰ হ’লেও পঢ়িব। কাৰণ গ্ৰন্থখনে আপোনাৰ জীৱনৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিব। গ্ৰন্থখনত ৰবিন শৰ্মাই মুঠ ১০১ টকা পৰামৰ্শ প্ৰদান কৰিছে যাৰ দ্বাৰা আপুনি আপোনাৰ জীৱনৰ জটিলতাবোৰক দূৰ কৰি এক সুখী আৰু সমৃদ্ধ জীৱনলৈ গতি কৰিব পাৰিব।
লেখকৰ মতে আপুনি আপোনাৰ জীৱন এনেকৈ অতিবাহিত কৰিব যাতে আপোনাৰ মৃত্যুত সমগ্ৰ পৃথিৱী কান্দে আৰু আপুনি শান্তিৰে শুই থাকে। সম্প্ৰতি আমি এনে এটা সময়ত জীয়াই আছোঁ য’ত আমি জীৱনৰ অৰ্থ পাহৰি গৈছোঁ । আমি আজি চন্দ্ৰলৈ যাত্ৰা কৰিছোঁ কিন্তু ৰাস্তাটো পাৰ কৰি নিজ চুবুৰীয়াৰ লগত কথা কোৱাৰ সময় নাই। আমি আজি মিছাইল এটা বিনা বাধাই নিক্ষেপ কৰিব পাৰোঁ কিন্তু নিজ সন্তানক ওচৰতে থকা পুথিভঁৰাললৈ নিবলৈ আমাৰ হাতত সময় নাই। আজি আমাৰ হাতত ই–মেইল, মেক্স আৰু স্মাৰ্টফোনৰ দৰে মাধ্যমবোৰ আছে যাৰ জৰিয়তে আমি যিকোনো সময়ত যিকোনো লোকৰ লগত যোগাযোগ স্থাপন কৰিব পাৰোঁ কিন্তু আমি আমাৰ ওচৰত থকা মানুহবোৰক সময় দিব নোৱাৰোঁ। আচলতে আমি আমাৰ মানৱতাক হেৰুৱাই পেলাইছো । আমি আমাৰ জীৱনৰ উদ্দেশ্য হেৰুৱাই পেলাইছোঁ ।
যদি আমি আমাৰ জীৱনক নিয়ন্ত্ৰণ নকৰোঁ তেন্তে জীৱনে আমাক নিয়ন্ত্ৰণ কৰিব। দিন সপ্তাহত পৰিণত হ’ব, সপ্তাহ মাহত আৰু মাহ বছৰত পৰিণত হ’ব কিন্তু জীৱনত একো কৰা নহ’ব । এই একো নকৰাৰ বেদনাই জীৱনটোক অৰ্থহীন কৰি তুলিব। জৰ্জ বাৰ্ণাড শ্বই যেতিয়া মৃত্যুৰ লগত যুঁজি আছিল তেতিয়া তেওঁক সোধা হৈছিল, “যদি আপুনি নিজৰ জীৱনটো দ্বিতীয়বাৰৰ বাবে জীয়াবলৈ সুযোগ পায় তেন্তে আপুনি কি কৰিব ? তেওঁ উত্তৰ দিছিল, “মই সেইজন ব্যক্তি হ’ব বিচাৰিম যি মই হ’ব পাৰিলোহেঁতেন কিন্তু হ’ব পৰা নাই।” এতিয়া কথা হ’ল মৃত্যুৰ আগতে আপুনি আপোনাৰ জীৱনৰ প্ৰকৃত অৰ্থৰ সন্ধান কৰিব কেনেকৈ ? ইয়াৰ উত্তৰ হ’ল – জীৱনৰ এটা লক্ষ্য নিৰ্ধাৰণ কৰক । যি লক্ষ্যই আপোনাৰ জীৱনৰ অৰ্থৰ সন্ধান কৰিব । যাতে আপোনাৰ মৃত্যুৰ পিছতো আপোনাৰ বাবে মানুহৰ মন কান্দি উঠে।
ৰবিন শৰ্মাৰ মতে উদ্দেশ্যপূৰ্ণ জীৱনৰ কিছুমান পথ হ’ল – প্ৰতিদিনে এজন অচিনাকী লোকৰ উপকাৰ কৰা, দৃঢ় প্ৰেমৰ অভ্যাস কৰা, দিনলিপি লিখা, সততাৰে জীৱন অতিবাহিত কৰা, নিজ অতীতক ৰোমন্থন কৰা, ভাল চিন্তা আৰু কামেৰে দিনটোৰ যাত্ৰা আৰম্ভ কৰা, শিষ্টতাৰে না ক’বলৈ শিকা, সাপ্তাহিক জিৰণি গ্ৰহণ কৰা, নিজৰ সৈতে কথা পতা, চিন্তা কৰাৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰা, শান্ত হৈ থাকিবলৈ যত্ন কৰা, ৰাতিপুৱা সোনকালে উঠা, সমস্যাবোৰক আশীৰ্বাদ বুলি ভবা, হাঁহিবলৈ শিকা, এটা দিন ঘড়ীৰ অবিহনে কটোৱা, অধিক প্ৰত্যাহ্বান গ্ৰহণ কৰা, জীৱনটো উপভোগ কৰা, যোগ্যতাৰ ওপৰত গুৰুত্ব দিয়া, কৃতজ্ঞ হ’বলৈ শিকা, নিজৰ লগত সদায় এখন কিতাপ ৰখা, নিজ সন্তানক উপহাৰ বুলি ভবা, নিজ সময়ৰ স্বামী হোৱা, প্ৰশ্ন কৰিবলৈ ভয় নকৰা, মহাপুৰুষসকলৰ জীৱনী পঢ়া, নিজ প্ৰতিভাৰ বিকাশ কৰা, প্ৰকৃতিৰ সৈতে সম্বন্ধ স্থাপন কৰা, আনক ক্ষমা কৰা, এজন গুৰুৰ আৰাধনা কৰা, প্ৰতিদিনে গান শুনা, তিনিজন মহান বন্ধু বনোৱা, ধ্যান কৰা, অভিযোগৰ ঠাইত জীয়াবলৈ শিকা, এজন ভাল অভিভাৱক হোৱা, নিজৰ জীৱনৰ মালিক নিজে হোৱা, পৰিয়ালক সময় দিয়া ইত্যাদি।
এদিনাখন এজন ৰোগীক এক গম্ভীৰ ৰোগৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়। সেই সময়তে আন এজন ৰোগীয়ে ইতিমধ্যে খিৰিকিৰ সন্মুখত থকা বিছনাত আৰাম কৰি আছিল। লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠে। ইয়াৰ পিছত খিৰিকিৰ সন্মুখত থকা ৰোগীজনে খিৰিকিৰে বাহিৰলৈ চায় আৰু বাহিৰৰ মনোৰম দৃশ্যবোৰৰ বৰ্ণনা কাষতে থকা বন্ধুজনক শুনায়। কেতিয়াবা বাহিৰত থকা প্ৰাকৃতিক সৌন্দৰ্যৰ কথা কয় আকৌ কেতিয়াবা বাহিৰত দেখিবলৈ পোৱা মানুহৰ কাম-কাজবোৰৰ কথা কয় । সময়ৰ লগে লগে বিছনাৰ পৰা উঠিব নোৱাৰা ৰোগীজনে বন্ধুৰ দ্বাৰা বৰ্ণিত অদ্ভুত দৃশ্যবোৰ দেখিব নোৱাৰি বিচলিত হ’ব ধৰে। ফলস্বৰূপে লাহে লাহে সি বন্ধুজনক দেখিব নোৱাৰা হয় আৰু বন্ধুজনক ঘৃণা কৰিবলৈ ধৰে। ঘৃণা ইমান বৃদ্ধি পায় যে এদিন ৰাতি যেতিয়া বন্ধুজনৰ কাহ বৃদ্ধি হৈ উশাহ ল’বলৈ কষ্ট পায় তেতিয়া তেওঁ সহায়ৰ ছুইচটো টিপা বাদ দি বিছনাত মনে মনে শুই থাকে। দ্বিতীয় দিনা খিৰিকিৰ সন্মুখত থকা ৰোগীজনক চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু তেওঁক ৰুমৰ পৰা বাহিৰলৈ লৈ যোৱা হয়। লগে লগে দ্বিতীয় ৰোগীজনে নিজৰ বিছনাখন খিৰিকিৰ সন্মুখত থকা বিছনাত ল’বলৈ নাৰ্চসলক অনুৰোধ কৰে। লগে লগে তেওঁৰ অনুৰোধ ৰক্ষা কৰা হয়। যেতিয়াই তেওঁ খিৰিকিৰ সন্মুখত আহি খিৰিকিৰে বাহিৰলৈ চায় তেতিয়া আচৰিত হয়। কাৰণ খিৰিকিৰ সন্মুখত কোনো প্ৰাকৃতিক দৃশ্য নাছিল, আছিল এখন ওখ দেৱালহে। যি দেৱালেৰে বাহিৰৰ কোনো বস্তুৱে দেখিব পৰা নগৈছিল। আচলতে মৃত ব্যক্তিজনে বন্ধুৰ ৰোগৰ যন্ত্ৰণা কম কৰাৰ বাবে কাল্পনিক দৃশ্য কিছুমান মনতে গঢ়িছিল।
এই কাহিনীটোৰ পৰা এটা কথা স্পষ্ট হ’ল যে অধিক পৰিপূৰ্ণ আৰু প্ৰসন্ন জীৱন জীয়াবলৈ আমি কঠিন সময়তো নিজৰ দৃষ্টিকোণক পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব লাগে। যিমান পাৰি চাৰিওফালৰ বস্তুবোৰক ইতিবাচক দৃষ্টিৰে চাবলৈ যত্ন কৰিব লাগে।
চীনৰ এজন বয়সস্থ ব্যক্তিয়ে ৰজাৰ বাবে তৰোৱাল বনাইছিল। ৯০ বছৰ বয়সতো তেওঁ তেওঁৰ কামটো বৰ নিখুঁতভাৱে কৰিছিল। তেওঁ নিজৰ কামত কেতিয়াও ভুল নকৰিছিল। এদিনাখন ৰজাই বৃদ্ধজনক সুধিছিল, “এয়া আপোনাৰ স্বাভাৱিক গুণ নে কোনো বিশেষ গুণৰ বাবে আপুনি এই কামটো এতিয়াও নিখুঁতভাৱে কৰিব পাৰিছে ?” তেতিয়া ব্যক্তিজনে ক’লে, “মই তৰোৱাল বনোৱা কামটো ২১ বছৰ বয়সৰ পৰাই আৰম্ভ কৰিছোঁ। মই মোৰ জীৱনত তৰোৱাল বনোৱাৰ বাহিৰে আন কোনো কামত গুৰুত্ব দিয়া নাছিলোঁ। তৰোৱাল বনোৱা মোৰ জীৱনৰ উদ্দেশ্য আৰু ইচ্ছা হৈ পৰিছে। মই মোৰ শক্তিবোৰক আন দিশলৈ নিৰ্দেশত কৰাৰ সলনি এই কামটোতে নিৰ্দেশিত কৰি আহিছোঁ। এয়াই মোৰ শ্ৰেষ্ঠতাৰ ৰহস্য।” সফল ব্যক্তিসকলে সদায় নিজৰ শক্তিক গুৰুত্বপূৰ্ণ আৰু উদ্দেশ্যপূৰ্ণ কামবোৰতে নিয়োগ কৰে। মাইকেল জৰ্ডানক বাচকেট বলৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বুলি কোৱা হয় কাৰণ তেওঁ কেতিয়াও নিজৰ মনোযোগক নিজৰ খেলৰ বাহিৰে আন বস্তুত দিয়া নাই। তেওঁ সদায় নিজৰ আন আন কামৰ দায়িত্ব নিজৰ প্ৰবন্ধকসকলক দি খেলত মনোযোগ দিছিল। সেয়ে তেওঁ শ্ৰেষ্ঠ খেলুৱৈ হ’ব পাৰিছিল। ঠিক তেনেদৰে মহান শিল্পী লুই আৰ্মষ্ট্ৰঙে নিজৰ সময়বোৰ কেতিয়াও টিকট বিক্ৰী কৰাত আৰু চকী ঠিক কৰাত নষ্ট কৰা নাছিল। তেওঁ সদায় নিজৰ মনোযোগ নিজৰ কলাৰ ওপৰত দিছিল। অনাৱশ্যক বস্তু বা কামবোৰক এৰাই চলিলে আপুনি আপোনাৰ মনোযোগক আৱশ্যকীয় কামবোৰত নিয়োগ কৰিব পাৰিব।
মহান আৱিষ্কাৰক থমাছ আলভা এডিচনে কৈছিল, “প্ৰতিভা হ’ল ১% প্ৰেৰণা আৰু ৯৯% পৰিশ্ৰম।” কিন্তু ৰবিন শৰ্মাৰ মতে কঠিন পৰিশ্ৰম বাস্তৱিক সফলতা আৰু সন্তোষৰ বাবে প্ৰয়োজন, কিন্তু গভীৰ প্ৰেৰণা আৰু সমাজৰ পৰিৱৰ্তনৰ বাবে দৃঢ় সংকল্প ইয়াতকৈও বেছি গুৰুত্বপূৰ্ণ হৈ পৰে।
লেখকৰ মতে ৰাতিপুৱা সোনকালে উঠিবৰ বাবে যিটো কথাত অধিক গুৰুত্ব দিব লাগে সেয়া হ’ল টোপনি পৰিমাণাত্মক নহৈ গুণাত্মক হ’ব লাগে। বাধাবিহীন শান্ত ছয় ঘন্টাৰ টোপনি দহ ঘন্টাৰ অশান্তিৰ টোপনিতকৈ বেছি উপকাৰী। লেখকৰ মতে ভাল টোপনিৰ চাৰিটা উপায় হ’ল –
১) গোটেই দিনটোত ঘটি যোৱা ঘটনাবোৰ শুৱাৰ সময়ত কেতিয়াও চিন্তা নকৰিব ।
২) ৰাতি আঠ বজাৰ পিছত একো নাখাব।
৩) শুৱাৰ আগতে কেতিয়াও বাতৰি নাচাব ।
৪) বিছনাত শুই কেতিয়াও নপঢ়িব ।
ৰোমান দাৰ্শনিক ছেনেকাই কৈছিল, “যেতিয়ালৈকে আপুনি জীয়াই থাকিব তেতিয়ালৈকে জীয়াই থকাৰ কৌশল শিকি থাকিব।” তাৰ পিছতো কিন্তু আমি বেছিভাগেই পাঠ্যক্ৰমৰ কিতাপৰ বাহিৰে কম সংখ্যকহে বাহিৰা কিতাপ পঢ়ো। এই পৰিৱৰ্তিত পৃথিৱীত চিন্তা আৰু ধাৰণাবোৰেই হ’ল সফলতাৰ মূল চাবিকাঠি। কেৱল প্ৰয়োজন সঠিক কিতাপ অধ্যয়ন কৰি লাভ কৰা চিন্তা বা বিচাৰবোৰক চৰিত্ৰৰ পুনৰ্নিমাণ বা নিজৰ সম্পৰ্কবোৰক এটা নতুন ৰূপ দিয়াত বা নিজৰ জীৱনত এক নতুন বিপ্লৱৰ সূচনাৰ দিশে প্ৰয়োগ কৰিব লাগে। এখন ভাল কিতাপে আপোনাৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে। উদাহৰণস্বৰূপে হেনৰী ডেভিড থৰোই ‘ৱাল্ডেন’ নামৰ গ্ৰন্থখনত লিখিছিল – “কিছুমান এনে শব্দ আছে যিবোৰে আমাৰ স্থিতিক নিখুঁতভাৱে প্ৰকাশ কৰে। সেইবোৰক আমি যদি সঠিকভাৱে শুনিব আৰু বুজিব পাৰোঁ তেন্তে সেইবোৰ ৰাতিপুৱা আৰু শৰৎ ঋতুতকৈও বেছি পবিত্ৰ হ’ব । তদুপৰি আমাৰ জীৱন বাটত অহা বস্তুবোৰক এক নতুন গতি প্ৰদান কৰিব। এনেকুৱা কিমান মানুহ আছে যিসকলে নিজৰ জীৱনত এখন কিতাপ পঢ়াৰ পিছত এটা নতুন যুগক অনুভৱ কৰিছে। ভাগ্যৱশত আমি কিছুমান কিতাপ পাওঁ যিবোৰে আমাৰ চমৎকাবোৰক ব্যাখ্যা কৰে আৰু নতুন আশ্চৰ্য্যজনক বস্তুৰ বিষয়ে কয়।”
সেয়ে লেখকে সফল আৰু সুখী জীৱন অতিবাহিত কৰিবলৈ সকলোকে ভাল কিতাপ কিছুমান পঢ়িবলৈ পৰামৰ্শ দিছে। তেনে কিছুমান কিতাপৰ নাম হ’ল – ছেনেকাৰ ‘লেটাৰ্চ ফ্ৰম এ ষ্ট’ইক’ , জন মেকড’নাল্ডৰ ‘দ্য মেছেজ অৱ এ মাষ্টাৰ’ , মাৰ্কছ অ’ৰেলিয়ছৰ ‘মেডিটেচন’ , ‘দ্য অট’বায়োগ্ৰাফি অৱ বেঞ্জামিন ফ্ৰেংকলিন’ , অ’গ মানডিনোৰ ‘ইউনিভাৰ্চিটি অৱ ছাকছেজ’ , ক্লাউড ব্ৰিছলৰ ‘দ্য মেজিক অৱ বিলীবিংগ’, হৰ্মন হেছ’ৰ ‘সিদ্ধাৰ্থ’ , মেক্সৱেল মাল্টাছৰ ‘ছাইকো ছাইবৰনেটিক্স’ , জোছেফ মৰ্ফিৰ ‘দ্য পাৱাৰ অৱ ইয়ৰ ছাবকনছিয়াছ মাইণ্ড’ , জেমছ এলেনৰ এজ এ মেন থিংকেথ’ , নেপোলিয়ন হিলৰ ‘থিংক এণ্ড গ্ৰো ৰিচ’ ইত্যাদি ।
লেখকৰ মতে আপুনি যদি কোনো ভাল কাম এটাক অভ্যাস হিচাপে নিজৰ জীৱনত গঢ়িব বিচাৰে তেন্তে সেই কামটো অতি কমেও ২১ দিন অবিৰতভাৱে কৰক। কাৰণ যিকোনো কাম এটা ২১ দিন অবিৰতভাৱে কৰিলে কামটো অভ্যাসত পৰিণত হয়। সাধাৰণতে মানুহ হিচাপে আমি যিকোনো পৰিৱৰ্তনক সহজে গ্ৰহণ কৰিব নিবিচাৰোঁ বা গ্ৰহণ কৰিবলৈ টান পাওঁ। যাক ‘হোমিঅ’ষ্টেটিছ’ বুলি কোৱা হয়। যিটো সাধাৰণতে সময়ৰ সৈতে হ্ৰাস হৈ থাকে আৰু এইটোৱে সেই আধাৰৰ ওপৰত কাম কৰে যে কোনো বস্তুৰ পৰিৱৰ্তন নহয় । লাগিলে সেই পৰিৱৰ্তনে আপোনাৰ জীৱনত ইতিবাচক ফল কঢ়িয়াই নানক কিয় ? সেয়ে যিকোনো ইতিবাচক পৰিৱৰ্তনক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তুলিবলৈ আমি কমেও ২১ দিন সেই পৰিৱৰ্তনৰ অভ্যাস কৰিব লাগিব।
গতিকে গন্থখনে আপোনাৰ জীৱনত এজন ভাল পৰামৰ্শদাতা হিচাপে কাম কৰিব, যাৰ পৰামৰ্শ মানি চলিলে আপোনাৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰিব ।
ফোন: ৯৮৬৪২৬৯৬৪০
Comments are closed, but trackbacks and pingbacks are open.