মহীয়সী নাৰী

তুলিকা   দেবী নাথ 

নাৰী অনন্যা, নাৰী অপৰূপা ৷ নাৰী অর্ধআকাশ, নাৰী সৃষ্টিৰ উৎস ৷  বিশ্ব খনিকৰৰ যেন নিটোল সৃষ্টি এই নাৰী৷ নাৰী শক্তিৰ জাগ্রত ৰূপ ৷ আজিৰ নাৰী অৱলা নহয়, নাৰী সাহসী, নাৰী মহীয়সী ৷ নাৰীক বর্ণনা কৰিবলৈ কিমান যে শব্দৰ অলংকাৰেৰে বিভূষিত কৰে ৷ নাৰীৰ শক্তি অসীম, সেয়ে ৰাষ্ট্রসংঘই ২০২৪ চনৰ আন্তর্জাতিক নাৰী দিৱস উদ্যাপনৰ এটা বিষয় নির্বাচন কৰিছে সেয়া হৈছে Count her in : Invest in Women : Accelerate Progress অর্থাৎ মহিলাসকলক সকলো ক্ষেত্রতে অন্তর্ভুক্ত কৰা৷ মহিলাসকলৰ উন্নয়নৰ কাৰণে বিনিয়োগ কৰি সমাজৰ প্রগতি ক্ষিপ্রতৰ কৰা ৷ কথাষাৰৰ অর্থ সুগভীৰ আৰু তাৎপর্যপূর্ণ ৷ আজি আমি একবিংশ শতিকাত উপস্থিত হোৱাৰ পিছতো আমাৰ নাৰীসকলৰ লগত হোৱা বিভিন্ন অপৰাধজনিত ঘটনাবোৰে প্রমাণ কৰে যে নাৰী এতিয়াও আমাৰ সমাজত সুৰক্ষিত নহয়৷ সাংবিধানিকভাৱে আমাৰ দেশত নাৰীক সুৰক্ষা প্রদান কৰি সমধিকাৰ, সমমর্যাদা প্রদান কৰিছে৷  কিন্তু বিভিন্ন সময়ত সংঘটিত অপৰাধজনিত ঘটনাসমূহে মনত এটা প্রশ্ণৰ সৃষ্টি কৰে যে  নাৰীয়ে সমমর্যাদা, সমধিকাৰ সকলোতে পাইছেনে   এতিয়াও আমাৰ সমাজত যৌতুকৰ নামত বোৱাৰী হত্যা, কন্যা সন্তানৰ ভ্রূণ হত্যা, নাৰী অপহৰণৰ দৰে ঘৃণনীয় ঘটনা ঘটিয়ে আছে ৷ তাৰ উপৰি দেশ কঁপাই যোৱা ধর্ষণৰ ঘটনাবোৰে  নাৰীৰ অসুৰক্ষিত অৱস্থাটোৰেই প্রতিফলন ঘটাইছে ৷ এনে পৰিস্থিতিত নাৰীৰ সবলীকৰণ বিষয়টো অতি প্রাসংগিক হৈ পৰিছে ৷ সমাজত নাৰীৰ এই নির্যাতন আৰু বৈষম্য দূৰ কৰিবৰ বাবে    সামগ্রিকভাৱে সকলো দিশতে নাৰীৰ সবলীকৰণ হোৱাটো নিতান্তই প্রয়োজন ৷ নাৰী সবলীকৰণ তেতিয়া সম্ভৱ হব যেতিয়া নাৰীসকল আধ্যাত্মিক, শৈক্ষিক, আর্থিক, ৰাজনৈতিক আৰু সামাজিক দিশত শক্তিশালী হৈ উঠিব ৷ আমাৰ পুৰুষকেন্দ্রিক সমাজখনত এগৰাকী নাৰী সসন্মানেৰে, সমধিকাৰেৰে জীয়াই থাকিবলৈ হলে নাৰী সবলীকৰণৰ দিশটোত সমাজৰ সকলো লোকেই গুৰুত্ব দিয়াটো আৱশ্যকীয় ৷ আজিৰ মহিলা পুৰুষৰ সমানে সমানে সকলো ক্ষেত্রতে আগবাঢ়িছে ৷ আজিৰ নাৰীৰ আছে অসীম কর্মোদ্যম আৰু বুদ্ধিদীপ্ততা ৷ নাৰীৰ সর্বাংগীণ উন্নতিসাধন কৰি তেওঁলোকৰ প্রতিভা বা অর্হতাৰ সুপ্রয়োগৰ জৰিয়তে সমাজ পৰিৱর্তন হোৱাৰ লগতে প্রগতিৰ দিশত দ্রুতভাৱে অগ্রসৰ হব ৷

এটা কথা উল্লেখনীয় যে নাৰীক অধিক শক্তিশালী কৰিবলৈ সামগ্রিকভাৱে সকলো দিশতে নাৰীৰ সবলীকৰণ হোৱাটো নিতান্তই প্রয়োজন ৷ কেৱল শব্দৰ অলংকাৰেৰে নাৰী শক্তিশালী হলে নহব, প্রকৃতার্থত নাৰীয়ে নিজকে শক্তিশালী কৰিবলৈ মানসিক, শাৰীৰিক আৰু বৌদ্ধিকভাৱে সবল হব লাগিব ৷ এখন সুস্থ সমাজ গঢ়ি তোলাত নাৰীৰ ভূমিকা অপৰিসীম ৷ এগৰাকী নাৰী যেতিয়া সুশিক্ষিত হয় তেওঁৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰি সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত দক্ষতা বৃদ্ধি পায় ৷ তেনে নাৰীয়ে প্রতিনিধিত্ব কৰা পৰিয়ালটো, সমাজখন সুস্থিৰ আৰু প্রগতিশীল হোৱাটো অৱশ্যম্ভাৱী ৷ গতিকে নাৰী সবলীকৰণৰ প্রথম প্রচেষ্টা হিচাপে নাৰীক জ্ঞানৰ জ্যোতিৰে আলোকিত কৰিব লাগিব ৷ সমাজৰ প্রতিগৰাকী নাৰী শিক্ষিত হৈ নিজৰ স্থিতি সম্পর্কে সচেতন হলে নিশ্চয় নাৰী অধিক শক্তিশালী হৈ পৰিব ৷

নাৰী মানসিক আৰু শাৰীৰিকভাৱে সবল হলেহে আমাৰ পুৰুষপ্রধান সমাজখনত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আগুৱাই আহিব পাৰিব ৷ সেয়ে নহয় নাৰীৰ প্রতিভা, দক্ষতাসমূহৰ বিকাশৰ সুযোগ দি তেওঁলোকৰ আত্মবিশ্বাস বঢ়াই তুলিলে এগৰাকী নাৰী অধিক শক্তিশালী হোৱাৰ লগতে স্বাৱলম্বী হবলৈ সক্ষম হব ৷

এইখিনিতে এটা গুৰুত্বপূর্ণ কথা এয়ে যে সমাজে কৰা প্রচেষ্টাৰ উপৰি মহিলাসকলে নিজৰ চেষ্টাৰেও নিজক উদ্দীপিত কৰিবলৈ যত্ন কৰিব লাগিব ৷ সচেতনতা বা আত্মবিশ্বাসৰ অভাৱৰ বাবেহ বহু নাৰীয়ে সুবিধা দিলেও সমাজৰ ৰক্ষণশীলতাক নেওচি ওলাই আহিব নোৱাৰে ৷ কিন্তু নাৰীয়ে নিজৰ প্রচেষ্টাৰেও মানসিকভাৱে শক্তিশালী হৈ সমাজে বান্ধি দিয়া প্রতিবন্ধকতা অতিক্রম কৰি  সমধিকাৰেৰে জীয়াই থাকিবলৈ সংকল্প ললেহে নাৰী সবলীকৰণ সম্ভৱ হৈ উঠিব ৷ যোধপুৰৰ আশা কান্দাৰ নামৰ এগৰাকী মহিলা চাফাই কর্মীয়ে প্রমাণ কৰি দেখুৱালে মহিলা অৱলা নহয় ৷ স্বামীৰ দ্বাৰা নির্যাতিত হোৱাৰ পিছত স্বামী গৃহ ত্যাগ কৰি আশাই দুটি সন্তানক বুকুত বান্ধি সাহসেৰে জীৱন বাটত আগুৱাই যাবলৈ সংকল্প লৈছিল ৷ জীৱন নির্বাহৰ বাবে জীৱিকাৰ প্রয়োজন ৷ সেয়ে আশাই ৰাজস্থান যোধপুৰ মিউনিচিপাল কর্পৰেচনৰ অধীনত চাফাই কর্মীৰ কাম এটা চাকৰি যোগাৰ কৰি লৈছিল ৷ প্রচুৰ মানসিক শক্তিৰ গৰাকী আশাই খুব নিষ্ঠাসহকাৰে নিজৰ কাম কৰি গল ৷ দৰিদ্রতা আৰু অকলশৰীয়া মাতৃ হোৱাৰ বাবে সমাজৰ পৰা পোৱা তুচ্ছতাচ্ছিল্যই আশাক জেদী কৰি তুলিছিল ৷ আশাই মনতে সংকল্প কৰিছিল তাই পঢ়িব আৰু জীৱনটো সুন্দৰকৈ গঢ়ি তুলিব ৷ সেয়ে একাগ্রতাৰে পঢ়ি  স্নাতক ডিগ্রীও লাভ কৰিবলৈ সমর্থ হৈছিল ৷ আত্মবিশ্বাসী আশাই স্নাতক ডিগ্রী সম্পূর্ণ কৰাৰ পিছত   প্রশাসনিক পৰীক্ষাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছিল ৷ দিনৰ দিনটো হাতত ঝাডু লৈ কার্যালয় সৰামোচা কৰি আশাই নিশা দুপৰলৈকে অধ্যয়নত ব্যস্ত হৈ পৰিছিল ৷ বৰ কষ্টেৰে ৰাজস্থান চিভিল ছার্ভিচৰ পৰীক্ষাৰ বাবে প্রয়োজনীয় কিতাপপত্রও আশাই সংগ্রহ কৰি পঢ়াত মনোনিৱেশ কৰিছিল ৷ চিভিল ছার্ভিচৰ প্রাৰম্ভিক পর্যায়ৰ পৰীক্ষাত ভালদৰে উত্তীর্ণ হৈ আশাই মূল পৰীক্ষাত বহাৰ সুযোগ পাইছিল ৷ অৱশেষত আশাৰ অধ্যৱসায় আৰু কঠোৰ পৰিশ্রমৰ ফলত  ৰাজস্থান প্রশাসনীয় সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হয় ৷ চাফাই কর্মী আশাৰ চিনাকি সলনি হয় ৷ নিজ যোগ্যতাৰে আশা কান্দাৰে যোধপুৰৰ ডেপুটী কালেক্টৰৰ পদত নিযুক্তি লাভ কৰে ৷ আশাহ প্রমাণ কৰি দেখুৱালে মহিলা কোনো কাৰণতে দুর্বল নহয় ৷ মহিলাসকলৰ মাজতো প্রচুৰ সম্ভাৱনা আছে ৷ যি সম্ভাৱনাক সমাজৰ একো শক্তিয়ে কেতিয়াও স্তব্ধ কৰিব ৰাখিব নোৱাৰে আৰু এই সম্ভাৱনাৰ সুপ্রয়োগেৰে সমাজ প্রগতিৰ দিশত নিঃসন্দেহে অগ্রসৰ হব ৷ আশা কান্দাৰক প্রেৰণা হিচাপে লৈ আগুৱাই গলে নিশ্চয় মহিলাসকল প্রগতিৰ দিশত আগুৱাই যাবলৈ সমর্থ হব ৷

আমাৰ সমাজত এনে নাৰীৰ উদাহৰণ অসংখ্য পোৱা যায়৷ যিসকল নাৰীয়ে সমাজৰ সকলো বাধাবিঘিনি অতিক্রম কৰি, বহু নির্যাতন সহিও নিজক শক্তিশালী কৰি তুলিবলৈ সক্ষম হৈছে ৷ অলপ দিনৰ আগতে কামানি টিউবচৰ (Camani Tubes Ltd.) কোম্পানীৰ অধ্যক্ষা কল্পনা সৰোজৰ এটা সাক্ষাৎকাৰ চাইছিলোঁ ৷ তেওঁ যেন নাৰী শক্তিৰ এক বিৰল দৃষ্টান্ত ৷ কল্পনা সৰোজৰ জীৱন কাহিনীয়ে কয়, পুৰুষপ্রধান সমাজখনত কন্যা সন্তানে পোৱা নির্যাতনৰ কথা ৷ কন্যা সন্তান হোৱাৰ বাবে পঢ়াৰ প্রতি ইচ্ছা থকা সত্ত্বেও স্কুলৰ শিক্ষা পুলিতে সমাপ্ত কৰি ৰক্ষণশীল সমাজৰ নিয়ম অনুসৰি কল্পনা বাল্যবিবাহত বহিব লগা হৈছিল ৷ দলিত সম্প্রদায়ৰ কল্পনাই সমাজৰ লিংগবৈষম্যৰ বাবেই সৰুৰে পৰা অন্তহীন দুখকষ্টৰ সন্মুখীন হব লগা হৈছিল ৷ স্বামীৰ ঘৰত নির্যাতিত বাৰ বছৰীয়া কল্পনাৰ অৱস্থা শোচনীয় হৈছিল ৷ তেওঁৰ অৱস্থা দেখি দেউতাকে কল্পনাক ঘৰলৈ লৈ আহিছিল ৷ ঘৰলৈ অহাৰ পিছতো সমাজে কল্পনাক শান্তিত জীয়াই থাকিবলৈ দিয়া নাছিল ৷ ফলশ্রুতিত কল্পনাই আত্মহননৰ পথো বাছি লৈছিল ৷ ভাগ্যক্রমে তেওঁৰ মৃত্যু নহল ৷ কিন্তু এইবাৰ কল্পনা সৰোজে তথাকথিত সমাজখনক প্রমাণ কৰি দেখুৱাব খুজিলে যে তেওঁ দুর্বল নহয়, তেওঁ জীৱনত আগুৱাই যোৱাৰ ক্ষমতা আছে ৷ দুগুণ শক্তিশালী হৈ কল্পনা সৰোজে নিজৰ জীৱনটো সলনি কৰিবলৈ দৃ সংকল্প ললে ৷  শেষত তেওঁ নতুন জীৱন গঢ়াৰ মানসেৰে কাম বিচাৰি মুম্বাইত উপস্থিত হৈছিলগৈ ৷ খুৰাকৰ লগত থাকি এটা চিলাই কাৰাখানাত সহায়িকা হিচাপে জীৱন আৰম্ভ কৰা কল্পনা সৰোজ নিজৰ আত্মবিশ্বাস, সাহস আৰু ঐকান্তিকতাৰ বাবে দোপতদোপে উন্নতি কৰি গল ৷ সেই চিলাই কাৰাখানাটোতে কেহমাহমানৰ ভিতৰতে কল্পনাই চিলাই বিষয়ৰ জ্ঞানেৰে সমৃদ্ধ হৈ পদোন্নতি পাই মাহিলি এটা ভাল উপার্জন কৰিবলৈ সক্ষম হয় ৷ যি উপার্জনেৰে পৰিয়ালৰ লোকসকলৰ সৈতে মুম্বাইত দুবেলা দুসাঁজ ভালদৰে খাবলৈ সমর্থ হৈছিল ৷ কিন্তু এনে সময়তে তেওঁৰ এগৰাকী ভনীয়েক দুৰাৰোগ্য বেমাৰত আক্রান্ত হৈ মৃত্যু  হয় ৷ কল্পনাৰ সীমিত উপার্জনেৰে ভনীয়েকৰ যাৱতীয় চিকিৎসা কৰিবলৈও অপাৰগ হয় ৷ কল্পনাই বুজি উঠিছিল জীৱনত টকাপইচাৰ প্রয়োজনীয়তাৰ কথা ৷ সেয়ে এক নতুন ব্যৱসায় আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰে দলিত সম্প্রদায়ৰ লোকৰ বাবে দিয়া পঞ্চাশ হাজাৰ টকাৰ লোন লৈ কেইবাটাও কাপোৰ চিলোৱা মেচিন কিনি আনিলে ৷ কাৰখানাত কাম কৰাৰ উপৰি ঘৰতো তেওঁ চিলাইৰ কাম আৰম্ভ কৰিছিল ৷ নিতৌ তেওঁ প্রায় ষোল্ল ঘণ্টাকৈ কামত আত্মনিয়োগ কৰিছিল ৷ তেওঁৰ আর্জন বৃদ্ধি পাইছিল আৰু সেই লাভেৰে চিলাইৰ ব্যৱসায়ৰ সমান্তৰালকৈ ফার্নিচাৰ ব্যৱসায়ো আৰম্ভ কৰিছিল ৷ এইদৰে জীৱনত দোপতদোপে উন্নতি কৰি তেওঁ ৰীয়েল ইষ্টেটৰ ব্যৱসায়তো সোমাই পৰিছিল ৷ সেই ব্যৱসায়তো তেওঁ সফল হৈ অৱশেষত তেওঁ প্রায় সাতশ কোটি টকা মূল্যৰ কামানি টিউবছ (Camani tubes) নামৰ কোম্পানীৰ অধ্যক্ষ পদত অধিষ্ঠিত হয় ৷ কল্পনা সৰোজৰ আত্মবিশ্বাস, মনোবল, সাহস আৰু অধ্যৱসায় প্রতিগৰাকী নাৰীৰ বাবে অনুপ্রেৰণাৰ উৎস হৈ ৰব ৷

মহিলা সবলীকৰণৰ উদ্দেশ্যে বহু সমাজসেৱিকা আৰু মানৱদৰদী মহিলাই তেওঁলোকৰ বহুমূলীয়া অৱদান সমাজলৈ আগবঢ়াই গৈছে ৷ সুধা মূর্তি, সুমিতা ঘোষ আৰু সম্পট পাল এনে কেইগৰাকীমান মানৱদৰদী সমাজসেৱিকা, যিয়ে মহিলাৰ সর্বাংগীণ উন্নতিৰ বাবে অহোপুৰুষার্থ কৰিছিল ৷

দক্ষিণ ভাৰতকে ধৰি উত্তৰ কর্ণাটকৰ বহু ৰাজ্যত এতিয়াও দেৱদাসী প্রথাৰ প্রৱর্তন আছে ৷ এই আওপুৰণি দেৱদাসী প্রথাৰ বাবেই হাজাৰ হাজাৰ মহিলাৰ জীৱন আজি অন্ধকাৰময় হৈ পৰিছে ৷ দেৱদাসীয়ে কেৱল নাচ কৰাই ধর্ম বুলি তেওঁলোকে মানি আহিছে ৷ যাৰ কাৰণে বহু মহিলাই এতিয়াও জ্ঞানৰ পোহৰৰ পৰা বঞ্চিত হৈ অশিক্ষিত হৈ জীৱন কটাইছে ৷ কিন্তু জীয়াই থাকিবলৈ উপার্জন কৰিবহ লাগিব ৷  যিহেতু এহ অশিক্ষিত আৰু অৱহেলিত দেৱদাসীসকলৰ উপার্জনৰ আন পথ নাছিল ৷ সেয়ে পৰিয়াল পোহপাল দিবৰ বাবে এহ মহিলাসকলে নিজৰ দেহ বিক্রী কৰি জীৱন নির্বাহ কৰিবলৈ আৰম্ভ কৰিলে ৷ উত্তৰ কর্ণাটকৰ তেনে তিনি হাজাৰ দেৱদাসীক আন্ধাৰৰ পৰা উলিয়াই পোহৰৰ বাট কাটি দেখুৱালে ইঞ্জিনীয়াৰ, প্রফেছৰ, লেখিকা, প্রখ্যাত বহুজাতিক কোম্পেনী ইনফচিছৰ অধ্যক্ষা সুধা মূর্তিয়ে ৷ 

দেৱদাসীসকলক সাহসী আৰু স্বনির্ভৰশীল কৰিবৰ বাবে সুধা মূর্তিয়ে সমূহ দেৱদাসীক একত্রিত কৰি এটা সংগঠন গঢ়ি তুলিছিল ৷  দেৱদাসীসকলে ব্যক্তিগতভাৱে ব্যৱসায় কৰিবৰ বাবে সুধা মূর্তিয়ে তেওঁলোকৰ বাবে লোন লোৱাৰ ব্যৱস্থা কৰিছিল ৷ সুধা মূর্তিয়ে দেখুৱাই দিয়া পোহৰৰ দিশেৰে যেন দেৱদাসীসকলে বাট বুলিবলৈ আৰম্ভ কৰিছিল ৷ সেই মহিলাসকলৰ মনোবল যাতে কোনো কাৰণতে ভাগি নাযায়, তাৰ বাবে সুধা মূর্তিয়ে সীমাহীন কষ্ট কৰিছিল ৷ কর্ণাটক চৰকাৰেও এই দেৱদাসীসকললৈ সহায়ৰ হাত আগবঢ়াইছিল ৷ লাহে লাহে পুৰণি বৃত্তি সম্পূর্ণ এৰি বহু দেৱদাসীয়ে গৰু, ছাগলী আৰু মহ পুহি জীৱিকাৰ বাট উলিয়াহছিল ৷ সুধা মূর্তিয়ে বুজিছিল যেতিয়ালৈকে শিক্ষাৰ পোহৰেৰে আলোকিত নহয়, তেতিয়ালৈকে এই মহিলাসকল পিছপৰি থাকিব ৷ সেয়ে তেওঁলোকে ইনফচিছৰ অধীনৰ এক আঁচনিৰ জৰিয়তে এহ মহিলাসকলৰ শিক্ষাৰ বাবে নাইট স্কুলৰ ব্যৱস্থা কৰিছিল ৷ লাহে লাহে দেৱদাসীসকল শিক্ষাৰ জ্যোতিৰে আলোকিত হৈ পৰিছিল ৷ সুধা মূর্তিৰ সহায়তে এহ মহিলাসকলে তেওঁলোকৰ ব্যক্তিগত এটা বেংক খুলিবলৈ সমর্থ হৈছিল ৷ প্রায় তিনি বছৰৰ ভিতৰত এই বেংকটোৱে ৮০ লাখ টকা জমা কৰিছিল  আৰু দেৱদাসী বৃত্তি এৰা বহু মহিলাক সংস্থাপন দিছিল ৷ ক্রমান্বয়ে এই মহিলাসকলে সাহসেৰে সমাজত থিয় হব পৰাকৈ শিক্ষিত হোৱাৰ লগতে স্বনির্ভৰশীলো হৈ উঠিছিল ৷ প্রায় তিনি হাজাৰ দেৱদাসীয়ে আগৰ বৃত্তি এৰি স্বাভাৱিক জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল ৷

সেইদৰে মহিলাক অর্থনৈতিকভাৱে সবল কৰিবৰ বাবে কাম কৰা আন এগৰাকী সমাজসেৱিকা সুমিতা ঘোষ ৷  ৰংগসূত্র নামৰ এটি অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ বিভিন্ন প্রান্তৰ চুকেকোণে থকা শিপিনীসকলৰ জৰিয়তে বিভিন্ন ডিজাইনৰ হাতে বোৱা কাপোৰ, হস্তশিল্পজাত বিভিন্ন সামগ্রী বিক্রীৰ ব্যৱস্থা কৰে ৷ এই অনুষ্ঠানটোৰ জৰিয়তে শিপিনীসকলক চিলাই আৰু বোৱা কটা সম্পর্কীয় বিভিন্ন প্রশিক্ষণৰো ব্যৱস্থা কৰে ৷ এই অনুষ্ঠানৰ জৰিয়তে মহিলাসকলে তেওঁলোকৰ হস্তশিল্পজাত সামগ্রী বিক্রীৰ বাবে সুবিধা পোৱাৰ লগতে স্বাৱলম্বী হবলৈ সক্ষম হৈছিল ৷

উত্তৰ প্রদেশৰ বান্দ্রা জিলাত নিপীডিত আৰু নির্যাতিত মহিলাৰ সপক্ষে থিয় হবলৈ সম্পট পালৰ নেতৃত্বত গঢ়ি উঠিছিল গোলাবী গেং নামৰ মহিলাৰ এক গোট ৷ মহিলাৰ ওপৰত হোৱা সকলো প্রকাৰৰ অন্যায় উৎপীডন বন্ধ কৰাৰ মানসেৰে সৃষ্ট এহ মহিলাৰ দলটোৱে হাতত লাঠী লৈ মহিলাক কৰা অন্যায়ৰ বিপক্ষে মাত মাতিছিল ৷ এনেধৰণৰ নাৰী সবলীকৰণে উত্তৰ প্রদেশৰ বান্দ্রা অঞ্চলৰ বহু ঘৰুৱা হিংসাত্মক ঘটনাৰ হ্রাস ঘটাইছিল ৷

নাৰী সমাজৰ অবিচ্ছেদ্য অংগ ৷ নাৰী অর্ধআকাশ ৷ গতিকে এখন সমাজৰ প্রগতি যুগমীয়া হবলৈ হলে নাৰীৰ স্থিতি গুৰুত্বপূর্ণ আৰু  সন্মানজনক  হোৱাটো অতিকৈ প্রয়োজনীয় ৷  নাৰী আৰু পুৰুষ ভিন্ন এই মনোবৃত্তি এৰি সমাজখনে নাৰীক প্রকৃত মর্যাদা আৰু সমধিকাৰ দিলে সমাজৰ প্রগতি সম্ভৱ হব ৷

“I raise up my voice— not so that I can shout, but so that those without a voice can be heard… We cannot all succeed when half of us are held back.”- Malala Yousafzai

 

ফোন ঃ ৯৭২৭৭-৯৪৫২৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.