নাস্তিক

মূল বাংলাঃ উপেন্দ্রনাথ গংগোপাধ্যায়

অনুবাদঃ নিশা ভূঞা

পুত্রৰ নামকৰণ কৰিবৰ সময়ত উমাশংকৰৰ পিতৃয়ে এইণকথা হয়তো সপোনতো ভবা নাছিল যে যিজন পুত্রৰ নামৰ সৈতে তেওঁ দুই–এজন দেৱতাৰ নাম সংযুক্ত কৰিছে, সেই পুত্রজনেই পিছলৈ সকলো দেৱ–দেৱতাৰ ওপৰত আস্থা হেৰুৱাই নাস্তিক হৈ পৰিব ৷ তেওঁ আজি জীয়াই থাকিলে হয়তো যথেষ্ট দুখ পালেহেঁতেন ৷ পিছে মাতৃ সাৰদেশ্বৰীয়ে এটি দীঘলীয়া জীৱনকাল ভোগ কৰাৰ অপৰাধতেই যেন এই শাস্তি ভোগ কৰিবলগীয়া হল ৷

উমাশংকৰে সেই সময়ত এম এ পঢ়ি আছিল ৷ সমান্তৰালভাৱে তেওঁ নিজৰ কেইজনমান সহপাঠী আৰু মিত্রৰ সৈতে নিৰীশ্বৰ সংঘ ঈশ্বৰহীনতা সংক্রান্তীয় নামৰ সংস্থা এটিও চলাই থকাৰ লগতে প্রাচ্য আৰু পাশ্চাত্য দর্শন শাস্ত্রত নিমগ্ন  হৈ ঈশ্বৰ সম্পর্কীয় অনুসন্ধান চলাই আছিল ৷ ঈশ্বৰ নাই, অন্ততঃ ঈশ্বৰৰ অস্তিত্ব সন্দর্ভত কোনো সন্তোষজনক প্রমাণ লাভ নকৰাৰ বাবেহ উমাশংকৰৰ মনত এই ধাৰণা দৃঢ় হৈ পৰিছিল যে ঈশ্বৰবাদৰ ভেটি মানুহৰ দুর্বল চিন্তা অথবা কল্পনাৰ ওপৰতহে আধাৰিত ৷ এদিনৰ কথা ৷ উমাশংকৰে পৰিয়ালৰ লোকসকলকো নিৰীশ্বৰ সংঘত অন্তর্ভুক্ত কৰোৱাৰ কথা চিন্তা কৰে ৷ সেইদিনা ঘৰৰ দৈনিক পূজাভাগ সম্পন্ন কৰি কুল পুৰোহিতজন ওলাই গৈছিল ৷ সাৰদেশ্বৰী দেৱীয়েও পূজা জপ আদিৰ পৰা নির্বৃত্ত হৈ জলপান খাই উঠিছিল ৷ তেনে সময়তে উমাশংকৰে হঠাৎ আহি কলে, আমাৰ ঘৰত মিছা কথা এটাৰ বাবেই বর্তমানলৈ যথেষ্ট ধন অপব্যয় কৰা হৈছে ৷ মই বিচাৰোঁ এই পৰম্পৰা এতিয়াৰ পৰা বন্ধ হওক ৷ কিছু আচৰিত হৈ সাৰদেশ্বৰীয়ে সুধিলে, তোৰ কথা মই বুজি নাই পোৱা উম! ঘৰখনত কেনেধৰণৰ ধনৰ অপব্যয় হোৱাৰ কথা কৈছ তই

উমাশংকৰে কলে, তুমি কৰা দৈনিক নাৰায়ণ পূজাৰ ফুল আদিত নাৰায়ণৰ নিজৰ অস্তিত্বৰেহ কোনো ঠিকনা নাই, তেনে ক্ষেত্রত তেওঁৰ শিলৰ প্রতিনিধি এটিৰ ওপৰত কিয়নো অযথা খৰচ কৰিব লাগে ।

 সাৰদেশ্বৰী দেৱীয়ে নিজ পুত্রৰ ৰেহ ৰূপ দেখিয়েই বুজি পাইছিল যে উমাশংকৰ অধর্মী হৈ পৰিছে ৷ কিন্তু কথা যে ইমানলৈ আগবাঢ়িব, সেই কথা তেওঁ কাহানিও কল্পনা কৰা নাছিল ৷ তেওঁ নিজৰ মনৰ মাজতে ঈশ্বৰৰ ওচৰত  নিজ পুত্রৰ হৈ ক্ষমা প্রার্থনা কৰিলে আৰু দুখেৰে কলে, তই এইবোৰ কি কৈছ উম! তই ঈশ্বৰ বিশ্বাস নকৰ নেকি ধর্মত তোৰ মত নাই নেকি

মুখত এটি মিচিকিয়া হাঁহি লৈ উমাশংকৰে কলে, মত আকৌ কিয় নাথাকিব মা কিন্তু মোৰ ঈশ্বৰ আৰু ধর্ম তোমালোকতকৈ অলপ পৃথক ৷ মোৰ বাবে ঈশ্বৰ হৈছে ন্যায় আৰু নীতি হৈছে মোৰ ধর্ম ৷ মোৰ ঈশ্বৰৰ আসনত আছে মোৰ বুদ্ধি, আৰু মোৰ ধর্মৰ আশ্রয় হৈছে মোৰ জীৱন ৷

নিজ পুত্রৰ তর্ক শুনি সাৰদেশ্বৰীৰ চকুৰ ভ্রূ কোঁচ খাই পৰিল ৷ তেওঁ এইবাৰ পুনৰ সুধিলে, তই কি কবলৈ বিচাৰিছ হা ন্যায় আৰু নীতি কেৱল তোৰ বাবেই আছে নেকি আমাৰ বাবে তাৰ একো মহত্ত্ব নাই

উমাশংকৰে শান্তভাৱেই নিজৰ কথা দাঙি ধৰিলে, কিয় নহব ম !’ তোমালোকৰ বাবেও আছে ৷ কিন্তু তাৰ অধিকাংশ তোমালোকৰ তেত্রিশ কোটি দেৱ–দেৱতাৰ প্রস্তৰ কাৰাগাৰত আবদ্ধ হৈ আছে৷ একো নাই, এই কথা আৰু বাদ দিয়া ৷  অনুমতি দিয়া যদি তোমাৰ এই নাৰায়ণক মই তোমালোকৰ গংগা মাৰ বুকুত বিসর্জন দি আহোঁ নে মা

উমাশংকৰৰ এই প্রস্তাৱ শুনি সাৰদেশ্বৰীৰ মুখখন বেদনা আৰু হতাশাত যেন হালধীয়া হৈ পৰিল ৷ কিছু সময়ৰ বাবে তেওঁ স্তব্ধ হৈ পৰিল ৷ তাৰ পিছত তেওঁ পুনৰ কলে, মোৰ কোনো আপত্তি নাই, যদিহে তই নাৰায়ণৰ সৈতে মোকো গংগা নদীত বিসর্জন দিব পাৰ, উমা ৷ কিন্তু তই তোমালোকৰ গংগা মা বুলি কিয় কৈছ গংগা মা তোৰো মা নহয়নে

এইবাৰ লাহেকৈ নিজৰ মূৰটো লৰাই উমাশংকৰে কলে, নহয়, গংগাও মা নহয় আৰু গাই গৰুও মোৰ মা নহয় ৷ মোৰ মা আছে, একমাত্র মোৰ মা, যাৰ স্নেই সৰোবৰত ডুব মাৰি বাৰম্বাৰ মই পৱিত্র হৈ পৰোঁ ৷ গাই মোৰ বাবে এক ঘৰচীয়া জন্তু আৰু গংগা বিশাল নদী ৷ তাকে কৈ উমাশংকৰে হাঁহিবলৈ ধৰিলে ৷

সি যি কি নহওক, মাতৃৰ অভিমান আৰু পত্নী মন্দাকিনীৰ ওকালতিৰ বাবেই নাৰায়ণে সেইদিনা গংগা যাত্রাৰ পৰা ৰেহাহই পালে৷ গুৰুৰ উপদেশ লাভ কৰিলে উমাশংকৰৰ মনত ঈশ্বৰৰ প্রতি বিশ্বাস জন্মিব পাৰে বুলি মনত আশা বান্ধিয়েই কিছুদিন পিছত সাৰদেশ্বৰীয়ে নিজৰ কুলগুৰু আমৰনাথ বিদ্যাভূষণক এদিন মাতি পঠিয়ালে ৷ আমৰনাথে আহি সকলো কথা ভালদৰে শুনি কলে, এহ সকলো ইংৰাজী পঢ়াৰেই কুফল ৷ মই সকলো ঠিক কৰি দিম ৷ তেওঁ উমাশংকৰক লগ পাই কলে, তোমাৰ সময় সমাগত ৷ তুমি দীক্ষা গ্রহণ কৰা উচিত, উমাশংকৰ ৷

আমৰনাথলৈ কঠোৰ চাৱনিৰে চাহ উমাশংকৰে সুধিলে

কেনে দীক্ষা

তাকে শুনি আমৰনাথে কলে, গুৰুমন্ত্রৰ ৷

উমাশংকৰে পুনৰ সুধিলে, ঠিক আছে ৷ কিন্তু গুৰুমন্ত্র কোনে দিব প্রশ্নৰ শৈলী দেখি আমৰনাথে আৰু মই দিম বুলি কবলৈ সাহস কৰিব নোৱাৰিলে ৷

কিছু সময়ৰ বাবে মৌন হৈ ৰোৱাৰ পিছত উমাশংকৰে পুনৰ কলে, ঠিক আছে, যদিহে তেওঁ প্রকৃতার্থত গুৰু, অর্থাৎ তেওঁৰ তুলনাত মই লঘু ৰূপে বিবেচিত হওঁ, তেনে ক্ষেত্রত মোৰ দীক্ষা লোৱাত আপত্তি নাই ৷ তাকে শুনি আমৰনাথে হাঁহি এটি মাৰি কলে, তুমি নিজকে ইমানেই গুৰু বুলি ভাবা নে  উমাশংকৰ এহবাৰ উমাশংকৰে কলে, নহয় নহয় ৷ কিন্তু পৰীক্ষা নকৰাকৈয়ে যিকোনো লোকক গুৰু মানি লব পৰাকৈ মই নিজকে ইমান লঘু বুলিও নাভাবোঁ ৷

  •  তুমি কি প্রমাণ বিচৰা
  • ঈশ্বৰ সন্দর্ভত মই প্রমাণ বিচাৰোঁ ৷ আপুনি সম্ভৱতঃ এই কথা জানে যে মই ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰোঁ ৷ যিয়ে মোৰ সন্মুখত ঈশ্বৰৰ অস্তিত্ব প্রমাণ কৰিব পাৰিব, তেওঁকেই মই নিজৰ গুৰুৰূপে স্বীকাৰ কৰিম ৷
  •  তুমি বাৰু হউৰোপীয় নিৰীশ্বৰবাদৰ সহায় লৈ তর্ক কৰিবলৈ বিচাৰিছা নেকি
  •  নহয়, মই ভাৰতীয় দর্শন শাস্ত্র অনুসৰিহে বিচাৰ কামনা কৰিছোঁ ৷

তাৰ পিছতেহ প্রশ্নৰ পিছত উত্তৰ আৰু উত্তৰৰ পিছত প্রত্যুত্তৰ দিয়াৰ ধাৰা আৰম্ভ হল ৷ প্রায় এঘণ্ঢাৰ পিছত উমাশংকৰৰ যুক্তিৰ সন্মুখত পিছলি আমৰনাথে কলে, তুমি এজন দক্ষ তার্কিক ৷ তোমাক পৰাজিত কৰাটো কিছু কঠিন ৷ কিন্তু মই তোমাৰ কুলগুৰু ৷ মোৰ ওচৰত দীক্ষা গ্রহণ কৰা, তোমাৰ মংগল হব ৷

এইবাৰ হাতযোৰ কৰি উমাশংকৰে কলে, ক্ষমা কৰিব ৷ প্রমাণ অবিহনে যিজনে আজিলৈ ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰা নাই, তেওঁ এনেদৰেই এজন গুৰু কিদৰে গ্রহণ কৰিব

মনৰ মাজতে উমাশংকৰক ধিক্কাৰ দি আমৰনাথ সাৰদেশ্বৰী দেৱীৰ কাষলৈ গৈ কলে, তোমাৰ পুত্রৰ ৰোগ কিছু কঠিন ৷ আজি মই অলপ দৰব দিছোঁ  ৷ কিছুদিন পিছত মই পুনৰ আহিম ৷

কিছু নিলগৰ পৰা সাৰদেশ্বৰীয়ে সকলো কথা শুনি আছিল ৷ কাৰ দৰব কোনে খাবলগীয়া হল, সেহ কথা তেওঁ ভালদৰেই বুজি পাইছিল ৷ সেইবাবেই তেওঁ মৃদু স্বৰত কলে, ঠিক আছে, আহিব ৷ কিন্তু কুলগুৰু পুনৰ অহাৰ পূর্বেই সাৰদেশ্বৰীলৈ পৰলোকৰ দেৱতাৰ নিমন্ত্রণহে আহিল ৷ মৃত্যুৰ কিছু সময়ৰ পূর্বে নিজৰ বোৱাৰীৰ কাণে কাণে তেওঁ কলে, মইতো যাবলৈ ওলালোঁ বোৱাৰী ৷ কিন্তু অনেক দুখ আৰু কষ্ট ভোগ কৰি এই সংসাৰত যি ক্ষীণ কল্যাণ প্রদীপ লাই থৈ যাবলৈ ওলাইছোঁ, তাত যথাসাধ্য তেল আৰু শলিতা দি থাকিবা ৷  বোৱাৰী মন্দাকিনীৰ কণ্ঠস্বৰ সেই সময়ত অশ্রুৰে অৱৰুদ্ধ হৈ পৰিছিল ৷ সেইবাবেই তাই কোনো উত্তৰ দিব নোৱাৰিলে ৷

ছয় বছৰৰ পিছৰ কথা৷ উমাশংকৰে এম এ আৰু ওকালতিৰ ডিগ্রী পাছ কৰি কলকাতা হাইকর্টত ওকালতি কৰিবলৈ ললে ৷  নিৰীশ্বৰ সংঘৰ কোনো অস্তিত্ব এতিয়া আৰু নাই ৷ উমাশংকৰৰ বাহিৰে সকলোৱে ঈশ্বৰৰ সৈতে যেন সন্ধিহে কৰি ললে ৷ কিন্তু উমাশংকৰে আজিও নিজৰ মতবাদ এৰি দিয়া নাই ৷ ধর্ম, ঈশ্বৰ, পূজাপাঠ আদিৰ তেওঁ যিমানেই বিৰোধিতা কৰিছিল, তেওঁৰ পত্নী মন্দাকিনীয়ে নিজকে এই সকলোৰে মাজতে নিজকে সমানেই আবদ্ধ কৰি ৰাখিবলৈ ভাল পাহছিল ৷ দিনবোৰ তেনেকৈয়ে পাৰ হবলৈ ধৰিলে ৷ এদিন মন্দাকিনীৰ বায়েক আমোদিনী তেওঁলোকৰ ঘৰলৈ আহিল ৷ উমাশংকৰৰ প্রসংগত মন্দাকিনীয়ে কলে, বা, তই জোঁৱাইৰ বাবে একদম চিন্তা কৰিব নালাগে ৷ তেওঁৰ ঈশ্বৰৰ প্রতি অবিশ্বাস অসাধাৰণ ৷ ভগৱান তেওঁৰ যুক্তি–তর্কত যিমান প্রসন্ন হয়, চাগে ফুল–চন্দনৰ দ্বাৰাও সিমান প্রসন্ন নহয় ৷ সেইবাবেই হয়তো ইমান এজন ডাঙৰ নাস্তিকৰ ঘৰতো কোনো পূজা–পার্বণ কাহানিও ব্যর্থ নহয় ৷

এই কথা শুনি আমোদিনীয়ে হাঁহি হাঁহি কলে, তেনেহলে মোৰ চিন্তা নির্মূল কেনেকৈ হব ঐ উমাশংকৰৰ মতৰ সন্দর্ভত তোৰ যিহে শ্রদ্ধা দেখিবলৈ পাইছোঁ, মোৰ এনে লাগিছে তই চাগে কম দিনৰ ভিতৰতেই তেওঁৰ দলতহে যোগদান কৰিবি ৷

মন্দাকিনীয়ে কলে, পাগল হৈছ নেকি তই ! মই নিজৰ বিশ্বাসৰ পথত আগবাঢ়িছোঁ আৰু তেওঁ আগবাঢ়িছে নিজৰ জ্ঞানৰ কঠিন পথত ৷ তেওঁৰ দলত ভর্তি হবলৈ মোৰ ইমান শক্তি আছে জানো

এইবাৰ আমোদিনীয়ে কিছু ভাবি–চিন্তি কলে, তহঁতৰ কথা তহঁতেহে জানিবি আৰু দেহ ৷ কিন্তু আমি জোঁৱাই এই আচাৰ–ব্যৱহাৰত বৰ লাজ পাবলগীয়া হয় ৷  চা চোন, সেইদিনা দুর্গা পূজাত তেওঁ আমাৰ তালৈ গৈছিল যে তাৰেই কাষৰ মন্দিৰত তেওঁ প্রায় দহ মিনিট থিয় হৈ মহিষাসুৰৰ মূর্তিটোৰ সৌন্দর্য বর্ণনা কৰিলে ৷ কিন্তু তেওঁ এবাৰো মূৰ তল কৰি দেৱী মাক প্রণাম  নকৰিলে ৷

মন্দাকিনীয়ে তাকে শুনি কলে, তেওঁৰ কথা আৰু ব্যৱহাৰত লাজ পালে আজিৰ পৰা তেওঁক আৰু কোনো ধার্মিক অনুষ্ঠানলৈ নামাতিবি ৷ কিন্তু তেওঁৰ শহুৰদেউতাই তেওঁক সর্বাক বুলি কৈছে ৷ এই কথা শুনি তেওঁ অতি আনন্দিত হব ৷ তেওঁ সর্বাকৰ এজন ডাঙৰ ভক্ত ৷

হাইকর্টৰ দীঘলীয়া ছুটী চলি আছিল ৷ অফিচত বহি উমাশংকৰে এক ফার্ষ্ট এপীলৰ ব্রিফ চাহ আছিল ৷ সেই সময়তে মন্দাকিনীয়ে খৰ খোজেৰে তেওঁৰ কাষলৈ গৈ কলে, লোৱা, মুখ মেলা ৷

কোনো প্রতিবাদ নকৰাকৈ উমাশংকৰে মুখ মেলি দিলে ৷ মন্দাকিনীয়ে মুখত সুমুৱাই দিয়া প্রসাদ ততালিকে গিলি লৈ তেওঁ সুধিলে, এয়া আকৌ কোনজন দেৱতাৰ প্রসাদ

মন্দাকিনীয়ে কলে, হতু দেৱতাৰ প্রসাদ ৷

উমাশংকৰে এইবাৰ হাঁহি মাৰি সুধিলে, তোমাৰ তেত্রিশ কোটি দেৱতাৰ সৈতে এওঁৰ নাম নতুনকৈ সংযোগ হৈছে নেকি

চকুত কিছু খং ভাৱ সানি মন্দাকিনীয়ে কলে, সকলো কথাতে ধেমালি কিন্তু ভাল নহয় দেই ৷

উমাশংকৰে পুনৰ হাঁহি মাৰি কলে, তোমাৰ এই তেত্রিশ কোটি দেৱতাৰ পুণ্যৰ খতিয়ানস্বৰূপে কেনেবাকৈ মই যদি স্বর্গলৈ যাব পাৰোঁ, তেতিয়া ভগৱানৰ সৈতে সাক্ষাৎ হোৱাৰ ভয় এটা আছে বাৰু ৷  মন্দাকিনীয়ে তাকে শুনি কলে, ভয় কৰিব নালাগে ৷ এই পৃথিৱীতে তুমি ভগৱানৰ দর্শন লাভ কৰিবা ৷ তেনেতে আমোদিনীৰ কথা মনলৈ অহাত তাই পুনৰ কলে, জানানে, কালি বায়ে কি কৈছি! তাই কৈছিল যে তুমি ইমানেই প্রবল নাস্তিক হৈ পৰিছা যে এদিন স্বয়ং ভগৱানেই হয়তো তোমাৰ ওচৰলৈ আহিবলৈ বাধ্য হব ৷

উমাশংকৰে কলেঃ , তোমাৰ বাহদেউৰ কাষলৈতো প্রায়েই ভগৱানৰ অহা–যোৱা চলে ! এদিন আমাৰ ঘৰলৈও আহিবলৈ কবা ৷ তেওঁৰ দর্শন লাভ কৰিব পাৰিম ৷

দুদিনৰ পিছৰ কথা৷ উমাশংকৰে সেই ফার্ষ্ট এপীলৰ ব্রিফখন অফিচতে বহি চাই আছিল ৷ কর্টৰ বন্ধ খুলিলে মোকর্দমা হোৱাৰ সম্ভাৱনা আছে ৷ নিম্ন আদালতৰ ৰায়ৰ যি যি সুবিধা আৰু অসুবিধা আছিল, সেইবোৰৰ তলত তেওঁ ৰঙা আৰু নীলা পেঞ্চিলেৰে দাগ দি আছিল ৷ সেই সময়তে গৌডবর্ণৰ বৃদ্ধ এজন সোমাই আহি কলে, তোমাৰ জয় হওক ৷

উমাশংকৰে ব্রাহ্মণজনলৈ এবাৰ চাই কলে, আপুনি কোননো

  • মহ ভগৱান ৷
  •  ভগৱান, ভগৱান কি
  • মানে ভগৱানৰ অর্থ বিস্ময় প্রকাশ কৰি ব্রাহ্মণজনে সুধিলে ৷
  •  ভগৱান ভট্ট, ঘোষ, বোস, মুখার্জী
  • নাই, একো নাই ৷ মই কেৱল ভগৱান ৷
  • আপোনাৰ ঠিকনা
  • গো–লোক ৷
  •  জিলা
  •  আমৰাৱতী ৷
  •  কিন্তু হাইকর্টৰ অধিকাৰৰ সীমাতচোন আমৰাৱতীৰ আদালত অন্তর্ভুক্ত নহয় ৷ বাৰু কওকচোন ,আপোনাৰ মোকর্দমা কি আছিল দেৱানী নে ফৌজদাৰী

উমাশংকৰৰ কথা শুনি বৃদ্ধজনে হাঁহি মাৰি কলে, মই তোমাৰ ক্লায়েণ্ট নহয় উমাশংকৰ ৷ মই ভগৱান ঈশ্বৰ–আদিনাথ, প্রণ !

এইবাৰ ঈষৎ হাঁহি এটি মাৰি উমাশংকৰে কলে আপুনিয়েহ বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকর্তা নেকি বাৰু

  • হয়, ময়েই সেই সৃষ্টিকর্তা ৷

এয়া অন্য একো নহয়, আমোদিনীয়ে কৰা ধেমালিহে ৷ এই বৃদ্ধজনক তাই ভগৱান সজাই পঠিয়াই দিছে ৷ এই কথা ভাবি উমাশংকৰৰ মনৰ মাজতে হাঁহি উঠিল ৷ এখন চকী দেখুৱাই দি উমাশংকৰে কলে, আসন গ্রহণ কৰক ৷ বৃদ্ধজন বহাৰ পিছত উমাশংকৰে কলে, আপুনিয়ে যদি বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকর্তা, আদিনাথ ইত্যাদি তেনেহলে আপুনি সর্বত্র বিয়পি আছে ৷ তেনেক্ষেত্রত বিচাৰি বিচাৰি মোৰ দৰে নাস্তিক এজন দর্শন দিবলৈ কিয় আহিল বাৰু

  • মই তোমাক ঈশ্বৰ মন্ত্রৰে দীক্ষিত কৰিবলৈ আহিছোঁ ৷
  • ঈশ্বৰ মন্ত্রৰে আপুনি কপিলৰ দর্শন শাস্ত্র পঢ়িছেনে
  • হয় ৷ কপিলেচোন প্রমাণৰ অভাৱত ঈশ্বৰক অ–সিদ্ধ কৰিছে ৷ আৰু সেই অপৰাধত মই কপিলক উতলা পানীত সিদ্ধ কৰি দিছোঁ ৷
  • তেনেহলে ময়ো আপোনাক উতলা পানীত পেলাই চাম ৷ যদি সিদ্ধ হৈ যায় মই বুজি পাম যে আপুনি কৃত্রিম ভগৱান ৷ আৰু যদিহে অসিদ্ধ হয়, তেনেহলে মই মানি লম যে আপুনিয়েই দেৱাদিদেৱ মহাদেৱ ৷  কিন্তু পানী গৰম হবৰ বাবে অলপ সময় লাগিব নহয় ৷ সেইবাবে সর্বপ্রথমে মই এটি প্রমাণ লম ৷ আপুনি জানেই নহয়, প্রমাণ অবিহনে মহ ঈশ্বৰ বিশ্বাস কৰিব নোৱাৰোঁ ৷
  •  কি প্রমাণ লাগিব কোৱা

পকেটৰ পৰা জুইশলা এটি উলিয়াই এটি কাঠী লাই উমাশংকৰে কয় এই শিখাত আপোনাৰ আঙুলি এটা দিয়ক ৷ তাৰ পিছত আপুনি গম পাব যে মই কেনে প্রমাণ বিচাৰিছোঁ ৷

ভগৱানৰ মুখত পুনৰ হাঁহি এটি বিৰিঙি উঠিল ৷ তেওঁ কলে, ইমানতে তুমি সন্তুষ্ট হবানে উমাশংকৰ তোমাৰ সেই অগ্নিশিখা মই আঙুলিৰে স্পর্শ কৰিলে সেই শিখা পানী হৈ পৰিব ৷

ভগৱানৰ বাক্য আৰু কার্যত কোনো প্রভেদ নাথাকিল ৷ অগ্নিশিখাক ভগৱানৰ আঙুলিৰ স্পর্শ কৰা মাত্রকেই সেই শিখা শতগুণে বাঢ়ি গল আৰু তাৰ পিছত সি পানীৰ ৰূপ লৈ সৰিবলৈ ধৰিলে ৷  বিস্মিত, বাক্শক্তিহীন উমাশংকৰক দেখি ভগৱানে এইবাৰ কলে, ইয়াতকৈ ডাঙৰ প্রমাণ চাবা নেকি উমাশংকৰ

হতভম্ব হৈ উমাশংকৰে কলে, কওকচোন ৷

  •  তুমি গীতা পঢ়িছানে
  • হয়, পঢ়িছোঁ ৷
  •  একাদশ অধ্যায়ৰ কথা মনত আছেনে

কিছু সময় চিন্তা কৰি উমাশংকৰে কলে, আছে ৷ বিশ্বৰূপ দর্শন ৷

  • তুমি মোৰ বিশ্বৰূপ চাবলৈ বিচৰা নেকি

কিছু ভীতিগ্রস্ত আৰু বিহ্বল কণ্ঠৰে উমাশংকৰে কলে, হয়, চাবলৈ বিচাৰোঁ ৷

  • তেনেহলে চোৱা ৷ তাকে কৈ ভগৱানে  বহুকেইখন হাত, বহুকেইখন মুখ আৰু উদৰেৰে এক বিৰাট ৰূপ ধাৰণ কৰিলে ৷ সেই বিৰাট ৰূপৰ আদিও নাছিল আৰু কোনো অন্তও নাছিল ৷ দুচকুৰ মাজত কেৱল সূর্য আৰু চন্দ্র উজলি ৰৈছিল ৷ ভীষণ দন্তাৱলী, মুখমণ্ডলে যেন ক্রমশঃ সর্বগ্রাসী অগ্মিৰ ৰূপ ধাৰণ কৰিলে ৷

বিছনাৰ পৰা উঠি মন্দাকিনী বাহিৰলৈ যাবলৈ ওলাইছিল ৷ সোনকালে গৈ তাই উমাশংকৰৰ শৰীৰটো জোকাৰি দিলে ৷ চকু মেলিয়েই কিছু বিহ্বল ভাৱেৰে তেওঁ চাৰিওফালে চাবলৈ ধৰিলে ৷ মন্দাকিনীয়ে সুধিলে, সপোন দেখি আছিলা  নেকি তুমি মন্দাকিনীলৈ চাই কিছু ভয় ভয় ভাৱেৰে উমাশংকৰে কলে,, এটি ভীষণ দুঃস্বপ্ণ ৷

সপোনৰ সকলো কথা শুনি মন্দাকিনীয়ে দুয়ো হাত যোৰ কৰি কপালত স্পর্শ কৰি কলে, এইটো তুমি দুঃস্বপ্ণ বুলি কৈছা এইটো চোন এটা মহা–সুস্বপ্ণ৷ তুমি ভগৱান ৷ সেয়ে সপোনত তোমাক ভগৱানে দেখা দিছে ৷ এতিয়া জাগ্রত অৱস্থাতো তুমি কাহানিবা তেওঁৰ দর্শন লাভ কৰিবা ৷ তাকে কৈ মন্দাকিনীয়ে স্বামীক প্রণাম কৰি ভিতৰৰ কোঠালৈ সোমাই গল ৷ কিছুপৰ জলকা লাগি বহি থকাৰ পিছত হঠাৎ উমাশংকৰ থিয় হল ৷ হাত মুখ ধুই একাপ চাহ খাই তেওঁ সাংখ্যদর্শন মেলি লৈ বহি পৰিল ৷

পাঠ আৰম্ভ কৰাৰ পূর্বে তেওঁ মনৰ মাজতে আওৰালে, হে ভগৱান, তুমি যদি সঁচাকৈয়ে আছা, কৃপা কৰি মোৰ মনত পৰিপূর্ণ বিশ্বাস উৎপন্ন কৰাৰ পূর্বে মোৰ মনটো দুর্বল কৰি নেপেলাবা ৷

ফোনঃ  ৯৭০৬৬-২৫০২৫

You might also like

Comments are closed, but trackbacks and pingbacks are open.