ডাঃ কৰুণা হাজৰিকা
আপুনি বাৰু কেতিয়াবা নিজে নিজে কথা পাতি পাইছেনে কেতিয়াবা হয়তো আইনাৰ সন্মুখত থিয় হৈ অলপ হলেও কিবা কথা চিন্তা কৰি পাইছে ৷ হয়তো ভাবিছে চুলিখিনি বেয়া হৈছে বা দাড়িখিনি কাটিব লাগিছিল, আজি থাওক, বা কাপোৰযোৰ পৰিস্থিতিৰ লগত খাপ খোৱা নাই ইত্যাদি ৷ নতুবা কেতিয়াবা পুৰণি কথা ৰোমন্থন কৰিছে, নতুবা হয়তো হৈ যোৱা ঘটনাৰ কথা চিন্তা কৰি মন মাৰি বহি আছে বা অন্য হবলগীয়া কিবা কামৰ সূচনা কৰিবৰ বাবে চেষ্টা কৰি আছে৷ আৰু মনে মনে আপুনি আপোনাৰ অলক্ষিতে মনৰ লগত কথা পাতি আছে ৷ হয়, এই সকলোবোৰেহ হৈছে আপোনাৰ স্ব–আলাপ(Self- talk)৷ অন্তৰাত্মাৰ কথা বা স্ব–আলাপ হৈছে নিজেই নিজৰ লগত কৰিব পৰা কথোপকথন ৷ ই আপোনাৰ অলক্ষিতে হব পৰা ব্যৱস্থা যদিও আপুনি ইয়াৰ লগত প্রত্যক্ষভাৱেই জড়িত ৷ এই অন্তৰাত্মাৰ ভাবধাৰাই আপোনাক গোটেই দিনটো পৰিচালনা কৰে আৰু ই আপোনাৰ ধনাত্মক বা ঋণাত্মক ধাৰণাৰ ওপৰত নির্ভৰ কৰে ৷ অন্যধৰণে কবলৈ গলে, এহ মনৰ খূ–দুৱনিয়েই হৈছে স্ব–আলাপ ৷ ই হৈছে আপোনাৰ মনত সততে উদ্বাবিত অকথিত ভাবধাৰা, আৰু ই কেতিয়াও শেষ হব নোৱাৰা এটা ব্যৱস্থা ৷ সেয়ে দেখা গৈছে আপুনি যদি এজন সফল বা প্রতিভাৱান ব্যক্তি আপোনাৰ মনত সদায়েই ধনাত্মক ভাবধাৰাই উদ্ভাষিত হব আৰু আপুনি সদায়েই এই ধৰণৰ কথাই নিজৰ অন্তৰাত্মাৰ লগত পতাৰ চেষ্টা কৰিব, ইয়াক কোনেও নুই কৰিব নোৱাৰে ৷
এই অন্তৰাত্মাৰ কথা বা স্ব–আলাপ কিয় ইমান প্রয়োজন নিজৰ ভিতৰৰ কথোপকথন বিভিন্ন ধৰণৰ হব পাৰে আৰু ই বিভিন্ন সময়ত আমাৰ জীৱন যাপন প্রণালীত প্রভাৱ পেলাই আহিছে ৷ স্ব–আলাপ দুই ধৰণৰ, ধনাত্মক বা যোগাত্মক আৰু ঋণাত্মক বা বিয়োগাত্মক ৷ ই হৈছে আমাৰ প্রতিষ্ঠাৰ মূল মন্ত্র ৷ যোগাত্মক স্ব–আলাপে বা ভাবধাৰাই আমাৰ মনত বিভিন্ন প্রকাৰে কাম কৰে আৰু আমাৰ দৈনন্দিন কার্যপ্রণালীত যথেষ্ট প্রকাৰে সহায় কৰে ৷ ইয়াৰ দ্বাৰাই মানুহক সতর্ক হোৱাত, উদ্বেগ বা উৎকণ্ঠা দূৰ কৰাত, নিজৰ কার্যদক্ষতা বঢ়োৱা বা মানসিক চাপ নিৰাময় কৰা আদিৰ বাবে উদগনি যোগায় ৷ যোগাত্মক ভাবধাৰাই আমাৰ মনত সততে হব পৰা বাধ্যবাধকতাজনিত কাম বা কষ্টকৰ পৰিস্থিতিৰ পৰাও আঁতৰাই ৰাখিব পাৰে ৷ আমি যদি সততে মনে মনে নিজৰ মনত বিয়োগাত্মক বা ঋণাত্মক ভাবধাৰাক প্রশ্রয় দিওঁ বা ইয়াৰ দ্বাৰাই পৰিচালিত হওঁ তেতিয়া আমাৰ মনত সঘনে প্রতিকূল বা অসন্তোষজনক ভাবধাৰাই ক্রিয়া কৰিব আৰু কোনো বিশেষ ঘটনাই আমাৰ মনত বিয়োগাত্মক আৱেগ বা অনুভূতি জড়িত প্রতিক্রিয়াৰ সৃষ্টি কৰি থাকিব ৷ তাকে নকৰি যদি আমি আশাবাদী হিচাপে প্রতিটো কথাকে লক্ষ্য কৰোঁ আৰু নিজৰ লগত কথা পাতো, তেতিয়া সমগ্র জগতখনকে আমাৰ অনুকূলে নিবৰ বাবে বিশেষ কষ্ট কৰিবলগীয়া নহয় আৰু অমাৰ ভাবধাৰাত সঁচাকৈয়ে যোগাত্মক প্রভাৱ পৰিব ৷ যদিওবা কেতিয়াবা কেতিয়াবা আমাৰ হবলগীয়া কার্য বা ঘটনাৰ নিয়ন্ত্রণ আমাৰ হাতত নাথাকিব পাৰে তথাপিতো তাক কিদৰে গ্রহণ কৰিম বা পৰিচালনা কৰিম, তাৰ সম্পূর্ণ কৌশল প্রণালী কিন্তু আমাৰ হাততে থাকিব ৷ সেয়ে ই আমাৰ প্রতিদিনৰ কার্যপন্থা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্রত উল্লেখনীয় পদক্ষেপ হব পাৰে ৷ উদাহৰণস্বৰূপে আমি যদি কোনো এটা কঠিন কাম পাওঁ আৰু আমি তাক ইমান টান কাম বুলি এৰি দিওঁ তেতিয়া কোনোদিনেই তাক কৰিব নোৱাৰিম আৰু যদি তাকে নকৰি ইয়াক মই কৰিব পাৰিম বুলি যোগাত্মক ভাব লৈ আগবাঢ়ো, তেতিয়া আমি তাৰ সুফল পাবলৈ সক্ষম হম ৷ এয়া এটা উদাহৰণহে মাত্র ৷ এনে ধৰণৰ বহু কথা আহিব পাৰে জীৱনৰ যিকোনো ক্ষণতে, আৰু তাক যদি যোগাত্মক ভাবধাৰাৰ মাজেদি চাবলৈ শিকো তাৰ প্রতিদান নিশ্চয় সদায় আমাৰ অনুকূলেই যাব আৰু এনে কামে আমাৰ মনত সদায় যোগাত্মক ভাবৰহে প্রতিফলন ঘটাব আৰু ই আমাৰ জীৱনৰ বাবে বৰ উপযোগী হিচাপে পৰিগণিত হব ৷
আমাৰ জীৱনত বহু সময়ত বিভিন্ন ধৰণৰ মানসিক চাপ বা চিন্তাধাৰাই জুমুৰি দি থাকে, ই কর্মক্ষেত্রতেই হওক বা অন্য কোনো ধৰণৰ জটিল পৰিস্থিতিৰ বাবেই হওক, আমি যদি নিজৰ মনৰ লগত এই বিষয়ত কথা পাতো আৰু তাৰ যদি যোগাত্মক দিশটোৰ প্রতি ধ্যান দিওঁ তেতিয়া আমি আমাৰ মানসিক চাপ ফলপ্রসূভাৱেই নিয়ন্ত্রণ কৰিব পাৰিম ৷ ইয়াৰ বাদেও যোগাত্মক স্ব–আলাপৰ আৰু বহুতো স্বাস্থ্যজনিত উপযোগী দৃষ্টিকোণ আছে আৰু এই সকলো বিভিন্ন সমীক্ষা আদিত প্রকাশ পাইছে ৷ তাৰ ভিতৰত উল্লেখনীয় হৈছে আমাৰ ৰোগ প্রতিৰোধী ক্ষমতাৰ(Healthier immune system) বিকাশ, সুস্থ কার্ডি–ভাসুক্লাৰ প্রণালী, সুস্থ মানসিক স্বাস্থ্যৰ প্রভাৱ আৰু বিকাশ, কার্যদক্ষতাৰ বিকাশ, মানসিক চাপ নিয়ন্ত্রণ, জীৱনীশক্তি(vitality)ৰ বিকাশ, বিষ সহ্য কৰিব পৰা শক্তিৰ প্রভাৱ বৃদ্ধি, আত্মসন্মান বৃদ্ধি, জীৱনৰ প্রতি আত্মসন্তুষ্টি, ব্যৱহাৰিক স্বাস্থ্যৰ উন্নতি হোৱা আৰু লগতে জীৱনকাল বৃদ্ধি আদি৷ কিন্তু আচৰিত কথা যে আজিও এহ বিশেষ স্বাস্থ্য সম্বন্ধীয় প্রভাৱৰ কোনো প্রতিষ্ঠিত বৈজ্ঞানিক বিশ্লেষণ নাই ৷ তথাপি ইয়াক ধৰি লোৱা হৈছে যে আমাৰ কর্মক্ষেত্রত যদি আমি যোগাত্মক ভাবধাৰাক বেছি প্রাধান্য দিওঁ তেতিয়া আমি আমাৰ মানসিক চাপ নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত ফলপ্রসূ হব পাৰোঁ আৰু এই চাপ মোকাবিলা কৰাৰ ক্ষমতাই পৰোক্ষভাৱে আমাৰ শৰীৰত মানসিক চাপৰ দ্বাৰা হব পৰা বিয়োগাত্মক প্রতিক্রিয়াৰ প্রভাৱ নিৰাময় কৰে ৷ আৰু ইয়াকো কোৱা হৈছে যে যি মানুহ নিজৰ কর্মক্ষেত্রত সদায়েই উৎসাহী তেওঁ সদায়েই নিজৰ স্বাস্থ্যৰ যতন লয়, সুষম খাদ্য খায়, নিয়মীয়া ব্যায়াম কৰে, আৰু ৰাগিয়াল বস্তু , ধূম্রপান আদি ত্যাগ কৰে আৰু লগতে বিয়োগাত্মক ভাবধাৰাক সদায়েহ দূৰত ৰাখে ৷ সেয়ে সুস্থ হৈ থাকিবৰ বাবেই ঋণাত্মক ভাবধাৰাৰ ৰোমন্থন বা গুজব(rumination) আদি পৰিত্যাগ কৰিব লাগিব আৰু লগতে পর্যাপ্তভাৱে আৱেগ আদিকো প্রশ্রয় দিব নালাগিব ৷ বিয়োগাত্মক ভাবধাৰাৰ ৰোমন্থনে আমাৰ মনত সদায়েই ঋণাত্মক প্রতিচ্ছবিৰ প্রতিফলন ঘটায় আৰু আমাৰ কর্মক্ষেত্রত বাধাৰ সৃষ্টি কৰে ৷ যদিওবা কেতিয়াবা কোনো কামৰ বিশ্লেষণ দেখাত ফলপ্রসূ হব পাৰে, কিন্তু ইয়াৰ অত্যধিকতাই স্বাস্থ্যৰ ক্ষতিকাৰক হিচাপেহ পৰিগণিত হৈ আহিছে ৷ ধৰি লওক কেতিয়াবা এনে লাগে যেন এই কামটো মই কৰিব নালাগিছিল, কামটো কৰাৰ বাবেই এই গতি হল, ইয়াৰ বাবে ময়েই দোষী, মই ইয়াৰ ফল পামেই ৷ আকৌ কেতিয়াবা এনে হয় যেন মোৰ ভুল কামৰ বাবেই মোৰ চাকৰিৰ প্রমোচন নহল বা চাকৰি যোৱা–থোৱা অৱস্থা ইত্যাদি ৷ কেতিয়াবা আকৌ এনে হয় যে মই আগলৈ কামটো ভালকৈ কৰিম, মই পাৰিমেই, মই ইয়াতকৈ বেছি ভালকৈ কৰিম আদি ধৰণৰ নিজৰ অন্তৰাত্মাৰ লগত হোৱা বিয়োগাত্মক কথোপকথনে মানুহৰ স্বাস্থ্যৰ বিশেষভাৱে ক্ষতি কৰে যেনে, ধৰক ক্রমান্বয়ে মানসিক চাপ বৃদ্ধি হোৱা, মানসিক স্বাস্থ্যৰ ক্ষতি হোৱা, ক্ষতিগ্রস্ত জীৱন প্রণালী, ক্রমান্বয়ে হতাশাবাদী হোৱা, আত্মসন্মান হানি হোৱা, আৰু লগতে নিজৰ চাল–চলনৰ বা নিজৰ যোগাযোগ ব্যৱস্থাৰ পৰিৱর্তন হোৱা আদিয়েই প্রধান ৷
এই ব্যৱস্থাৰ পৰা পৰিত্রাণ পাবৰ বাবে প্রথম পদক্ষেপ হিচাপে বিয়োগাত্মক চিন্তাবোৰক বাছি উলিওৱা অতি দৰকাৰ ৷ আৰু লগে লগে ইয়াক মনৰ মাজতে পাগুলী থাকি সৰু কথা এটাকে ডাঙৰ কৰি লৈ বি ভিন্ন দুষ্চিন্তাৰ দ্বাৰা ভাৰাক্রান্ত হোৱা আৰু শেষত সমস্ত দোষ নিজৰ গাতে জাপি লৈ সর্বনাশ হোৱা আদি ৷ উদাহৰণস্বৰূপে ধৰক পুৱাই আপোনাৰ হাতৰ পৰা এটা গিলাচ পৰি ভাগিল আৰু আপুনি গোটেই দিনটোত হোৱা সকলো ঘটনাক ইয়াৰ লগত সাঙুৰি লৈ, বিশ্লেষণ কৰি তাৰ বিয়োগাত্মক দিশটোকে পাকে–প্রকাৰে প্রতিপন্ন কৰিবৰ চেষ্টা কৰে, তেতিয়া আপোনাৰ মনত ঋণাত্মক চিন্তাই বাহ লব আৰু আপুনি ইয়াৰ পৰা পৰিত্রাণ নোপোৱাটো ধুৰূপ ৷ তাকে নকৰি যদি যোগাত্মকভাৱে চিন্তা কৰে যেনে ধৰক ভালেই হল, গিলাচ ছেট্টো পুৰণা হৈছিল, নতুন এটা আনিব পাৰিম, বা গিলাচ ভাঙি যে হাত নাকাটিলে, নহলে আজি ইমানবোৰ কামৰ একোৱেই নহল হয় ৷ ভগৱানক ধন্যবাদ ৷ গতিকে আমি সকলোৱেই যিকোনো ঋণাত্মক কামক সকলো সময়তে মনৰ ভিতৰত ৰাখি থব নালাগে আৰু তাকে পাকে–প্রকাৰান্তে সকলো নোহোৱা কামৰ লগত সংযোগ কৰিবৰ বাবে চেষ্টা কৰিবও নালাগে ৷ ইয়েই আমাৰ মানসিক চাপ বৃদ্ধিৰ প্রধান কাৰণ ৷ মানুহৰ মানসিক চাপ আৰু চিন্তাধাৰা, ইটোৰ লগত সিটো প্রত্যক্ষভাৱে জড়িত ৷ মানুহৰ যেতিয়া মানসিক চাপ বৃদ্ধি হয়, ই লগতে যোগাত্মক চিন্তাৰ বাধা ৰূপেও পৰিগণিত হয় আৰু তেতিয়া বিভিন্ন ঋণাত্মক ভাবধাৰাৰ সৃষ্টি কৰে ৷ গতিকে আমি আমাৰ মনত ভাহি উঠিব পৰা যিকোনো ভাবধাৰাক স্ব–কথোপকথনৰ দ্বাৰাই এটা সুস্থ বাতাৱৰণ সৃষ্টি কৰি নিজৰ মানসিকতাৰ লগত খাপ খুৱাই আগবাঢ়িবলৈ চেষ্টা কৰিব পাৰিলেহে সদায় এটা সুবিধাজনক স্থিতি পোৱা যাব ৷ কিন্তু এই ব্যৱস্থা পাবৰ বাবে যথেষ্ট ধৈর্য, অধ্যৱসায় আৰু অনুশীলনৰ প্রয়োজন হব ৷ ইয়াৰ দ্বাৰাই আমি আমাৰ স্ব–আলাপ সলনি কৰিব পাৰো আৰু বিয়োগাত্মক ভাবধাৰাক নিজৰ মনোবলৰ দ্বাৰাই যোগাত্মক ভাবধাৰালৈ পৰিৱর্তন কৰিব পাৰোঁ ৷ সেয়ে বাকপটুতা বা বিভাজনকামী, ধবংসাত্মক চিন্তাধাৰা বা যিকোনো কথাকেহ নিজৰ গালৈ টানি অনা আদি পৰিস্থিতি এৰি ফুৰাই বাঞ্ছনীয় ৷ আমি যদি প্রতিটো অভিজ্ঞতাৰ কথা এবাৰ ভাবি চাওঁ দেখা পাম যে প্রতিটোৰে এটা ভাল বা বেয়া দিশ সদায়েই আছে ৷ গতিকে প্রতিটো অভিজ্ঞতা নিজৰ বিচাৰধাৰাৰ দ্বাৰা পৰিচালিত নকৰি তাক বর্ণনামূলকভাৱে নিজৰ কামৰ লগত সংগতি ৰাখি আত্মতুষ্টি আৰু আত্মশুদ্ধিৰ দ্বাৰা পৰিচালিত কৰিবৰ চেষ্টা কৰা অতি প্রয়োজন৷ যিকোনো বেয়া পৰিস্থিতিত নিজৰ দৃষ্টিকোণ সলনি কৰি যোগাত্মক চিন্তাৰে আগবাঢ়িবৰ বাবে চেষ্টা কৰাটোৱেহ আমাৰ লক্ষ্য হোৱা উচিত ৷ সেয়ে বিভিন্ন ক্ষেত্রত নিজৰ দৃষ্টিভংগী আৰু যুক্তিযুক্ততা বা সত্যাসত্যৰ বিচাৰ কৰি চলিব পৰাটোৱেই শ্রেয় বুলি পৰিগণিত হৈছে ৷
যিকোনো ক্ষেত্রত আমি যদি আভ্যন্তৰীণ পর্যালোচনাত গুৰুত্ব দিব পাৰো তেতিয়া প্রতিটো ক্ষেত্রতে আমি তিনিটা দিশত পৰিচালিত হব পাৰো যেনে, তাক পৰিত্যাগ কৰা, পর্যালোচনা কৰা আৰু সময়সাপেক্ষে আমাৰ লক্ষ্য সলনি কৰা ৷ সেয়ে আমাৰ কার্যপন্থা পৰিস্থিতিৰ ওপৰত নির্ভৰ কৰি নির্ণয় কৰা উচিত ৷ আমি কোনো বেয়া সময়ত আমাৰ আৱেগক যদি প্রশ্রয় দিওঁ আৰু পৰিচালিত হওঁ তেতিয়া আমি দেখিম যে আমাৰ ভাবধাৰাৰ গতি বিয়োগাত্মক দিশে যাব ৷ সেয়ে তাকে নকৰি ক্ষন্তেক সময় ধৈর্য ধৰি পৰীক্ষা কৰি নিজৰ মনতে কথা পাতো পৰিস্থিতিসাপেক্ষে, আৰু তেতিয়া তাৰ এটা ভাল ফল পাবলৈ সক্ষম হম ৷ হৈ যোৱা বা হবলগীয়া কামৰ কথা ভাবি মূৰ ঘমাই থকাতকৈ বর্তমান পৰিস্থিতিৰ লগত খাপ খুৱাই নিজকে পৰিচালিত কৰিবলৈ মনোযোগ দিব পৰাটোৱেই শ্রেয় ৷ বর্তমান পৰিস্থিতিক কাবু কৰি তাক নিজৰ আনন্দৰ কাৰক হিচাপে ব্যৱহাৰ কৰি তাৰ মজা লোৱাৰ চেষ্টা কৰিব লাগে আৰু লগতে নিজকে এবাৰ পুনৰাই পৰীক্ষা কৰা উচিত ৷ উদাহৰণস্বৰূপে গাড়ী চলাই যাওঁতে যদি গান শুনি গৈছে লগে লগে গাবলৈ চেষ্টা কৰক, নতুবা কাম কৰি থাকোঁতে কামৰ প্রতি মনোযোগ দিয়ক বা যদি বাহিৰত আছে আকাশলৈ চাওক আৰু তাৰ সৌন্দর্য উপভোগ কৰিবলৈ চেষ্টা কৰক, অন্যথা নিজৰ আত্মীয়ৰ লগত কথা পাতক আৰু মনোযোগেৰে প্রতিটো কথাতে ভাগ লওক ৷
গতিকে আহক আমি নিজে নিজে নতুন ধৰণেৰে কথা পাতিবৰ চেষ্টা কৰো হওক কিয়নো আমাৰ নিজৰ সু–স্বাস্থ্য আমাৰ হাততে বিৰাজমান ৷ আমাৰ সুস্থ মনোভাব আৰু অন্তৰাত্মাৰ লগত হোৱা যোগাত্মক কথোপকথনে আমাক উৎসাহজনক পৰিস্থিতিৰ ফালে অনুপ্রাণিত কৰিব আৰু আমি আমাৰ জীৱনৰ গতিধাৰা নিজৰ সুবিধা অনুযায়ী সুস্থ মনেৰে পৰিচালিত কৰি সুখী হৈ থাকিব পাৰিম ৷
ফোনঃ ৯৮৬৪০-১৮৬৬৫
Comments are closed, but trackbacks and pingbacks are open.