সুখ–আনন্দপ্রাপ্তিৰ বাবে ভাল মানুহ হওক

লীনা চৌধুৰী বৰুৱা

সকলো মানুহৰ জীৱনৰ লক্ষ্য বেলেগ বেলেগ হলেও সকলো মানুহৰে উদ্দেশ্য সাধাৰণতে এটাই, সেইটো হ’ল জীৱনত সুখ আৰু আনন্দপ্রাপ্তি ৷ বিভিন্ন উৎসৰ পৰা মানুহে গোটেই জীৱন তাৰেই সন্ধান কৰে ৷ কিন্তু বহু মানুহে এই কথা জানিব নোখোজে যে জীৱনত সুখ আৰু আনন্দপ্রাপ্তিৰ ক্ষমতা আমাৰ নিজৰ হাততেই আছে ৷ ভাল মানুহ হৈও জীৱনত সুখ আৰু আনন্দ লাভ কৰিব পাৰি ৷ ভাল মানুহ বুলিলে আমি কেনে ধৰণৰ মানুহক বুজোঁ সাধাৰণতে সেইজন মানুহেই সকলোৰে দৃষ্টিত ভাল মানুহ যিজনে নিজৰ আচৰণৰ সততাৰ দ্বাৰা সকলোতে শ্রদ্ধা, সন্মান আৰু আস্থাৰ পাত্র হব পাৰে, যিজনে তেওঁৰ আদর্শ আৰু কর্মৰাজিৰ দ্বাৰা সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হব পাৰে, যিজনে সু–নীতিৰ দ্বাৰা নিজৰ জীৱনটো সুন্দৰকৈ পৰিচালনা কৰিব পাৰে ৷ ব্যক্তিগত আৰু ৰাজহুৱা জীৱনটো সুখময় আৰু আনন্দময় কৰি তুলিবলৈ হলে ভাল মানুহ হবই লাগিব ৷ ভাল মানুহ এজনে নিজৰ লগতে আনকো সুখ আৰু আনন্দ প্রদান কৰিব পাৰে ৷ আনক সুখী কৰিব পাৰিলেহে মানুহ প্রকৃত অর্থত সুখী হব পাৰে ৷ নিজে সুখী হৈ আনকো সুখী কৰিব পাৰিলে তাতকৈ মহৎ কাম আৰু কি হব পাৰে ৷ সেয়েহে জীৱনত এনে এজন ব্যক্তি হবলৈ চেষ্টা কৰাটোৱে হোৱা উচিত সকলো মানুহৰে জীৱনৰ সর্বপ্রথম লক্ষ্য ৷

এজন মানুহে ইচ্ছা কৰিলেও প্রতিভা নাথাকিলে অথবা সুযোগ–সুবিধা নাপালে নিজৰ পছন্দৰ বৃত্তি লাভ কৰাটো সম্ভৱ নহব পাৰে অথবা মনে বিচৰা ধৰণে নিজক প্রতিষ্ঠিত কৰিব নোৱাৰিব পাৰে, কিন্তু নিজকে এজন ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ হলে একমাত্র ইচ্ছা আৰু দৃহতাৰ বাহিৰে আন একো নালাগে ৷ যিসকল লোকে প্রতিভা আৰু সুযোগ–সুবিধাৰ অভাৱত অনিচ্ছাসত্ত্বেও সাধাৰণ জীৱন–যাপন কৰিবলগীয়া হৈছে, তেওঁলোকেও ভাল মানুহ হৈ সুখী আৰু আনন্দময় জীৱন–যাপন কৰিব পাৰে ৷ গতিকে প্রত্যেক মানুহে সকলো সময়তে ভাল চিন্তা, ভাল কাম আৰু ভাল আচৰণৰ অনুশীলন কৰি কৰি নিজকে আগতকৈ ভাল মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰা উচিত ৷

নিজকে ভাল মানুহ হিচাপে গঢ়িবলৈ মন কৰিবলগীয়া কেহটামান দিশ

  • মানুহ এজন ভাল নে বেয়া সেয়া প্রকাশ হয় আচৰণৰ যোগেদি ৷ ব্যক্তিগত আৰু সামাজিক জীৱন সকলোতে আচৰণৰ প্রভাৱ পৰে ৷ বাস্তৱিকতে এজন মানুহ যিমানেই ক্ষমতাশালী অথবা প্রতিভাৱান নহওক লাগিলে যদি তেওঁৰ আচৰণত সততা নাথাকে তেন্তে সেইজন মানুহ কেতিয়াও ভাল মানুহ হব নোৱাৰে ৷ জীৱনত আচৰণৰ শিষ্টতা অপৰিহার্য, যত মানৱ প্রকৃতিৰ শ্রেষ্ঠ প্রতিফলন ঘটে ৷ সংক্ষেপে কবলৈ গলে নির্ভেজাল আচৰণ ভাল মানুহৰ প্রথম গুণ ৷
  • আমি আমাৰ কু–প্রবৃত্তি আৰু আসক্তিসমূহ দূৰ কৰিবলৈ আত্মসংযমী হব লাগিব ৷ ইয়াৰ অবিহনে জীৱন নিয়ন্ত্রণ কৰাৰ  অন্য কোনো উপায় নাই ৷ প্রকৃততে ইন্দ্রিয়সমূহে আমাক দিনে–ৰাতিয়ে আকর্ষণ কৰি থাকে ৷ আমি যদি হন্দ্রিয়সমূহক নিয়ন্ত্রণ নকৰি বশীভূত হৈ হানিকাৰক কর্ম কৰি থাকোঁ, তেন্তে আমাৰ জীৱন কলুষিত হৈ পৰিব আৰু আনৰ চকুত আমি হৈ পৰিম বেয়া মানুহ ৷ গতিকে ভাল মানুহ হবলৈ জীৱন কলুষিত কৰা কামনা–বাসনাবিলাক ওপৰত লেকাম লগাবলৈ আত্মসংযমী হবই লাগিব ৷
  • ভাল মানুহ হবলৈ খং নিয়ন্ত্রণ কৰিব পাৰিব লাগিব ৷ মানুহৰ খং উঠিবই ৷ ই মানৱীয় স্বভাৱৰ এটা অংগ ৷ কিন্তু কথাই কথাই টিঙিচ–টিঙিচকৈ খং কৰা মানুহক ঘৰ, পৰিয়াল, সমাজত কোনেও ভাল নাপায়ন৷ খঙত উত্তেজিত হৈ মানুহে নকবলগীয়া কয় নকৰিবলগীয়া কৰেন৷ ফলত বিভিন্নজনৰ সৈতে সম্পর্ক নষ্ট হয় ৷ অনিয়ন্ত্রিত খঙৰ কাৰণে মানুহৰ যিমান ক্ষতি হয় আন কোনো কাৰণতে ইমান ক্ষতি নহয় ৷ ভাল মানুহ হৈ সকলোৰে লগত মিলিজুলি চলিবলৈ হলে খং নিয়ন্ত্রণ কৰিব পাৰিব লাগিব ৷
  • কথা কওঁতে ভাবি–চিন্তি কব লাগে ৷ ব্যক্তিৰ আচৰণত সৰু সৰু স্নেহপূর্ণ আৰু মমতাপূর্ণ কথাই জীৱনক মধুৰ কৰি তোলে ৷ আনক নিন্দা–হতিকিং, ঠাট্টা–মস্ক্ৰা, দম্ভালি মাৰি কথা কোৱা অনুচিত ৷ কথা কোৱাৰ সময়ত মৰম–স্নেহ, শ্রদ্ধা–সন্মান কথোপকথনত ফুটি উঠিব লাগে ৷ কাকো সমালোচনা নকৰিব ৷ আন্তৰিকতাৰে কথা কওক আৰু আগ্রহেৰে আনৰ কথা শুনক ৷ এনেদৰে কথা কোৱা লোকৰ লগত সকলোৱে কথা পাতিব বিচাৰে ৷ মিছা কথা কৈ বিশ্বাস নেহেৰুৱাব ৷ আমি মনত ৰখা উচিত যে জধেমধে কথা কৈ আনৰ অপ্রিয় হোৱাতকৈ মনে মনে থকাটোৱে শ্রেয় ৷ ভাল মানুহ এজনে এই সকলো কথা ভাবি–গুণীহে কথোপকথনত অংশ লয় ৷
  • স্বভাৱত পৰোপকাৰৰ ইচ্ছা সদায় জাগ্রত কৰি ৰাখক ৷ কেৱল আনৰ প্রশংসা আদায় কৰিবলৈ পৰোপকাৰ নকৰিব ৷ পৰোপকাৰ মানে কেৱল টকা–পহচাৰে সহায় কৰাটো নুবুজায় ৷ দুখ–বিপদৰ সময়ত খবৰ লোৱা আৰু প্রয়োজনত সঠিক দিহা–পৰামর্শ দিও সহায় কৰিব পাৰি ৷ সুখ–দুখৰ সমভাগী হব পৰাজনেহ প্রকৃত ভাল মানুহ ৷
  • পৰিয়াল পৰিচালনা কৰক দায়িত্বপূর্ণ আৰু মমতাপূর্ণ কর্তৃত্বৰে, একেদৰে সামাজিক কার্যৰ প্রতিও আগ্রহ আৰু উত্তৰদায়ী হওক ৷ ভাল মানুহ এজনে পৰিয়াল আৰু সমাজ দুয়োফালে নিজৰ স্থিতি সমান্তৰালভাৱে ৰক্ষা কৰি চলিব জানে ৷
  • ক্ষমা কৰিবলৈ শিকক ৷ পৰৰ ভুল ক্ষমা কৰি দিব পৰাটো ভাল মানুহৰ গুণ ৷ কোনোবাই আপোনাৰ অপকাৰ কৰিলে বা কথাৰে আঘাত কৰিলে তেওঁ যদি নিজৰ ভুল বুজিব পাৰি ক্ষমা বিচাৰে তেন্তে তেওঁক মনৰ পৰা ক্ষমা কৰি দিয়া উচিত ৷
  • সকলোৰে ভাল চিন্তা কৰিব পৰাকৈ মনটোক ঈর্ষা–দ্বেষমুক্ত কৰি মন পৱিত্র কৰি ৰাখিব লাগিব ৷ আনৰ কোনো ভাল খবৰ বা সুখৰ মুহূর্তত আনন্দ প্রকাশ কৰিবলৈ শিকিব লাগিব ৷ মুখত হাঁহি দেখুৱাই ভিতৰি হিংসাত পুৰি মৰিলে ক্ষতি নিজৰে হয় ৷ আনৰ উন্নতিত অন্তৰৰ পৰা প্রশংসা কৰক, উৎসাহিত কৰক ৷ নিজে ভাল হৈ আনকো ভাল মানুহ হোৱাত সহায় কৰক ৷
  • দম্ভ–হংকাৰ সকলোৰে অপ্রিয় বস্তু ৷ ময়েই শ্রেষ্ঠ এই ভাব ত্যাগ কৰি সকলোৰে লগত সমিলমিলেৰে চলিবলৈ চেষ্টা কৰক ৷ নাম, প্রচাৰ, টকা–পহচা, ক্ষমতা বাঢ়ি গলেও সকলোৱে আপোনাৰ ওচৰলৈ আহিব পৰাকৈ মনৰ দুৱাৰ সদায় খুলি ৰাখিব ৷
  • সকলো ভাল গুণ থাকিলেও সন্দেহবাদী মনৰ মানুহক ভাল মানুহ বুলি কব নোৱাৰি ৷ এনে মনৰ মানুহে নিজেও সুখত নাথাকে আনকো সুখত থাকিব নিদিয়ে ৷ বিশেষকৈ বিবাহিত জীৱনৰ অশান্তিৰ মূল কাৰণ সন্দেহ ৷ মনৰ এনে ভাব আঁতৰাবলৈ মুকলিকৈ কথা পাতক ৷ সমস্যাবোৰ জটিল নকৰি আলোচনাৰ মাধ্যমেৰে সহজভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক আৰু জীৱনটো সুখ আৰু আনন্দৰে উপভোগ কৰক ৷
You might also like
Leave A Reply

Your email address will not be published.