অৰণ্যৰ পৰা বিজ্ঞানাগাৰলৈ
পল্লৱী শহকীয়া
সভ্যতাৰ আভিধানিক অর্থ হল কোনো জাতি, দেশ বা যুগৰ উন্নত বা বিকাশপ্রাপ্ত জীৱন–যাপনৰ পদ্ধতি ৷ বুদ্ধি আৰু মানৱতাৰ প্রলেপেৰে যিদিনাহ মানুহে আধাপশুৰ পৰা মানুহ হবলৈ প্রয়াস কৰিলে সভ্যতাৰ জন্মও ঠিক তেতিয়াই হল বুলিব পাৰি ৷ অর্থাৎ মানুহে তেতিয়াই নিজকে সংস্কাৰ কৰাৰ পথত খোজ পেলাইছিল ৷ ইতিহাসবিদসকলৰ মতে লেটিন শব্দ চিভিছৰ পৰা চিভিলাইজেচন শব্দটোৰ উৎপত্তি হৈছে ৷ ইয়াৰ অর্থ হল নির্দিষ্ট কোনো ঠাইত শান্তিপূর্ণ গোষ্ঠীবদ্ধ জীৱন৷ শান্তিপূর্ণ গোষ্ঠীবদ্ধতাই যদি সভ্যতা হয়, তেন্তে তাৰ দৃষ্টান্ততো আমি হতৰ প্রাণীৰ মাজতো প্রত্যক্ষ কৰো নহয় জানো এতিয়া প্রশ্ন হল মানুহ আৰু এই হতৰ প্রাণীৰ মাজত পার্থক্য কত পার্থক্য এইখিনিতে যে একমাত্র মানুহেহে নিজকে উন্নত কৰাৰ আৰু সংস্কাৰ কৰাৰ চেষ্টা কৰে ৷ ইয়াৰ উপৰি নিজস্ব চিন্তা–ভাৱনাৰে মানুহে বাৰে বাৰে নিজকে গঢ় দিয়ে ৷
মানুহৰ মগজুৰ বুদ্ধি–বৃত্তিৰ বিকাশ আৰু তাৰ উপযুক্ত ব্যৱহাৰৰ বাবে যথেষ্ট সময় লাগিছিল ৷ ই এক বহু দীঘলীয়া পৰিক্রমা ৷ প্রিয় পাঠক, আমি এই পৰিক্রমা আৰম্ভ কৰিম আদিম মানৱৰ অৰণ্যৰ জীৱনৰ পৰা বিজ্ঞানাগাৰলৈ ৷
আদিম মানৱে প্রকৃতিৰ দান ফলমূল, অন্যান্য স্বাভাৱিক শস্য, জীৱ–জন্তুৰ মাংস আদিৰে পেটৰ ভোক নিবাৰণ কৰিছিল ৷ খোৱা বস্তুৰ নাটনি হলে সেই ঠাই পৰিত্যাগ কৰি আন ঠাইলৈ গমন কৰিছিল ৷ চিকাৰ কৰাটোও যথেষ্ট পৰিশ্রমসাধ্য আছিল ৷ এনে ধৰণৰ বিৰূপ পৰিস্থিতিৰ পৰিণতিস্বৰূপে কোনোবা চিন্তাশীল আদিম মানৱে হয়তো চিন্তা কৰি উলিয়াইছিল যে একে ঠাইতে নিজে খাদ্যশস্য সৃষ্টি কৰি ললে বা নির্জু পশুবোৰক বলেৰে আবদ্ধ কৰি নিজে নিজে বংশ বৃদ্ধি হবলৈ দিলে তেওঁলোকে এনেদৰে পৰিভ্রমণ কৰি নুফুৰিলেও হব ৷ অপেক্ষাকৃতভাৱে এক সহজ, আৰামৰ জীৱন যাপন কৰিব পাৰিব ৷ এনে ধৰণৰ চিন্তাৰ ফলতে আদিম মানৱৰ মাজত খেতি–বাতি আৰু পশুপালনৰ ধাৰণাৰ জন্ম হৈছিল ৷
খ্রীষ্টপূর্ব ১০০০০ মানত প্রথমে ছিৰিয়াত আদিম মানৱে খাদ্যশস্যৰ খেতি কৰিছিল বুলি ধাৰণা কৰা হয় ৷ সেইবোৰ আছিল হাবিত পোৱা বনৰীয়া প্রজাতিৰ কিছু উদ্ভিদ ৷ খ্রীষ্টপূর্ব ৯০০০ মানত জাগ্রছ পার্বত্য অঞ্চলত বনৰীয়া ভেড়া পালন কৰাৰ প্রমাণ পোৱা যায় ৷ একে সময়তে মেছোপটেমিয়াৰ কিছু অঞ্চলতো এক ধৰণৰ হাবিতলীয়া শস্যৰ খেতি কৰা হৈছিল ৷ খ্রীষ্টপূর্ব ৮০০০ মানৰ পৰা এই অঞ্চলত ঘেঁহু আৰু বার্লিৰ খেতি কৰা হৈছিল ৷ প্রথম ধান খেতিৰ আৰম্ভ হৈছিল চীনত খ্রীষ্টপূর্ব ৬৫০০ মানত ৷ খ্রীষ্টপূর্ব ৬০০০ মানত কেটেল হুয়ুকত কপাহৰ ব্যৱহাৰ আৰু বস্ত্র উৎপাদনৰ প্রমাণ পোৱা গৈছে ৷ এনেদৰে সময় বাগৰাৰ লগে লগে মানুহৰ ক্রমবিকাশ হৈ কৃষিকার্য আৰু ইয়াৰ সহজ পদ্ধতিসমূহ বিস্তাৰিত হৈ পৰিল ৷
কৃষিকার্য বেছ শ্রমসাধ্য আৰু সময়সাপেক্ষ হোৱাৰ পৰিপ্রেক্ষিতত আদিম মানৱে আগৰ দৰে যাযাবৰী জীৱন ত্যাগ কৰিবলগা হৈ পৰিল ৷ অৱশ্যে সেই সময়ত যাযাবৰী জীৱনৰ আৱশ্যকতাও নোহোৱা হৈ পৰিল ৷ ফলত মানুহে গাঁও পাতি একেলগে বাস কৰিবলৈ ললে ৷ পশুপালন কৰিবলগীয়া হোৱাত তেওঁলোকৰ জীৱনযাত্রাতো কিছু পৰিৱর্তন হল, ফলস্বৰূপে নানা সামাজিক অনুষ্ঠানৰ জন্ম হল ৷ লগতে কৃষিভিত্তিক নানা উৎসৱৰো সৃষ্টি হল ৷ এনেদৰে আৰম্ভ হল মানুহৰ সামাজিক জীৱন যাত্রা ৷
কৃষিকর্ম মানুহৰ জীৱনযাত্রাৰ সহচৰ হোৱাৰ লগে লগে তেওঁলোকে অনুভৱ কৰিলে যে কেৱল খেতি কৰিলেই নহব, কৃষিৰ লগত সম্পর্কিত কিছুমান হিচাপ–নিকাচো কৰিব লাগিব ৷ ক্রমে তেওঁলোকৰ বোধগম্য হল যে যিকোনো সময়তে যিকোনো খেতি ভাল নহয় ৷ নির্দিষ্ট এক সময়ত বৰষুণ হয়, তাৰ পাছত খৰাং নামি আহে, গছ–লতা শুকাবলৈ ধৰে তাৰে কিছুমান মৰিও যায় ৷ পুনৰ সময় বাগৰাৰ লগে লগে প্রকৃতি সেউজীয়া হৈ ফলে–ফুলে জাতিষ্কাৰ হৈ পৰে ৷ গতিকে সুবিধাজনক সময়ত খেতি কৰিবৰ বাবে তেওঁলোকক প্রয়োজন হৈ পৰিল ঋতু তথা সময়ৰ হিচাপৰ ৷ ইয়াৰ উপৰি কিমান পৰিমাণৰ শস্য উৎপন্ন হৈছে, বীজৰ বাবে কিমান থব লাগিব, গোটেহ বছৰ খাবৰ বাবে কিমান শস্য নিজৰ বাবে ৰাখি বাকী থকাখিনি আনক দি অন্য প্রয়োজনীয় বস্তু আহৰণ কৰিব পৰা যাব সেইবোৰৰ হিচাপ ৰখাটোও প্রয়োজনীয় হৈ পৰিল ৷ মথাউৰি, ঘৰ ইত্যাদি নির্মাণৰ কামতো কিছুমান জটিল গণনাৰ প্রয়োজন হৈছিল ৷ এনেদৰেই নিতান্ত প্রয়োজনৰ বাবে গণিত শাস্ত্রৰ সৃষ্টি হল ৷ অকল সংখ্যাই নহয়, ভগ্ণাংশ, মূল্যৰ ব্যৱহাৰ, যোগ–বিয়োগ–পূৰণ–ই আদিও মানুহে নিজৰ বুদ্ধিমত্তাৰে উদ্ভাৱন কৰি লবলৈ সক্ষম হল ৷ ভূমিৰ পৰিমাণ জুখিবলৈ প্রথমতে জ্যামিতিৰ ব্যৱহাৰ কৰা হৈছিল ৷ দৰাচলতে জ্যামিতি শব্দটোৰ মূল হল গ্রীক শব্দ গেওমিয়েত্রিয়া, যাৰ অর্থই হল ভূমিৰ পৰিমাণ ৷
মিছৰীয় পণ্ডিতসকলে বিভিন্ন গ্রহ, নক্ষত্র আদিৰ বিষয়ে অধ্যয়ন কৰি জ্যোতির্বিদ্যাৰ ভেটি নির্মাণ কৰিছিল ৷ তেওঁলোকে বিভিন্ন গছ–লতা–পাতৰ সহায়ত চিকিৎসা কৰিছিল ৷ মিছৰীয় সভ্যতাত ব্যৱহূত ব্রঞ্জৰ ডাক্তৰী সৰঞ্জাম সম্প্রতি আৱিষৃক্ত হৈছে বুলি জনা যায় ৷ মিছৰৰ শিশুসকলৰ বাবে তেতিয়া বিদ্যালয়ো খোলা হৈছিল, যত সম্ভ্রান্ত লোক, আমোলা–বিষয়া আৰু পুৰোহিতসকলৰ সন্তানে শিক্ষাগ্রহণৰ সুবিধা লাভ কৰিছিল ৷ এনেদৰে তেওঁলোকে সেই সময়ত ভৱিষ্যৎ বিষয়া–কর্মচাৰীক গঢ়ি লোৱাৰ ব্যৱস্থা কৰিছিল ৷
প্রাচীন ভাৰতত আর্যসকলে নিজস্ব এক সংসৃক্তি গঢ়ি তুলিছিল আৰু জ্ঞান–বিজ্ঞানৰ চর্চাও কৰিছিল ৷ সেই সময়ৰ বিভিন্ন ঘৰ–দুৱাৰ আৰু নগৰৰ বিভিন্ন অঞ্চলৰ নক্সা অনুযায়ী সঠিক নির্মাণ, নির্ভুলভাৱে জ্যামিতিক নিয়ম অনুযায়ী খন্দা খাল ইত্যাদি দেখি প্রমাণ পোৱা যায় যে ভাৰতীয়সকলে খুব সুন্দৰকৈ জ্যামিতি বুজি পাইছিল ৷ উল্লেখনীয় যে ভাৰতীয়সকলেই প্রথমে গণিতশাস্ত্রত শূন্যৰ প্রচলন কৰে ৷ শূন্যৰ আৱিষ্কাৰৰ ফলত সংখ্যাবাচক মাত্র দহোটা আখৰৰ জৰিয়তে সকলো ধৰণৰ হিচাপ–নিকাচ সম্ভৱ হৈ পৰিল ৷ চিকিৎসা শাস্ত্রৰ ক্ষেত্রতো ভাৰতীয়সকলৰ অৱদান অপৰিসীম ৷ শল্য চিকিৎসা কৰাৰ লগতে কিছুমান ভাৰতীয় ঔষধো বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈ উঠিছিল ৷ প্রাচীন ভাৰতৰ বিজ্ঞানী, গণিতজ্ঞ, চিকিৎসকৰ ভিতৰত আর্যভট্ট, ভাস্ক্ৰ, বৰাহ মিহিৰ, চৰক আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য ৷
গ্রীচত খ্রীষ্টপূর্ব ষষ্ঠ শতিকাত মিলেতুছ নগৰ আৰু হওনিয়া অঞ্চলৰ বিভিন্ন নগৰী বিজ্ঞান চর্চাৰ বিকাশৰ কেন্দ্র হিচাপে পৰিগণিত হৈছিল ৷ খ্রীষ্টপূর্ব পঞ্চম শতিকাত এথেন্স আছিল বিজ্ঞান চর্চাৰ কেন্দ্র৷ বিজ্ঞানী ডেমোক্রিটাছে সমগ্র বিশ্ব যে ক্ষুদ্রতম অণুৰে গঠিত এই ধাৰণা প্রথমবাৰৰ বাবে দাঙি ধৰিছিল ৷ আন এজন প্রতিভাশালী পণ্ডিত এৰিষ্টটলে বিজ্ঞানৰ বিভিন্ন শাখা যেনেপদার্থ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰাজনীতি বিজ্ঞান ইত্যাদিৰ নামকৰণ কৰিছিল ৷ যিকেইজন মুষ্টিমেয় প্রাচীন বিজ্ঞানীৰ অৱদানক কেন্দ্র কৰি বিজ্ঞানৰ শাখা–প্রশাখাই আজি প্রসাৰতা লাভ কৰিছে, তাৰ ভিতৰত গ্রীক গণিতজ্ঞ বিজ্ঞানী আর্কিমিডিছৰ নামৰ উল্লেখযোগ্য ৷ তেৱেঁই পোনপ্রথমে বিজ্ঞান–চর্চাক পৰীক্ষা–নিৰীক্ষাৰ মাধ্যমলৈ আগবঢ়াই আনিছিল ৷ তেওঁ গণিতৰ উপৰি বলবিজ্ঞান, জলস্থিতি বিজ্ঞান, পোহৰ বিজ্ঞান আদিৰ ক্ষেত্রত বাটকটীয়া বিজ্ঞানী আছিল ৷ আন এজন প্রতিভাশালী গ্রীক জ্যোতির্বিদ আৰু গণিতজ্ঞ ক্লডিয়াছ টলেমীয়ে বিশ্বব্রহ্মাণ্ড সম্পর্কীয় কেহবাটাও গুৰুত্বপূর্ণ তত্ত্ব আৱিষ্কাৰ কৰিছিল ৷
নজনা কথা জানিবলৈ বা শিকিবলৈ মানুহৰ আগ্রহ আজন্ম ৷ আহাৰ, নিদ্রা, মৈথুনৰ দৰেই ই এক স্বাভাৱিক প্রক্রিয়া ৷ এই যে নজনাটো জানিবলৈ আমি আগ্রহ কৰো বহু সময়ত কিন্তু ইয়াৰ মূলতে ব্যৱহাৰিক জীৱনৰ প্রয়োজনসমূহৰ তাগিদাই যথেষ্ট অৰিহণা যোগায় ৷ জীৱনৰ প্রয়োজনসমূহক অস্বীকাৰ কৰাৰ সাহস বোধকৰো কোনো লোকৰেই নাই, নহয় জানো মানৱ সভ্যতাৰ ঊষাকালৰে পৰা চলা জ্ঞানান্বেষণৰ এই অবিৰত ধাৰাই যিদৰে সময়ৰ আহ্বানত জীৱনৰ প্রয়োজনসমূহ পূৰণ কৰিছে, সেইদৰে এই ধাৰা চহকী হৈছে জীৱন পৰিক্রমাত মানুহে আহৰণ কৰা অভিজ্ঞতাসমূহক লগত লৈ ৷ এই অভিজ্ঞতাক ফচলৰূপে ৰূপদান কৰে চিন্তাশীল ব্যক্তিসকলে, পণ্ডিতসকলে আৰু বিজ্ঞানীসকলে ৷ এনেদৰেই মানৱজাতি সফলতাৰ জখলা বগাই বহুযোজন বাট অতিক্রম কৰিছে আৰু অনন্ত কাললৈকে এই যাত্রা অব্যাহত থাকিব ৷
ফোনঃ ৮৬৩৮২-৩৮১২১
Comments are closed, but trackbacks and pingbacks are open.