ডাঃ কৰুণা হাজৰিকা
সেইদিনা বুধবাৰ গা–পা ধুই ভাল কাপোৰ এযোৰ পিন্ধি মোৰ বন্ধু এজনৰ ঘৰলৈ বুলি ৰাওনা হলোঁ ৷ পুৱা ৯ মান বাজিছিল, গতিকে নিজৰ গাড়ীত নগৈ চিটীবাছতে যাম বুলি ঠিক কৰি বাছলৈ বুলি ৰৈ আছো, এনেতে মোৰ সহপাঠী বৰুৱাও আহি ওলাল ৷ দুয়ো বাছত উঠিলো ৷ খালী বাছ, দুয়ো বহি ললো আৰু লগে লগে আমাৰ মাজত নানা কথা আৰম্ভ হৈ গল ৷ বাছত দুগৰাকী মহিলা উঠিল গণেশগুৰিত৷ আমাৰ সন্মুখৰ আসন খালী আছিল আৰু তেওঁলোক তাতে বহি ললে ৷ তেওঁলোকেও নিজৰ লৰা–ছোৱালীৰ কথাকে পাতি গৈ আছিল ৷ যদিও লোকৰ কথা–বতৰা শুনাটো সৌজন্যতাৰ বাহিৰত তথাপিও কথাৰ সাৰমর্মহ মোৰ আগ্রহ জন্মালে, তেওঁলোকৰ কথাৰ উমান লবলৈ৷ হঠাৎ বৰষুণ এছাটি আহিল ৷ সন্মুখৰ খিৰিকীখন বন্ধ কৰি দিহে ৰক্ষা ৷ এয়া গৰমৰ বন্ধৰ দিন ৷ বৰষুণৰ দিন, লগতে বানপানীৰো দিন ৷ সাধাৰণতে দুয়োটা একাকাৰ হয়, প্রতিবছৰে ৷ এইবাৰ বানপানী বেছি আনবাৰৰ তুলনাত ৷ বৰষুণো বেছি৷ প্রায় মার্চ মাহৰ শেষৰ পৰাই নেৰানেপেৰা বৰষুণ ৷ বর্তমানে প্রায়বোৰ গাঁও, চহৰ বানপানীৰ পৰা সম্পূর্ণভাৱে মুক্ত নহলেও কম–বেছি পৰিমাণে আগৰ অৱস্থালৈ নাহিলেও কিছু পৰিৱর্তন হৈছে বুলি ধাৰণা হয় খবৰ কাগজ আৰু অন্যান্য বাতৰিৰ পৰা ৷ গতিকে লৰা–ছোৱালীবোৰো গৰমৰ বন্ধৰ বাবে সাজু হৈছে ৷ লগে লগে মাক–বাপেকৰ বাবেও হ চিন্তাৰ বিষয় হৈ পৰে ৷ বহুতে হয়তো নিজে ঠিক কৰিব নোৱাৰি লগৰ বন্ধু নতুবা অন্যৰ মাক–বাপেকৰ পৰাও উপদেশ লোৱা দেখা যায় ৷ মুঠতে ব্যস্ততাৰ অন্ত নাই, কিদৰে নিজৰ লৰা–ছোৱালীৰ এই গৰমৰ বন্ধৰ দিনকেহটাৰ সদ্ব্যৱহাৰ কৰিব, তাকে লৈ ৷ এই কথাখিনি কব লগা হল কিয়নো সন্মুখৰ মহিলা দুগৰাকীয়ে এই ধৰণৰ কথাই পাতি গৈছিল ৷
আমি দ্বিতীয় প্রজন্মৰ অভিভাৱক বা পিতৃ–মাতৃ ৷ গতিকে আমি সকলোৱে আমাৰ লৰা–ছোৱালীৰ সকলো দিশতে উন্নতি হোৱাটো বিচাৰো আৰু সিহঁতে নিজৰ ভৰিত থিয় দিব পৰা হোৱাটো আমাৰ প্রধান কাম্য৷ আমি কোনেও চেষ্টাৰ ক্রটি কৰিব নিবিচাৰোঁ৷ আমি প্রত্যেকেহ আজি বিভিন্ন ধ্যান–ধাৰণাৰ মাজেৰে আগবাঢ়িব বিচাৰো যদিও বহুক্ষেত্রত সাফল্য মাত্র মৰুভূমিৰ মৰীচিকাৰ দৰেই ৷ সঁচাকৈয়ে সঠিক দিক নির্ণয় কৰা আজিৰ দিনত আটাহতকৈ টান কাম ৷ গতিকে আমি প্রায়বোৰ অভিভাৱকে দিকভ্রান্ত হৈ যিয়েই যি উপদেশ দিয়ে নতুবা আনক অনুকৰণ কৰিয়েই হওক বা প্রতিযোগিতাৰ মানসিকতাৰ বাবেই নিজৰ লৰা–ছোৱালীক সিহঁতৰ ইচ্ছাৰ বিপৰীতে কিছুমান ক্ষেত্রত আগববাহ দিওঁ ৷ যেনে ধৰক কাৰোবাৰ খেলত মন, কিন্তু তাক আমি গান–নাচ আদিত, আকৌ কাৰোবাৰ সাঁতুৰিবৰ মন কিন্তু তাক আর্ট ক্লাছত, কাৰোবাৰ আকৌ পঢ়াত মন, তাক জোৰ দিওঁ পপাৰ লগতে অন্য নাচ–গান বা খেলা–ধূলা আদিত ৷ গতিকে আমি প্রায়বোৰেই দিক্ভ্রান্ত হওঁ নিজৰ সন্তানৰ কেৰিয়াৰ গঢ় দিয়াৰ ক্ষেত্রত৷ যদিও আজিৰ দিনত কেৰিয়াৰ কাউন্সেলিঙৰ যোগেদি নতুন নতুন ব্যৱস্থা গ্রহণ কৰিব পৰা যায়, তথাপিতো আমাৰ মাজত ই বহু ক্ষেত্রত প্রচলিত হোৱা দেখা নাযায় ৷ বর্তমানে অন্যান্য মাধ্যমৰ যোগেদিও সন্তানৰ কেৰিয়াৰৰ সু–ব্যৱস্থা কৰিব পৰা যায় যদিও আমাৰ মনত সুপ্ত হৈ থকা ধাৰণাৰ বাবেই আমি সুবিচাৰ কৰিব নোৱাৰো আৰু বহু ক্ষেত্রত লৰা–ছোৱালীক ইচ্ছাৰ বিপৰীতে আগবঢ়াই দিওঁ ৷ এইক্ষেত্রত প্রায়ভাগ অভিভাৱকে নিজৰ সন্তানৰ বিপৰীতে গৈ কিছুক্ষেত্রত ছাত্র–ছাত্রীসকলৰ ইচ্ছাৰ বিৰুদ্ধেও আগুৱাই যাবৰ বাবে বাধ্য কৰা দেখা যায় ৷ ইয়াৰ ফল পিছত বেয়াৰ ফালে গতি কৰা পৰিলক্ষিত হয় ৷ ই নিশ্চয়কৈ সন্তনৰ ভৱিষ্যৎ গঢ়াৰ ক্ষেত্রত বহু সময়ত বাধাৰ প্রাচীৰ ৰূপে দেখা দিয়ে ৷ আমি যদি আমাৰ লৰালি কালৰ কথা ভাবি চাওঁ, দেখা পাম যে আমাৰ কেৰিয়াৰ গঢ়াৰ ক্ষেত্রত বিশেষ কোনো ব্যৱস্থা নাছিল, আজিৰ দৰে ৷ আমাক শিক্ষকসকলে আৰু দুই–এজন ঘৰুৱা শুভাকাংক্ষীযে যি উপদেশ দিছিল তাৰ দ্বাৰাই অনুপ্রাণিত হৈ আজি আমাৰ কর্ম ক্ষেত্রত আগুৱাই যাবৰ বাবে চেষ্টা কৰিছোঁহঁক ৷ বহু কমসংখ্যক পিতৃ–মাতৃয়েহে সন্তানৰ ভৱিষ্যৎ গঢ় দিয়াত সুপৰামর্শ আগবািিব পাৰিছিল ৷ কিন্তু আজি পৰিস্থিতি সলনি হৈছে আৰু সময়ৰ লগে লগেহ প্রতিযোগিতাৰ দৌৰেও যথেষ্ট প্রভাৱ পেলাইছে৷ ই কিন্তু সুস্থ পৰিচালনা নহয় বুলি বহুক্ষেত্রত বহুজনে কৈছে আৰু বিভিন্ন ধৰণৰ মনোবৈজ্ঞানিক বিশ্লেষণতো প্রকাশ পাইছে ৷ গতিকে প্রকৃতভাৱে আৰু সুচাৰুৰূপে নিজৰ সন্তানক কিদৰে ভৱিষ্যতে আগুৱাই নিব লাগে, তাৰ বাবে পিতৃ–মাতৃ বা অভিভাৱকসকলে সন্তানক সৰুৰে পৰাই ভালদৰে পৰিচালনা কৰা অতিকৈ প্রয়োজন ৷ লৰা–ছোৱালীৰ ভৱিষ্যৎ গঢ় দিয়াৰ ক্ষেত্রত পিতৃ–মাতৃৰ ভূমিকা নিশ্চয়কৈ থাকিব ৷ সকলো সা–সুবিধা যোগান ধৰাৰ লগতে সঠিক দিক্দর্শন কৰাও দৰকাৰ ৷ সেই হিচাপে তেওঁলোকো সমানে উপযুক্তভাৱে বর্তমান ব্যৱস্থাৰ লগত খাপ খাব লাগিব ৷ লৰা–ছোৱালীৰ মানসিক বিকাশৰ লগতে সুস্বাস্থ্য, সামজিক দায়বদ্ধতা, ভাষাৰ সুব্যৱহাৰ আৰু সময় উপযোগী খেলা–ধূলাৰ প্রতিও পিতৃ–মাতৃসকলে লক্ষ্য ৰাখিব লাগিব ৷ তেতিয়াহে নিজৰ লৰা–ছোৱালীৰ ভৱিষ্যৎ গঢ়াত পিতৃ–মাতৃৰ অৰিহণা লেখত লব পৰা যাব ৷ সেই অনুপাতে পিতৃ–মাতৃসকলৰো কৰণীয় বহু থাকিব ৷ মাত্র যথা সময়ত টকা–পইচা বা অন্যান্য সবিধাসমূহ আগবঢ়াই নিজৰ কর্তব্য সামৰণি মাৰিলে নহব ৷ সুস্থভাৱে পৰিচালনা কৰিব পাৰিলেহে সন্তানৰ ভৱিষ্যৎ গঢ়াত বিশেষভাৱে সহায় হব ৷ এইক্ষেত্রত সন্তানৰ নিজৰ বুদ্ধিমত্তা বৃদ্ধি, বিদ্যালয়ত কর্মদক্ষতা বৃদ্ধি, সামজিক সুস্থ ব্যৱহাৰ আৰু নিজৰ মানসিক বিকাশ আদিত পিতৃ–মাতৃৰ সু–পৰিচালনা বিশেষভাৱে প্রয়োজন হয় আৰু ই আগলৈ নিজৰ সন্তান সমাজত সুপ্রতিষ্ঠিত হবৰ বাবে সহায় হব ৷ ইয়াৰ বীজ নিজৰ ঘৰখনতেই ৰোপণ কৰিব লাগিব ৷ আমি অলপ ভিতৰলৈ গৈ গভীৰভাৱে মন দিলে আমাৰ পৰিচালনাত বহুতো কেৰোণ থকা দেখা পাম আৰু ই হয়তো নিজৰ সন্তানৰ ব্যুৎপত্তিৰ বাধা হিচাপে পৰিগণিত হব ৷ প্রত্যেক পিতৃ–মাতৃৰ মানসিকতাও বেলেগ বেলেগ ৷ কিছুমানে লগাতকৈ বেছি , আকৌ কিছুমানে লগাতকৈ কম মনোযোগ দিয়া দেখা যায় ৷ এইক্ষেত্রত সমতা ৰক্ষা কৰা বিশেষভাৱে প্রয়োজন৷ যদি সন্তানক মানসিক চাপ বৃদ্ধি কৰা যায় তেতিয়া হয়াৰ ভাল ফলৰ বিপৰীতে কু–ফলহে পোৱা যাব ৷ গতিকে পিতৃ–মাতৃয়ে সদায় সন্তানৰ সামূহিক বিকাশৰ প্রতি লক্ষ্য ৰখা দৰকাৰ আৰু লগতে নিজৰ মানসিকতাও পৰিস্থিতিসাপেক্ষে স্থিৰ কৰা প্রয়োজন ৷ প্রত্যেকেই নিজৰ সন্তানৰ যতন লয়, সেয়ে ইয়াৰ পৰিণাম ভাল হোৱাটো সকলোৰে উদ্দেশ্য ৷ এই যতন যাতে লৰা–ছোৱালীৰ মানসিক বিকাশৰ পৰিপন্থী নহয়, তাৰ প্রতিও লক্ষ্য ৰখা অতিকে প্রযোজন ৷ যেনে ধৰক কোনোবা এটা সন্তান স্কুলৰ পৰা আহি পাওঁতেই তাক বিভিন্ন ধৰণৰ প্রশ্নৰ দ্বাৰাই ব্যতিব্যস্ত কৰা অনুচিত ৷ এই ধৰণৰ প্রতিচ্ছবি আমি প্রায় ঘৰতে দেখা পাওঁ, ই একেবাৰে ভাল লক্ষণ নহয় ৷ আমি বিশেষকৈ সিহঁতক নিজৰ লগৰীয়াৰ পৰা কিদৰে অনুপ্রাণিত হব পাৰে, কিদৰে সমাজত ভল কাম কৰিব পাৰে আৰু লগতে ভাল ব্যৱহাৰৰ দ্বাৰাই কিদৰে নিজক এজন ব্যতিক্রমী ব্যক্তি হিচাপে প্রতিষ্ঠিত কৰিব পাৰে তাৰো জ্ঞান দিয়াৰ প্রয়োজন৷ অন্যথা কোনে কিমান নম্বৰ পাইছে, কিয় তোমাৰ নম্বৰ কম হল, কিয় তুমি তোমাৰ টিফিন আনক খাবলৈ দিলা, কাপোৰ কিয় লেতেৰা কৰিছা ইত্যাদি ইত্যাদি প্রশ্নই শিশুৰ মানসিক বিকাশৰ অন্তৰায় হিচাপে পৰিগণিত হৈ অহা দেখা যায় ৷ আৰু তাকে নকৰি যদি আমি সন্তানক উদগনি হিচাপে কওঁ তোমাৰ নম্বৰ আগৰবাৰৰ তুলনাত বহু উন্নতি হৈছে, লগতে যদি কওঁ এহদৰে গৈ থাকিলে তুমি আৰু ভাল কৰিব পাৰিবা ৷ সেইদৰেই টিফিন ভগাই খাবৰ বাবে অনুপ্রেৰণা যোগোৱা অতিকে বাঞ্ছনীয়, কিয়নো ইয়াৰ দ্বাৰাই এটা শিশুৱে সামজিক দায়বদ্ধতাৰ বিষয়ে বুজি উঠিব স্কুলৰ দিনৰ পৰাই আৰু আনক যে সহায়ৰ হাত আগবঢ়াব লাগে আৰু তাৰ প্রয়োজনো বুজিব পৰা হব ৷ আৰু এটা কথা বিশেষভাৱে মন দিব লাগে যে আমি কেতিয়াও লৰা–ছোৱালীক আনৰ লগত তুলনা কৰিব নাপায় ৷ কিয়নো প্রতিটো শিশুৱেই একো একোটা ব্যতিক্রমী, গতিকে আমি জগতখনক সিহঁতৰ মানসিকতাৰে চাবলৈ শিকিলেহে, সিহঁতক প্রকৃত পথ বাছি লোৱাত আমাৰ অৰিহণা যোগাব পাৰিম ৷ কিন্তু তাকে নকৰি আমি আমাৰ মনত যি খেলাব তাকে সিহঁতৰ ওপৰত প্রক্ষেপ কৰিব বিচাৰোঁ ৷ বহু সময়ত যিবোৰ স্বপ্ন আমাৰ জীৱনত পৰিপূৰণ কৰিব নোৱাৰিলো, সেইবোৰ সিহঁতৰ যোগেদি পূৰণ কৰিবৰ বাবে চেষ্টা কৰোঁ ৷ গতিকে সিহঁতক সকলো প্রকাৰে সহায় কৰিবৰ বাবে যি সময়, যি বস্তুৰ দৰকাৰ তাক যোগান ধৰাত লাগি যাওঁ, যেনে– উপযুক্ত স্কুল, ভালৰো ভাল টিউচন ক্লাছ, ভালৰো ভাল সামগ্রী ইত্যাদি ইত্যাদি, যাতে সিহঁতে আমাৰ মন পছন্দৰ কেৰিয়াৰ গঢ় লব পাৰে ৷ কিন্তু আমি কেতিয়াও সিহঁতক এহটো প্রশ্ন নকৰো যে সিহঁতৰ ইচ্ছা কি আৰু কিদৰে সিহঁতে নিজৰ সপোন পূৰণ কৰিব বিচাৰে এই মানসিকতা আমি পৰিহাৰ কৰিব পাৰিলেহে নিজৰ সন্তানক সঠিক দিক্ নির্ণয় কৰাত সহায় কৰিব পাৰিম ৷ আজিৰ দিনত কেৰিয়াৰৰ যথেষ্ট সুযোগ আছে আৰু লগতে কেৰিয়াৰ গঢ়াৰ বাবে ব্যৱস্থাও আছে ৷ গতিকে উপযুক্ত সময়ত ইয়াৰ সঠিক ব্যৱহাৰ কৰিও সন্তানৰ ভৱিষ্যৎ গঢ় দিয়াত সহায় কৰিব পৰা যায় ৷ প্রত্যেকৰে আকাশ চুবৰ মন আৰু তাৰ ব্যৱস্থাও নোহোৱা নহয়, মাত্র এটা সুযোগসন্ধানী মনৰ প্রয়োজন ৷
পিতৃ–মাতৃ বা অভিভাৱক হিচাপে আমি সন্তানৰ লাগতিয়াল বস্তুকেইপদ বা অন্যান্য ব্যৱস্থাৰ যোগান ধৰিয়েই কেতিয়াবা আমাৰ দায়িত্ব সামৰিব বিচাৰোঁ ৷ কিন্তু ইয়াৰ পৰিৱর্তে প্রত্যেকজন পিতৃ বা মাতৃয়ে নিজৰ সময় সন্তানৰ প্রতি দিয়াৰ প্রয়োজন আছে আৰু লগতে প্রত্যেকে বয়স অনুসৰি প্রতিটো কথা লৰা–ছোৱালীৰ লগত আলোচনা কৰাৰো প্রয়োজন আছে৷ ই নিষ্চয়কৈ লৰা–ছোৱালীৰ নিজাববীয়াকৈ কথা শুনা আৰু বিবেচনা কৰাৰ লগতে অন্য ব্যক্তিৰ লগত ভাব–বিনিময় কৰাৰ দৰে গুণৰো প্রসাৰ কৰিব ৷ এইদৰে আলোচনাবোৰৰ মাজেৰে ইয়াকো বুজাই দিব লাগিব, যাতে কেতিয়াও আনৰ বেয়া গুণবোৰ বা সমালোচনা কৰা আদিয়ে যে নিজৰ বা সমাজৰ একো উন্নতি সাধিব নোৱাৰে৷ আজিৰ সমাজত বিভিন্ন ধৰণৰ পিতৃ–মাতৃ বা অভিভাৱক দেখা পোৱা যায় ৷ বিভিন্ন ধৰণৰ শিশু মনোবিজ্ঞান বা অন্যান্য সমীক্ষা আৰু ৰচনাবোৰত দেখা যায় যে কিছুমান পিতৃ–মাতৃ আছে তেওঁলোক যথেষ্ট সদায়েই নিজৰ সন্তানক বিভিন্ন প্রকাৰে আগুৱাই যোৱাটোকেই বিচাৰে, কিছুমান আছে মৰমিয়াল যদিও নিয়মানুৱর্তিতা বজাই নাৰাখে আৰু সন্তানক বিশেষভাৱে উদগনিও নোযোগায় ৷ আকৌ এনে কিছুমান আছে যি সন্তানৰ লগত কোনো যোগসূত্র বজাই নাৰাখে, সন্তানৰ প্রতি মৰমো কম, কিন্তু প্রয়োজনত সকলো বস্তুৰ যোগান ধৰি নিজৰ দায়িত্ব সামৰে ৷ আকৌ কিছুমান আছে যথেষ্ট বুদ্ধিমান আৰু দায়িত্বশীল যিয়ে মৰম আৰু নিয়মানুৱর্তিতা সম্পূর্ণভাৱে প্রয়োগ কৰে আৰু সন্তানকো যথেষ্ট সময় দিয়ে, প্রতিটো বস্তুৰে থকা উপযোগিতা আৰু নির্দিষ্ট লক্ষ্যৰ প্রতি মনোযোগ আদিৰ প্রতিও লক্ষ্য ৰাখে ৷ এহ ধৰণৰ বুদ্ধিমান আৰু দায়িত্বশীল পিতৃ–মাতৃৰ দ্বাৰা পৰিচালিত হোৱা সন্তান কেতিয়াও বিপথে পৰিচালিত হব নোৱাৰে আৰু নিজৰ লক্ষ্যত উপনীত হৈ ভৱিষ্যতে দেশৰ এজন সুনাগৰিক হিচাপে পৰিগণিত হব পাৰিব ৷ এই সন্তানে ভৱিষ্যতে নিজৰ পিতৃ–মাতৃৰ উপৰি অন্যান্য বিষয়তো নিজৰ ব্যৱহাৰৰ যোগেদি সকলোকে মুগ্ধ কৰিব পাৰিব ৷ এই সন্তানেই নিজৰ পিতৃ–মাতৃক বৃদ্ধ বয়সত উপযুক্ত ভৰণ–পোষণ আৰু পৰিচর্যাৰ কোনো ত্রুটি নকৰিব ৷
গতিকে উপযুক্ত দায়বদ্ধতা আৰু সুস্থ মানসিকতাৰে নিজৰ লৰা–ছোৱালীক ভৰণ–পোষণৰ যোগেদিয়েই এজন সুস্থ, সামাজিকভাৱে উপযুক্ত, উপযুক্ত বুদ্ধিমত্তাৰে কর্মক্ষম নাগৰিক হিচাপে প্রতিষ্ঠিত কৰিবৰ বাবে প্রত্যেকজন পিতৃ–মাতৃ আৰু অভিভাৱকৰ দায়িত্ব ৷ প্রতিজন পিতৃ–মাতৃয়েই নিজৰ সন্তানক লক্ষ্যত উপনীত হবৰ বাবে সহায়ৰ হাত আগবঢ়াব লাগিব আৰু এইটোও চাব লাগিব যাতে সৰু সৰু ভুলৰ বাবে নিজৰ সন্তানক কেতিয়াও আনৰ চকুত সৰু দেখুৱাব নালাগিব ৷ প্রত্যেকজন পিতৃ–মাতৃয়েও নিজৰ ব্যৱহাৰৰ প্রতিও চকু দিব লাগিব, যাতে তেওঁলোকৰ ব্যৱহাৰে যাতে সন্তানৰ কুমলীয়া মনত একো চিন নাৰাখে বা প্রভাৱ নেপেলায়, কিয়নো প্রতিটো সন্তানেই নিজৰ পিতৃ–মাতৃক অনুসৰণ বা অনুকৰণ কৰি থাকে৷ প্রত্যেকে মাত্র এহটো চাব লাগিব যাতে নিজৰ সন্তানে যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবৰ কাৰণে সদায় সষ্টম থাকে ৷ এজন সুদক্ষ পিতৃ বা মাতৃয়ে নিজৰ সুস্থ পৰিচালনাৰ যোগেদিয়েই নিজৰ সন্তানক এজন সুদক্ষ কর্মক্ষম নাগৰিক হিচাপে গঢ়াৰ লগতে দেশৰ উন্নতিতো যথেষ্ট অৰিহণা যোগাব পাৰিব আৰু এয়া আমাৰ সকলোৰে কাম্য ৷
ফোনঃ ৯৮৬৪০-১৮৬৬৫
Prev Post
Next Post
You might also like