শ্রীশ্রীচলিহা বাৰেঘৰ সত্রৰ হালধি পানী লোৱা উৎসৱ

ব্রজেন মহন্ত

ভৱানীপুৰীয়া গোপাল আতাৰ আজ্ঞাপৰ কালসংহতি পন্থৰ বৰযদুমণি দেৱৰ শিষ্য ৰামানন্দ দেৱৰ আজ্ঞাপৰ শ্রীকৃষদেৱে বৰবাম নাম দি এই সত্র প্রতিষ্ঠা কৰে আহোম ৰজা স্বর্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ মাতৃয়ে দান দিয়া স্থানত বুৰঞ্জীমতে ১৪১৭-১৫৩৯ চনত ৷ গতিকে বুৰঞ্জীপ্রসিদ্ধ এই সত্র অতি পুৰণি আৰু অসমৰ সমূহ কালসংহতি সত্রৰ ভিতৰত সত্রীয়া কৃষ্টি আৰু সংসৃক্তিৰে ভৰপূৰ এখন প্রধান সত্র, যাৰ শিষ্যত্ব নক্তে পাহাৰলৈকে বিস্তৃত হৈ আছে ৷ প্রথমতে এই সত্রখন উল্লেখিত বৰবাম নামেৰে ঠাইত নাহৰকটীয়াৰ পৰা ৭-৮ মাইল দূৰৈত দিহিং নদীৰ পূব পাৰে অৱস্থিত আছিল ৷ প্রতিষ্ঠাৰ দিনৰে পৰা নানা ধৰণৰ বহুতো মনোমোহা উৎসৱ পালন কৰি অহা হৈছে ৷ ইয়াৰ ভিতৰতে সত্রৰ হালধি পানী লোৱা উৎসৱভাগি অতি পুৰণি আৰু জনপ্রিয় ৷ এই উৎসৱভাগি নতুন বছৰৰ আৰম্ভণিতে অর্থাৎ বহাগ বিহুৰ দ্বিতীয় দিনা সত্রৰ সত্রাধিকাৰ চৰাত আৰম্ভ কৰা হয় ৷ এই উদ্দেশ্যে সত্রৰ সত্রাধিকাৰৰ চৰা সুন্দৰভাৱে সজোৱা হয় আৰু চৰাঘৰৰ আগফালে থকা ডাঙৰ সমান চোতালখন পুৱাতেই মানুহ লগাই চাফ–চিকুণ কৰি পানী ঢালি ঢালি বোকা কৰি ৰখা হয় আৰু সেই স্থানতেই হালধি পানী উৎসৱ অনুষ্ঠিত হয় ৷ এই উৎসৱ পালন কৰিবৰ কাৰণে সত্রাধিকাৰৰ চৰাঘৰত পিচি ৰখা মাটিমাহৰ লগতে মিঠাতেল মিহলাই কেইবাটাও ডাঙৰ ডাঙৰ টৌত কেঁচা হালধি পিচি পানীৰ লগত মিলাই জমা কৰি ৰখা হয় আৰু ইয়াৰ সকলোবিলাক যা–যোগাৰ সম্পূর্ণ হোৱাৰ পিছত চৰাত নাম–কীর্তন কৰা হয় ৷ এই উদ্দেশ্যে সত্রাধিকাৰৰ উপস্থিতিত ডেকা সত্রাধিকাৰকে প্রমুখ্য কৰি সত্রৰ ডেকা গোসাঁইসকল, সত্রৰ সাত মানভগীয়া ভকতসকল আৰু মান্যানুসৰি আন আন লোক চৰাঘৰত নিয়ম অনুযায়ী নিজৰ নিজৰ আসন গ্রহণ কৰাৰ পিছতহে নাম–কীর্তন আৰম্ভ হয় ৷ ইয়াৰ পিছতে এটি সমূহীয়া সেৱা জনায় আৰু ভকতসকলে হৰিধবনি ধৰে এনেধৰণেৰে-

জয় ৰাম বোল জয় হৰি বোল

উৎসৱ কৰিয়ে হৰি বোল ৷

ইয়াৰ পিছতেই কীর্তনীয়া নামৰ আৰম্ভ হয় আৰু প্রথমেই সত্রৰ তৃতীয়জনা সত্রাধিকাৰ শ্রীৰামদেৱ প্রভুজনাৰ বিৰচিত এটি সুমধুৰ গীতেৰে৷ এয়া হল-

জয় জয় জগ জীৱন স্বামী

হৃদয়ে আত্মা হৰি ৷

গুৰু ৰূপী তুমি সুন্দৰ তনু শোভন

লে সদাচাৰ পীত বসন ৷

ভকতৰ প্রীতি শ্রীবৎস লে

আনন্দ হেম হাড় বক্ষস্থলে ৷

শৰণ, ভজন, ভক্তি আচৰণ

প্রৱর্তন বর্ণমালা পঞ্চবর্ণ ৷

এইভাগ সুন্দৰভাৱে পৰিৱেশন কৰাৰ পিছত ঘোষা আৰু পদৰ আৰম্ভ হয় ৷ চৰাৰ ভিতৰত দুভাগ মাত্র ঘোষা আৰু পদ দিয়া হয় আৰু দুয়োভাগেই শ্রীশংকৰ মহাপুৰুষজনাৰ ৰচিত কীর্তন পুথিৰ কংসবধৰ পৰা পৰিৱেশন কৰা হয় ৷

প্রথমভাগ ঘোষাঃ

জয় হৰি জয় ৰাম ৷

পদ :

গোপৰূপে নন্দৰ তনয়

শুভক্ষণে কৰিলা বিজয় ৷

দ্বিতীয় ভাগ ঘোষা :

এ প্রাণ হৰি গৈলা এৰি ৷

পদ :

হেন হৰি ভৈলোহো বঞ্চিত

কিমতে ধৰিবো আৱে চিত্ত ৷

এইদৰে অতি সুন্দৰভাৱে দুয়োভাগি ঘোষা আৰু পদ দিয়াৰ শেষত চৰাৰ ভিতৰৰ নাম ইমানতে অন্ত পৰে আৰু গুৰু ভকত সকলোৱে সেৱা লয় ৷ প্রথমতেই জয়ধবনি কৰাৰ পিছতেই সত্রাধিকাৰ মহাপ্রভুৰ আশীর্বাদ সকলোলৈকে আৰু আশীর্বাদৰ অন্তত ভকতসকলে জয়ধবনি দিয়ে আগৰ দৰেই ৷

জয় ৰাম বোল

জয় হৰি বোল

উৎসৱ কৰিয়ে হৰি বোল ৷

ইয়াৰ পিছতেই ভকতৰ ফালৰ পৰা আশীর্বাদ আহে আৰু ভকতৰ ফালৰ পৰা মুৰববীজনা ভকত নাম লগোৱাই সত্রাধিকাৰকে মুখ্য কৰি গুৰুক বন্দনা কৰি পুনিৰ জলহে জীৱন বুলি আৰম্ভ কৰি চাৰি মুঠি জীৱক ৰক্ষা কৰিবলৈ,  লগতে সত্রৰ সকলোজনৰ আনহে নালাগে গৃহত বন্দী হৈ থকা আই সকলোকে মুখ্য কৰি সকলোৰে কুশল কামনাৰ লগতে সত্রখনৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ চাৰিও দিশে বিস্তৃত হৈ থকা সত্রৰ শিষ্যসকল আৰু নক্তে পাহাৰত থকা নৰোত্তমৰ বংশধৰ সকলোলৈকে এজোলোকা আশীর্বাদ আগবঢ়াই নতুন বছৰটো সকলোৰে বাবে সুন্দৰ হবলৈ, সু–স্বাস্থ্যৰ কামনা, ধনে ধানে সকলো ফালৰ পৰা জয়জয়–ময়ময় হবলৈ আশীর্বাদ দিয়ে আৰু এবাৰ হৰিধবনিৰে চৰাৰ কাম সম্পূর্ণ কৰে ৷

ইয়াৰ পিছতেই সত্রৰ মূলৰ বিলনীয়াজনে ৰূপৰ বাটিত হালধি পানী ৰাখি সত্রাধিকাৰ প্রভুৰ আগত ধৰা হয় আৰু চৰাত বহা সকলোজনকে হালধি পানীৰ প্রসাদ ভাগে ভাগে আগবঢ়োৱা হয় ৷ সকলোকে প্রসাদ দিয়াৰ পিছত সেৱা সৎকাৰ অর্থাৎ শেষৰ ভাগ সেৱা জনাই সকলো লোক চৰাঘৰৰ পৰা আগতে পানী ঢালি বোকা কৰি ৰখা চোতাললৈ ওলাই আহে আৰু সকলোৰে গাত পৰাকৈ পৱিত্র হালধি পানী ছটিয়াই দিয়া হয় বাৰে বাৰে ৷ এইদৰেই সকলো লোকেই হালধি পানী লৈ বোকাৰে লুতুৰি–পুতুৰি হৈ পুনৰ কীর্তন, দশমৰ পদ লগোৱা হয় ৷ এইবাৰো প্রথমতে দুভাগ ঘোষা পদ দিয়া হয় ৷ ইয়াৰ প্রথম ভাগ ঘোষা মহাপুৰুষ শংকৰ গুৰুজনাৰ কীর্তন পুথিৰ পৰা চতুর্বিশতি অৱতাৰ বর্ণনৰ প্রথম কীর্তন আৰম্ভ কৰা হয় এনেধৰণে-

প্রথমভাগ নামৰ ঘোষা :

হায় ঐ হৰি ঐ হৰি নাৰায়ণ ৷

আৰু পদ দিয়া হয় :

প্রথমে প্রণামো ব্রহ্ম ৰূপী সনাতন ৷

সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ ৷৷

ইয়াৰ পিছৰ ঘোষাভাগ হৈছে :

ঘোষা :

ঔ হৰি নাম ললে নহৰাই ৷

পদ :

সুদামক বৰ দিয়া দামোদৰ

ৰাজপথে চলি যান্ত ৷

চন্দনৰ পাত্র সহিতে যুৱতী

বুবুজাক দেখিলন্ত ৷

ইয়াৰ পিছতে শেষৰ ভাগি ঘোষা আৰু পদ ঘোষা ভাগি এনে ধৰণৰ

কায়স্থৰ কুলে কুসুম্বৰ ঘৰে

শংকৰদেৱ অৱতাৰ হৰে হৰে ৷

আৰু লগতে পদ দিয়া হয়

ভৈলোহো পৰশুৰাম নামে অৱতাৰ

প্রদক্ষিণ কৰি ভূমি তিনি সাতবাৰ ৷

এনেদৰে আটাইভাগ ঘোষা পদ গাই গাই অংগি–ভংগি দেখুৱাই নাচি নাচি এজনে আনজনক বোকা সানি নামৰ হাতচাপৰিৰ তালে তালে বগৰাই পেলাই কৰা ৰং–তামাচাৰ দৃশ্য অতি মনোৰম আৰু শেষৰ ভাগি ঘোষা পদ গাই গাই নাচি নাচি জঁপিয়াই মেলি যি নামৰ ৰাগ–তাল–মানৰ সৃষ্টি কৰে সেয়া অতুলনীয় ৷ এনেদৰে নাচি–বাগি শেষৰ ভাগ নাম গাই গাই সকলোটি লৰি–ঢাপৰি ওচৰৰ নৈৰ ঘাটলৈ গৈ গা–পা ধুই পুনৰ একেদৰেই নামৰ আৰম্ভ কৰে ৷ কাৰণ সকলো লোক আহি পুনৰ সত্রত প্রৱেশ নোহোৱালৈ এই নামৰ শেষ নহয় ৷ এইবাৰ আকৌ নামৰ সুৰ বেলেগ ৷ এইবাৰৰ ঘোষাভাগি হল-

ঘোষা :

ৰাম ৰাম, ৰাম ৰাম, ৰাম ৰাম ৰাম,

হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ৷

ইয়াৰ কিন্তু পদ ভাগ হৈছে মহাপুৰুষ শংকৰ গুৰুজনাৰ বিৰচিত দেৱভটিমা–টোটয় ছন্দৰ

মধু দানৱ দাৰণ দেৱবৰং ৷

বৰবাৰিজ লোচন চক্রধৰং ৷

এইদৰে নাম লৈ ঘূৰি আহোঁতে আকৌ সত্রৰ বহু গৃহস্থই নিজৰ পদূলিমূৰত ৰৈ তামোল–পাণ, অর্চা, চেলেং বা গামোচা আদিৰে শৰাই সজাই সেৱা ধৰে আৰু ঘৰখনৰ মংগলৰ কাৰণে গুৰু, ভকতৰ পৰা আশীর্বাদ গ্রহণ কৰে ৷ এইদৰেই সকলোৱে গৈ শেষত সত্রৰ বৰনামঘৰৰ ওচৰত থকা সত্রৰ থান ঘৰৰ আগত সকলোৱে একেলগে নামৰ সামৰণি মাৰে এনেধৰণেৰে-

ঘোষা

কৃষ্ণৰাম নাৰায়ণ গোবিন্দ জয় জয় ৷

পদ :

শুনিয়োক সর্বজন কৃষৰ চৰিত্র

আতপৰে আৰ পুণ্য নাহিকে কলিত ৷

সর্বশেষত অর্থাৎ সামৰণি নামৰ শেষত সকলোৱে একেলগে সেৱা জনায় আৰু উপস্থিত জ্যেষ্ঠ গুৰুজনাই আশীর্বাদ দিয়ে আৰু লগতে সেইজনা ঈশ্বৰ কৃষৰ দয়া, আশীর্বাদ আৰু লগতে উপৰিপুৰুষসকলৰ পৰা আশীর্বাদ বিচাৰি সকলোৱে জয়ধবনি কৰি সম্পূর্ণ এটা বছৰৰ কাৰণে হালধি পানী উৎসৱক বিদায় দি সকলোৱে নিজ নিজ ঘৰলৈ গতি কৰে ৷

ফোন : ৯৪৩৬০-৪৯৯৫৩

You might also like
Leave A Reply

Your email address will not be published.