গীতাশ্রী বৰা
শীতকাল আহিলেই এখন শাকনিবাৰী আৰু ফুলনিবাৰী পাতিবলৈ সকলোৱে মন কৰে৷ সদায় পুৱা-গধূলি নয়ন জুৰ কৰা ফুলনিখন আৰু ঘৰতে খাই থাকিবলৈ শাকনিবাৰীখনে একোটি পৰিয়ালক আত্মসন্তুষ্টি প্রদান কৰে ৷ ঘৰলৈ অহা অতিথিয়ে আপুনি ৰোৱা ফুলৰ প্রশংসা কৰিলে লগতে বাৰীৰ শাক–পাচলিৰ কথা কলে সুখ পোৱা যায় ৷ আজৰি পৰত শাকনিবাৰী আৰু ফুলনিত পানী দি, লহপহকৈ বাঢ়ি অহা শাক–পাচলি আৰু ফুলবোৰৰ মাজত অনাবিল আনন্দ পোৱা যায় ৷
অসমৰ জলবায়ু ৰবি শস্যৰ বাবে উপযুক্ত ৷ প্রায়ে এই সময়ছোৱাত বিভিন্ন শাক-পাচলিৰ খেতি কৰে ৷ এনেধৰণৰ খেতি কৰিবলৈ প্রথম প্রয়োজনীয় বস্তু হৈছে মাটি ৷ কোনো এবিধ শস্যৰ খেতি কৰিবলৈ হলে আমাক কেনেকুৱা জলবায়ুৰ প্রয়োজন, মাটিখিনি সাৰুৱা হয় নে নহয়, কিমান ৰদ, সাৰ, পানীৰ প্রয়োজন হব, তালৈ লক্ষ্য ৰাখিব লাগিব ৷ একে ঠাইত সকলো ধৰণৰ শাক–পাচলিৰ শ্রীবৃদ্ধি নহবও পাৰে ৷ কি পাচলিৰ বাবে কেনে ঠাইৰ প্রয়োজন আমি জানি লব লাগিব ৷ বেছি ৰ’দ আৰু বেছি পানী পালেও খেতি নষ্ট হোৱাৰ ভয় থাকে ৷
শীতকালৰ এই শাক-পাচলিৰ খেতি এতিয়াও গাঁৱৰ গৰিষ্ঠসংখ্যক লোকৰ বাবে জীৱন আৰু জীৱিকাৰ মূল সাৰথি ৷ আমি সহজতে কৰিব পৰা খেতিৰ ভিতৰত বন্ধাকবি আমাৰ সকলোৰে প্রিয় ৷ এই খেতি ঠাণ্ডা ঠাইত কৰিলে ভাল ফলাফল পোৱা যায় ৷ আদা, তিয়ঁহ, পালেং, উৰহী, মাহ, গাজৰ, ফুলকবি, মূলা, বেঙেনা আদিৰ খেতিৰ বাবে আধা ছাঁ আৰু আধা ৰদ পৰা ঠাই হলে ভাল ৷ কিছুমান খেতিৰ বাবে আহল–বহল ঠাই লাগে ৷ জাতিলাউ, ৰঙালাউ, কোমোৰা, আলু, মটৰ, সৰিয়হ আদিৰ খেতি কৰিবলৈ বহল ঠাইৰ প্রয়োজন ৷ কোনো কোনোৱে ঠাইৰ অভাৱত টাবত, ঘৰৰ ছাদতো খেতি কৰা দেখা যায় ৷ পলসুৱা আৰু সাৰুৱা মাটি খেতিৰ বাবে উপযোগী ৷ পুলি ৰোৱাৰ পিছত সেইবোৰ পোকে নষ্ট কৰিলে কীটনাশক ঔষধ প্রয়োগ কৰা হয় ৷ শাক–পাচলিত সাৰ প্রয়োগ কৰিলে শুকান গোবৰ বা পচন সাৰ প্রয়োগ কৰিহে ৰাসায়নিক সাৰ দিব লাগে ৷ নিজে কৰা শাক–পাচলিৰ খেতি বজাৰৰ পৰা ঔষধি প্রয়োগ কৰা পাচলিতকৈ উন্নত ৷
শাক-পাচলিৰ খেতি কৰিবলৈ যাওঁতে প্রথমে আমি ভাল জাতৰ গুটি সিঁচিব লাগিব ৷ গুটি সিঁচিবলৈ লোৱা মাটিখিনি ভালদৰে চহাই অপতৃণবোৰ আঁতৰাই পাৰিলে শুকান গোবৰ অলপ গুডি কৰি দি লব লাগে ৷ গুটি সিঁচাৰ পিছত পানী দি কিছুদিন কলপাতেৰে ঢাকি ৰখা হয় ৷ মনত ৰখা প্রয়োজন যে আমি সিঁচিবলৈ অনা গুটি ভালদৰে চাই কেনেকৈ যত্ন লব লাগে, তাৰ বিষয়ে জানিব লাগে, নহলে দেখা যায় যে কিছুমান গুটি ভালদৰে নগজে ৷ পুলিবোৰ সহজতে পোকে অনিষ্ট নকৰিবলৈ হলে কীটনাশক দ্রব্য প্রয়োগ কৰাটো জৰুৰী ৷ খেতি কৰিবলৈ হলে কিছুমান নিজাকৈ সঁজুলিৰ প্রয়োজন ৷ এনে সঁজুলিবোৰ হাততে পোৱাকৈ ৰাখিব লাগে ৷ শাক–পাচলিৰ পুলিবোৰৰ কাষত গজা হাবি–বনবোৰ চিকুণাই থাকিলে গছবোৰ লহপহকৈ বাঢ়ি আহে ৷ কিছুমান পাচলিৰ বাবে যিহেতু ডাঙৰ ঠাইৰ প্রয়োজন হয় বুলি জানো ৷ কোমোৰা, লাউ, জিকা আদি বগাই যোৱা গছবোৰৰ বাবে পৃথকে চাং পাতিব লাগে ৷ এনে হেন্দালি বা চাং থাকিলে গছবোৰ সহজে বগাই যাব পাৰে ৷ লেচেৰা মাহ, ভাতকেৰেলা আদিৰ বাবে এনে চাঙৰ প্রয়োজন হয় ৷ দেখা যায় যে কোনো কোনো ঠাইত কৃষকে ৰছী বান্ধিও এনেদৰে গছবোৰ বগাই যাবলৈ সুবিধা কৰি দিয়ে ৷
স্বাস্থ্যৰ প্রতি আমি সদায় সচেতন৷ আমাৰ শৰীৰৰ বাবে সেউজীয়া শাক–পাচলি প্রচুৰ পৰিমাণে খোৱা উচিত ৷ শৰীৰত বিপাকীয় ক্রিয়া সঠিক হাৰত নিয়ন্ত্রণ আৰু মানসিক চাপৰ পৰা দূৰত থাকিবলৈ হলে প্রচুৰ পৰিমাণৰ শাক–পাচলি আমাৰ খাদ্য তালিকাত থাকিব লাগে ৷ বিভিন্ন শাক খোৱাৰ উপৰি দৈনন্দিন খাদ্যত আদা আৰু নহৰুৱে শীতকালি আমাৰ দেহৰ উত্তাপ বজাই ৰখাৰ উপৰি দেহত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷
এখন ঘৰ শুৱনি কৰে শাকনিবাৰীৰ লগতে ফুলনি বাগিচাই৷ ফুলে যেনেকৈ মানুহৰ মনত আনন্দ দিব পাৰে পৃথিৱীৰ অন্য কোনো বস্তুৱে দিব নোৱাৰে ৷ পৃথিৱীৰ সাতটা বস্তুৰ ভিতৰত অন্যতম পুৰণি বেবিলনৰ শূন্যত ওলোমা বাগিচা ৷ দৈনন্দিন কামৰ মাজতে ফুলনিত কটোৱা সময়ে আমাক মন ফৰকাল কৰে ৷ হঠাৎ এজোপা ফুলি শেষ হোৱা মৃত গছৰ কাষত অংকুৰিত হোৱা নতুন বীজ দেখি আমাৰ মনত অপাৰ আনন্দৰ সৃষ্টি কৰে ৷
ঘৰখনত খৰচ অনেক, অলপ সময় দি আমি যদি বাৰীতে শাক–পাচলি কৰিব পাৰোঁ অলপ আর্থিক সকাহ পোৱা যায় ৷ মাটিয়েহে ভাৰ লব, অলপ যত্ন কৰিলে ঘৰতে খাবলৈকে হব, লগতে আত্মীয়তা স্থায়ী কৰিবলৈ ওচৰ–চুবুৰীয়াক ঘৰতে হোৱা শাক–পাচলি দি আত্মসন্তুষ্টি লাভ কৰিব পাৰি ৷
জীৱনৰ ৰং কেতিয়া ধূসৰ হয় নাজানো ৷ মন–মগজু সক্রিয় হৈ থাকিবলৈ উপযুক্ত উপায় হৈছে সুস্থিৰ চিন্তা আৰু ব্যস্ততা ৷ গতিকে আহক ব্যস্ত হওঁ বাৰীৰ শাক–পাচলি আৰু সদায় হাঁহি থকা ফুলনিৰ ফুলবোৰৰ মাজত ৷
সংসাৰখনি ভাই ফুলনিহে বাৰী ৷
আমি সবে হায় দুদিনৰ আলহী ৷
ফোন: ৯৩৬৫৪-৫২৫৬৬