লিটিল পিপলঃ আমেৰিকাৰ লোককথাৰ এক ৰহস্যময় চৰিত্র

পুষ্পাঞ্জলি শিৱমশর্মা

জনপ্রিয় হেৰী পটাৰ ধাৰাবাহিক আৰু গ্রন্থত সন্নিৱিষ্ট কাল্পনিক যাদুকৰী জগতখন আৰু তাত সন্নিৱিষ্ট চৰিত্রবোৰ মূলতঃ ব্রিটিছ লেখক জে কে ৰাউলিঙৰ এক অভূতপূর্ব সৃষ্টি বুলি ইতিমধ্যেই সমগ্র বিশ্বব্যাপী খ্যাতি লাভ কৰিছে ৷ উল্লেখনীয় যে ধাৰাবাহিকখনৰ সাতখন মূল কিতাপৰ ভিতৰতে হেৰী পটাৰ আৰু তেওঁৰ বন্ধুসকলে হগৱার্টছ, নিষিদ্ধ অৰণ্য বা উহজার্ডিং ৱর্ল্ডৰ অন্যান্য ঠাহত কৰা দুঃসাহসিক অভিযানত বিভিন্ন প্রকাৰৰ সৰু–বৰ চমৎকাৰী কিছুমান জীৱবোৰৰ ব সন্মুখীন হয় ৷

 ইয়াৰ উপৰি হগৱার্টছৰ কেয়াৰ অৱ মেজিকেল ক্রিয়েচার্ছ ক্লাছত ছাত্র–ছাত্রীসকলে হিপগ্রিফ আৰু ইউনিকর্নৰ দৰে জীৱৰ যত্ন লোৱাৰ বিষয়ে শিকাৰ কথা দেখুওৱা হৈছিল ৷ এই প্রসংগত ৰাউলিঙে কৈছিল শিশুসকলে জানে যে মই ইউনিকর্ন উদ্ভাৱন কৰা নাছিলো, কিন্তু মই বাৰে বাৰে বুজাবলগীয়া হৈছে যে মই প্রকৃততে হিপগ্রিফ উদ্ভাৱন কৰা নাছিলোঁ ৷ তেওঁ ষ্টিফেন ফ্রাইক দিয়া এক সাক্ষাৎকাৰত কয় মহ জানো যে ই এটা পৌৰাণিক সত্তা, মই ইয়াৰ বিষয়ে যিমান পাৰো জানি ভাল পাওঁ ৷ মই ইয়াক ব্যৱহাৰ কৰিব নোৱাৰোঁ, কিন্তু ইয়াক মোৰ কাহিনীৰ বাবে ভাল বুলি ভবা ধৰণে সামঞ্জস্যপূর্ণ কৰি তুলিবলৈ ৷ জে কে ৰাউলিঙে তেওঁৰ পৃথিৱীখ্যাত এই হেৰি পটাৰ সৃষ্টিত প্রধানকৈ আমেৰিকাৰ থলুৱা জনজাতিসকলৰ মাজত অতীজৰে পৰা চলি অহা লোককথা আৰু কিংবদন্তিৰ বিভিন্ন যাদুকৰী তথা কাল্পনিক কিছুমান চৰিত্রৰ আলম লৈছিল ৷

আমেৰিকাৰ থলুৱা জনজাতিত এনেকুৱা বহুতো যাদুকৰী চৰিত্রৰ উল্লেখ আছে আৰু সময়ে সময়ে মানুহক এইবোৰৰ অস্তিত্ব সম্পর্কত ৰহস্যৰো সৃষ্টি কৰি আহিছে ৷ তাৰ ভিতৰত লিটিল পিপল অন্যতম বুলিব পাৰি ৷ এই যাদুকৰী চৰিত্রবোৰৰ কথা আমেৰিকাৰ লগতে আন দেশৰ খিলঞ্জীয়া লোকসকলৰো লোককথা আৰু কিংবদন্তিত সন্নিৱিষ্ট কৰা দেখা হৈছে ৷ এই লিটিল পিপলবোৰৰ ক্ষেত্রত কোৱা হয় যে এই প্রজাতিটো হাবিত বাস কৰে আৰু বাওনাৰ দৰে দেখাত ৷ ইহঁতৰ কিছুমান আঁঠুতকৈ ওখ নহয়, অতিকৈ চাপৰ সৰু হয় ৷ ইহঁতে সাধাৰণতে গছৰ তলত, নৈৰ দাঁতিত আৰু কেতিয়াবা গছৰ মাজত শিলেৰে ঘৰ সাজি বাস কৰে বুলি কোৱা হয় ৷ সাধাৰণতে ইহঁতে জনসমাগমৰ পৰা লুকাই থাকে আৰু সিহঁতে বাস কৰা হাবিলৈ যদি কেতিয়াবা কোনোবা অচিনাকি আহে তাৰ পৰা লুকাই থাকে ৷ কিংবদন্তিত হহঁতক ফেৰী, ব্রাউনি, গ্ণোম, গবলিন, লেপ্রেচান, পিক্সি বুলি বিভিন্ন প্রকাৰৰ নামেৰে নামকৰণ কৰা হৈছে ৷  প্রতিটো আমেৰিকান ভিন্ন জনজাতি অনুসৰি হহঁতৰ নিজৰ নিজৰ নাম আছে ৷ তাৰ ভিতৰত হৰকুইসকলে তেওঁলোকক জোগাহোই বুলি কয় ৷ কমাঞ্চসকলৰ বাবে ইহঁতক নুন্নুপি আৰু চেৰকিসকলে ইউনৱি চুণ্ডি বুলি কয় ৷ চেৰকি বুলি একপ্রকাৰৰ লিটিল পিপল সম্পর্কে জয়ছ নামৰ এগৰাকী গৱেষকে প্রয়াত ৱালটাৰ মিডলটনৰ এক সাক্ষাৎকাৰ লৈছিল ৷ সেই সাক্ষাৎকাৰত মিডলটনে তেওঁক জনাইছিল যে তেওঁলোকে যেতিয়া নিজৰ অট্টালিকা বনাবলৈ ভেটি আৰম্ভ কৰিব লৈছিল তেতিয়া সেই সময়ত তাত মাটিত কাটি থোৱা কিছুমান সৰু সৰু বিশেষ সুৰংগ পাইছিল ৷ মিডলটনে সেই বিশেষ সুৰংগবোৰক খোলাযুক্ত আৰু কেহফুটমানহে ওখ বুলি বর্ণনা কৰিছিল ৷ নির্মাণ স্থানৰ শ্রমিকসকলে তাত সৰু সৰু হাড়ৰ অৱশেষাংশ আৰু এটা সৰু মূৰৰ খুলিও পাইছিল, যত কোনোবা যেন বয়সস্থ ব্যক্তিৰ দাঁত পোৱা গৈছিল ৷ অৱশ্যে তাত থকা পুৰণি টাইমাৰসকলে কৈছিল যে সেইবোৰ আছিল, সুৰংগবোৰ খান্দিলে পোৱা কিছুমান মাটিৰ স্তূপহে ৷ লেখিকা মেৰী জয়ছে চেৰকি লিটিল পিপল ৱেৰ ৰিয়েল নামৰ এখন গ্রন্থ ৰচনা কৰিছিল ৷ গ্রন্থখনত তেওঁ উল্লেখ কৰিছিল লিটিল পিপলৰ অস্তিত্বৰ প্রমাণ তেওঁৰ হাতত আছে ৷ উল্লেখনীয় যে ১৯৩০ চনত এন চিৰ চিলভাৰ ওচৰৰ ৱেষ্টার্ন কেৰলিনা বিশ্ববিদ্যালয়ৰ কেম্পাছ নির্মাণৰ সময়ত উন্মোচিত হোৱা কিছুমান তথ্য তেওঁৰ কিতাপখনত উপস্থাপন কৰা হৈছে ৷

আমেৰিকান হণ্ডিয়ানসকলৰ ওপৰত ক্ষুদ্র বিশদভাৱে অধ্যয়ন কৰা ১৯ শতিকাৰ আমেৰিকান নৃতাত্ত্বিক জেমছ মুনীয়ে উল্লেখ কৰিছিল মানুহৰ ৰূপত প্রায়ে সৰু সৰু সত্তা হিচাপে দেখা দিয়া পৰী আৰু অনা–ইহুদী আত্মাৰ ওপৰত বিশ্বাস সকলো জাতিৰ মাজত সার্বজনীন ৷ সাধাৰণতে সিহঁতে বিচলিত নহলে উপকাৰী আৰু দয়ালু হয়, কিন্তু প্রায়ে দুষ্টও হয়, আৰু দুর্নীতিপৰায়ণ আৰু প্রতিশোধপৰায়ণো হয়৷ দ্য বৰোয়ার্ছ উপন্যাসখনৰ দৰেহ দ্য লিটলছ নিগনিৰ দৰে বৈশিষ্ট্য থকা সৰু, বুদ্ধিমান মানৱৰূপী জীৱৰ এটা পৰিয়ালৰ কাহিনীৰ আলমত লিটলছ দেখুওৱা হৈছে যে যিসকলে বিগ পৰিয়ালৰ মালিকানাধীন ঘৰত বাস কৰে ৷ নিগনিৰ দৰে বৈশিষ্ট্যসমূহৰ ভিতৰত সিহঁতৰ দীঘল, নোমাল ঠেং, দীঘল দাঁত আৰু নিগনিৰ দৰে কাণ কিতাপবোৰত সৰু সৰুবোৰৰ ঠেং থাকে ৷ কিন্তু দীঘল দাঁত আৰু নিগনিৰ দৰে কাণ নহয় ৷  ইহঁতৰ উচ্চতা ৪-৬ ইঞ্চি ৰং–ৰপ্ত চেঃমিপর্যন্তহে হয় ৷ উল্লেখ কৰিব পাৰি যে ১৮৩০ চনত অহাহৰ কশ্বকটনত এটা কবৰস্থান উদ্ধাৰ কৰা হয, যত পিগমি জাতিৰ কংকাল কিছুমান উদ্ধাৰ কৰা হৈছিল ৷  শ্মশানখনৰ কবৰবোৰো মাত্র তিনি ফুটহে দীঘল আছিল ৷ এনেধৰণৰ কিছুমান উদাহৰণে ইহঁতৰ অৱস্থিতিৰ কথা দর্শাইছে বুলিও কব পাৰি ৷  লোক–বিশ্বাস আৰু কিংবদন্তি অনুসৰি লিটিল পিপলে সংগীত আৰু বিশেষকৈ ঢোল বজোৱা, গান গোৱা আৰু নৃত্য ভাল পায় ৷ চেৰকি কিংবদন্তি অনুসৰি, কেতিয়াবা পাহাৰৰ অকলশৰীয়া ঠাইত তেওঁলোকৰ ঢোল শুনা যায়, কিন্তু ইয়াক অনুসৰণ কৰাটো নিৰাপদ নহয়, কাৰণ সিহঁতে নিজৰ ঘৰত অশান্তি অহাটো ভাল নাপায় ৷ হহঁতে অচিনাকি মানুহজনৰ ওপৰত তন্ত্র–মন্ত্রও মাৰিব যাতে বিভ্রান্ত হয় আৰু বাট হেৰুৱাই পেলায়, আৰু অৱশেষত বসতিস্থললৈ উভতি গলেও তেওঁ চিৰদিনৰ বাবে মূর্খৰ দৰে হৈ পৰিব ৷

ভাৰতীয় ঐতিহ্যৰ চিণ্ডী থৰিংটন হেগার্টিয়ে কয় লিটিল পিপলক তিনিটা গোটত ভাগ কৰা হৈছে ঃ ডগউড পিপল, লৰেল পিপল আৰু ৰক পিপল৷ ডগউড পিপলসকল দয়ালু আৰু সদায় মানুহৰ বাবে ভাল কাম কৰে,  লৰেল পিপলসকলেই সদায় কৌশল খেলা আৰু দুষ্ট,  ৰক পিপলসকল নিকৃষ্ট আৰু ইয়াক এৰাই চলা উচিত ৷ চেৰকি এলডাৰ লুলা আউলে চেৰকি ইণ্ডিয়ানছৰ ইষ্টার্ন বেণ্ডৰ কোৱালা বাউণ্ডেৰীত ডাঙৰ–দীঘল হোৱাৰ বিষয়ে উল্লেখ কৰিছিল ৷  যেতিয়া তেওঁ আৰু মাকে চেষ্টনাট, জামু আৰু সেউজীয়া শাক–পাচলি গোটাবলৈ হাবিলৈ যায়, তেতিয়া মাকে তাইক সদায় সৰু মানুহবোৰৰ প্রতি চকু ৰাখিবলৈ সকীয়াই দিয়ে ৷ লুলাই কৈছিল, মহ কেতিয়াও সৰু মানুহ দেখা নাই ৷ কিন্তু তেওঁ মাকৰ কথাত গুৰুত্ব দিছিল আৰু হাবিলৈ যোৱাৰ সময়ত তাই চাৰিওপিনে তীক্ষ্ণ দৃষ্টি ৰাখিছিল ৷ এবাৰ তেওঁৰ সহযোগী গৱেষক লামাৰ মার্শ্বালে হাতেৰে ধৰা জিপিএছ ব্যৱহাৰ কৰি অৰণ্যৰ কিছুমান চেৰকি ড্রেহল হাইকিং কৰি আছিল ৷ হঠাতে তেওঁ অনুভৱ কৰিছিল যেন তেওঁক কোনোবাই অনুসৰণ কৰি আছে আৰু খপজপকৈ তেওঁ লৱৰি গৈ তললৈ নামিব ধৰোঁতে সৰু খাল এটাত সোমাই গৈছিল ৷ তাৰ পিছত তাৰ পৰা উঠি আহোঁতে সি তাৰ জিপিএছটো বহুত বিচাৰিলে যদিও কেতিয়াও বিচাৰি নাপালে ৷ তেওঁ বিশ্বাস কৰিছিল যে সৰু মানুহবোৰে সেইটো লৈ গল ৷

কিছুমান জনগোষ্ঠীৰ বিশ্বাস অনুসৰি এহ সৰু মানুহবোৰক সন্তুষ্ট কৰি ৰাখিবলৈ হলে হাবিত প্রৱেশ কৰাৰ আগতে সৰু মানুহবোৰৰ বাবে উপহাৰ থৈ আহিব লাগে ৷ চেৰকিছৰ হষ্টার্ন বেণ্ডৰ এলডাৰ জেৰী উলফে জনাইছিল যে প্রৱেশৰ বাবে আগধন বুলি হাবিৰ মাটিত ধঁপাত ছটিয়াই দিয়াটো দৰকাৰী ৷ অগলেথর্প পর্বতৰ ওপৰত বিখ্যাত ঈগলছ ৰেষ্ট পার্কখন আছে আৰু হয়াত বহুতো শিলৰ গঠন আৰু সৰু সৰু ঠাই আছে, যত হয়তো লিটিল পিপলবোৰ থাকিব পাৰে বুলি একাংশ গৱেষকে কব খোজে ৷  তাত কিছুমান ঘৰৰ অৱশেষ পোৱা যায় আৰু দুৱাৰমুখো আছে যদিও এতিয়ালৈ কোনো সৰু মানুহ তাত দেখা পোৱা হোৱা নাই ৷ আমেৰিকাৰ একাংশ ঠাইত কোনো কোনো লৰা–ছোৱালীয়ে এতিয়াও পিতৃ–মাতৃ আৰু ককা–আহতাকৰ সৈতে ড্রেইল হাইকিং কৰিবলৈ পাহাৰলৈ যায় আৰু তাত ৰহস্যময় সৰু মানুহবোৰ বিচাৰি ভাল পায় ৷ কোনো কোনো বছৰত কেহবাবাৰো বিভিন্ন ঢোলবাদক আৰু পাহাৰীয়া বাঁহীবাদকসকলে লিটিল পিপলেও যোগদান কৰিব বুলি আশা কৰি পাহাৰত বজাবলৈ আহিছে যদিও এতিয়ালৈকে কোনোৱে দেখা পোৱাৰ বা লগ পোৱাৰ উদাহৰণ পোৱা হোৱা নাই ৷ ৰহস্যৰ দোমোজাত সিহঁতৰ অস্তিত্ব সম্পর্কত এতিয়াও এহ লিটিল পিপলে বিশ্ববাসীৰ হূদয়ত অনন্ত উৎকণ্ঠাৰ সৃষ্টি কৰি আহিছে ৷

ফোনঃ  ৮৪৮৬৮-৯৪৯১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.