পল্লৱী শইকীয়া
মনৰ অৱসাদ দূৰ কৰিবৰ বাবেহ হওক বা জ্ঞান আহৰণৰ বাবেই হওক কিতাপৰ শব্দ বিন্যাসত বিচৰণ কৰি ফুৰোঁতেই কেতিয়াবা কৰবাত পঢ়িবলৈ পাইছিলো যে ৰাস্তাবোৰ নির্মাণ কৰা হয় যাত্রাৰ বাবে, গন্তব্য স্থানপ্রাপ্তিৰ বাবে নহয় ৷ কথাষাৰ জুকিয়াই চাওঁতেহে মন কৰিলো নিশ্চিতভাৱে যাত্রাপথৰ আনন্দইহে গন্তব্য স্থানপ্রাপ্তিৰ আচল আনন্দত ইন্ধন যোগায় ৷ জীৱনৰ সঠিক লক্ষ্য আৰু উদ্দেশ্য অবিহনে এটা অর্থপূর্ণ জীৱন আশা কৰিব নোৱাৰি ৷ কিন্তু এই লক্ষ্য আৰু উদ্দেশ্যৰ কাষ চাপি গৈ থাকোঁতে আমাৰ জীৱনটোৱে যিবোৰ আনন্দ–বিষাদ, প্রাপ্তি–প্রাপ্তি আৰু অনুকূল–প্রতিকূল পৰিৱেশ–পৰিস্থিতিৰ সৈতে সহচৰ হব লগা হয় সেহসমূহৰ অবিহনে যেন এই লক্ষ্য আৰু উদ্দেশ্যপ্রাপ্তিৰ কোনো আমেজেই লাভ কৰা নাযাব ৷
আমাৰ জীৱনটো এটা ঘৰৰ দৰে ৷ ইচপৰাৰ পিছত সিচপৰা ইটা গাঁঠি ইয়াক সজা হয় ৷ সময় নামৰ চিমেণ্ট–বালিৰ মিশ্রণেৰে সৰু সৰু আশাৰ ইটা গাঁঠি প্রতিশাৰী ইটাৰ সফল গাঁথনিৰ আনন্দ উপভোগ কৰিব জানিলেই এই জীৱন নামৰ ঘৰটোৰ সফল সমাপ্তি ঘটিব ৷ যাৰ সুন্দৰতাত নিজৰ লগতে পৃথিৱীৰ আন বহু মানুহৰ মন উজ্জ্বল হৈ উঠিব ৷ অর্থপূর্ণ জীৱনৰ এটাই মাথোঁ মন্ত্র মনৰ স্বাধীনতা আয়ত্ত কৰা ৷ তাৰ বাবে লাগিব গছবোৰ নেওচি এখন অৰণ্য চোৱাৰ আনন্দপ্রাপ্তিৰ ক্ষমতা অর্থাৎ জৰুৰীটোৰ সলনি শুদ্ধটো নির্বাচন কৰাৰ ক্ষমতা ৷ এটা দীঘলীয়া যাত্রা আৰম্ভ হয় আমাৰ ভৰিৰ প্রথমটো খোজেৰে ৷ সুশৃংখল জীৱন গঢ়াৰ বাবে আমাক প্রয়োজন হব মমেণ্টামৰ ৷ সৰু সৰু কাম কৰাৰ আনন্দই ডাঙৰ কামবোৰ কৰিবৰ বাবে মমেণ্টাম তৈয়াৰ কৰিব ৷ ৰাতিপুৱা দুচকু মেলিয়েই এটা অনুভৱে মনটোক স্পর্শ কৰিবলৈ দিওঁচোন যে আজিৰ দিনটো খুব সুন্দৰ আৰু আজিৰ দিনটো আমাৰ বাকী থকা জীৱনৰ প্রথম দিন ৷
লক্ষ্যস্থান হল এক গুৰুত্বপূর্ণ অংশ, কিন্তু যেতিয়া এবাৰ সেই স্থানত উপনীত হোৱা যায় এনে লাগে যেন ই সমস্ত প্রক্রিয়াটোৰ এটা অতিকে সূক্ষ্ম অংশহে মাথোঁ ৷ যাত্রা পথটোৱেহে আচলতে আমাক সলনি কৰিব পাৰে আৰু এই পথটোৰ মাজেৰেহে আমি আনন্দবোৰক কাষ চপাই লব পাৰোঁ, যিয়ে আমাৰ লক্ষ্যস্থানপ্রাপ্তিৰ মাদকতাক মহীয়ান কৰি তোলে ৷ যদি আমি যাত্রা পথৰ আনন্দ লব নাজানো তেন্তে আমি চমৎকাৰী সকলো সৌন্দর্যৰে তৃপ্তি অনুভৱ কৰিবলৈ অক্ষম হৈ ৰম ৷
সকলো মানুহেই পর্বতৰ শিখৰত উপনীত হোৱাৰ আকাংক্ষা কৰে, কিন্তু সকলো আনন্দ আৰু উন্নয়ন পোৱা যায় কেৱল আৰোহণ কৰা প্রক্রিয়াতহে ৷ এটা সপ্তাহত সাতটা দিন থাকে, প্রথম পাঁচ দিন কাম কৰাৰ পিছত শেষৰ দুদিন আমি আনন্দ কৰা দিন হিচাপে অতিবাহিত কৰোঁ ৷ আমি যদি কাম কৰাৰ মাজেৰে সুখবোৰ অনুভৱ কৰিবলৈ আয়ত্ত কৰোঁ, তেন্তে নিশ্চয়কৈ সপ্তাহৰ দুটা দিনৰ পৰিৱর্তে আমি সাতোটা দিনেই সম্পূর্ণকৈ উপভোগ কৰিব পাৰিম নহয়নে
সুখ এটা যাত্রা, গন্তব্যস্থান নহয়৷ ধামখুমীয়া এহ জীৱনত লক্ষ্যস্থানৰ পিছত দৌৰোঁতে আমি আচলতে পাহৰি যাওঁ লক্ষ্যস্থানত উপনীত হবলৈ অতিক্রম কৰা পথছোৱাত পাব পৰা আনন্দবোৰৰ কথা ৷ আমি পাহৰি যাওঁ সেইসমূহ সৰু সৰু সুখৰ কথা যিবোৰ সহজতেই আমাৰ কাষ চাপে যাত্রাপথৰ সৰু সৰু কেঁকুৰিবোৰৰ পৰা, এই সময়বোৰে আমাক দিয়া অভিজ্ঞতাসমূহৰ পৰা ৷ আমাৰ জীৱনটো এনেকুৱাই এটা আশা পূৰণ হোৱাৰ পিছত আৰু এটা নতুন আশাই পুনৰ গজালি মেলে ৷ এটা সময়ত সন্মুখীন হোৱা প্রত্যাহ্বানসমূহ পৰাভূত কৰাৰ পিছত আন কিছুমান প্রত্যাহ্বানে আমাৰ সন্মুখত আগভেটি ধৰে ৷ গতিকে এইসমূহ আমাৰ জীৱন যাত্রাৰ সহচৰ ৷ আমি সৰু কালত ভাবোঁ যেতিয়া ডাঙৰ হম, নিজেই সকলো কৰিব পৰা হম তেতিয়াহে সুখী হম ৷ ডাঙৰ হৈ ভাবোঁ যেতিয়া পঢ়া–শুনা সাং কৰি চাকৰিত যোগদান কৰিম, তেতিয়া আৰু চিন্তা নাই ৷ ক্রমে বয়স বাঢ়ি যায়, লগতে আশাবোৰেও নতুন ৰূপত পোখা মেলে ৷ এইবাৰ ভাবো বিয়া পাতি সন্তান–সন্ততিৰে ঘৰখন পূৰঠ হৈ পৰক তেতিয়া আৰু সুখী হবলৈ একোৰে বাকী নাথাকিব ৷ কিন্তু দেখা যায় সময় নামৰ এই কাঁডপাটৰ গতিত নিজক বান্ধি ৰখাৰ তাড়নাত দেখোন আহি আহি জীৱনৰ বিয়লি বেলাতহে থমকি ৰব লগাত পৰিল ৷ তেতিয়া আৰু চকুৰ আগতে পাৰ হৈ যোৱা জীৱনটোক লৈ আৰু সময় থাকোঁতেই উপভোগ কৰিব নোৱাৰা সুখবোৰক লৈ দুখত আত্মহাৰা হোৱাৰ বাদে হাতত একো নৰয়গৈ ৷ গতিকে জীৱনটো এটা যাত্রা, ইয়াত কোনো লক্ষ্যস্থান বুলি কথা নাথাকে, সময়ে দিয়া সুবিধাসমূহ গ্রহণ কৰি যাত্রাটো সুখময় কৰি গঢ় দিয়াই শ্রেষ্ঠ ৷
আলফ্রেড লর্ড হোৱাইটহেডে কৈছিল মহৎ সপোন দেখোঁতাসকলৰ সপোনবোৰ কেতিয়াও পূর্ণ নহয় ৷ কিয়নো সেই সপোনবিলাকতকৈও ডাঙৰ সপোনে সিবিলাকৰ ঠাহ লয় ৷ কোনো এটা সপোনৰ বাস্তৱ হোৱাৰ পথত আমাক স্পর্শ কৰি যোৱা আনন্দ, বিষাদ, অনুশোচনা আৰু এইবোৰৰ পৰা পোৱা অভিজ্ঞতাই এই সপোনবোৰক জীয়ন দি ৰাখে ৷ যিমানেই আমাৰ যাত্রাপথ ৰুক্ষ হব সিমানেই সেই সপোনৰ প্রতি আমাৰ মায়া বাঢ়ি গৈ থাকিব আৰু হয়াৰ প্রাপ্তিৰ প্রতিটো মাহলৰ খুঁটিয়েই আমালৈ এক বিস্ময়কৰ প্রশান্তি কঢ়িয়াই আনিব ৷ গর্ভৱতী মাতৃ এগৰাকীয়ে অনুভৱ কৰিব পাৰে প্রতিদিনে গর্ভত ভৰুণ হৈ অহা কণমানি জীৱটো লালন কৰাৰ গভীৰ তৃপ্তি ৷ এইসমূহ অনুভৱ অবিহনে জানো সন্তান প্রসৱৰ সুখৰ হেন্দোলনিবোৰ সম্পূর্ণ হৈ উঠিব
উন্নতিৰ শিখৰত উপনীত হবলৈ সকলোৱে আশা কৰে কিন্তু এনে উন্নতিৰ কি কাম যি আমাক মানসিক শান্তি দিব নোৱাৰে, যি আমাক ৰাতিৰ টোপনি দিব নোৱাৰে, যাৰ বাবে আমাৰ স্বাস্থ্যৰ যত্ন লোৱাৰ অৱকাশ নাই ৷ গতিকে আমি সকলোৱে উন্নতি সাধন কৰোঁ, লক্ষ্যবোৰ সপোনবোৰ আশাবোৰ পূৰণ কৰো এইসমূহ কাৰকক লগত লৈ পিছত এৰি নহয় ৷ কাৰণ আমি সকলোৱে জানো সময় পৰিৱর্তনশীল, পৰিৱর্তন প্রকৃতিৰ নিয়ম ৷ কোনো পৰিস্থিতিয়েই আমাৰ বাবে স্থায়ী নহয় লাগে সি সুখকৰ হওক নাইবা দুখদায়কেই হওক, সময়ৰ লগে লগে ইয়াৰ পৰিৱর্তন হৈ আমাৰ সন্মুখত অন্য এটা পৰিস্থিতিৰূপে ধৰা দিবই ৷ গতিকে সময়ে দিয়া সকলো অভিজ্ঞতা সজ ৰূপে গ্রহণ কৰাটোৱেই সময়ৰ দাবী ৷
আমাৰ জীৱন যাত্রাৰ পথত মুখামুখি হোৱা সংগ্রামৰ ফলশ্রুতিত পোৱা সম্পদসমূহৰ উপৰি আমি আন কিছুমান বস্তু লাভ কৰিবলৈ সক্ষম হওঁ, যাৰ মূল্য জগতৰ সকলো সম্পদৰ লগত তুলনা কৰিব নোৱাৰি ৷ সেয়া হল আধ্যাত্মিক উপলব্ধি ৷ হ হল এক অলৌকিক শক্তি, যাৰ উপস্থিতি এই সংগ্রামসমূহৰ অবিহনে উপলব্ধি কৰা অসম্ভৱ, কাৰণ প্রকৃতিৰ নীতিয়েই হল হয় গতিশীল হোৱা অথবা ধবংস হোৱা ৷ বিশ্বৰ প্রতিটো পদার্থৰ ইলেকট্ৰন আৰু প্রটনৰ পৰা আৰম্ভ কৰি সূর্য আৰু অন্যান্য সকলো গ্রহ–উপগ্রহ চিৰপ্রৱহমান ৷ ৰামধেনু এখন সৃষ্টি কৰিবলৈ ৰদ আৰু বৰষুণ দুয়োটাই লাগিব ৷ আমাৰ জীৱনটোও ইয়াতকৈ পৃথক নহয় ৷ সুখ–দুখ, ভাল–বেয়া আৰু পোহৰ–আন্ধাৰৰ সমন্বয়েই জীৱন ৷ আমি সন্মুখীন হোৱা দুখবোৰ চম্ভালিব পাৰিলে ইয়াৰ পৰা আমি শক্তি লাভ কৰিব পাৰোঁ ৷ আমাৰ জীৱনত লক্ষ্যস্থানত উপনীত হবলৈ আগুৱাই যোৱাৰ পথত ঘটা সকলো ঘটনা আমি নিয়ন্ত্রণ কৰিব নোৱাৰোঁ, কিন্তু সেই ঘটনাসমূহ কেনেদৰে চম্ভালিব লাগে, সেইটো আমাৰ নিয়ন্ত্রণৰ ভিতৰত৷ যাত্রাপথত পোৱা মণি–মুকুতাত বিভোৰ হৈ পৰোঁ নে যাত্রাৰ শেষত সোণৰ কলহ পাম বুলি ৰৈ থাকি শেষত প্রাপ্তিহীন হৈ পৰোঁ, এইটো আমাৰ নিজৰ বাছনি হব ৷ প্রিয় পাঠক, প্রতিটো দিনে কঢ়িয়াই অনা বিশেষ মুহূর্তবোৰ উপভোগ কৰাৰ চেষ্টা কৰোঁ আহক, কাৰণ আজিৰ দিনটোৰ বাদে আমাৰ হাতত নিজাকৈ একোৱেই নাই ৷
ফোনঃ ৮৬৩৮২-৩৮১২১
Comments are closed, but trackbacks and pingbacks are open.