ঊষাৰাণী শর্মা
ৰাখো যদি বননি অতি সযতনে,
মিলিব অপাৰ সুখ প্রতি ঘৰে ঘৰে,
ধবংস যজ্ঞ যদি হয় সমাপ্ত,
ৰচিব পাৰিব সবে সুখৰ সপোন ৷
মাটি ফুটি ওলায় গজালি ৷ সৃষ্টিৰ আদিতে যাত্রা অনাদিকালৰ চিৰপ্রহৰী ৷ সৃষ্টিৰ বাটেৰে ৰূপান্তৰেদি ৰূপলৈ নতুন সৃষ্টি বন্তিগছি উজলাবলৈ কৰা প্রয়াস জীৱৰ জীৱন–মৰণৰ লগৰী ৷ পৃথিৱীয়ে আশ্রয় দিয়ে ৷ উদ্ভিদে আহাৰ আৰু জীৱনী শক্তি তৈয়াৰ কৰি অন্য জীৱক জীয়াই থকাত সহায় কৰে ৷ বায়ু, সূর্যৰ তাপ আৰু পোহৰৰ সমন্বয়ত তৈয়াৰ হয় অন্য প্রাণীৰ প্রয়োজনীয় সামগ্রী ৷ এই ধাৰা আদিতে আৰম্ভ ৷ চলি আছে, চলি থাকিব ৷ কিন্তু এই ধাৰা প্রাকৃতিকভাৱে হোৱাতকৈ যদি আমি নিজ হাতেৰে তৈয়াৰ কৰিবলৈ চেষ্টা কৰোঁ, তেন্তে আমি কম ঠাইতে এখন সুন্দৰ বননি তৈয়াৰ কৰি লব পাৰোঁ ৷ ইয়াতকৈও কিছু বহল পৰিসৰলৈ গৈ আমি এখন মানৱসৃষ্ট অৰণ্যৰ কথাও ভাবিব নোৱাৰোঁ জানো
আমাৰ সকলোৰে পৰিচিত ভাৰতৰ অৰণ্য মানৱ পদ্মশ্রী যাদৱ পায়েঙৰ উদাহৰণ এতিয়া বিশ্বৰ নানা প্রান্তত জনাজাত ৷ কেনেকৈ তেখেতে যোৰহাটৰ উত্তৰ দিশৰ ঔনামুখত একক প্রচেষ্টাৰে মূলাহ কাঠনিখন তৈয়াৰ কৰি কেনে এক মহৎ কাম সমাধা কৰিছে, সেয়া বহলাই নকলেও সকলোৱে গম পায় ৷ এই কার্যৰে তেখেতে এখন সুন্দৰ ৰম্যভূমি তৈয়াৰ কৰিছে, যিখন বর্তমান এক পর্যটনথলীত পৰিণত হৈছে ৷ তেনেদৰে দক্ষিণ আমেৰিকা মহাদেশৰ হকুৱেডৰ দেশৰ প্রকৃতিপ্রেমী ব্যক্তি ওমৰ টেলক্সৰ নামো লব পাৰোঁ, যিজন ব্যক্তিয়ে আমাজন বর্ষাৰণ্যত মানৱৰ ধবংসলীলাত মর্মাহত হৈ নিজে এডৰা মাটি কিনি আজি চল্লিছ বছৰ ধৰি গছ ৰুহ এখন অৰণ্য তৈয়াৰ কৰিছে ৷
কিন্তু চহৰাঞ্চলৰ সীমিত মাটিত, তাকো মাথোঁ ৩-৫ বছৰ সময়ত এখন অৰণ্য তৈয়াৰ কৰা সম্ভৱ জানো কিন্তু আপেক্ষিকভাৱে অসম্ভৱ যেন লগা এই কামো বর্তমান সম্ভৱ হৈছে ৷ এইক্ষেত্রত ভাৰতৰ এজন অভিযন্তাৰ কথা উল্লেখ নকৰি নোৱাৰিলোঁ ৷ নাম শুভেন্দু শর্মা ৷ টয়টা গাড়ীৰ কোম্পানীত এক উচ্চপদস্থ চাকৰি কৰিছিল ৷ চাকৰিসূত্রে লগ পায় জাপানৰ এজন উদ্ভিদ বিজ্ঞানীক ৷ নাম আকিৰা মিয়াৱাকী (Akira Miyawaki ) ৷
শর্মাই মিয়াৱাকীৰ পৰা অৰণ্য তৈয়াৰ কৰাৰ বিখ্যাত মিয়াৱাকী কৌশল(Miyawaki Technique) আয়ত্ত কৰে ৷ প্রশিক্ষণৰ অন্তত ২০১০ চনত তেওঁ উত্তৰাখণ্ডত নিজৰ ঘৰৰ পিছফালে এখন অৰণ্য গঢ়ি তোলে ৷ ২০১১ চনত তেওঁ এফৰেষ্ট (Afforestt) নামৰ এক কোম্পানী খুলি লৈ ভাৰতৰ বেংগালুৰু, মুম্বাই, কাশ্মীৰ, হাৰিয়ানা, পঞ্জাব, দিল্লীৰ লগতে হৰান, পাকিস্তান, ছিংগাপুৰ আদি বহুতো ঠাইত অৰণ্য পাতি খ্যাতি লাভ কৰিছে ৷ দিল্লীৰ বাৰাপুলা নামৰ ঠাইত ভাৰত চৰকাৰৰ Department of Biotechnology ৰ অধীনত যমুনাৰ কাষত এখন ধুনীয়া অৰণ্য প্রস্তুত কৰে ৷ যেতিয়াই তেওঁ এডৰা খালী মাটি দেখে, তেতিয়াই এই কামত হাত দিবলৈ প্রয়াস কৰে ৷ এনেকৈ চিন্তা কৰি সেই কার্য হাতত লয় আৰু প্রায় ২-৩ বছৰত সম্পূর্ণ এখন অৰণ্যই গা কৰি উঠে ৷
মিয়াৱাকী অৰণ্যৰ জনক হল জাপানৰ বিশ্ববিখ্যাত উদ্ভিদ বিজ্ঞানী তথা জাপানৰ য়কহামা বিশ্ববিদ্যালয়ৰ অধ্যাপক আকিৰা মিয়াৱাকী ৷ তেওঁ বীজ আৰু উদ্ভিদ বিশেষজ্ঞ হিচাপে বিশ্বৰ বিভিন্ন প্রান্তত ক্ষয়প্রাপ্ত ভূমি পুনৰ উজ্জীৱিত কৰি এক অভিনৱ পদ্ধতিৰে অৰণ্য নির্মাণৰ কৌশল উদ্ভাৱন কৰিছিল ৷ বিশেষকৈ কম পৰিমাণৰ ভূমিৰ যথোচিত ব্যৱহাৰেৰে আনকি নগৰ অঞ্চলতো অৰণ্য এখন গঢ়ি তোলা সম্ভৱ কৰি তুলিলে ৷
আকিৰা মিয়াৱাকীৰ জন্ম হৈছিল জাপানৰ এক কৃষক পৰিয়ালত ৷ সৰুতে খেতিপথাৰত তেওঁ অপতৃণ বা ঘাঁহ–বন নীৰোৱাৰ কাম কৰিছিল, যি কাম তেওঁৰ বাবে বৰ আমনিদায়ক আছিল ৷ সেয়েহে পিছলৈ তেওঁ এই বিষয়ে চিন্তা–চর্চা আৰম্ভ কৰিবলৈ লয় যে অপতৃণক কিদৰে নিয়ন্ত্রণ কৰিব পাৰি ৷ তেওঁ এই কথা উপলব্ধি কৰিলে যে প্রাকৃতিক অৰণ্যত কোনো অপতৃণ নাথাকে ৷ ১৯৭০ চনত জাপানৰ পৰাই আকিৰা মিয়াৱাকীয়ে এই পদ্ধতিৰ সম্পৰীক্ষা আৰম্ভ কৰিছিল ৷
আকিৰা মিয়াৱাকীয়ে ১৯৭০ চনতে আৰম্ভ কৰা প্রথমখন অৰণ্য আছিল জাপানৰ নিপন লো–তীখা উদ্যোগৰ চৌপাশে ৷ মিয়াৱাকীয়ে দ্বিতীয়খন তেনে অৰণ্য গঢ়ি তোলে নিজ কর্মক্ষেত্র য়কহামা বিশ্ববিদ্যালয় চৌহদতে ৷ তেওঁৰে পদাংক অনুসৰণ কৰি ভাৰতত মিয়াৱাকী পদ্ধতিৰ প্রচলন কৰাৰ গুৰি ধৰোঁতা অভিযন্তা শুভেন্দু শর্মায়ো প্রথমখন অৰণ্য নিজ বাসগৃহৰ লগতে সংলগ্ণ পিছ চোতালতে গঢ়ি তুলিছিল ৷
১৯৭০ চনৰ পৰা ২০২১ চনত মৃত্যু পর্যন্ত মিয়াৱাকীৰ প্রত্যক্ষ নেতৃত্বত বিশ্বৰ বিভিন্ন প্রান্তত মুঠ ৪ কোটি গছপুলি ৰোপণ কৰি আফ্রিকা, চীন দেশ, ভাৰত, ব্রাজিল, ইণ্ডোনেছিয়া, মালয়েছিয়া আদিৰ দৰে প্রধানকৈ এছিয়া আৰু আফ্রিকাৰ দেশসমূহত ১৩০০খন অৰণ্য গঢ় দিলে ৷
মিয়াৱাকীয়ে কেইবাখনো গ্রন্থ ৰচনা কৰিছে ৷ তাৰ ভিতৰত তেওঁৰ”Healing Power of Forest” গ্রন্থখন আটাইতকৈ উল্লেখযোগ্য ৷
ইয়াৰ বিপৰীতে শুভেন্দু শর্মাই ২০১১ চনৰ ভাৰতত মুঠ ১৫০খনৰো অধিক মিয়াৱাকী অৰণ্য গঢ় দিয়াৰ উপৰি বিদেশত ১৬খন এনে অৰণ্য গঢ় দিছে ৷ ভাৰতত খুব দ্রুতগতিৰে মিয়াৱাকী পদ্ধতিৰ সম্প্রসাৰণ ঘটিছে, যি এক শুভলক্ষণ ৷ কেৰালাত বর্তমান ২০০ৰো অধিক মিয়াৱাকী অৰণ্য গঢ় দিয়া হৈছে ৷
MR Hari নামৰ কেৰালাৰ এগৰাকী মিয়াৱাকী অৰণ্য পদ্ধতি অনুসৰণ কৰা ব্যক্তিৰ অভিজ্ঞতাৰ পৰা আমি মিয়াৱাকী অৰণ্যৰ গুণাগুণৰ বিষয়ে কিছু ধাৰণা কৰিব পাৰোঁ ৷ তেখেতে আজিৰ পৰা প্রায় ১০ বছৰ আগেয়ে এডোখৰ মাটি কিনিছিল আৰু প্রত্যেক বছৰে গছপুলি ৰুইছিল ৷ ১০ বছৰত তেওঁ মুঠ ৫০০০ মান গছপুলি ৰুইছিল ৷ কিন্তু অলপ ডাঙৰ হোৱাৰ পিছতে প্রতিবছৰ খৰালি গছবোৰ মৰি যায় ৷ তেনেকৈ তেওঁ মাথোঁ ১৫ জোপামানহে গছ বচাব পাৰিলে ৷ কিন্তু যেতিয়াৰ পৰা তেওঁ মিয়াৱাকী পদ্ধতি গ্রহণ কৰিলে ২ বছৰ ১০ মাহৰ ভিতৰতে সেই একেডোখৰ মাটিতে এখন ঘন অৰণ্য গঢ় দিবলৈ সক্ষম হল ৷ ইয়াৰ কাৰণ হল মিয়াৱাকী পদ্ধতিত গ্রহণ কৰা কিছু বিশেষ পদক্ষেপ, যেনে–
- মিয়াৱাকী পদ্ধতিৰ অৰণ্যৰ মাটি তৈয়াৰ কৰোঁতে মাটিখিনি ঢিলা কৰি ৰখাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় ৷ তাৰ বাবে মাটিৰ লগত ১.১.১.১ অনুপাতত নাৰিকলৰ বাকলি, ধানৰ পতান, গৰুৰ গোবৰ আৰু মাটি মিহলোৱা হয় ৷ এনে মাটিত গছৰ শিপা বাঢ়িবলৈ সুবিধা পায় ৷
- দ্বিতীয়তে এই পদ্ধতিত গুৰুত্ব আৰোপ কৰা আন এক দিশ হল মাটিৰ ওপৰত শুকান ঘাঁই–পাতৰ এক আৱৰণেৰে ঢাকি দিয়া হয়(mulching)৷ বিশ্বাস কৰা হয় যে এই আৱৰণ সাৰ প্রয়োগ কৰাতকৈও বেছি দৰকাৰী৷ সাধাৰণতে ৬ হঞ্চি ডাঠকৈ এই আৱৰণ দিয়াটো সঠিক বুলি ধৰা হয় ৷ পিছলৈ গছৰ পাত সৰি নিজেই স্বাভাৱিকভাৱে এই আৱৰণ গঢ় লয়, প্রাকৃতিক অৰণ্যত এইটো স্বাভাৱিক প্রক্রিয়া ৷
অৰণ্যই নিজৰ মাটি সদায় ঢাকি ৰাখে ৷ মাটি এবাৰ প্রত্যক্ষৰূপে ৰদৰ সংস্পর্শত আহিলে তাত থকা অণুজীৱসমূহ মৰি যায়, কিন্তু এই অণুজীৱবোৰ মাটিৰ বাবে অতি প্রয়োজনীয় ৷ অৰণ্যৰ মাটি সেয়ে অতি সাৰুৱা, কিন্তু একেই মাটিকে নি কোনো মহানগৰীত দিয়ক, সেই মাটিৰ গুণাগুণ বদলি যায় ৷
সেয়ে শুভেন্দু শর্মাই কৈছে যে প্রকৃতিৰ পৰাই copy paste কৰিছে অর্থাৎ প্রকৃতিক অনুসৰণ কৰিয়েই কামত আগবাঢ়িছে ৷
মিয়াৱাকী পদ্ধতিৰে এখন অৰণ্য অতি সোনকালে গঢ় লৈ উঠাৰ আন কিছু কাৰণ হল ইয়াত সৌৰশক্তিৰ যথোপযুক্ত ব্যৱহাৰৰ ফলত সালোক সংশ্লেষণ প্রক্রিয়া অধিক ফলদায়ী হয় আৰু সেয়েহে অৰণ্যৰ বৃদ্ধিও খৰতকীয়া হয় ৷ লগতে বৈজ্ঞানিক গৱেষণাৰ পৰা আন এক তথ্যও পোহৰলৈ আহিছে যে গছ–গছনিও মানুহৰ দৰেই সংগপ্রিয় আৰু অকলশৰীয়াকৈ থকা গছতকৈ ওচৰা–উচৰিকৈ থকা গছবোৰৰ বৃদ্ধি ভাল হয় ৷ এই গোটেইখিনি কথা মিলি মিয়াৱাকী অৰণ্য এখনে ৩ৰ পৰা ৫ বছৰৰ ভিতৰতে পৰিপূর্ণতা লাভ কৰে, অথচ স্বাভাৱিকভাৱে অৰণ্য এখনে পৰিপূর্ণতা লাভ কৰিবলৈ প্রায় ১০০ বছৰ সময়ৰ প্রয়োজন হয় ৷
মিয়াৱাকী অৰণ্যৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ
- বহুতৰপীয়া অৰণ্য (Multi- layered forest)ঃতেনে অৰণ্যত পৰিকল্পিতভাৱে বৃক্ষ, গুল্ম, তৃণজাতীয় উদ্ভিদ তৰপে তৰপে লগোৱা হয় ৷
- স্থানীয়ভাৱে উপলব্ধ উদ্ভিদ(Native plants) ঃ জলবায়ু অনুসৰি আৰু স্থানীয়ভাৱে উপলব্ধ উদ্ভিদ নির্বাচন কৰি ৰোৱা হয় ৷
- সৰু–বৰ গছপুলি মাটিডৰাৰ প্রতি বর্গমিটাৰত ৩টাৰ পৰা ৫টি পুলি ৰোৱে ৷ ঘনকৈ
- ৰোৱাৰ পিছত শুকান পাত, শুকান ঘাঁহ দি মালচিং কৰে ৷
- গুৰিবোৰত পানী যোগান ধৰে, যাতে শুকাই নাযায় ৷
- এক বছৰত শিপা তিনি মিটাৰ তললৈ যায় ৷
- প্রায় ডেৰ–দুই বছৰৰ ভিতৰত এখন সম্পূর্ণ ঘন অৰণ্য হয় ৷ সাৰ প্রয়োগ কৰাৰ দৰকাৰ নহয়, কাৰণ গছৰ পাতেহ পচি সাৰৰ যোগান ধৰে ৷
শুভেন্দু শর্মাহ তেওঁৰ Aforestt কোম্পানীয়ে কিদৰে কাম কৰে, সেয়া মুকলিকৈ সকলোৰে আগত প্রকাশ কৰে ৷ তেওঁ উল্লেখ কৰা অনুসৰি Aforestt কোম্পানীটো যদিও for profit কোম্পানী, অর্থাৎ অৰণ্য নির্মাণৰ সেৱাৰ বাবদ পইচা লয়, তথাপি পদ্ধতিসমূহ গোপন নকৰে ৷ ইয়াৰ উদ্দেশ্য হল অধিক বনানীকৰণ ৷
এইক্ষেত্রত গছৰ নির্বাচনত তেওঁ সম্পূর্ণ গুৰুত্ব দিয়ে ৷ প্রথমে থলুৱা জাতৰ উদ্ভিদৰ তালিকা প্রস্তুত কৰি লয় আৰু চাৰিভাগত ভাগ কৰে ৷ বহুস্তৰযুক্ত অৰণ্যৰ বাবে নির্বাচন কৰে বৃক্ষ, গুল্ম, তৃণজাতীয় উদ্ভিদ৷ মাটি তৈয়াৰ কৰিবৰ বাবে মাটিডৰাত জৈৱিক সাৰ প্রয়োগ কৰে ৷ প্রথমে মাটি চহাহ পতান, কুঁহিয়াৰৰ পাত, গোবৰ, ককপিট আদি মিলাহ প্রস্তুত কৰা এক দ্রব্য প্রয়োগ কৰে ৷ ফলত প্রাকৃতিকভাৱে হোৱা অৰণ্যৰ মাটিত থকা নানা অণুজীৱৰ সৃষ্টি হৈ মাটিডৰাই প্রাকৃতিক অৰণ্যৰ মাটিৰ সকলো গুণাগুণ লাভ কৰে ৷
কৃত্রিমভাৱে মিয়াৱাকী পদ্ধতিৰে কৰা অৰণ্য এখন প্রাকৃতিকভাৱে হোৱা অৰণ্যতকৈ ১০গুণ দ্রুতভাৱে বৃদ্ধি হয়, ৩০ গুণ ঘন বা ডাঠ হয় ৷ প্রায় ২-৩ বছৰতে ৩০ গুণ অধিক অক্সিজেন উৎপন্ন কৰিব পাৰে আৰু ৩০ গুণ অধিক কার্বন–ডাই–ক্সাইড্ শোষণ কৰিব পাৰে ৷ লগতে ই এশ গুণ অধিক জৈৱ–বৈচিত্র্যশীল একোখন অৰণ্য গঢ় লৈ উঠে ৷
দ্রুতগতিত বৃদ্ধি হৈ অহা নগৰীকৰণৰ সমস্যা, পৰিৱেশ প্রদূষণ, গোলকীয় উষতা বৃদ্ধি আদিৰ দৰে সমস্যাসমূহৰ পৰিপ্রেক্ষিতত এই পদ্ধতি মানৱজাতিৰ বাবে এক আশাৰ ৰেঙনি ৷
বর্তমান পৃথিৱীৰ এই জটিল সমস্যাসমূহৰ সমাধানৰ বাবে কার্বন নিউড্রেল, কার্বন নেট জিৰ আদি ধাৰণাসমূহ বহুলভাৱে চর্চিত হৈ আহিছে ৷ দেশী–বিদেশী কোম্পানীসমূহে নিজ নিজ উদ্যোগ, কল–কাৰখানাৰ পৰা নির্গত প্রদূষণৰ দায়িত্ব স্বীকাৰ কৰি বৃক্ষৰোপণৰ জৰিয়তে কার্বন শোষণৰ কাম হাতত লৈছে, যাতে পৰিৱেশ প্রদূষণৰ ভয়াৱহতা হ্রাস কৰিব পৰা যায় ৷ এই পৰিপ্রেক্ষিতত শুভেন্দু শর্মাৰ এফৰেষ্ট (Afforestt) এক লেখত লবলগীয়া প্রশংসনীয় পদক্ষেপ ৷ তেওঁ কয় যে প্রতিবছৰে বায়ু প্রদূষণ বৃদ্ধি পাইছে ৷ গতিকে ইয়াৰ সমাধানো এনেকুৱা হব লাগে যি প্রতিবছৰে বাঢ়ে এনেকুৱা সমাধান হব গছ ৷
প্রায় ১০০ বর্গমিটাৰ মাটিতে, অর্থাৎ প্রায় ৬ খন গাড়ী ৰখাৰ সমান ঠাইতে ৩৫০ জোপা গছ লগাব পৰা এই মিয়াৱাকী কৌশলেৰে আমিও নিজা প্রচেষ্টাত সীমিত মাটিতে একোখন অৰণ্য গঢ়ি তোলোঁ আহক ৷
Comments are closed, but trackbacks and pingbacks are open.