পূর্বানী গোস্বামী
বেছিভাগ মানুহেই সহজাত ভ্রমণকাৰী নহয় ৷ ই এনেকুৱা এটা গুণ যিটো কেৱল অভিজ্ঞতাৰ সৈতেহে বিকশিত হয় ৷ ভ্রমণৰ জ্ঞান হৈছে মিছ কৰা ড্রেইন, বাছ বা প্লেন, নতুন স্থানলৈ গৈ অবাক বা মূর্খৰ দৰে কৰা আচৰণ, সাংসৃক্তিক অসচেতনতা আৰু অগণন ক্ষুদ্র ভুলৰ পৰা জন্ম হোৱা এক প্রক্রিয়া ৷ আৰম্ভণিতে প্রায় সকলোৱে এনেধৰণৰ ভুল কৰে ৷ লাহে লাহে এদিন এই প্রক্রিয়াবোৰৰ মাজেৰে গৈ এজন পার্গত ভ্রমণকাৰী হিচাপে নিজকে গঢ়ি তুলিব পাৰে ৷ হয়, ভ্রমণকাৰীৰো পার্গত, বিশেষজ্ঞ আদি বিশিষ্ট ভাগ আছে ৷ সাধাৰণ ঠাই ফুৰিবলৈ যোৱা এজনৰ পৰা নিজকে এজন পার্গত ভ্রমণকাৰী কৰি তুলিবলৈ এই বিশেষজ্ঞ পৰামর্শবোৰ মানি চলিলেই হল ৷
প্রথমতেই এখন ভ্রমণসূচী তৈয়াৰ কৰক ৷ কেতিয়া যাব, কোন কোন স্থানলৈ যাব, তাত কি কি চাবলগীয়া আছে, ইত্যাদি ৷ যদি আপুনি কোনো গোটৰ সৈতে ভ্রমণ কৰিবলৈ লৈছে, তেন্তে সকলোৰে বাবে কার্যকলাপ অন্তর্ভুক্ত কৰা এটা ভ্রমণসূচী তৈয়াৰ কৰক ৷
আপোনাৰ গন্তব্যস্থানৰ ওপৰত গৱেষণা কৰক ৷ অর্থাৎ আলোচনী, ইণ্টাৰনেটত ঠাইখনৰ বিষয়ে বর্ণনা থকা লেখাবোৰ পঢ়িব পাৰে ৷ আপোনাৰ গন্তব্যস্থানৰ সংসৃক্তি আৰু শিষ্টাচাৰৰ বিষয়ে জানি লওক, যাতে আপুনি লজ্জাজনক ভুল নকৰে ৷
স্বাস্থ্যজনিত বিপদ আৰু সুৰক্ষাৰ চিন্তাৰ বাবেও আপুনি আপোনাৰ গন্তব্যস্থান পৰীক্ষা কৰিব পাৰে ৷ যেনে সেই ঠাই কিমান গৰম অথবা ঠাণ্ডা ৷ পৰিচিত কোনো যদি পূর্বতে সেই স্থানলৈ গৈছে তেনে তেওঁলোকৰ পৰাও প্রয়োজনীয় তথ্য আহৰণ কৰিব পাৰে ৷
গন্তব্যস্থান আৰু ভ্রমণসূচী নির্দিষ্ট কৰাৰ পাছত টিকটৰ খবৰ কৰক ৷ এজেণ্টৰ হতুৱাই কৰাওক বা নিজেই কৰক দুই তিনিটা এজেণ্ট বা ৱেবছইটত ৰেল, বাছ, ফ্লাইট, হোটেল আদিৰ তুলনামূলক অধ্যয়ন কৰি ললে পিছত অধিক ব্যয় হল বুলি অনুশোচনা কৰিবলগীয়া নহয় ৷
এখন তালিকা বনাওক ভ্রমণকলত প্রয়োজন হবলগীয়া বয়–বস্তু আৰু সাজ–পোছাকৰ ৷ দুদিনমানৰ পিছত সেই তালিকাখন চালে তাৰ পৰা বাদ দিব পৰা বস্তু কেহটামান নিষ্চয় ওলাব ৷ পিছৰ তালিকাৰ মতে পেকিং কৰিলেহে প্রকৃতার্থত এটা পাতলীয়া বেগ হব ৷
এটা কথা মনত ৰাখিব যে যিমান পাতল বয়–বস্তু লগত লৈ ভ্রমণ কৰিব সিমানেই আৰামত ভ্রমণ কৰিব পাৰিব ৷ সেয়ে এটা সৰু বেকপেক বা এটা সৰু ট্ৰলী ক্রয় কৰিলে আপুনি কমাই বস্তু লবলৈ বাধ্য হব আৰু বেছি বস্তু কঢ়িয়াই নিয়াৰ পৰা বিৰত থাকিব ৷ আৰামদায়ক কাপোৰ লগত লব ৷ সালসলনি কৰি পিন্ধিব পৰা পোছাক, সহজে ধুব পৰা, শুকুৱাব পৰা, পকেট থকা কাপোৰ ভ্রমণকালত বিশেষ কামত আহে৷ চুটি–দীঘল কৰিব পৰা কার্গ পেণ্ট এটা টি–ছার্ট, ছার্ট বা কামিজৰ লগতো বেলেগে বেলেগে পিন্ধিব পাৰি ৷ মহিলাসকল এইক্ষেত্রত অৱশ্যে বেছি উদ্ভাৱনশীল ৷ কেৱল পেকিঙৰ সময়ত কথাবোৰ মনত ৰাখিলেই হল ৷ যাতে প্রয়োজন নোহোৱা বস্তুৰ টোপোলা এটাৰ ওজন কান্ধত লৈ ঘূৰি–ফুৰি অনুশোচনা কৰিবলগীয়া নহয় ৷
সাজ–পোছাকৰ লগতে লাগতিয়াল কিছু বস্তু লবলৈ নাপাহৰিব, যেনে–এখন গামোচা বা পাতল সহজে শুকুৱাব পৰা টাৱেল আৰু এযোৰ আৰামদায়ক জোতা ৷ বহু হোটেলত টাৱেল দিয়া হয় যদিও ই মুখ মচা, ডিঙিত মেৰিওৱা, গাৰুত পাৰি লোৱা ধৰণৰ অন্য বহুত কামত আহিব পাৰে ৷ লগতে এখন গামোচা বা টাৱেলে বেগৰ ওজনো বিশেষ বৃদ্ধি নকৰে ৷ বহু সময় লাইনত থিয় হৈ থকা,পাহাৰীয়া ৰাস্তাত খোজ কাঢ়ি, দিনৰ দিনটো শৰীৰৰ ওজন কঢ়িয়াই লৈ ফুৰা আদি কামবোৰ বিনাবিৰতিৰে কৰিবলৈ ভৰি দুখনক আটাহতকৈ প্রয়োজন হয় এযোৰ ভাল আৰামদায়ক জোতাৰ৷ ভাল জোতা এযোৰত কেইটকামান বেছিকৈ ব্যয় কৰিবলৈও সংকোচ নকৰিব ৷ লগতে দুযোৰ অতিৰিক্ত মোজা লগত লব ৷
প্রাথমিক চিকিৎসাৰ মৌলিক কিট এটা লবলৈ নাপাহৰিব ৷ সৰু–সুৰা কটা, ছিঙা, পোৰা যিকোনো মুহূর্তত হব পাৰে ৷ সেয়ে এইবোৰৰ বাবে বেণ্ড–এইড, এণ্টিবেক্টেৰিয়েল ক্রীম আদি ৰাখিব ৷ লগতে ৰ, পেটৰ অসুখ, মূৰৰ বিষৰ দৰে দৰবৰ কেতিয়া প্রয়োজন হয় কব নোৱাৰি ৷ সেয়ে লগত লৈ যোৱাই ভাল ৷
হোটেল, হোষ্টেল, হোমষ্টে, ধৰমশালা যতেই নাথাকে কেৱল তেওঁলোকৰ ৱেবছাইটৰ ফটো আৰু ৰেটিং দেখি প্রথমতেই ভোল নাযাব ৷ বেলেগ বেলেগ ব্রেণ্ড ৱেবছাইটৰ পৰা চেষ্টা কৰি চাব ৷ যদি অফ ছীজনত ভ্রমণ কৰে তেনে কেতিয়াবা গন্তব্যস্থান পোৱাৰ পিছতো হোটেল চাব পাৰে ৷
নতুন ঠাই এটুকুৰালৈ গৈ নিজৰ চৌপাশৰ প্রতি সচেতন হব ৷ নিজৰ প্রতি দৃষ্টি আকর্ষণ নকৰিব ৷ ৰাজহুৱা ৱাই–ফাইৰ পৰা সাৱধান হব ৷ পৰাপক্ষত ইয়াক ব্যৱহাৰৰ পৰা বিৰত থকাই ভাল ৷ সন্দেহৰ সুস্থ মাত্রা ৰাখক ৷ আপুনি কোনো ভ্রমণ কেলেংকাৰিত পৰিব নিবিচাৰে বা নিজকে অস্বস্তিকৰ পৰিস্থিতিত নিষ্চয় পেলাব নিবিচাৰিব ৷ সেয়ে মুকলিমূৰীয়া কিন্তু সাৱধান হওক ৷ অচিনাকি মানুহৰ আগত মুকলি হৈ থাকক ৷ নতুন বন্ধুত্ব গঢ়ি তোলক, কিন্তু নিৰাপদ দূৰত্বও বজাহ ৰাখিবলৈ নাপাহৰিব ৷
ৰাজহুৱা পৰিবহণক আঁকোৱালি লওক ৷ স্থানীয় লোকৰ দৃষ্টিত সামান্য লগা যেন কামবোৰ কৰাটো বুদ্ধিমত্তাৰ পৰিচায়ক হব ৷ স্থানীয় বজাৰ আৰু স্থানীয় খাদ্য দুয়োটাৰে সোৱাদ লবলৈ নাপাহৰিব ৷ ভ্রমণৰ প্রকৃত আনন্দ এনেবোৰ কামতহে পোৱা যায় ৷ বজাৰলৈ গলে পিছে বস্তুৰ দৰ–দাম কৰিবলৈ নাপাহৰিব, সেয়া আপোনাৰ জন্মগত অধিকাৰ ৷ শেষত আপোনাৰ যাত্রাক অতিৰিক্তভাৱে আৰু বদ্ধভাৱে পৰিকল্পনা নকৰিব ৷ ভ্রমণৰ বিভিন্ন দিশবোৰ স্বাভাৱিকভাৱে উন্মোচিত হবলৈ দিব ৷
আপোনাৰ যাত্রা শুভ হওক ৷
- বোনাছখাদ্য আৰু পেয়ৰ প্রতি সতর্ক হৈ থকা
- মিতব্যয়ী হওক কিন্তু সস্তীয়া নহব
- পোক–পৰুৱাৰ কামোৰৰ পৰা নিজকে ৰক্ষা কৰা
- টিকাকৰণ কৰা
- ৰাজহুৱা শৌচাগাৰ পৰিহাৰ কৰা
- প্রাথমিক চিকিৎসাৰ সামগ্রী লৈ ফুৰা
- যাত্রাৰ আগতে চিকিৎসকৰ লগত দেখা কৰা
- নিজৰ বীমা কৰা
- পাৱাৰ বেংক এটা লগত লব
- তলা এটা লগত ৰাখিব৷ কামত আহিব৷
ফোনঃ ৭০০২০-৭০২৯৯হ্ল
Comments are closed, but trackbacks and pingbacks are open.